মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / শীতকালীন শাক-পাচলিত পানী যোগান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালীন শাক-পাচলিত পানী যোগান

শীতকালীন শাক-পাচলিত পানী যোগানৰ বিষয়ে লিখা হৈছে ।

 

শীতকালীন শাক-পাচলি সাধাৰণতে শীতকাল অৰ্থাৎ খৰালি কালত খেতি কৰা হয় । এই খেতি কৰাৰ সময় আহিন-কাতি মাহৰ পৰা ফাগুন-চ’ত মাহৰ মাজ ভাগলৈ । এই সময়ছোৱাত অৰ্থাৎ সাধাৰণতে আঘোণ মাহৰ পৰা বৰষুণৰ অভাৱত এই শীতকালীন শাক-পাচলিবোৰ যেনে লাই, লফা, পালেং, ধনিয়া, বিভিন্ন কবি, বিলাহী, বেঙেনা, জলকীয়া, কেপচিকাম, মূলা, গাজৰ আদি শস্যত বেলেগ পানী দিয়াৰ প্ৰয়োজন হয় । শাক-পাচলিৰ ভিতৰত পাত জাতীয় শাক-পাচলি যেনে লাই, লফা, পালেং, ধনিয়া, গাজৰ আৰু বীন জাতীয় শস্য যেনে ফ্ৰেন্সবীন,উৰহী, আদি শস্যত পানী দিয়াৰ ব্যৱস্থা সাধাৰণতে কমকৈ কৰা নহয় । মাটিত পানীৰ জীপ থাকিবৰ বাবে শস্যৰ বীজ সিঁচাৰ আগতে অৰ্থাৎ শেহৰ বাৰ হাল বা কোৰ মৰাৰ সময়ত যথেষ্ট পৰিমানে পচনসাৰ বা পচা গোবৰ মিহলাই ল’ব লাগে । এই সৰহ পৰিমাণে গোবৰ বা পচনসাৰে মাটিত বহুত দিনলৈ মাটিৰ জীপ ধৰি ৰাখে যাৰ ফলত গছে মাটিৰ পৰা সহজে খাদ্য বা ৰস গ্ৰণ কৰিব পাৰে। ঘৰুৱা বাৰীত খেতি কৰাসকলে গোবৰ বা কেঁচুসাৰ ব্যৱহাৰ কৰি সুফল পাব পাৰে । কেঁচুসাৰত গছৰ প্ৰয়োজনীয় খাদ্যবোৰ গোবৰতকৈ বেছি পৰিমাণে থাকে আৰু মাটিডোখৰ বহুত দিনলৈ জীপ ধৰি ৰাখে । শস্য ডাঙৰ হোৱাৰ লগে লগে গছৰ গুৰিত গোবৰ বা কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰে । কবিজাতীয় শস্যত যেনে ওলকবি, ফুলকবি, বন্ধাকবি, ব্ৰুকলী, বেঙেনা, বিলাহী, জলকীয়া, কেপচিকাম আদি শস্যত খেতি পথাৰত শস্য ৰোপণ কৰাৰ আগতে প্ৰতিটো ফালত সৰহকৈ পচা গোবৰ প্ৰয়োগ কৰি ল’ব লাগে নাইবা পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ সময়ত সৰহকৈ পচা গোবৰ বা পচনসাৰ প্ৰয়োগ কৰি মিহলাই ল’ব লাগে । পাছত পুলি ৰোৱাৰ এমাহৰ পাছত গছৰ গুৰিত মাটি চপাই দিবৰ সময়ত আকৌ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে । তেনে কৰিলে গোবৰে মাটিত জীপ ৰখাত বৰ সহায় কৰে । ব্যৱসায়িক ভিত্তিত কৰা কবি খেতি বিলাকত মাহেকত এবাৰ পানী যোগানৰ ব্যৱস্থা কৰিব লাগে । এই ক্ষেত্ৰত পথাৰখন সমভাৱে পানীৰে বুৰাই দিব লাগে । নতুবা পুলি ৰোপণ কৰাৰ এমাহৰ পাছত পুলিৰ গুৰিত বন-বাত নিৰাই মাটি চপাই দিব লাগে । গছৰ দুটা শাৰীৰ মাজৰ লোৰবিলাক পানীৰে বুৰাই দিব লাগে । বিলাহী, বেঙেনা, জলকীয়া আদি শস্যত পুলি ৰোপণ কৰা এমাহ বা ডেৰমাহৰ পাছত এবাৰ পথাৰখন পানীৰে ভৰাই দিব লাগে । বিলাহী গছ ডাংৰ হৈ অহাৰ পাছত গছত কলি পেলোৱাৰ পাছৰ পৰা পথাৰত পানী যোগান ধৰিবৰ সময়ত সাৱধান হ’ব লাগে যতে বিলাহী গছৰ পাতবোৰ পানীৰ সংস্পৰ্শলৈ নাহে । নহ’লে পুহ-মাঘ মাহত পাতবোৰত লেট ব্লাইট বেমাৰ হোৱাৰ সম্ভাৱনা থাকে । আলু শস্যত পানী যোগান দুটা শাৰীৰ মাজৰ লোৰত প্ৰয়োগ কৰিব লাগে আৰু সাৱধান হ’ব লাগে যাতে বিলাহীৰ দৰে আলু শস্যৰ পাতবোৰত পানী নপৰে যাতে লেট ব্লাইট বেমাৰ হোৱাৰ সম্ভাৱনা নেথাকে । ঘৰুৱা বাৰীত কৰা শাক-পাচলিৰ ক্ষেত্ৰত শাক-পাচলিৰ বাৰীত নিয়মিত পানী যোগান ধৰিব লাগে, বিশেষকৈ পুলি ৰোৱাৰ এমাহৰ ভিতৰত । এমাহ মানৰ পাছৰ পৰা শস্যলৈ এদিন, দুদিন বা তিনি দিনৰ অন্তৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে । পানী দিয়াৰ সময় নিৰ্ভৰ কৰিব মাটিৰ আৰ্দ্ৰতা বা জীপৰ ওপৰত । বন্ধাকবিত প্ৰতিদিনে পানী দিব পাৰিলে ভাল । ওল কবিত এটা নিৰ্দিষ্ট দিনৰ ব্যৱধান দুদিনৰ বা তিনিদিনৰ ব্যৱধানত পানী প্ৰয়োগ কৰিব লাগে । গাজৰ, পালেং আদি শস্যত ২/৩ দিনৰ ব্যৱধানত পানী দিব লাগে । ওল কবিত পানী যোগানৰ হেৰ-ফেৰ হ’লে কবি ফাটি যায় । অৱশ্যে কবি ফাটি যোৱাৰ অন্য এটা কাৰণ হৈছে ব’ৰণ সাৰৰ অভাৱ, যাৰ বাবে বিঘাই প্ৰতি এক কিল’গ্ৰাম বৰাক্স সাৰ প্ৰয়োগ কৰিব লাগে । ব্যৱসায়িক ভিত্তিত কৰা বেঙেনা, জলকীয়া, আলু আদি শস্যত এবাৰ পানী যোগান ধৰাৰ পাছত দুটা শাৰীৰ মাজত ধানৰ নৰা, খেৰ, শুকান পাত, মেটেকা আদি জাপি দিব লাগে যাতে মাটিৰ জীপ ৰখাত সহায় হয় । বিলাহী, বেঙেনা শস্যত কৃষকে অলপ টকা খৰচ কৰিলে ক’লা পলিথিন কাপোৰ মাটিৰ আবৰণ বা মালচিং হিচাপে ব্যৱহাৰ কৰিলে মাটিৰ জীপ সম্পূৰ্ণভাৱে ৰাখিব পাৰি । পাছত শস্য চপোৱাৰ পাছত অৰ্থাৎ গছ মৰি যোৱাৰ পাছত সেই পলিথিন কাপোৰ উঠাই আকৌ পাছত কৰা ভেণ্ডি শস্যত ব্যৱহাৰ কৰিলে, বাৰিষা গৰম দিন সম্পূৰ্ণভাৱে বন-বাত নিৰ্মূল কৰিব পাৰি । ধানৰ নৰা বা ক’লা পলিথিন কাপোৰে জলকীয়া, বেঙেনা শস্যত বহুত উপকাৰ সাধে । পানী যোগানৰ ব্যৱস্থা থাকিলে বেঙেনা, জলকীয়া শস্যত মাহত এবাৰ পানী যোগান ধৰিব পাৰিলেও বহুত উৎপাদন পাব পাৰি । আলু শস্যত আৰু সৰিয়হ খেতিত জলসিঞ্চনৰ নিয়মিত ব্যৱস্থা (শস্যকাল ছোৱাত দুই বা তিনিবাৰ) কৰিলে দুগুণ উৎপাদন পাব পাৰি ।

লেখক :- ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস :- দৈনিক জনমভূমি

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top