অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষকৰ আয় দুগুণ কৰিবলৈ:

কৃষকৰ আয় দুগুণ কৰিবলৈ:

 

জঁছোৱা ডি কাষ্ট্ৰো হ’ল ক্ষুধাৰ বিৰুদ্ধে যুঁজ দিয়া ব্ৰাজিলৰ এজন পুষ্টি বিশেষজ্ঞ। তেওঁ ১৯৫২ চনত ‘জিয়’পলিটিক্স অব হাংগাৰ’ নামৰ যুগান্তকাৰী গ্ৰন্থখনত ক্ষুধা আৰু প্ৰজননৰ এক সমীকৰণ দাঙি ধৰিছিল। মালথুছে কৈছিল যে জনবিসফোৰণে খাদ্য সংকটৰ সৃষ্টি কৰে, কিন্তু ইয়াৰ বিপৰীতে কাষ্ট্ৰোৱে গ্ৰন্থখনৰ উল্লেখ কৰিছিল- বুভুক্ষু জনতাৰ প্ৰজনন ক্ষমতা অধিক হয়, ফলত ক্ষুধাৰ্ত দেশৰ জনসংখ্যা বৃদ্ধিৰ প্ৰাবল্য অধিক। অৰ্থাৎ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তাখিনিৰ অভাৱীসকলৰ মাজত প্ৰজননৰ মাত্ৰ অধিক হৈ সন্তানৰ সংখ্যা বাঢ়ি যায়। খাদ্যাভাৱত নতুন প্ৰজন্মটো শাৰীৰিক আৰু মানসিক দুই প্ৰকাৰে দুৰ্বল আৰু পংগু হৈ পৰে, যথা সময়ত সেইটো প্ৰজন্ম প্ৰাপ্তবয়স্ক হৈয়েই পুনৰ একেধৰণৰ আন এটা দু:সহ জীৱনচক্ৰ আৰম্ভ কৰে। এনেকৈ খৰতকীয়াকৈ আগবঢ়া জীৱনচক্ৰৰ সমান্তৰালকৈ জনসংখ্যাও দ্ৰুতগতিত বৃদ্ধি পায়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চালে দেখা পাওঁ- ১.২৫ শতাংশ বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰেৰে আৰু ৬৮.৮৯ বছৰ গড় আয়ুসেৰে ২০১৬ চনত ভাৰতৰ মুঠ জনসংখ্যা হৈছেগৈ ১৩৩.৬২ কোটি। দ্বেগৰ বিষয় এয়ে যে ২০২২ চনত ভাৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ দেশলৈ ৰূপান্তৰ হ’ব। জনসংখ্যা বৃদ্ধিৰ লগে লগে আৱাসৰ খাতিৰত কৃষিভূমিৰ পৰিমাণ দিনক দিনে হ্ৰাস হৈ গৈ আছে আৰু বৰ্দ্ধিত জনগনক খাদ্য সুৰক্ষা দিবলৈ নিম্নগামী কৃষিপথাৰৰ ওপৰত হেঁচা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। ইমান মানুহক খাদ্য যোগান ধৰিবলৈ আমাৰ দেশ সমৰ্থ হ’বনে?

সত্তৰৰ দশকত ক্ষুধা নিবাৰণৰ হকে সেউজ বিপ্লৱৰ সূচনা হোৱাৰ সময়তে বহুল পৰিমাণে কৃত্ৰিম ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হৈছিল। পৰৱৰ্তী সময়ত বিশ্বৰ বিদ্বৎ সমাজ কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগ হ’বলৈ ধৰিলে। অপকাৰী কীট-পতংগৰ বিষয়ে, কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ে সজাগ হ’বলৈ ধৰিলে। অপকাৰী কীট-পতংগৰ বিষয়ে, কৃত্ৰিম কীটনাশক প্ৰয়োগৰ বিষয়ে জানিবলৈ আমি অলপ আগলৈ ঘূৰি যাব লাগিব। ছুইজাৰলেণ্ডৰ ৰসায়নবিদ পল হাৰমাল মূলাৰে ১৯৩৯ চনত ডি ডি টিৰ কীটনাশক তত্ত্ব আৱিষ্কাৰ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত মেলেৰিয়া আৰু টাইফাছ ৰোগৰ বিৰুদ্ধে ডি ডি টি ব্যৱহাৰ কৰা হৈছিল। যুদ্ধক্ষেত্ৰত সৈনিকৰপৰা শিশুলৈ প্ৰত্যেকেই গাত পাউডাৰ সনাৰ দৰে ডি ডি টি ঘঁহি মহ-ডাঁহ আৰু ছাল ওকণিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত কৃষিক্ষেত্ৰৰ কীট-পতংগ নিয়ন্ত্ৰণৰ নামত জধে-মধে ডি ডি টি ব্যৱহৃত হৈছিল। মানৱ সমাজৰ বাবে সুফলদায়ক এই কীটনাশকৰ চমৎকাৰী আৱিষ্কাৰৰ স্বীকৃতি স্বৰূপে ১৯৪৮ চনত মুলাৰক ন’বেল বঁটাৰে বিভূষিত কৰা হৈছিল যদিও ডি ডি টিৰ এই জয়যাত্ৰা বেছিদিন নিটিকিল। মানুহ লাহে লাহে ডি ডি টিৰ পৰা উদ্ভৱ হোৱা ক্ষতিকাৰক দিশ সম্পৰ্কে অৱগত হ’বলৈ ধৰিলে। ১৯৬২ চনত ২৭ ছেপ্টেম্বৰত প্ৰকাশিত মাৰ্কিন লেখিকা ৰাছেল কাৰ্চনৰ ‘ছাইলেন্ট স্প্ৰিং’ নামৰ গ্ৰন্থখনে সমগ্ৰ বিশ্বত খলকনি তোলে আৰু ১৯৭২ চনত মাৰ্কিন যুক্তৰাজ্যই মেলেৰিয়া নিয়ন্ত্ৰণৰ বাদে আন ক্ষেত্ৰত ডি ডি টিৰ ব্যৱহাৰ নিষিদ্ধ কৰে। সময়ৰ লগে লগে ৰসায়নবিদসকলৰ অহোৰাত্ৰ কষ্টৰ ফলস্বৰূপে বহুকেইটা কীটনাশক আৱিষ্কাৰ হয় আৰু এটা এটাকৈ কেইবাটিও নিষিদ্ধ হয়। আপোনাৰ মনতো হয়তো প্ৰশ্ন উদয় হ’ব যে ক্ষুদ্ৰকায় পোক-পতংগৰ দৰে অপকাৰী জীৱক নাশ কৰিব পৰা ডি ডি টিনো আমাৰ বাবে কেনেকৈ অনিষ্টকাৰী হ’ব পাৰে? ধৰক, এখন পথাৰৰ শস্যক আক্ৰমণকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে ডি ডি টি প্ৰয়োগ কৰা হ’ল। এইটো কথা ঠিক যে প্ৰয়োগ কৰাৰ সময়ত কীটনাশকৰ বেছিভাগ অংশই ছিটিকি গৈ কাষৰ ঘাঁহ-বনত পৰিব। প্ৰকৃততে যিকোনো কীটনাশকৰ প্ৰায় ১ শতাংশ মানহে লক্ষ্যত, মানে অপকাৰী কীট-পতংগৰ দেহক স্পৰ্শ কৰিব পাৰে, বাকী সৰহ অংশই উপকাৰী পতংগকে ধৰি অন্যান্য জীৱক আক্ৰমণ কৰাৰ লগতে পৰিৱেশ প্ৰদূষিত কৰে। ফলত, সেই ঘাঁহনিত চৰি থকা গাই গৰুৱে প্ৰত্যক্ষভাৱে ডি ডি টি উদৰস্থ কৰিব। পৰ্যায়ক্ৰমে ডি ডি টি গৰুৰ তেজৰপৰা গাখীৰলৈ আৰু গৰুৰ গাখীৰ পান কৰাৰ পিছত মানুহৰ দেহত প্ৰৱেশ কৰিব, আকৌ মাতৃদুগ্ধৰ মাধ্যমেৰে নৱজাত শিশুও মাৰাত্মক ডি ডি টিৰ সংস্পৰ্শলৈ আহিব। এনেদৰে গাখীৰৰপৰা প্ৰস্তুত হোৱা দৈ, ঘিউ, মাখনজাতীয় সামগ্ৰীসমূহত এই কীটনাশকৰ গাঢ়তা বাঢ়ি যায়। ভাৰতীয় পটভূমিত, সেউজ বিপ্লৱেৰে গোটেই দেশৰ দুৰ্ভিক্ষ নিবাৰণত নেতৃত্ব লোৱা পঞ্জাব-হাৰিয়ানাত জধে মধে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপব্যৱহাৰৰ ফলত মাটি-পানী-বায়ু কলো প্ৰদূষিত হৈ পৰিছে। পতংগ নিয়ন্ত্ৰণৰ অমোঘ অস্ত্ৰ ডি ডি টি কৃষিক্ষেত্ৰত কোন কাহানিবাই নিষিদ্ধ কৰাৰ পিছতো হাৰিয়ানাৰ সদ্যোজাত শিশুৱে এতিয়াও মাতৃদুগ্ধৰ লগত খাদ্য শৃংখলেৰে সোমাই পৰা এই কীটনাশক পান কৰে। এই দুখন ৰাজ্যৰ মাটি-পানী প্ৰদূষণমুক্ত কৰাৰ বাবে তেওঁলোকৰ চৰকাৰে ডেইৰী খণ্ডক গুৰুত্ব দি গোবৰেৰে কৃষি কৰাত প্ৰাধান্য দিছে।

পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰক এই ৰাসায়নিক কীটনাশকবোৰে, ব্যৱহাৰৰ প্ৰাৰম্ভিক পৰ্যায়ত পতংগ নিয়ন্ত্ৰণত সফলতা দেখুৱালেও পৰৱৰ্তী সময়ত এইবোৰৰ সক্ৰিয়তা হ্ৰাস হৈ ফুটুকাৰ ফেনত পৰিণত হৈ পৰে। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল- অঞ্চল বিশেষে ভাৰতীয়সকলৰ খাদ্যাভ্যাস বেলেগ বেলেগ আৰু বেছিভাগ কৃষকৰ নিজস্ব খেতিমাটি তেনেই নগণ্য হোৱাৰ পৰিপ্ৰেক্ষিতত কম কমকৈ ভিন ভিন খেতি সামান্যতম যান্ত্ৰিকীকৰণেৰে কৰাৰ ফলত এটা খেতি নষ্ট নহ’লে আন এটা খেতিৰে উৎপাদনে আমাক দুৰ্ভিক্ষমুক্ত কৰি ৰাখিবলৈ সক্ষম। মন কৰিবলগীয়া কথাটো হৈছে বিশালাকাৰ পথাৰত মাথোন একেটা খেতি কৰিলে, পোক-পতংগ, বেমাৰ-আজাৰৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় আৰু ইয়াৰ লগত সংগতি ৰাখি, কৃত্ৰিম ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ মাত্ৰা বঢ়াই গৈ থাকে আৰু এসময়ত কৃত্ৰিম ৰাসায়নিক দ্ৰব্যবোৰ অপকাৰী কীট-পতংগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াহীন হৈ পৰে। উদ্বেগৰ বিষয় এয়ে যে কৃষিভূমিত দেখা পোৱা ন ন অপকাৰী কীট-পতংগৰ বাবে মূলত: জলবায়ু পৰিৱৰ্তনৰ লগতে নভবা-নিচিন্তাকৈ জধে-মধে প্ৰয়োগ কৰা কৃত্ৰিম ৰাসায়নিক