মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / ৰিহা খেতিৰ সাম্প্ৰতিক দৃশ্যপট আৰু ইয়াৰ কৃষিকাৰ্যৰ বৈজ্ঞানিক প্ৰণালীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰিহা খেতিৰ সাম্প্ৰতিক দৃশ্যপট আৰু ইয়াৰ কৃষিকাৰ্যৰ বৈজ্ঞানিক প্ৰণালীঃ

ৰিহা গছ বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মজবুত আৰু দীঘল প্ৰাকৃতিক আঁহ জাতীয় শস্য। কাপোৰ তৈয়াৰ কৰা প্ৰাকৃতিক আঁহ জাতীয় শস্যৰ ভিতৰত

চমু বিৱৰণ

ৰিহা গছ বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মজবুত আৰু দীঘল প্ৰাকৃতিক আঁহ জাতীয় শস্য। কাপোৰ তৈয়াৰ কৰা প্ৰাকৃতিক আঁহ জাতীয় শস্যৰ ভিতৰত ৰিহাই বিশ্বৰ তৃতীয় স্থান ল’বলৈ সক্ষম হৈছে। এই খেতি চীন, ফিলিপাইন তথা ব্ৰাজিল দেশত অধিক কৰা হয়। বিশ্বত মুঠ ৰিহা উত্পাদনৰ প্ৰায় ৯৬.৩ শতাংশ চীন দেশৰ পৰা উত্পাদন হয়। ইয়াক বিশ্বত চীনৰ ঘাঁহ নামেৰে জনা যায় আৰু উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যবোৰত ইয়াক ৰিহা/কুনখুৰা আদি নামেৰে জনাজাত। ভাৰতত ইয়াৰ খেতি উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যবোৰৰ ভিতৰত প্ৰধানকৈ অসম, অৰুনাচল, নাগালেণ্ড আৰু পশ্চিমবংগ ৰাজ্যত অধিক মাত্ৰাত কৰা হয়। অসম আৰু পশ্চিমবংগত ১০০ হেক্টৰ মাটিত এই খেতি কৰা হয়। এই খেতি উত্তৰ-পূৱ ভাৰততে সীমাবদ্ধ নাথাকি এতিয়া এই খেতি মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু ৰাজ্যতো কৰাৰ চেষ্টা কৰি আহিছে। আঁহ উলিয়াবৰ বাবে এই গছৰ গা ব্যৱহাৰ কৰা হয় আৰু গা গছৰ পৰা ওলোৱা আঁহবোৰক ফ্লোয়মেৰে মিহলাই আঁহ তৈয়াৰ কৰা হয়। ৰিহাৰ আঁহ উচ্চ গুণসম্পন্ন হোৱাৰ কাৰণে ইয়াৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বেছি।

জলবায়ু আৰু মাটিঃ

অত্যন্ত পৰিমাণে বৰষুণ হোৱা ঠাইত, এই খেতি সকলো কালতে কৰা হয়। কুনখুৰাৰ খেতিৰ বাবে পানী জমা নোহোৱা, বালিয়া পলসুৱা আৰু সাৰুৱা মাটিয়েই উত্তম। মাটিখিনিৰ অম্লতা সাধাৰণতে ৫.৫-৭.০ ভিতৰত থকাটো আৱশ্যকীয়। ইয়াৰ শ্ৰীবৃদ্ধি আৰু অধিক উত্পাদনৰ বাবে প্ৰায় ১৫০০-৩০০০ মিঃমিঃ বাৰ্ষিক বৰষুণৰ আৱশ্যক আৰু আপেক্ষিক আৰ্দ্ৰতা ৬০-৯৫.০ শতাংশৰ আৱশ্যক। ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে ২৫-৩১ ডিগ্ৰীৰ চেলছিয়াছৰ উপযুক্ত তাপমান আৰু চাৰি ডিগ্ৰী চেলছিয়াছতকৈ কম উষ্ণতা এই খেতিৰ বাবে বেয়া।

ৰোৱাৰ সময়ঃ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা ইয়াৰ খেতি কৰা হয়।

ৰোপণ সামগ্ৰী আৰু ৰোৱা পদ্ধতিঃ

এই খেতিৰ বাবে ৰোপণ সামগ্ৰী ভিন্ন। সাধাৰণতে ১০-১৫ ছেঃমিঃ দীঘল ৰোগমুক্ত ৰাইজ’মৰ টুকুৰাবোৰ ভালদৰে খাতি শাৰী শাৰীকৈ ৬০x৩০ ছেঃ মিঃ আঁতৰে আঁতৰে জুন মাহৰ পৰা আগষ্ট মাহলৈকে (বৰ্ষা কালৰ সময়ছোৱাত) ৰুব পাৰি। অধিক বৰষুণ হোৱা ঠাইত ইয়াৰ ৰোপণৰ উপযুক্ত সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে, যদিহে জলসিঞ্চনৰ সুবিধা থাকে। প্ৰায় ৮-১০ কুইণ্টল ৰাইজ’মৰ টুকুৰা ১ হেক্টৰ খেতিৰ বাবে যথেষ্ট। প্ৰতিটো ৰাইজ’মৰ টুকুৰাক শাৰীত ৩০ ছেণ্টিমিটাৰ আঁতৰত গাঁত খান্দি ৫-৬ ছেণ্টিমিটাৰ গভীৰতাত ভালদৰে পুতি থ’ব লাগে আৰু ১৫-২৫ দিনৰ ভিতৰত ইয়াৰ অংকুৰণ হয়। ৩-৪ সপ্তাহ পাছত যদি খেতিত ভালদৰে গজালি নোলায়, সেই খালী ঠাইত পুনৰ ৰাইজ’মৰ ৰোপণ কৰিব লাগে।

ৰাইজ’ম আৰু গুটিৰ উপৰি ৰিহা গছৰ পুলিৰ দ্বাৰাও ৰিহা খেতি কৰিব পাৰি। প্ৰায় ১ বছৰ অথবা অধিক পুৰণি খেতিৰ পৰা গা-গছৰ সৈতে ২-৫ ছেঃমিঃ (ৰাইজ’মৰ) সৈতে যুক্ত প্ৰায় ১ মিটাৰ দীঘল পুলি উভালি, যন্ত্ৰ নাইবা নাঙলেৰে শিৰলু টানি ৬০ ছেঃমিঃ বহল আৰু ৩০ ছেঃমিঃ দূৰত্বত ৰুব লাগে। পুলিৰ আগবোৰ ১০ ছেঃমিঃ মাটিৰ ওপৰত ৰাখি পুলিবোৰ গা-গছ আৰু ৰাইজ’মৰ সৈতে মাটিৰ তলত পেলাই মাটি জপাই দিব লাগে।

ৰিহা গছৰ গুটি বহুত সৰু সৰু। ইয়াক ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মাটিত বেড বনাই তাৰ ওপৰত পচন সাৰ প্ৰয়োগ কৰি গুটি সিঁচিব লাগে আৰু পাছত পানী দিয়া জাৰিৰে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। দহ-পোন্ধৰ দিনৰ মূৰে মূৰে কৰকনাশী ঔষধ প্ৰয়োগ কৰিব লাগে। প্ৰয়োজন অনুসৰি ৰাসায়নিক সাৰৰ ব্যৱস্থা কৰিব লাগে, সময়ে সময়ে পুলিবোৰ নিৰনি কৰিব দিব লাগে আৰু পোক-পৰুৱা বা বেমাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। পুলিবোৰ দুই-তিনিমহীয়া হ’লে সেইবোৰ অন্য ঠাইত ৰোপণ কৰিব পাৰে।

জাত নিৰ্বাচনঃ

ৰিহাৰ অধিক উত্পাদন আৰু উচ্চ গুণসম্পন্ন আঁহজাতীয় জাতবোৰ হ’ল- আৰ-৬৭-৩৪ (কানাই), আৰ-১৪১১, আৰ-১৪১২, আৰ-১৪৪৯ আৰু আৰ-১৪৫২ আদি।

সাৰ প্ৰয়োগঃ

ৰিহা খেতিত প্ৰতি হেক্টৰত ২০-২৫ টন গোবৰ সাৰ অথবা পচন সাৰ খেতি কৰাৰ সময়ত মাটিত ভালদৰে মিহলাই দিব লাগে। ২০ কিঃগ্ৰাঃ নাইট্ৰ’জেন, ১৫ কিঃগ্ৰাঃ ফছফৰাছ তথা ১৫ কিঃগ্ৰাঃ পটাছ প্ৰতি হেক্টৰত হিচাপেৰে খেতি কৰাৰ সময়ত তথা প্ৰতি খেতি চপোৱাৰ পাছত ৩০ কিঃগ্ৰাঃ নাইট্ৰ’জেন, ১৫ কিঃগ্ৰাঃ ফছফৰাছ তথা ১৫ কিঃগ্ৰাঃ পটাছৰ মাত্ৰাৰ উপৰি প্ৰতিবাৰতে বনবাত নিয়ন্ত্ৰণৰ বাবে খেৰ, শুকান পাতৰ ব্যৱহাৰ কৰা উচিত।

পৰিচৰ্যাঃ

ৰিহা খেতি ৰোৱাৰ দুই মাহৰ পাছত বনবাত নিয়ন্ত্ৰণৰ বাবে পাতলকৈ কোৰ মাৰি দিব লাগে। বনবাত ওলোৱাৰ আগতে চিমাজিন বা এট্ৰাজিন প্ৰতি হেক্টৰত ০.৫-১.০ কেজি এ আই হিচাপে ১০০০ লিটাৰ পানীত মিহলাই মাটিৰ ওপৰত স্প্ৰে’ কৰিলে বনবাত গজিব নোৱাৰে।

কটা কামঃ

প্ৰতি বছৰে প্ৰথম কটাৰ পাছত ৰিহাৰ গছৰ ৰং ৪০-৫০ দিনৰ ভিতৰত সেউজীয়া পৰা পাতল মটীয়া ৰং হ’লে উচ্চ গুণযুক্ত আঁহ থকা ফচল কাটি থাকিব লাগে। প্ৰথম বছৰত ভাল শস্য প্ৰতিৰক্ষা কাৰ্যৰে ৩-৪ বাৰ ফচল কাটিব পাৰি। দ্বিতীয় বছৰৰ পৰা ৫-৬ বাৰ ফচল কাটিব পাৰি। ৰিহাৰ ফচল বছৰত ৬-৮ বাৰলৈকে একেৰাহে উত্পাদন হৈ থাকে। পুলিবোৰত ফুল ফলাৰ দৰে দেখাৰ লগে লগে ফচল কটা হয়। উপযুক্ত জলবায়ু, শস্যৰক্ষা, জাতি মাটি উৰ্বৰতা অনুসৰি ৩.৫-৪.৫ টন/হেক্টৰ/বছৰ শুকান গছ অথবা ১৬.০-২০.০ কুইণ্টল/হেক্টৰ/বছৰ শুকান লেহ লেহীয়াযুক্ত আঁহ পাব পাৰি। ইয়াৰ উপৰিও ৭-৮ টন/বছৰ/হেক্টৰ উচ্চ জীৰ্ণশক্তি আৰু পুষ্টিকৰ সেউজীয়া ঘাঁহ পাব পাৰি, য’ত বৰসীম অথবা লুৰ্সনলৰ দৰে পুষ্টিকৰ ঘাঁহতকৈ তিনি গুণ বেছি প্ৰ’টিনৰ মাত্ৰা পোৱা যায়। ইয়াৰ উপৰি ইয়াৰ পৰা ওলোৱা অনাসদ্ব্যৱহৃত বস্তুবোৰ কম্পোষ্ট বনোৱাত ব্যৱহাৰ কৰিব পাৰি।

ৰিহাৰ অপকাৰী কীট-পতংগ আৰু বেমাৰৰ নিয়ন্ত্ৰণঃ

বীজ সিঁচাৰ পাছৰ পৰাই কিছুমান অনিষ্টকাৰী কীট-পতংগ আৰু বেমাৰ-আজাৰ ৰিহা খেতিত পৰিলক্ষিত হয়। এইবোৰে খেতিডৰাক যথেষ্ট হানি কৰে। উপযুক্ত সময়ত এই কীট-পতংগ আৰু বেমাৰ-আজাৰ নিয়ন্ত্ৰণ কৰিলেহে কৃষক ৰাইজ লাভৱান হ’ব পাৰিব। কৃষকসকলৰ আৱশ্যকতাৰ ওপৰত লক্ষ্য ৰাখি এইবিধ খেতিৰ শস্যৰক্ষাৰ উপায় আলোচনা কৰা হ’ল।

ৰিহা অনিষ্টকাৰী কীট-পতংগসমূহ হ’লঃ

গছৰ পাত খোৱা বিছা, ৰিহাৰ পাত মোৰোৱা পোক, ৰিহাৰ গা-গছ বা শিপা বিন্ধা পোক, মিলিবাগ আৰু লেডী বাৰ্ড বিটল আদি।

ৰিহা গছৰ পাত খোৱা বিছাঃ

ই সাধাৰণতে গছৰ কুমলীয়া পাতবোৰ খাই নষ্ট কৰে। ফলস্বৰূপে পাতবোৰ জালৰ নিচিনা দেখা দিয়ে আৰু পাতবোৰে খাদ্য প্ৰস্তুত কৰিব নোৱাৰা হয়। সময়মতে ইয়াৰ নিবাৰণ নকৰিলে অন্য গছলৈ সঞ্চাৰিত হৈ যায়। ইয়াৰ পৰা শস্যডৰাক বচাই ৰাখিবলৈ তলত উল্লেখ কৰা উপায় অৱলম্বন কৰিব পাৰে-

v  নিবাৰণৰ বাবে দৰব ছটিওৱাৰ সলনি আক্ৰান্ত গছৰ পাতবিলাক ছিঙি দিব লাগে।

v  এই পোকৰ কণী বা বিছা পাতত দেখাৰ লগে লগে হাতেদি ছিঙি আনি কেৰাচিন তেলত ডুবাই দিব লাগে।

v  ইয়াৰ প্ৰতিকাৰৰ বাবে ফেনিট্ৰ’থিয়ন ৫০ ই চি (১ মিলিলিটাৰ) বা এণ্ডোচালফান ৩৫ ই চি (২ মিলিলিটাৰ) বা মনক্ৰাটফচ ৪০ ই চি (১.৫ মিলিলিটাৰ) প্ৰতি লিটাৰ পানীত মিহলাই ১৫ দিনৰ ব্যৱধানত তিনিবাৰকৈ স্প্ৰে’ কৰিব লাগে। স্প্ৰে’ কৰোতে গছজোপাৰ উপৰি ভাগত ছটিয়াব লাগে।

ৰিহাৰ পাত মোৰোৱা পোকঃ

এইবিধ পোকৰ নিবাৰণৰ বাবে খেতিডৰাত আঁতৰে আঁতৰে বাঁহৰ জেং পুতি দিব লাগে যাতে জেংবোৰত চৰাই বহি অনিষ্টকাৰী এই পোকবোৰ খাব পাৰে।

ৰিহাৰ গা-গছ বা শিপা বিন্ধা পোকঃ

এই পোকে গছৰ শিপা বা গা-গছজোপাটো বিন্ধা কৰি দিয়ে, যাৰ ফলত গা-গছজোপা শুকাবলৈ আৰম্ভ কৰে। ইয়াৰ নিবাৰণৰ বাবে ফেনিট্ৰ’থিয়ন ৫০ ই চি (১ মিলিলিটাৰ) বা এণ্ডোচালফান ৩৫ ই চি (২ মিলিলিটাৰ) বা মন’ক্ৰট’ফচ ৪০ ই চি (১.৫ মিলিলিটাৰ) প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

মিলিবাগঃ

এই পোকবিধে গা-গছত বা ঢালত আঠা লাগি থাকি তাৰ পৰা খাদ্য শুহন কৰাৰ ফলত গছৰ ঢাল আৰু গা-গছজোপা শুকাবলৈ আৰম্ভ কৰে। নিবাৰণৰ বাবে ০.২ শতাংশ শক্তিৰ ৰগৰ ঔষধ তিনি-চাৰিবাৰ গছত ছটিয়াব লাগে।

লেডী বাৰ্ড বিটলঃ

এই পোকবিধে গছৰ পাতত বহি পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ শুকাবলৈ আৰম্ভ কৰে। ইয়াৰ নিবাৰণৰ বাবে ফেনিট্ৰ’থিয়ন ৫০ ই চি (১ মিলিলিটাৰ) বা মন’ক্ৰট’ফচ ৪০ ই চি (১.৫ মিলিলিটাৰ) প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

বেমাৰ-আজাৰঃ

ৰিহাত দেখা দিয়া বেমাৰ-আজাৰৰ ভিতৰত শিপা পচা, গুৰি পচা, পুলি পোৰা আৰু এনথ্ৰাকন’জ আদিয়েই প্ৰধান-

শিপা পচা বা গুৰি পচাঃ

পুলিটো মাটিত লাগি থকা অংশ ক’লা পৰি পচি যোৱা দেখা যায়। গুটি সিঁচাৰ পাছত, গজালি ওলোৱা গুটিবোৰ গেলি যায় বা গজালি ওলোৱাৰ পাছতেই পুলিৰ শিপা বা গুৰিটো পচি কাণ্ড ভাগি পৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে- বীজ সিঁচাৰ আগতে ভেঁকুৰনাশক ঔষধ যেনে- কাৰবেনদেজিম ১ গ্ৰাম প্ৰতি কিলো বীজৰ লগত মিহলাই শোধন কৰিব লাগে। পুলি অৱস্থাত খেতিডৰাত পানী জমা হ’বলৈ দিব নালাগে।

এনথ্ৰাক্ল’জঃ

লক্ষণঃ ৰিহাৰ পুলিবোৰৰ পাতত ক’লা, ৰঙা গুৰিৰে ঢাকি থকা কিছুমান ঘূৰণীয়া দাগ পৰা দেখা যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে বেভিষ্টিন নামৰ ঔষধ ০.১৫ শতাংশ(১.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই  প্ৰয়োগ কৰিব লাগে।

v  এই বেমাৰৰ পৰা ৰিহা খেতিডৰাক ৰক্ষা কৰিবলৈ মাটিত পটাছ সাৰৰ পৰিমাণ বেছি কৰিব লাগে, যেনে- ৫০ কিলোগ্ৰাম পটাছ প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে।

v  বেমাৰৰ লক্ষণ দেখা দিয়াৰ লগে লগে কাৰবেনদেজিম এক গ্ৰাম বা মেনক’জেব তিনি গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

আগ পচা, পুলিৰ গুৰি পচা আৰু পুলি পোৰা বেমাৰঃ

সাধাৰণতে মাটিত থকা মেক্ৰফমিনা ফেচিওলিনা নামৰ ভেঁকুৰৰ দ্বাৰা হয়। ইয়াৰ প্ৰতিকাৰ হিচাপে বীজবোৰ সিঁচাৰ আগতে ট্ৰাইক’গ্ৰামাৰ এটা প্ৰলেপ দিব লাগে।

পাতত দাগ পৰা বেমাৰঃ

এইবিধ বেমাৰ ভেঁকুৰৰ দ্বাৰা হোৱা প্ৰথমে ঘূৰণীয়া ঘূৰণীয়া দাগৰ সৃষ্টি কৰে আৰু লাহে লাহে গোটেই ৰিহা গছৰ পাতবোৰ গেলি যায় আৰু শেষত সৰি পৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে পাঁচ গ্ৰাম কেপটাফ বা কেপটান দৰব আঢ়ৈ লিটাৰ পানীত মিহলাই ৰিহা গছত ছটিয়াব লাগে। গছৰ তলত বেমাৰ লাগি সৰি পৰা ৰিহাৰ পাতবোৰ আঁতৰাই পেলাব লাগে।

শস্যকৃমি নিয়ন্ত্ৰণঃ

এই কৃমিৰ আক্ৰমণৰ ফলত গছবোৰ শ্ৰীবৃদ্ধি কম হয় আৰু শিপাবিলাক উভালি চালে ওফন্দি উঠা টেমুনা দেখা পোৱা যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে মূল পথাৰত শস্য ৰোৱাৰ আগতে বা শস্য ৰোৱাতে মাটিডৰাত কাৰ্বফুৰান ৩ জি নামৰ ঔষধ ২ কেজি এ আই প্ৰতি বিঘা মাটিৰ হিচাপত প্ৰয়োগ কৰিব লাগে।

ৰিহাৰ বিভিন্ন উপকাৰিতা আৰু মহত্বঃ

ৰিহাৰ গছৰ পৰা পোৱা ওপৰোক্ত ব্যৱহাৰৰ উপৰিও ইয়াৰ পৰা উন্নত মানৰ সেউজীয়া ঘাঁহো পোৱা যায়, যাক পশুৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ৰিহাৰ পাতবোৰৰ ৰসৰ ঔষধীয় মহত্ব আছে। যাক কটা বা পুৰা ঘাত লগোৱা, তেজ বিশুদ্ধ কৰা, চুলি বঢ়োৱা বা সৰা দৰে বেমাৰতো ইয়াক ব্যৱহাৰ কৰা হয়। ৰিহা গছৰ এণ্টি আলচাৰ ঔষধি গুণ আছে। ৰিহাৰ পাতবোৰক পশুৰ আহাৰৰ উপৰিও কুকুৰাৰ আহাৰ তথা মাছৰ দানাতো ব্যৱহাৰ কৰা হয়। ৰিহা গছৰ ব্যৱহাৰ কাগজ তৈয়াৰতো কৰা হয়। অটোমোবাইল উদ্যোগত আৰু বায়োকম্পোজিটস তৈয়াৰতো ৰিহাৰ ব্যৱহাৰ কৰা হয়। ৰিহাৰ অৱশিষ্ট পদাৰ্থখিনি কাঠফুলা উত্পাদনৰ কাৰণে বহুত উপযুক্ত। ৰিহাৰ ফচলৰ উপযুক্ত লাভ আৰু বহুত উদ্যোগিক মহত্বৰ কাৰণে এই ফচলৰ পৰা খেতিয়কসকল বহুত লাভৱান হ’ব পাৰে। সেয়ে ইয়াৰ উত্পাদন বঢ়াবলৈ হ’লে উদ্যোগপতিসকলক এই ফচলৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ কাৰণে এই খেতিৰ বাবে চৰকাৰী আৰু উদ্যোগ বিভাগৰ দৃঢ় শক্তি আৰু খেতিয়কসকলক উত্সাহিত কৰাটো নিতান্ত প্ৰয়োজন হৈ পৰিছে।

লেখক: বিদ্যুত বিকাশ দেউৰী, ড ভৰত চন্দ্ৰ নাথ, ভৱেশ গগৈ, ড বিনুদ উপাধ্যায়

উৎসঃ অসমীয়া খবৰ

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top