মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / সংৰক্ষণ কৃষি পদ্ধতিৰ দ্বাৰা যান্ত্রিক কৃষিৰ আসোঁৱাহসমূহ দূৰীকৰণ সম্ভৱ হ’ব পাৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংৰক্ষণ কৃষি পদ্ধতিৰ দ্বাৰা যান্ত্রিক কৃষিৰ আসোঁৱাহসমূহ দূৰীকৰণ সম্ভৱ হ’ব পাৰে

সংৰক্ষণ কৃষি বুলি ক’লে নূন্যতম চহ কিম্বা বিনা চহ অথবা চহ দিয়াৰ প্রবণতাক উল্লেখযোগ্যভাবে

সংৰক্ষণ কৃষি বুলি ক’লে নূন্যতম চহ কিম্বা বিনা চহ অথবা চহ দিয়াৰ প্রবণতাক উল্লেখযোগ্যভাবে কমাই আগতে কৰা শস্যৰ অৱশিষ্টভাগ স্থলতে ৰাখি পাছৰ শস্যৰ খেতি কৰাৰ এক অভিনৱ পদ্ধতিক বুজায়। ইংৰাজীত এইবিধ কৃষি পদ্ধতিক কোৱা হয় “কনজাৰভেচন এগ্ৰিকাল্‌চাৰ”। এই পদ্ধতিৰ উদ্দেশ্য হৈছে বিভিন্ন কৃষিকার্যৰ বাবে খেতি পথাৰত হোৱা ভূমিক্ষয় ৰোধ কৰা আৰু ভূমিৰ তাপ আৰু জীপ সঠিক ভাবে বজাই ৰখা। ভাৰতবর্ষ তথা আমাৰ ৰাজ্যৰ বাবে এইবিধ কৃষি পদ্ধতি এটা নতুন বিষয়। সেয়ে এই লেখাটোত নতুন পদ্ধতিটোৰ বিষয়ে কিছু ধাৰণা দিবলৈ যত্ন কৰা হৈছে।

অতি সম্প্রতি পৃথিৱীৰ বহুতো দেশত জনপ্রিয় হৈ উঠা ‘সংৰক্ষণ কৃষি’ৰ ধাৰণাটো একেবাৰে নতুন নহয়, বৰং বহু পুৰণি। মার্কিন লেখক এডৰ্ৱাড ফল্ক্‌নাৰে ১৯৪৫ চনত প্রকাশ কৰা  “প্লাউমেন্‌চ ফল্লি” নামৰ পুথিখনত কৃষিৰ বাবে মাটি চহ কৰাকে আৰম্ভ কৰি বিভিন্ন কৃষিকার্যৰ বাবে মাটিৰ ওপৰত কেনে প্রভাৱ পৰিব সেই বিষয়ে অতি বিশদভাবে আলোচনা কৰিছিল। কিন্তু সেই সময়ত ‘সেউজ বিপ্লৱ’ৰ ঢৌৱে সকলোকে এনেদৰে আচ্ছন্ন কৰি ৰাখিছিল যে কিতাপখনত আলোচনা কৰা কথাবোৰে বিশেষ গুৰুত্ব নাপালে। ইয়াৰ পাছত ১৯৭৫ চনত জাপানী লেখক মাচানবু ফুকওকাৰ “ৱান ষ্ট্ৰ ৰিভলিউচন” নামৰ কিতাপখন প্রকাশ পায়, য’ত নেকি তেখেতে যান্ত্রিক কৃষিৰ দোষবোৰ দেখুৱাই দি এইবোৰৰপৰা হাত সাৰিবলৈ বহুতো পৰামর্শৰ দিয়ে। এনে পৰামর্শবোৰৰ ভিতৰত বিনা কিম্বা নূন্যতম চহৰে খেতি কৰা এক অন্যতম। সেই সময়তে বিশ্বৰ বিভিন্ন প্রান্তত ‘সেউজ বিপ্লৱ’ৰ কু-ফলবোৰ প্রকট হৈ উঠিছিল যাৰ বাবে পশ্চিমৰ দেশবোৰত জৈৱিক কৃষিয়ে এক আন্দোলনৰ ৰূপ লৈছিল। এনে এক পৰিস্থিতিত এডৰ্ৱাড ফলক্‌নাৰ, মাচানবু ফুকওকা আদিৰ দৰে বৰণ্য ব্যক্তিসকলৰ চিন্তা-চর্চাবোৰে পুনৰ গুৰুত্ব পাবলৈ লয় আৰু ইয়াৰ ফল স্বৰূপে “সংৰক্ষণ কৃষি” বা “কনজাৰভেচন এগ্ৰিকাল্‌চাৰ” নামেৰে এক বিশেষ কৃষি পদ্ধতিৰ সূচনা হয়।

সংৰক্ষণ কৃষিৰ মূল নীতি তথা প্রয়োগ প্রণালী

বিজ্ঞানীসকলে দেখিছে যে প্রচলিত কৃষি পদ্ধতিত মাটি চহ কৰাৰ পাছত বতাহ-বৰষুণৰ বাবে ভূমিক্ষয় হৈ ওপৰৰ সাৰুৱা মাটিভাগ নষ্ট হয়। অসমান হেলনীয়া পথাৰত এই সমস্যা অতি প্রকট। এনে হোৱাৰ বাবে মাটিত শস্যৰ আৱশ্যকীয় পোষক দ্রব্যৰ অভাৱ ঘটে আৰু জৈৱ পদার্থৰ অভাৱত মাটিৰ পানী ধৰি ৰখা ক্ষমতা কমি যায়। কৃষিকার্যৰ এই অপকাৰী দিশটোলৈ লক্ষ্য কৰি বিজ্ঞানীসকলে সংৰক্ষণ কৃষি নামৰ পদ্ধতিটোৰ বাবে তিনিটা নীতি যুগুতাই উলিয়াইছে। এই নীতিকেইটা হ’ল:-

  • যান্ত্রিক ব্যৱস্থাৰ দ্বাৰা মাটিত নূন্যতম আঘাট
  • স্থায়ীৰূপত আৱৰণ শস্যৰ ব্যৱস্থা
  • শস্যাৱর্তৰ পূর্ণ প্রয়োগ

‌‌    উপৰোক্ত নীতিকেইটা সূচাৰূভাবে পালন কৰাৰ ওপৰতে সংৰক্ষণ কৃষিৰ সফলতা নির্ভৰ কৰিছে। সেয়ে এই নীতিকেইটা মানি চলিবলৈ আমাৰ কৃষিকার্য কেনে হোৱা উচিত সেই বিষয়ে বিজ্ঞানীসকলে আগবঢ়োৱা প্রয়োগ প্রণালীসমূহ এনে ধৰণৰ:-

  • নূন্যতম অথবা বিনা চহ (জিৰ’ টিলেজ)
  • কৃষিকার্যত যন্ত্র-পাতিৰ ব্যৱহাৰ সীমিত কৰা
  • আৱৰণ বা ঢাকনি শস্যৰ ব্যৱস্থা কৰা আৰু শস্যৰ অৱশিষ্টভাগ আৱৰণ হিচাপে ব্যৱহাৰ কৰা
  • স্থান আৰু সময়পোযোগী শস্যক্রম/শস্যাৱর্তন প্রৱর্তন কৰা
  • মাটিৰ কঠিনতা হ্রাস কৰা
  • শস্যসমূহৰ বাবে নতুন ধাৰণাৰ গঢ় দিয়া

দেখা গ’ল যে সম্পদ সংৰক্ষণ প্রযুক্তিৰ কার্য পৰিধি যথেষ্ট বহল। উৎপাদনশীলতাৰ লগত সম্পর্ক থকা বিষয়সমূহ যেনে মাটি, কৃষি মজুৰী, আর্থিক সংগতি আৰু উৎপাদন বাবে আৱশ্যক হোৱা পৰিচর্যা আদি বিভিন্ন দিশসমূহ সম্পদ সংৰক্ষণ প্রযুক্তি আওতাত পৰে। এই প্রযুক্তিৰ নীতি আৰু এইবোৰৰ প্রয়োগ প্রণালী নির্ধাৰণ কৰি বিজ্ঞানীসকলে আশা কৰিছে যে এইবোৰৰ যথাযথ প্রয়োগেৰে প্রচলিত কৃষিত দেখা দিয়া বিৰূপ প্রভাৱ হ্রাস কৰিব পৰা যাব। অৱশ্যে সংৰক্ষণ কৃষিৰ লক্ষ্য কোনো এটা অঞ্চলত আৱদ্ধ নাথাকি এক বিস্তৃত অঞ্চলত প্রয়োগ হ’ব লাগিব য’ত অঞ্চলটোৰ কৃষকৰ কৃষি ব্যৱস্থা আৰু ইয়াৰ বাবে আৱশ্যক হোৱা সম্পদৰ ওপৰত নির্ভৰ কৰি সংৰক্ষণ কৃষিৰ লক্ষ্য নিৰূপিত হ’ব।

সংৰক্ষণ কৃষিৰ প্রয়োগ প্রণালী বহুকেইটা যদিও ইয়াৰ ভিতৰত বিনা চহ (জিৰ’ টিলেজ) অথবা নূন্যতম চহ, অন্তৱর্তী শস্য, শস্যৰ অৱশিষ্টভাগ আৱৰণ হিচাপে ব্যৱহাৰ কৰা আদি উল্লেখযোগ্য। আমাৰ কৃষকে ধান চপোৱাৰ পাছত নৰাবোৰ পুৰি দিয়া দেখা যায়। এনে কার্যৰ বহুতো ক্ষতিকাৰক দিশ আছে- যেনে: পৰিৱেশ প্রদূষণ, সেউজগৃহ গেছ নির্গমন, মাটিৰ উর্বৰতা শক্তি হ্রাস পোৱা আদি। ইয়াৰ উপৰিও এই কার্যৰ বাবে সৃষ্টি হোৱা অতিৰিক্ত তাপৰ বাবে মাটিত থকা উপকাৰী জীৱাণুসমূহ মৰি যায়। আনহাতে এনে কার্যৰপৰা বিৰত থাকিলে মাটিৰ গুণাগুণ অটুট থকাৰ লগতে মাটিৰ উষ্ণতা সঠিকৰূপত থাকে, যাৰ বাবে উদ্ভিদৰ শ্রীবৃদ্ধি স্বাভাৱিক ভাবে হয়। তদুপৰি মাটিৰ জীপ ৰক্ষা কৰা , অপতৃণ নাশ কৰা , মাটিত জৈৱ পদার্থ বৃদ্ধি কৰা, নাইট্র’জেন সাৰৰ গ্রহণযোগ্যতা বৃদ্ধি কৰা আদি অনেক লাভজনক কার্যও সংঘটিত হয় আৰু এনেবোৰ কাৰণৰ বাবে অঞ্চলটোৰ কৃষি উৎপাদনত স্থিৰতাই দেখা দিয়ে। অসমৰ পথাৰত সংৰক্ষণ কৃষি প্রযুক্তি প্রয়োগ কৰি উপকৃত হ’ব পৰা যথেষ্ট থল আছে। তেনেকেইবিধমান সম্পদ সংৰক্ষণ প্রযুক্তিৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

ক) জিৰ’ টিলেজ বা বিনা চহে খেতি কৰা পদ্ধতি

অসমৰ যিবোৰ অঞ্চল ঘেঁহুখেতিৰ বাবে উপযোগী তেনেবোৰ অঞ্চলত দীর্ঘদিনীয়া ধানৰ জাতৰ খেতি কৰি উঠি ঘেঁহুৰ খেতি কৰিবলৈ কিছু অসুবিধা হয়। কাৰণ ধান চপোৱাৰ পাছত ঘেঁহুৰ বাবে মাটি প্রস্তুত কৰি গুটি সিঁচালৈ কিছু সময়ৰ প্রয়োজন হয়, যাৰ বাবে ঘেঁহু সিঁচাৰ অনুমোদিত সময় কিছু পাৰ হৈ যায়। আনহাতে পলমকৈ সিঁচালে ঘেঁহুৰ  উৎপাদন হ্রাস পায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ নগাঁৱত অৱস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্রই কৃষকৰ পথাৰত কৰা প্রদর্শনমূলক খেতিৰপৰা দেখা গৈছে যে নবেম্বৰ মাহৰ ২৫ তাৰিখৰ পাছত অর্থাৎ ধানৰ দীর্ঘদিনীয়া জাত চপোৱাৰ পাছত, ঘেঁহু সিঁচিলে পলম হোৱা প্রতিটো দিনৰ বাবে প্রতি হেক্টৰত উৎপাদন প্রায় ৩০ কি:গ্রাম হ্রাস পায়। এই সমস্যা কিছু লাঘৱ কৰিবলৈ চলোৱা পৰীক্ষাৰ দ্বাৰা দেখা গ’ল যে মাটি চহ নকৰাকৈ ট্রেক্টৰৰ সহায়ত চলোৱা “জিৰ’ টিলেজ বীজ তথা সাৰ ড্রিল” নামৰ মেচিনৰ সহায়ত পোনপটিয়াকৈ মাটিত বীজ সিঁচি পলমকৈ কৰা ঘেঁহুখেতিত দেখা দিয়া সমস্যা হ্ৰাস কৰিব পৰা যায়। কাৰণ এই পদ্ধতিৰে মাটি চহ কৰিলে ঘেঁহু সিঁচাৰ সময় ৭-১০ দিন আগুৱাব পৰা যায়, যাৰ বাবে উৎপাদন হ্রাসৰ পৰিমাণ কমি যায়। এই পদ্ধতিত ঘেঁহুৰ উপৰিও মগুমাহ, মাটিমাহ, মচুৰ, বুটমাহ আদিৰ খেতিও কৰিব পাৰি।

জিৰ’ টিলেজ পদ্ধতিত কৰা খেতিত জীৱশ্ম ইন্ধন কম ব্যৱহাৰ হোৱাৰ বাবে কৃষি কার্যত খৰছ কম হয়। আনহাতে জীৱশ্ম ইন্ধন কমকৈ ব্যৱহাৰ কৰাৰ বাবে কার্বন-ডাই-অক্সাইড গেছ কমকৈ নির্গত হয়। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে এই পদ্ধতিত মাটি চহ কৰি প্রতি হেক্টৰ মাটিত গড়ে ৬০ লিটাৰ ডিজেল ৰাহি কৰিব পৰা যায়। আনহাতে এইটোও দেখা গৈছে যে প্রতি লিটাৰ ডিজেল পোৰাৰ বাবে প্রায় ২.৬ কি:গ্রাম কার্বন-ডাই- অক্সাইড গেছ নির্গত হয়। অর্থাৎ এই পদ্ধতিৰে কৰা খেতিত প্রতি হেক্টৰত ৬০ x ২.৬ =১৫৬ কি:গ্রাম কার্বন-ডাই- অক্সাইড গেছৰ নির্গমন ৰোধ কৰিব পৰা যায়। এনে বহুবোৰ উপকাৰলৈ লক্ষ্য ৰাখি বর্তমান এইবিধ কৃষি পদ্ধতিক গুৰুত্ব দিয়া হৈছে। এই পদ্ধতিৰ আন উপকাৰসমূহ হ’ল:-

১) এই পদ্ধতিত ইন্ধন, সময় আৰু শ্রম ৰাহি হোৱা হেতুকে কৃষকৰ বাবে লাভজনক।

২) মাটি প্রস্তুতিৰ বাবে সময় আৱশ্যক নোহোৱা বাবে বীজ ৭-১০ দিন আগতিয়াকৈ  সিঁচিব পাৰি ,যাৰ বাবে  উৎপাদন হ্রাসৰ পৰিমাণ কম কৰাৰ লগতে বৰষুণৰ আগেয়ে চপাব পাৰি।

