অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নগাঁৱৰ চীয়েপৰ প্ৰয়াস

নগাঁৱৰ চীয়েপৰ প্ৰয়াস

নগাঁৱৰ ‘চীয়েপ’ নামৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে যোৱা তিনি বছৰ ধৰি অসমৰ পৰম্পৰাগতভাৱে ‘জলপান’ ৰুপে ব্যৱহাৰ কৰা খাদ্য বস্তু প্ৰস্তুতিৰ বাবে বৰা, কোমল আৰু জহা ধানৰ ওপৰত এটি পৰীক্ষামূলক গৱেষণা কৰি আহিছে। কৃষি বিজ্ঞানী ডঃ অৰুণিমা চৌধুৰীৰ তত্বাৱধানত আৰু বিজ্ঞানী ডঃ পঙ্কজ দেৱ চৌধুৰীৰ কাৰিকৰী দিহা পৰামৰ্শত পৰিচালিত প্ৰকল্পৰ জৰিয়তে চীয়েপে মধ্য অসমত জলপানৰ বাবে ৯১ বিধ বিভিন্ন থলুৱা প্ৰজাতিৰ ধানৰ ব্যৱহাৰৰ তথ্য সংগ্ৰহ কৰিছে। ইয়াৰে ৪১ বিধৰ সঁচ এতিয়ালৈ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু নগাঁও-মৰিগাঁও জিলাৰ ৭০ জন কৃষকৰ পথাৰত ‘এছ আৰ আই’ পদ্ধতিৰে ইয়াৰ খেতি কৰাই, সেইসমূহৰ ঋতুকালীন বৈশিষ্ট, ব্যৱস্থাপনা প্ৰক্ৰিয়া সম্পৰ্কে তথ্য আহৰণ কৰিছে। ইতিমধ্যে কৃষকসকলৰ মাজত থলুৱা এই ধানসমূহৰ খেতি কৰা আৰু পৰম্পৰাগত জলপানৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়স কৰিছে। যিহেতু থলুৱা প্ৰজাতিৰ জলপানত ব্যৱহাৰ কৰা সঁচৰ অভাৱ সেয়েহে তেওঁলোকে সঁচ উৎপাদনকাৰী কৃষকো সাজু কৰিছে। ইতিমধ্যে যোৱা এবছৰ ধৰি দুজন কৃষকে চৰকাৰী বিভাগকে ধৰি ৰাজ্যৰ আন আন ঠাইৰ কৃষককো বীজৰ যোগান ধৰিছে। কৃষি ঐতিহ্য ব্যৱস্থাৰ প্ৰেক্ষাপটত এনে গৱেষণা অধিক সুনিৰ্দিষ্ট আৰু ব্যাপকভাৱে বিভিন্ন আনুষ্ঠানিক গৱেষণা প্ৰতিষ্ঠানৰ সমন্বয়ত সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে।

 

উৎসঃ দৈনিক অসম, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate