অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন শাক-পাচলিৰ পুলিবাৰী প্ৰস্তুতি

শীতকালীন শাক-পাচলিৰ পুলিবাৰী প্ৰস্তুতি

পুলিবাৰীত সুস্থ সবল পুলি কেনেদৰে তৈয়াৰ কৰিব লাগে তাৰ পদ্ধতিবোৰ বৰ্ণনা কৰা হ'ল

১)পুলিবাৰী প্ৰস্তুতিৰ কাৰণে ওখ সাৰুৱা মাটি বাছনি কৰিব লাগে৷মাটিডোখৰত সৰহ পৰিমাণে পচন সাৰ দি ভালদৰে হাল কোৰ মাৰি লৈ এক মিটাৰ বহল, ২০-২৫ ছে: মি: (৮-১০ ইঞ্চি)ওখ ভেটি তৈয়াৰ কৰি ল’ব লাগে ৷ নিজৰ সুবিধা অনুযায়ী ভেটিৰ দৈঘ্য নিজে কৰি লব লাগে৷

৩) ভেটিৰ মাটি আলতীয়া হলে দুপাচিমান বালি মিহলাই লব লাগে৷

৪) ভেটিডৰা মাটিত জন্ম হোৱা বেমাৰৰ পৰা মুক্ত কৰিব বাবে ২.৫ গ্ৰাম ইন্দোফিল এম-৪৫ আৰু ১ গ্ৰাম বেভিষ্টিন ১ লিটাৰ পানীত মিহলাই ভেটিটোৰ ১০-১৫ ছে: মি: (৪-৬ ইঞ্চি) দলৈকে মাটিখিনি ভালদৰে তিতি যোৱাকৈ দি ল’ব লাগে৷

৫) এটিয়া ভেটিতো দুদিনৰ বাবে পলিথিনেৰে, বস্তাৰে নাইবা কল পাতেৰে ঢাকি থ’ব লাগে৷

৬) দুদিনৰ পাছত আৱৰন আঁতৰাই পাতলকৈ ওপৰে ওপৰে পুনৰ কোৰ মাৰি ৩-৪ দিনৰ বাবে মুকলি কৰি ৰাখিব লাগে৷

৭) পুলিবাৰীত সিঁচিব লগা বীজবোৰ থিৰাম বা কেপ্টাফ নাইবা ইন্দোফিল এম-৪৫ ঔষধৰে (১ কিলোগ্ৰাম বীজৰ বাবে তিনি গ্ৰাম ঔষধ ) শোধন কৰি ল’ব লাগে৷ বজাৰৰ দামী হাইব্ৰীড হ’লে বীজ শোধন কৰিব নালাগে৷

৮) বীজ সিঁচাৰ আগতে ভেটিডৰাত হব পৰা পোক-পৰুৱাৰ পৰা মুক্ত কৰিবৰ বাবে প্ৰতি বৰ্গমিটাৰ ভেটিত ১০ গ্ৰাম হিচাপে ৫ শতাংশ শত্তি মালাথিয়ন পাউদাৰ মিহলাই লব লাগে৷

৯)  এতিয়া শোধন কৰা বীজ খিনি ১-২ ছে: মি: (আধা বা ১ ইঞ্চি দকৈ) ২৫ চে: মি: (১০ ইঞ্চি) আঁতৰে আঁতৰে শাৰী শাৰীকৈ সিঁচিব লাগে৷

১০) বীজ সিঁচাৰ পাছত পচনসাৰ বা গোবৰ গুৰি বা বালিৰে পাতলকৈ ঢাকি এদাল কাঠৰ বা বাঁহৰ দণ্ডৰে সামান্য হেঁচি সমান কৰি দিব লাগে৷

১১) এতিয়া পাতলকৈ পানী দিব লাগে৷ পাছত ভেটিডৰা খেৰ বা কলপাতেৰে বীজ নগজালৈকে ঢাকি ৰাখিব লাগে৷ পুলি গজি উঠাৰ পাছত ৰাতিপুৱা বা আবেলি এবাৰকৈ পাতলীয়া পানীৰ যোগান ধৰিব লাগে৷

১২) টান ৰ’দ বা বৰষুণৰ পৰা হাত সাৰিবলৈ চালিৰ ব্যৱস্হা কৰিব পাৰিলে ভাল হয় ৷ পুলিবিলাক দুই-তিনি পতীয়া হ’লে চালিৰে নাঢাকিলেও হয়৷

১৩) পুলিবিলাকৰ বয়স যেতিয়া ২৫-৩০ দিন হয়, তেতিয়া স্বাস্হ্যৱান নিপোটল পুলিবিলাক উভালি মূল পথাৰত ৰোপন কৰিব লাগে৷

১৪) পুলিবাৰীৰ পৰা পুলি উঘলাৰ প্ৰায় ৭ দিন মানৰ আগৰে পৰা পানী দিয়াৰ পৰিমাণ লাহে লাহে কমাই আনিব লাগে যাতে পুলিবিলাক কঠিন হয়৷ তেতিয়া পুলিবিলাক মুল পথাৰলৈ নিয়াৰ পিছত সহজতে নমৰে৷

১৫) পুলিবাৰীৰ পৰা পুলি উঠোৱাৰ আগতে ভেটিতো পানীৰে তিয়াই ল’ব লাগে যাতে পুলিবিলাক উভালি অনাত সুবিধা হয়৷

দ্বিতীয় পুলিবাৰী

যদিহে আপুনি কবি বিলাহী, বেঙেনা আদি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰে তেন্তে দ্বিতীয় পুলিবাৰী অতি আৱশ্যক৷ এনে ক্ষেত্ৰত প্ৰথম পুলিবাৰীৰ কাৰণে আগৰ দৰে ওখ ভেটি তৈয়াৰ কৰিব লাগে প্ৰথম পুলিবাৰীৰ পুলিবোৰ যেতিয়া দুপতীয়া বা চাৰিপতীয়া হয় তেতিয়া পুলিবিলাক সাৱধানে উঠায় লৈ দ্বিতীয় পুলিবাৰীত  ৫-১০ ছে: মি: (২ বা ৪ ইঞ্চি) ব্যৱধানত শাৰী-শাৰীকৈ ৰোপণ কৰিব লাগে৷ প্ৰথম দুদিনমানলৈ দ্বিতীয় ভেটিৰ ওপৰত ছাঁৰ ব্যৱস্হা কৰিব লাগে৷ যেতিয়া দ্বিতীয় পুলিবাৰীত আৰু দুটা পাত মেলিব তেতিয়াই মূল পথাৰলৈ নিবৰ বাবে উপযুক্ত হয়৷ এনে কৰিলে পুলিবোৰ মূল পথাৰত লেৰেলা নপৰে আৰু সহজে থন ধৰি উঠে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate