মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / শস্য উৎপাদনত খলিহৈৰ ব্যৱহাৰ
অংশিদাৰী

শস্য উৎপাদনত খলিহৈৰ ব্যৱহাৰ

শস্য উৎপাদনত খলিহৈৰ ব্যৱহাৰৰ বিষয়ে দিয়া আছে।

অতীজৰে পৰা শস্য উৎপাদনত সৰিয়হৰ খলিহৈৰ ব্যৱহাৰ কৰি অহা হৈছে। কিন্তু অত্যাধিক ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীল অধুনিক কৃষি ব্যৱস্থাত বিভিন্ন জৈৱিক সাৰৰ দৰে খলিহৈৰ ব্যৱহাৰো সীমিত হৈ অহা পৰিলক্ষিত হৈছে। বিভিন্ন তৈলবীজৰ তেল নিষ্কাশণৰ পিচত থাকি যোৱা অৱশিষ্টই হৈছে খলিহৈ। সৰিয়হৰ উপৰিও বাদাম, তিল, সূৰ্যমুখী ফুল, গুজিতিল, এৰাগুটি, নিমৰ গুটি ইত্যাদিৰ খলিহৈত যথেষ্ট পৰিমানৰ শস্যৰ প্ৰয়োজনীয় খাদ্যমৌল থাকে। অসমত সহজে উপলব্ধ সৰিয়হৰ খলিহৈত ৫.২ শতাংশ নাইট্ৰজেন, ১.৮ শতাংশ ফচফৰাচ আৰু ১.২ শতাংশ পটাচিয়াম পোৱা যায়। সেয়েহে ই এক অতি উৎকৃষ্ট জৈৱিক সাৰ হিচাপে ব্যৱহাৰৰ প্ৰচুৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও জৈৱিক কীটনাশক হিচাপে পৰিচিত নিম গছৰ গুটিৰ পৰা তেল নিষ্কাষণৰ পাছত পোৱা নিম খলিহৈৰো ব্যৱহাৰ কৰি শস্যৰ উৎপাদন বৃদ্ধিৰ লগতে কীট নিয়ন্ত্ৰণত যথেষ্ট সুফল লাভ কৰিব পৰা গৈছে। খলিহৈৰ প্ৰয়োগে মাটিৰ ভৌতিক, ৰাসায়নিক তথা জৈৱিক গুণাগুণ উন্নত কৰি ভুমিক অধিক উৎপাদনশীল কৰি তোলে।

খলিহৈ মাটিত প্ৰয়োগৰ আগতে ভালদৰে গুড়ি কৰি পাওদাৰ অৱস্থালৈ আনিহে প্ৰয়োগ কৰিব লাগে। গুড়ি অৱস্থাত প্ৰয়োগ কৰিলেহে ই মাটিত সমভাৱে বিস্তাৰিত হয় আৰু সহজে পচি ইয়াত থকা খাদ্যমৌলসমূহ শস্যৰবাবে উপলব্ধ হব। সাধাৰণতে মাটি প্ৰস্তুতিৰ সময়ত প্ৰথম বা দ্বিতীয় বাৰ মাটি চহ কৰোতেই বিঘাই প্ৰতি প্ৰায় ২০ কিলোগ্ৰাম খলিহৈ প্ৰয়োগ কৰিব লাগে। আনহাতে শাক পাছলি বা ফলমুলৰ গছত খলিহৈ গুৰি কৰি মাটিৰ লগত বা শুকান গোবৰৰ লগত মিহলি কৰি শিপাৰ চাৰিওফালে প্ৰয়েোগ কৰিব লাগে।  ফলমুলৰ গছত প্ৰতি বছৰে ৫ কিলোগ্ৰাম নিম বা সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰি উৎপাদন বৃদ্ধিৰ উপৰিও বিভিন্ন ৰোগ আৰু কীট পতংগৰ পৰা ৰক্ষা পাব পাৰি। আলুখেতিত প্ৰথমবাৰ মাটি চপোৱাৰ আগে আগে বিঘাই প্ৰতি ২০ কিলোগ্ৰাম সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰিলে উৎপাদন বৃদ্ধিৰ লগতে ৰঙা পৰুৱা বা উই পৰুৱাৰ আক্ৰমন হ্ৰাস কৰিব পৰা যায়। লাওজাতীয় শস্যৰ অনিষ্টকাৰী বিটল আৰু ফল বিন্ধা কৰা পোকৰ জীৱন চক্ৰৰ এটা সময় মাটিত সম্পুৰ্ণ কৰে। সেয়েহে গুটি পচোৱাৰ এসপ্তাহ আগতে প্ৰতিটো পুলিৰ বাবে ১০০ গ্ৰামকৈ আৰু পুনৰ ৩০-৪০ দিন পিচত প্ৰতিজোপা গছৰ গুৰিত ৫০ গ্ৰামকৈ সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰি এইসমূহ পোকৰ পৰা যথেষ্ট হাত সাৰিব পৰা যায়।

শেহতীয়াকৈ শস্যৰ কীট নিয়ন্ত্ৰণত নিমগছৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী বহুলভাবে ব্যৱহাৰ হৈছে। নিমৰ বীজৰপৰা তেল নিষ্কাশনৰ পিছত উৎপাদন হোৱা নিম খলিহৈৰ প্ৰয়োগে মাটি উৰ্বৰ কৰাৰ লগতে মাটিত থকা শস্য কৃমি আৰু বিভিন্ন কীট পতংগ নিয়ন্ত্ৰণত সফলভাবে ব্যৱহাৰ কৰিব পাৰি। নিম খলিহৈৰ ভেকুৰনাশক গুণৰ বাবে মাটিৰ পৰা উদ্ভৱ হোৱা বিভিন্ন ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে।

ইউৰিয়া সাৰৰ লগত নিম খলিহৈৰ প্ৰয়োগ কৰিলে ইউৰীয়াৰ গেছীয় অৱস্থালৈ পৰিবৰ্তনত বাধা প্ৰদান কৰে। ফলস্বৰূপে ইউৰিয়া সাৰৰ লোকচান যথেষ্ট হ্ৰাস হয়। সেয়েহে ৰাসায়নিক সাৰৰ লগত নিম খলিহৈৰ ব্যৱহাৰে ৰাসায়নিক সাৰৰ কাৰ্যদক্ষতা বৃদ্ধিৰ দ্বাৰা কৃষকসকল লাভান্বিত হ’ব পাৰে। মাটিৰ স্বাভাৱিক উৰ্বৰা শক্তি অটুত ৰাখি ভবিষ্যতেও উৎপাদনশীল কৰি ৰাখিবলৈ কৃষকসকলে কেৱল ৰাসায়নিক সাৰৰ ওপৰতেই নিৰ্ভৰ নকৰি বিভিন্ন জৈৱিক সাৰৰ লগতে খলিহৈৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত।

লিখক: নিলীম কলিতা, ডিফু।

উৎস: কেভিকে ডিফু,কাৰ্বি আলং

3.02127659574
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top