অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

কৃষি বাৰ্তা লিখা হৈছে

হাঁহৰ আহাৰঃ

 

হাঁহক দানা খুওৱা-

(১) হাঁহে অতি কৃতকাৰ্যতাৰে বাহিৰত চৰি থকা কালত ঘাঁহ-বন আদি খাব পাৰে। ইয়াৰ বাহিৰেও পোক-পৰুৱা, পথাৰে-চোতালে পৰি থকা শস্যৰ বীজ বা গুটি, শামুক, শেলুৱৈ আদি খায়ো হাঁহে স্বাভাৱিকভাৱে কিছু পৰিমাণে পেট ভৰায়। সেয়েহে, হাঁহক যোগাবলগীয়া খাদ্য বা আহাৰৰ পৰিমাণ ভালেখিনি কমাব পৰা যায়। হাঁহক মুকলিভাৱে বাহিৰত চৰিবলৈ দিয়াৰ ইও এক ডাঙৰ সুবিধা।

(২) হাঁহক দানা বা মিহলোৱা খাদ্যৰ যোগান ধৰোতে তেনে আহাৰ পানীৰ লগত মিহলাই তিতোৱা বা ভিজোৱা দানা দিব লাগে। এনে আহাৰ প্লাষ্টিকৰ বেচিন অথবা ‘V’ আকৃতিৰে সঁজা পাত্ৰত ১৫-২০ মিনিট সময়ৰ বাবে দিব লাগে। ১৫-২০ মিনিট সময়ৰ ভিতৰত হাঁহে খাই শেষ কৰি পেলোৱাৰ পাছত বাচনবিলাক ধুই পৰিষ্কাৰ কৰি শুকুৱাই থ’ব লাগে। বয়সস্থ হাঁহবিলাকক এবাৰ ৰাতিপুৱা আৰু এবাৰ পলমকৈ আবেলি মুঠ দুই বাৰ নিতৌ আহাৰ দিব লাগে। চাৰা চাম্বেলী হাঁহে আংশিক আৱদ্ধ পদ্ধতিত ২০ সপ্তাহ বয়স হোৱালৈকে প্ৰায় ১০-১২ কিলো খাদ্য গ্ৰহণ কৰে। আৰু তাৰ পাছত সিহঁতে প্ৰতিজনীয়ে দিনে ১২০-১৭০ গ্ৰাম দানা খায়। বছৰেকত এজনী হাঁহে ৫০-৬০ কেজি দানা খায়।

হাঁহৰ আহাৰ সূত্ৰ (শতাংশ হাৰত)-

কম খৰচত বনোৱা আহাৰ হিচাপে তলত উল্লেখ কৰা ধৰণে যোগান ধৰিব পাৰি।

আমাৰ গ্ৰাম্য অঞ্চলত সাধাৰণতে হাঁহক ভূচি আৰু পাকঘৰৰ ৰৈ যোৱা ভাতকেই মুখ্য আহাৰ হিচাপে দিয়া হয়। ফলত হাঁহখিনিয়ে দানাত যথোপযুক্ত পৰিমাণৰ প্ৰ’টিন নাপায়। সেয়েহে পালন কৰিবলগীয়া হাঁহক সপ্তাহত অন্ততঃ এবাৰলৈ কেঁচু, শুকান মাছ, শামুক আদি দিব লাগে। তদুপৰি আন এক উপায়েৰেও প্ৰাকৃতিক প্ৰ’টিন যোগান ধৰিব পাৰি। সন্ধিয়া ভাগত হাঁহজাকক মুকলি ঠাইত আৱদ্ধ কৰি মাজভাগত এটা পোহৰৰ উৎস ৰাখিলে (বাল্ব বা লেম্প) পোক-পৰুৱাবোৰ পোহৰৰ প্ৰতি আকৃষ্ট হ’ব আৰু ফলত হাঁহবোৰে সহজে এইবোৰ খাব পাৰিব। আৰু এইবোৰ হাঁহৰ উৎকৃষ্ট আহাৰ।

 

ৰহৰ মাহৰ কৃষি প্ৰণালীঃ

 

অসমত প্ৰচুৰ চাহিদা থকা দাইলজাতীয় শস্যবোৰৰ ভিতৰত ৰহৰ মাহ অন্যতম। ৰাজ্যখনৰ অধিকাংশ পৰিয়ালৰে খাদ্য তালিকাত অন্তৰ্ভুক্ত হৈ আছে ৰহৰ দাইল। কিন্তু চাহিদাৰ তুলনাত অসমত উৎপাদন একেবাৰে কম হোৱা বাবে প্ৰতি মাহে বুজন পৰিমাণৰ ৰহৰ দাইল আন ৰাজ্যৰ পৰা আমদানি কৰিব লগা হয়। ইয়াত উপযুক্ত পৰিৱেশ থকাৰ বাবে আমাৰ কৃষক ৰাইজে ৰহৰ মাহৰ খেতি কৰি যথেষ্ট লাভৱান হোৱাৰ সুবিধা আছে। গতিকে এই খেতিত আমাৰ খেতিয়কে গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।

জাত বাছনিঃ ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ বাবে অনুমোদিত জাতটো হৈছে টি-২১। সামান্য জোপোহা ধৰণৰ, মজলীয়াকৈ ওখ এইবিধ জাতৰ কৃষিকাল বৰ বিশেষ দীঘলীয়া নহয়।

খেতিৰ সময়ঃ ৰহৰ মাহৰ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে জুন-জুলাই মাহ। পানী ওলাই যোৱাৰ সুবিধা থকা অৰ্থাৎ পানী জমা হোৱাৰ সম্ভাৱনা নথকা পথাৰত এই দুটা মাহত বীজ সিঁচিব লাগে। অৱশ্যে ওখকৈ বন্ধোৱা পুখুৰীৰ পাৰ, ঘৰৰ চৌপাশ, বাৰীৰ খালী হৈ থকা অংশতো ৰহৰ মাহৰ বীজ সিঁচিব পাৰি। সাধাৰণতে ৩-৪ বাৰ হালবাই, মৈয়াই তথা বন-বাত নিৰাই পথাৰখন খেতিৰ বাবে উপযোগী কৰি ল’ব লাগে।

বীজ ৰোপণঃ এবিঘা মাটিত খেতি কৰিবলৈ প্ৰায় দুই কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। বীজখিনি শাৰী শাৰীকৈ সিঁচিব লাগে। দুটা শাৰীৰ ব্যৱধান ৭৫ ছেঃ মিঃ আৰু এটা শাৰীত দুজোপা গছৰ ব্যৱধান হ’ব লাগে ৩০ ছেঃ মিঃ।

সাৰ প্ৰয়োগঃ শেষৰ বাৰ হাল বোৱাৰ সময়তে বিঘাই প্ৰতি ৬ কুইণ্টল পচন সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি আশানুৰূপ উৎপাদনৰ বাবে প্ৰতি বিঘাত ৫ কিলোগ্ৰাম ইউৰিয়া আৰু ৩৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট প্ৰয়োগ কৰাটো বাঞ্ছনীয়। অৱশ্যে বীজখিনি ৰাইজ’বিয়াম কালছাৰেৰে শোধন কৰিলে বিঘাই প্ৰতি ইউৰিয়া ৩ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিলেই হ’ব।

প্ৰতিপালনঃ

 

-  বীজ সিঁচাৰ ২০-২৫ দিন পাছত এবাৰ বন-বাত নিৰাই দিব লাগে।

-  পুলি লেৰেলি যোৱা ৰোগ ৰহৰ মাহ খেতিৰ প্ৰধান শত্ৰু। এই ৰোগত আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাব লাগে।

- ছেঁই খোৱা পোক, পাত মেৰোৱা পোক, ফুটি পোক, গুবৰুৱা আদিয়ে এই খেতিৰ অনিষ্ট কৰিব পাৰে। এই পোকবোৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি দৰব ১-১.৫ লিটাৰ, ৫০০-৭০০ লিটাৰ পানীত মিহলাই প্ৰতি হেক্টৰত স্প্ৰে’ কৰিব লাগে। এবিঘা মাটিৰ খেতিত স্প্ৰে’ কৰিবলৈ ১৪০-২০০ মিঃ লিঃ দৰব ৭০-১০০ লিটাৰ পানীত মিহলাই ল’ব।

- চুমিথিয়ন ৫০ ই চি দৰববিধো অনুৰূপ হাৰত প্ৰয়োগ কৰিব পাৰি।

-  ছেঁই খোৱা পোক নিয়ন্ত্ৰণৰ বাবে উক্ত দুবিধ দৰবৰ যিকোনো এবিধ ফুল ধৰাৰ সময়ত এবাৰ স্প্ৰে’ কৰিব লাগে। তাৰ পাছত ১৫ দিনৰ ব্যৱধানত পুনৰ দুবাৰ স্প্ৰে’ কৰিব।

- পাত মেৰোৱা পোক, ফুটি পোক আৰু গুবৰুৱাৰ আক্ৰমণ দেখিলেহে দৰব স্প্ৰে’ কৰিব।

উপযুক্তভাৱে প্ৰতিপালন কৰিলে এবিঘা মাটিৰ খেতিৰ পৰা ২ কুইণ্টল পৰ্যন্ত ৰহৰ মাহ উৎপাদন আশা কৰিব পাৰি।

