অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সেউজ গৃহত কেপচিকাম :

সেউজ গৃহত কেপচিকামৰ বিষয়ে লিখা হৈছে ।

মানৱৰ গৌৰব গাঁথা আৰম্ভ হৈছিল সেইদিনাই, যেতিয়াই ভোকৰ তাড়নাত অলৌ-তলৌকৈ ঘূৰি ফুৰাৰ পৰা নিজকে আতঁৰাই একে ঠাইতে থিতাপি লাগি পানী থকা ঠাইত স্থায়ী ৰূপত বসতি কৰিবলৈ আৰম্ভ কৰিলে৷ মানুহে বনৰীয়া জন্তু, ঠাণ্ডাৰ পৰা বাচিবলৈ জুইৰ ব্যৱহাৰ শিকিলে৷ আজি এইবোৰ কথাকে ভাবি চাইছোঁ৷

১৯৭৩ চনত বিদায় লোৱা একাদশ শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ইংৰাজী বিষয়ৰ চতুৰ্থ পাঠ (ফৰ্থ ৰীডাৰ) মিনু মাসানীয়ে লিখা কিতাপ ‘আৱাৰ গ্ৰউৱিং হিউমেন ফেমিলী’৷ এইখন কিতাপৰ ইংৰাজী আমাৰ কাৰণে বৰ কঠিন আছিল৷

মানবৰ আবিৰ্ভাৱ, সভ্যতাৰ বিকাশ, মাটিৰ অধিকাৰ লৈ মানুহে মানুহে যুদ্ধ, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনা আৰু গঠন ইত্যাদিৰে কিতাপ খনত এইবোৰ কথাই লিপিবদ্ধ আছিল৷

আৰম্ভ হল নদী উপত্যকা ভিত্তিক সভ্যতা৷ জুইৰ ব্যৱহাৰে মানুহক কত’ কি শিকালে, তাৰ হিচাব নোহোৱা হল৷ খেদি খেদি জন্তু চিকাৰ অভ্যাস এৰি জোঙালী লোৱা সৰু হাতৰ মাৰি ডাল নাঙললৈ পৰিবৰ্ত্তন হ’ল৷

মানুহে ঘৰচীয়া জন্তু পালন কৰিবলৈ শিকিলে৷ নাঙল আহি বিভিন্ন ৰূপত পৰিবৰ্ত্তিত হৈ যান্ত্ৰিক যুগত বিভিন্ন ৰূপত সহায়কাৰী ক্ৰিয়াৰূপত সলনি হৈ আহি থাকিল৷

মানুহে চুবুৰী পাতি গাঁও ৰূপত বসবাস কৰিবলৈ শিকিলে৷ পৃথিৱীৰ এটা কোণৰ খেতি ইটো মূৰ পালেগৈ৷ নগৰ আহিল, চহৰ আহিল৷

বজাৰ বহিল৷ বিনিময় প্ৰথা আৰম্ভ হল৷ বজাৰৰ বস্তুৰ লগতে বজাৰৰ নিয়ম নীতিও সুকীয়া হল৷ খেতি কৰা নীতি-নিয়মৰো আমূল পৰিবৰ্তন ঘটিল৷

কৃষি বিপ্লৱ সৌ সিদিনাৰ কথাহে৷ বহুজাতিক কোম্পানীয়ে কৃষিক ব্যৱসায়ৰ আহিলা কৰি লৈ আৰম্ভ কৰিলে অনেক কূটনীতিৰ খেল৷

একোখন দেশে কোনোবা এটা শস্যক নিজ সম্পদ ৰূপত দাবী কৰি আন্তৰ্জাতিক নীতি-নিয়ম কৰাই লৈ বিভিন্ন আইন-কানুন প্ৰৱৰ্ত্তিত কৰিলে৷

ভোক সেই আদিম ৰূপত আজিও একেই থাকিল৷ আগলৈও একে থাকিব৷ ভোকক লৈয়ে ৰাজনীতি চলিব৷ কূটনীতি চলিব৷ দেশনীতি চলিব৷ ভোক সদায় একেই অপৰিবৰ্ত্তিত ৰূপত আছিল, আছে, থাকিবও৷

বজাৰলৈ গ’লে এটা পাচলি শস্য এতিয়াৰ বতৰত চকুত পৰিব৷ সৰু অমিতা সদৃশ সেউজীয়া ফল৷ কেঁচাতে সেউজীয়া, পকিলে কোনোবাটো ৰঙা, কোনোবাটো সোণসেৰীয়া৷ কোনোবাটো হালধীয়া ইত্যাদি বিভিন্ন ৰঙী একে বিধ পাচলিৰ বিভিন্ন ৰঙ৷

ডাঙৰ চহৰবোৰৰ ডিপাৰ্টমেণ্টেল ষ্টোৰবোৰত পলিষ্টাইৰিনৰ পেকেটত সজাই ৰখা পাচলি বিধে মোক নিয়ক, মোক নিয়ক ৰূপত সজাই থোৱা পাব৷ ভোজন ঠেলা পৰিয়ালৰ হৈও ই সুস্বাদু৷ জ্বলা ভাবটো নাই৷ গুণৰ ফালৰ পৰা সৰ্বোৎকৃষ্ট৷

কেঁচাই খাওঁ বুলিলে খাব পাৰে৷ আধা সিজাই খাওঁ বুলিলে খাব পাৰে৷ আমিষ (মাছ, মাংস) আহাৰৰ লগত মিহলাই বনাও বুলিলে বনাব পাৰে৷

নিৰামিষ ৰূপতো যি কোনো পাচলিৰ লগত মিহলি হৈও নিজৰ গুণ এৰি নিদিয়া আৰু আনৰ গুণো নোলোৱা অথচ আন খাদ্যৰ গুণৰ তিলমানো হেৰফেৰ নকৰা এনে হেন পাচলি শস্য কি হব পাৰে?

কওকচোন পাঠক, এণ্টিঅক্সিডেণ্ট গুণ বহনকাৰী, কলেষ্টেৰলবিহীন কোনবিধ শস্যকলৈ মই ইমান দীঘল পাতনি মেলিছোঁ? হয়, ইমান গুণ থকা পাচলি এবিধেই আছে৷ মই কেপচিকামৰ কথাই কৈছোঁ৷

আমেৰিকাৰ পৰা আনি ভাৰতবৰ্ষত এই শস্যক প্ৰথম হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত কৰি দেখুওৱা খেতি হিচাবে পৰিগণিত হল৷

আমাৰ কৃষকে এই খেতিক সেয়ে প্ৰথমে নাম দিলে চিমলা মীৰ্চ৷ মানুহৰ ধাৰণা হল চিমলাত কৰিব পাৰিছে যেতিয়া ই ঠাণ্ডা ঠাইত হোৱা খেতিহে৷

ধাৰণা আৰু ব্যৱহাৰিক জ্ঞানৰ পাৰ্থক্য আকাশ-পাতালৰ দৰে৷ স্বাধীনতাৰ পিচৰ বহু বছৰলৈকে ভাৰতবৰ্ষত এই খেতিক লৈ গৱেষণা নচলিল৷ খেতিৰ প্ৰসাৰো নঘটিল৷ আমাৰ অসমতো একেই ধাৰণা বহু দিনলৈ বৰ্ত্তি থাকিল৷

ধৰিয়ে ললে এই খেতিৰ কাৰণে ঠাণ্ডা পৰিবেশ লাগিব৷ নব্বৈৰ দশকত প্লাষ্টিক আহি খেতিত সোমাল৷ খেতিত প্লাষ্টিকৰ ব্যৱহাৰ হোৱা ইতিহাসো ২য় মহাযুদ্ধৰ পিচৰ পৰাহে৷ পোহৰ সৰকিব পৰা ঘৰত সূৰ্যৰশ্মিক আবদ্ধ কৰি তাপ শক্তিলৈ ৰূপান্তৰিত কৰা কৌশল গ্ৰীচৰ ৰজা টিবেটিয়াচ চীজাৰৰ দিনতে আবিষ্কাৰ হোৱা৷

ই বহুত পুৰণি তথ্য৷ ১৪-৩৭ খ্ৰীষ্টাব্দৰ কথা৷ ডাক্টৰে ৰজাক দৈনিক একোটা তিয়ঁহ খাবলৈ কৈছিল৷ ৰজাৰ আদেশানুযায়ী পাৰিষদবৰ্গই পোহৰ সৰকিব পৰা শিল ব্যৱহাৰ কৰি সৰু ঘৰ এটাত তিয়ঁহ খেতিৰ ব্যৱস্থা কৰি লৈছিল৷

এইটো সকলোৱে জনা কথা যে তিয়ঁহ খেতিৰ বাবে মজলীয়া গৰম লাগে৷ কবলৈ গলে খ্ৰীষ্টপূৰ্ব ৪০০০ হাজাৰ বছৰৰ আগেয়েই ঠাণ্ডা পৰিবেশক গৰম কৰি খেতি কৰিব পৰা কৌশলৰ ধাৰণা মানুহে আবিষ্কাৰ কৰিছিল৷

ইউৰোপৰ ভৌগালিক অৱস্থানৰ কাৰণেই ঠাণ্ডা জলবায়ুৰ প্ৰভাবত খেতিৰ পৰিবেশ আমাৰ দৰে নহয়৷ মজলীয়া উষ্ণতাৰ বাবেই সেউজ গৃহৰ আৰ্হিৰ ঘৰ অতীব প্ৰয়োজনীয়৷ ভাৰতৰ দৰে গৰম, উষ্ণ, ঠাণ্ডা সকলো পৰিবেশ থকা ঠাই পৃথিৱীৰ ক’তো নাই৷

ই ভৌগালিক ভাবে ঈশ্বৰৰ দান৷ সময়ৰ সোঁতত মানুহে পৰিবেশক নিয়ন্ত্ৰণ কৰা নানা কৌশল আবিষ্কাৰ কৰিলে৷

কোনোবাটো কৌশল হয় বেছি খৰচী কিন্তু স্থায়ী, কোনোবাটো কৌশল কম খৰচী যদিও অস্থায়ী৷ কোনোবাটো কৌশলৰ বাণিজ্যিক প্ৰয়োগৰ কোনো উপায় নাই৷

কোনোবাটো কৌশল প্ৰাকৃতিক পৰিবেশৰ লগত খাপ নোখোৱা অথচ খাপ খুৱাবলৈ অত্যধিক খৰচৰ বাট মুকলি হোৱা ইত্যাদি বিভিন্ন কাৰণত সেউজ গৃহৰ মতাদৰ্শই খেতিয়কৰ মনত স্থায়ী ৰূপত প্ৰভাব পেলাব নোৱাৰিলে৷

এইদৰে আহি আহি ২য় বিশ্বযুদ্ধৰ শেষৰ ফালে আমেৰিকাৰ ডেভিচত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত পলিইথাইলিন আবিষ্কাৰ হল৷

এই পদাৰ্থবিধে গোটেই বিশ্বত বিভিন্ন ক্ষেত্ৰত আমূল পৰিবৰ্ত্তন আনিলে৷ মানুহৰ দৈনন্দিন প্ৰয়োজনৰ বহুত বস্তু প্লাষ্টিকেৰে তৈয়াৰী হৈ আহিল৷

তাৰেই ভিতৰত উল্লেখনীয় এক পৰিবৰ্ত্তন হল সেউজ গৃহৰ মূল উপাদান গৃহটোৰ ঢাকোন স্বৰূপ বহুল খৰচী কাঁচখনৰ ঠাইত কমখৰচী আৰু সকলো পৰিবেশতে কামত অহা প্লাষ্টিকখন৷

প্লাষ্টিকৰ ইলাষ্টিক গুণৰ কাৰণে গৰমত দীঘল-চুটি বা বহল-সংকুচিত হব পৰা গুণৰ কাৰণে সহজ ৰূপতে পলিইথালিনৰ ব্যৱহাৰে সেউজ গৃহৰ উপকাৰিতাক সোণত সুৱগা চৰালে৷ এতিয়া লাডাখত থকা ভাৰতীয় সৈন্যৰ দৈনিক প্ৰয়োজনীয় পাচলিৰ এটা অংশ পূৰায় মাটিত গাত খান্দি পলিইথালিনৰে ঢাকি সূৰ্য ৰশ্মিক গাতৰ ভিতৰত আবদ্ধ কৰি গাতৰ ভিতৰৰ ঠাণ্ডাক গৰমলৈ ৰূপান্তৰ কৰি ঠাইতে প্ৰস্তুত কৰি লোৱা বিধিয়ে৷

পলিইথালিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় সেনা বাহিনী আমাৰ কৃষি গৱেষণা পৰিষদতকৈ আগুৱাই আছে৷ এই ক্ষেত্ৰত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ নাম লবই লাগিব৷ আমাৰ অসমৰ তেজপুৰতো এটা তেনেকুৱা লেবৰেটৰীয়ে কাম চলাই আছে৷

পলিইথাইলিনৰ সেউজ গৃহটোৰ বাণিজ্যিক লাভাংশ তিনিটা মূল খেতিলৈ যায়৷ বিলাহী, কেপচিকাম আৰু তিয়ঁহ৷

ই বিশ্বৰ পৰ্য্যায়ত খাপ খায়৷ এই কেইটা পাচলি খেতি আৰু দীঘলীয়াকৈ মুকলিত কৰিব পৰা সময় বাদ দিও অসময়ত আবতৰীয়া ৰূপতো কৰি সৰহ উৎপাদন আৰু অধিক লাভ কৰিব পাৰি৷ যদিও প্ৰাকৃতিক পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কৰিব পাৰি সেউজ গৃহটোত অন্য শস্য কৰিব পৰা-নোৱাৰা শস্যানুযায়ী নিৰ্ণয় কৰা হয়৷

আজিৰ আলোচনাৰ মূল বিষয় কেপচিকাম৷ অসমৰ কৃষক, গ্ৰাহকে কেপচিকাম চিনি পায়৷ খেতিও কৰিছে৷ মাথোঁন এই খেতিৰ বিধিবোৰ নজনাকৈ খেতি কৰি বজাৰলৈ সৰু আকৃতিৰ টেটেৰা-মেমেৰা ফলবোৰ পঠিয়াই আত্মসন্তুষ্টিত ভুগি আছে৷

খুউব কম সংখ্যক খেতিয়কেহে কেপচিকাম খেতিৰ বিষয়ে অভিজ্ঞতা আঁহৰণ কৰিছে৷ যিকেইটা শ্বিলঙৰ পাহাৰৰ পৰা নামি আহিছে সেইকেইটাকে গ্ৰাহকে অধিক দাম দি কিনি খাইছে৷

দামী শস্য বুলি দামী হোটেলৰ টেবুলতো শোভা বঢ়াইছে৷ এই কেপচিকামৰ খেতি অতি সহজেই কৰিব পাৰি৷

আহক আমি বিধিমতে আগ বাঢ়োঁ৷

কেপচিকাম গছজোপাৰ ইংৰাজী নাম Capsicum বা Sweet pepper৷ বৈজ্ঞানিক নাম Capsicum annuum var. Grossum৷

এই গছজোপাৰ মূল জন্মভূমি দক্ষিণ আমেৰিকাৰ উত্তৰ-পশ্চিম অংশ৷ এতিয়া এই খেতিয়ে গোটেই বিশ্বতেই প্ৰসাৰ লাভ কৰিছে৷

বিশ্বৰ বজাৰত পকি ৰঙা হোৱা জাতৰ ব্যৱহাৰ ৫৫ শতাংশ৷ পকি হালধীয়া হোৱা বজাৰ ২০ শতাংশ৷ বাকী অন্য ৰঙৰবোৰ মাত্ৰ ৫ শতাংশ৷

বাকী থাকিল নপকাকৈ থকা কেঁচা সেউজীয়া কেপচিকাম৷ এইখন বজাৰো মাত্ৰ ৫ শতাংশ৷ আমাৰ অসমত সেউজীয়া কেপচিকামহে দেখা যায়৷

সেউজ গৃহৰ কাৰণে বাছনি কৰা খেতিৰ ভিতৰত কেপচিকামেই আগভাগ পায়৷ পৰিবেশৰ ফালৰ পৰা কেপচিকাম ইষৎ উষ্ণ ঠাইৰ খেতি৷ উদ্ভিদতত্ত্বৰ ফালৰ পৰা এই গছজোপাৰ এটা বিশেষত্ব আছে৷ এই বিশেষত্ব হ’ল- ডাল মেলা প্ৰক্ৰিয়া৷ পুলি প্ৰস্তুত হৈ ৰোৱাৰ পৰা ডেৰ মাহৰ পিচতেই গছজোপাই ডাল মেলিবলৈ ধৰে৷

ডাল মেলে দুটা ভাগত৷ কেতিয়াবা তিনিটা হোৱাও দেখা যায়৷ দুটা ডাল মেলা অংশতে এটা ফুলৰ কলি ওলায়৷ তিনিটা ডাল ওলোৱা বোৰত দুটা ফুলৰ কলি দেখা যায়৷ এই ফুল কলিটোক ক্ৰাউন বাড বুলি নামকৰণ কৰা হৈছে৷

প্ৰায় এসপ্তাহৰ ভিতৰতে ওপৰলৈ মেলা প্ৰতিটো ডাল আকৌ দুভাগত বিভক্ত হয়৷ লগতে বিভক্ত হোৱা অংশতে একোটা ফুল কলি ওলায়৷ এইদৰে একৰ পৰা দুই, দুইৰ পৰা চাৰি, চাৰিৰ পৰা আঠ, আঠৰ পৰা ষোল্ল, ষোল্লৰ পৰা বত্ৰিশ, বত্ৰিশৰ পৰা চৌষষ্ঠি৷

বিনিময়ত আহাৰৰ বাবে প্ৰতিযোগিতা আৰু ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ ফুলবোৰ স্বপৰাগ সংযোগ হৈ ফললৈ বিকাশ হওঁতে সৰু হৈ পৰে৷ আকাৰত সৰু হৈ ৰোৱা ফলবোৰ খাবলৈও সোৱাদ নহয়৷ কবলৈ গলে ই কোনো ব্যৱসায়ৰ ৰূপ লব নোৱাৰে৷

কেপচিকাম ফলত যিমানেই গুটি হবলৈ দিব সিমানেই বাকলিও ডাঠ হব, সোৱাদযুক্ত হব আৰু লগতে ওজনো বাঢ়িব৷

এই কথাবোৰৰ প্ৰতি লক্ষ্য ৰাখি কেপচিকাম পুলিটো লগোৱাৰ পাচত প্ৰথম কলি দেখাৰ লগে লগে এই ক্ৰাউন বাডটো আঁতৰাই দি ওপৰৰ ডালৰ চাৰিটা ডালৰ সৰু ডাল দুটা কাটি আঁতৰাই দিয়া হয়৷

এই প্ৰক্ৰিয়াৰে ফলবোৰ ৰাখি দুটা ডাল হিচাবেই মূল গছজোপাত ডাল থাকিব দিয়া হয়৷ একো নকৰিলে মূল গছজোপা চাপৰ হৈয়ে থাকে৷ ডাল আঁতৰালে মূল ডাল দুটা বাঢ়ি গৈ থাকে আৰু ফলৰ ওজনৰ ভৰত বাগৰি ভাগি পৰাৰ পৰা বিৰত ৰাখিবলৈ ডাল দুটাক আশ্ৰয়ৰ প্ৰয়োজন হয়৷

হয় ওখ খুটিত কাষৰ পৰা বান্ধি, নহলে ওপৰৰ পৰা ওলমোৱা ৰচীত বান্ধি গছজোপাক নিৰাপদে ডাঙৰ কৰিব পাৰি৷

আমাৰ অসমৰ জলবায়ু কেপচিকামৰ কাৰণে উপযুক্ত নহয়৷ মুকলিত কৰিবলৈ ঠাণ্ডা আৰু গৰম দুয়োটা মাত্ৰাধিক৷ ওপৰত কোৱা এই গোটেই প্ৰক্ৰিয়াখিনি আমাৰ অসমৰ প্ৰাকৃতিক বাতাবৰণৰ পৰা ফালৰি কাটি কম খৰচী চাৰিওদিশ খোলা বাঁহেৰে সজা সেউজ গৃহত কৰিব পাৰি আৰু গোটে ১৫০-৩০০ গ্ৰাম ওজনৰ কেপচিকাম ফল উৎপাদন কৰিব পাৰি৷

আমাৰ অসমত কেপচিকাম কৰাৰ উপযুক্ত সময়ঃ ছেপ্তেম্বৰত পুলিৰ বাবে গুটি সিঁচি অক্টোবৰৰ পুলি মূল সেউজ গৃহত লগাই নবেম্বৰ মাহৰ মাজত প্ৰথম ডাল কটা কাম কৰি মূল গছজোপাত ৮-১০টা ফল পাব পাৰি৷

গোটেই গছজোপাত যিহেতু বহু ফলৰ সলনি আঠোটা বা দহোটা ফলহে লাগিবলৈ দিয়া হয় তাৰ কাৰণেই গছবোৰ শাৰীবদ্ধ ৰূপত কম দুৰত্বত ৰুই সৰু পৰিসৰতে সৰহ সংখ্যাত, ৰোৱাৰ পৰা শেষ ফচল চপোৱালৈ প্ৰায় সাত মাহৰ ভিতৰতে লাভ কৰি এজন সফল খেতিয়ক হব পাৰি৷

আহক, আমি পৰিবেশৰ লগত খাপ খুৱাই এশ বৰ্গমিটাৰৰ এটা চাৰিওদিশ খোলা সেউজ গৃহ সাজোঁ৷ তাৰ কাৰণে পোন্ধৰৰ পৰা বিশ হাজাৰ টকা খৰচ হব৷

আপোনাক প্ৰয়োজন হব মাত্ৰ কেইটামান মূল বস্তু৷ এই ঘৰটোত লগোৱা খুটাবোৰৰ দুই-চাৰিটা দুবছৰ মানৰ পিচত সলাবলগীয়াত পৰে৷ পলিইথালিনখনো মোহাৰি ধুই পৰিষ্কাৰ কৰি ছবছৰ মানলৈ ব্যৱহাৰ কৰিব পাৰি৷

১৷ প্ৰথমে সম্পূৰ্ণ ৰ’দ ঘাই ওখ ঠাই এটুকুৰা বাচি লওক৷ মাটি টুকুৰা পাচ মিটাৰ বহল আৰু বিশ মিটাৰ দীঘল ঘৰ এটা বহাবৰ জোখেৰে হলেই হব৷

২৷ মনত ৰাখিব ঘৰটোৰ ওপৰত কোনো প্ৰকাৰৰ ছাঁ পৰিব নোৱাৰিব৷

৩৷ ঘৰটোৰ ভিতৰলৈ কাষৰ মাটিৰ পৰা পানী বাগৰি নাহিবৰ কাৰণে পোন্ধৰ চেণ্টিমিটাৰ ওখ হোৱাকৈ সাৰুৱা মাটি ভৰাই ওখ কৰি লওক৷

৪৷ অসম আৰ্হিৰ ঘৰটোৰ উচ্চতা দুয়ো কাষে দুই মিটাৰ আৰু মুধচৰ উচ্চতা তিনি মিটাৰ ৰাখিব লাগিব৷ এই উচ্চতা অসমৰ প্ৰাকৃতিক অৱস্থান আৰু বতাহ-বৰষুণৰ লগত খাপ খুৱাই নিৰ্ণয় কৰা হৈছে৷

৫৷ এনেকুৱা ঘৰটোৰ আৰ্হি অনুযায়ী বনাবলৈ আপোনাক চল্লিশটা গোটা বাঁহৰ প্ৰয়োজন হব৷

৬৷ আঢ়ৈ মিটাৰ জোখৰ কাষৰ মূল খুটা আঠোটাকৈ ষোল্লটা আৰু মাজত দুই মূৰ ধৰি মুধচৰ বাবে মুঠ চাৰিটা চাৰে তিনি মিটাৰ জোখৰ গুৰি খুটাৰ প্ৰয়োজন হব৷ মাৰলীও আহল-বহল অনুযায়ী হব৷

৭৷ ওপৰৰ চালিখনৰ বাবে ৰাহি হোৱা অংশৰ পৰাই ওলাব৷ বৈ দিয়া চালিখনৰ ফাকবোৰ ২০চেণ্টিমিটাৰ ব্যৱধানত ৰাখিব৷ ইয়াতকৈ ঘন হলে ছাঁ পৰিব আৰু ইয়াতকৈ বহল হলে বাৰিষাৰ বৰষুণৰ পানীৰ ওজনে হেঁচা মাৰি পলিইথাইলিনখন বহল কৰি ফাকবোৰৰ কোনোবা এখিনিত সোমাই চালিখন ভাঙি পেলাবও পাৰে৷

৮৷ মনত ৰাখিব ওপৰত জাপিবলগীয়া চালিখনৰ জোঙা অংশ ক’তো ওপৰলৈ মূৰ কৰি উলিয়াই নাৰাখিব৷ নহলে বতাহৰ কোবত ঘঁহনি খাই পলিইথাইলিনখন ফাটিব পাৰে৷ সেয়ে চালিখন এখন নহৈ তিনিখন টুকুৰা হিচাবে বনাই তুলিলেও চলিব৷ একোখন চালি মুঠ ছয় মিটাৰ বহল হব৷ একোখন চালিৰ দীঘ চাৰে ছয় মিটাৰ ৰাখিব৷

৯৷ এতিয়া ওপৰত যধে-মধে ফুটা নকৰাকৈ সাৱধানেৰে বান্ধি দিবলগীয়া পলিইথালিনখন হব বিশেষ বাবে তৈয়াৰী ০.০২ চেণ্টিমিটাৰ (২০০ মাইক্ৰন) ডাঠ, সাত মিটাৰ বহল আৰু একৈশ মিটাৰ দীঘল জোখৰ আলট্ৰা ভায়োলেট লাইট (অতি বেঙুনীয়া ৰশ্মি) প্ৰতিৰোধক মিহলি স্বচ্ছ পলিইথাইলিন৷

ইচ্ছা কৰিলে এনেকুৱা সেউজ গৃহ আৰচিচি ঘৰৰ ওপৰৰ চাদতো সাজি থাৰ্মোকোলৰ বাকচত মাটি, গোবৰ সাৰ ভৰাইও খেতি কৰিব পাৰোঁ৷

এনেকুৱা এটা সেউজ গৃহত আধা অংশত আবতৰীয়া কেপচিকাম আৰু আবতৰীয়া বিলাহী খেতি কৰি আমাৰ দৈনিক প্ৰয়োজনীয় পাচলি উত্পাদন কৰি লব পাৰোঁ আৰু তাৰে দুই-চাৰিটা ওচৰ-চুবুৰীয়াক বিলাই সদ্ভাৱ-সম্প্ৰীতি বঢ়াই তুলি আমাৰ স্বাস্থ্য ৰক্ষাই কৰি আমি লগতে বহুত সুখীও হব পাৰিম৷

লেখক: ড° লোচন শইকীয়া

ফোন নং: ৯১০১৭৬১২১৪

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top