অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাসায়নিক নহয় জৈৱিক সাৰহে উত্তম

ৰাসায়নিক নহয় জৈৱিক সাৰহে উত্তম

মেক্স ছুপাৰ জৈৱিক সাৰ উদ্ভিদ, প্রাণী নির্বিশেষে সকলোৰে কাৰণে সম্পূর্ণ নিৰাপদ। এই সাৰ প্রয়োগ কৰিলে শস্য পথাৰৰ মাটিৰ উৰ্বৰতা, হিউমাছ সংৰক্ষণকে ধৰি অন্যান্য মাটিৰ গুণাগুণ (মাটিৰ প্রকৃত গাঁথনি) অধিক ফলপ্রসূ কৰাৰ সহায়ক হ’ব। মাটি চপোৱা সহজসাধ্য হব। শস্যৰ বীজ অংকুৰণ অতি সহজ আৰু ত্বৰান্বিত হ’ব। টিৰ পৰা শিপাই পুষ্টিকাৰক দ্রব্য পোষণ কৰাও ক্ষীপ্রতৰ হ’ব। চাৰুলীয়া শিপাই ঠন ধৰি উঠিব আৰু মাটিৰ পৰা শিপাই পুষ্টিকাৰক দ্ৰব্য পোষন কৰাও ক্ষীপ্ৰতৰ হব।মাহজাতীয় শস্যৰ শিপাত হোৱা বেক্টেৰিয়াৰ টেমুনা অধিক পৰিমানে বাঢ়িব।এই সাৰ প্ৰয়োগ কৰা শস্যবোৰ শাৰীৰিকভাৱে মজবুট হব আৰু শস্যৰ দেহত চেনীৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত বেমাৰ আজাৰৰ আক্ৰমনৰ পৰা সহজে সহজে ৰক্ষা কৰিব পাৰি।বীজ, ফুল, ফলবোৰ উন্নতমানৰ হ’ব আৰু উৎপাদন লক্ষণীয়ভাৱে উৰ্ধগামী হ'ব । ৰাসায়নিক সাৰ আৰু কীটনাশক দ্রব্য অবিৰতভাৱে বিভিন্ন ৰাসায়নিক  শস্যত ব্যৱহাৰ কৰি থকাৰ ফলত পানী-বায়ু তথা পৰিৱেশে সাংঘাটিকভাৱে প্ৰদূষিত হৈ পৰিছে। এনেবোৰ ৰাসায়নিক দ্রব্য  প্রয়োগেৰে উৎপাদন কৰা খাদ্য সামগ্ৰীৰ উৎপাদন কৰা খাদ্য সামগ্ৰীৰ অপকাৰিতাৰ সম্বন্ধে জানি সমগ্র পৃথিৱীৰ মানৱ জাতি আজি আংতকিত হৈ পৰিছে। বর্তমানে অন্ততঃ আঠবিধ অতি বিষাক্ত ৰাসায়নিক কীটনাশক কৃষক সমাজে বহুলভাৱে ব্যৱহাৰ কৰি আছে। এই কীটনাশকসমূহ খাদ্যৰ জৰিয়তে ভক্ষণৰ ফলত ৰণৰ কেন্সাৰ বা আন দূৰাৰোগ্য বেমাৰ হ’ব পৰা বিপদ প্রায় আঠ গুণ বৃদ্ধি পাইছে।ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যসমূহ বর্জন কৰি জৈৱিক সাৰ, জৈৱ কীটনাশক দ্রব্য ব্যৱহাৰৰ জৰিয়তে আমি আমাৰ ভৱিষ্যৎ প্রজন্মক সু-স্বাস্থ্য নিশ্চয়তা প্রদান কৰিব পাৰো। মাটিৰ গুণাগুণ তথা মাটিৰ গাঁথনি অটুট ৰাখিবলৈ আৰু আমাৰ দৈনন্দিন ব্যৱহাৰ কৰি থকা পানী বিশুদ্ধ ৰাখিবলৈ সকলো ধৰণৰ ৰাসায়নিক দ্রব্য মাটিত বা শস্যত প্রয়োগ কৰাৰ পৰা বিৰত থকা উচিত। পাৰপাশ্বিক অৱস্থা প্ৰদূষণমুক্ত হ’লেহে জীৱ জগতৰ কল্যাণ সম্ভৱ হব।

উৎস: কৃষি বিভাগ, অসম।

শেহতীয়া উন্নীতকৰণ: : 6/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate