অসম এখন কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যৰ কৃষকসকলৰ মাজত ধানৰ লগতে তৈল শস্যৰ গুৰুত্ব তথা সমাদৰ যথেষ্ট দেখা যায়। অসমৰ কৃষকে গ্ৰহণ কৰা তৈল শস্যসমূহৰ ভিতৰত সৰিয়হেই প্ৰধান। অসমত দেখা দিয়া সৰিয়হৰ কেইবাবিধো প্ৰজাতি দেখা যায়। প্ৰজাতি আৰু জাতভেদে বীজত থকা তেলৰ পৰিমাণো কম-বেছি হোৱা দেখা যায়। সাধাৰণতে সৰিয়হত ৩৭-৪৯ শতাংশ তেল থাকে। সৰিয়হৰ বীজ আৰু তেল ৰন্ধন কাৰ্য, আচাৰ আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। ঔষধ, চুলিত লগোৱা তেল, চাবোন, পিছলকাৰক সামগ্ৰী প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰা হয়। সৰিয়হৰ খলিহৈ মাছ আৰু গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কৃষিভূমিত সাৰ হিচাপেও ব্যৱহাৰ কৰা হয়।
অসমৰ বিভিন্ন অঞ্চলৰ বাবে উপযোগী সৰিয়হৰ জাতসমূহ হল- টি এছ ৩৬, টি এছ ৩৮, টি এছ ৪৬, এম ২৭, টি এছ ২৭, টি এম-২, টি এম-৪, বৰুনা।
মাটিঃ সৰিয়হৰ খেতি বালিচহীয়া মাটিত ভাল হয় যদিও দোমোজা মাটিতো সৰিয়হৰ খেতি ভালদৰে কৰিব পাৰি। সৰিয়হৰ খেতি কৰিবৰ বাবে ৪-৬ বাৰ হাল বাই, মৈয়াই সমান কৰি ল’ব লাগে। এই খেতিৰ বাবে মাটি মিহিকৈ চাহ কৰিব লাগে।
অধিক উত্পাদন পাবৰ বাবে তথা মাটিৰ গুণাগুণ ভালে ৰাখিবৰ বাবে ৰাসায়নিক সাৰৰ উপৰি প্ৰতিবিঘা মাটিত ৩০০-৪০০ কেজি পচন সাৰ প্ৰয়োগ কৰিব লাগে। তলত ৰাসায়নিক সাৰৰ পৰিমাণ দাঙি ধৰা হ’ল-
সাৰৰ নাম |
পৰিমাণ প্ৰতি বিঘাত (কেজি) |
|||
বৰষুণৰ ওপৰত নিৰ্ভৰশীল |
জলসিঞ্চন ব্যৱস্থা থকা |
|||
সমতল অঞ্চল |
||||
ইউৰিয়া |
১২.০ |
১৮.০ |
||
ছিংগল ছুপাৰ ফছফেট |
৩০.০ |
৩৩.০ |
||
মিউৰেট অব পটাছ |
৩.০ |
৯.০ |
||
পাহাৰীয়া অঞ্চল |
||||
ইউৰিয়া |
২০.০ |
- |
||
ছিংগল ছুপাৰ ফছফেট |
৩০.০ |
- |
||
মিউৰেট অব পটাছ |
০.০০ |
- |
||
মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল |
||||
ইউৰিয়া |
১৮.০ |
- |
||
ছিংগল ছুপাৰ ফছফেট |
২৭.০ |
- |
||
মিউৰেট অব পটাছ |
০.০০ |
- |
||
সাৰখিনি মাটি চাহ কৰাৰ সময়ত একেলগে মাটিত প্ৰয়োগ কৰিব নালাগে। ফছফৰাছৰ বাবে যদি ছিংগল ছুপাৰ ফছফেট পোৱা নাযায়, তেন্তে জিপছাম ১৪ কেজি প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে। বৰাক্স নামৰ এবিধ অনুসাৰ ব্যৱহাৰ কৰিলে সৰিয়হৰ উত্পাদন ভাল হয়। উত্তৰ পাৰৰ সমতল অঞ্চলৰ বাবে ব’ৰাক্স প্ৰতি বিঘাত ১.৩ কেজি আৰু উজনি অসমৰ বাবে ৬০০ গ্ৰামৰ পৰা ১.৩ কেজিলৈকে প্ৰয়োগ কৰিব পাৰি। ব’ৰাক্স সাৰখিনিও অন্যান্য সাৰৰ লগতে একেলগে প্ৰয়োগ কৰিব লাগে। মধ্য অঞ্চলৰ বাবে প্ৰতি বিঘাত এক কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। তদুপৰি প্ৰতি বিঘাত ৮.৫ কেজি চূণ সৰিয়হৰ বীজ ছটিওৱাৰ ১৫ দিন আগত মাটিত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।
প্ৰতি কেজি সৰিয়হৰ বীজত ৬ গ্ৰাম মেটেলেক্সিল ঔষধেৰে শোধন কৰিলে দাউনি মিলদিউ আৰু হোৱাইট ৰাষ্ট বেমাৰৰ পৰা হাত সাৰিব পাৰি। প্ৰতি বিঘা মাটিত ১.৩ কেজি বীজৰ দৰকাৰ হয়। অৱশ্যে টি এম-২ আৰু বৰুনা জাতৰ বাবে ১ কেজি বীজেই যথেষ্ট। শালিধান কটাৰ পাছত কৰিবলগীয়া সৰিয়হ খেতিৰ বাবে বিঘাই প্ৰতি ১.৭ কেজি বীজৰ দৰকাৰ হয়।
অক্টোবৰ মাহৰ ১৫ তাৰিখৰ পৰা নৱেম্বৰ মাহৰ ১৫ তাৰিখলৈ সৰিয়হ খেতি কৰাৰ উত্তম সময়। আগতীয়াকৈ সৰিয়হ খেতি কৰিলে মোৱা পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। বৰাক উপত্যকা অঞ্চলত ৩০ নৱেম্বৰলৈকে সৰিয়হৰ খেতি কৰিব পাৰি।
সৰিয়হ উত্পাদন বৃদ্ধিৰ বাবে এবাৰ জলসিঞ্চনৰ দৰকাৰ। সাধাৰণতে ৫০ শতাংশ ফুল ধৰাৰ সময়ত বা গুটি ধৰাৰ সময়ত এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। যদি এই সময়ত ২০-২৫ মিলিলিটাৰ বৰষুণ হয় তেন্তে বীজ সিঁচাৰ পাছত জলসিঞ্চনৰ দৰকাৰ নপৰে। অৱশ্যে শুকান অঞ্চলৰ বাবে বীজ সিঁচাৰ আগতে এবাৰ জলসিঞ্চনৰ দৰকাৰ হয়।
লেখকঃ ঘনকান্ত শৰ্মা
উৎসঃ অসমীয়া খবৰ,
শেহতীয়া উন্নীতকৰণ: : 3/11/2020