মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / শস্যত “সমন্বিত সাৰ যোগান” ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শস্যত “সমন্বিত সাৰ যোগান” ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা

মাটিৰ নিজস্ব স্বাভাৱিক উৰ্বৰতা বজাই ৰাখি স্থায়ীভাৱে কৃষি উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমান শস্য ক্ষেত্ৰত “সমন্বিত পোষক মৌল তথা সাৰ যোগান ব্যৱস্থা”

চমু বিৱৰণ

মাটিৰ নিজস্ব স্বাভাৱিক উৰ্বৰতা বজাই ৰাখি স্থায়ীভাৱে কৃষি উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমান শস্য ক্ষেত্ৰত “সমন্বিত পোষক মৌল তথা সাৰ যোগান ব্যৱস্থা” এটি অতি উল্লেখযোগ্য ও গুৰুত্বপূৰ্ণ পদক্ষেপ| ৰাসায়নিক সাৰৰ অত্যধিক প্ৰয়োগৰ ফলত মাটিৰ গুণাগুণ আৰু পৰিৱেশৰ সম্ভাৱ্য বিৰুপ ক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কালত সুসংহত সাৰ যোগান ব্যৱস্থাপনাৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে| এই পদ্ধতিত ৰাসায়নিক সাৰৰ পৰিমাণ হ্ৰাস কৰি তাৰ পৰিপূৰক হিচাপে জৈৱিক সাৰ লৈ দুয়োবিধ সাৰ সমন্বয় ঘটাই প্ৰয়োগ কৰা হয়| সমন্বিত পোষক মৌল যোগান পদ্ধতিত উদ্ভিদক প্ৰয়োজন হোৱা খাদ্য মৌলসমুহ ৰাসায়নিক, জৈৱিক আৰু জীৱাণু সাৰৰ সংযোজন ঘটাই নিৰ্দ্দিষ্ট কৃষি পৰিস্থিতিত খাপ-খোৱাকৈ প্ৰাচুৰ্য্যতা আৰু উপযুক্ততাৰ ভিত্তিত বিজ্ঞানসন্মত ভাৱে যোগান ধৰা হয়| এই সাৰ ব্যৱস্থাপনা পদ্ধতিয়ে অধিক খাদ্যশস্য উৎপাদন, মাটিৰ উৰ্বৰতা অক্ষুন্ন ৰখা, সম্পদৰ সদ-ব্যৱহাৰ, শস্য উৎপাদনৰ ধাৰাবাহিকতা অটুট ৰখা আৰু কৃষকৰ আয় বৃদ্ধিত অৰিহণা যোগায়|

সমন্বিত সাৰ যোগান ব্যৱস্থাৰ মুখ্য উদ্দেশ্যে -

. মাটিত ৰাসায়নিক সাৰ প্ৰয়োগৰ মাত্ৰা কমোৱা

. দীৰ্ঘকালীন সময় তথা ভৱিষ্যতৰ বাবে মাটিৰ উৰ্বৰতা অটুট ৰখা আৰু ধাৰণশীলতা বঢ়োৱা

. পৰিৱেশ তথা পাৰিপাৰ্শ্বিকতা- বায়ু, পানী আৰু মাটিৰ কোনো ক্ষতি নোহোৱা

. অৰ্থনৈতিক ভাৱে কৃষকে লাভৱান হ’ব পৰাকৈ শস্য উৎপাদন কৰা|

. উৎপাদনৰ লগতে উৎপাদিত সামগ্ৰীৰ গুণগত মান বৃদ্ধি কৰা আৰু

. প্ৰয়োগ কৰা পৌষক মৌল তথা সাৰৰ লোকচানৰ পৰিমাণ কমোৱা আৰু কাৰ্যকাৰিতা বঢ়োৱা|

উপাদান:-

সুসংহত বা সমন্বিত সাৰ প্ৰয়োগ ব্যৱস্থাপনাৰ উপাদান কেইটা হৈছে-

১) বিভিন্ন ধৰণৰ জৈৱিক সাৰ- পচন সাৰ, কেঁচু সাৰ, আৰু সেউজীয়া সাৰ|

২) বিভিন্ন ধৰণৰ জীৱ তথা জীৱাণু সাৰ:-

ক) নাইট্ৰ’জেন যোগানকাৰী জীৱাণু সাৰ- ৰাইজ’বিয়াম, এজস্পাইৰিলাম, এজট’বেক্টাৰ, নীল সেউজ শেলাই, এজ’লা সাৰ আদি|

খ) ফছফৰাছ আৰু পটাছ দ্ৰৱণকাৰী জীৱাণু সাৰ|

৩) শস্য ক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভুক্তি আদি|

আমাৰ কৃষক সকলে উপৰোক্ত সাৰ সমুহৰ পচনসাৰ, কেঁচু সাৰ, সেউজীয়া সাৰ, এজ’লা সাৰ আদি সহজভাৱেও নিজৰ সুবিধামতে ঘৰতে উৎপাদন কৰি লব পাৰে আৰু সেইবোৰ শস্য ক্ষেত্ৰত প্ৰয়োগ কৰি শস্য ও মাটিৰ প্ৰভূত উপকাৰ সাধন কৰিব পাৰে| শস্য ক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভুক্তিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে|

প্ৰয়োজনীয়তা:-

শস্য উৎপাদনৰ হাৰ প্ৰধানকৈ মাটিৰ উৰ্বৰতাৰ ওপৰত নিৰ্ভৰ কৰে| বছৰৰ পিছত বছৰ ধৰি একেডৰা মাটিত একে ধৰণৰ শস্য কৰাৰ ফলত অথবা একেডৰা মাটিত অধিক শস্য উৎপাদনৰ বাবে গোটেই বছৰটো খেতি কৰি থকাৰ ফলত মাটিৰ উৰ্বৰতা দিনে দিনে হ্ৰাস পায় গৈ আছে| সেইবাবে গছ এজোপা বা শস্য এডৰাৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি তথা খাদ্য বাহিৰৰ পৰা ৰাসায়নিক বা জৈৱিক সাৰৰ জৰিয়তে প্ৰয়োগ কৰিবলগীয়া হয়| সাৰ প্ৰয়োগ সময়ৰ এক একান্ত আহ্বান যদিও খেতিত প্ৰয়োজন হোৱা সাৰৰ সকলোখিনি অকল ৰাসায়নিক সাৰৰ জৰিয়তে যোগান ধৰা অনুচিত|

শস্যত অধিক ৰাসায়নিক সাৰ একেৰাহে জধে-মধে প্ৰয়োগ কৰিলে মাটিৰ স্বাভাৱিক গুণ হ্ৰাস পায়, মাটিৰ অম্লতা বৃদ্ধি পায় আৰু মাটিখিনি জৰজৰীয়া হয়, যিটো খেতিৰ বাবে মুঠে ফলপ্ৰসূ নহয়| কিছুমান মৌল মাটিত অস্বাভাৱিকভাৱে বৃদ্ধি হৈ শস্যত বিষক্ৰিয়াৰ সৃষ্টি কৰে| তাৰোপৰি প্ৰয়োগ কৰা ৰাসায়নিক সাৰ খিনি শুদ্ধ পৰিমাণত উপযুক্ত সময়ত ও উপযুক্ত পদ্ধতিত প্ৰয়োগ নকৰিলে গছে আহৰণ কৰাৰ পৰিৱৰ্তে পানীৰ লগত মিহলি হৈ জান-জুৰি বা ভূ-গৰ্ভৰ পানীলৈ বিয়পি গৈ যোৱাৰ অনুপযোগী হৈ পৰাত সহায়ক হয়| চমুকৈ ক’বলৈ হ’লে ৰাসায়নিক সাৰ অকলে প্ৰয়োগ কৰিলে খেতি মাটিৰ উৎপাদনৰ ধাৰণশীলতা বজাই ৰখাত অসুবিধা হোৱাৰ লগতে পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি স্বৰুপ হৈ পৰে|

ৰাসায়নিক সাৰে কেৱল উদ্ভিদৰ নিৰ্দ্দিষ্ট দুবিধমান খাদ্য মৌল যোগান ধৰাৰ বাহিৰে মাটিৰ গঠন আৰু গুনাগুণ উন্নত কৰাত কোনো অৰিহণা নোযোগায়| বৰং ৰাসায়নিক সাৰৰ বৰ্দ্ধিত প্ৰয়োগে মাটিডৰা আৰু পৰিৱেশ প্ৰদূষিত কৰি তোলাৰ লগতে প্ৰদূষণমুক্ত খাদ্যশস্য উৎপাদনত অৰিহণা যোগায় আৰু তাৰ ফলত জীৱ-জন্তুৰ ওপৰত এটা বিৰুপ প্ৰভাৱ পৰিছে| এই প্ৰক্ৰিয়া এনেদৰে চলি থাকিলে ভৱিষ্যতে হয়তু এনেকুৱা এটা দিন আহিব য’ত সাৰ পানী যোগান ধৰিলেও খেতি সম্ভৱ নহব আৰু তেতিয়া ভৱিষ্যত প্ৰজন্মৰ বাবে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব| এই সমস্যাসমুহ নিৰাময়ৰ বাবে “সুসংহত সাৰ যোগান” পদ্ধতিত ৰাসায়নিক সাৰৰ লগত জৈৱিক সাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যাতে ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত বিনষ্ট হোৱা কৃষিভূমিডৰা জৈৱিক সাৰ প্ৰয়োগৰ দ্বাৰা উৰ্বৰ কৰি তুলিব পৰা যায়|

জৈৱিক সাৰ প্ৰয়োগৰ ফলত মাটিত জৈৱিক পদাৰ্থ সংযোজন হয়, মাটিৰ ভৌতিক গুণাগুণ উন্নত হয়, তাৰফলত মাটিৰ ধাৰণ ক্ষমতা বৃদ্ধি হয় আৰু মাটিত থকা বিভিন্ন ধৰণৰ জীৱাণু সক্ৰিয় আৰু বংশবৃদ্ধি হয়| মাটিত থকা উপকাৰী অনুজীৱ বোৰেহে ৰাসায়নিক সাৰ বিশ্লেষণৰ কাৰ্য্য সহজ কৰি তোলে আৰু এই বিশ্লেষণৰ পিছতহে শস্যই সহজে খাদ্য মৌল সমুহ গ্ৰহণ কৰিব পাৰে| জৈৱিক সাৰে মাটি আৰু পৰিৱেশ প্ৰদূষিত নকৰে| পেলনীয়া বস্তুবোৰ পচনসাৰ আৰু কেঁচুসাৰ উৎপাদনত ব্যৱহাৰ কৰি বায়ুমণ্ডলৰ দূষিতকৰণ সমস্যা কমাব পাৰি| তাৰোপৰি জৈৱিক সাৰে উদ্ভিদৰ প্ৰধান শস্য মৌল কেইবিধ যোগান ধৰাৰ লগতে গৌণ আৰু অণু মৌল সমূহো শস্যক যোগান ধৰিব পাৰে|

গতিকে আমাৰ কৃষক সকলে শস্য ক্ষেত্ৰত “সমন্বিত সাৰ যোগান” ব্যৱস্থাপনা পদ্ধতিৰে সাৰ প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত যাতে দীৰ্ঘম্যাদি ব্যৱস্থাত মাটিৰ গুণাগুণ অটুট ৰাখি শস্যৰ উৎপাদিকা শক্তি বাহাল ৰাখিব পাৰে| সেইবাবে কৃষক সকলে বিভিন্ন ধৰনৰ জৈৱিক সাৰ প্ৰস্তুত পদ্ধতি আৰু সেইবোৰৰ সাধক প্ৰয়োগৰ বিষয়ে জানি-বুজি কৃষিক্ষেত্ৰত ৰুপায়নৰ বাবে আগবাঢ়ি আহিব লাগিব| ৰাসায়নিক, জৈৱিক আৰু জীৱাণু সাৰৰ সুসংহত প্ৰয়োগৰ দ্বাৰা ৰাসায়নিক সাৰৰ ওপৰত থকা অত্যাধিক নিৰ্ভৰতা হ্ৰাস, শস্যৰ উৎপাদন ব্যয় কম, আৰু ৰাসায়নিক সাৰৰ দ্বাৰা সৃষ্টি হোৱা পাৰিপাৰ্শ্বিক সমস্যাৰ পৰা হাত সাৰিব পাৰি|

লেখকদ্বয়:শ্ৰীমতি অঞ্জুমালা ডেকা(বিজ্ঞানী (শস্য বিজ্ঞান)),

ড° তুলসী প্ৰসাদ শইকীয়া(প্ৰধান বিজ্ঞানী (শস্য বিজ্ঞান))|

আঞ্চলিক গৱেষণা কেন্দ্ৰ, চিলঙনী,নগাঁও-৭৮২০০২, অসম

 

 

 

2.93181818182
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top