অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মচুৰ মাহৰ খেতিঃ

দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো মচুৰ দাইলৰ প্ৰচুৰ চাহিদা আছে। কিন্তু চাহিদা অনুপাতে অসমত মচুৰ মাহৰ উৎপাদন একেবাৰে নগণ্য। কিছু বছৰ আগলৈকে আমাৰ কৃষকসকলে মচুৰ মাহৰ খেতি যথেষ্ট পৰিমাণে কৰিছিল যদিও এতিয়া প্ৰায় নকৰাই হৈছে। সেয়েহে চাহিদা পূৰণৰ বাবে বেলেগ ৰাজ্যৰ পৰা অসমলৈ প্ৰতিমাহে বৃহৎ পৰিমাণৰ মচুৰ দাইল আমদানি কৰিব লগা হৈছে। আমাৰ কৃষকসকলে এই মচুৰ মাহৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিলে প্ৰচুৰ লাভৰ মুখ দেখিবলৈ পাব। সেইবাবে আজি মচুৰৰ খেতিৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচৰা হৈছে-

 

দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো মচুৰ দাইলৰ প্ৰচুৰ চাহিদা আছে। কিন্তু চাহিদা অনুপাতে অসমত মচুৰ মাহৰ উৎপাদন একেবাৰে নগণ্য। কিছু বছৰ আগলৈকে আমাৰ কৃষকসকলে মচুৰ মাহৰ খেতি যথেষ্ট পৰিমাণে কৰিছিল যদিও এতিয়া প্ৰায় নকৰাই হৈছে। সেয়েহে চাহিদা পূৰণৰ বাবে বেলেগ ৰাজ্যৰ পৰা অসমলৈ প্ৰতিমাহে বৃহৎ পৰিমাণৰ মচুৰ দাইল আমদানি কৰিব লগা হৈছে। আমাৰ কৃষকসকলে এই মচুৰ মাহৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিলে প্ৰচুৰ লাভৰ মুখ দেখিবলৈ পাব। সেইবাবে আজি মচুৰৰ খেতিৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচৰা হৈছে-

জাত বাছনি

 

  • বি-৭৭ পশ্চিমবংগৰ বৰহমপুৰত অসমৰ পৰা সংগৃহীত জাতৰ পৰা নিৰ্বাচিত।

গছৰ লক্ষণ- ঠৰঙা, ডালমেলা, ২৫-৩০ ছেণ্টিমিটাৰ ওখ।

পূৰঠ হোৱাৰ সময়- ১১০-১২০ দিন।

উৎপাদন- ৮-১২ কুইণ্টল প্ৰতি হেক্টৰত।

অন্যান্য লক্ষণ- বীজবিলাক আকাৰত মধ্যমীয়া।

১০০০ বীজৰ ওজন ১২-১৫ গ্ৰাম, প্ৰতিটো চিৰাত ১-২ টা গুটি থাকে।

  • এল ৯-১২ পঞ্জাৱৰ লুধিয়ানাৰ স্থানীয় জাতৰ পৰা নিৰ্বাচিত।

গছৰ লক্ষণ- ঠৰঙা, ডালমেলা, ২০-৩০ ছেণ্টিমিটাৰ ওখ।

পূৰঠ হোৱাৰ সময়- ১২০-১৩০ দিন।

উৎপাদন- ৮-১২ কুইণ্টল প্ৰতি হেক্টৰত।

অন্যান্য লক্ষণ- বীজবিলাক আকাৰত মধ্যমীয়া।

১০০০ বীজৰ ওজন ১৫-১৯ গ্ৰাম, প্ৰতিটো চিৰাত ১-২ টা গুটি থাকে।

  • পি এল ৪০৬ পি ৪৯৫ জাতৰ পৰা নিৰ্বাচিত।

গছৰ লক্ষণ- ডাল-পাত থকা, অলপ মেলখোৱা, ৩৫-৪০ ছেণ্টিমিটাৰ ওখ।

পূৰঠ হোৱাৰ সময়- ১২০-১২৫ দিন।

উৎপাদন- ১১-১৩ কুইণ্টল প্ৰতি হেক্টৰত।

অন্যান্য লক্ষণ- বীজবিলাক আকাৰত মধ্যমীয়া।

১,০০০ বীজৰ ওজন ১৫-১৭ গ্ৰাম, প্ৰতিটো চিৰাত ১-২ টা গুটি থাকে।

  • পি এল ৮১-৪ পি ৪০৬ X পি ২৮৩

গছৰ লক্ষণ- ডাল-পাত থকা, অলপ মেলখোৱা, ৩৫-৪০ ছেণ্টিমিটাৰ ওখ।

পূৰঠ হোৱাৰ সময়- ১২০-১২৫ দিন।

উৎপাদন- ১০-১২ কুইণ্টল প্ৰতি হেক্টৰত।

অন্যান্য লক্ষণ- বীজবিলাক আকাৰত মধ্যমীয়া।

১,০০০ বীজৰ ওজন ১৭-১৯ গ্ৰাম, প্ৰতিটো চিৰাত ১-২ টা গুটি থাকে।

  • কে-৭৫ এইবিধ জাত ১৩৫-১৪০ দিনত হয়। গড় উৎপাদন হেক্টৰে প্ৰতি ১৪-১৬ কুইণ্টল।

মাটি- পলসুৱা বা অধিক পলসুৱা মাটি উপযোগী।

বীজ সিঁচাৰ সময়- অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈকে।

পথাৰ প্ৰস্তুতি- মাটিডৰা ৩-৪ বাৰ হালবাই ভালকৈ চহাই ল’ব লাগে।

সাৰ প্ৰয়োগ- পথৰুৱা সাৰ হেক্টৰে প্ৰতি ৪-৫ টন বা বিঘাই প্ৰতি ৬ কুইণ্টল প্ৰয়োগ কৰিব লাগে।

ৰাইজ’বিয়াম কালচাৰ প্ৰয়োগ নকৰা বীজৰ বাবেঃ

পুষ্টিকৰ উপাদান ৰাসায়নিক সাৰ

কিঃ/হেক্টৰ

কিঃ/বিঘা

নাইট্ৰ’জেন ১৫ ইউৰিয়া ৩২

৪.৫

ফছফৰাছ ৩৫ একক ছুপাৰ ফছফেট ১২০

৩০

পটাছ ০ মিউৰিয়েট অব পটাছ –

-

ৰাইজ’বিয়াম কালচাৰ প্ৰয়োগ কৰা বীজৰ বাবেঃ

পুষ্টিকৰ উপাদান ৰাসায়নিক সাৰ

কিঃ/হেক্টৰ

কিঃ/বিঘা

নাইট্ৰ’জেন ১০ ইউৰিয়া ২২

ফছফৰাছ ৩৫ একক ছুপাৰ ফছফেট ২২০

৩০

পটাছ ০ মিউৰিয়েট অব পটাছ –

-

ৰাইজ’বিয়াম কালচাৰেৰে বীজ অন্তঃক্ৰমণ নকৰা খেতিত ইউৰিয়া আৰু একক ছুপাৰ ফছফেটৰ পৰিৱৰ্তে হেক্টৰে প্ৰতি ৭৫ কিলো নাইবা বিঘাই প্ৰতি ১০ কিলো ডাই এমনিয়াম ফছফেট প্ৰয়োগ কৰিব পাৰি। এন পি কে হিচাপে অমৃত আদি মিশ্ৰিত সাৰ প্ৰয়োগ কৰিব পৰা যায়।

ৰাইজ’বিয়াম কালচাৰ আৰু ইয়াৰ ব্যৱহাৰ প্ৰণালীঃ

 

শস্যৰ অধিক উৎপাদনৰ বাবে উদ্ভিদক নিৰ্দিষ্ট পুষ্টিৰ আৱশ্যক। এইবিলাকৰ ভিতৰত নাইট্ৰ’জেন আৰু ফছফৰাছ অতি গুৰুত্বপূৰ্ণ। উদ্ভিদক এইবোৰ সাধাৰণতে জৈৱ সাৰ, ৰাসায়নিক সাৰ আৰু জীৱাণু সাৰৰ যোগেদি যোগান ধৰা হয়। জীৱাণুসাৰ কিছু ক্ষুদ্ৰ অণুজীৱী যিবিলাক বীজ শিপা আৰু মাটিত ব্যৱহাৰ কৰিলে স্বাভাৱিক উপায়েৰে বা বায়ুৰ পৰা জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদক পুষ্টি যোগান ধৰে।

ৰাইজ’বিয়াম একপ্ৰকাৰ জীৱাণুসাৰ যিয়ে শস্যত নাইট্ৰজেনৰ যোগান ধৰে। ৰাইজ’বিয়াম চিৰা (শ্বিম্ব) জাতীয় শস্যৰ বাবে ব্যৱহাৰ কৰা হয়। ভিন ভিন শস্যৰ বাবে বেলেগ বেলেগ ৰাইজ’বিয়াম প্ৰয়োগ কৰা হয়।

প্ৰয়োগ প্ৰণালীঃ মচুৰ মাহ সিঁচাৰ আগতে গুটিখিনি ৰাইজ’বিয়াম কালচাৰেৰে শোধন কৰি ল’ব লাগে। ২০০ গ্ৰাম ৰাইজ’বিয়াম ৩০০-৪০০ মিঃ লিঃ পানীত মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিব লাগে। এই মিশ্ৰণত ১০ কিঃ গ্ৰাঃ বীজ হাতেৰে খুব ভালদৰে মিহলাব লাগে যাতে প্ৰত্যেকটো গুটিত এটা ক’লা ৰঙৰ প্ৰলেপ লাগে, প্ৰলেপ লগা গুটি ছাঁত শুকুৱাই ততালিকে সিঁচিব লাগে।

জীৱাণুসাৰ প্ৰয়োগৰ উপকাৰিতাঃ

 

v  শস্যৰ উৎপাদন ২০-৩০ শতাংশ বৃদ্ধি পায়।

v  ২৫ শতাংশ ৰাসায়নিক নাইট্ৰ’জেন সঞ্চিত কৰে।

v  মাটিৰ জৈৱিক অৱনতাৰ পৰা ৰক্ষা কৰি উৰ্বৰতা বৃদ্ধি কৰে।

v  উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

সাৱধানতাঃ

 

v  জীৱাণুসাৰৰ পেকেট ঠাণ্ডা আৰু শুকান ঠাইত ৰাখিব লাগে।

v  জীৱাণুসাৰৰ পেকেটত লিখা অন্তিম তিথিৰ আগতে ব্যৱহাৰ কৰিব লাগে।

v  ৰাইজ’বিয়ামৰ বাবে লিখিত নিৰ্দিষ্ট শস্যতহে ব্যৱহাৰ কৰিব লাগে।

v  জীৱাণুসাৰ, জীৱাণুসাৰৰ মিশ্ৰণ বা শোধিত বীজ ৰাসায়নিক সাৰৰ লগত মিহলাব নালাগে।

মনত ৰাখিবঃ

 

ফচল আৰু মাটিৰ ওপৰত জীৱাণুসাৰৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে, প্ৰয়োজন অনুযায়ী সঠিক জীৱাণুসাৰ ব্যৱহাৰ কৰক।

বীজৰ পৰিমাণঃ হেক্টৰে প্ৰতি ৩০ কিলো নাইবা বিঘাই প্ৰতি ৪ কিলো।

ব্যৱধানঃ শাৰীৰ মাজত ২৫ ছেঃ মিঃ আৰু বীজৰ মাজত ৫-৭ ছেঃ মিঃ ব্যৱধান ৰাখি বীজ সিঁচিব লাগে।

বন-বাত নিৰোৱাঃ বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছত এবাৰ বন-বাত নিৰাই দিব লাগে।

জলসিঞ্চনঃ প্ৰয়োজন আৰু সুবিধা অনুযায়ী গুটি লগাৰ সময়ছোৱাত পাতলকৈ এবাৰ জলসিঞ্চন কৰিব লাগে।

শস্য ৰক্ষাঃ মচুৰ মাহৰ খেতিত মুজুৰা পৰা ৰোগ প্ৰতিৰোধৰ বাবে সিঁচাৰ আগতে প্ৰতি কিলোগ্ৰাম বীজত ২ গ্ৰাম বেভিষ্টিন মিহলাই বীজখিনি শোধন কৰি ল’ব লাগে। আনহাতে ৱেটৰট নাইবা হোৱাইট ব্লাইট নাইবা হোৱাইট ব্লাইট ৰোগ নিয়ন্ত্ৰণৰ বাবে আক্ৰান্ত গছবোৰ শিপাসহ উঘালি পুৰি পেলাব লাগে।

(উৎসঃ অসমীয়া খবৰ)।

2.975
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top