অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ বাৰীৰ প্ৰয়োজনীয়তা আৰু তাৰ গুৰুত্ব

শাক-পাচলিৰ বাৰীৰ প্ৰয়োজনীয়তা আৰু তাৰ গুৰুত্ব

বতৰৰ শাক-পাচলিবোৰে আমাৰ দৈনন্দিন আহাৰত এক বিশেষ স্হান অধিকাৰ কৰি আহিছে৷ আমাক স্বাস্হ্যবান হৈ থাকিবলৈ সুষম আহাৰৰ প্ৰয়োজন ৷ আহাৰ সুষম হবলৈ পুষ্টিকাৰকো হ’ব লাগে ৷ সেয়ে সুষম আহাৰত এক নিৰ্দিষ্ট পৰিমাণৰ প্ৰ’টিন্, কার্ব’হাইড্ৰেইত, চৰ্ব্বি থকা উপৰিও যথেষ্ট পৰিমাণে ধাতব পৰ্দাথ আৰু খাদ্যপ্ৰাণ থকাতো প্ৰয়োজন ৷ এই বতৰৰ শাক পচলিবোৰত আমাৰ প্ৰয়োজনীয় খাদ্যপ্ৰাণ আৰু ধাতব পৰ্দাথ সমূহ থাকে ৷ সুস্হ আৰু স্বাস্হ্যবান প্ৰতিজন মানুহৰ বাবে প্ৰতিদিনে গড়ে ৭৫-১২৫ গ্ৰাম সেউজীয়া শাক-পাচলি ৮৬ গ্ৰাম শিপা আৰু আলু জাতীয় পাচলি, তদুপৰি ৮৫ গ্ৰাম অন্য শাক-পাচলি থাকিব লাগে৷ নিৰামিষ খোৱা লোকৰ বাবে দৈনন্দিন আহাৰত শাক-পাচলি থকাতো একান্ত প্ৰয়োজন৷ সেয়ে প্ৰতিতো পৰিয়ালে নিজা ববীয়াকৈ এখন শাক-পাচলি বাৰী পাতি লোৱাতো অতি প্ৰয়োজনীয়৷

দৈনন্দিন আহাৰত বতৰৰ শাক-পাচলিবোৰ নাখালে বিশেষকৈ ধাতব আৰু খাদ্যপ্ৰাণ অভাৱত আমি নানা প্ৰকাৰৰ বেমাৰত আক্ৰান্ত হব লগা হ’ব পাৰে৷ বিশেষকৈ ‘ক’ ভিটামিনৰ অভাৱত চকুৰ অসুখ যেনে– কুকুৰীকণা আৰু খাদ্যপ্ৰাণ ‘গ’ ৰ অভাৱত নানা প্ৰকাৰৰ চালৰ বেমাৰ, শৰীৰৰ মসৃনতা নোহোৱা হয়৷ সেয়ে আমাৰ দৈনন্দিন আহাৰত শাক-পাচলি থকাতো একান্ত প্ৰয়োজন৷

বজাৰৰ পৰা কিনি অনা শাক-পাচলিবোৰ সতেজ নহয় আৰু ইঠাইৰ সিঠাইৰ পৰা অপৰিষ্কাৰ পৰিবেশৰ মাজেৰে আনিব লগীয়া হয় বাবে বিজানুনাশক নহয়৷

এটা পৰিয়ালৰ প্ৰয়োজনীয় শাক-পাচলিখিনি বজাৰৰ পৰা নিকিনাকৈ আমি ঘৰৰ কাষতে থকা মাটিখিনিত উৎপাদন কৰি লব পাৰো৷ এনেকৈ শাক-পাচলি নিজৰ বাৰীত কৰিলে কম খৰচতে সতেজ শাক-পাচলি গোটেই বছৰ যোগান পেৱাৰ উপৰিও একোটা পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ আজৰি সময়কন বাৰীখনতে সত ব্যৱহাৰ হয়৷ সেউজিয়া শাক-পাচলিৰ বাৰী পাতিলে ছাহিদা অনুযায়ী শাক-পাচলিৰ যোগান পোৱাৰ উপৰিও ই প্ৰদূষণ ৰোধ কৰাতো সহায় কৰে৷ ৫-৬ জনীয়া পৰিয়াল এটা চলি থাকিবলৈ শাকনি বাৰীৰ বাবে বেছি মাটিৰো প্ৰয়োজন নহয়৷

