মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / সহজে উৎপাদিত দুবিধ উৎকৃষ্ট পাচলি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সহজে উৎপাদিত দুবিধ উৎকৃষ্ট পাচলি

সহজে উৎপাদিত দুবিধ উৎকৃষ্ট পাচলিৰ বিষয়ে লিখা হৈছে ।

 

গ্ৰাম্য জীৱনধাৰাত, বিশেষকৈ খেতিয়কৰ পাকঘৰত লাও, কামোৰা, জিকা, ভোল হৈছে প্ৰধান চালিকা শক্তি। গাঁৱৰ কৃষক ৰাইজে সময় বুজি খাল, বিল, নৈ, পথাৰৰপৰা মাছ-পুঠি দুটামান ধৰি আনি ঘৰতে থকা লাও, কোমোৰা, জিকা, ভোলেৰে জোল কৰি পৰম তৃপ্তিৰে ভাতমুঠি খাই পুনৰ কামৰ বাবে শক্তি সঞ্চয় কৰে।

গাঁৱৰ উপৰি বৰ্তমান নগৰ-চহৰৰ বজাৰবিলাকতো এইকেইবিধ পাচলিৰ চাহিদা বৃদ্ধি পাইছে। সকলোৰে বাবে ৰুচিকৰ, শক্তিদায়ক এই পাচলিসমূহৰ উৎপাদন বেছিকৈ পাবলৈ হ’লে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাটো জৰুৰী হৈ পৰিছে।

লাও আৰু কোমোৰাৰ কৃষি পদ্ধতিৰ বিষয়ে চমুকৈ কোৱা হ’ল -

জাতিলাও:

মাটি:

অসমৰ জলবায়ু আৰু মাটি জাতিলাও খেতিৰ বাবে উপযোগী। তথাপি পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা, বালিচঁহীয়া, পলসুৱা, অধিক জৈৱিক পদাৰ্থ থকা আৰু ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰ বাবে উপযোগী।

জাত:

*পুছা ছামাৰ প্ৰলিফিক লং,

*পুছা ছামাৰ প্ৰলিফিক,

*ৰাউণ্ড,

*পুছা মেঘদূত আৰু পুছা মঞ্জিৰী।

এই জাতবোৰৰ বিশেষত্বসমূহ হৈছে-

প্ৰলিফিক:

ফলবোৰ ৪০-৫০ ছেন্টিমিটাৰ দীঘল, আকাৰ মজলীয়া, এজোপাত ১০-১৫ টা ফল লাগে আৰু বসন্ত-গ্ৰীষ্ম কালত খেতি উপযোগী হয়।

প্ৰলিফিক ৰাউণ্ড:

ভাল ফল ধৰে, ঘূৰণীয়া আকাৰৰ, বসন্ত আৰু গ্ৰীষ্মকাল খেতিৰ বাবে উপযোগী।

পুছা মেঘদূত:

ফল দীফঘলীয়া, পাতল সেউজীয়া বৰণৰ, উৎপাদন ভাল।

পুছা মঞ্জিৰী:

ফল ঘূৰণীয়া, উৎপাদন ভাল।

বীজৰ পৰিমাণ:

বসন্তকালীন খেতিত প্ৰতি বিঘাত ৮০০ গ্ৰাম আৰু গ্ৰীষ্মকালীন খেতিত ৪৫০ গ্ৰাম।

বীজ সিঁচাৰ সময়:

*বসন্তকালীন: ফেব্ৰুৱাৰী-মাৰ্চ,

*গ্ৰীষ্মকালীন: জুন-জুলাই,

*শীতকালীন: অক্টোবৰ-নৱেম্বৰ।

খেতিপথাৰৰ প্ৰস্তুতি -

৩-৪ বাৰ হাল বাই মাটিখিনি ভালদৰে চহ কৰি পচন সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰাথমিক নিৰিখ প্ৰয়োগ কৰি পুনৰ এবাৰ হাল বাই ১.৫-২.০ মিটাৰ অন্তৰে অন্তৰে একোটা সীৰলু কৰি ল’ব লাগে।

এই সীৰলু বা শাৰীবোৰত ১.০-১.৫ মিটাৰ অন্তৰে অন্তৰে একোটা চিন দি সেই চিনবোৰত দকৈ কোৰ মাৰি মিহি কৰি গাঁতৰ দৰে প্ৰস্তুত কৰিব লাগে। তাৰ পিছত তাত একেলগে ৩-৪ টা গুটি দি যাব লাগে।

পুলিবোৰ গজি উঠাৰ পিছত প্ৰত্যেক ঠাইতে এটা বা দুটা ভাল সবল পুলি ৰাখি বাকীখিনি তুলি পেলাব লাগে। ডাঙৰ হ’লে বগাবৰ বাবে বাঁহৰ হেঁদালি দিব লাগে।

ব্যৱধান:

*বসন্তকালীন: শাৰীৰ মাজত ১.৫-২.০ মিটাৰ; গছৰ মাছত ১.০-১.৫ মিটাৰ।

*গ্ৰীষ্মকালীন: শাৰীৰ মাজত ২.০-৩.০ মিটাৰ; গছৰ মাজত ১.০-১.৫ মিটাৰ।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি ৩ টন পথৰুৱা সাৰ বা পচন সাৰৰ লগতে ইউৰিয়া ১৭ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৬০ কিলোগ্ৰাম আৰু ২৭ কিলোগ্ৰাম মিউৰিয়েট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

ইয়াৰে আধা অংশ ইউৰিয়া আৰু বাকী সমুদায় সাৰ প্ৰাথমিক সাৰ হিচাপে মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী আধাভাগ ইউৰিয়া ফল ধৰাৰ সময়ত টপড্ৰেছ হিচাপে কৰিব লাগে।

জলসিঞ্চন:

খৰাং বতৰত ৮-১০ দিনৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে।

চপোৱা:

জাতিলাও কুমলীয়া অৱস্থাত খাবলৈ বেছি সোৱাদ। সেয়েহে ফলবোৰ কোমল হৈ থাকোঁতেই চপাব লাগে।

উৎপাদন:

বিঘাই প্ৰতি ১৭-৩৮ কুইন্টল।

কোমোৰা:

মাটি:

সকলোধৰণৰ মাটিতেই কোমোৰাৰ খেতি কৰিব পাৰি যদিও পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা আৰু ৬.০-৬.৫ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰ বাবে উপযোগী।

জাত:

কোমোৰা সাধাৰণতে স্থানীয় জাতৰে খেতি কৰা হয়। অৱশ্যে স্থানীয় জাতৰ ভিতৰতো বেলেগ বেলেগ আকৃতি-প্ৰকৃতি থাকে। যেনে-

*গোটা সেউজীয়া,

*থোপোকা,

*ডাঙৰ আৰু সৰু জাতৰ।

খেতিয়কসকলে সাধাৰণতে এটা সময়ত ঘৰৰ চালতে বগাবলৈ দিছিল বাবে ইয়াৰ চাল কোমোৰা বুলিও কোৱা হয়।

মুঠৰ ওপৰত গোটা, থোপোকা, ডাঙৰ, সৰু যেনেকুৱা আকৃতিৰে নহওক, সাধাৰণতে পৰিচিত জাত দুটা হৈছে জহা কোমোৰা আৰু শিল কোমোৰা।

জহা কোমোৰা সোৱাদযুক্ত আৰু গোন্ধ থকা- ঠিক জহা চাউলৰ দৰে। শিল কোমোৰা আকাৰত দীঘলীয়া আৰু লাহী, কিন্তু আতিল মঙহাল। পাহাৰীয়া অঞ্চলত এই জাতৰ কোমোৰা খেতি ভাল হয়।

বীজ সিঁচাৰ সময়:

ফেব্ৰুৱাৰী-এপ্ৰিল।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ৮০০ গ্ৰাম।

মাটি প্ৰস্তুত:

মাটিডৰা ৩-৪ বাৰ হাল বাই মৈয়াই সমান কৰি ২.০ মিটাৰ অন্তৰে অন্তৰে একোটা সীৰলু কৰি ১ মিটাৰ আঁতৰে আঁতৰে একোটা চিন দি সেই চিনবোৰৰ অংশখিনি কোৰেৰে মিহি কৰি ল’ব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি ৩ টন পচন সাৰ, ১৯ কিলোগ্ৰাম ইউৰিয়া, ২৬ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ১৮ কিলোগ্ৰাম মিউৰিয়েট অব পটাছ সাৰ ব্যৱহাৰ কৰিব লাগে।

ইয়াৰে ইউৰিয়া সাৰৰ আধা অংশ আৰু বাকী সমুদায় সাৰ মাটি চহ কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে। বাকী আধা অংশ ইউৰিয়া ফল ধৰাৰ সময়ত টপড্ৰেছ হিচাপে ব্যৱহাৰ কৰিব লাগে।

ব্যৱধান:

শাৰীৰ মাজত ২.০ মিটাৰ আৰু গছৰ মাজত ১.০ মিটাৰ ব্যৱধান ৰাখিব লাগে।

ৰোপণ পদ্ধতি:

প্ৰতিটো গাঁতত ৩-৪ টাকৈ বীজ ৰোপণ কৰিব লাগে। বীজবোৰ গজালি মেলি ডাঙৰ হ’লে সুস্থ-সবল পুলি দুটা বা এটা ৰাখি বাকীবোৰ উভালি পেলাই দিব লাগে। পুলিবোৰ ১৫ ছেন্টিমিটাৰ ওখ হ’লেই বগাবলৈ বাঁহৰ হেঁদালি দিব লাগে।

প্ৰতিপালন:

পুলিবোৰ ৩০ ছেন্টিমিটাৰ ওখ হোৱাৰ পিছত বগাবলৈ আৰম্ভ কৰিলে কোৰেৰে গুলিত মাটি চপাই দিব লাগে। খৰাং বতৰত ৮-১০ দিনৰ মূৰে মূৰে পানী যোগান ধৰিব লাগে।

খেতি চপোৱা:

কোমোৰা জালী বা কুমলীয়া অৱস্থাত খাব পাৰি। পূৰঠ হোৱা কোমোৰা ছিঙি অনাৰ পিছত বহুদিনলৈ ৰাখিব পাৰি।

পূৰঠ কোমোৰা পাচলি হিচাপে ব্যৱহাৰ কৰাৰ উপৰি ইয়াৰপৰা উৎকৃষ্ট মিঠাই তৈয়াৰ কৰিব পাৰি। মনত ৰখা ভাল যে ফলবোৰ পূৰঠ হ’লে ওপৰিভাগ মিহি পাতল বগা গুৰিৰে আবৃত হৈ পৰে।

উৎপাদন:

বিঘাই প্ৰতি ২৫-৫০ কুইন্টল।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top