মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপায় :

মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

জনসংখ্যা বৃদ্ধিৰ অনুপাতে যে খাদ্য শস্যৰ উৎপাদন সমানে বৃদ্ধি হোৱা নাই এই কথা সহজেই অনুমেয়। অনাগত দিনবোৰত জনসাধাৰণৰ প্রয়োজনীয় খাদ্য শস্যৰ যোগান ধৰিবলৈ আমাৰ খাদ্য শস্যৰ উৎপাদন প্রতি একক মাটিত আৰু প্রতি একক সময়ত বৃদ্ধি কৰিব লাগিব। শস্য উৎপাদনত মাটিৰ উৰ্বৰতা অবিৰতভাৱে অটুট ৰখাটো অতীব প্রয়োজনীয়। বর্তমান সময়ত বহুতৰপীয়া খেতিৰ প্ৰচলন, অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, শস্যক্ষেত্ৰত অপতৃণৰ প্ৰাদুৰ্ভাৱ, সঘনাই মাটি চহোৱা প্রণালী, ভূমিক্ষয় আদিৰ জৰিয়তে আমাৰ শস্যক্ষেত্ৰৰ উৰ্বৰতা সহজেই নষ্ট হোৱা পৰিলক্ষিত হয়। ফলস্বৰূপে শস্য উৎপাদিকাৰ হাৰ যথেষ্ট কমি যায়। মাটিৰ এই উৰ্বৰাশক্তি অটুট ৰাখি শস্য উৎপাদিকাৰ ক্ষমতা বৃদ্ধি কৰিবলৈ শস্যৰ লাগতিয়াল মৌলবিলাকৰ সঠিক মতে মাটিত যোগান ধৰাটো নিতান্তই প্রয়োজন। মাটিৰ ভৌতিক গুণ জৈৱ ৰাসায়নিক তথা ৰাসায়নিক গুণাগুণ অটুট ৰাখিবলৈ শস্যক্ষেত্ৰত ৰাসায়নিক সাৰ প্রয়োগৰ লগে লগে, জৈৱিক সাৰ, জীৱাণুসাৰ আদি সুষমসাৰ একত্রিতভাৱে প্রয়োগ কৰিব পাৰিলেহে শস্যৰ উৰ্বৰত অবিৰতভাৱে অটুট ৰাখিব পৰা যায়।

দেখা যায় যে বহুতৰপীয়া কৃষি ব্যৱস্থা আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যকৰণৰ ফলত মাটিৰ পৰা এক বুজন পৰিমাণৰ শস্যৰ লাগতিয়াল মৌল আহৰণ কৰে। একাধিক শস্যাকৰণৰ ফলত বহুতো ক্ষুদ্র অত্যাৱশ্যকীয় মৌলৰো ঠাই বা অঞ্চল বিশেষে অভাৱ দেখা যায়। এহাতে ৰাসায়নিক সাৰৰ ক্ৰমাগত মূল্যবৃদ্ধি, আনহাতে আমাৰ কৃষকসকলৰ দুৰ্বল অর্থনৈতিক অৱস্থালৈ লক্ষ্য কৰি কি কি উপায়েৰে আমাৰ এই শস্যক্ষেত্ৰৰ উৰ্বৰতা বৃদ্ধি কৰিব পৰা যায় তাক গুৰুত্ব সহকাৰে চোৱাটো প্রয়োজন।

শস্য ক্ষেত্ৰত ৰাসায়নিক সাৰৰ প্রয়োগ -

শস্য ক্ষেত্ৰত ৰাসায়নিক সাৰ প্রয়োগৰ কথা ক’লে মূলতঃ আমি নাইট্ৰ’জেনযুক্ত সাৰ, ফছফেটজাতীয় সাৰ তথা পটাছজাতীয় সাৰৰ প্রয়োগৰ ওপৰতে গুৰুত্ব দিওঁ। ৰাসায়নিক সাৰৰ মূল্য, আন জৈৱিক বা জীৱাণুসাৰৰ মূল্যৰ অনুপাতে যদিও যথেষ্ট বেছি তথাপি আমি ৰাসায়নিক প্রয়োগৰ ওপৰতো যথেষ্ট মনোনিৱেশ কৰিব লাগিব, কিয়নো শস্যক্ষেত্ৰত প্রয়োগ কৰা এই সাৰৰ পৰা কেনেকৈ অধিক সুফল লাভ কৰিব পাৰি তাক জনাটো নিতান্তই প্রয়োজন।

শস্যক্ষেত্ৰত ৰাসয়নিক সাৰ ব্যৱহাৰ কৰোঁতে কেইটামান দিশত বিশেষভাৱে গুৰুত্ব দিব লাগে -

(ক) সঠিক ধৰণৰ সাৰৰ ব্যৱহাৰ,

(খ) মাটি আৰু শস্যৰ চাহিদা অনুসাৰে শস্যক্ষেত্ৰত সঠিক বিষ্ণুৰ সাৰৰ ব্যবহাৰ, (গ) শস্যৰ চাহিদ অনুসাৰে সঠিক সময়ত ব্যৱহাৰ,

(ঘ) সঠিক প্রণালীত ব্যৱহাৰ ইত্যাদি।

মাটি আৰু শস্যৰ প্রয়োজনীয়তা অনুসাৰে কোনধৰণৰ সাৰ প্রয়োগ কৰিলে অধিক সুফল পোৱা যাব তাক জনাটো প্রয়োজনীয়। এনেক্ষেত্ৰত মাটিৰ অম্লতা বা খাৰুৱা গুণটোও চোৱাটো প্রয়োজনীয়। কিয়নো অম্লীয় মাটি বা খাৰুৱা মাটিত কেতবোৰ মৌল সহজে শস্যৰ সহজলভ্য অৱস্থাত নাথাকে। মাটিত থকা শস্যৰ লাগতিয়াল মৌলৰ পৰিমাণো ভিন্ন হ’ব পাৰে। কেতবোৰ মৌল মাটিত বেছিকৈ থাকিব পাৰে বা কেতবোৰ মাটিত ক পৰিমাণে থাকিব পাৰে। শস্যভেদে লাগতিয়াল মৌলৰ পৰিমাণো ভিন্ন হ’ব পাৰে। সেয়েহে, সুবিধা অনুসৰি শস্যক্ষেত্ৰৰ মাটিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত মাটিত থকা মৌলৰ পৰিমাণ জানি লৈ শস্যক্ষেত্ৰত সাৰ প্রয়োগ কৰিব পাৰিলে অধিক সুফল পাব পাৰি।

শস্যক্ষেত্ৰত সাৰ প্রয়োগৰ সময় কেইবাটাও কথাত নিৰ্ভৰ কৰে। যেনে, শস্যৰ প্ৰকৃতি, শস্যৰ জীৱনচক্ৰৰ বিভিন্ন অৱস্থা, শস্যৰ বিভিন্ন মৌলৰ প্রয়োজনীয়তা, মাটিৰ গুণাগুণ তথা অৱস্থা, বিভিন্নধৰণৰ সাৰ ইত্যাদি। সাধাৰণতে শস্যক্ষেত্ৰত সাৰ গুটি সিঁচাৰ কিছু আগতে বা বীজ সিঁচাৰ সময়ত বা কিছুদিনৰ পিছত প্রয়োগ কৰা হয়। উদাহৰণস্বৰূপে, শৈলফছফেট্‌ অম্লীয় মাটিত বীজ সিঁচাৰ ২-৪ সপ্তাহ আগেয়ে শস্য ক্ষেত্ৰত প্রয়োগ কৰিব লাগে। কিয়নো, এনেবিধ সাৰ শস্যৰ সহজলভ্য অৱস্থালৈ আহিবলৈ কিছু সময়ৰ প্রয়োজন হয়। এনে কৰিলে শস্যৰ প্ৰাৰম্ভিক অৱস্থাত এই ফছফেট সহজলভ্য অৱস্থাত থাকে আৰু গঠনৰ সহায় হয়। প্রায়বিলাক শস্যৰ ক্ষেত্ৰত দেখা যায় যে আৰম্ভণিতে শিপাৰ গঠন আৰু বৃদ্ধিৰ বাবে ফছফেট আৰু পটাছ সাৰৰ প্রয়োজনীয়তা বেছি। এনেধৰণৰ সাৰু মাটিৰ পৰা সহজে নিগৰি নষ্ট হোৱাৰ সম্ভাৱনা কম। গতিকে এনেবিলাক সাৰ বীজ সিঁচাৰ কিছুদিন আগতে বা বীজ সিঁচাৰ সময়ত প্রয়োগ কৰিব পাৰি। আনহাতে, নাইট্ৰ’জেনযুক্ত সাৰ শস্যৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা প্রায় গুটি ধৰা অৱস্থালৈকে প্রয়োজন হয়। এনেবিধ সাৰ পানীত সহজেই দ্রৱীভূত হয় আৰু মাটিৰ পৰা নিগৰি নষ্ট হৈ যোৱাৰ আশংকা বেছি। গতিকে এনেধৰণৰ সাৰ শস্যক্ষেত্ৰত একেবাৰতে প্রয়োগ নকৰি কেইবা অংশত ভাগ কৰি শস্যৰ জীৱন কালৰ বিভিন্ন অৱস্থাত প্রয়োগ কৰিব পাৰি। এনে পদ্ধতিত প্রয়োগ কৰিলে শস্যক্ষেত্ৰত ব্যৱহৃত সাৰৰ পৰা অধিক সুফল আশা কৰিব পৰা যায়।

শস্যক্ষেত্ৰত জৈৱিক সাৰৰ প্রয়োগ -

মাটিৰ উৰ্বৰতা অটুট ৰখাত জৈৱিক সাৰৰ ভূমিকা মন কৰিব লগীয়া। জৈৱিক সাৰ বুলিলে সাধাৰণতে গছ-গছনি, জীৱ-জন্তু, শস্য চপোৱাৰ পিছত শস্যক্ষেত্ৰত ৰৈ যোৱা অৱশিষ্ট অংশ (যেনে— ডাল-পাত, শিপা ইত্যাদি) গোবৰ-জাৱৰ আদি পচি যি সাৰ উৎপন্ন হয় তাকেই বুজায়। এই গছ-গছনি বা জীৱ-জন্তুৰ অৱশিষ্ট অংশত মাটিত থকা ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু যেনে ভেঁকুৰ, বেক্‌টেৰিয়া, প্ৰট'জুৱা, কেঁচু আদিৰ আক্ৰমণৰ ফলত হিউমাছ নামৰ একপ্রকাৰ ক’লা বা মুগাবৰণৰ পদার্থৰ সৃষ্টি হয় আৰু গেঁৰত এই হিউমাছভাগৰ শস্য উৎপাদনত এক যথেষ্ট অৰিহনা আছে। যদিও শস্যৰ লাগতিয়াল পোষক দ্রব্যৰ পৰিমাণ জৈৱিক সাৰত তুলনামূলকভাৱে কম তথাপি মাটিৰ ভৌতিক, ৰাসায়নিক তথা জৈৱ ৰাসায়নিক গুণাগুণ উন্নীত কৰাত জৈৱিক সাৰৰ গুৰুত্ব যথেষ্ট বেছি। মাটিৰ গঠন, পানী ধৰি ৰাখিব পৰা গুণ, বতাহ চলাচল কৰা সুবিধা তথা শস্যক্ষেত্ৰত প্রয়োজনীয় ক্ষুদ্র ক্ষুদ্র জীৱাণুৰ বৃদ্ধি আৰু গঠন এই জৈৱিক সাৰৰ জৰিয়তে উন্নীত হয়। জৈৱিক সাৰ প্রয়োগৰ ফলত মাটিত থকা তথা প্রয়োগ কৰা ৰাসায়নিক সাৰৰ নষ্টৰ পৰিমাণে কমায় আৰু জৈৱিক সাৰে শস্যৰ প্রয়োজনীয় মৌলবিলাকৰ সহজলভ্য অৱস্থা প্রাপ্তিত যথেষ্ট সহায় কৰে। আজিকালি বহুতৰপীয়া খেতিৰ প্ৰচলন তথা অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰৰ ফলত শস্যক্ষেত্ৰত ৰৈ যোৱা শস্যৰ অৱশিষ্ট অংশৰ পৰা অধিক সুফল পাবলৈ ইবিলাকৰ সহজে পচনকার্য ঘটোৱাৰো প্রয়োজন। এই অৱশিষ্ট শিপা, ডাল-পাত আদি সহজে পচন ঘটাবলৈ কিছু পৰিমাণে নাইট্র’জেনযুক্ত সাৰ প্রয়োগ কৰিব পাৰি। শস্যচক্ৰত মাহজীতায় শস্যৰ অন্তর্ভুক্তি, সেউজ সাৰ যেনে, ধৈনচা আদিৰ অন্তর্ভুক্তিৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। এনে কৰিলেহে মাটিৰ উৰ্বৰতা অবিৰতভাৱে ৰক্ষা কৰিব পৰা যাব।

শস্য উৎপাদনত জীৱাণুসাৰৰ প্রয়োগ -

বর্তমান সময়ৰ পৰিপ্ৰেক্ষিতত মাটিৰ উৰ্বৰাশক্তি অবিৰতভাৱে ৰাখিবলৈ শস্যক্ষেত্ৰত ৰাসায়নিক সাৰৰ লগতে জৈৱিক তথা জীৱাণুসাৰ আদি একত্রিতভাৱে ব্যৱহাৰ কৰাটো প্রয়োজনীয় হৈ পৰিছে। অৱশ্যে জৈৱিক সাৰ, জীৱাণুসাৰ আদিৰ ৰাসায়নিক সাৰৰ পৰিপূৰক হিচাপেহে ৰাসায়নিক সাৰৰ পৰিৱর্তে নহয়। জীৱাণু প্রকৃতাৰ্থত মাটি, পানী আৰু বায়ুমণ্ডলত থকা কেতবোৰ ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু যেনে, বেক্‌টেৰিয়া, শেলাই, ভেঁকুৰ ইত্যাদি। এই জীৱাণুবোৰে আমি ক’ব নোৱাৰাকৈয়ে শস্য উৎপাদনৰ বিভিন্ন কার্যসম্পাদন কৰি আহিছে।

অৱশ্যে এই জীৱাণুবোৰ সকলো মাটিতে সমপৰিমাণে নাথাকে আৰু সকলোবিধ জীৱাণুৱেই শস্য উৎপাদনৰ বাবে সমানে উপকাৰী নহয়। বর্তমান এনেধৰণৰ জীৱাণুবিলাকৰ পৰীক্ষাগাৰত বংশ বৃদ্ধি কৰাই শস্যক্ষেত্ৰত ৰাসায়নিক সাৰৰ অনুপূৰক হিচাপে ব্যৱহাৰ কৰাটো পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশবোৰত জনপ্রিয় হৈ পৰিছে। এই জীৱাণুসাৰৰ মূল্যও কম আৰু প্ৰদূষণৰ সমস্যাও ইয়াত নাই। প্রকৃতাৰ্থত এই ক্ষুদ্র ক্ষুদ্ৰ জীৱাণুবোৰৰ অবিহনে কৃষিকার্য অসম্ভৱ। এনেবিলাক জীৱাণুৱে মাটিত শস্যৰ লাগতিয়াল মৌলবিলাকৰ যোগান ধৰাৰ উপৰি মাটিত থকা বিভিন্ন জৈৱিক তথা অজৈৱিক পদার্থৰ ৰূপান্তৰ ঘটনাই শস্যই সহজলভ্য অৱস্থালৈ পৰিৱর্তিত কৰে। আমি জানো যে বায়ুমণ্ডলৰ ৭৮ শতাংশই হ’ল নাইট্ৰ’জেন গেছ। কিন্তু কেতবোৰ ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু আৰু উদ্ভিদৰ বাহিৰে অধিকাংশ উদ্ভিদেই নাইট্ৰ’জেন ভাগ আহৰণ কৰিব নোৱাৰে। এই ক্ষুদ্র ক্ষুদ্ৰ জীৱাণুবিলাকে মাটিত বা মাটিৰ উপৰিভাগত থাকি বায়ুমণ্ডলৰ নাইট্র’জেনভাগ ধৰি ৰাখি মাটিত যোগান ধৰে।

শস্যক্ষেত্ৰত মুক্তভাৱে থাকি বায়ুমণ্ডলৰ নাইট্র’জেনভাগ স্থিতি কৰিব পৰা আন এবিধ বেক্‌টেৰিয়া হৈছে এজট’বেক্টৰ। এইবিধ বেক্‌টেৰিয়াৰ কালচাৰ প্রয়োগ কৰি ধান, কুঁহিয়াৰ, ঘেঁহু, বাজৰা আৰু বিভিন্ন শাক-পাচলিৰ ক্ষেত্ৰত যথেষ্ট সুফল লাভ কৰিব পৰা গৈছে।