পদাৰ্থই দায়ী। কেইবছৰমান আগেয়ে অসমলৈ আগমন ঘটা কপাহী পোকৰ আক্ৰমণৰপৰা অমিতাকে ধৰি কেইবাবিধো শস্যই নিস্তাৰ পোৱা নাই। বিলাহীৰ বাবে অত্যন্ত অনিষ্টকাৰী টুটা(Tuta absoluta)নামৰ চকৰীৰ অসমত এতিয়াও প্ৰৱেশ ঘটনা নাই যদিও ভাৰতৰ বিভিন্ন প্ৰান্তত ইয়াৰ উপদ্ৰৱ আৰম্ভ হৈছে। ২০১৬ চনত অসমত শুঁৰপোকৰ তাণ্ডৱ হোৱাৰ সময়তে তামিলনাডুৰ নাৰিকল উদ্যান আৰু পঞ্জাব-হাৰিয়ানা-ৰাজস্থানৰ কপাহ খেতিত বগামাখি(Whitefly)ৰ উপদ্ৰৱ পৰিলক্ষিত হয়।

আন এক গুৰুত্বপূৰ্ণ কথা হ’ল- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰেপৰা কিছুমান দেশে শত্ৰুদেশৰ খেতিপথাৰকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে, বিশেষকৈ জাৰ্মানীয়ে কাগজৰ বাকচত ৫০-১০০টা ‘কলৰাড’ পটেট’ বিটল’ Isle of Wight ভৰাই দ্বীপৰ আলু খেতিত নিক্ষেপ কৰিছিল বুলি তথ্য পোৱা যায়। অপতৃণনাশকেৰে কৃষিভূমি বিনষ্ট কৰি শত্ৰু দমনৰ এক ক’লা ইতিহাস ইয়াত উল্লেখ কৰিব খুজিছোঁ। ১৯৫৬-৭৫ চনৰ ভিয়েটনাম যুদ্ধৰ মাজৰছোৱা সময়ত, উগ্ৰপন্থী সংগঠন ‘নেচনেল লিবাৰেচন ফ্ৰ্ন্ট’ক দমনৰ বাবে, মাৰ্কিন যুক্তৰাজ্যৰ পৃষ্ঠপোষকতাত দক্ষিণ ভিয়েটনামৰ ২০ হাজাৰ বৰ্গ কিলোমিটাৰ জংঘল আৰু দুহাজাৰ বৰ্গ কিলোমিটাৰ কৃষিভূমিত প্ৰায় ৫.৭৫ কোটি লিটাৰ এজেন্ট অৰেঞ্জ অপতৃণনাশক এৰোপ্লেনেৰে ছটিয়াই দিয়া হৈছিল। এজেন্ট অৰেঞ্জ হ’ল- সুমথিৰা বৰণীয়া ২,৪,৫-টি আৰু ২,৪-ডি নামৰ দুবিধ অপতৃণনাশকৰ মিশ্ৰণ। অত্যাধিক ৯মাত্ৰাত প্ৰয়োগ কৰা অপতৃণনাশকে যিকোনো তৃণজাতীয় শস্যক ধ্বংস কৰিব পাৰে। খেতিপথাৰত এজেন্ট অৰেঞ্জৰ প্ৰয়োগেৰে শস্য নষ্ট কৰি ভোকাৰ্ত শত্ৰুক হত্যা কৰাৰ লগতে ঘনঘোৰ অৰণ্যত লুকাই থকা শত্ৰুক সহজে দমনৰ পৰিকল্পনা কৰাৰ সময়ত মানৱ স্বাস্থ্যৰ প্ৰতি সৃষ্টি হ’ব পৰা ভাবুকিক আওকাণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গ’ল এজেন্ট অৰেঞ্জৰ অবিবেচকী ব্যৱহাৰে কেইবাহাজাৰ নিৰপৰাধী মানুহক পংগু কৰাৰ উপৰি বহু হাজাৰ শিশু জন্মগত খুঁত লৈ ওপজিছিল। মাৰ্কিন যুক্তৰাজ্যৰ তত্ত্বাৱধানত আৰম্ভ হোৱা এই পৰিৱেশ বিধ্বংসী কাৰ্যক্ৰমণিকাৰ বাবে বিশ্বৰ বিদ্বৎ সমাজ অসস্তুষ্ট হৈ পৰে আৰু ১৯৬৭ চনত ১৭জন ন’বেল প্ৰাপক আৰু ৫ হাজাৰ অন্যান্য সচেতন ব্যক্তিয়ে এই ধ্বংসলীলা সমাপ্ত কৰিবৰ বাবে আহ্বান জনায়। ইতিহাসৰ এইবোৰ ঘটনাক উপেক্ষা কৰিব নোৱাৰি, কিয়নো সময়ে সময়ে ইতিহাসৰো পুনৰাবৃত্তি ঘটে।

অধিক শস্য উৎপাদনেৰে বৰ্দ্ধিত জনগনক খাদ্য সংকটৰপৰা মুক্তি দিবলৈ বহু সমস্যা আছে। কিন্তু, এই সকলো সমস্যা নেওচি অধিক ফচল লাভৰ বাবে আমি জৈৱ নিৰ্ভৰ ‘সমন্বিত পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা’(Integrated Pest Management বা চমুকৈ IPM)ৰ লগতে ‘ইক’লজিকেল ইঞ্জিনীয়াৰিং’(Ecological Engineering)ৰ সহায় ল’লে নিশ্চয়কৈ সুফল পাবলৈ সক্ষম হ’ম। কৃষিক্ষেত্ৰত পোক-পতংগ নিৰ্মূলৰ বাবে ১৯৬৭ চনৰপৰা বিশ্ব খাদ্য আৰু কৃষি সংস্থাই গুৰুত্ব নিৰ্মূলৰ বাবে ১৯৬৭ চনৰপৰা বিশ্ব খাদ্য আৰু কৃষি সংস্থাই গুৰুত্ব প্ৰদান কৰা আই পি এমৰ মূল ভিত্তি হ’ল-পতংগ নিয়ন্ত্ৰণৰ বিভিন্ন কৌশলসমূহ যথাযথভাৱে ব্যৱহাৰ কৰি কৃত্ৰিম ৰাসায়নিকৰ ব্যৱহাৰ হ্ৰাস কৰা। অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে শস্য পৰিচৰ্যা(ৰোগ বা পতংগৰ আক্ৰমণ প্ৰতিৰোধী বীজৰ ব্যৱহাৰ/সঠিক সময়ত পুলি ৰোপণ), যান্ত্ৰিক(পতংগৰ ডিম্ব বা পলু দেখা মাত্ৰেই নিধন/ফেৰমন ফান্দ বা আকাশ বাতি জ্বলাই পতংগ নিয়ন্ত্ৰণ), জৈৱিক(ট্ৰাইক’গ্ৰামা পৰজীৱীৰে অপকাৰী পতংগৰ ডিম্ব নিধান/পৰভোজী চৰাইৰদ্বাৰা পতংগ নিয়ন্ত্ৰণ), থলুৱা প্ৰযুক্তি কৌশল(বাঁহৰ জেং ধাননিৰ ওপৰেদি চোঁচৰাই চেলেকা পোক নিয়ন্ত্ৰণ) আদি নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ নিৰ্দিষ্ট সময়ত ব্যৱহাৰ কৰাৰ পিছতো যদি অপকাৰী কীট-পতংগই অৰ্থনৈতিক ক্ষতিকাৰী সীমা(Economicg Threshold Level বা ETL-মানে পতংগনাশক ব্যৱহাৰৰ লক্ষ্ণণৰেখা)ত উপনীত হয়, তেতিয়াহে কৃত্ৰিম ৰাসায়নিক দ্ৰব্য সঠিক মাত্ৰাত ব্যৱহাৰৰ অনুমতি দিয়া হয়। ভাৰত চৰকাৰে ১৯৮৫ চনৰপৰা আই পি এমক চৰকাৰী যোজনাৰ অন্তৰ্ভুক্ত কৰিছে। আমি এটা কথা মনত ৰখা প্ৰয়োজন যে যিকোনো পৰিৱেশতন্ত্ৰত অপকাৰী কীট-পতংগৰ সমান্তৰালকৈ এইবোৰক প্ৰাকৃতিকভাৱে ধ্বংসকাৰী কিছুমান জীৱও থাকে, যিবোৰ কৃষকৰ পৰম মিত্ৰ। আন নিয়ন্ত্ৰণ ব্যৱস্থাপনাৰ ফলাফল মানুহৰ তৎক্ষণাত দৃষ্টিগোচৰ নহয় বাবে সেইবোৰ প্ৰয়োগ নকৰি চিধাই কৃত্ৰিম ৰাসায়নিকৰ ব্যৱহাৰতহে কৃষকসকলে গুৰুত্ব দিয়ে। আমি সকলোৱে এতিয়া উপলব্ধি কৰিছোঁ যে কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে আমাৰ পৰিৱেশতন্ত্ৰৰ যথেষ্ঠ ক্ষতি কৰিছে। ৰাসায়নিক কীটনাশকৰ অবিবেচকী ব্যৱহাৰে অপকাৰীৰ লগতে মিত্ৰ পতংগবোৰকো ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে আৰু ৰাসায়নিক দৰৱৰ সক্ৰিয়তা হ্ৰাস হোৱাৰ পিছত অপকাৰী পতংগই ইহঁতৰ দমনকাৰী মিত্ৰ পতংগৰ অনুপস্থিতিত বেছিকৈ বাঢ়িবলৈ সুবিধা পায়। সেয়েহে জৈৱ-নিৰ্ভৰ আই পি এম-ত পৰজীৱী বা পৰভোজী জীৱক অধিক মাত্ৰাত ব্যৱহাৰেৰে, ৰাসায়নিকশূন্য কৃষি ব্যৱস্থাপনাত গুৰুত্ব দিয়া হয়। দ্বিতীয়তে, কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগক প্ৰাকৃতিকভাৱে দমন কৰি থকা মকৰা, জিঞা আদি জীৱবোৰৰ সক্ৰিয়তা বৃদ্ধিৰ ফলত এটোপালো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈয়ে শস্য ৰক্ষা কৰিব পৰা যায়। উদাহৰণস্বৰূপে, পোক-পতংগৰ বিকৰ্ষক উদ্ভিদৰ কেইটামান শাৰী মুখ্য খেতিৰ মাজে মাজে লগাব পাৰি। খেতিৰ চৌপাশে অতি স্পৰ্শকাতৰ গছ ৰুই পোক-পৰুৱাক তালৈ আকৰ্ষিত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। জিঞা, গাগিনী, মকৰাই শস্যৰ অপকাৰী পোক-পতংগক খাদ্যৰ ৰূপত গ্ৰহণ কৰে, ফলত এই স্পৰ্শকাতৰ গছৰ ওপৰত অপকাৰীৰ লগতে উপকাৰী পতংগৰ উপস্থিতিও বাঢ়ে। এতিয়া ধৰক- বন্ধাকবিৰ প্ৰধান শত্ৰু ‘ডায়মণ্ড বেক মথ’ সৰিয়হৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়, গতিকে কবিৰ চাৰিওকাষে সৰিয়হ লগাই এই পোকক তালৈ আকৰ্ষিত কৰি, তাতেই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে গোটেই খেতিডৰাক কৃত্ৰিম ৰাসায়নিক কীটনাশক ব্যৱহাৰ নকৰাকৈ ৰক্ষা কৰিব পাৰি। সেইদৰে, বিলাহীৰ শত্ৰু ‘হেলিক’ভাৰ্পা আৰ্মিজেৰা’ নামৰ কীটৰপৰা ৰক্ষা কৰিবলৈ বিলাহীডৰাৰ চাৰিওকাষে নাৰ্জীফুল প্ৰায় এপষেকমানৰ আগেয়ে লগাব লাগে। ইফালে, শস্যকৃমি আক্ৰান্ত অঞ্চলত খেতিৰ মাজে মাজে নাৰ্জিফুল ৰুব লাগে, কিয়নো এই ফুলৰ শিপাত শস্যকৃমিক নিয়ন্ত্ৰ্ণ কৰিব পৰা ৰসায়ন থাকে। আনহাতে, নহৰু, পিঁয়াজ, পদিনা আদি উদ্ভিদবোৰে বিভিন্ন প্ৰকাৰৰ কীট-পতংগক বিকৰ্ষণ কৰে। এইদৰে মূল খেতিৰ লগত অন্যান্য স্পৰ্শকাতৰ বা বিকৰ্ষক উদ্ভিদ উচিত পৰিকল্পনাৰে কৰ্ষণৰ দ্বাৰা পোক-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াক ‘ইক’লজিকেল ইঞ্জিনীয়াৰিং’ বুলি কোৱা হয়। ইয়াৰ ফল ততাতৈয়াকৈ দেখা পোৱা নাযায় যদিও ক্ষুধাৰ্ত জনতাক খাদ্য যোগান ধৰিবলৈ এই পদ্ধতি দুটি নিশ্চয়কৈ সমৰ্থৱান।

লেখক:ৰুদ্ৰ নাৰায়ণ বৰকাকতি(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate