অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পচন সাৰ

ঘৰৰ জাবৰ জোথৰ, পেলনীয়া বস্তু আৰু আবৰ্জনাৰে অতি কম খৰচতে আৰু সহজতে নিজৰ বাৰীখনত পচন সাৰ তৈয়াৰ কৰি ল’ব পাৰি৷

পচন সাৰৰ গাঁত খন্দা

পচন সাৰৰ গাঁতৰ কোনো ধৰা বন্ধা জোখ নাই যদিও (৬ ফুট) ১.৮ মিটাৰ দীঘল (৪ ফুট ) ১.২ মিটাৰ বহল আৰু ১.২ মি: (৪ ফুট) দ গাঁত এটা খান্দিলে তাৰ পৰা ১০০ ঘন ফুট (প্ৰায় ২ টন ) পৰিমাণৰ পচন সাৰ পোৱা যায় ৷বৰকৈ ৰ’দ নপৰা ওখ ঠাইত ওপৰুক্ত জোখৰ গাঁতটো (২ ফুট ৬০ চে: মি:) খান্দি এই খন্দা মাটিখিনি গাঁতটোৰ চাৰিওফালে ৪৫ চে: মি: (১.৫ ফুট ) আওলা ৰাখি চালি এখন দিব লাগে।

প্ৰস্তুত পদ্ধতি

পচন সাৰৰ গাঁতত শষ্যৰ পেলনীয়া অংশ, গোহালিৰ আবৰ্জনা, বনবাত, তুঁহ আদি ১৫ চে: মি: (৬ ইঞ্চি) ডাঠকৈ সমানে ছতিয়াই গচকি দিব লাগে৷ শষ্যৰ অলাগতিয়াল অংশ, বনবাত আদি গাঁতত দিয়াৰ আগতে দুই এদিন ৰ’দত লেৰেলাই এৰাতি গোহালিত ছতিয়াই ল’ব লাগে৷ এনে কৰিলে আয়তনত কম হোৱাৰ উপৰিও ই জন্তুৰ মল-মূত্ৰ ধৰি ৰাখে৷ মেদেলুৱা, ধনচ্যা আদি সেউজীয়া সাৰৰ কোমল গছ দুই এডাল ইয়াৰ লগত মিহলাই দিলে বস্তুবোৰ সোনকালে পঁচিব৷ এই তৰপৰ ওপৰত ২.৫ চে: মি: (১ ইঞ্চি) ডাঠকৈ কেঁচা গোবৰ মেলি দি ২০ লিটাৰ (প্ৰায় দুই বাল্টি)পানী সমভাৱে ছটিয়াই দিব লাগে ৷ এই অনুক্ৰমে তৰপে-তৰপে গছ-গছনিৰ পেলনীয়া অংশ, জাবৰ-জোঠৰ গোবৰ আদিৰে গাঁতটো ওপৰি ভাগৰ পৰা ১৫ চে: মি: (৬ ইঞ্চি) ওখকৈ পুৰাই শেষৰ তৰপটোৰ মাজৰ অংশত বেছিকৈ জাবৰ-জোঠৰ দি কাছপিঠিয়াকৈ গোবৰ মাটিৰে লিপি ঢাকি দিব লাগে৷ প্ৰলেপটোত ফাঁট মেলিলে পুণৰ মাটিৰে বতাহ সোমাব নোৱাৰা কৰি দিব লাগে৷ প্ৰায় ৪-৫ মাহ মানত পচনসাৰ তৈয়াৰ হব৷

বিশেষ কেইটামান কথা

(১)পচন সাৰৰ গাঁতত পানী জমা নোহোৱা আৰু ছাঁ পৰা ওখ ঠাইত খান্দিব লাগে৷

(২)শষ্যৰ পেলনীয়া অংশ বিশেষ, জাবৰ জোথৰ আদিৰে তৰপ দিলেহে সোনকালে পঁচে৷

(৩)পচনসাৰৰ গাঁতটো মাটিৰে লিপি ঢাকি দিয়াৰ এমাহ মানৰ পিছত গোটেইখিনি বস্তু এবাৰ লুটিয়াই বগৰাই পুনৰ ঢাকি দিলে ভাল হয়৷

(৪)পচিব নোৱাৰা বা সহজে নপচা বস্তু যেনে: বাঁহ কাঠৰ অংশ, টিং, বটল, প্লাষ্টিকৰ মোনা আদি পচন সাৰৰ গাঁতত দিব নালাগে৷

বি: দ্ৰ: উত্তম মানৰ বিশিষ্ট চুপাৰ ডাইজেষ্ট কমপ’ষ্ট পাবলৈ হলে প্ৰতি তৰপ আৰ্বজনাৰ ওপৰত গোবৰ দিয়াৰ আগতে আঢ়ৈ কি: গ্ৰা: চুপাৰ ফচফেট বা সমানুপাতে ৰক ফচফেট (৮ টা তৰপত মুঠ ২০ কি: গ্ৰা:) আৰু ফুটছাই সমভাৱে ছটিয়াই দিব লাগে ৷ আনহাতে প্ৰতিতো তৰপৰ ওপৰত ১ কি: গ্ৰা: (মূঠ ৮ কি: গ্ৰা : ) চুপাৰ ফচফেট আৰু ফুটছাই প্ৰয়োগ কৰিও সৰ্বসাধাৰণ কৃষকে উৎকৃষ্ট মানৰ পচন সাৰ তৈয়াৰ কৰি ল’ব পাৰে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate