অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডি কে কলেজৰ জীৱ-প্ৰযুক্তিবিদ্যা কেন্দ্ৰই সহায় কৰিছে কৃষকক

ডি কে কলেজৰ জীৱ-প্ৰযুক্তিবিদ্যা কেন্দ্ৰই সহায় কৰিছে কৃষকক

দক্ষিণ কামৰূপত খেতিয়কক কেঁচু সাৰ, কাঠফুলাৰ খেতি, উন্নত পদ্ধতিৰে বিভিন্ন খেতি আদিৰ প্ৰশিক্ষণ দি কৃষিজীৱি ৰাইজক সহায় কৰিছে কামৰূপ জিলাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ‘জীৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰ’ই। ২০১১ চনত স্থাপন কৰা এই কেন্দ্ৰটোৰ সমন্বয়ক হিচাপে উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডো দুৰ্লভ নাৰায়ণ সিংহ আৰু কনিষ্ঠ গৱেষক মানবেন্দ্ৰ কলিতাই কয় যে কেন্দ্ৰটোৰ মুখ্য উদ্দেশ্য হ’ল জীৱ বিজ্ঞানৰ এই শাখাটো ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰি তুলি বিভিন্ন যন্ত্ৰ-সঁজুলিৰ ব্যৱহাৰৰ জৰিয়তে সম্প্ৰতি জীৱ বিজ্ঞানৰ বিভিন্ন দিশত চলি থকা গৱেষণাৰ বিষয়ে আভাস দিয়ে। বৰ্তমান এই  কেন্দ্ৰটোৱে কেঁচুসাৰ উৎপাদন, কাঠফুলাৰ বৈজ্ঞানিকভাৱে কৰা খেতি, দক্ষিণ কামৰূপ অঞ্চলত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ অধ্যয়ন আৰু কপৌফুল সংৰক্ষণৰ কাম কৰি আছে। কপৌফুল জাতীয় উদ্ভিদৰ সংৰক্ষণৰ বাবে মহাবিদ্যালয়খনত নতুনকৈ এটা ‘শ্বেড-হাউছ’ নিৰ্মাণ কৰা হৈছে। তদুপৰি ২০১৪ চনৰ ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এই কেন্দ্ৰটোৱে এটা কেঁচুসাৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰে। ইতিপূৰ্বে এই কেন্দ্ৰটোৱে প্ৰায় ৪০০ কেজি কেঁচুসাৰ উৎপাদন কৰি বিক্ৰী কৰে। বৰ্তমানলৈ এই কেন্দ্ৰৰ দ্বাৰা জীৱ বিজ্ঞানৰ লগত জড়িত বিভিন্ন কৰ্মশালা, প্ৰশিক্ষণ আদিও আয়োজিত হৈছে। তদুপৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে এই কেন্দ্ৰটোৰ অত্যাধুনিক সা-সঁজুলিসমূহ ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা আছে। কেন্দ্ৰটোৰ কনিষ্ঠ গৱেষক মানবেন্দ্ৰ কলিতাই কয়, ‘এই কেন্দ্ৰটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক জ্ঞান প্ৰদান কৰাৰ লগতে কাঠফুলাৰ বৈজ্ঞানিক পদ্ধতিৰ খেতি কেঁচুসাৰ উৎপাদন আদিৰ প্ৰশিক্ষণ দি এই অঞ্চলৰ মানুহক অৰ্থনৈতিকভাৱে লাভান্বিত কৰাৰ প্ৰচেষ্টা লোৱা হৈছে।’ এই কেন্দ্ৰৰ পৰা বৰ্তমানলৈকে বিভিন্ন ঔষধি গছ আৰু ইয়াৰ উপকাৰিতাৰ ওপৰত দুখন গৱেষণাপত্ৰ প্ৰকাশিত হয়। ‘দক্ষিণ কামৰূপৰ বিভিন্ন জনজাতিয়ে খাদ্য হিচাপে গ্ৰহণ কৰা পোক’ গৱেষণা পত্ৰখন ৱলিদা বৰা, ৰুমী কলিতা আৰু ড০ ডি এন সিংহাই প্ৰকাশ কৰে। আনখন গৱেষণাপত্ৰ প্ৰকাশ কৰে মানবেন্দ্ৰ কলিতাই। ‘জীৱ-প্ৰযুক্তিবিদ্যা কেন্দ্ৰ’টোৰ সুবিধাসমূহ হ’ল ‘ডিজিটেল এল চি ডি মাইক্ৰস্কপ’, ‘ডিজিটেল কলনি কাউন্টাৰ’, ‘ডিজিটেল চালিনিটি মিটাৰ’, ‘ইলেক্ট্ৰ্নিক বেলেন্স’, ‘হামিডিটি মিটাৰ’, ‘হট-ৱাটাৰ বাথ’, ‘হট এয়াৰ অ’ভেন’, ‘লাক্স মিটাৰ’, ‘ভাৰ্টিকেল লামিনাৰ এয়াৰ ফ্লু’, ‘ৱাটাৰ এনালাইজাৰ’ ইত্যাদি। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ‘জীৱ-প্ৰযুক্তিবিদ্যা কেন্দ্ৰ’ৰ দ্বাৰা অঞ্চলটোৰ লগতে বিভাগটোৰ লগত জড়িত উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীসকল লাভৱান হ’ব বুলি নিসন্দেহে ক’ব পাৰি।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate