মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / ভেজাল ৰাসায়নিক সাৰ আৰু চিনাক্তকৰণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভেজাল ৰাসায়নিক সাৰ আৰু চিনাক্তকৰণ :

ভেজাল ৰাসায়নিক সাৰ আৰু চিনাক্তকৰণৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণ কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ খেতিৰ এক উল্লেখযোগ্য প্ৰকৰণ। খেতিয়কে বহু মূল্যৰ বিনিময়ত সাৰ ক্ৰয় কৰে। কিন্তু কেতিয়াবা বজাৰত ভেজাল সাৰ দেখা যায়। সচৰাচৰ ব্যৱহাৰ হোৱা সাৰবোৰৰ ভেজাল চিনাক্তকৰণৰ পদ্ধতি তলত দিয়া হ’ল-

ইউৰিয়া সাৰ ভেজালৰ প্ৰকৃতি -

ইউৰিয়া সাৰত দেখা পোৱা ভেজালৰ এটা প্ৰকৃতি হ’ল মিছ ব্ৰাণ্ডিং; অৰ্থাৎ এক প্ৰকাৰ সাৰৰ পেকেটৰ ভিতৰত আন এক প্ৰকাৰৰ সাৰৰ উপস্থিতি। কেতিয়াবা গুড়ি চূণ আৰু লৱণৰ মিশ্ৰণো দেখা যায়।

ভেজাল ইউৰিয়া চিনাক্তকৰণ পদ্ধতি -

একেই উৎপাদনকাৰীব কোম্পানীৰ ইউৰিয়া সাৰৰ দানাবোৰৰ আকাৰ সাধাৰণতে সম আকৃতিৰ হয়। পৰিবহনজনিত কাৰণত সামান্য ইফাল-সিফাল হ’ব পাৰে, কিন্তু সি গুৰুতৰ নহয়। যদি অনেক সৰু আৰু ডাঙৰ আকাৰৰ দানা দেখা যায়, তেন্তে সামান্য পৰিমাণে সৰু আৰু ডাঙৰ দানাবোৰক পৃথক কৰি লওক। সৰু দানাবোৰ জিভাৰ আগত লগাওক, তেতিয়া লৱণ মিহলি থাকিলে নিমখৰ স্বাদ পোৱা যাব। এক চামুচ ইউৰিয়াৰ লগত দুই চামুচ পানী মিহলালে খুব দ্ৰুত গতিৰে সাৰ গলি দ্ৰৱণ তৈয়াৰ হ’ব। এই দ্ৰৱণত হাত দিলে ঠাণ্ডা অনুভূত হ’ব। সাৰত চূণৰ গুড়িৰ মিশ্ৰণম থাকিলে পানী কিছু গৰম অনুভূত হ’ব আৰু তীব্ৰ গোন্ধযুক্ত এমোনিয়া উৎপন্ন হ’ব। এখন চামুচত সামান্য পৰিমাণে(ডাঙৰ দানা ৪-৫টা) ইউৰিয়া লৈ তাৰ সৈতে সামান্য পানৰ লগত খোৱা চূণ মিহলাই মমবাতিৰ তাপত গৰম কৰিলে তীব্ৰ গোন্ধময় এমোনিয়া গেছ উৎপন্ন হ’ব। তেতিয়া সাৰত যে নাইট্ৰ’জেন আছে, সেয়া নিশ্চিত হ’ব। সৰু দানাৰ ইউৰিয়া সাৰো এনেভাৱে পৰীক্ষা কৰি নিশ্চিত হ’ব পাৰি যে এয়া ইউৰিয়া সাৰ।

ডি এ পি সাৰ ভেজালৰ প্ৰকৃতি:

ডি এ পি সাৰৰ বস্তাত নিম্নমানৰ মিশ্ৰ সাৰ বা টি এছ পি সাৰ ভৰ্তি কৰি বিপণন কৰা দেখা যায়। কেতিয়াবা মাটি বা ৰং দি প্ৰস্তুত কৰা দানাদাৰ দ্ৰব্যক ডি এ পি সাৰ বুলি বিক্ৰী কৰে।

ভেজাল ডি এ পি চিনাক্তকৰণ পদ্ধতি -

কিছু ডি এ পি সাৰ বহল বগা কাগজৰ ওপৰত খোলা অৱস্থাত এঘন্টা ৰাখি দিলে সাৰৰ নমুনাখিনি ভিজি উঠিব। আনহাতে, আধামুঠি ডি জে পি সাৰ কিছুক্ষণ হাতৰ মুঠিৰ ভিতৰত ৰাখিলে হাত ভিজি উঠিব আৰু ঘ্ৰাণ ল’লে ইউৰিয়া সাৰৰ গোন্ধ পোৱা যাব। হাতৰ তলুৱাত সামান্য ডি এ পি সাৰ লৈ তাৰ মাজত সামান্য ডি এ পি সাৰ লৈ তাৰ মাজত সামান্য পাণৰ লগত খোৱা চূণ মহিলাই বুঢ়া আঙুলিৰে অলপ সময় লৰশৰ কৰি থাকিলে এমোনিয়া গেছৰ গোন্ধ পোৱা যাব। আধা চামুচ ডি এ পি সাৰ এডাল জ্বলন্ত মমবাতিৰ শিখাত গৰম কৰি থাকিলে প্ৰথমে শব্দ হ’ব। তপতোৱা প্ৰক্ৰিয়া অব্যাহত থাকিলে লাহে লাহে গলি বুদ বুদ কৰি ফুটি থাকিব আৰু বুদবুদ কৰি কৰি শুকাই যাব, চামুচখনত সামান্য বগা এক আৱৰণ দেখা যাব। বুদবুদ উঠাৰ সময়ত ঘ্ৰাণ ল’লে তীব্ৰ এমোনিয়া গেছৰ গোন্ধ পোৱা যাব। এচামুচ ডি এ পি সাৰ এটা গিলাছত লৈ তাত লাহে লাহে পানী ঢালি থাকিলে সাৰৰ কিছু অংশ দ্ৰৱীভূত হৈ যাব, বাকী অংশ অদ্ৰৱণীয় হৈ থাকিব। পিছত দ্ৰৱণত ৩০-৩৫ টোপাল গাঢ় নাইট্ৰিক এচিড যোগ কৰিলে অদ্ৰৱীভূত অংশ বাদামী ৰঙৰ অৰ্দ্ধস্বচ্ছ দ্ৰৱণ তৈয়াৰ কৰিব।

এম অ’ পি সাৰ চিনাক্তকৰণ পদ্ধতি:

এম অ’ পি সাৰ ৰঙা হ’লেও তাৰ ৰং হাতত নালাগে, ভেজাল সাৰৰ ক্ৰঙে ভিজা হাতক ৰঙীণ কৰিব পাৰে।

ভেজাল এম অ’ পি চিনাক্তকৰণ পদ্ধতি -

এম অ’ পি সাৰৰ ৰং ৰঙা হ’লেও ইয়াৰ ৰং হাতত নালাগে। কোনো দ্ৰব্যত ৰং মিহলালে ভিজা হাতত ৰং লাগিব। হাতৰ তলুৱাত সামান্য এম অ’ পি সাৰ লৈ তাত সামান্য পানী দি লৰচৰ কৰিলে প্ৰকৃত এম অ’ পি সাৰ সম্পূৰ্ণভাৱে গলি যাব আৰু পানী বেছি ঠাণ্ডা অনুভূত হ’ব। সাৰ গলি যোৱাৰ সময়ত লক্ষ্য কৰিব লাগে যে আচল এম অ’ পি সাৰ লাহে লাহে গলি দানাবোৰ সৰু হৈ থাকিলেও ৰঙা ৰঙৰ যেন দেখা হ’ব। কিন্তু ৰং মিশ্ৰিত কিবা দ্ৰব্য তাৰ ভিতৰত থাকিলে প্ৰথমে ৰঙা ৰং উঠি যাব, পিছত সৰু দানাত আৰু ৰঙা ৰং দেখা নাযাব। বালি, কাঁচৰ গুড়ি মিশ্ৰিত থাকিলে একেবাৰে গলি নাযাব। কাঁচৰ গুড়ি, বালি বা ইটাৰ গুড়ি তলত জমা হ’ব। এক চামুচ এম অ’ পি সাৰ ঠাণ্ডা পানীত ৰাখিলে সাৰ সম্পূৰ্ণ দ্ৰৱীভূত হৈ পৰিষ্কাৰ দ্ৰৱণ সৃষ্টি কৰিব।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

3.06666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top