ৰান্ধনিঘৰৰ ওচৰতে বাৰীখন হলে ভাল তেতিয়া পেলনীয়া পানীখিনিও বাৰীত ব্যৱহাৰ কৰিব পৰা যায়৷

বজাৰৰ শাক-পাচলিত শাজিকালি ব্যৱসায়িক ভিত্তিত  কৰি চকুত লগা কৰিবৰ বাবে যথেষ্ট কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰে – যি স্বাস্হ্য সন্মত নহয়৷ সেয়ে নিজৰ বাৰীত কৰা শাক-পাচলিৰ পৰা কোনো অপকাৰ হোৱাৰ ভয় নাথাকে, যিহেতু বেছি ৰাসায়ণিক সাৰৰ ব্যৱহাৰ নহয়৷ ঘৰৰ পেলনীয়া জাবৰ জোথৰ পুতি কৰা জৈৱিক সাৰৰ ব্যৱহাৰ কৰিলে উৎপাদন বাঢ়ে আৰু পৰিবেশৰ প্ৰদূষন হোৱাতো বাধা দিয়ে৷

বাৰীখনত একেইবিধ পাচলিকে নকৰি বতৰত কৰিব পৰা সকলো শাক-পাচলি ৰুব লাগে যাতে বিভিন্ন ধৰনৰ শাক-পাচলি ৰুচি অনুযায়ী দৈনন্দিন ব্যৱহাৰৰ বাবে বাৰীৰ পৰাই আনিব পাৰি৷

ঘৰখনৰ লৰা-ছোৱালীসকলর সমূহীয়া প্ৰচেষ্টাৰে একেলগে শ্ৰম কৰি উৎপাদন কৰা শাক-পাচলিৰ যোগান ধৰিব পাৰিলে ব্যক্তিগত ভাবে কাম কৰি ঘৰখনৰ প্ৰতিজনেই ঘৰ চলাত অৰিহণা যোগাব পাৰে৷ এখন সুন্দৰকৈ কৰা শাকনিবাৰীত সকলোৱে মিলি কাম কৰিলে এক বিমল আনন্দ আৰু সন্তোষৰ ভাৱ কঢ়িয়াই আনে৷ সেই শ্ৰমৰ জৰিয়তে উৎপাদনো বাঢ়ে আৰু পৰিয়ালৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাতো সহায় হয়৷ নিজৰ শাকনি বাৰীখনত অকল শাক-পাচলিয়ে নহয় দৈনন্দিন লাগি থকা নেমু জলকীয়া অদিৰ উপৰিও ঔষধি গুণযুক্ত - নৰসিংহ, মাটি কাঁদুৰি, মানিমুনি আদি কৰি ল’ব পাৰিলে পৰিয়ালটোৰ অৰ্থনৈতিক দিশ টনকিয়াল হোৱাৰ উপৰিও সৰু-সুৰা বেমাৰ আজাৰো নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

বাৰীৰ উত্তৰফালে ফলমূল যেনে কল, অমিতা আদিৰ গছ থাকিলে চাহিদা অনুপাতে বাৰীখনৰ পৰাই যোগান পাব পাৰো৷ সেয়ে আমি শাকনি বাৰী এখন সুন্দৰকৈ পাতি মানসিক শান্তিৰ লগতে অৰ্থনৈতিক দিশ টনকিয়াল কৰিবলৈ আৰু প্ৰতিটো পৰিয়ালে গুৰুত্ব আৰোপ কৰিলে যথেষ্ট উপকৃত হয়৷

সেয়ে আমি সময়তে এখন সৰুকৈ শাকনি বাৰী পতাৰ উপৰত গুৰুত্ব আৰোপ কৰাতো বৰ প্ৰয়োজন হয় পৰিছে৷

ইয়াৰ উপৰিও শাকনিবাৰীত শ্ৰম কৰি আমাৰ স্বাস্হ্যৰ কাৰণে প্ৰয়োজন হোৱা লাগতিয়াল শাৰীৰিক প্ৰৰিশ্ৰমখিনিও শাকনিবাৰীৰ পৰাই পাব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate