মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / সেউজগৃহৰ খেতি বা আবতৰীয়া বা আগতীয়া উদ্যানশস্য উৎপাদনত পলিহাউছৰ ভূমিকা আৰু কৃষি কৌশল:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সেউজগৃহৰ খেতি বা আবতৰীয়া বা আগতীয়া উদ্যানশস্য উৎপাদনত পলিহাউছৰ ভূমিকা আৰু কৃষি কৌশল:

সেউজগৃহৰ খেতি বা আবতৰীয়া বা আগতীয়া উদ্যানশস্য উৎপাদনত পলিহাউছৰ ভূমিকা আৰু কৃষি কৌশলৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ প্ৰতিজন কৃষকৰে অসমৰ বতৰ, জলবায়ু আৰু পৰিৱেচৰ ওপৰত গভীৰ অভিজ্ঞতা আছে। বতৰৰ শস্য বতৰত পাবলৈ বতৰত সিঁচিব বা ৰুবই লাগিব। সেইটোও কৃষকে ভালদৰে জানে। অথচ মানুহৰ দৈনিক চাহিদালৈ চাই বছৰটোৰ সকলো দিনতে প্ৰয়োজন হোৱা বহুবিধ শাক-পাচলি লাগে বুলিলেই সহজে পোৱা নাযায়। আমাৰ বজাৰত প্ৰায় সদায়েই উপলব্ধ হোৱা বিলাহী, কেপচিকাম, তিঁয়হ, পালেং, ধনিয়া ইত্যাদিৰ দামবোৰ বছৰটোৰ বিভিন্ন সময়ত, পৰশি চালেই বুজা যায় যে বতৰৰ সামান্য এটা অংশতহে এইবোৰ খেতি কৰিব পাৰি। অৰ্থাৎ যেতিয়া কৰিব পাৰি তেতিয়া উভৈনদী হৈ উৎপাদন হয়, পিছে দামহে কম পোৱা যায়। আমাৰ ইয়াত সকলো সময়ত উৎপাদন নহয় কাৰণে বাহিৰৰ পৰা আহে, লগতে দামো বেছি। তেনেহ’লে অন্য সময়ত নোহোৱাৰ কাৰণবোৰ কি? আমাৰ ইয়াত কৰিব পৰা যাবনে? দাম দেখোন পোৱা যাবই। কৰিবলৈ কি কৰিব লাগিব? ইত্যাদি প্ৰশ্নবোৰৰ উত্তৰ নাইনে?

অসমৰ প্ৰাকৃতিক পৰিৱেশত বৰষুণৰ ভাল-বেয়া দুয়োটা প্ৰভাৱৰ বিষয়ে কোনেও নুই কৰিব নোৱাৰে। বৰষুণৰ ফলত গছৰ গুৰিত মাত্ৰাধিক পানী, বেমাৰৰ প্ৰকোপ, বন-বাতৰ কুপ্ৰভাৱ, অন্তৰ্ৱতী পৰিচৰ্যাৰ অসুবিধা ইত্যাদি একাধিক কাৰণত উল্লেখ কৰা খেতিবোৰ অনুকুল বতৰৰ বাহিৰে অন্য সময়ত কৰিব নোৱাৰি। বছৰটোৰ বিভিন্ন ঋতুত উপলব্ধ হোৱা নিম্ন আৰু উচ্চ তাপমানৰ ফলতো এই খেতিবোৰ কৰিব নোৱৰা হৈ পৰে।

কৃষিত নতুন নতুন কৌশল প্ৰয়োগ হৈ অহাটো যুগধৰ্ম। বাহিৰৰ উন্নত দেশবোৰে ন ন আৱিষ্কাৰেৰে কাহানিবাই আমাতকৈ আগুৱাই গ’ল। আমিহে এতিয়াও আওপুৰণি কৃষি পদ্ধতি সাবটি, খাই-বৈ জীয়াই থকা কৃষিতে ধৰি আছোঁ। আগবঢ়া দেশবোৰত কৃষি কৰা প্ৰাকৃতিক পৰিৱেশ নাথাকিলেও, পৰিৱেশ সৃষ্টি কৰিবৰ বাবে সেউজগৃহ সাজি তাৰ ভিতৰত বহুতো শস্যৰ খেতি কৰি কৃষিত বিপ্লৱ আনিছে। সূৰ্যৰ ৰশ্মিৰ তাপ ধৰি বা শস্যৰ প্ৰয়োজনীয় মাত্ৰাত এঙাৰ গেছ, আপেক্ষিক আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰি, প্ৰয়োজনীয় পানী দিয়াৰ ন-কৌশলেৰে সেউজগৃহত খেতি কৰা হয়। আমাৰ অসমতো সেউজগৃহ ব্যৱহাৰ কৰিব পাৰি। পাৰি মানে কম খৰচতে পাৰি। এই প্ৰবন্ধত সেউজগৃহ নিৰ্মাণ পদ্ধতি আৰু তাত কৰিব পৰা কৃষিক্ৰম অৱগত কৰাটোৱেই মূল উদ্দেশ্য, যাতে অসমতো আবতৰীয়াকৈ খেতি কৰি উৎপাদন বঢ়াব পৰোঁ আৰু লগতে খেতিয়কক আৰ্থিকভাৱে সবল কৰি তুলিব পাৰোঁ।

অসমৰ প্ৰকৃতিক পৰিৱেশত বিলাহী, কেপচিকাম, তিয়ঁহ ইত্যাদি খেতিবোৰ ভালদৰে দীৰ্ঘকালীনভাৱে কৰিব নোৱৰাৰ মূল কাৰণ বৰষুণ আৰু সামান্যভাৱে তাপমাত্ৰাই কাৰণ। অসমত বাঁহ সহজেই উৎপন্ন হয় আৰু দামো কম। অধিক দামী সেউজগৃহ নাসাজি কম খৰচত সাজিব পৰা সেউজগৃহৰ বাবে প্ৰয়োজনীয় বস্তুকেইটা হ’ল- জাতি বাঁহ, সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মিত নষ্ট নোহোৱা ২০০ মাইক্ৰন বা ০.০২ চে.মি. ডাঠ আৰু স্বচ্ছ পোহৰ সৰকিব পৰা পলিইথাইলিন বা তাতোকৈ ডাঙৰ হোৱা বাঞ্ছনীয়। সেউজগৃহটো নিৰ্মাণ কৰোঁতে প্ৰাকৃতিক পৰিৱেশ যেনে- বতাহৰ গতিবেগ, দিশ, পোহৰ-ছাঁৰ প্ৰভাৱ, উচ্চতাৰ লগত তাপৰ সম্পৰ্ক আৰু খৰচ জেই তথ্যবোৰ মনত ৰাখি নিৰ্মাণ কৰা হয়।

সেউজগৃহটো সাজি লৈ গোটেই বছৰজুৰি খেতি কৰিলেহে লাভ হয়।

প্লাষ্টিকগৃহত বছৰজোৰা শস্যক্ৰম -

অসমত ঋতু অনুযায়ী উপলব্ধ হোৱা ছয়োটা ঋতুৰ লগত খাপ খুৱাই যিবোৰ শাক-পাচলিৰ খেতি কৰা হয়, তাৰ ভিতৰত প্লাষ্টিকগৃহত কৰিব পৰা লাভজনক খেতি হিচাপে বাছি লোৱা শস্যকেইটা হ’ল- বিলাহী, কেপচিকাম, পালেং আৰু তিয়ঁহ। এই কেউটা শস্য বাছি লোৱাৰ মূল কাৰণ হ’ল আবতৰীয়াকৈ উৎপাদন কৰি অধিক আৰ্থিক লাভ কৰা। যিটো সময়ত মুকলি মাটিত খেতি কৰাৰ বাতাৱৰণ থাকে, সেই সময়ত এই আটাইকেউটা শস্য সেউজঘৰটোত কৰা মানে লোকচান খোৱা। বৰষুণ বা তাপৰ কাৰণে খেতি কৰিব নোৱৰা সময়ত কৰাৰ অৰ্থ হ’ল অধিক উৎপাদন আৰু বেছি লাভ। এতিয়া কথা হ’ল কেতিয়া, কোনটো খেতি আবতৰীয়াকৈ কৰিব তাৰ সময় ঠিক কৰা আৰু কৌশল জনা। অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত অৱস্থিত সুনিৰ্দিষ্ট বা নিখুত পাম পৰিচালনা আঁচনিৰ(প্ৰিচিছন ফাৰ্ম ডেভেলপমেন্ট চেন্টাৰ) যোগেদি উপলব্ধ হোৱা কামৰ পৰা ক’ব পৰা হৈছে যে বাছি লোৱা শস্যকেইটা কৰোঁতে তলত দিয়া সময়সূচী মানি চলিব লাগিব।

শস্য

পুলি পচোৱা সময়

মূল খেতিৰ সময়

বিলাহী

ফেব্ৰুৱাৰী

মাৰ্চ-জুন

পালেং শাক

-

জুন-আগষ্ট

কেপচিকাম

আগষ্ট

ছেপ্টেম্বৰ-মাৰ্চ

তিয়ঁহ

নৱেম্বৰ

ফেব্ৰুৱাৰী

 

*ইচ্ছা কৰিলে গোটেই বছৰ কৰিব পাৰি।

আবতৰীয়া বিলাহী খেতি -

শীতকালীন বিলাহী খেতিৰ পাছতে বসন্ত ঋতু আহে। মানে চ’ত-ব’হাগ। বসন্তৰ লগে লগে আগবাৰিষা। তাৰ পাছত বৰষুণৰ পৰিমাণ মাত্ৰাধিক। এই সময়ছোৱাত প্ৰয়োজনতকৈ অধিক উচ্চ তাপমান, বেমাৰ আৱিৰ্ভাৱ, ফুলৰ পৰাগ সংযোগ কম হোৱা, কম ফল লগা ইত্যাদি বিভিন্ন কাৰণত মুকলি মাটিত বিলাহী খেতি কৰা সম্ভৱ নহয়। পলীথালিনৰ সেউজগৃহটো অৰ্থাৎ সেউজঘৰটো এনেকুৱা সময়তে কামত আহে।

জাত নিৰ্বাচন:

প্লাষ্টিকগৃহত লগোৱা খেতিবোৰৰ এটা বিশেষ থাকিবলগীয়া গুণ হ’ল যি শস্য বাছি লোৱা হয়, তেনে শস্য কেইবাবাৰো চপাব বা ছিঙিব বা তুলিব পৰা হ’ব লাগে আৰু দামো যাতে অধিক পোৱা যায়। এই দুটা কথা ইয়াৰ পূৰ্বচৰ্ত। বিলাহীৰ তেনেকুৱা বাৰে বাৰে দীঘলীয়াকৈ ছিঙিব পৰা জাতবোৰ নিৰ্বাচন কৰাটো অতি প্ৰয়োজনীয় কাম। অসম কৃষি বিশ্ববিদ্যালয়ত তেনেকুৱা আবতৰীয়া বিলাহীৰ খেতি কৰি ভাল উৎপাদন পোৱা জাতসমূহৰ নাম হ’ল অবিনাশ-১, অবিনাশ- ২, ৰকী, অৰ্ক শ্ৰেষ্ঠ, অৰ্ক অভিজিত, নামধাৰী সুৰক্ষা, আম্লিক, অল ৰাইণ্ডাৰ ৭৬৮, ইত্যাদি। এই বীজবোৰৰ ১০ গ্ৰামৰ দাম ৫০০ টকাৰ পৰা ৯০০ টকা। অৱশ্যে দাম চাই কাম হ’লে বৰ ভাল। ১০ গ্ৰাম গুটিৰ পৰা ১১০০-১২০০ পুলি পোৱা যায়।

আবতৰীয়া বতৰৰ খেতিৰ বাবে গুটি সিঁচা সময়:

জহকালি উৎপাদন পাবলৈ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ। জাৰকালি আগতীয়া উৎপাদন পাবলৈ আগষ্টৰ পৰা ছেপ্টেম্বৰ। অসমত মূল বিলাহী খেতি অক্টোবৰ মাহতহে আৰম্ভ হয়।

পুলি তৈয়াৰ কৰা পদ্ধতি:

সচৰাচৰ বিলাহীত হোৱা মাটিৰ পৰা সোঁচৰা বেমাৰৰ পৰা হাত সাৰিবৰ বাবে পুলি ভেটিত কিছুমান নিয়ম মানি চলা হয়। নিৰ্বাচিত ৰ’দঘাই ঠাইত পাতল(১০-২৫ মাইক্ৰন) পলিইথালিনেৰে ঢাকিবৰ সুবিধা কৰি লোৱাৰ আগতে চহ কৰি লোৱা পুলি ভেটিত ৪ শতাংশ ফৰমেলিন ঔষধেৰে ১০-১৫ চে.মি. তললৈকে তিয়াই তিনিদিন পলিইথালিনখনেৰে ঢাকি পাছত মাটিখিনি ভালদৰে লুটিয়াই ভালদৰে শুকুৱাব লাগে।

সাধাৰণতে পলিইথালিনৰ ঘৰটোত বেক্টেৰিয়াজনিত কাৰণত হোৱা বিলাহী গছ লেৰেলি যোৱা বেমাৰে বিলাহীৰ খেতি ধ্বংস কৰি পেলায়। এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ গুটি পচাওঁতেই সাৱধানতা ল’ব লাগে। গুটি সদায় সৰু ফুটা থকা ‘পুলি পচোৱা ট্ৰে’ত পচাব লাগে। নতুবা পলিবেগত পচাব পাৰি। গুটি পচোৱাৰ আগতে কেপটান ২ মিলিগ্ৰাম প্ৰতিলিতাৰ পানীত গুলি লৈ সে ট্ৰে’ বা বেগত ভৰোৱা মাটিখিনি সংশোধন কৰি ল’ব লাগিব। মূল কথাটো হ’ল উঘালি ৰোৱা পেলায় আৰু পাছলৈ গছজোপা মৰি থাকে।

সেউজগৃহৰ মাটি প্ৰস্তুতি:

বিলাহী গছবোৰ মাটিত ৰোৱাৰ আগেয়ে ১ কুইন্টল অৰ্থাৎ ২০ পাচি পচনসাৰ মাটিত প্ৰয়োগ কৰি মিহলাই ল’ব লাগে।

পুলি ৰোৱা দূৰত্ব:

ব্যৱহাৰ কৰা ডাঙৰ জাতবোৰক যথেষ্ট ঠইৰ প্ৰয়োজন। সেয়ে শাৰীৰ পৰা শাৰীলৈ দূৰত্ব ৭০ চে.মি. পুলিৰ পৰা পুলিলৈ ৬০ চে.মি আঁতৰ। এই হিচাপত ১০০ বৰ্গ মিটাৰত ২১৭ জোপা গছ লগাব পাৰিব।

গছ বাগৰি নাযাবলৈ ৰছী বা খুঁটিৰ সহায়:

বিলাহী পুলি ৰোৱাৰ পৰা এমাহৰ ভিতৰতে পুলিবোৰ ডাঙৰ হৈ উঠে। গছৰ গুৰিত পুলিৰ কাষৰ পৰা সামান্য মাটি চপোৱা আৰু ওখ বাঁহৰ খুটি পুতি বিলাহী গছজোপাক হাওলি নোযোৱাকৈ ৰখা ব্যৱস্থ অতি প্ৰয়োজন। কিন্তু খুঁটিৰ ব্যৱহাৰ ব্যয়বহুল। তাৰ পৰিৱৰ্তে ওপৰৰ মাৰলিৰ পৰা ওলোমোৱা ৰছী ব্যৱহাৰ কৰি বা ৰছীৰে কাষৰ পৰা জেওৰা বোৱাদি থিয়কৈ ৩০ চে.মি. আঁতৰে আঁতৰে দুভাগ ৰছীৰে গছৰ ইফালে-সিফালে পকাই নি খৰচ কমাবও পাৰি। কামটোও সুবিধাজনক হয়।

সাৰ প্ৰয়োগ:

১০০ বৰ্গমিটাৰ জোখৰ সেউজঘৰটোৰ বাবে অনুমোদন জনোৱা সাৰৰ পৰিমাণ হ’ল- ১ কুইন্টল বা ২০ পাচি পচনসাৰ, ১.৭ কেজি ইউৰিয়া, ৩.৭ কেজি একক ছুপাৰ ফছফেট আৰু ১ কেজি মিউৰিয়েট অৱ পটাছ। তাৰে নাইট্ৰ’জেনখিনি দুভাগ কৰি ১/২ ভাগ অন্য সাৰৰ সৈতে মাটি তৈয়াৰ কৰোঁতেই আৰু বাকীখিনি নাইট্ৰ’জেন এমাহ পাছত পুলিৰ কাষত প্ৰয়োগ কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়ত উৎপাদন হোৱা আবতৰীয়া বিলাহী খেতিৰ তথ্য -

মুঠ খৰচ: ১০০ বৰ্গ মিটাৰত ৪৫০০ টকা:

বিলাহী জাত

ফলৰ সংখ্যা গছে প্ৰতি

গড় ওজন(গ্ৰাম)

গছে প্ৰতি ফলৰ ওজন(কেজি)

উৎপাদন ১০০ বৰ্গ মিটাৰত(কেজি)

খৰচ: লাভ(টকাত টকা

অৰ্ক অভিজিত

৩৬

৬৯

২.৫

৫৪২

১:১:৪০

অৰ্ক শ্ৰেষ্ঠ

৩৩

৭২

২.৪

৫২০

১:১:৩১

নামধাৰী সুৰক্ষা

৪৫

৭৩

৩.৩

৭১৬

১:২:১৮

অলৰাউণ্ডাৰ

৫০

৮০

৮৬৮

১:২:৮৫

আবিনাশ-১

৭০

৮৫

১২২৫

১:৩

 

আবতৰীয়া পালেং -

পালেং শাক অসমত জাৰকালিৰ খেতি। মানে নৱেম্বৰৰ পৰা জানুৱাৰী বা ফেব্ৰুৱাৰী। তাৰ পাছত গৰম বঢ়াৰ লগে লগে, লগতে বৰষুণৰ বাবে কৰিব নোৱাৰি। আনহাতেদি জুনৰ পৰা আগষ্টলৈকে অন্য শস্য পলিহাউছৰ ভিতৰত বেছি গৰমৰ সময়ছোৱাতো বৰ ভালদৰে কৰিব পাৰি। অৰ্থাৎ আবতৰীয়াকৈ উৎপাদন হয় লগতে ভাল দামো পোৱা যায়। বতৰতকৈ তিনিগুণ বেছি দাম।

জাত নিৰ্বাচন:

বিলাতী পালেং বা জাপানীজ অল গ্ৰীণ।

মাটি প্ৰস্তুতি:

পালেং খেতি কৰিবৰ বাবে পলিহাউছটোৰ মাটিত ১০০ বৰ্গ মিটাৰত ৫০ ঘনফুট পচনসাৰ প্ৰয়োগ কৰিব লাগে। তাৰ পাছতে মাটিখিনি ভালদৰে কোৰেৰে চহাই সাজু কৰি লোৱা হয়।

সিঁচিবলৈ অনা গুটি সিঁচাৰ আগতে এটা ৰাতি পানীত তিয়াই কাপোৰ এখনত মেৰিয়াই পচনসাৰৰ দ’মৰ মাজত এটা নিশা ভৰাই থ’লে পালেঙৰ গুতিখিনি অতি সোনকালে গজি উঠে। গজি উঠা গুটিবোৰ ২০ চে.মি. আঁতৰত শাৰী বনাই অলপ আঁতৰে আঁতৰে সিঁচি পাতলীয়াকৈ পচন সাৰেৰে ঢাকি দিব লাগে। পালেং শাকত পানীৰ প্ৰয়োজন অধিক হয়। এইদৰে কৰা আবতৰীয়া পালেং শাক ৩৫-৪৫ দিনৰ ভিতৰতে চপাব পৰা হৈ উঠে। এটা কথা ঠিক যে সোনকালে নচপালে গৰমৰ বাবেই পালেঙৰ সোৱাদ কমি আহে। ১০০ বৰ্গমিটাৰত ১৫০-২০০ কিলোগ্ৰাম পালেং উৎপন্ন হয়।

আগতীয়া কেপচিকামৰ খেতি -

কেপচিকামৰ খেতি কৰিবলৈ আগতীয়াকৈ কৰাটো হয়েই, লগতে কেপচিকামৰ খেতি মুকলিত বৰ সহজ নহয়। আগষ্ট মাহতেই পুলি পচাই শেষ ছেপ্টেম্বৰ বা আগ আক্টোবৰত কেপচিকামৰ পুলি লগাব লাগে। কেপচিকাম আগতীয়াকৈ মুকলিত কৰিব নোৱৰাৰ বিভিন্ন কাৰণ আছেগ। কেপচিকাম উৎপাদন পাবলৈ সেউজগৃহত এই বিভিন্ন কাৰকসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে কামত আহে আৰু সহজেই কেপচিকাম উৎপাদন কৰিব পাৰি। কাৰকসমূহ হ’ল- খেতিৰ বাবে প্ৰয়োজনীয় তাপমাত্ৰা। যিহেতু ডিচেম্বৰ-জানুৱাৰী মাহত যিমান ঠাণ্ডা পৰে তাৰ বাবে দুমাহৰ বাবে  কেপচিকাম গছে গা কৰিবই নোৱাৰে। ঘৰটোৰ ভিতৰত তাপমান বাহিৰতকৈ সামান্য বেছি থকা বাবে কেপচিকাম গছৰ ডাল ওলোৱা, প্ৰথম ফুল ফুলা ইত্যাদি পৰ্যায় শেষ হয়। লগতে এই পৰ্যায় দুটাতেই প্ৰথম ফুল কলি ছিঙা, ডাল নিয়ন্ত্ৰণ কৰা আদি কৰিবলগা কামবোৰ থাকে।

জাত নিৰ্বাচন:

কেলিফ’ৰ্ণিয়া ওন্দাৰ, চাইনীজ জায়েন্ট, অৰ্ক গৌৰৱ, ভাৰত, ওৰেবেলে, ইন্দিৰা এফ-১, স্বৰ্ণ, নাটাশা ইত্যাদি জাতবোৰৰ যিকোনো নিৰ্বাচন কৰিব পাৰে।

পুলিৰ দূৰত্ব:

ঘৰটোৰ ভিতৰত কৰা কেপচিকামৰ পুলিৰ দূৰত্ব শাৰীৰ মাজত ৬০ চে.মি. আৰু শাৰীত পুলিৰ পৰা পুলি ৩০ চে.মি.ত ৰুব লাগে।

সাৰ বা গছৰ বাবে খাদ্য:

কেপচিকাম খেতিৰ বাবে ১০০ বৰ্গমিটাৰ হিচাপত পচনসাৰ ২.৫ কুইন্টল, ইউৰিয়া ২.৬ কিলোগ্ৰাম, একক ছুপাৰ ৩.৭ কিলোগ্ৰাম আৰু ১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ প্ৰয়োজন। মাটি প্ৰস্তুত কৰোঁতেই গোটেই সাৰখিনিৰ আধা নাইট্ৰ’জেন আৰু বাকীখিনি সাৰ ভালদৰে মিহলি ল’ব লাগে। ৰোৱাৰ এমাহ পাছত বাকী ৰোৱা নাইট্ৰ’জেনখিনি পুলিৰ কাষত দিয়া হয়।

অন্য পৰিচৰ্যা:

বেমাৰ:

কেপচিকাম খেতিকো বেক্টেৰিয়াজনিত লেৰেলি যোৱা বেমাৰে ধ্বংস কৰি পেলায়। এই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ গুটি পচাওঁতেই সাৱধানতা ল’ব লাগে। গুটি সদায় পলিবেগত পচাব লাগে। গুটি পচোৱাৰ আগতে কেপটান ২ মিলিগ্ৰাম প্ৰতিলিটাৰ পানীত গুলি লৈ সেই বেগত ভৰোৱা মাটিখিনি সংশোধন কৰি ল’ব লাগিব। পলিবেগত পুলি তৈয়াৰ কৰাৰ প্ৰকৃত উদ্দেশ্য হ’ল ৰুবৰ সময়ত পুলিৰ শিপা নিছিঙাকৈ ৰুব পৰা হোৱাটো। যিহেতু বেক্টেৰিয়া শিপাৰ ছিঙা অংশইদি সোমায় আৰু পাছলৈ গছৰ পানী-খাদ্য সংবহন নলী বন্ধ কৰি পেলায়।

ফুল ছিঙা আৰু ডাল কটা:

কেপচিকামত অধিক উৎপাদন পাবৰ বাবে প্ৰুবিঙ বা ডাল কটাৰ আৱশ্যক। যিকোনো জলকীয়া গছৰ এক বিশেষ গুণ হ’ল ডাল ওলাওঁতে দুটা ভাগত ভাগ হৈ ওলায় আৰু প্ৰথম ডাল ওলোৱা ঠাইত কেতিয়াবা দুটাৰ ঠাইত তিনিটা ডাল ওলোৱা দেখা যায়। তেনে দেখিলে তৃতীয় সৰু ডালটো কাটি দিব লাগে। ইয়াৰ পাছতে প্ৰথম ডল এমাহ পাছতে কৰিবলগীয়া হয়। তেনেকৈ প্ৰুণিঙ কৰিলে কেপচিকামৰ গছবোৰ ওখ হয় আৰু প্ৰায়বোৰ ফলৰ আকাৰ সমান হয়। অৱশ্যে জাতভেদে তেনে প্ৰুণিঙ কেতিয়াবা তিনিবাৰো কৰিবলগীয়া হ’ব পাৰে। কেপচিকাম খেতিত এই কামটোৰ মহত্ত্ব অনেক।

খুঁটি পোতা বা ৰছী বন্ধা:

গছবোৰ হালি পৰি নাযাবলৈ সহজে পচি নোযোৱ প্লাষ্টিকৰ ৰছীৰে(UV Stabilized হ’লে ভাল) বান্ধি দিব লাগে। তেনেকুৱা ৰছীৰে গছজোপাত পকাই ওপৰৰ মাৰলীত বান্ধি দিব পাৰি। ৰছী নহ’লে বাঁহৰ খুঁটিও ব্যৱহাৰ কৰিব পাৰি। খুঁটি মৰা বা ৰছী বন্ধা কামটো নকৰিলে নিজৰ ফলৰ ভৰতে গছজোপা বাগৰি পৰিব বা ডাল ভাগি পৰিব।

চাহী বা বগা মাখি নিয়ন্ত্ৰণ -

চাঁহী বা মাইট তথা বগা মাখি বা হোৱাইট ফ্লায়ে কেপচিকামৰ পুলি অৱস্থাতেই আক্ৰমণ কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ ৪০ মেছৰ(mesh)ৰ নাইলন নেটেৰে সেউজঘৰটোৰ খেতিডৰাৰ চাৰিওকাষে বেঢ়ি ৰাখিব লাগে। প্ৰয়োজনবোধে গোটেই গছ তিতি যোৱাকৈ ‘ওমাইট’ নামৰ ঔষধ ১ মিলিলিটাৰ ১ লিটাৰ পানীৰ হিচাপত গুলি স্প্ৰে’ কৰিব লাগে। এই চাঁহী বা মাইট তথা বগা মাখি বা হোৱাইট ফ্লায়ে পাতৰ তলফালে, ফুলৰ কলি, ফুল আদিৰ ৰস চুহি খায়। এই দুবিধ পোকৰ বাবেই কেপচিকামৰ খেতি, মুকলিত কৰিবলৈ বৰ অসুবিধা হয়। পাতবোৰ ঘোৰ খাই পৰা, সৰু হৈ পৰা, গছজোপা বাঢ়িব নোখোজা আদি এই দুবিধ পোকৰ আক্ৰমণৰ ফল।

পানী যোগান:

কেপচিকাম খেতিত উপযুক্ত সময়ত পানী যোগান অতি আৱশ্যক। ৰোৱাৰ পাছতেই পাতলীয়া পানী যোগান দিয়া হয়। পাছলৈ তিনি-চাৰি দিনৰ বিৰতিত পানী দিব লাগে।

উৎপাদন:

কেপচিকাম খেতি চপাওঁতে প্ৰতিবাৰত দুটা বা কেতিয়াবা ফল চপাব পৰাকৈ নিয়ন্ত্ৰণ কৰি মুঠ দহৰ পৰা বাৰটা ফল চপাব পৰা হিচাপত খেতি কৰা হয়। নিৰ্দিষ্ট হিচাপত ৰোৱা ১০০ বৰ্গমিটাৰত ৫৫৫ জোপা কেপচিকাম গছ ৰোৱা হয় আৰু গড় হিচাপত ২৫০ গ্ৰামৰ ওপৰত একোটা ফলৰ ওজন হয়। সেই হিচাপত ১০ কুইন্টলৰ ওপৰত উৎপাদন লাভ হয়। ৰোৱাৰ পৰা প্ৰথম ফল চপোৱা ডিচেম্বৰ মাহত আৰম্ভ হয় আৰু মাৰ্চ মাহলৈকে চপাব পাৰি।

আবতৰীয়া তিয়ঁহ খেতি -

ফাগুন নহালৈকে তিয়ঁহৰ খেতি কৰা কথা অসমৰ মানুহে নাভাবে। কাৰণ এটা, তাৰ আগছোৱা বতৰ ঠাণ্ডা। অন্য অসুবিধা নাই। এই কথাখিনি লিখি থাকোঁতে মনলৈ আহিল গৰু বিহুৰ কথা। গৰুক গা-ধুওৱা, চাতত লগোৱা লাও, বেঙেনা, তিতাকেৰেলা, তিয়ঁহৰ টুকুৰাবোৰলৈ মনত পৰিছে। তাহানি ল’ৰালিৰ দিনত কিনি অনা তিয়ঁহকেইটা মনত পেলাই বুজিছোঁ যে সেয়া আছিল অসমৰ নিজৰে মাটিৰ তিয়ঁহ। এতিয়া বজাৰত বাহিৰৰ পৰাহে তিয়ঁহ আহে। তাকো সৰহ দাম ভৰিব লাগে।

ক’বলৈ গ’লে বিজ্ঞানৰ সৰু সৰু কথাবোৰ অনুধাৱন কৰি চুটি দিনবোৰত তাপমান অলপ কমি থাকিলে তিয়ঁহ গছত স্ত্ৰীফুলৰ সংখ্যা বৃদ্ধি পায়। ইফালে ডিচেম্বৰ-জানুৱাৰী মাহৰ ঠাণ্ডাৰ বাবে তিয়ঁহ গছ বাঢ়িবই নোৱাৰে। এই নোৱৰা কথাকে মূলধন হিচাপে লৈ সেউজগৃহ বা সুৰংগাকৃতিৰ পলিইথালিনৰ ঘৰ সাজি তাপমান সামান্য বঢ়াই তিয়ঁহ খেতি সহজেই কৰিব পাৰি তাৰ প্ৰমাণ নিজেই কৰি চাব পাৰি। আবতৰীয়া হ’লেও ৰূপে-গুণে আপোনাৰ একাঠী চৰা হোৱা বাবে দাম বেছিকৈ পাব। বাঃ কি বঢ়িয়া কথা! ইয়াতকৈনো আৰু কি লাগে? এইবোৰ খেতিৰ বাকী কথাবোৰ আমাৰ কৃষকে জানেই।

জাত নিৰ্বাচন:

মাটি তিয়ঁহ এনেয়ে বাহিৰতে হ’ব। গতিকে মাটি তিয়ঁহৰ বাদে বজাৰত পোৱা ভাল সঁচ হ’ল চাইনীজ লং গ্ৰীণ, পইনছেট বা নামধাৰী হাইব্ৰীড।

মাটি আৰু ঘৰ প্ৰস্তুতি:

সেউজগৃহ বা সুৰংগাকৃতিৰ ঘৰটো সাজি লোৱা ৰ’দঘাই মাটি টুকুৰা চহোৱাৰ লগতে সৰহ পৰিমাণে পচনসাৰ দি লওক। সেউজঘৰটোত লগোৱা পলিইথালিনৰ শ্বিটখন ২০০ মাইক্ৰন ডাঠ। সুৰংগাকৃতিৰ ঘৰটো সাজিবলৈ ২৫ মাইক্ৰন ডাঠ পলিইথালিন ব্যৱহাৰ কৰিবলৈ নিদিয়ে। বৰ ঠাণ্ডাৰ সময়ত কৰিব খোজা কাৰণে ঘৰটো ফালৰ পৰা বন্ধ কৰি ৰাখিব লাগিব। মাজে-সময়ে পৰিৱেশ চাই নৱেম্বৰৰ আৰম্ভণিত আৰু ফেব্ৰুৱাৰীৰ শেষলৈ ঘৰটোৰ আগ-পিছ দিশ খুলিবলগীয়া হ’ব পাৰে। কাৰণ তাপমান বাঢ়ি আহে। বতাহ চলাচল কৰিবলৈ দিলে অলপ তাপ কমি থাকিব। তাৰমানে ক’বলৈ গ’লে তিয়ঁহ খেতি তাপৰে খেলা।

গুটি দিয়া:

ঠাইতে গজাই কৰা খেতি হিচাপে তিয়ঁহ গুটি কলপটুৱাৰ মাজত ভৰাই বীজ অংকুৰণ হওঁতেই মূল তলীত গুঁজিব লাগে। গুটি দিয়াৰ দূৰত্ব শাৰীৰ পৰা শাৰীলৈ ৬০ চে.মি. আৰু শাৰীত পুলিৰ পৰা পুলিলৈ ৪৫-৬০ চে.মি.। এটা জেগাত এটা পুলিহে ৰাখিব।

বগাবলৈ সুবিধা:

তিয়ঁহগছে পিছলৈ বগাবলৈ সুবিধা বিচাৰিব। এনেয়ে মাটিতিয়ঁহ মাটিতে বগায় বা জেংতিয়ঁহ জেং পালে জেঙতে বগায়। ঘৰটোৰ ভিতৰত জেং দিয়া মানে আক্ষৰিক অৰ্থতে ‘জেং’ হৈ পৰে। মানে বাধা। কথাতে কয় নহয়- বাটৰ জেং কোনে গুচালে! মাৰলিৰ গইনা লৈ মৰাপাটৰ ৰছী বা নাৰিকলৰ ৰছী ব্যৱহাৰ কৰি সহজতেই বগোৱাৰ সুবিধা কৰি দিব পাৰে। গছো বগাব ফলো ওলমি থাকিব।

বেমাৰ-কীট নিয়ন্ত্ৰণ:

তিয়ঁহ খেতিত বগা বগা পাউডাৰৰ লেখীয়া পাতত দেখা দিয়া বেমাৰ হয়। এই বেমাৰৰ কাৰণে তিয়ঁহগছে উৎপাদন ক্ষমতা হেৰুৱাই পেলায়। অন্য লাওজাতীয় গছতো এই বেমাৰ হয় আৰু গন্ধকজাতীয় দৰব(যেনে ছালফেক্স) মাৰি পৰিত্ৰাণ পাব পাৰি। তিয়ঁহ গছত এই দৰববোৰ মাৰিলে পাতবোৰ ক’লা পৰি শুকাই আহে। সেয়ে বেভিষ্টিন নামৰ দৰবহে ২ গ্ৰাম প্ৰতিলিটাৰ পানীত গুলি ব্যৱহাৰ কৰিব পাৰিব।

কীট মানে ‘থ্ৰীপছ’ নামৰ এবিধ সৰু কীটে তিয়ঁহখেতিত ভাইৰাছজাতীয় ৰোগ মেলে। ভাইৰাছ নিয়ন্ত্ৰণ কৰা কোনো দৰব নাই। থ্ৰীপস নিয়ন্ত্ৰণ কৰিবলৈ ‘ওমাইট’ নামৰ দৰব পাতৰ তলফালে তিতি যোৱাকৈ ১ মি.লি. ১ লিটাৰ পানীত গুলি মাৰিব লাগিব। সাধাৰণতে এই বেমাৰবোৰ বা থ্ৰীপস গৰম বাঢ়িলেহে দেখা দিয়ে।

উৎপাদন:

গছে প্ৰতি ১ ১/২-২ কেজিকৈ লগা আপোনাৰ আবতৰীয়া তিয়ঁহৰ মুঠ হিচাপটো আপোনালৈ থ’লোঁ।

লেখক: ড° লোচন শইকীয়া

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top