অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ বীজতলী প্ৰস্তুত কৰা প্ৰণালী

শাক-পাচলিৰ বীজতলী প্ৰস্তুত কৰা প্ৰণালী

  • ৰদ ঘাই, পানী নিষ্কাষণৰ সুবিধা থকা আৰু পচন সাৰ থকা সাৰুৱা মাটি বাচনি কৰি লওক৷
  • মাটিখিনি ভালদৰে চহাই গুঢ়ি কৰি লওক৷ তাতে ১মিটাৰ বহল, ১৫চে.মি. ওখ আৰু সুবিধা অনুযায়ী দীঘল ভেটী বনাই লওক৷
  • তেনেকুৱা ভেটীৰ ১০বৰ্গমিটাৰ মাটিত ২০কি.গ্ৰা. বালি বা পলসুৱা মাটি আৰু ২০কি.গ্ৰা. পচঁন সাৰ ভালদৰে মিহলাই লওক৷
  • মাটিত থকা কেইবাবিধো পুলি পচাঁ ৰোগৰ বীজানু নাশ কৰিবৰ কাৰণে মাটিখিনিত ০.১% কেপটান বা ফাইটোলান বা ৪% ফৰমেলডিহাইদ (ফৰমেলিন) দ্ৰৱণীয় বনাই মাটিখিনি তললৈ ১০-১৫চে.মি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগিব৷
  • ৰোগনাশক দৰৱখিনি প্ৰয়োগ কৰাৰ পাচত পলিথিন বা মৰাপাটৰ বস্তাৰে মাটিখিনি ৩-৪ দিন ঢাকি ৰাখিব লাগিব’ ৷
  • যিবিলাক বেমাৰ গুটিয়ে কঢ়িয়াই আনিব পাৰে, তেনে বীজ ৩গ্ৰাম কেপটাফ বা থিৰাম নামৰ দৰৱ প্ৰতি কি.গ্ৰা. বীজৰ হিচাবত মিহলাই লব’ লাগে৷
  • মাটিত থকা যিবিলাক কীটৰ পৰা অপকাৰ হব পাৰে, তেনে কীটৰ পৰা হাত হাৰিবলৈ ৫% মালাথিয়ন পাউদাৰ মাটিত মিহলাই দিব লাগে৷
  • সিচিঁবলৈ অনা গুটিবোৰ ‘ইংৰাজী U’ আখৰৰ আকৃতিত ২.৫ চে.মি ব্যৱধানত শাৰী বনাই ১-২চে.মি দ’লৈ সিচিঁব লাগে৷ সিচাঁৰ পাচত মাটিখিনি, পাতলকৈ চালি লোৱা শুকান গোবৰ আৰু বালি মিশ্ৰণৰে ঢাকি দিব’ লাগে ৷
  • ভেটীটো পাতলীয়াকৈ তিয়াই দিব৷
  • তাৰ পাচতে পাতলকৈ খেৰ বা কলপাতেৰে ঢাকি দিব৷ গুটিবোৰ গজালি মেলি ওলোৱাৰ লগে লগে খেৰ বা কলপাতখিনি আতঁৰাই দিব৷
  • ৩০-৩৫ দিনৰ ভিতৰতে পুলিবোৰ ১০-১৫চে.মি ওখ হলেই পুলিবোৰ ৰুব পৰা হয়৷
  • পুলিবোৰ তুলি নিয়াৰ ৭ দিন মান আগতে ছাঁ দিয়া ব্যৱস্হাৰ মাজতে ৰ’দাই পুলিবোৰ নতুন পৰিবেশৰ লগত খাপ খাব পৰা কৰি লব’ লাগে৷
  • পুলিবোৰ টানি উঘলোৱাৰ ৬ ঘন্টা মান আগতে পানী যোগান দি মাটি খিনি কোমলাই ল’ব যাতে শিপাখিনি লগত সহজে লাগি আহে৷
  • প্ৰয়োজনাসুৰি বেমাৰ বা কীট পতঙ্গৰ আক্ৰমণৰ পৰা বাচিবলৈ দৰৱ ব্যৱহাৰ কৰিব লাগিব পাৰে৷
  • বন্ধাকবি, ফুলকবি, ওলকবি, বিলাহী, জলকীয়া, বেঙেনা আদি পুলিবোৰ ৰোৱাৰ আগতে ২য় ভেটীত নতুন পৰিবেশত খাপখোৱা কৰি ললে উৎপাদন বৃদ্ধিত সহায়ক হয়৷ তাৰ বাবে পুলিবোৰ দুপতীয়া হওঁতেই প্ৰস্তুত কৰি ৰখা ২য় ভেটীত ৫-১০চে.মি আতঁৰে ৰুই ছাঁৰ ব্যৱস্হা কৰি দুদিনমান ৰাখি ৰ’দ পোৱাৰ কামটোও লগতে কৰিব লাগে৷

হাইব্ৰীড শাকপাচলিৰ খেতিৰ বাবে আগবঢ়োৱা পৰামৰ্শ

বজাৰত আজিকালি নতুন হাইব্ৰীডৰ জাত সহজেই পোৱা যায় আৰু প্ৰতিটো জাত বা খেতিৰ বাবে দিবলগীয়া পৰামৰ্শৰ বিভিন্নতাৰ কাৰণে অসম কৃষি বিশ্ববিদ্যলয়ে কাৰিকৰী কাৰণত বিশেষ কোনো ম’ত আগ বঢ়াব নোৱাৰে ৷ তাৰ মাজতে যিবোৰ শাকপাচলিৰ পৰীক্ষামূলক সিদ্ধন্ত লোৱা হৈছে তাৰ পৰা ক’ব পাৰি যে ইণ্ডো আমেৰিকান হাইব্ৰীড চীড (IAHS) ৰ কিছুমান বীজ অসমৰ কাৰণে উপযোগী প্ৰমাণিত হৈছে৷

ইণ্ডো আমেৰিকান হাইব্ৰীড চীড (IAHS)ৰ দ্ধাৰা উপলদ্ধ খেতিৰ দিহা নিয়মাৱলীৰ তালিকা এখন চমুকৈ দেখুৱা হৈছে

দিহা

বিলাহী

কেপ্চিকাম

তিয়ঁহ

ভেণ্ডী

বেঙেনা

বন্ধাকবি

ফুলকবি

জাত

ৰুপালী
বৈশালী
নবীন
মংগলা
ৰজনী
ৰশ্মি
কৰ্নাটক

ভৰত

প্ৰিয়া

বিজয়
বিশাল
বিৰ্শা

সুফল
ৰাউণ্ড-১৪
লং ১৩

গংগা
যমুনা
কাবেৰী

স্বাতী
হিমানী

পচোঁৱা ও ৰোৱা সময়

বেছি বৰষুণ হোৱা সময় বাদ দি গোটেই বছৰ

আগষ্ট-অক্টোবৰ আৰু জানুৱাৰী-ফেব্ৰুৱাৰী

মাৰ্চ-এপ্ৰিল

জানুৱাৰী

ছেপ্তেম্বৰ-নৱেম্বৰ,

লং ১৩ গোটেই বছৰ

বেছি বৰষুণ হোৱা সময় বাদ দি গোটেই বছৰ

জুন-জুলাই

বীজৰ পৰিমাণ

১৫০গ্ৰাম

৩৭৫গ্ৰাম

৩৭৫গ্ৰাম

৩৫০০গ্ৰাম

২০০গ্ৰাম

৩০০গ্ৰাম

৩০০গ্ৰাম

সাৰ/হে.
পচঁন
নাইট্ৰজেন
ফচফেট
পটাচ


৩৬০কু.
১২০ কি.
২০০ কি.
২০০ কি.


৩৬০কু.
১৭০কি.
১২০ কি.
১২০ কি.


২৫০কু.
১২০ কি.
৭৫ কি.
৭৫ কি.


১৫০কু.
১২০ কি.
৯০ কি.
৯০ কি.


২৫০কু.
১২০ কি.
৯০ কি.
৬০ কি.


২৫০কু.
১৭০ কি.
১০০ কি.
১২০ কি.


৩০০কু.
২৫০ কি.
১৫০ কি.
১২০ কি.

ৰোৱা দুৰত্ব

৪৫-৭৫চে.মি. (শাৰী) ৫৭-৯০চে.মি.(পুলি)

৩০-৪৫ চে.মি (শাৰী) ৬০চে.মি. (পুলি)

১২০চে.মি. (শাৰী) ৬০চে.মি. (পুলি)

৩০-৪৫ চে.মি (শাৰী) ৬০চে.মি. (পুলি)

৬০-৯০ চে.মি (শাৰী) ৯০চে.মি. (পুলি)

৪৫ চে.মি (শাৰী) ৩০চে.মি.-৪৫চে.মি. (পুলি)

৪৫ চে.মি (শাৰী) ৩০চে.মি.-৪৫চে.মি. (পুলি)

খেতিৰ বাবে লগা সময়

৭৫-৯০ দিন

১৬৫ দিন

৯০ দিন

১৫০ দিন

৭৫-৮০ দিন

১০০-১১০ দিন

৭০-৭৫ দিন

উৎপাদন/হে.

৩০০-৪০০কু.

১৮০-২৪০কু.

১০০কু.

১৫০কু.

২৫০-৩৫০কু.

৩০০-৩৫০কু.

১২০-১৫০কু.

পুলি ভেটী আৰু জোখ-মাপ

puil eBqI Aaru ejaK-map

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate