অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত আৰু বিজ্ঞান সন্মত আহিলা ব্যৱহাৰ কৰি ৰান্ধনিশালৰ কষ্ট লাঘৱ কৰাৰ উপায়

উন্নত আৰু বিজ্ঞান সন্মত আহিলা ব্যৱহাৰ কৰি ৰান্ধনিশালৰ কষ্ট লাঘৱ কৰাৰ উপায়

প্ৰত্যেক ব্যক্তিৰে ঘৰ খন এখন কৰ্মশালা বুলিয়ে ক’ব পাৰি কিয়নো ৰাতিপুৱাৰে পৰা ৰাতি বিচনাত পৰা লৈকে ঘৰ খনৰ প্ৰত্যেক জন ব্যক্তিয়ে বিভিন্ন কামত জড়িত হৈ থাকে। কিন্ত বৰ্তমান অৱস্থাত দেখা গৈছে যে ঘৰ খনৰ মহিলা গৰাকীয়েই সাধাৰণতে ঘৰুৱা কাৰ্য্যত হওঁক নতুবা ঘৰৰ বাহিৰৰ কাম-কাজতেই হওঁক বহুভূমী ভূমিকা লৈ আহিছে যদিও মহিলা সকলক ঘৰুৱা কাৰ্য্যত বিশেষকৈ পাকঘৰতেই জীৱনৰ প্ৰায় এক তৃতীয়াংশ সময় অতিবাহিত কৰে। ৰান্ধনি ঘৰৰ কাম-কাজ কৰিবলৈ যথেষ্ট পৰিমাণে শাৰীৰিক শক্তিৰ প্ৰয়িজন হয়, ফলত ভাগৰ অনুভৱ কৰে, ইয়াৰ মূলতে হৈছে কাম কৰাৰ সময়ত শৰীৰৰ বিভিন্ন অংশৰ মাংসপেশীৰ ব্যৱহাৰ। এই কথাৰ ওপৰত ভিত্তি কৰি উন্নত মানৰ ৰান্ধনি ঘৰৰ আহিলা কিছুমান বনোৱা হৈছে যি অতি কম সময়তে আৰু কম কষ্টতে এগৰাকী মহিলাক তেওঁৰ ৰান্ধনি ঘৰৰ কাম-কাজ সুকলমে সহজে হোৱাত সহায় কৰে। আজিকালি বিভিন্ন ধৰণৰ উন্নত মানৰ ৰান্ধনি ঘৰৰ আহিলা বজাৰত পোৱা যায়, তাৰে দুই-তিনি বিধ মান আহিলাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা আহিলা চিনাক্ত কৰা আৰু কিনাৰ সময়ত ল’ব লগা সাৱধানতা

  • যিয়ে আমাৰ সময় আৰু কষ্ট দুয়োটায়ে লাঘৱ কৰে।
  • সহজ নমুনাৰ হ’ব লাগে যাতে অতি কম ঘাত, ভাজ, জোৰা থাকে, কিয়নো এই বোৰ বেছি থাকিলে আহিলা সমূহ পৰিস্কাৰ কৰাত অসুবিধা হয়।
  • সদায় আহিলা সমূহ কিনোতে বনোৱা অনিষ্ঠানটোৰ নাম, ঠিকনা আৰু আহিলা বিধৰ নম্বৰটো চাব লাগে যাতে কিবা অসুবিধা পালে সলাই ল’ব পাৰে।
  • সদায় আহিলা সমূহ কিনোতে ৱ’ৰেণ্টি কাৰ্ড লগোৱা আছেনে নাই চাব লাগে।
  • এনে ধৰণৰ আহিলা কিনাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে একেবিধ আহিলাকে বহু বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ স্বৰুপে মিক্সাৰ-গ্ৰাইনডাৰ, পিহনা, পিলাৰ ইত্যাদি।
  • আহিলা সমূহ সদায় বিশ্বাসযোগ্য দোকানৰ পৰা কিনিব লাগে।
  • আহিলা সমূহ কিনাৰ আগতে জানি ল’ব লাগে যাতে মেৰামতি কৰাৰ ব্যৱস্থা আৰু আনুসাংগিক আহিলা সমূহ সহজে পোৱা যাবনে নাযায়।

ষ্টীলৰ পিহনা

ষ্টীলৰ পিহনা খন সহজে মামৰে নধৰে কাৰণে ইয়াক লো বা এলুমিনিয়ামৰ পিহনাতকৈ উন্নত মানৰ বুলি ধৰা হয়। লোৰ পিহনাত সহজে মামৰে ধৰে আৰু পিহিব লগীয়া বস্তুটোৰ বৰণ সক্লনি কৰি দিয়ে আৰু ই স্বাস্থ্যৰ কাৰণেও ক্ষতিকাৰক হয়। আনহাতে এলুমিনিয়ামৰ পিহনা খন ঠুনুকা হয় আৰু সহজে ভাঙি যোৱাৰ সম্ভাৱনা থাকে। কিন্ত ষ্টীলৰ পিহনা খনত এই সমস্যা সমূহ পোৱা নাযায়। পিহনা খন সাধাৰণতে শাক-পাচলি আৰু ফল-মূল পিহি খাবৰ বাবে ব্যৱহাৰ কৰা হয় যদিও আজিকালি পিয়াজ, আদা, নহৰু আদি পিহিবৰ বাবেও ব্যৱহাৰ কৰা হয়। আজিকালি বজাৰত বিভিন্ন আকাৰৰ আৰু জোখৰ পিহনা পোৱা যায়।

সুবিধাসমূহ

  • বৰ্তমান পিহনা খনৰ ফুটাবোৰ বিভিন্ন জোখত বনোৱা হয় যাতে খাদ্য সমূহ বিভিন্ন জিখত নিজৰ মন পচন্দ মতে কাটিব পাৰে।
  • ষ্টীলৰ পিহনাত মামৰে নধৰে, গতিকে খাদ্যৰ বস্তুৰ ৰ্ং সলনি নহয় আৰু পুষ্টিও কমি নাযায়।
  • ফুটাবোৰত লাগি থকা খাদ্য বস্তুবোৰ পৰিস্কাৰ কৰিবলৈ সহজ হয়।

মনত ৰাখিবলগীয়া কথা

  • প্ৰত্যেক বাৰেই ব্যৱহাৰ কৰাৰ পিছত পিহনা খন ভালদৰে ধুই থ’ব লাগে।
  • ফুটাত লাগি থকা খাদ্য বস্তু ৱোৰ আঁতৰ কৰিবলৈ দাঁত ঘহা ব্ৰাছ ব্যৱহাৰ কৰিব লাগে।

মূল্য: প্ৰায় ২৫.০০ টকাৰ পৰা ৬০.০০ টকাৰ ভিতৰত।

পীলাৰ

পীলাৰ হৈছে কটাৰীৰ নিচিনা এবিধ সজুলি যি শাক-পাচলি আৰু ফল-মূলৰ বাকলি গুচাবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত ফল-মূল বা শাক-পাচলিৰ বাকলি সমান আৰু পাতলকৈ কাটিব পাৰি। পীলাৰ খন সাধাৰণতে ষ্টীলৰ হয় যাতে সহজে মামৰে নধৰে আৰু খোৱা বস্তত মামৰ লাগি ইয়াৰ ৰ্ং সলনি নকৰে।

সুবিধাসমূহ

১) পীলাৰৰ সহায়ত বাকলিটো সমান আৰু পাতলকৈ কাটিব পাৰি য’ত কটাৰীৰে কাটিলে কেতিয়াবা বাকলিৰ লগতে ফলৰ বা পাচলিৰ ওপৰৰ পাহ কাট যায় য’ত পৰিপুষ্টিৰ কিছু অংশ কমি যায়।

২) প্ৰায় সকলো ধৰণৰ ফল-মূল নতুবা পাচলিৰ বাকলি গিচাব পাৰি।

৩) পীলাৰৰ সহায়ত বাকলি গুচাবলৈ সহজ আৰু ই সময়ো কম লয়।

৪) ইয়াক বাৰে বাৰে ধাৰ কৰোৱাৰ প্ৰয়োজন নহয়।

মনত ৰাখিবলগীয়া কথা

  • ব্যৱহাৰ কৰাৰ পিছত পীলাৰ খন ভালদৰে ধুই, শুকুৱাই থ’ব লাগে।

মূল্য: প্ৰায় ২৫.০০ টকাৰ পৰা ৫০.০০ টকাৰ ভিতৰত।

পিটিকা কৰা সজুলী

পিটিকা কৰা সজুলি বিধ সিজোৱা আলু, শাক-পাচলি আৰু ফল-মূল পিটিকিবৰ বাবে ব্যৱহাৰ কৰা হয়। সাধাৰণতে আমি পিটিকা হাতেৰে নতুবা হেতাৰে সহায়ত কৰোঁ। হাতেৰে পিটিকা কৰাটো স্বাস্থ্য সন্মত নহয় আৰু হেতাৰে সহায়ত কৰিলে পিটিকাটো ভাল নহয়। সেই কাৰণে এই সজুলি বিধ ব্যৱহাৰে পিটিকাটো ভালদৰে সমভাৱে হোৱাত সহায় কৰে।

সুবিধাসমূহ

  • সিজোৱা আলু নাইবা আন শাক-পাচলি আৰু ফল-মূল ভালদৰে সজুলি বিধৰ সহায়ত পিটিকিব পাৰি।
  • ই স্বাস্থ্য সন্মত।
  • ব্যৱহাৰ কৰিবলৈও সহজ হয়।
  • সহজে পৰিস্কাৰ কৰিবও পাৰি।

মনত ৰাখিবলগীয়া কথা

  • ব্যৱহাৰ কৰা সজুলি বিধ ভালদৰে ধুই থ’ব লাগে যাতে তাত অকনমানো খোৱা বস্তুৰ টুকুৰা লাগি নাথাকে।
  • যদি হেণ্ডেল ডাল প্লাষ্টিকৰ হয় তেন্তে তাক জুইৰ ওচৰৰ পৰা আঁতৰাই ৰাখিব লাগে।

মূল্য : প্ৰায় ৫০.০০ টকাৰ পৰা ১০০.০০ টকাৰ ভিতৰত।

মহিলা সকলৰ বহুমুখী কামৰ সময়ত ৰান্ধনি শালত ব্যৱহৃত উন্নত মানৰ আহিলা আৰু সজুলি সমূহে কষ্টৰ লাঘৱ কৰাৰ লগতে সময়ৰ মিতব্যয়ী ব্যৱহাৰ হোৱাত যথেষ্ট অৰিহণা যোগায়। ইয়াৰ ফলত প্ৰত্যক্ষ আৰু পৰিক্ষভাৱে ৰাহি হোৱা সময় আৰু শক্তি খিনি আন উৎপাদনমুখী কামত ব্যৱহাৰ কৰি পৰিয়ালৰ আৰ্থ সামাজিক উন্নতিত সহায় কৰিব পাৰে।

লেখক: ড° মানসী বৰুৱা ডেকা, ৰেখামনি শইকীয়া, পম্পী শইকীয়া, গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্প, সম্প্ৰসাৰণ শিক্ষা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate