মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / সাৰ প্ৰয়োগৰ সময়-পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সাৰ প্ৰয়োগৰ সময়-পদ্ধতি :

সাৰ প্ৰয়োগৰ সময়-পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

সাৰ ব্যৱহাৰৰ ফলপ্ৰসুতা বহুলাংশ নিৰ্ভৰ কৰে প্ৰয়োগৰ সময় আৰু প্ৰয়োগৰ পদ্ধতিৰ ওপৰত।বিশেষকৈ নাইট্ৰ’জেন জাতীয় সাৰৰ ক্ষেত্ৰত বিষয়টো অত্যন্ত গুৰুত্বপুৰ্ণ।কাৰণ নাইট্ৰ’জেন পানীত দ্ৰৱণীয় আৰু সহজে বিভিন্ন উপায়েৰে মাটিত ইয়াৰ অপচয় হ’ব পাৰে।কোনো কোনো পৰিস্থিতিত প্ৰয়োগকৃত নাইট্ৰ’জেন সাৰৰ ৭০ শতাংশ মাটিত অপচয় হয়।সাৰ ব্যয়বহুল এক উপকৰণ।সেই কাৰণে প্ৰয়োগকৃত সাৰৰ ফলপ্ৰসুতা বঢ়োৱাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত।

সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত নিম্ন লিখিত নীতিসমুহ অনুসৰণ কৰা উচিত -

*ৰাসায়নিক সাৰ যিকোনো বীজ,নতুন শিপা বা গুল্ম জাতীয় গছৰ কাণ্ডৰ অতি সন্নিকটত বা কোনো ভিজা সৰু পাতৰ ওপৰত ব্যৱহাৰ কৰা উচিত নহয়।ঘনীভুত লৱণে মিশ্ৰণ ঘটাই এইবোৰ গছৰ কুমলীয়া বাঢ়ি থকা অংশক জ্বলাই দিব পাৰে।

*সাৰ যিমান দুৰ সম্ভৱ ভালদৰে মাটিৰ সৈতে মিহলি কৰি দিব লাগে।

*ইউৰীয়া সাৰ জমা হৈ থকা পানীত প্ৰয়োগ কৰা উচিত নহয়।তাৰ ফলত বেছিভাগ নাইট্ৰ’জেনৰ অপচয় হ’ব পাৰে।

*জিংক আৰু ফছফেট সাৰ একেলগে মিহলি কৰি প্ৰয়োগ কৰা উচিত নহয়।কাৰণ,ইয়াৰ উপাদানবোৰে ইটোৱে সিটোৰ লগত আৱদ্ধ হৈ যায় আৰু ফচলৰ বাবে এয়া গ্ৰহণোপাগী নহয়।

*জৈৱ সাৰ শস্য ৰোপণৰ কমপক্ষেও ৭-১০ দিন পুৰ্বে মাটিত প্ৰয়োগ কৰি ভালদৰে মিলাই দিব লাগে।সেউজ সাৰ (ধইনছা)ৰ পিছত ধান খেতি কৰিলে যথাসম্ভৱ শীঘ্ৰে ধান গছ ৰোপণ কৰা উচিত।সেউজ সাৰ মাটিত মিলোৱাৰ সাতদিন পিছত ধান গছ লগাব লাগে।

*গৌণ উপাদানৰ দ্ৰৱণ পাতত প্ৰয়োগ কৰিব পাৰে,বিশেষকৈ উদ্যান শস্যৰ ক্ষেত্ৰত।

*সাধাৰণ ইউৰিয়াৰ পৰিৱৰ্তে গুটি ইউৰিয়া ব্যৱহাৰ কৰিলে শতকৰা ১৫-২০ ভাগ বেছি উৎপাদন পাব পাৰি।গুটি ইউৰিয়া পৰিমাণত শতকৰা ৩০ ভাগ কম লাগে।এবাৰহে ব্যৱহাৰ কৰিব লাগে।যি মাটিত পানী কম পৰিমাণে শুকায়,কেৱল তেনে মাটিতহে গুটি ইউৰিয়া ব্যৱহাৰযোগ্য হয়।

সাৰৰ ফলপ্ৰসু ব্যৱহাৰৰ বাবে উপযুক্ত পদ্ধতিত সাৰ প্ৰয়োগ খুৱেই গুৰুত্বপুৰ্ণ।মাটিত তিনি পদ্ধতিত সাৰ প্ৰয়োগ কৰা হয়-হাতেৰে ছটিয়াই,স্থানীয় প্ৰয়োগ আৰু পাতত সিঞ্চন কৰি।হাতেৰে ছটিওৱা আৰু স্থানীয় প্ৰয়োগ সাধাৰণতে ফলৰ বাগিচা বা শাক-পাচলিত কৰা হয়।

ৰাসায়নিক সাৰ ব্যৱহাৰৰ কাৰ্যকাৰিতা বৃদ্ধি কৰাৰ বাবে ফচল আৰু বতৰৰ ওপৰত ভিত্তি কৰি নিম্ন লিখিত সাধাৰণ নিৰ্দেশাৱলী অনুসৰণ কৰা উচিত -

*ৰবি শস্যত জলসিঞ্চনৰ সুবিধা নাথাকিলে,মাটি চহ কৰাৰ শেষ পৰ্যায়ত ইউৰিয়া পুৰ্ণ মাত্ৰাত প্ৰয়োগ কৰি মাটিৰ লগত মিহলি কৰি দিব লাগে।

*জলসিঞ্চনৰ ব্যৱস্থা থাকিলে ইউৰিয়াৰ তিনি অংশ প্ৰয়োগ কৰা উচিত।প্ৰথম অংশ মাটি চহ কৰাৰ শেষ পৰ্যায়ত প্ৰয়োগ কৰি ভালদৰে মিলাই দিব লাগে।গছৰ দ্ৰুত আংগিক বৃদ্ধিৰ সময়ত দ্বিতীয়বাৰ আৰু গুটি ওলোৱাৰ ৫-৭ দিন পুৰ্বে তৃতীয় আৰু শেষবাৰ ইউৰিয়া প্ৰয়োগ কৰা ভাল।

*ধান খেতিৰ বেলিকা ইউৰিয়া সমান তিনি ভাগত ভাগ কৰি প্ৰয়োগ কৰা হয়।ৰুৱা ধানৰ ক্ষেত্ৰত অন্তিম মাটি চহ কৰা সময়ত বা ধানৰ গছ মাটিত লগোৱাৰ লগে লগে (অপতৃণ থাকিলে সেয়া পৰিস্কাৰ কৰি ল’ব লাগে)প্ৰথমবাৰ ইউৰিয়া প্ৰয়োগ কৰি মাটিৰ সৈতে ভালদৰে মিহলাই দিব লাগে।পানী থকা দৰকাৰ।

*শাক-পাচলিৰ ক্ষেত্ৰত ফচলৰ বৃদ্ধিৰ পৰ্যায়ৰ লগে লগে সমন্বয় কৰি ইউৰিয়া ২-৩ ভাগত ভাগ কৰি প্ৰয়োগ কৰা হয়।স্বল্প ম্যাদী ফচলৰ ক্ষেত্ৰত ইউৰিয়া সাৰৰ সম্পুৰ্ণ অংশ মাটি প্ৰস্তুত কৰা শেষ পৰ্যায়তে দিয়া ভাল।

*অধিকাংশ মচলাজাতীয় শস্যৰ ক্ষেত্ৰত ইউৰিয়া সাৰ ২-৩ ভাগত ভাগ কৰি প্ৰয়োগ কৰিব লাগে।

*ভিজি থকা মাটিত সন্ধিয়া সময়ত ইউৰিয়া প্ৰয়োগ কৰি ভালদৰে মিলাই দিলে সৰ্বাধিক সুফল পোৱা যায়।

*ফছফেট সাৰ মাটি চহ কৰাৰ শেষৰ ১-২ দিন পুৰ্বে প্ৰয়োগ কৰা উচিত।পটাছৰ ক্ষেত্ৰতো একেই কথা।

*অৱশ্যে টান মাটিত পটাছ সাৰ দুভাগত ভাগ কৰি প্ৰয়োগ কৰা যায়।প্ৰথম ভাগ মাটি চহ কৰাৰ শেষ সময়ত আৰু দ্বিতীয় ভাগ আংগিক বৃদ্ধিৰ সময়ত।

*ছালফাৰ আৰু জিংক সাৰৰ অনুমোদিত মাত্ৰা  শেষ চহ কৰাৰ সময়ত  প্ৰয়োগ কৰিব নোৱাৰিলে প্ৰয়োজনবোধে প্ৰয়োগ কৰি ব্যৱহাৰ কৰিব পাৰে।সময়মতে ইউৰিয়া প্ৰয়োগৰ পিছতো পাতে হালধীয়া বৰণ ধাৰণ কৰিলে সেয়া ছালফাৰৰ অপুৰ্ণতা বুলি ধৰি ল’ব লাগিব।

লেখক: ভাস্কৰ পাঠক (দৈনিক অসম)

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top