মূল পৃষ্ঠা / কৃষি / উত্তম অভ্যাস / জানিবলগীয়া কথা-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানিবলগীয়া কথা-

যিবোৰ কণীত এটা কুহুমৰ পৰিৱৰ্তে দুটা কুহুম থাকে, সেইবোৰ কণীক দ্বি-কুহুমযুক্ত কণী বুলি কোৱা হয়। কুকুৰাৰ দেহত দুটা কুহুম একে

দ্বি-কুহুমযুক্ত কণী-

যিবোৰ কণীত এটা কুহুমৰ পৰিৱৰ্তে দুটা কুহুম থাকে, সেইবোৰ কণীক দ্বি-কুহুমযুক্ত কণী বুলি কোৱা হয়। কুকুৰাৰ দেহত দুটা কুহুম একেলগে প্ৰস্ফূটিত হোৱাৰ বাবে সাধাৰণতে এনে কণীৰ উৎপন্ন হয়। এইবোৰ কণী দোষযুক্ত নহয় আৰু সাধাৰণ কণীৰ দৰেই মানুহৰ আহাৰৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। সাধাৰণতে অতি ডাঙৰ আকৃতিৰ কণীত দুটা কুহুম দেখা যায়। কাচিৎ কেতিয়াবা তিনিটা কুহুম থকা ত্ৰি-কুহুমযুক্ত কণীও দেখিবলৈ পোৱা যায়।

কণীৰ ভিতৰত মঙহৰ কণাঃ

কুকুৰাৰ দেহৰ ভিতৰত কণী এটা তৈয়াৰ হ’বৰ বাবে প্ৰায় ২৪ ঘণ্টা সময়ৰ আৱশ্যক। কণী তৈয়াৰ হোৱাৰ আৰম্ভণিতে যেতিয়া কণীৰ কুহুমটো ডিম্বাশয়ৰ পৰা গৰ্ভাশয় নলিকালৈ নিৰ্গত হ’বৰ সময়ত কেতিয়াবা দুই এটুকুৰা মঙহৰ কণা লাগি আহে আৰু অৱশেষত ই কণীৰ ভিতৰত বান্ধ খাই পৰে। এনে কণীক মঙহৰ কণা থকা কণী বোলা হয়। সৰু মঙহৰ কণা থকা এনে কণী খোৱাত কোনা বাধা নাথাকে যদিও মঙহৰ কণা চকুত পৰা বা ডাঙৰ হয় তেনেহ’লে নোখোৱাই ভাল। হঠাতে কেতিয়াবা পোৱা এনে কণী কিছুমান কুকুৰাৰ বংশগত দোষো হ’ব পাৰে।

কণীৰ ভিতৰত তেজৰ কণিকাঃ

কণীৰ ভিতৰত মঙহৰ কণা লাগি অহাৰ দৰে কেতিয়াবা কণীৰ ভিতৰত তেজৰ সৰু চেঁকুৰা বা ডাঙৰ টোপোলা থকা দেখা যায়। সাধাৰণতে তেজৰ এই কণিকাটো কুহুমৰ গাতে লাগি থাকে। ডাঙৰ টোপোলা থকা এনে কণী খোৱাৰ বাবে অনুপযুক্ত।

এইবোৰৰ উপৰি কোমল চোকোৰাৰ কণী, কুহুমবিহীন কণী, কণীৰ ভিতৰত কণী ইত্যাদি ধৰণৰ অগতানুগতিক কণী দেখা যায়।

 

মাছ শুকুৱাই সংৰক্ষণ কৰা পদ্ধতিঃ

জলবায়ু ভেদে মানুহৰ খাদ্য নিৰ্ণয় হয় বাবেই অসমৰ জলবায়ুত আমিষ আহাৰে প্ৰাধান্য লাভ কৰি আহিছে।

আমিষভোজী সকলৰ বাবে মাছ হ’ল প্ৰিয় খাদ্য। ঘৰুৱা সকাম-নিকামবোৰত বেছিভাগ মানুহেই মাছ ব্যৱহাৰ কৰে। বিয়াতটো কথাই নাই। ঘৰলৈ অহা বিশেষ আলহীজনৰ বাবে মাংসৰ লগতে মাছ যোগাৰ নকৰাকৈও নাথাকে।

এনে এটা সময় আছিল অসমৰ গাঁৱৰ অঞ্চলবোৰত ৰান্ধনীগৰাকীয়ে ভাতৰ চৰুটো পাতিও মাছ এজাকৈ মাৰি আনিছিল। সেই সময়ত মাছ উভৈনদী হোৱাৰ কাৰণো আছে। মাছে অবাধ বিচৰণ কৰিবলৈ যথেষ্ট ঠাই আছিল। ক্ৰমে জনসংখ্যা বৃদ্ধি হোৱাত উন্নত বাট-পথ হোৱাৰ বাবে মাজত অহা-যোৱা পথ নোহোৱাত, আনহাতেদি বানপানীৰ কাৰণে দ’ ঠাই বাম হোৱাত, বাম ঠাই দ’ হোৱাৰ কাৰণেও মাছৰ সংখ্যা কমিব ধৰিছে। মানুহবোৰেও খাবৰ জোখাৰে মাছ ধৰিছিল। বৰ্তমান সময়ত পঞ্চায়তৰ ৰাজহৰ বাবে ডাক দিয়া ব্যৱস্থা হোৱাত মহলদাৰে চিলটিয়া জালেৰে নৈ-বিলৰ মাছ চুচি-বাছি ধৰি বাহিৰলৈ চালান দিয়ে। সেয়েহে স্থানীয় তাজা মাছৰ দিন মহঙাত পৰিছে। খৰালি দিনকেইটাত স্থানীয় মাছৰ অভাৱ ঘটিলেও ভাদ মাহৰ পৰা পুহ মাহলৈকে যথেষ্ট নদী-বিলৰ মাছ পোৱা যায়। এই সময়খিনিত মাছ ধৰিবলৈ সুবিধা থকা অঞ্চলসমূহত মানুহবোৰে যথেষ্ট মাছ ধৰে আৰু শুকুৱাই ৰাখে। সেইখিনি মাছকে যদি বিজ্ঞানসন্মতভাৱে আৰু উন্নত পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিব পৰা হয় ইয়াৰ পৰা নিজে খাবলৈকে বহুদিনলৈ ৰাখিব পাৰিব আৰু বিক্ৰী প্ৰক্ৰিয়াৰে আৰ্থিকভাৱেও লাভান্বিত হ’ব পাৰিব।

মাছ সাধাৰণতে জুইত বা ৰ’দত শুকুৱা হয়। জুইত শুকুৱা মাছখিনি পেটু কাঢ়ি নিৰ্মল পানীৰে চফাকৈ ধুই চালনীত মেলি টান জুইত শুকুৱালে মাছ মচমছিয়া হয়, বহুদিনলৈ ভাল হৈ থাকে। বৰ্তমান সময়ত গাঁও অঞ্চল হ’লেও খৰি-কাঠৰ অভাৱত বহুতে মাছ ধৰি নষ্ট কৰাহে দেখা যায়। গতিকে শুকান মাছ সংৰক্ষণৰ ক্ষেত্ৰত আগ্ৰহীসকলৰ বাবে এটা সুখবৰ আছে। বৰ্তমান ৰাজ্যৰ একমাত্ৰ তথা দেশৰ সপ্তমখন মীন মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰহাৰ মীন মহাবিদ্যালয়ে সুলভ কম খৰচী শুকান মাছ প্ৰস্তুত কৰা সঁজুলি সাজি উলিয়াইছে। এই সঁজুলি সাজি উলিয়াইছে মহাবিদ্যালয়ৰ মীন অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিভাগৰ দুজন মীন বিজ্ঞানী ক্ৰমে ড প্ৰাণজিৎ শৰ্মা আৰু ড জিতেন শৰ্মাই। এই বিজ্ঞানী দুজনৰ সৃষ্টি সৌৰশক্তিৰ দ্বাৰা অতি সহজতে দুৰ্গন্ধহীনভাৱে মাছ শুকুৱাব পৰা ব্যৱস্থাক আত্মসহায়ক গোটসমূহে গ্ৰহণ কৰিব পাৰে।

শুকান মাছ খোৱাৰ পদ্ধতিঃ

শুকান মাছ আলু-বেঙেনা-তৰকাৰীত বা গুৰি কৰিও খাব পাৰি। মিচিং সমাজৰ কিছু লোকে পেটু নকঢ়াকৈ মাছ শুকুৱায়। এনেকৈ শুকোৱা মাছ মেলেৰিয়া বেমাৰৰ কাৰণে ভাল বুলি তেওঁলোকে বিশ্বাস কৰে। আহোমসকলে কচুঠাৰি দি চুঙাত শুকান মাছ খুন্দি ধোঁৱাচাঙত ৰাখে। এনে মাছ গা বিষৰ ঔষধিযুক্ত বুলি ভাবে। চুঙাত খুন্দি ৰখা মাছক শুকতি বুলি কোৱা হয়। শুকতি মাছ কচুশাক আলুপিটিকাৰ লগত খোৱা হয়।

মাছ যিহেতু প্ৰ’টিনযুক্ত আৰু পানীত চৰি ফুৰে ডায়েবেটিক আৰু এজমেটিক ৰোগীসকলৰ কাৰণেও উপকাৰী। গতিকে সময়ত পোৱা তাজা মাছৰ জোল খোৱাৰ উপৰি বিভিন্ন পদ্ধতিৰে সংৰক্ষণ কৰি থোৱা মাছৰ পৰা লোভনীয় খাদ্য তৰিকা কৰি আলহীক সুধিব পাৰি, নিজেও খাব পাৰি।

তলত তাৰে কেইটামান কিটিপ দিয়া হ’ল-

(১) সৰু দুটা তপতাই লোৱা শুকান মাছৰ লগত এটুকুৰা কেঁচা হালধি, সৰু এডোখৰ আদা আৰু নহৰু জলকীয়াৰ সৈতে চাটনি পিহি অকণমান কেঁচা মিঠাতেল সানি খাবলৈ সোৱাদ হোৱাৰ উপৰি গা খজুৱতি ভাল হোৱা ঔষধি গুণো আছে।

(২) তিল ভাজি নৰসিংহ পাতৰ সৈতে শুকান মাছৰ চাটনি খালে চুলিৰ কাৰণে ভাল।

(৩) কণজলকীয়াৰ সৈতে দুখনমান কোমল ভেদাইলতাৰ পাতৰ লগত শুকান মাছৰ চাটনি পিহিলে খাবলৈ সোৱাদ হয়। এনে চাটনি পক্ষাঘাত ৰোগীয়ে খাব পাৰে।

(৪) কোমল দুটামান দোৰোণ পাতৰ লগত আদা, নহৰু আৰু সেকি লোৱা দুটা শুকান মাছ চাটনি পিহি খাব পাৰি।

(উৎসঃ অসমীয়া খবৰ)।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top