৩) এনে পদ্ধতিত কৰা খেতিত বন-বাত কম হয়।

৪) বীজ শাৰী শাৰীকৈ সিঁচিব পৰা যায়, যাৰ বাবে উৎপাদন যথেষ্ট ভাল হয়।

জিৰ’ টিলেজ পদ্ধতিত ল’বলগীয়া বিশেষ সতর্কতা

১) ধানখেতিত যিমান পাৰি সিমান ভূমিৰ ওচৰতে গোছাবোৰ কাটিব লাগে যাতে নৰাবোৰৰ উচ্চতা ১৫ চেঃমিঃৰ বেছি নহয়।

২) বীজ সিঁচা মেচিনটো মূল পথাৰত ব্যৱহাৰ আগেয়ে বীজ আৰু সাৰ অনুমোদিত পৰিমাণত পৰাকৈ পৃথকে পৃথকে মিলাই ল’ব লাগে।

৩) বীজ ৫-৭ চেঃমিঃতকৈ বেছি গভীৰতাত সিঁচিব নালাগে।

৪) দানাকাৰ ৰাসায়নিক সাৰহে ব্যৱহাৰ কৰিব লাগে। অন্যথা সাৰ প্রয়োগত অসুবিধা হব।

৫) বীজ সিঁচাৰ ১৫-২০ দিনৰ পাছত প্রথমবাৰ পানী দিব লাগে।

৬) মেচিন চলি থকাৰ সময়ত বীজ আৰু সাৰৰ নলীবোৰ যাতে বন্ধ হৈ নাযায় সেইটো লক্ষ্য কৰি থাকিব লাগে।

(খ) মধ্যমীয়া দ’ আৰু দ’ চানেকীয়া মাটিৰ বাবে সম্পদ সংৰক্ষন কৃষি প্ৰযুক্তি : আমাৰ কৃষকসকলে ধান চপাওতে সাধাৰণতে ওপৰতে কটা দেখা যায় আৰু ধান চপোৱাৰ পিচত নৰাবিলাক জ্বলাই দিয়ে ।এইদৰে নৰাবিলাক জ্বলাই দিয়াৰ ফলত মাটিত থকা জৈৱিক পদাৰ্থ নষ্ট হয় লগতে মাটিত বাস কৰা উপকাৰী জীৱাণুবোৰ মৰি যায় ।

সেইদৰে পৰম্পৰাগতভাবে কৰা ধানখেতিত আমাৰ কৃষকসকলে খেতিৰ পথাৰখনত কঠিয়া ৰুৱাৰ আগেয়ে কেইবাবাৰো মাটি চহ কৰে, বিশেষকৈ বোকা দিয়াৰ সময়ত । ফলত মাটিৰ গাঠনি বোৰ ভাঙি যায় আৰু মাটিত থকা জৈৱিক কাৰ্বনৰ পৰিমাণ হ্ৰাস পায় ।এই জৈৱিক কাৰ্বনক ক’লা সোণ হিচাবে গণ্য কৰা হয় আৰু ইয়াৰ এটা নিৰ্দিষ্ট পৰিমাণ মাটি, পানী আৰু পোষক মৌলৰ সংৰক্ষণ তথা জীৱাণুৰ কাৰ্যদক্ষতাৰ বাবে প্ৰয়োজনীয় । নিম্নোক্ত সম্পদ সংৰক্ষণ প্ৰযুক্তিবোৰ ব্যৱহাৰ কৰি ধানখেতিৰ পিচত মাটিৰ অৱশিষ্ট জীপৰ সদব্যৱহাৰ কৰি সফলতাৰে পিচৰ এটা খেতি কৰিব পাৰে ।

(১) ‘ৰীলে’ অথবা ‘উটেৰা’ শস্য পদ্ধতি : গৱেষণাৰ তথা কৃষকৰ পথাৰত কৰা প্ৰদৰ্শনমূলক খেতিৰ পৰা দেখা গৈছে যে উপযুক্ত সম্পদ সংৰক্ষণ প্ৰযুক্তি, বিশেষকৈ বিনা চহে ধানখেতি চপোৱাৰ আগতেই শালিধানৰ পিচত ‘ৰীলে’ শস্য হিচাবে দ্বিতীয় এটা শস্য যেনে তিচি, ক’লামাহ, মচুৰ, মটৰ, সৰিয়হ আদি সফলভাবে কৰিব পাৰি ।অসমৰ মধ্য আৰু নামনি ব্ৰক্ষ্মপুত্ৰ উপত্যকা আৰু উত্তৰপাৰৰ সমতলভূমি জলবায়্ৰ পৰিমণ্ডলৰ জিলাকেইখনৰ কোনো কোনো অণ্চলত শালিধানৰ পিচত এইদৰে আন এটা খেতি ‘ৰীলে’ হিচাবে কৰা দেখা যায় । গৱেষণাৰ পৰা দেখা গৈছে যে ‘ৰীলে’ পদ্ধতিৰে খেতি কৰিলে শস্যত উপদ্ৰৱ কৰা গুৰি কটা পোকৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি ।

‘ৰীলে’ পদ্ধতিত শালিধান চপোৱাৰ ১৫-২০ দিনৰ আগেয়ে ওপৰত উল্লেখ কৰা শস্যবিলাকৰ শোধন কৰা বীজ অনুমোদিত পৰিমাণত সিঁচিব লাগে। এই সময়ত পথাৰত জীপ থকাটো অতিকৈ আৱশ্যকীয় কথা, অন্যথা বীজৰ গজালি নোলাব । ধানখেতি চপাওতে নৰাবিলাক ৰাখি আহিব লাগে যাতে ই মাটিৰ জীপ সংৰক্ষণ কৰি ৰাখে লগতে বগাই যোৱা মাহজাতীয় শস্যবিলাক বগাবলৈ সুবিধা পায় ।

(২) বিনাচহে বেছি জীপ থকা মাটিত পোনপটীয়াকৈ বীজ সিঁচি কৰা  খেতি (চাৰ্‌ফেচ্‌ চীডীং)

ঘেঁহু খেতি সাধাৰণতে শালিধানৰ খেতি চপোৱাৰ পিচত মাটি চহ কৰি ভালদৰে মৈয়াই সমান কৰি বীজ সিঁচা হয় । কিন্ত কেতিয়াবা ধান খেতি চপোৱাৰ সময়ত বা ইয়াৰ পিচতো মাটিত যঠেষ্ট জীপ থকাৰ বাবে মাটি চহ কৰিব পৰা নাযায় । তেনে ক্ষেত্ৰত শুকান অথবা ভিঁজাই লোৱা ঘেঁহুৰ বীজ ধান চপোৱাৰ কেইদিনমান আগেয়ে অথবা চপোৱাৰ ঠিক পিচতে সিক্ত/জীপযুক্ত মাটিত পোনপটীয়াকৈ সিঁচিব পৰা যায় । এই পদ্ধতিত মাটি চহ কৰাৰ কোনো খৰচ নাই । লগতে এইদৰে খেতি কৰিলে শস্যৰ প্ৰাবল্য দুগুনলৈ বৃদ্ধি কৰিব পাৰি আৰু বেছি ভূমিত ঘেঁহু খেতি কৰিব পৰা যায় ।আৰ্থিক অৱস্থাৰ বাবে বহুতো খেতিয়কে মাটি চহ কৰিবৰ বাবে ট্ৰেক্টৰ আদি ভাড়া কৰিবৰ বাবে সমৰ্থ নহয় । তেনে ক্ষেত্ৰত বিনা চহে সঠিক জীপ থকা মাটিত বীজ সিঁচি ঘেঁহু খেতি কৰি কম খৰচতে ভাল উৎপাদন পাব পাৰে । অৱশ্যে এনেধৰণেৰে কৰা খেতিত কৃষি পদ্ধতিৰ কিছু সালসলনি ঘটাবলগীয়া হয় । যেনে-

ü  খেতি কৰিবলগীয়া মাটিৰ জীপৰ পৰিমাণ অনুসৰি শুকান অথবা ভিঁজাই লোৱা(সাধাৰণ পানীত, ৬-১০ ঘণ্টা)বীজ সিঁচা হয় যাতে সোনকালে ও সমভাবে গজালি ওলায় ।

ü  যদি শুকান বীজ ব্যৱহাৰ কৰা হয়, তেন্তে বিৱলি বেলাতহে বীজ সিঁচিব লাগে যাতে বীজবিলাকে মাটিৰ পানী শুহি লোৱাত সহায় হয় আৰু শীতল পৰিৱেশত বীজ ফুলি উঠিব পাৰে ।

ü  লক্ষ্য ৰাখিব লাগে যাতে শিপাবিলাকে খোপনি পোতালৈকে মাটি সংপৃক্ত অৱস্থাত থাকে । কিন্তু মাটিত পানী জমা হ’বলৈ দিব নালাগে ।

এই পদ্ধতিৰ লাভালাভ সমূহঃ

v   শস্য প্ৰাবল্য দুগুণ কৰি ঘেঁহু খেতিৰ মাটি-কালি বৃদ্ধি কৰিব পাৰি

v   খেতি কৰাৰ খৰচ শতকৰা ২৫-৩০ ভাগ ৰেহাই হয়, কাৰণ মাটি চহ কৰাৰ প্ৰয়োজন নহয় ।

v   এইদৰে ৰাহি হোৱা ধন আন কাৰ্যত ব্যৱহাৰ কৰিব পাৰি ।

v   দুখীয়া কৃষকে মাটি চহ কৰাৰ বাবে গৰু-মহ ৰখা অথবা ট্ৰেক্টৰ ভাড়া কৰাৰ প্ৰয়োজন নাই ।

v   মাটিত থকা অৱশিষ্ট জীপৰ সদব্যৱহাৰ হয় আৰু বীজতলী প্ৰস্তুত কৰিবৰ বাবে লগা পানী ৰাহি কৰে

v   অকণো সময় অপব্যয় নকৰাকৈ সময়মতে ঘেঁহুৰ বীজ সিঁচিব পাৰি ।

ওপৰত কৰা আলোচনাৰ পৰা এইটো প্ৰতীয়মান হৈছে যে সংৰক্ষণ কৃষিয়ে কৃষি গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত এটা নতুন চিন্তাধাৰাৰ সূচনা কৰিছে । সংৰক্ষণ কৃষিৰ তিনিটা মূল বিষয়বস্তু হৈছে- মাটিৰ নুন্যতম ব্যাঘাত (জিৰ’ টিলেজ), শস্যক্ৰমত ঢাকনি শস্য (ক’ভাৰ ক্ৰপচ্‌)ৰ অৰ্ন্তভূক্তি আৰু শস্যৰ অৱশিষ্টাংশৰ দ্বাৰা মাটিৰ সুৰক্ষা ।আধুনিক কৃষি পদ্ধতিৰ তুলনাত সংৰক্ষণ কৃষি মাটিৰ গুণাগুণ বজাই ৰখাৰ মূল আধাৰ ।

সংৰক্ষণ কৃষি তথা সম্পদ সংৰক্ষণ পদ্ধতি গ্ৰহণ কৰিলে শ্ৰম, পানী আৰু শক্তি ৰাহি হোৱাৰ লগতে শস্যৰ উৎপাদন বৃদ্ধি আৰু আৰ্থিকভাবে লাভাম্বাবিত হয় ।লগতে সেউজ গৃহ গেচসমূহৰ নিৰ্গমণ হ্ৰাস কৰি গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰে ।যদিওবা আমাৰ ৰাজ্যখনৰ কমসংখ্যক পথাৰতহে যান্ত্ৰিকীকৰণ হৈছে তথপিও আধুনিক কৃষি ব্যৱস্হাত হোৱা সম্পদসমূহৰ সৰ্বাত্মক অবক্ষয় ৰোধ কৰিবলৈ সংৰক্ষণ কৃষি পদ্ধতি অৱলম্বন কৰাৰ সময় আহি পৰিছে ।

(কৃতজ্ঞতা: ড চাদিকুল হুছেইন,তিনিচুকীয়া)

লিখক:ডঃ তুলসী প্রসাদ শইকীয়া, প্ৰধান বিজ্ঞানী

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ,

চিলঙণী, নগাঁও-৭৮২০০২, অসম

2.9347826087
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top