অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

তিয়ঁহ আৰু কেৰেলাৰ কৃষি কথা


গ্ৰীষ্ম কাল তথা বাৰিষা কালত খেতি কৰা শাক-পাচলিবোৰৰ ভিতৰত তিঁয়হ আৰু কেৰেলা উৎকৃষ্ট পাচলি হিচাপে গণ্য কৰা হয়। কেৰেলা শস্য বুলিলে তিতা কেৰেলা আৰু ভাতকেৰেলা দুয়োটাই সমানে গ্রহণযোগ্য আৰু উপকাৰী যদিও ভাত কেৰেলা শিশুৰ পৰা বয়সস্থ লোকলৈকে তথা ৰুগীয়া মানুহৰো উপকাৰী আহাৰ তিয়ঁহত এবিধ পুষ্টিকৰ পাচলি যদিও ইয়াক ৰান্ধি খোৱাতকৈ কুমলীয়া তিয়ঁহবোৰ কাটি কেঁচাই খোৱাতহে গুৰুত্ব প্রদান কৰা হয়। তিয়ঁহৰ ঔষধি গুণো আছে। বর্তমান দেশীয় আৰু আন্তজার্তিক বজাৰত জালি তিয়ঁহৰ চাহিদা বহুত বেছি।

তিয়ঁহ আৰু কেৰেলাৰ বাবে পানী জমা নোহোৱা ওখ, ৰ’দ-ঘাই, বালিচহীয়া মাটি উপযোগী। অৱশ্যে জৈৱিক সাৰ প্রয়োগ কৰি পলসুৱা আলতীয়া মাটিতো ইহঁতৰ খেতি কৰিব পাৰি। এই খেতিৰ বাবে গ্রীষ্ম আৰু বাৰিষা কাল প্রশস্ত যদিও প্রাক্‌ বসন্ত কালৰ পৰাই অর্থাৎ মাঘ-ফাগুন মাহৰ পৰাও আগতীয়াকৈ খেতি কৰিব পাৰি। আৰু বজাৰত আগতীয়াকৈ হোৱা শস্যমূল্য আৰু চাহিদা বেছি।

তিয়ঁহৰ উন্নত জাঁতৰ সঁচবোৰ হৈছে চাইনীজ গ্রীন, পুচা সংযোগ, পইনছেতী, নানাবিধ বৰ্ণ শংকৰ জাত। তিতা কেৰেলাৰ সঁচবোৰ হৈছে— লং গ্ৰীন, এক্সট্রা, লং, পুচা ডোমোচমী, আর্লিয়েষ্ট অব লং ইত্যাদি। আৰু ভাত কেৰেলাৰ বাবে থলুৱাভাৱে পোৱা বেছি উৎপাদন খীণ সঁচবোৰেই উত্তম। অৱশ্যে ইহঁতৰ গঠন আৰু আকাৰৰ তাৰতম্যতা আছে। কোনোটো সঁচৰ গাঁত বেছি নোমাল। কোনোটো চুটি, ঠৰঙা নোম, কোনোটো দীঘলী বা কোনোবাটো থোপোকা আৰু এবিধ আছে ডাঠ নোমাল আৰু ডাঠ সেউজীয়া ৰঙৰ।

আগতীয়াকৈ খেতি কৰা তিয়ঁহ, কেৰেলাৰ বীজ মাঘ-ফাগুনত দিয়া হয় আৰু পাছত চ’ত-বহাগ মাহত বীজ সিঁচা হয় গ্ৰীষ্মকালত খাবৰ বাবে আৰু বহাগৰ পৰা আহাৰ মাহলৈকে বীজ সিঁচা হয় যাতে ভাদ-আহিন মাহলৈকে শস্য উপলব্ধ হয়। কিন্তু ভাত কেৰেলাৰ বীজ সাধাৰণতে ৰোপণ কৰা নহয়। কাৰণ ভাত কেৰেলা আওপকীয়াকৈ বহুবর্ষজীৱী পাচলি। বাৰিষাৰ শেষত শৰৎ কালত গছৰ উপৰি ভাগ সৰি যায় আৰু গুৰিত থকা আলুটো মাটিত থাকে আৰু বসন্ত কালত অর্থাৎ ফাগুন-চ’ত মাহত আলুবোৰ গজালি ওলমি আৰু সিহঁতক বগাবলৈ জেং পুতি দিব লাগে।

ভাত কেৰেলা ভিন্ন লিংগবাহী শস্য অর্থাৎ পুংলিংগ আৰু স্ত্রীলিংগ দুজোপা বেলেগ গছত গজে। গতিকে প্রতি দহজোপা স্ত্রীলিংগ ভাত কেৰেলাৰ বাবে এজোপা পুংলিংগ গছ (আলু) ৰোপণ কৰিব লাগে যাতে ভালদৰে পৰাগযোগ হয়। তিতা কেৰেলাৰ এবিঘা শস্যৰ বাবে ৬০০-৮০০ গ্রাম বীজ ৰোপণ কৰিব লাগে। বীজবোৰ সাধাৰণতে ৫-৭ ফুট ব্যৱধানত শাৰীকৈ আৰু প্ৰতিটো শাৰীত ২-৩ ফুট ব্যৱধানত বীজ ৰোপণ কৰিব লাগে। তিয়ঁহ শস্যৰ ক্ষেত্ৰত একেই ব্যৱধানত বীজ ৰোপণ কৰিব লাগে। কিন্তু বিঘাই প্রতি ৩০০ গ্রাম বীজৰ প্রয়োজন হয়।

তিয়ঁহৰ খেতিত অধিক উৎপাদন পাবৰ বাবে বিঘাই প্রতি ১০ কুইন্টল গোবৰ, ১২ কিঃ গ্ৰাঃ ইউৰিয়া, ৩০ কিঃ গ্রাঃ একক চুপাৰ ফচফেট আৰু ১৪ কিঃ গ্রাঃ মিউৰেট অব পটাছ সাৰখিনি মিহলাই বীজ ৰোপণ কৰাৰ আগতে সমভাৱে মাটিডোখৰত প্রয়োগ কৰি পাছত ওখ ওখ শাৰী পাতিব লাগে। তিতাকেৰেলাৰ মাটি প্রস্তুত কৰাৰ পাছত নির্দিষ্ট দূৰত্বত তৈয়াৰ কৰি লোৱা ওখ ভেটিত দুপাচি গোবৰ, ৫০– ৬০ গ্রাম ইউৰিয়া, ৮০-১০০ গ্রাম চুপাৰ ফচফেট আৰু ৪০-৫০ গ্রাম পটাচ সাৰ প্রয়োগ কৰি ল’ব লাগে। ওখ ভেটি নকৰা মাটিত বিঘাই প্রতি ২০ কুইণ্টল গোবৰ, ৫ কিঃ গ্ৰাঃ ইউৰিয়া সাৰ, ২৫ কিঃ গ্ৰাঃ চুপাৰ ফচফেট আৰু ৭ কিঃ গ্ৰাঃ পটাচ সাৰ সমভাৱে প্রয়োগ কৰি ল’ব লাগে। ইয়াৰে আধাখিনি ইউৰিয়া সাৰ ৰাখি পাছত পুলি গজি উঠাৰ এমাহৰ পাছত প্রয়োগ কৰিব লাগে।

প্রতি পালন ব্যৱস্থা হিচাপে তিয়ঁহ আৰু কেৰেলাৰ পুলিবোৰ গজি উঠাৰ এমাহৰ পাছত গছৰ গুৰিৰ পৰা বন বাতবোৰ আঁতৰাই পেলাব লাগে আৰু গছৰ গুৰিত বাকী থকা ইউৰিয়া সাৰখিনি পচা গোবৰৰ লগত মিহলাই প্রয়োগ কৰিব লাগে। গছবোৰ বগাবলৈ আৰম্ভ কৰিলে বাঁহৰ জেং পুতি বগাবলৈ সুবিধা কৰি দিব লাগে। কেৰেলাৰ পাতত আক্রমণ কৰা এপিলেকনা বিটল পোকৰ বাবে মালাথিয়ন বা ৰগৰ ৩০ টোপাল একলিটাৰ পানীত মিহলাই ছটিয়াব লাগে। শস্যৰ ফলবোৰত বৰল পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ হ’লে মালাথিয়ন দৰৱৰ মিশ্রণত অলপমান গুৰ মিহলাই দিব লাগে। তিয়ঁহ, কেৰেলাৰ শস্যৰ পাতত বগা বগা পাউদাৰৰ গুৰি পৰি লাহে লাহে পাতখিলা মৰহি যোৱা আৰু কেতিয়াবা পাতত মুগাবৰণৰ ঘূৰণীয়া দাগ পৰি লাহে লাহে পৰিসৰ বাঢ়ি গৈ পাতখিলা ৰঙচুৱা আৰু শেহত ক’লা পৰি যোৱা বেমাৰৰ পৰা ৰক্ষা পৰিবৰ বাবে একচামুচ বেভিষ্টিন দৰৱ একলিটাৰ পানীত মিহলাই ছটিয়াই দিব লাগে। গছত পোক বা বেমাৰৰ বাবে ৰাসায়নিক দৰৱ ছটিওৱাৰ এসপ্তাহৰ পাছতহে ফলবোৰ ছিঙিব লাগে|

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

উন্নত মানৰ বীজ উৎপাদন আৰু প্ৰয়োজনীয়তা


বীজ কৃষি উৎপাদনৰ মুখ্য আহিলা। এজন কৃষকৰ কৃষিৰ সফলতা নিৰ্ভৰ কৰে প্রধানতঃ বীজৰ মানৰ ওপৰত। উন্নত মানৰ বীজ বুলি ক’লে প্রধানতঃ প্রজাতিগত বিশুদ্ধতা, অংকুৰণ ক্ষমতা আৰু বীজখিনিৰ শাৰীৰিক বিশুদ্ধতা বা ইয়াত কিবা বেলেগ শস্যৰ বা জাতৰ বীজ বা অপতৃণ মিহলি হৈ নথকাটোকে বুজায়। তদুপৰি, বীজখিনি সংৰক্ষণৰ আগতে ভালদৰে শুকাইছেনে নাই অর্থাৎ শুষ্কতা নিৰ্ভৰ কৰে। প্রামাণিকৃত বীজৰ ইয়াৰ বিশুদ্ধতাৰ মান লেবেলত উল্লেখ কৰা থাকে|

কোনো এবিধ জাতৰ উৎপাদন ক্ষমতা উদ্ভিদ উদ্ভাৱন কৰাৰ সময়তে ধার্য কৰে। কৃষকৰ পথাৰত এই ধাৰ্যিত উৎপাদন পাবলৈ হ’লে উৎপাদনৰ বাবে উপৰি বীজৰ মান উন্নত হোৱা অতি প্রয়োজনীয়। তাতোতকৈ প্ৰয়োজনীয় হৈছে বীজসমূহ সঠিক সময়ত পথাৰত সিঁচা। ধানৰ ক্ষেত্ৰত সঠিক সময়ত নিসিঁচিলে বোন্দা দিয়ে অর্থাৎ থোকবিলাক ভালকৈ ওলাই নাহে বা পতান হয়| আনবিলাক শস্যৰ ক্ষেত্ৰতো ধার্য উৎপাদন পাবলৈ সঠিক সময়ত বীজ সিঁচা অতি প্রয়োজনীয়।

অসমত বীজৰ বজাৰখন লক্ষ্য কৰিলে দেখা যায় যে কেৱল ধানৰ বীজৰ চাহিদাই থলুৱা উৎপাদনে জোৰা মাৰিব নোৱাৰে। বছৰি লাখ লাখ টকাৰ বীজ বাহিৰৰ পৰা চৰকাৰীভাৱে কিনা হয় কিন্তু বীজসমূহ প্ৰায়ভাগ ক্ষেত্ৰতে সঠিক সিঁচাৰ সময়ত কৃষকৰ উপলব্ধ নহয়। ৰবি শস্যৰ বীজৰ ক্ষেত্ৰতো একেই অৱস্থা। ফলস্বৰূপে কৃষকসকল অর্থনৈতিকভাৱে যথেষ্ট ক্ষতিৰ সন্মুখীন হয়|

এই সমস্যাৰ সমাধান অতি সুচাৰু ৰূপে কৰিব পৰা যায় থলুৱা ক্ষুদ্র বীজ উদ্যোগৰ জৰিয়তে। বীজ ব্যৱস্থাপনাৰ আৰু বিপণনৰ চৰকাৰী আইনৰ আওঁতাত এই থলুৱা বীজ উদ্যোগত সংযোজনে অসমৰ কৃষক ৰাইজৰ কেৱল উন্নত মানৰ বীজৰ চাহিদা পূৰণ কৰাই নহয়, বীজ কিনাৰ নামত ব্যয় হোৱা সম্পূর্ণ অর্থ আমাৰ কৃষক ৰাইজৰ হাতলৈ আহিব। ধানৰ ক্ষেত্ৰত অসম বীজ উৎপাদন কৰি সম্পূর্ণ স্বাৱলম্বী হোৱা পূর্ণ সম্ভাৱনীয়তা আছে। অসমৰ জলবায়ু ধান উৎপাদনৰ বাবে অতি উপযুক্ত। সেয়েহে ধানৰ উন্নত মানৰ বীজ উৎপাদনৰ বাবে অসমৰ প্ৰায় প্ৰতিখন জিলাই উপযুক্ত। প্রত্যেকখন জিলাৰ মহকুমাটোৱে প্ৰতি কেইজনমানকৈ আগ্রহী সফল কৃষক বাছনি কৰি তেওঁলোকক বীজ উৎপাদনৰ আৰু সংৰক্ষণৰ বৈজ্ঞানিক প্রণালীসমূহ একোটা চমু প্রশিক্ষণৰ জৰিয়তে এই কাম আৰম্ভ কৰিব পৰা যায়। এই ক্ষেত্ৰত চৰকাৰী কৃষি বিভাগে বাটকটীয়াৰ ভূমিকা ল’ব পাৰে আৰু প্রশিক্ষণৰ বাবে বিশেষ পুঁজিৰো প্ৰয়োজন নহয়। কৃষি বিভাগত অৰ্হতাগত কৃষি বিশেষজ্ঞসকলৰ অভাৱ নাই। যদিওবা এই বীজ উৎপাদনৰ প্ৰশিক্ষণ মাজে-সময়ে অসম কৃষি বিভাগ বা কৃষি বিশ্ববিদ্যালয় চৌহদ বা কৃষিবিজ্ঞান কেন্দ্ৰসমূহত হৈ থাকে, এই সম্পূর্ণ লাভ থলুৱা বীজ ব্যৱসায়ৰ যোগেদিহে হ’ব পাৰে। সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে চৰকাৰী কার্যব্যৱস্থা। যদিহে অসম চৰকাৰে ধানৰ বীজসমূহ থলুৱা প্রামাণিত কৰা বীজ উৎপাদনকাৰীৰ পৰা কিনাৰ নিয়ম কৰে তেতিয়া অসমৰ কৃষকৰ অর্থনৈতিক উন্নতিৰ লগতে বীজসমূহ সঠিক সময়ত যোগান ধৰাটো অতি সহজ হ’ব। ইয়াৰ বাবে অসম অগ্রণী ভূমিকা ল’ব লাগিব। প্ৰকৃতিৰ আশীৰ্বাদপুষ্ট অসমৰ সাৰুৱা কৃষিভূমিৰ জৰিয়তে অসম বীজ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱা অতি সুচল হৈ আছে। ইয়াৰ সফলতা নিৰ্ভৰ কৰিছে অসমৰ কৃষিৰ লগত জড়িতসমূহ বিজ্ঞানী, বিষয়া আৰু কৃষকসকলৰ জৰিয়তে এক বীজ বিপ্লৱৰ সূচনা কৰাটো। ইয়াৰ জৰিয়তে অসম কৃষি উৎপাদনত স্বাৱলম্বী হোৱাই নহয় এক নতুন সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হ’ব। তদুপৰি, কৃষকসকলৰ আর্থ-সামাজিক উন্নয়নত এটি যোগাত্মক ভূমিকা পালন কৰিব।

লেখিকা: ড° শৰ্মিলা দত্ত ডেকা, দৈনিক জনমভূমি।

উদ্ভিদৰ খাদ্য উপাদান আৰু ইয়াৰ প্ৰভাৱ


জীয়াই থাকিবৰ বাবে সকলো প্রাণীকে খাদ্যৰ প্রয়োজন হয়। ঠিক সেইদৰে উদ্ভিদকো ডালে-পাতে, ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিপুষ্টি লাভ কৰিবলৈ সকলোবোৰ উদ্ভিদকে খাদ্য লাগে| উদ্ভিদে প্রধান খাদ্যদ্রব্যবোৰ মাটিৰ পৰা শিপাৰ জৰিয়তে আহৰণ কৰে। অনুৰ্বৰা মাটিত বিভিন্ন ধৰণৰ সাৰ প্রয়োগ কৰি এই খাদ্য উপাদানসমূহ শস্যক যোগান ধৰিব পৰা যায়। সম্পূর্ণ পৰিপুষ্টি লাভ কৰিবলৈ উদ্ভিদক ১৬ বিধমান খাদ্য উপাদানৰ প্রয়োজন হয়। ইয়াৰ ভিতৰত নাইট্র’জেন, ফচফৰাচ আৰু পটাচিয়াম নামৰ মৌলকেইবিধৰ অধিক প্রয়োজন হয় বাবে ইহঁতক উদ্ভিদৰ প্ৰাথমিক খাদ্যমৌল হিচাপে ধৰা হৈছে। উদ্ভিদৰ সর্বাংগীন বিকাশত এই মৌলসমূহৰ প্ৰয়োজন এনেধৰণৰ-

নাইট্র’জেন

নাইট্র’জেনে গছৰ শ্ৰীবৃদ্ধি বঢ়োৱাত সহায় কৰে। ই পাতৰ ৰং গাঢ় সেউজীয়া কৰে আৰু ফল-ফুল ধৰাত অৰিহনা যোগায়। এই মৌলৰ অভাৱ হ’লে গছৰ শিপা বর্ধনত বাধা জন্মে আৰু গছজোপা নিশকতীয়া হয়। ফলত পাতত থকা হৰিৎকণাবোৰৰ পৰিমাণ কমি যায় আৰু পাতবোৰ হালধীয়া হৈ পৰে। খেতি পথাৰত এনে সাৰৰ অভাৱ হ’লে কৃত্রিম উপায়েৰে সাৰ যোগান ধৰি এনে খাদ্য উপাদান শস্যক যোগান ধৰিব পৰা যায়। আমাৰ কৃষক ৰাইজে সাধাৰণতে পথাৰত প্রয়োগ কৰা নাইট্র’জেনযুক্ত সাৰৰ ভিতৰত ইউৰিয়া আৰু এম’নিয়াম চালফেট উল্লেখযোগ্য।  ইউৰিয়া সাৰত ৪৬ শতাংশ আৰও এম’নিয়াম চালফেটত ২০.৬ শতাংশ নাইট্র’জেন থাকে।

নাইট্র’জেনযুক্ত সাৰৰ পৰা উদ্ভিদে সহজে খাদ্যমৌল গ্রহণ কৰিব পাৰে বাবে এনে সাৰ গুটি সিঁচা বা ৰোৱাৰ সময়ত অথবা গুটি সিঁচাৰ পৰা চপোৱালৈকে ২-৩ বাৰ ভগাই প্রয়োগ কৰা হয়। অপচয়ৰ পৰা হাত সাৰিবলৈ এনে সাৰ সঠিক পদ্ধতিৰে আৰু শস্যৰ পৰ্যায়ক্রমে পথাৰত প্রয়োগ কৰা ভাল। পথাৰত জলসিঞ্চন সুবিধা থাকিলে এনে সাৰ টপড্ৰেছিং কৰি দিব পৰা যায়।

ফচফৰাচ

ফচফৰাচে উদ্ভিদক সৱল কৰাত আৰু শস্যৰ গুণাগুণ অটুট ৰখাত সহায় কৰে। ই শস্যৰ গুটি আৰু ফল ধৰাত বিশেষভাৱে অৰিহনা যোগোৱাৰ উপৰি উদ্ভিদৰ শিপা বর্ধনতো সহায়কাৰী। শস্যৰ বেমাৰ-আজাৰ প্ৰতিৰোধ কৰাত ফচফৰাচৰ ভূমিকা লেখত ল’বলগীয়া। এই মৌলৰ অভাৱ হ’লে শক্তি কমি যায়, গুটি কমকৈ লাগে আৰু পাতবোৰো ঠৰঙা হৈ পাৰে। ফচফৰাচযুক্ত ৰাসায়নিক সাৰ আৰু তাত থকা ফচফৰাচৰ পৰিমাণ এনেধৰণৰ—

একক চুপাৰ ফচফেট- ১৬ শতাংশ

ত্ৰিপ’ল চুপাৰ ফচফেট-৪৬ শতাংশ

ৰক ফচফেট- ২০ শতাংশ।

ফচফৰাচ যুক্ত সাৰ সহজে অপচয় নহয় বাবে ইয়াক গুটি সিঁচা বা শস্য লগোৱাৰ আগতে পথাৰত প্রয়োগ কৰিব পাৰি।

পটাচিয়াম

উদ্ভিদৰ গজন শক্তি সুদৃঢ় কৰাত আৰু বেমাৰ-আজাৰ আদিৰ প্ৰতিৰোধৰ ক্ষেত্ৰত পটাচিয়ামে বিশেষ অৰিহনা যোগায়। শস্যৰ শিপা বর্ধনত, শস্যৰ গুটি ধৰাত আৰু ফল-মূলৰ গুণ অটুট ৰখাত ই সহায় কৰে। এই মৌলবিধে প্রতিকূল পৰিৱেশতো শস্যক সুস্থিৰে ৰাখে। ই মূল জাতীয় আৰু পাত জাতীয় পাচলিৰ উৎপাদন বৃদ্ধিত অৰিহনা যোগায়।

পটাচিয়ামৰ অভাৱ হ’লে শস্যৰ পাতবোৰ মুগা বৰণৰ হয় আৰু পাতত সৰু সৰু বগা দাগ পৰিব পাৰে। পটাচিয়াম জাতীয় ৰাসায়নিক সাৰত থকা পটাচিয়ামৰ শতকৰা হাৰ এনেধৰণৰ-

পটাচিয়াম ক্লৰাইড্‌-৬০ শতাংশ

পটাচিয়াম ছালফেট – ৪৮ শতাংশ

পটাছিয়াম সাৰ মাটিত অধিশোষিত হৈ থাকে কাৰণে পানীৰ সোঁতে সহজে উটাই নিব নোৱাৰে। সেইবাবে এনে সাৰ পথাৰত বীজ সিঁচা বা ৰোৱাৰ আগতে প্রয়োগ কৰিব পৰা যায়।

উদ্ভিদৰ প্রয়োজনীয় এই প্রাথমিক খাদ্য উপাদানসমূহ কিছুমান ৰাসায়নিক সাৰত যুটীয়াভাৱে সন্নিহিত হৈ থাকে। তেনেধৰণৰ যৌগিক সাৰ প্ৰয়োগ কৰি আমি শস্যক একাধিক খাদ্য উপাদান যোগান ধৰিব পাৰো| এনে কেইবিধমান যৌগিক সাৰৰ ভিতৰত ডাই এম’নিয়াম ফচফেট (ডি এ পি), সুফলা, অমৃত আদি উল্লেখযোগ্য। ইয়াৰে ডি এ পি সাৰত শতকৰা ১৮ ভাগ নাইট্র’জেন আৰু ৪৬ ভাগ ফচফৰাচ থাকে। সুফলা সাৰত শতকৰা ২০ ভাগকৈ নাইট্র’জেন আৰু ফচফৰাচ থাকে। সেইদৰে অমৃত নামৰ সাৰবিধত শতকৰা ১৫ ভাগকৈ উদ্ভিদৰ প্ৰাথমিক মৌলখিনি সন্নিহিত থাকে। গতিকে এনে যৌগিক সাৰ শস্যৰ পথাৰত প্রয়োগ কৰি উদ্ভিদক একেলগে একাধিক মৌল যোগান ধৰিব পৰা যায়। উল্লেখযোগ্য যে, বিভিন্ন কোম্পানীয়ে প্রস্তুত কৰা এনে যৌগিক সাৰত বিভিন্ন অনুপাতত উদ্ভিদৰ খাদ্য উপাদানসমূহ সন্নিৱিষ্ট কৰা হয়। আৰু সেই বিষয়ে পাত্ৰৰ ওপৰত উল্লেখ কৰা থাকে। সেইবাবে কোনবিধ শস্যক কিমান পৰিমাণৰ মৌলৰ প্রয়োজন হয় সেইমতে হিচাপ কৰিহে এনে সাৰ পথাৰত প্রয়োগ কৰা ভাল।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি

সুস্বাদু খাদ্য ‘কাঠফুলা’


‘কাঠফুলা’ বা “মাশ্বৰূম' এবিধ স্থলজ ভেঁকুৰ। ইয়াৰ ৰেণুধৰ ফল মাটিৰ ওপৰত সৃষ্টি হয়। এই মঙহাল ৰেণুধৰ ফল বা বীজকে খাদ্য হিচাপে গ্রহণ কৰা হয়। বিভিন্ন প্রজাতিয়ে বিভিন্ন আকৃতি আৰু বিভিন্ন ৰঙৰ বীজ উৎপাদন কৰে। ইয়াৰ দুটা অংশ থাকে কাণ্ড আৰু ছাতি। কাঠফুলাত সহজে হজম হোৱা প্ৰ’টিন, খাদ্যপ্ৰাণ আৰু খনিজ লৱণ থাকে, যিবোৰ শাক-পাচলি আৰু ফলমূলত থকা পৰিমাণতকৈ বেছি। সতেজ মাশ্বৰূমত কার্বহাইড্রেটৰ পৰিমাণ ৪% ৰ পৰা ২০ শতাংশ পর্যন্ত পোৱা যায়। দুবিধ অত্যাৱশ্যকীয় এমাইন’ এচিড যেনে 'লাইচিন’ আৰু “ট্ৰিট’ফেন’ কাঠফুলাত পোৱা যায়। ইয়াৰ উপৰি ভিটামিন ‘বি’, আৰ্গ’ষ্ট্ৰৰেল, ফলিক এচিড, পটাছিয়াম, ফছফৰাছ, ছেলেনিয়াম, কপাৰ আৰু লৌহ পদার্থ কাঠফুলাত যথেষ্ট পৰিমাণে থাকে, যিবোৰ শৰীৰৰ বাবে অতি আৱশ্যকীয় আৰু এণ্টি অক্সিডেণ্ট প্রস্তুত কৰাতো সহায় কৰে। তেজৰ কলেষ্ট্ৰৰেলৰ মাত্রা কমাই ৰখা দৰৱ, টিউমাৰ প্ৰতিষেধক দৰৱ, নানা ধৰণৰ এণ্টিবায়টিক আদি প্রস্তুত কৰা হয়। ইতিমধ্যে জাপানত বহুবিধ কাঠফুলাৰ পৰা পোৱা পলিচেকাৰাইডৰ পৰা ক্রেচটিন, লেণ্টিনান, চোনিফিলান আদি কেন্‌ছাৰ প্ৰতিৰোধী দৰৱ উদ্ভাৱন কৰা হৈছে। সেইবাবে ঔষধ উদ্যোগত কাঠফুলাৰ গুৰুত্ব বাঢ়িছে। খাদ্যোপযোগী কাঠফুলাবোৰ অতি সুস্বাদু আৰু ইয়াৰ পৰা নানাবিধ ব্যঞ্জন তৈয়াৰ কৰিব পাৰি।

অতি প্রাচীন কালৰ পৰা কাঠফুলা হাবি-জংঘলৰ পৰা খাদ্যৰ বাবে সংগ্ৰহ কৰা দেখা যায়। এনেদৰে সংগ্ৰহ কৰি অনা কাঠফুলা খোৱাৰ পিছত বিষক্রিয়াত আক্রান্ত হৈ মৃত্যু মুখতো পৰা দেখা যায়। ইয়াৰ প্রধান কাৰণ হৈছে, হাবি-জংঘলৰ পৰা সংগ্ৰহ কৰা কাঠফুলাবোৰ খাদ্যোপযোগী নে বিষাক্ত, চিনাক্তকৰণ কৰিব নোৱাৰাটো। বিষাক্ত মাশ্বৰূমবোৰ দেখিবলৈ খাদ্যোপযোগী কাঠফুলাৰ দৰে প্ৰায় একে, যিবোৰত এক বা একাধিক বিষাক্ত দ্রব্য থাকে। আনহাতে, বজাৰত বিক্ৰীৰ বাবে ৰখাৰ ফলত শুকাই যোৱা চিনাক্তকৰণ কৰাটো আৰু কঠিন। কিছুমান ঠাইত কীটানুনাশক দ্রব্যৰ প্রয়োগৰ ফলত ডাঙৰ গা-গছত উৎপন্ন হোৱা খাদ্যোপযোগী মাশ্বৰূমতো কীটানুনাশকৰ বিষাক্ত দ্রব্য পোৱা যায়। ইয়াৰ উপৰি অধিক যান-বাহন চলাচল হোৱা, প্ৰদূষণকাৰী উদ্যোগ প্রতিষ্ঠানৰ পৰা নির্গত হোৱা বিষাক্ত দ্রব্যবোৰ সেই ঠাইত উৎপন্ন হোৱা খাদ্যোপযোগী কাঠফুলাই শোষণ কৰি লয় আৰু ফলস্বৰূপে বিষাক্ত হৈ পৰে।

প্রজাতিভেদে বিহযুক্ত মাশ্বৰূমৰ বিষাক্ত দ্রব্যৰ ধৰণ আৰু বিষক্রিয়া বিভিন্ন। এই বিষাক্ত দ্রব্যবোৰ ৰ’দত শুকুৱালে নাইবা ৰন্ধন প্ৰকৰণত বিগলিত হৈ শেষ হৈ নাযায়। ‘এমানিট’ক্সিন’ নামৰ বিষাক্ত দ্রব্য এমানিটা ফেল’ইড্‌ছ, এমানিটা ভার্না, এমানিটা ভিৰ’চা আদি বিষাক্ত কাঠফুলাত পোৱা যায়। এইবোৰ কাঠফুলা খাদ্য হিচাপে গ্রহণ কৰাৰ বাৰ ঘণ্টাৰ পাছত প্রথম লক্ষণ হিচাপে বিপাকীয় বিসংগতি (বদহজমী), বমি আৰু অনিয়মীয়াকৈ শৌচ হ’বলৈ ধৰে। এই বিষাক্ত দ্রব্য পাচন তন্ত্রত ক্রিয়া শোষিত হৈ তেজৰ লগত মিহলি হয়। শৰীৰৰ পৰা পানী আৰু খনিজ লৱণ ওলাই যোৱাৰ ফলত মানুহজন যথেষ্ট দুর্বল হৈ পৰে। হাত-ভৰিবোৰ টানি ধৰে। ৰেচন তন্ত্ৰতো কুপ্ৰভাৱ পৰে। বমি আৰু ডায়েৰিয়া ২-৩ দিনৰ পিছত বন্ধ হ’লেও যকৃত আৰু বৃক্কৰ কোষবোৰ সম্পূৰ্ণ ৰূপে ধ্বংস হৈ যায়। যদিহে মানুহজনে অধিক পৰিমাণৰ কাঠফুলা গ্রহণ কৰিছিল আৰু সময়ত ডাক্তৰৰ ওচৰ চপা নহ’ল। তেন্তে ৫-৬ দিনৰ ভিতৰতে মানুহজনৰ যকৃত আৰু বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈ মৃত্যু মুখত পৰিব। কাঠফুলাৰ সংগ্ৰহ তথা খাদ্য গ্ৰহণ সম্পর্কে ৰাইজ যথেষ্ট সাৱধান আৰু সজাগ হোৱা উচিত।

কাঠফুলাৰ ৰেণুধৰ ফলৰ কাণ্ড ভাগত আঙঠিৰ দৰে থাকিলে, মাটিত লাগি থকা কাণ্ড ভাগত গাঁঠিৰ দৰে থাকিলে, ছাতিৰ তলভাগ বগা বৰণৰ হ’লে, ছাতি কাণ্ড অংশ ৰঙা বৰণৰ হ’লে, ছাতিৰ তলৰ অংশ বা কাণ্ডৰ পৰা যিকোনো দ্রব্যৰ নিঃসৰণ ঘটা দেখিলে তেনে কাঠফুলা সংগ্ৰহ কৰিব নালাগে। হাবি-জংঘলৰ পৰা যধে-মধ্যে সংগ্ৰহ আৰু বিক্ৰী নকৰিবলৈ ৰাইজৰ মাজত সজাগতা শিবিৰৰ আয়োজন কৰিব লাগে আৰু খাদ্য গ্ৰহণৰ পিছত বিষক্রিয়া হ’লে লগে লগে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে। আজিকালি বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায় ভিত্তিত খাদ্যোপযোগী কাঠফুলাৰ খেতি কৰা হয়।

লেখিকা: ড° গীতাঞ্জলি দেৱী, দৈনিক জনমভূমি।

 

2.97368421053
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top