অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰৰ পৰিৱৰ্তনৰ লগত সংগতি ৰাখি শস্যৰক্ষাঃ

বতৰৰ পৰিৱৰ্তনৰ লগত সংগতি ৰাখি শস্যৰক্ষাঃ

সময়মতে বৰষুণ নোহোৱা আৰু অসময়ত খৰাং বা জাৰকালি অধিক ঠাণ্ডা আৰু গৰমকালি অধিক গৰম পৰিৱেশ এটা বৰ্তমান কালৰ সহজ পৰিঘটনা। এনে ধৰণে বতৰৰ পৰিৱৰ্তনৰ লগে লগে কৃষিক্ষেত্ৰৰ বাবে অপকাৰী কীট-পতংগ, বেমাৰ-আজাৰ আৰু বন-বাতৰ আক্ৰমণকাৰী প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। গোলকীয় উষ্ণতা বৃদ্ধিয়েই বতৰ পৰিৱৰ্তনৰ মূল কাৰণ। এক পৰিসংখ্যা মতে গোলকীয় উষ্ণতা ২০২৫ চনলৈ প্ৰায় এক ডিগ্ৰী চেলছিয়াছ বাঢ়ি যাব আৰু শতিকাৰ শেষলৈ প্ৰায় তিনি ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব। ভূ-মণ্ডলীয় উষ্ণতা বৃদ্ধিৰ কাৰণ কি ? মানৱ সভ্যতাৰ উত্থানৰ লগত সংগতি ৰাখি মানুহৰ দ্বাৰা সংঘটিত বিভিন্ন কাৰ্যকলাপৰ ফলত গ্ৰীণ হাউছ গেছসমূহৰ উদ্ভৱ হয়, বিশেষকৈ ফছিল ইন্ধনৰ জ্বলন, বিলাতী মাটি উত্পাদন আৰু বননি ধ্বংসৰ ফলশ্ৰুতিত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বৃদ্ধি পাব লাগিছে আৰু এই বৰ্দ্ধিত কাৰ্বন-ডাই-অক্সাইডেই গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰধানতঃ দায়ী। প্ৰমাণিত হৈছে যে বিগত ২৫ বছৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ পূৰ্বৰ এশ বছৰতকৈ অধিক। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হৈছে। আৰ্কটিক সাগৰৰ বৰফ ২০০৫ চনত বেছিকৈ গলিছিল আৰু ঠিক সেইদৰে ২০১০ চনৰ এক পৰীক্ষাত প্ৰমাণিত হৈছে যে আইচলেণ্ডৰ বৰফ দ্ৰুতগতিত গলিব ধৰিছে। অন্য এক পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে যদি পৃথিৱীৰ উষ্ণতা এক ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হয় তেন্তে এণ্ডিজৰ সৰু হিমবাহ গলিব আৰু প্ৰায় পাঁচ কোটি লোক ইয়াৰ বাবে ক্ষতিগ্ৰস্ত হ’ব। আকৌ যদি গোলকীয় উষ্ণতা দুই ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হয় তেন্তে আফ্ৰিকাৰ প্ৰায় ৪-৫ কোটি জনসাধাৰণ মেলেৰিয়া ৰোগত আক্ৰান্ত হ’ব। আনহাতে গোলকীয় উষ্ণতা তিনি ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ’লে উদ্ভৱ হ’ব পৰা বৃষ্টিহীনতাই শস্যৰ উত্পাদন হ্ৰাস কৰিব আৰু ইয়াৰ ফলত প্ৰায় ১৫-৫৫ কোটি লোক আক্ৰান্ত হ’ব। সৰ্বোপৰ প্ৰায় ১০ৰ পৰা ৩০ লাখ লোক পুষ্টিহীনতাত ভুগিব। আনহাতে ভূমণ্ডলীয় উষ্ণতা যদি চাৰি ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হয় তেন্তে সমুদ্ৰতীৰৱৰ্তী প্ৰায় ৩০ কোটি লোক প্ৰতি বছৰে বানত আক্ৰান্ত হ’ব। এনে ধৰণৰ নানান আহুকালৰ উপৰি, উষ্ণতা বঢ়াৰ লগে লগে কিছুমান লঘু গুৰুত্বপূৰ্ণ কীট-পতংগ অধিক গুৰুত্বপূৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে অৰ্থাত্ পূৰ্বৰ গুৰুত্বপূৰ্ণ পতংগই ক্ষতিকাৰী পতংগৰ স্থান দখল কৰিছে। উদাহৰণস্বৰূপে যোৱা কেইবছৰমানত ধাননি পথাৰত মজাখোৱা আৰু চৰহা পোকৰ উপদ্ৰৱ লাহে লাহে কমি গৈছে, কিন্তু পাত মেৰিওৱা আৰু চেলেকা পোকৰ আক্ৰমণ বৃদ্ধি পাব লাগিছে। পূৰ্বে নাম-গোন্ধ নথকা আৰ্মি-ৱৰ্ম নামৰ পতংগৰ আক্ৰমণ পৰিলক্ষিত হৈছে। যদিও এতিয়ালৈকে এইবোৰ বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই, তথাপি জলবায়ু পৰিৱৰ্তনেই যে ইয়াৰ প্ৰধান কাৰণ ই সহজে অনুমেয়। কম উষ্ণতাত নিষ্ক্ৰিয় হৈ থকা পোক-পতংগ, ৰোগ-ব্যাধি উষ্ণতা বঢ়াৰ লগে লগে মাৰাত্মক হৈ উঠিছে। তাৰ উপৰি উষ্ণতা বঢ়াৰ লগে লগে প্ৰজনন বাঢ়ি যায়। অসমত খৰাং পৰিস্থিতিৰ বাবে মিলিবাগ পোকৰ আক্ৰমণ বৃদ্ধি পাব লাগিছে। সংৰক্ষণ গৃহৰ পোক-পতংগৰ ক্ষেত্ৰটো একেটা কথাই খাটে।

এনে এক জটিল ক্ষণত, অপকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে কৃষি পৰিৱেশতন্ত্ৰৰ বিশ্লেষণেৰে ইক’লজিকেল ইঞ্জিনীয়াৰিঙৰ ওপৰত  গুৰুত্ব প্ৰদান কৰা প্ৰয়োজন। কৃষি পৰিৱেশতন্ত্ৰত অপকাৰী কীট-পতংগসমূহৰ লগতে উপকাৰী কীট-পতংগও থাকে। যিদৰে বাঘে হৰিণাক খাদ্যৰূপে গ্ৰহণ কৰি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিছে, ঠিক তেনেকৈ উপকাৰী কীটসমূহে অপকাৰীবোৰক প্ৰাকৃতিকভাৱে দমন কৰি আছে। কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ অপপ্ৰয়োগে অপকাৰী আৰু উপকাৰী উভয় ধৰণৰ পতংগ ধ্বংস কৰি আমাৰ পৰিৱেশতন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিছে। কীটনাশকৰ সক্ৰিয়াতা হ্ৰাস হোৱাৰ পাছত প্ৰাকৃতিক শত্ৰুৰ অভাৱত অপকাৰী কীটসমূহৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়। সেয়েহে কৃত্ৰিম ৰাসায়নিক পদাৰ্থ প্ৰয়োগৰ আগেয়ে মানুহ সচেতন হোৱাৰ আৱশ্যক। ইক’লজিকেল ইঞ্জিনীয়াৰিঙৰ প্ৰয়োগেৰে, কম কমকৈ বেলেগ বেলেগ খেতি কৰিলে অপকাৰী পোক-পতংগ প্ৰাকৃতিকভাৱে দমন কৰি থকা জীৱবোৰৰ সক্ৰিয়তাৰ বাবে কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈও শস্য ৰক্ষা কৰিব পৰা যায়। উদাহৰণস্বৰূপে জিয়াই শস্য অনিষ্টকাৰী পোকৰ কণী খাই সেইবোৰৰ বংশবৃদ্ধি ৰোধ কৰে, আকৌ মকৰাই বহুত পোকক জীৱন্তে খাদ্যৰূপত গ্ৰহণ কৰে। পোক-পতংগৰ বিকৰ্ষক উদ্ভিদৰ কেইটামান শাৰী মুখ্য খেতিৰ মাজে মাজে লগাব পাৰি। খেতিৰ চৌপাশে অতি স্পৰ্শকাতৰ গছ ৰুই পোক-পৰুৱাক তালৈ আকৰ্ষিত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে বন্ধাকবিৰ প্ৰধান শত্ৰু ‘ডাউমণ্ড বেক মথ’ সৰিয়হৰ প্ৰতি বেছি আকৰ্ষিত হয়, গতিকে কবিৰ চাৰিওকাষে সৰিয়হ লগাই এই পোকক তালৈ আকৰ্ষিত কৰি, তাতেই নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিলে গোটেই কবিডৰাক এটোপাল কীটনাশক ব্যৱহাৰ নকৰাকৈ ৰক্ষা কৰিব পাৰি। সেইদৰে বিলাহীৰ শত্ৰু ‘হেলিক’ভাৰ্পা আৰ্মিজেৰা’ নামৰ কীটৰ পৰা ৰক্ষা কৰিবলৈ বিলাহীডৰাৰ চাৰিওকাষে নাৰ্জী ফুল প্ৰায় এপষেক মানৰ আগতে লগাব লাগে। ইফালে শস্যকৃমি আক্ৰান্ত অঞ্চলত খেতিৰ মাজে মাজে নাৰ্জী ফুল ৰুব লাগে, কিয়নো এই ফুলৰ শিপাত শস্যকৃমিক নিয়ন্ত্ৰণ কৰিব পৰা ৰসায়ন থাকে। ইয়াক ‘ইক’লজিকেল ইঞ্জিনীয়াৰিং’ বুলি কোৱা হয়, শ্ৰুতিমধুৰ এই শব্দটোৰ লগত কোনো ‘ৰকেট ছায়েণ্স’ জড়িত নহয়, তথাপি ই শস্যৰক্ষা কৰি মানুহক খাদ্য সুৰক্ষা দিবলৈ সক্ষম।

(উত্সঃ অসমীয়া খবৰ, লেখকঃ ৰুদ্ৰ নাৰায়ণ বৰকাকতি)।

শেহতীয়া উন্নীতকৰণ: : 5/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate