অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰন্ধনশাল কেন্দ্ৰিক পাচলিবাৰীৰ বাবে গ্ৰীষ্মকালীন পুষ্টিকৰ শাক-পাচলি

ৰন্ধনশাল কেন্দ্ৰিক পাচলিবাৰীৰ বাবে গ্ৰীষ্মকালীন পুষ্টিকৰ শাক-পাচলি

মানৱ শৰীৰৰ পুষ্টি বর্দ্ধনৰ বাবে স্বেতসাৰ, প্ৰটিন, ভিটামিন, খনিজ লৱন আদি পৌষ্টিক উপাদানসমূহৰ অতীৱ প্ৰয়োজন৷ এইবোৰৰ অভাৱ ঘটিলে শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে৷ বৰ্ত্তমান তৃতীয় বিশ্বৰ দেশসমূহত এনে ৰোগৰ প্ৰাদুর্ভাৱ বেছি৷ এই পুষ্টিজনিত ৰোগসমূহ প্ৰতিৰোধ কৰিবৰ বাবে দৈনন্দিন আহাৰত সমতুল্ পৰিমাণৰ পৌষ্টিক উপাদানেৰে সমৃদ্ধ খাদ্যসামগ্ৰী অন্তর্ভূক্ত কৰাতো বিশেষ ভাৱে প্ৰয়োজনীয়৷

শৰীৰৰ আৱশ্যকীয় এই পৌষ্টিক উপাদানবোৰ প্ৰধানকৈ প্ৰানীজ আৰু উদ্ভিজ এই দুই উৎসৰ পৰা আহৰণ কৰা হয়৷ মাছ, মাসং, কণী, গাখীৰ, আদি প্ৰাণীজ উৎসৰ পৰা খাদ্যসমূহৰ চৰা দামৰ বাবে সৰ্বসাধাৰণ লোকৰ সহজলভ্য নহয়৷ ইয়াৰোপৰি এনেবোৰ খাদ্য সহজে জীন নোযোৱাৰ বাবে প্ৰায় পাকস্হলীত অজীনতা আৰু অম্লতাৰ সৃষ্টি হোৱা দেখা যায়৷ অন্যহাতেদি উদ্ভিজ উৎসৰ পৰা পোৱা খাদ্যসমূহ সৰ্বসাধাৰণ সহজলভ্য  হোৱাৰ উপৰিও এইবোৰক মানৱশৰীৰে সহজে আত্মিকৰণ কৰিব পাৰে৷

আমাৰ দেশত খাদ্যশস্য হিচাপে ধান বা ঘেঁহুৰ খেতিকেই প্ৰাধান্য দি অহা হৈছে যদিও এই দুবিধ শষ্যৰ পৰা মুখ্যত: শক্তি উৎপাদন কৰি স্বেতসাৰ ভাগহে পোৱা যায়৷ কিন্তু শাক-পাচলিত স্বেতসাৰৰ উপৰিও প্ৰ’টিন, ভিটামিণ, স্নেহপদাৰ্থ, খনিজ লৱণ আদি উপাদানসমূহ যথেষ্ট পৰিমানে থাকে৷ গতিকে সুস্থ সবল স্বাস্হ্যৰ অধিকাৰী হ’বৰ বাবে এজন ব্যক্তিৰ প্ৰয়োজন হোৱা সুষম বা সমতুল্ আহাৰৰ প্ৰস্তুতিৰ সময়ত শাক-পাচলিৰ অন্তর্ভুক্তি অপৰিহাৰ্য্য, শাক-পাচলিয়ে পাকস্হলীত উৎপত্তি হোৱা অম্লতা প্ৰশনিত কৰাৰ উপৰিও ৰক্ষাংশৰ যোগান ধৰি পাচনক্ৰিয়া উন্নত কৰে৷ তদুপৰি শাক-পাচলিবোৰ মৃদুৰেচক গুণসমৃদ্ধ হোৱাৰ বাবে কৌষ্ঠকাঠিন্য দুৰ কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰে৷ বহুবিধ পাচলি ঔষধি গুণাগুণেৰেও পৰিপুষ্ট৷ সেয়েহে ইয়াক নিয়মিত ৰুপে দৈনিক আহাৰত গ্ৰহণ কৰিলে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা যায়৷

ৰন্ধনশাল কেন্দিক পাচলিবাৰীত গ্ৰীষ্মকালি কৰিব পৰা পুষ্টিকৰ শাক-পাচলিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি বিশেষকৈ ভেণ্ডি, বেঙেনা, লেচেৰামাহ, লাওজাতীয় পাচলি, মৰিচা, কচু, মিঠাআলু, কাঠআলু, ওলকচু আদিৰ কথাকেই উনুকিয়াব পাৰি৷

গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত লেচেৰামাহ আৰু উৰহী বিশেষকৈ প্ৰ’টিন ভাগত চহকী৷ সেইদৰে কচু, মিঠাআলু, ওলকচু, উৰহী আৰু লেচেৰা মাহৰ পৰা যথেষ্ঠ পৰিমাণে স্বেতসাৰ পাব পৰি ৷ ভিটামিন ‘এ’ পাব পৰা সহজ উৎস বোৰ হৈছে কচুথোৰ, মৰিছা, খুতৰা, হেলচি শাক, কলমৌশাক, ওলকচু, তিতা কেৰেলা, ভোল, পটল, ছজিনা আদি ৷ ছজিনা, মৰিছা আৰু তিতা কেৰেলাৰ পৰা প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায় ৷ সেইদৰে কেলচিয়াম মৌলৰ বাবে খুতৰা, মৰিছা, হেলচিশাক, কচুথোৰ আৰু কলমৌ শাক খোৱাটো একান্ত দৰকাৰ ৷ খুতৰা আৰু মৰিছা আয়ৰণ বা লৌহপদাৰ্থৰ এক নিৰ্ভৰযোগ্য উৎস৷

তালিকা নং ১ : গ্ৰীস্মকালীন পাচলিৰ অভাৱত হব পৰা সম্ভাৱ্য ৰোগ

পৌষ্টিক উপাদান

সম্ভাৱ্য ৰোগ

গ্ৰীষ্মকালীন পাচলিজাত
উৎস

১) প্ৰটিন

শিশুৰ বিলম্বিত মানসিক আৰু দৈহিক বন্ধন, মুখ আৰু ভৰিৰ নিম্নমাংশৰ স্ফীতি, চুলি আৰু ছালৰ বৰ্নহীনতা, মচুতৰ মেদবৃদ্ধি

লেচেৰামাহ, মিঠা আলু, কাঠআলু, কচু

২) ভিটামিন ‘এ’

কুকুৰীকণা হোৱা, উজ্জল পোহৰৰ প্ৰতি তিক্ষ্ন সংবেদনশীলতা, শ্বাসনলী সঘনে বীজানুৰ দ্বাৰা আক্ৰান্ত হোৱা

কচু থোৰ, মৰিছা, খুতৰা, হেলচিশাক, কলমৌ শাক, ওলকচু, তিতা কেৰেলা, ভোল, পটল, ছজিনা আদি ৷

৩) ভিটামিন ‘বি’ সংমিশ্ৰণ

(ক) থায়ামিন (বি ১)

(খ) ৰাইজ’ফ্লেভিন (বি ২)

(গ) নিকটিনিক এচিদ্

বেৰি বেৰি

আভোক

কোৱাৰি ফটা, মুখ গহ্বৰত ঘাঁ লগা, জিভাৰ সেন্দুৰীবৰণ, পেলপ্ৰা, হাত ভৰি আৰু মুখ মণ্ডলত ছালৰ পৰিবৰ্ত্তন

লেচেৰা মাহ, উৰহি

 

৪) ভিটামিন চি

 

সাৰ্ভি, দাঁতৰ আলুৰ ৰক্তক্ষৰণ, পানীলগা জ্বৰৰ দ্বাৰা ঘনাই আক্ৰান্ত হোৱা

ছজিনা, মৰিছা, তিতা কেৰেলো

৫) ভিটামিন ‘ডি’

ৰিকেট, দন্তৰোগ

খুতৰা, মৰিছা

৬) ভিটামিন ‘ই’

প্ৰজনন ক্ষমতা হ্ৰাস

খুতৰা, মৰিছা

৭) ভিটামিন ‘কে’

ৰক্তহীনতা, সহজে ভাগৰ লগা

খুতৰা, মৰিছা, হেলচি শাক, কচুথোৰ, কলমৌ

৮) আৱৰণ

ৰক্তহীনতা সঘনে ভাগৰ লগা

খুতৰা, মৰিছা, ছজিনা

৯) কেলচিয়াম

দাঁত আৰু হাড়ৰ গাঠনিক দুৰ্বলতা সঘনে গৰ্ভধাৰণ কৰা তিৰোতাৰ ‘অষ্টিও মেলেচিয়া’

খুতৰা, মৰিছা, হেলচি শাক, কচুথোৰ, কলমৌ

১০) ফচফৰাছ

হাড়ৰ গঠন ব্যাহত হোৱা

উৰহি, লেচেৰামাহ, কচু, হেলচিশাক, ছজিনা

এই আলেচেনাৰ পৰা দেখা যায় যে গ্ৰীষ্মকালি কৰিব পৰা নানা বিধ শাক-পাচলি মানৱ শৰীৰৰ পৌষ্টিক মৌলৰ যেগান ধৰি শৰীৰক ৰোগমুক্ত কৰিব পাৰে৷ গতিকে দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰিবলৈ গৃহপৰ্য্যায়ৰ পাচলিবাৰীত এইবিলাকৰ খেতি কৰাটো নিতান্তই দৰকাৰ৷ আমাৰ মাটি আৰু জলবায়ুত সহজতে হোৱা নানা বিধ শাক-পাচলিৰ পৌষ্টিক গুণাগুণ সৰ্ম্পকে ঘৰৰ গৃহিনী সকলে সচেতন হলে পৰিয়ালৰ সদস্যৰ স্বাস্হ্যৰক্ষাত যথেষ্ট অৰিহণা যোগাব পাৰে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate