অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰিয়হৰ খেতি কৰো আহকঃ

সৰিয়হৰ খেতিৰ বিষয়ে লিখা হৈছে

 

শীতকালত কৰিব পৰা বিভিন্ন প্ৰকাৰৰ তৈলবীজৰ ভিতৰত সৰিয়হ উল্লেখযোগ্য। ইয়াক প্ৰধানকৈ খোৱা তেল নিষ্কাশন কৰিবৰ বাবেই খেতি কৰা হয় যদিও প্ৰাথমিক অৱস্থাত সৰিয়হৰ পুলি শাক হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। তেল নিষ্কাশনৰ পাছত উৎপাদিত খলিহৈ গৰু-ম’হৰ উত্তম খাদ্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰি খলিহৈ এবিধ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। কিছুমান শস্যত পোক-পৰুৱাক নিয়ন্ত্ৰণ কৰিবৰ বাবেও খলিহৈ ব্যৱহাৰ কৰা হয়। অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত কাঁহুদী, খাৰলি আদি সৰিয়হৰ পৰাই তৈয়াৰ কৰা হয়।

অসমৰ মাটি আৰু জলবায়ু সৰিয়হৰ খেতিৰ বাবে উপযোগী যদিও অন্যান্য ৰাজ্যৰ তুলনাত সৰিয়হৰ উৎপাদিকা শক্তি কম। বিভিন্ন তৈলবীজৰ কৃষিভূমিৰ ভিতৰত প্ৰায় ২,৩৮,০০০ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰি ১,১৬,০০০ টন উৎপাদন কৰা হয়। এই পৰিমাণৰ সামগ্ৰীৰ পৰা উৎপাদিত তেলেৰে কিছু পৰিমাণেহে ৰাজ্যৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰিব পৰা যায়। গতিকে সৰিয়হৰ মুঠ কৃষিভূমিৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে উন্নত কৃষি প্ৰযুক্তি কৌশলসমূহ কৃষকৰ পথাৰত সফলভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন আহি পৰিছে।

জলবায়ু আৰু মাটি নিৰ্বাচনঃ

 

শীতকালীন বতৰ এই শস্যৰ কৃষিৰ বাবে উপযোগী। ফুল ফুলাৰ সময়ত ফৰকাল, শুকান বতৰৰ প্ৰয়োজন যদিও বৰষুণ নিৰ্ভৰশীল খেতিত ফুল ফুলাৰ আগেয়ে হোৱা পাতলীয়া বৰষুণ দুই-এজাক পৰিলে এই শস্যৰ উৎপাদন বৃদ্ধিত সহায়ক হয়। অৱশ্যে বৰষুণ বেছিকৈ হৈ বতৰ সেমেকা হ’লে বেমাৰ-আজাৰ বৃদ্ধি হোৱাৰ লগতে পোক-পতংগৰ আক্ৰমণ বৃদ্ধি পায়। সেমেকা ডাৱৰীয়া বৰষুণৰ বতৰত সৰিয়হৰ খেতিত মোৱা পোকৰ উপদ্ৰৱ বেছি হয়। বৰষুণৰ বতৰত মৌ-মাখি অথবা অন্যান্য পোক-পৰুৱাৰ দ্বাৰা সংঘটিত হোৱা পৰাগ যোগ প্ৰক্ৰিয়াও বাধাগ্ৰস্ত হৈ উৎপাদনত ঘাটি পৰা দেখা যায়।

অনুমোদিত জাতঃ

 

বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ লগত খাপখোৱা জাত নিৰ্বাচনকৰিব পাৰিলে উৎপাদন বৃদ্ধিত সহায়ক হয়। বৰ্তমান সময়ত কৃষকৰ পথাৰত ‘এম-২৭’ নামৰ জাতটো বহুলভাৱে প্ৰচলিত। এই জাতটো উন্নত আৰু উচ্চ উৎপাদনক্ষম। নতুনকৈ উদ্ভাৱিত উচ্চ উৎপাদনক্ষম জাতসমূহ হ’ল- টি এছ-৩৬, টি এছ-৩৮, টি এছ-২৯, লক্ষ্মী আদি। এই জাতসমূহ তুলনামূলকভাৱে চাপৰ আৰু কৃষিকাল ৯০-৯৫ দিন। অন্যান্য জাতসমূহৰ ভিতৰত টি এম ২, টি এম ৪, বৰুণা আদি উল্লেখযোগ্য। এই জাতসমূহৰ কৃষিকাল ১০৫-১১৫ দিন।

মাটি প্ৰস্তুতিঃ

 

সৰিয়হৰ বীজৰ আকাৰ সৰু হোৱা বাবে মাটিডৰা ভালদৰে ৩-৪ বাৰ চহাই মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। বন-বাত, জাবৰ-জোঁথৰ, শস্যৰ মূঢ়া আদি আঁতৰাই পেলোৱাৰ লগতে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি ৩-৪ কুইণ্টলমান জৈৱিক সাৰ প্ৰয়োগ কৰা দৰকাৰ। ই মাটিৰ গুণাগুণ উন্নত কৰাত সহায় কৰে।

সাৰ প্ৰয়োগঃ

 

শস্যক ইয়াৰ বৃদ্ধিৰ বাবে মাটিত থকা সাৰৰ উপৰি আৱশ্যক অনুযায়ী সুষমভাৱে ৰাসায়নিক সাৰৰ যোগান ধৰাৰ প্ৰয়োজন হয়। ৰাসায়নিক সাৰৰ পৰা পাবলগা সুফল মাটিৰ জীপৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। সেয়েহে বৰষুণ নিৰ্ভৰশীল আৰু জলসিঞ্চিত খেতিত ৰাসায়নিক সাৰৰ পৰিমাণ ভিন ভিন হয়। সমতল ভূমিৰ বৰষুণ নিৰ্ভৰশীল খেতিত বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ৩০ কেজি একক ছুপাৰ ফছফেট আৰু প্ৰায় ৩.৫ কেজি মিউৰেট অব পটাছ সাৰৰ প্ৰয়োজন হয়। জলসিঞ্চিত খেতিৰ বাবে প্ৰতি বিঘাত প্ৰায় ১৮ কেজি ইউৰিয়া, ৩৩ কেজি একক ছুপাৰ ফছফেট আৰু ৯ কেজি মিউৰেট অব পটাছ সাৰৰ প্ৰয়োজন হ’ব। সৰিয়হৰ খেতিত উপৰিউক্ত পোষক দ্ৰব্যসমূহৰ উপৰি ছালফাৰ, বৰ’ন আদি সূক্ষ্ম মৌলসমূহৰ প্ৰয়োজন হয়। গতিকে উপৰিউক্ত সাৰৰ লগত বিঘাই প্ৰতি প্ৰায় ১.৫ কেজি বৰাক্স সাৰ প্ৰয়োগ কৰা দৰকাৰ। অৱশ্যে ছালফাৰ মৌলৰ চাহিদা একক ছুপাৰ ফছফেট সাৰৰ যোগেদি পূৰণ কৰিব পৰা যায়। সমুদায় সাৰ বীজ সিঁচাৰ আগেয়ে শেষবাৰ মাটি চাহ কৰাৰ সময়ত প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

বীজ ৰোপণঃ

 

শস্যৰ বীজ সিঁচাৰ সময়ৰ ওপৰত গা-গছৰ শ্ৰীবৃদ্ধি, উৎপাদন, বেমাৰ-আজাৰ, পোক-পৰুৱাৰ উপদ্ৰৱ আদি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। বতৰৰ আৰম্ভণিতে বীজ সিঁচিলে পোক-পৰুৱাৰ উপদ্ৰৱ হ্ৰাস পোৱাৰ লগতে শস্যৰ জীৱনকালৰ শেষৰফালে পৰিলক্ষিত হোৱা খৰাং পৰিস্থিতিৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰে। সৰিয়হৰ খেতিৰ বীজ সিঁচাৰ বাবে উপযুক্ত সময় হ’ল কাতি মাহ।

বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ১ৰ পৰা ১.৫ কেজি বীজ প্ৰতি বিঘা তলীত সিঁচিব লাগে। সিঁচাৰ আগেয়ে পথাৰডৰাত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন অনুভৱ হ’লে এবাৰ পাতলীয়াকৈ জলসিঞ্চিত পানী প্ৰয়োগ কৰি ল’লে বীজৰ অংকুৰণ বৃদ্ধি পোৱাৰ লগতে পুলিবোৰ সবল হয়। শেহতীয়াকৈ কৰিবলগীয়া বৰষুণ নিৰ্ভৰশীল খেতিৰ ক্ষেত্ৰত বীজৰ পৰিমাণ সচৰাচৰ অনুমোদিত পৰিমাণৰ বীজতকৈ শতকৰা প্ৰায় ৩৩ ভাগ বেছি পৰিমাণৰ বীজ অৰ্থাৎ বিঘাই প্ৰতি ১.৭৫ কেজি বীজৰ দৰকাৰ হয়।

জলসিঞ্চন আৰু বন-বাত নিয়ন্ত্ৰণঃ

 

সৰিয়হৰ খেতিত সঠিক সময়ত পানী যোগান ব্যৱস্থাৰ যোগেদি উৎপাদন বৃদ্ধি কৰিব পাৰি। মাটিত থকা জীপৰ ওপৰত নিৰ্ভৰ কৰি ফুল ফুলা অথবা ছেঁই ধৰা অৱস্থাত ৬ ছেঃমিঃ পৰিমাণৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰা দৰকাৰ। এনে ব্যৱস্থাই গা-গছ সবল কৰাৰ লগতে ফুল-ফলৰ সংখ্যা বৃদ্ধিত সহায় কৰে।

খৰালিকালত সাধাৰণতে বন-বাতৰ উপদ্ৰৱ কম হোৱা পৰিলক্ষিত হয় যদিও বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছত এবাৰ বন-বাত চিকুণাই দিয়া উচিত।

শস্য চপোৱাঃ

 

সঠিক সময়ত শস্য চপোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দৰকাৰ। অন্যথা ছেঁইবোৰ ফাটি শস্য নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সৰিয়হৰ ছেঁইবোৰ শতকৰা ৭৫-৮০ ভাগ হালধীয়া পৰাৰ লগে লগে চপাব লাগে।

 

(উৎসঃ অসমীয়া খবৰ, মাইনু হাজৰিকা)।

2.84375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top