অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শালি ধান :

শালি ধানৰ বিষয়ে লিখা হৈছে ।

 

শালি ধান অসমৰ প্ৰধান শস্য। যুগ যুগ ধৰি আমাৰ ৰাজ্যৰ কৃষকসকলৰ জীৱনত শালিধানৰ কৃষি পদ্ধতি সম্পৃক্ত হৈ আহিছে। ব্যৱহাৰিক অভিজ্ঞতাৰে পুষ্ট আমাৰ কৃষকসকলক এইক্ষেত্ৰত ক’বলগীয়া বিশেষ একো নাথাকে। তথাপি যিহেতু কৃষি পদ্ধতিৰ সৈতে সাম্প্ৰতিক সময়ত প্ৰযুক্তি-কৌশল নিবিড়ভাৱে জড়িত হৈ পৰিছে, সেয়ে এইক্ষেত্ৰত কৃষকসকলক আধুনিক পদ্ধতিত শালি ধানৰ খেতি সম্পৰ্কত অৱগত কৰোৱাটো আৱশ্যক বুলি বিবেচনা কৰা হৈছে।

মাটি -

শালি ধানৰ খেতি পলসুৱা, বালিঅঁহীয়া, পাতল আলতীয়া, ডাঠ আলতীয়া সকলো প্ৰকাৰৰ মাটিতেই কৰিব পাৰি। অৱশ্যে বালিঅঁহীয়া মাটিত পানী যোগানৰ ব্যৱস্থা থাকিব লাগিব। মুঠৰ ওপৰত পানী ধৰি ৰাখিব পৰা, ৰ’দ পৰা পথাৰসমূহ হৈছে ধান খেতিৰ বাবে উপযুক্ত।

বীজ নিৰ্বাচন:

বীজখিনি পানীত তিয়াই তলত জমা হোৱা গধুৰ বীজখিনি কঠীয়াৰ বাবে ল’ব লাগে।

বীজ শোধন -

বাছি লোৱা বীজখিনি এটা পাত্ৰত মেনক’জেব, কেপটাফ বা কাৰবেনডাজিম ২.৫ গ্ৰাম ঔষধ * ১ কিলোগ্ৰাম বীজ- অনুপাতত এটা পাত্ৰত ২৪ ঘন্টা ডুবাই ৰখাৰ পিছত উঠাই ২৪ ঘন্টা গাপ দি গজালি মেলিবলৈ দিব লাগে।

বীজৰ পৰিমাণ:

প্ৰতি বিঘা মাটিৰ বাবে ৫-৬ কিলোগ্ৰাম।

কঠীয়াতলী প্ৰস্তুত -

মাটিডৰা হাল বাই বোকা কৰি মৈয়াই সমান কৰি লৈ ১০ব মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহলৰ একোখন কঠীয়াতলী প্ৰস্তুত কৰি ল’ব লাগে। কঠীয়াতলীবোৰৰ মাজত ব্যৱধান ৩০ ছেন্টিমিটাৰ ৰখা উচিত। প্ৰতিখন কঠীয়াতলীত ২০-৩০ কিলোগ্ৰাম গোবৰ বা পচন সাৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম ছুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰেট অব প’টাছ সাৰ প্ৰয়োগ কৰিব লাগে। এবিঘা মাটি ৰোৱাৰ বাবে এনেকুৱা ৭-৮ খন কঠীয়াতলীৰ প্ৰয়োজন হয়। অৰ্দ্ধচাপৰ কমদিনীয়া জাতৰ ক্ষেত্ৰত কঁঠীয়াৰ বয়স ৩৫-৪০ দিন হ’লে পথাৰত ৰুব লাগে আনহাতে, কঠীয়া উঠোৱাৰ ৭ দিন আগেয়ে ৩০ গ্ৰাম ফুৰাডন বা ২০ গ্ৰাম থিমেট প্ৰতিখন বীজতলীত প্ৰয়োগ কৰা উচিত।

ৰোৱাতলী প্ৰস্তুতকৰণ -

পথাৰখন ৩-৪ বাৰ হাল বাই বোকা কৰি মৈয়াই সমান কৰি বিঘাই প্ৰতি ১৫ কুইন্টল পচন সাৰ বা গোবৰ, ইউৰিয়া সাৰ ৪ কিলোগ্ৰাম, ১৭ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ৪ কিলোগ্ৰাম মিউৰেট অব প’টাছ সাৰ বোকা কৰা সময়তে প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ বাকী ৮ কিলোগ্ৰাম পিছত টপ ডেছিং কৰিব লাগে।

কঠীয়া শোধন:

ৰোৱাৰ আগেয়ে কঠীয়াবোৰ মজাখোৱা, গ’লমিজ, সোহাণী পোকৰ পৰা ৰক্ষা পাবলৈ কঠীয়াৰ শিপা অংশ ভালদৰে ধুই-পখালি ঔষধ পানী মিশ্ৰণত তিনি ঘন্টা ডুবাই ৰাখিব লাগে। ঔষধ- ক্ল’ৰ’পাইৰিফাচ ২০ ই চি ২ মিঃলিঃ*১০ গ্ৰাম ইউৰিয়া*১ লিঃ পানী এই অনুপাতত।

কঠীয়া ৰোপণ -

প্ৰতিটো গাঁতত ২-৩ ডালকৈ কঠীয়া ৰুব লাগে। অৰ্দ্ধচাপৰ কমদিনীয়া জাতৰ বাবে ২০*১৫ ছেন্টিমিটাৰ ব্যৱধানত(প্ৰতি বৰ্গমিটাৰত ৩৩ টা গছা) আৰু স্থানীয় ওখ জাতৰ বাবে ২০*২০ ছেন্টিমিটাৰ ব্যৱধানত(প্ৰতি বৰ্গমিটাৰত ২৫ গছা) গছাবোৰ ৰোৱা প্ৰয়োজন। লগতে ৪-৫ ছেন্টিমিটাৰ দ’ত কঠীয়াবোৰ ৰুব লাগে।

জলসিঞ্চন:

অধিক উৎপাদনৰ বাবে ৰোৱাৰ ২-৩ দিনৰ পিছৰপৰা শস্য পূৰঠ হোৱা সময়লৈ পথাৰত ৭ ছেন্টিমিটাৰ উচ্চতাৰ পানী ৰাখিবৰ বাবে প্ৰয়োজন অনুসৰি জলসিঞ্চন কৰিব লাগে।

নিৰণি:

ৰোৱাৰ ২০-২৫ দিনত এবাৰ আৰু ৪০-৫০ দিনত এবাৰ বন-বাত নিৰাই দিব লাগে। লগতে ইউৰিয়া সাৰৰ ৪ কিলোগ্ৰামকৈ দুবাৰ মুঠ ৮ কিলোগ্ৰাম নিৰণিৰ সময়ত টপ ডেছিং কৰিব লাগে।

অধিক উৎপাদনক্ষম উন্নত জাতসমূহ -

 

 

জাত

কৃষি কাল(দিন)

সিঁচা সময়

ক)নিয়মীয়া শালি

আই আৰ-৩৬

১১০-১২৫

জুলাই

জয়া

১২৫-১৩০

জুলাই

পংকজ

১৪৫-১৫০

জুলাই

পিয়লি

১৫০-১৫৫

জুন

লখিমী

১৪০-১৫০

জুলাই

বাহাদুৰ

১৫০-১৫৫

জুন

কুশল

১৫০-১৫৫

জুন

ৰঞ্জিত

১৫০-১৫৫

জুন

মণিৰাম

১৫০-১৫৫

জুন

মাচুৰী

১৪৫-১৫০

জুন

অভিষেক

১১৫-১২০

জুন-জুলাই

নবীন

১২০-১২৫

জুন-জুলাই

সত্য

১৩০-১৩৫

জুন

বসুন্ধৰা

১৩০-১৩৫

জুন

খ)বৰাধান

ৰঙালী

১৬০-১৬৫

জুন

ভোগালী

১৫৫-১৬০

জুন

গ)জহা ধান

কেতেকী জহা

১৫৫-১৬৫

জুন

ঘ)বানপানীৰ পিছত

মনোহৰ শালি

 

জুলাই-আগষ্ট

এন্দ্ৰিউ শালি

 

জুলাই-আগষ্ট

প্ৰসাদ ভোগ

 

জুলাই-আগষ্ট

ঙ)ছটিয়াই কৰিব পৰা

লুইত

৯০-৯৫

জুলাই-আগষ্ট

কপিলী

৯০-৯৫

জুলাই-আগষ্ট

দিচাং

৯০-৯৫

জুলাই-আগষ্ট

 

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top