 

এফআৰপি হেচ্ছাৰীৰ জৰিয়তে কম খৰচত পোনা উৎপাদনঃ

 

আৱিষ্ট প্ৰজননৰ জৰিয়তে মীনপোনা উৎপাদনৰ আন এক শেহতীয়া সংযোজন হ’ল কম খৰচত এফআৰপি হেচ্ছাৰীৰ দ্বাৰা পোনা উৎপাদন। ৰাজ্যখনত বৰ্তমানলৈ প্ৰায় ২৫০টা মীন পোনা উৎপাদনক্ষম ইক’হেচ্ছাৰী কাৰ্যক্ষম হৈ আছে। কিন্তু একো একোটা ইক’হেচ্ছাৰীৰ নিৰ্মাণ খৰচ কেইবা লাখ টকা পৰ্যন্ত হয় আৰু ইয়াৰ বাবে প্ৰয়োজনীয় মাটিৰ পৰিমাণো তুলনামূলকভাৱে অধিক প্ৰয়োজন হয়। ভাৰতীয় কৃষি আৰু গৱেষণা পৰিষদৰ অন্তৰ্গত ভূৱনেশ্বৰস্থিত কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠানে কাৰ্পজাতীয় মাছৰ পোনা উৎপাদনৰ বাবে নিৰ্মাণ কৰি উলিওৱা এফ আৰ পি কাৰ্প হেচ্ছাৰী সমগ্ৰ দেশজুৰি যথেষ্ট জনপ্ৰিয় হৈ উঠিছে। প্ৰকৃতাৰ্থত ই হ’ল ‘Fibreglass Reinforced Plastic’ নামৰ পদাৰ্থৰে নিৰ্মিত এবিধ হেচ্ছাৰী।

এফআৰপি হেচ্ছাৰীৰ সুবিধাসমূহ হ’ল-

 

প্ৰয়োজন অনুসাৰে এঠাইৰ পৰা আন ঠাইলে নিব পৰা যায়। যথেষ্ট ঠাইৰ প্ৰয়োজন নহয়। প্ৰয়োজন অনুসাৰে সহজে মেৰামতি কৰিব পাৰি আৰু ১০-১৫ বছৰ কাৰ্যক্ষম হৈ থাকে।

এফআৰপি কাৰ্প হেচ্ছাৰীৰ অংশসমূহ হ’ল-

ব্ৰিডিং/স্প’নিং পুলঃ ব্ৰিডিং পুল ২.১৫ মিটাৰ ব্যাস, ০.৯ মিটাৰ উচ্চতা আৰু ৩৪০০ লিটাৰ পানী ধাৰণৰ ক্ষমতাসম্পন্ন হ’ব লাগে। এনে এটা ব্ৰিডিং পুলত ১০-১২ কিঃ গ্ৰাঃ মাছ এবাৰত প্ৰজনন কৰিব পাৰি।

হেচ্ছিং/ইনকুৱেশ্যন পুলঃ ১.৪ মিটাৰ ব্যাসৰ, ০.৯৮ মিটাৰ উচ্চতাৰ এই হেচ্ছিং/ইনকুৱেশ্যন পুলৰ ডাঙৰ মুখৰ নলীৰ দ্বাৰা পানী আগমন হৈ ওলাই যোৱাৰ সুব্যৱস্থা থাকে। প্ৰায় ১ মিলিয়ন কণী ফুটাব পৰাৰ ব্যৱস্থা থকা এনে একোটা হেচ্ছিং পুলত ৮০-৯০ শতাংশ পোনা পাব পাৰি।

কণী/স্প’ন সংগ্ৰহ পুলঃ সাধাৰণতে ১.০ মি. x ০.৫ মি. X ০.৫ মি. জোখৰ এনে পুলৰ ধাৰণ ক্ষমতা ২৫০ লিটাৰ।

পানীৰ ধাৰকঃ প্ৰায় ২০০০ লিটাৰ পানী ধাৰক এটাত পাঁচ অশ্বক্ষমতাসম্পন্ন পাম্পৰ জৰিয়তে পানী উঠাই থকাৰ ব্যৱস্থা কৰিব লাগে। মাটিৰ পৰা এই পানী ধাৰক প্ৰায় ৩.৫-৪.০ মিটাৰ উচ্চতাত থাকিব লাগে। এফ আৰ পি কাৰ্প হেচ্ছাৰীৰ এক মিলিয়ন স্প’ন উৎপাদন ক্ষমতা মানে এটা ব্ৰিডিং পুল আৰু এটা হেচ্ছিং পুল। দুই মিলিয়ন স্পন উৎপাদন ক্ষমতা মানে এটা ব্ৰিডিং পুল আৰু দুটা হেচ্ছিং পুল।

