মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা(উদ্যানশস্য):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা(উদ্যানশস্য):

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা(উদ্যানশস্য)ৰ বিষয়ে লিখা হৈছে

 

ৰাষ্ট্ৰীয় কৃষি বিকাশ আঁচনি এখন বিশেষ অতিৰিক্ত কেন্দ্ৰীয় সহায়ক প্ৰকল্প আৰু ই ভাৰত চৰকাৰৰ একাদশ বাৰ্ষিক পৰিকল্পনাৰ অংশ বিশেষ। অসমত এই আঁচনি ২০১৭ চনৰ আগষ্ট মাহত কৃষকৰ কল্যাণৰ বাবে আৰম্ভ কৰা হয়। ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় পৰিকল্পনাৰে অতিৰিক্ত সম্পদ সৰবৰাহত উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি আৰম্ভ কৰিছিল। এই আঁচনি অন্ন্যান্ন বিভাগ সমূহৰ লগত উদ্যান শস্য বিকাশৰ বাবেও পূজিৰ যোগান ধৰে। ডি.এ.পি.(District Action Plan) আৰু এস.এ.পি.(State Action Plan)ৰ জৰিয়তে ৰূপায়ণ কৰিব লগা প্ৰকল্প সমূহৰ চূড়ান্ত ৰূপ দিয়া হয়। এই আঁচনিৰ বাবে ধাৰ্য্য কৰা সমূদায় ধনৰ ৯০% কেন্দ্ৰীয় চৰকাৰৰ আৰু ১০% ৰাজ্য চৰকাৰে বহন কৰে। খেতিয়কৰ বাবে এই আঁচনিৰ সুবিধা সমূহ ২৫%ৰ পৰা ৫০% ৰেহাই মূল্যত যোগান ধৰাৰ ব্যৱস্থা আছে।

খেতিয়ক বাচনি প্ৰক্ৰিয়া:

 

এই আঁচনিৰ বাবে অংশীদাৰ হ’বলৈ হ’লে গাঁও পঞ্চায়ত, কৃষি বিভাগৰ পথাৰ পৰিদৰ্শনকাৰী বিষয়া বা জিলা কৃষি বিষয়াৰ জৰিয়তে আবেদন জনাব লাগে। অগ্ৰাধিকাৰ ভিত্তিত উক্ত তালিকা জিলা কৃষি বিষয়া বা জিলা উপায়ুক্তৰ তত্ত্বাৱধানত চূড়ান্ত কৰা হয়।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত উদ্যানশস্য ক্ষেত্ৰৰ উল্লেখনীয় সফলতা সমূহ এনে ধৰণৰ:

আৰু আৰু পিঁয়াজৰ উৎপাদন বঢ়াবলৈ উন্নত জাতৰ বীজ বিতৰণ। আলুৰ উন্নত জাত যেনে- কুফ্ৰী পোখৰাজ, কুফ্ৰী হিমালিনী আদি জাতৰ বীজ বিতৰণ।

পিঁয়াজৰ উন্নত জাত যেনে-

 

এগ্ৰি ফাউণ্ড লাইট ৰেড(ALR), নাচিক ৰেড(N-53), গ্লোব আদি জাতৰ ব্যৱহাৰ।

  • শাক-পাচলিৰ উৎপাদন বৃদ্ধি বাবে উন্নত বৰ্ণসংকৰ জাতৰ বীজ বিতৰণ।
  • অবতৰত শাক-পাচলি উৎপাদনৰ বাবে গ্ৰীণ হাইচৰ ব্যৱহাৰত গুৰুত্ব আৰু সাহাৰ্য্য প্ৰদান।
  • পিঁয়াজ সংৰক্ষণৰ বাবে কম খৰচি ভড়াল নিৰ্মাণ।
  • কম সময়ত উন্নত মানৰ শাক-পাচলিৰ পুলি উৎপাদনৰ বাবে স্বয়ংক্ৰিয় “V” আৰ্হিৰ নাৰ্ছাৰী স্থাপন।
  • সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত পুলি উৎপাদনৰ বাবে কলা কৰ্ষণ বিজ্ঞানাগাৰ(Tissue Culture Leboratory) স্থাপন।
  • মাছ, মাংসৰ বিকল্প হিচাপে কাঠফুলাক উন্নীত কৰিবলৈ কাঠফুলা বীজ উৎপাদন গোট(Mushroom Spawn Production Unit) স্থাপন।
  • কৃষক প্ৰশিক্ষণৰ বাবে কৃষক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন।
  • বিভিন্ন জিলাত থকা বিভাগীয় সমূহীয়া ফলমূল সংৰক্ষণ কেন্দ্ৰ সমূহৰ উন্নীত কৰণ।
  • ফলমূল সংৰক্ষণৰ বাবে মহিলা গোটৰ মাজত সাহায্য প্ৰদান।
  • কৃষকৰ সবলীকৰণৰ বাবে কৃষক উৎপাদন গোট(Farmers’ Producers Organization) গঠন আৰু গোট সমূহক কোম্পানী আইনৰ অধীনত পঞ্জীয়ণ।
  • ৩০০০ কৈ অধিক কৃষকক প্ৰশিক্ষণ দিয়া হৈছে।

উৎস: ৰাইজৰ বাতৰি

3.0303030303
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top