মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / হাইড্ৰ’পোনিক কৃষি উদ্ধতিৰে ফচল উৎপাদন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাইড্ৰ’পোনিক কৃষি উদ্ধতিৰে ফচল উৎপাদন :

হাইড্ৰ’পোনিক কৃষি উদ্ধতিৰে ফচল উৎপাদনৰ বিষয়ে লিখা হৈছে ।

 

উৎপাদনযোগ্য ফচল আৰু পুলি উৎপাদন -

পাতজাতীয় শস্য:

লেটুছ, বিলাতী ধনিয়া, বন্ধাকবি।

ফলজাতীয় শস্য:

বিলাহী, বেঙেনা, কেপচিকাম, ফুলকবি, তিয়ঁহ, স্কোৱাছ।

ফল:

ষ্ট্ৰবেৰী।

ফুল:

এনথুৰিয়াম, নাৰ্জী, গোলাপ, অৰ্কিড, চন্দ্ৰমল্লিকা, জাৰবেৰা।

হাইড্ৰ’পনিক পদ্ধতিত পুলি উৎপাদনৰ বাবে স্পঞ্জ(sponge) ব্লক ব্যৱহাৰ কৰা হয়। সাধাৰণতে স্পঞ্জক ৩০ ছেন্টিমিটাৰ*৩০ ছেন্টিমিটাৰ লেখত কাটি লোৱা হয়। এই স্পঞ্জক ২.৫ ছেন্টিমিটাৰ দৈৰ্ঘ্য আৰু ২.৫ ছেন্টিমিটাৰ প্ৰস্থ বৰ্গাকাৰত ডট ডটকৈ কাটি লোৱা হয় আৰু তাৰ মাজত ১ ছেন্টিমিটাৰ কৰি কাটি প্ৰতিটো বৰ্গাকাৰ স্পঞ্জৰ মাজত এটাকৈ বীজ ৰোপণ কৰিব লাগে। বীজ ৰোপণৰ পূৰ্বে বীজক ১০ শতাংশ কেলচিয়াম অথবা ছডিয়াম হাইড্ৰ’ক্লৰাইডেৰে বীজ শোষণ কৰি লোৱা হয়। বীজ ৰোপণৰ পিছত স্পঞ্জক এখন সৰু ট্ৰেত ৰাখিব লাগে। এই ট্ৰেৰ মাজত ৫-৭ ছেন্টিমিটাৰ পানী ৰাখিব লাগে, যাতে স্পঞ্জ পানীত সহজে ভাহি থাকিব পাৰে। পুলি গজাৰ ২-৩ দিন পিছত প্ৰাথমিক অৱস্থাত ৫-১০ মিলিমিটাৰ খাদ্যোপাদান সম্বলিত দ্ৰৱণ এবাৰ আৰু পুলি গজাৰ ১০-১২ দিন পিছৰপৰা পুলি ৰোপণৰ পূৰ্বলৈ প্ৰতিদিনে ১০-১২ মিলিলিটাৰ দ্ৰৱণ দিব লাগে।

হাইড্ৰ’পোনিক পদ্ধতিৰে শস্য খেতি -

হাইড্ৰ’পোনিক পদ্ধতিত বিভিন্ন ফচলৰ পুলি ৰোপণৰ বয়স আৰু পি এইচৰ মান বিভিন্ন হৈ থাকে। সেইবোৰ তালিকা-১ত উল্লেখ কৰা হ’ল।

ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ আৰু প্ৰস্তুত কৰা পদ্ধতি:

জলীয় খাদ্য দ্ৰৱণ(Nutrient solution) প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্যৰ পৰিমাণ আৰু প্ৰস্তুত কৰাৰ পদ্ধতি তালিকা-২ত বৰ্ণনা কৰা হ’ল।

জলীয় খাদ্য দ্ৰৱণ(Nutrient solution) তৈয়াৰ কৰাৰ সময়ত বিশেষ সৰ্তকতা অৱলম্বন কৰা হয়। প্ৰথমে Stock Solution প্ৰস্তুত কৰিব লাগে। এই Stock প্ৰস্তুত কৰাৰ সময়ত কেলচিয়াম নাইট্ৰেট আই ই টি ডি এ আইৰণ ক পৰিমাণ কৰি ১০ লিটাৰ পানীত দ্ৰৱীভূত কৰি দ্ৰৱণক Stock Solution A নামেৰে নামকৰণ কৰিব লাগে। অৱশিষ্ট ৰাসায়নিক দ্ৰব্যবোৰক একেলগে ১০ লিটাৰ পানীত দ্ৰৱীভূত কৰি Stock Solution B নামেৰে নামকৰণ কৰা হয়। ১০০০ লিটাৰ জলীয় দ্ৰৱণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰথমে ১০০০ লিটাৰ পানী টেংকীত জমা কৰি ল’ব লাগে। তাৰ পিছত Stock Solution A ৰ পৰা ১০ লিটাৰ দ্ৰৱণ টেংকীৰ পানীত ঢালিব লাগে আৰু লাঠীৰে ভালদৰে ঘুটি মিহলাব লাগে। তাৰ পিছত Stock Solution B ৰ পৰা ১০ লিটাৰ দ্ৰৱণ পানীত ঢালি লাঠীৰে দুয়ো Stock Solution সমভাৱে মিশ্ৰিত কৰি লোৱা দৰকাৰ।

শস্য উৎপাদন পদ্ধতি -

লেটুছ:

সাধাৰণতে ২-৩ সপ্তাহ বয়সৰ পুলি ট্ৰেৰ কৰ্কপীটৰ ওপৰত কৰা গাঁতলৈ স্থানান্তৰ কৰা হয়। পুলি স্থানান্তৰৰ সময়ত দ্ৰৱণৰ পি এইচ ৫.৮-৬.৫ ৰ ভিতৰত আৰু ই চিৰ মাত্ৰা ১.৫-১.৬ ৰ ভিতৰত থকা দৰকাৰ। তাৰ ১০-১৫ দিনৰ পিছত জলীয় খাদ্য দ্ৰৱণ(Nutrient Solution) যোগ কৰি EC ৰ মাত্ৰা বঢ়াই ২.০-২.২ ds/m কৰি ৰাখিব লাগে। পুলি লগোৱাৰ ২০ দিন পিছৰপৰা লেটুছ সংগ্ৰহ কৰিব পৰা যায় অৰু ৩০-৩৫ দিনৰ ভিতৰত সংগ্ৰহৰ উপযোগী হয়। সংগ্ৰহৰ সময়ত প্ৰতিজোপা গছৰ পাতসহ গড় ওজন প্ৰায় ৪০০-৬০০ গ্ৰাম হয়। প্ৰথমবাৰ লেটুছ সংগ্ৰহ কৰাৰ পিছত পুনৰ সেই একেই ৰাসায়নিক দ্ৰৱণৰ ভিতৰত লেটুছ লগাই দ্বিতীয়বাৰ ফচল উৎপাদন কৰা হয়। সাধাৰণতে শীতকালি এখন ট্ৰেৰপৰা ২-৩ বাৰ লেটুছ উৎপাদন কৰা হয়।

কেপচিকাম:

পুলিৰ বয়স যেতিয়া ৪-৫ সপ্তাহ হয়, তেতিয়া কেপচিকামৰ পুলি ৰোপণ কৰাৰ উপযুক্ত সময় হয়। পুলি ৰোৱাৰ পিছত দ্ৰৱণৰ পি এইচৰ মাত্ৰা ৫.৮-৬.৫ৰ মাজত আৰু ই চিৰ মাত্ৰা ১.৫-১.৬ৰ ভিতৰত দৰকাৰ। গছত ফুল লগা আৰম্ভ হ’লে ই চিৰ মাত্ৰা বঢ়াই ২.০০-২.৫০ৰ ভিতৰত ৰাখিব লাগে। কেপচিকাম উৎপাদনত মাজে-সময়ে আইৰণৰ অভাৱৰ ফলত ওপৰৰ পাত হালধীয়া হৈ পৰিব পাৰে। গছত এনে অৱস্থা দেখা দিলে ১০ গ্ৰাম ই টি এ আইৰণ এক লিটাৰ পানীত দ্ৰবীভূত কৰি ১০০০ লিটাৰ দ্ৰৱণৰ সৈতে মিহলাই দিব লাগে। কেপচিকাম গছক চিধাকৈ ৰাখিবৰ বাবে ‘X’ আকৃতিৰ বাঁহৰ কিম্বা কাঠেৰে তৈয়াৰী খুঁটি(Suport) দিব লাগে। মাজে-সময়ে গছৰ তলত বাঢ়ন্ত পাতবোৰ কাটি পৰিষ্কাৰ কৰিব লাগে। সাধাৰণতে পুলি লগোৱাৰ ২৫-৩০ দিনৰ ভিতৰত ফুল আৰু ৬০-৬৫ দিনৰ ভিতৰত কেপচিকাম উত্তোলন কৰা সম্ভৱ। প্ৰতিজোপা গছৰপৰা ৮-৯টা ফল পোৱা যায়। জাতভেদে প্ৰতিটো ফলৰ গড় ওজন ১৫০-২০০ গ্ৰাম হয়।

বিলাহী:

সাধাৰণতে অক্টোবৰ মাহৰ মাজভাগ এই পদ্ধতিৰে বিলাহী পুলি ৰোপণৰ উপযুক্ত সময়। পুলিৰ বয়স যেতিয়া ৩-৪ সপ্তাহ হয়, অথবা পুলি যেতিয়া ২-৩ পাত অৱস্থালৈ আহে, তেতিয়া একে পদ্ধতিত বিলাহী পুলি লগোৱা হয়। বিলাহী অম্ল(Acid) পচন্দকাৰী শস্য বাবে পি এইচৰ মান ৫.৫-২.৫ ৰ মাজত হ’লে ভাল। গছৰ দৈহিক পৰ্যায়ত ই চিৰ মান ১.৫-১.৬ আৰু ফুলাৰ সময়ত সেয়া বৃদ্ধি কৰি ২.২-২.৫ ৰ ভিতৰত ৰাখিব লাগে। গছৰ বৃদ্ধিৰ পৰ্যায়ত ওপৰৰপৰা সূতা বা টান ৰছী ওলোমাই গছক চিধা কৰি ৰখা দৰকাৰ। মাজে-সময়ে গছৰ পাৰ্শ্বৱৰ্তী শাখা ভাঙি দিলে ফলন ভাল হয়। ট্ৰেত খাদ্যৰ পৰিমাণ কমি গ’লে ২০-২৫ দিন পিছত জলীয়া খাদ্য দ্ৰৱণ দিয়া হয়। মাজে-সময়ে ফুল হৰমোন স্প্ৰে কৰি থাকিলে ফলন অনেক বাঢ়ি যায়। প্ৰতিজোপা গছত ২০-২৮ পৰ্যন্ত ফল পোৱা যায়। প্ৰতিটো ফলৰ ওজন ১৫০-২০০ গ্ৰাম হয়। এজোপা গছৰ পৰা ২.৫-৫.৫ কিলোগ্ৰাম বিলাহী উৎপাদন হ’ব পাৰে। অক্টোবৰ মাহৰ মাজভাগত পুলি ৰোপণ কৰি জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰপৰা ফচল সংগ্ৰহ কৰা সম্ভৱ।

ষ্ট্ৰবেৰী:

ষ্ট্ৰবেৰীয়ে সাধাৰণতে ষ্টোলন কাটিঙৰ সহায়ত বংশ বিস্তাৰ কৰি থাকে। ষ্টোলনৰ বয়স ২-৩ সপ্তাহ হ’লে ৰোপণৰ বাবে উপযুক্ত হয় আৰু অক্টোবৰ মাহত পুলি ৰোপণ কৰি ডিচেম্বৰ মাহৰপৰা ফল সংগ্ৰহ কৰা সম্ভৱ নহয়। ষ্ট্ৰবেৰী উৎপাদনৰ প্ৰয়োজনীয় পি এইচ ৫.৫-৬.৫ আৰু ই চিৰ মাত্ৰা ১.৫-১.৬ৰ মাজত থাকিব লাগে আৰু গছৰ বয়স ৩০ দিন হ’লে ই চিৰ মাত্ৰা বঢ়াই ২.০-২.৫ ৰ ভিতৰত ৰাখিব লাগে। প্ৰতিজোপা গছত গড়ে ২৫-৩০ ফল ধৰে আৰু জাতভেদে গড় ওজন ২০-৩০ গ্ৰাম পৰ্যন্ত হয়।

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে আমাৰ অসমতো প্ৰতি বছৰে জনসংখ্যা, আবাসনৰ বাবে ঘৰ-বাৰী, যোগাযোগৰ বাবে ৰাস্তা আৰু কল-কাৰখানা ব্যাপক হাৰত বৃদ্ধি পাই আহিছে। ফলত দিনে দিনে কমি আহিছে আবাসযোগ্য ভূমিৰ পৰিমাণ। বৰ্দ্ধিত জনসংখ্যাৰ খাদ্য চাহিদা পূৰণ কৰাটো কেৱল আৱাসী মাটিৰ ওপৰত নিৰ্ভৰ কৰিলে নচলিব। ৰাজ্যৰ এনে অৱস্থাত প্ৰয়োজন অব্যৱহৃত খালী ঠাই আৰু পতিত স্থান শস্য খেতিৰ আওতালৈ অনাটো। হাইড্ৰ’পোনিক কৃষি পদ্ধতি এইক্ষেত্ৰত সঠিকভাৱে আৰোপযোগ্য এক কৌশল। এই পদ্ধতিত ঘৰৰ ছাদত, চৌহদত, বাৰাণ্ডাত অথবা খেতিৰ অযোগ্য পতিত মাটিত সহজেই বাস্তবায়ন কৰা সম্ভৱ। সেয়ে, দ্ৰুতগতিত বৃদ্ধি পাইছে হাইড্ৰ’পোনিক কৃষিপদ্ধতিৰ জনপ্ৰিয়তা আৰু চাহিদা।

লক্ষণীয় বিষয়সমূহ আৰু সীমাবদ্ধতা:

হইড্ৰ’পোনিক পদ্ধতিৰ সাফল্য নিৰ্ভৰ কৰে ইয়াৰ উপযুক্ত আৰু যথাযথ ব্যৱস্থাপনাৰ ওপৰত। হাইড্ৰ’পনিক পদ্ধতিত সফলভাৱে ফচল উৎপাদনৰ বাবে নিম্নলিখিত বিষয়বোৰৰ ওপৰত বিশেষ নজৰ দিব লাগিব-

ক)সাধাৰণতে পি এইচৰ মাত্ৰা ৫.৮-৬.৫ আৰু ই চিৰ মাত্ৰ ১.৫-২.৫ ৰ ভিতৰত ৰাখিব লাগিব। উল্লিখিত মাত্ৰাৰ বাহিৰলৈ গ’লে গছৰ শিপা মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হ’ব। মনত ৰাখিব লাগিব- আকস্মিকভাৱে জলীয় খাদ্য দ্ৰৱণৰ পি এইচ আৰু ই চি পৰিৱৰ্তন কৰিব পৰা নাযায়।

খ)গছৰ খাদ্য উপাদানৰ প্ৰয়োজনীয়তা, স্বল্পতা কিম্বা আধিক্য গছৰ স্বাস্থ্য আৰু পাতৰ ৰং দেখি বুজা যায়। খাদ্য উপাদানৰ অভাৱৰ লক্ষণ দেখি প্ৰয়োজন অনুসাৰে সেয়া যোগ কৰি অভাৱ দূৰ কৰিব লাগিব। তাৰ বাবে প্ৰতিটো উপাদানৰ অভাৱজনিত লক্ষণ সম্পৰ্কে সমস্যক জ্ঞান থাকিব লাগিব।

গ)দ্ৰৱণৰ আদৰ্শ তাপমাত্ৰা ৰক্ষা কৰিব লাগিব। সাধাৰণতে দ্ৰৱণৰ তাপমাত্ৰা ২৫-৩০ ডিগ্ৰী চেলছিয়াৰ মাজত হোৱা বাঞ্ছনীয়। যদি দ্ৰৱণৰ তাপমাত্ৰা বাঢ়ি যায়, তেন্তে শ্বাস লোৱা(respiration)ৰ হাৰ বাঢ়ি যাব। ফলত অক্সিজেনৰ চাহিদাও বহুত বৃদ্ধি পাব। আৰু দ্ৰৱণত অক্সিজেনৰ পৰিমাণ কমি যাব। সাধাৰণতে দুপৰীয়া তাপমাত্ৰা কমোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগিব।

ঘ)জলীয় খাদ্য দ্ৰৱণত অতিৰিক্ত অক্সিজেন সৰবৰাহৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ অক্সিজেনৰ অভাৱত গছৰ শিপা হৈ যায় আৰু ফলন মাৰাত্মকভাৱে কমি যায়।

ঙ)খেতিৰ স্থানত পৰ্যাপ্ত পোহৰৰ সুব্যৱস্থা থাকিব লাগে আৰু ৰোগমুক্ত পুলি ব্যৱহাৰ কৰিব লাগে। ৰোগাক্ৰান্ত গছ দেখিলে লগে লগে পেলাই দিব লাগে।

চ)ফচলত বিভিন্ন পোক-পতংগৰ আক্ৰমণে দেখা দিব পাৰে। তাৰ ভিতৰত এফিড, লিফ মাইনৰ, থ্ৰিপছ আৰু মকৰা অন্যতম। প্ৰতিদিনে তদাৰকৰ মাধ্যমত পোক দমনৰ ব্যৱস্থা কৰিব লাগে।

সীমাৱদ্ধতা:

ক)দ্ৰৱণ প্ৰস্তুতি, দ্ৰৱণৰ অম্লত্ব আৰু ক্ষাৰত্ব(PH), Electrical Conductivity(EC) বিভিন্ন খাদ্যোপাদানৰ অভাৱজনিত লক্ষণসমূহ চিনাক্তকৰণ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে দক্ষতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন।

খ)এই পদ্ধতিৰে কৰা খেতিত কেতিয়াবা কেতিয়াবা নেট হাউছ(Net House) বা গ্লাছ হাউছ(Glass House)ত প্ৰয়োজন হয় বাবে প্ৰাথমিক খৰচ অলপ বেছি হয়। আনকি নেট হাউছ বা গ্লাছ হাউছৰ ভিতৰৰ তাপমাত্ৰা বেছি হোৱাৰ বাবে ফলন কমি যাব পাৰে।

গ)সকলো ধৰণৰ ফচল এই পদ্ধতিৰে খেতি কৰিব নোৱাৰি আৰু এই পদ্ধতিৰ খেতিত কাৰিকৰী জ্ঞান, দক্ষতা আৰু অভিজ্ঞতাৰ বিশেষ প্ৰয়োজন।

তালিকা-১:

 

বিভিন্ন ফচলৰ পুলিৰ বয়স আৰু পি এইচৰ নাম

শস্যৰ নাম

উপযুক্ত পুলিৰ বয়স

পি এইচৰ মান

বিলাহী

৩-৪ সপ্তাহ(২-৩ পাত অৱস্থাত)

৫.৫-৬.৫

লেটুছ

২-৩ সপ্তাহ

৬.০-৬.৫

কেপচিকাম

৪.৫ সপ্তাহ

৬.০-৬.৫

ষ্ট্ৰবেৰী

২-৩ সপ্তাহ(ষ্টোলন কাটিং)

৫.৫-৬.৫

বন্ধা কবি

৪-৫ সপ্তাহ

৬.৫-৭.৫

 

তালিকা- ২:

 

ৰাসায়নিক উপাদানৰ পৰিমাণ(প্ৰতি ১০০০ লিটাৰ পানীৰ বাবে)

 

ৰাসায়নিক উপাদান

পৰিমাণ

পটাছিয়াম হাইড্ৰ’জেন ফছফেট

২৫০ গ্ৰাম

পটাছিয়াম নাইট্ৰেট

২৮০ গ্ৰাম

কেলছিয়াম নাইট্ৰেট

১০০০ গ্ৰাম

মেগনেছিয়াম ছালফেট

৩০০ গ্ৰাম

ই টি ডি এ আইৰণ

৫০ গ্ৰাম

মেংগানিজ ছালফেট

২০০ গ্ৰাম

বৰিক এচিড

২৫০ গ্ৰাম

কপাৰ ছালফেট

১০০ গ্ৰাম

এমোনিয়াম মলিবডেট

১৫০ গ্ৰাম

জিংক ছালফেট

১০০ গ্ৰাম

 

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top