ধাননি পথাৰত এক বুজন পৰিমাণৰ নাইট্ৰ’জেন স্থিতি কৰা আন এবিধ জীৱাণু হ’ল নীলা-সেউজীয়া শেলাই। ১৯৩৯ চনত পি কে দে’ নামৰ এজন ভাৰতীয় বৈজ্ঞানিকে পোন প্রথমে এইবিধ শেলুৱৈয়ে বায়ুমণ্ডলৰ নাইট্র’জেনভাগ স্থিতিকৰণৰ কথা উদ্ভাৱন কৰে। পানী থকা ধাননি পথাৰত এইবিধ শেলুৱৈয়ে প্রতি বছৰে প্ৰায় ৮০ কিঃগ্ৰাঃ পৰিমাণৰ নাইট্র’জেন স্থিতিকৰণ কৰিব পাৰে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে এইবিধ শেলুৱৈ ব্যৱহাৰ কৰিলে ধানৰ উৎপাদন ২০-২৫ শতাংশ বৃদ্ধি পোৱা যায়।

বর্তমান সময়ত পৃথিৱীৰ বিভিন্ন উন্নত আৰু উন্নয়নশীল দেশবোৰত জনপ্রিয় লাভ কৰা আন এবিধ জীৱাণু সাৰ হ’ল এজলা। এজলা হৈছে এবিধ পুণী জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদ পানীত ওপঙি থাকে। এই এজলাৰ পাতত থকা কেতবোৰ কোঠালিত ‘এনাবিনা এজলি’ নামৰ এবিধ নীলা সেউজীয়া শেলাই থাকে আৰু ই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেনভাগ ধৰি ৰাখিব পাৰে। এইবিধ এজলাৰ ৬টা প্রজাতি আছে। অৱশ্যে ভাৰতত সাধাৰণতে এজলা পিনাটা নামৰ প্ৰজাতিটোহে প্রধানতঃ পোৱা যায়। এই এজলাবিধে ধাননি পথাৰত সেউজীয়া চামনিৰ সৃষ্টি কৰে। বর্তমান আমেৰিকা, জাপান, ফিলিপাইনছ, চীন, ইণ্ডোনেছিয়া আদিত এই এজলা প্রয়োগ যথেষ্ট জনপ্রিয় হৈ পৰিছে। বর্তমান ভাৰতবৰ্ষতো এই এজলা প্রয়োগৰ জনপ্রিয়তা বাঢ়িছে। এজলা এবিধ কম খৰচতে আৰু সহজে উৎপন্ন কৰিব পৰা সাৰ। এজলা সাৰ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও হাঁহ-কুকুৰাৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। অসমৰ বহু অঞ্চলত এজলা স্বাভাৱিকভাৱে উৎপাদন হোৱা দেখা যায়। আমাৰ কৃষকসকলে কিছু যত্ন কৰি এই এজলা সহজেই উৎপাদন তথা প্রয়োগ কৰিব পাৰে।

দেখা যায় যে জনসাধাৰণৰ খাদ্য শস্যৰ যোগান ধৰিবলৈ প্রতি একক মাটিৰ পৰা অধিক শস্য উৎপাদন লাভ কৰিবলৈ মাটিৰ উৰ্বৰতা অটুট ৰখাটো নিতান্তই প্রয়োজনীয়। শস্যক্ষেত্ৰত এই উৰ্বৰতা ৰক্ষা কৰিবলৈ ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ লগতে জৈৱিক সাৰ, জীৱাণুসাৰ আদিৰ ব্যৱহাৰ অতীব প্রয়োজন। সুষমভাৱে এই বিলাকৰ প্রয়োগ, লগতে আনুষংগিক উন্নত কলা-কৌশলৰ ব্যৱহাৰৰ জৰিয়তে ক্ৰমাগত বৃদ্ধি হোৱা জনসাধাৰণৰ খাদ্য চাহিদা পূৰণ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব।

লেখিকা: ড° কাবেৰী মহন্ত, দৈনিক জনমভূমি।

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top