ইচ্ছুক মীনপালক তথা ব্যৱসায়িক প্ৰতিষ্ঠানে মাছ পোনা উৎপাদনৰ বাবে এনে আধুনিক হেচ্ছাৰী নিৰ্মাণ কৰিব বিচাৰিলে ভাৰতীয় কৃষি গৱেষণা পৰিষদে প্ৰযুক্তি হস্তান্তৰ কৰা প্ৰতিষ্ঠান- M/S M.R. Aqua Tech, B-63, Ashok Market, Bhubaneswar-751009, Orissa. এই ঠিকনাত যোগাযোগ কৰিব পাৰে।

 

মুগা পালনেৰে আত্মনিৰ্ভৰশীল হোৱা যুৱকজনঃ

 

যিটো সময়ত ৰাজ্যখনৰ পৰা বহিঃৰাজ্যলৈ দৈনিক কৰ্মসংস্থাপনৰ বাবে বহু যুৱকে ঢাপলি মেলিছে, সেই সময়তে ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁৱৰ মহিৰাম ডেকাই মুগা পালনেৰে আত্মনিৰ্ভৰশীল হৈ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰৰ ৰেচম বিভাগৰ ওদালগুৰি জিলা কাৰ্যালয়ৰ অন্তৰ্গত সমগ্ৰ জিলাখনতে ৰেচম শিল্পই গা কৰি উঠা পৰিলক্ষিত হৈছে। জিলাখনৰ বিভিন্ন অঞ্চল আৰু গাঁওসমূহত যুৱক-যুৱতীয়ে ৰেচম শিল্পৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। নিশ্চয়কৈ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এয়া ভাল খবৰ। প্ৰয়াত শুকুৰা ডেকা আৰু ভোগেশ্বৰী ডেকাৰ পুত্ৰ মহিৰাম ডেকাই বিগত ২০০৪ চনৰ পৰা মুগা শিল্পৰ লগত একাত্মভাৱে জড়িত হৈ আত্মনিৰ্ভৰশীল হোৱাই নহয় অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ পৰিয়ালটিক সুন্দৰভাৱে পৰিচালনা কৰি আহিছে। ২০০৪ চনত তিনি বিঘাৰো অধিক মাটিত চোম গছৰ চাৰি শতাধিক পুলি ৰোপণ কৰি ২০০৮ চনত ইয়াৰ উৎপাদন লাভ কৰিবলৈ সক্ষম হয়। ২০০৯ বৰ্ষত ৩১ হেজাৰ ছীড আৰু ২০১১ বৰ্ষত ২৫ হেজাৰ ছীড চেণ্ট্ৰেল ছিল্ক বোৰ্ডৰ গুৱাহাটী কাৰ্যালয়ে ক্ৰয় কৰি লৈ যায়। ওদালগুৰি জিলা ৰেচম বিভাগেও ৯ হেজাৰ ছীড ক্ৰয় কৰে। ২০১৩ বৰ্ষত মহিৰাম ডেকাই ৭৫০ গ্ৰাম ছীডৰ জৰিয়তে ৫৫ হেজাৰ মুগালেটা উৎপাদন কৰিবলৈ সক্ষম হয়। বছৰত দুবাৰকৈ জেঠুৱা আৰু কতিয়া মুগা উৎপাদন কৰে ডেকাই। এইবেলিও ৭৫০ গ্ৰাম ছীডৰ দ্বাৰা মুগা উৎপাদনত তেওঁৰ পত্নী মনেশ্বৰী শৰণীয়া আৰু পুত্ৰসমন্বিতে ব্যস্ত হৈ পৰিছে দিনে-নিশাই। উল্লেখ্য যে ৭৫০ গ্ৰাম ছীডৰ মূল্য সাত হেজাৰ টকা হ’লেও ইয়াৰ লাভাংশ সকলো ঠিকে-ঠাকে থাকিলে ৬০ৰ পৰা ৭০ হেজাৰলৈকে হ’ব বুলি ডেকাই জানিবলৈ দিয়ে। এইবাৰ ডেকাই ৪০-৫০ হেজাৰ টকা লাভৰ আশা কৰিছে। ডেকাই ২০০৪ চনৰ পৰা মুগা শিল্পৰ লগত জড়িত হৈ পত্নী আৰু তিনি সন্তানক সুন্দৰকৈ ভৰণ-পোষণ দিয়াৰ উপৰি সংসাৰৰ অন্যান্য আৰ্থিক প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হৈছে।

উৎসঃ অসমীয়া খবৰ

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top