মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / শুঁৰপোকৰ আক্ৰমণ প্ৰতিৰোধৰ দিহা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুঁৰপোকৰ আক্ৰমণ প্ৰতিৰোধৰ দিহা:

শুঁৰপোকৰ আক্ৰমণ প্ৰতিৰোধৰ দিহা লিখা হৈছে

 

ধানখেতিৰ বাবে বিভিন্ন পখিলাজাতীয় পোকৰ পলুৱেই ঘাই শত্ৰু। ইয়াৰে কিছুমান অধিক ক্ষতিকাৰক আৰু কিছুমান নামমাত্ৰ ক্ষতিকাৰক। জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ সৰ্বজনবিদিত। নিয়মীয়াকৈ বৰষুণ আহিলেও, আগৰ দৰে এতিয়া ধান খেতিত মজাখোৱা পোক বা চৰহা পোকৰ সলনি চেলেকা পোকৰ উপদ্ৰৱহে বাঢ়িছে। ইফালে, যেতিয়া অনিয়মীয়া বৰষুণৰ বাবে ধাননি পথাৰত চিৰাল ফাঁট দিয়ে তেতিয়া শুঁৰপোকৰ উপদ্ৰৱ যথেষ্ট বৃদ্ধি পায় আৰু মহামাৰীৰ ৰূপ লয়। দুৰ্ভাগ্যৰ কথা যে যোৱা বছৰৰ দৰে এই বছৰো অসমৰ বিভিন্ন জিলাত শুঁৰপোকৰ তাণ্ডৱ চলিছে।

এই সংক্ৰান্তত আমি উজনি অসমৰ কেইবাখনো গাঁও ঘূৰি প্ৰত্যক্ষ কৰিছিলো Spodoptera litura আৰু Spodoptera  mauritia নামৰ দুই প্ৰজাতিৰ শুঁৰপোকৰ উপদ্ৰৱৰ ঘটনা।  Spodoptera lituraৰ বাবে বন্ধাকবি, ভেন্দি, এৰী, ধঁপাত আদি প্ৰিয় খাদ্য; লগতে পৰিস্থিতি সাপেক্ষে ইহঁতে বহল পাতৰ যিকোনো উদ্ভিদক আক্ৰমণ কৰিবলৈ সক্ষম। আমাৰ পৰ্যবেক্ষণ কালত এই পোকে পানী মেটেকা, ভাত মেটেকা আৰু কচু আদিত আক্ৰমণ কৰাও দেখা পাইছিলোঁ। আনফালে, Spodoptera  mauritiaৰ পলুৱে ধাননিৰ উপৰি মূৰ ফুলাকে ধৰি নানান ঘাঁহজাতীয় অপতৃণত আক্ৰমণ কৰিব পাৰে।

 

এই শুঁৰপোকবোৰ আহে ক’ৰ পৰা?

 

আমি যদি যোৱা বছৰৰ বতৰটো পৰ্যালোচনা কৰো দেখা পাওঁ-

আৰম্ভণিতেই বানপানী, তাৰ পিছত কঠীয়া ৰোৱাৰ কেইবা সপ্তাহলৈ বৰষুণ নহাৰ বাবে পথাৰত চিৰাল ফাট দিছিল আৰু ভালেমান দিনৰ অন্তত আগমন ঘটা বৰষুণতহে পথাৰবোৰ পানীৰে ভৰি পৰিছিল। ইয়াৰ পিছত ধাননি পথাৰৰ যিফালেই চকু যায়, সেইফালেই দেখা গৈছিল অসংখ্য পোক। এই শুঁৰপোক প্ৰত্যক্ষ কৰাৰ লগে লগে কৃষিপ্ৰধান ৰাজ্য অসমৰ চতুৰ্দিশে হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰিছিল। থোপাথোপে এই শুঁৰপোকবোৰ ক’ৰপৰা আহিল? এই প্ৰশ্নৰ উত্তৰ বিচাৰি যিদৰে উপান্ত কৃষকসকল দুখত ভাগি পৰিছিল, সেইদৰে অন্যান্য সচেতন জনসাধাৰণ কৌতুহলী হৈ পৰিছিল।

প্ৰকৃততে জলবায়ু পৰিৱৰ্তনৰ লগতে কৃষি পদ্ধতিৰ পৰিৱৰ্তনেই এই পোকৰ শ্ৰীবৃদ্ধিৰ ঘাই কাৰণ। আগৰ কৃষকসকলে ধান খেতিৰ বাবে মাটিডৰা চ’ত-বহাগ মাহমানৰপাই চহাই-মৈয়াই সাজু কৰিছিল। দকৈ চহাই পৰভোজী চৰাইৰ দ্বাৰা মাটিত থিতাপি লৈ থকা পোকৰ লেটাবোৰ ভক্ষণ কৰাই আগতীয়াকৈ পতংগ নিয়ন্ত্ৰণ কৰিছিল। তাৰ পিছত মাটি গেলোৱা, আলি দিয়া, আলিত বোকা লেপা আদি বিভিন্ন কৃষিকৰ্মৰে পথাৰখন কঠীয়া ৰোৱাৰ বাবে সাজু কৰাৰ সমান্তৰালকৈ বন-বাতবোৰো নিৰাই গৈছিল। পথাৰৰ বন-বাতবোৰেই বহুত অপকাৰী কীট-পতংগক ধাননিৰ বিকল্প খাদ্য যোগান ধৰি গোটেই বছৰজুৰি লালন-পালন কৰিছিল। তাৰ পিছত নিয়মীয়াকৈ অহা বৰষুণজাকে পোক-পতংগৰ কণীয়েই হওক বা পলু, লেটা বা পুৰঠ-পতংগই হওক সকলো কিছু পৰিমাণে হ’লেও ধুই নিয়ন্ত্ৰণ কৰিছিল।

কিন্তু ইয়াৰ বিপৰীতে আজি আমি পথাৰখন খৰখেদাকৈ ট্ৰেক্টৰ-পাৱাৰ টিলাৰৰ দ্বাৰা সাজু কৰোঁ। ফলত পথাৰৰ বন-বাতবোৰ সম্পূৰ্ণকৈ নষ্ট হ’বলৈ নাপায়। ধান খেতি কৰিবলৈ আমি সাজু হোৱাৰ সমান্তৰালকৈ অপকাৰী কীট-পতংগৰ নিষ্ক্ৰিয় স্তৰবোৰৰপৰা পুৰঠ-পতংগ ওলাই পথাৰৰ ধান নষ্ট কৰিবলৈও আমাৰ সমানেই সাজু হয়।

শুঁৰপোকৰ এজনী চকৰীয়ে এবাৰত প্ৰায় তিনিশকৈ কণী পাৰিব পাৰে আৰু গোটেই জীৱনত প্ৰায় দুহেজাৰ কণী প্ৰসৱ কৰিব পাৰে। বৰষুণৰ অভাৱত এফালে ধাননি প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱাৰ উপৰি উষ্ণতা বৃদ্ধি পোৱাত কীট-পতংগৰ জীৱনচক্ৰ খৰতকীয়া হয়। বৰষুণে প্ৰাকৃতিকভাৱে বহুত কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰে। কিন্তু অনিয়মীয়া বৰষুণে পোক-পতংগক নিৰ্বিঘ্নে বৃদ্ধি হোৱাত সহায় কৰে।

আমি প্ৰকৃততে কৃষি যান্ত্ৰিকীকৰণৰ তালে তালে, খেতিডৰা মূল পথাৰত সুৰক্ষা দিবলৈ আগতীয়াকৈ ব্যৱস্থাপনা গ্ৰহণ কৰা নিতান্তই প্ৰয়োজনীয়।

 

শুঁৰপোকবোৰ যদি নিশাচৰ, দিনত দেখিছিলো কিয়?

 

স্বাভাৱিক পৰিস্থিতিত এই পোকৰ পলুৰ প্ৰাৰম্ভিক স্তৰকেইটাই কৃষকৰ অলক্ষিতে উদ্ভিদক নিশাহে অত্যাচাৰ কৰে। সেয়ে প্ৰথমাস্থাত কৃষকে ইয়াৰ উপদ্ৰৱৰ বিষয়ে গমেই নাপায়। কিন্তু যেতিয়া প্ৰবল বৰষুণৰ কাৰণে পথাৰ পানীত বুৰ যায়, তেতিয়া ধানৰ গোছাৰ তলত লুকাই থকা পোকবোৰে আশ্ৰয় বিচাৰি ওপৰলৈ ওলাই আহে, তেতিয়া আমি দিনতে পোকবোৰ দেখা পাওঁ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ আগতীয়া অনুমোদন কি?

অসম কৃষি বিশ্ববিদ্যালয়ে মূল পথাৰত ভূঁই ৰোৱাৰ আগেয়ে ধান খেতিৰ পতংগ নিয়ন্ত্ৰ্ণৰ বাবে যি ব্যৱস্থাপনা আগবঢ়াইছে সেয়া হ’ল- ধাননি পথাৰত ভূঁই ৰোৱাৰ প্ৰথম মাহত পোক-পতংগৰপৰা সুৰক্ষা দিবলৈ কঠীয়া উঠোৱাৰ পিছত শিপা শোধন কৰিব লাগে।

ইয়াৰ বাবে প্ৰতিলিটাৰ পানীত ১ মিলি লিটাৰ ক্ল’ৰপাইৰিফচ ২০ ই চি কীটনাশক আৰু ১০ গ্ৰাম ইউৰীয়া সাৰ মিহলাই উভালি অনা কঠীয়াৰ শিপা তিনি ঘন্টাৰ বাবে উক্ত মিশ্ৰণত ডুবাই ৰাখিব লাগে। নহ’লে কঠীয়া উঠোৱাৰ এসপ্তাহ আগেয়ে ৩ গ্ৰাম কাৰ্বফুৰান প্ৰতি বৰ্গমিটাৰ কঠীয়াতলিত প্ৰয়োগ কৰিব লাগে। তদুপৰি কঠীয়াৰ আগ কাটিহে মূল পথাৰত ৰোপণ কৰা প্ৰয়োজন।

 

পতংগ প্ৰতিৰোধৰ পূৰ্ব প্ৰস্তুতি কিবা আছেনে?

 

  • শস্য চপোৱাৰ পিছত চ’ত-ব’হাগ মাহত মাটিডৰা দকৈ চহাই মাটিৰ অলত আশ্ৰয় লৈ থকা বিভিন্ন কীট-পতংগৰ লেটাকে ধৰি অন্যান্য নিষ্ক্ৰিয় স্তৰবোৰক পৰভোজী চৰাইৰদ্বাৰা ভক্ষণৰ বাবে উন্মুক্ত কৰি দিব লাগে। এইধৰণৰ গ্ৰীষ্মকালীন কৰ্ষণৰ দ্বাৰা মাটিত থিতাপি লৈ থকা বিভিন্ন কীট-পতংগৰ উপৰি শস্য ৰোগ সৃষ্টিকাৰী বীজানুৰ আক্ৰমণৰপৰা পথাৰখন কিছু পৰিমাণে মুক্ত কৰিব পাৰে।
  • শস্যৰ পথাৰত গজা বন-বাতবোৰ নিৰাই চাফা কৰিব লাগে। শস্যৰ পথাৰৰ মাজত আলিবোৰ যথাসম্ভৱ সৰু কৰি বোকাৰে লেপি দিব লাগে আৰু ইয়াত গজা অপতৃণত আশ্ৰয় লোৱা কীট-পতংগৰ বিৰুদ্ধে কীটনাশক প্ৰয়োগ কৰিব লাগে।
  • কঠীয়াৰ আগ কাটি দিব লাগে। ইয়াত পাৰি থোৱা পতংগৰ ডিম্ব নাশ কৰাৰ ই হৈছে উত্তম কৌশল। ধান ৰোৱাৰ পিছত কৃষকসকলে অন্ততঃ এসপ্তাহৰ অন্তৰালত খেতিডৰা ওপৰৰপৰা তললৈ নিৰীক্ষণ কৰা উচিত। ইয়াৰ দ্বাৰা পোক-পতংগৰ আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি খেতিৰ প্ৰকৃত লাভ বৃদ্ধি কৰিব পাৰি।
  • নিশা জুই জ্বলাই বা আকাশ বাতি ইজ্বলাই নিশাচৰ চকৰীবোৰক আকৰ্ষণ কৰিব পাৰি। ফেৰমন ফান্দ ব্যৱহাৰ কৰিও শুঁৰপোকৰ অৱস্থিতিৰ বিষয়ে আগতীয়াকৈ অৱগত হ’ব পাৰি। ফান্দৰ পৰা চকৰীৰ ওপৰত ভিত্তি কৰি নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সহজ হয়। অৰ্থনৈতিকভাৱে ক্ষতিকাৰী সীমা অতিক্ৰম কৰাৰ পিছত পতংগ-নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিলেও কৃষকজন আৰ্থিকভাৱে লাভাম্বিত নহ’ব।
  • মূল পথাৰত ধান ৰোপণৰ পিছত কেইবাদিনলৈ বৰষুণ নিদিয়াকৈ থাকিলে আৰু পথাৰৰ মাজত চিৰাল ফাট দেখা দিলে, এই পোকৰ উপদ্ৰৱৰ হোৱাটো খাতাং। শুঁৰপোকৰ পলুবোৰ দিনৰ ভাগত মাটিৰ তলত থাকি কৃষকৰ অলক্ষিতে নিশাৰ ভাগত ধাননিডৰাত আক্ৰমণ কৰে আৰু বৰষুণ দিয়াৰ পিছত ধানগছৰ তলত আশ্ৰয়ৰ জেগা নাপাই গছৰ ওপৰলৈ উঠি আহে।

লমালমে এই পোকবোৰ ধাননিত আকস্মিকভাৱে দেখিলে এনে লাগে যেন কোনোবাই ওপৰৰপৰা এই পোকবোৰ চটিয়াইহে থৈছে। সেয়েহে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৃষকসকলে কঠীয়া ৰোপণৰ আগত শিপা শোধন কৰা জৰুৰী আৰু প্ৰয়োজন সাপেক্ষে, ধান ৰোপণৰ পিছতেই ৰাসায়নিক কীটনাশক দ্ৰব্য উচিত মাত্ৰাত চটিওৱা প্ৰয়োজন।

  • ধান খেতিত বহুত পানীৰ প্ৰয়োজন। ধান ৰোৱাৰপৰা মণি ধৰালৈ পথাৰত পৰ্যাপ্ত মাত্ৰাত পানী থাকিলে শুঁৰপোকে আক্ৰমণ কৰিবলৈ সুবিধা নাপায়। কিন্তু বৰষুণৰ অভাৱত পথাৰখন চিৰাল ফাট দিলে, মণিধৰাৰ পিছতো Mythimna separate নামৰ আন এবিধ পখিলাজাতীয় পোকে গোটেই পথাৰ তহিলং কৰাৰ লগতে ধানৰ থোকবোৰৰ গুৰিতে কাটি দিয়ে।

এই প্ৰজাতিৰ পোকৰপৰা হাত সাৰিবলৈ ধানৰ মণি ধৰাৰ সময়ত উপযুক্ত ৰাসায়নিক কীটনাশক ধানৰ গুচা তিতি যোৱাকৈ স্প্ৰে মেচিনৰ মুখাগ্ৰভাগ(নজল) সুমুৱাই বিয়লি বেলা প্ৰয়োগ কৰিব লাগে। ২০১৪ চনত এই পোকৰ প্ৰাদুৰ্ভাৱ উজনি অসমত দেখা গৈছিল।

 

পোক দেখা পিছত ল’ব লগা ব্যৱস্থাপনা:

 

  • তিনিটাকৈ বাঁহৰ জেং প্ৰতি বিঘা মাটিত স্থাপন কৰিব লাগে। ই পৰভোজী চৰাইক জিৰণি ল’বলৈ সুবিধা দিব আৰু অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণত জৈৱ নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰিব।
  • কেৰাচিন তেল আৰু পানীৰ মিশ্ৰণত নাৰিকলৰ ৰছী ডুবাই আক্ৰান্ত ধাননিৰ ওপৰেদি চোচৰাই নিব লাগে।
  • যদি নিমতেল উপলব্ধ হয়, তেন্তে শুঁৰপোকে আক্ৰমণ নকৰা পথাৰত প্ৰয়োগ কৰিলে পোক বিকৰ্ষিত হ’ব। তদুপৰি পতংগনাশক ভেঁকুৰ(বিউভেৰিয়া বেচিয়ানা আৰু নিমুৰিয়া ৰিলাই) আৰু পতংগনাশক ভাইৰাছ(এন পি ভি) যদি সহজলভ্য হয়, তেন্তে প্ৰয়োগ কৰি সুফল পাব। জৈৱিক কৃষিৰ কৃষকে এইবোৰ ব্যৱহাৰ কৰিব পাৰিব।

ধানডৰা যেনেতেনে ৰক্ষা কৰিবলৈ কি কৃত্ৰিম কীটনাশক ব্যৱহাৰ কৰিম?

 

শুঁৰপোকে মহামাৰীৰ ৰূপ লোৱা অৱস্থাত কৃত্ৰিম ৰাসায়নিকৰ গত্যন্তৰ নাই। অৱশ্যে, এটা কথা ঠিক যে ধান চপোৱাৰ পিছত মিলত বানি চাউল উৎপাদনৰ এই সুদীৰ্ঘ সময়ছোৱাত পথাৰত প্ৰয়োগ হোৱা কৃত্ৰিম ৰাসায়নিকৰ মানৱ স্বাস্থ্যবিৰোধী গুণবহু পৰিমাণে হ্ৰাস পায়।

  • পতংগনাশক প্ৰয়োগ কৰিলে এই পোকে জাক পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে। সেয়েহে পথাৰৰ মাজত কীটনাশক চটিওৱাৰ আগেয়ে পথাৰৰ চৌপাশে পাউদাৰ জাতীয় কীটনাশক(মালাথিয়ন ৫ শতাংশ/ কুইনলফচ ১.৫ শতাংশ/ ক্ল’ৰপাইৰিফচ ১ শতাংশ) ৩-৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে।
  • পথাৰৰ চৌপাশে কীটনাশক প্ৰয়োগ কৰাৰ পিছত, কুইনলফচ ২৫ ই চি/ ক্ল’ৰপাইৰিফচ ২০ ই চি/ মনক্ৰট’ফচ ৩৬ এছ এল- এইকেইটা কীটনাশকৰ যিকোনো এটা ধাননিৰ মাজত প্ৰয়োগ কৰা উচিত। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত।

উপসংহাৰ:

ধান ৰোৱাৰ পিছত কৃষকসকলে পথাৰখন মাজে মাজে গৈ পৰিদৰ্শন কৰিব লাগে। যিহেতু শুঁৰপোকবোৰ দিনৰ ভাগত ধাননিৰ গুৰিত লুকাই থাকে, সেয়েহে বৰষুণ কেইবাদিনলৈ নাহিলেই কৃষকে ধাননিৰ গুছাবোৰৰ তলত শুঁৰপোকৰ পলু বা লেটা আছে নেকি সেয়া পৰীক্ষা কৰা উচিত।

এই পোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ লগে লগে কৃষকসকলে সমূহীয়াকৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াৰ আক্ৰমণ অকলে প্ৰতিৰোধ কৰা অসম্ভৱ। তদুপৰি, ‘আনৰ পথাৰত শুঁৰপোকে আক্ৰমণ কৰিছে, কিন্তু মোৰ পথাৰত কৰা নাই’ বুলি হাত সাৱটি বহি থাকিলে নিজৰেই লোকচান হ’ব।

উৎস: দৈনিক অসম(ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড° দিলিপ কুমাৰ শইকীয়া)

 

 

2.87878787879
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top