অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেচম শিল্প

এড়া পাতৰ খেতি আৰু এড়ি পলুৰ পালন

এড়া পাত বিভিন্ন মাটি আৰু জলবায়ুত হ'ব পাৰে। সফল লেটা উৎপাদনৰ বাবে প্ৰয়োজন হোৱা পূৰ্ব্ব চৰ্ত হ’ল উচ্চ গুণমানসম্পন্ন এড়া পাতৰ খেতি যিটো আটাইতকৈ ভাল পৰিচালন ব্যাৱস্থা অৱলম্বনৰ দ্বাৰাহে সম্ভৱ হয়। এড়়ি কীট লার্ভা অবস্থাত মোট নির্মোচনৰ পাঁচটা স্তৰ অতিক্রম কৰে। উচ্চ গুনমানৰ এড়ি পাবলৈ হ’লে লার্ভা অৱস্থাত বিশেষভাৱে তৈয়াৰী ছাঁ আৰু যত্নৰ প্ৰয়োজন।

 

এড়া পাত গছৰ বাগিচা প্ৰতিস্থাপনৰ বাবে খৰচ (প্রথম বছৰত)

 


ক্রমিক সংখ্যা

বিৱৰণ

মূল্য (Rs.)

মাটি চহোৱা কাম

১৫০০.০০

চূড়ান্ত ভাবে মাটি তৈয়াৰ কৰা

৪০০.০০

সাৰ প্ৰয়োগ(৮ টন) (৫০০ টকা প্রতি টন)

৪০০০.০০

এড়া পাত গছ - ৬০০০ পুলি ( ৫০ পইছা প্রতিটো পুলি)

৩০০০.০০

ট্রেক্টৰেৰে গাঁত বনোৱা (৪ঘন্টা) আৰু পুলি লগোৱা

২২০০.০০

সাৰ (১০০ কে.জি এমোনিয়াম চালফেট; ১২৫ কে.জি চিঙ্গল চুপাৰ ফচফেট আৰু ৩৫ কে.জি মিউৰেট অফ পটাছ)

১০৩৬.০০

সাৰ প্ৰয়োগৰ খৰচ

১২০.০০

জলসিঞ্চন

১৫০০.০০

নিৰোৱা আৰু অপতৃন পৰিষ্কাৰ কৰা

১৮০০.০০

১০

অন্যান্য

৫০০.০০

 

মুঠ

১৬০৫৬.০০

 

এড়ি উপাদন খণ্ডৰ বাবে প্ৰয়োজনীয় সংযোগ

  1. Central Silk Board
  2. Government of AP Department of Sericulture
  3. Government of AP Department of Sericulture

চৌকী পালন কি ?

চৌকী খেতি হল এড়ি পলু খেতিৰ প্রথম দুটি স্তৰ। চৌকীৰ পেলু বিলাক সঠিকভা‌‌ৱে পালন নকৰিলে পৰৱর্তী কালত শস্য নষ্ট হ'ব পাৰে। গতিকে চৌকী খেতি হ’ল পলু পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হচ্ছে যাৰ বাবে সঠিক উষ্ণতা, আর্দ্রতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কোমলীয়া পাত, পালনৰ বাবে উত্তম ব্যৱস্থা আৰু প্ৰযুক্তিগত দক্ষতাৰ প্ৰয়োজন।

ব্যৱসায়িক ভিত্তিক চৌকী পালন কেন্দ্র

চি. এচ. আৰ. টি. আই মাইচুৰত প্ৰতি বাৰত @ ৫০০০ dfls উৎপাদন হাৰত বছৰি ৩২ বাৰ উৎপন্ন কৰিব পৰাকৈ বছৰি ১,৬০,০০০ dfls (বেমাৰ-মুক্ত-উৎপাদন)ক্ষমতা সম্পন্ন আদৰ্শ ব্যৱসায়িকভিত্তিক চৌকী পালন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই আদৰ্শ কেন্দ্ৰ সফলভাৱে ২ বছৰ পৰীক্ষা কৰাৰ পিছত, এইটো দেশখনৰ এড়ি পালন কৰা অঞ্চল সমূহত জনপ্ৰিয়তা লাভ কৰিছে।

ব্যৱসায়িক ভাবে চৌকি উৎপাদন কৰা কেন্দ্ৰসমূহত প্ৰয়োজন হোৱা সুবিধাসমূহ

  • ব্যৱসায়িক ভিত্তিক চৌকী পালন কৰা কেন্দ্ৰবিলাকত বেলেগকৈ জলসিঞ্চনযুক্ত ঐক্যবদ্ধ পলুৰ বাগিচা, পালন কৰাৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সা-সৰঞ্জাম সম্ভলিত চৌকী পালন ঘৰ আৰু সৰ্বোপৰি চৌকী পালনৰ অভিজ্ঞতা থকা প্ৰশিক্ষন প্ৰাপ্ত/ পাৰ্গত ব্যক্তি থাকিব লাগে।
  • এড়িৰ কণী গ্ৰেইনাজৰ পৰা আনিব লাগে আৰু চৌকি পালন কেন্দ্ৰৰ ওচৰত ৮০ ৰ পৰা ১০০ জন এড়ি খেতিয়কৰ ১২০ ৰ পৰা ১৫০ একৰ মাটি থাকিব লাগে।

ব্যৱসায়িক ভিত্তিক চৌকী পালন কেন্দ্ৰৰ লাভসমূহ
১. উন্নত আৰু স্বাস্থ্যবান এড়ি পলুৰ উৎপাদন সম্ভৱ, যাৰ বাবে লেটাৰ খেতি স্থিৰ আৰু উৎপাদন পোৱা যায়।
২. স্বাস্থ্যৱান সমান জোখৰ এড়ি পলু আৰু লার্ভাৰ উৎপাদন সম্ভৱ কৰে।
৩. প্ৰদূষণ আৰু বেমাৰ বিস্তাৰিত কৰাৰ সম্ভাৱনা হ্ৰাস হয়।
৪. সঠিক ইনকিউবেশ্বনে সঠিক কণী ফুটা সম্ভৱ কৰে।
৫. পালনৰ সময়ত লার্ভাৰ মৃত্যুৰ হাৰ হ্ৰাস হয় ফলত অধিক উৎপাদন পোৱা যায়।

চৌকী খেতি, পদ্ধতি আৰু ব্যৱসায়িক CRC পঞ্জীয়নৰ আদিৰ বিষয়ে অধিক তথ্যৰ বাবে যোগা-যোগ কৰক: Sericulture Research & Training Institute, Mysore.
উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 11/24/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate