মূল পৃষ্ঠা / কৃষি / উত্তম অভ্যাস / ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসম কিছু আশা, কিছু প্ৰত্যাহ্বান:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসম কিছু আশা, কিছু প্ৰত্যাহ্বান:

 

“অসমখন সেউজীয়া, কিন্তু ইয়াত সেউজ বিপ্লৱ হোৱা নাই”- এই কথাফাকি প্ৰসিদ্ধ কৃষি বিজ্ঞানী ড° এম এছ স্বামীনাথনদেৱে বহু বছৰ আগতে কৈ গৈছে। লক্ষ্যণীয়ভাৱে এই কথাষাৰ অসমৰ ক্ষেত্ৰত আজিও প্ৰযোজ্য হৈয়ে আছে। অৰ্থাৎ অসমে আজিকোপতি ‘সেউজ বিপ্লৱ’ৰ(Green Revolution) প্ৰকৃত সোৱাদ পোৱা নাই। অথচ অসম এখন এনে সাৰুৱা মাটিৰ দেশ য’ত ‘মৰা গছৰ ছাল ৰুলেও গজালি মেলে’ বুলি হেনো কোনো এজন ব্ৰিটিছ নাগৰিকে কৈ গৈছে। তেন্তে কৃষিৰ উপযুক্ত ঠাই এখন কৃষিৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰাৰ কাৰণ কি? অসমৰ কৃষিয়ে আজিও কিয় বাণিজ্যিক ৰূপ ল’ব পৰা নাই? শালিধান কটাৰ পাছত কিয় বেছিভাগ পথাৰ উদং হৈ পৰি থাকে? সদায় ভাতৰ লগত দাইল খোৱা মানুহখিনিৰ বাবে প্ৰয়োজন হোৱা দাইলখিনি ৰাজ্যৰ বাহিৰৰপৰা কিয় আহিব লাগে? ইমান জলাময়, নদী, জান-জুৰি থকা সত্ত্বেও কিয় অসমৰ মাছৰ বজাৰ ছালানী মাছেৰে ভৰি থাকে? ইত্যাদি। এনে অসংখ্য প্ৰশ্নৰ উত্তৰ বিচৰাৰ বাবেই হয়তো অসমত স্থাপন কৰিবলৈ লোৱা হৈছে “ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসম”(Indian Agricutural Research Institute- Assam, IARI- Assam)।

১৯৫০ চনৰ ভাৰতৰ খাদ্যশস্যৰ মুঠ উৎপাদন আছিল প্ৰায় ৫০ নিযুত টন, আৰু সেয়া আছিল প্ৰয়োজনৰ তুলনাত তেনেই তাকৰ। সেয়েহে খাদ্যশস্যৰ ক্ষেত্ৰত আমাৰ দেশ আছিল পৰনিৰ্ভৰশীল। ভাৰতৰ মানুহে আমেৰিকাই PL481 আঁচনিৰ অধীনত জাহাজযোগে পঠোৱা খাদ্যদ্ৰব্যলৈ আশাৰে বাট চাই থাকিব লগীয়া হৈছিল, যাক কোৱা হৈছিল ‘ship to mouth’। এই অৱস্থাৰ অৱসান ঘটাই দেশক খাদ্যশস্যৰ ক্ষেত্ৰত স্বাৱলম্বী কৰিবলৈ দেশৰ নেতৃবৰ্গ আগবাঢ়ি আহিল। লালবাহাদুৰ শাস্ত্ৰীয়ে “জয় জোৱান, জয় কিষান” শ্ল’গানেৰে কৃষকসকলক উৎসাহিত কৰিলে। পৰৱৰ্তী সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কৃষি বিজ্ঞানীসকলৰ লগত পৰামৰ্শ কৰি নতুন নতুন আঁচনি গ্ৰহণ কৰিলে। কৃষি বিষয়ত আৱশ্যকীয় মানৱশক্তি তৈয়াৰ কৰিবলৈ কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হ’ল। মেক্সিকোত(Mexico) অৱস্থিত আন্তৰ্জাতিক ঘেঁহু আৰু গোমধান গৱেষণা কেন্দ্ৰৰ(International Centre for Maize and Wheat Research- CIMMYT)পৰা উন্নত জাতৰ ঘেঁহুৰ বীজ আনি দিল্লী, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ-প্ৰদেশ আদিত পৰীক্ষা কৰা হ’ল। এই ক্ষেত্ৰত সেউজ বিপ্লৱৰ জনক(Father of Green Revolution) বুলি অভিহিত কৰা আমেৰিকাৰ প্ৰসিদ্ধ কৃষিবিজ্ঞানী ন’বেল বঁটা বিজয়ী ড° নৰমান ই বৰল’গে(Dr. Norman E. Borlaug) কৰা সহায়ৰ কথা ভাৰতে কেতিয়াও পাহৰিব নোৱাৰে। দিল্লীত অৱস্থিত ‘ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান’ৰ(IARI) উদ্ভিদ প্ৰজননবিদ আৰু অন্যান্য বিজ্ঞানীসকলে ড° এম এছ স্বামীনাথনৰ নেতৃত্বত মেক্সিকোৰপৰা অনা ঘেঁহুৰ জাত, যেনে- Sonora 64, Lerma Rojo ইত্যাদিৰ লগত স্থানীয় জাতৰ সংস্কৰণ ঘটাই নতুন নতুন জাতৰ উদ্ভাৱন কৰিলে। নতুনকৈ উদ্ভাৱন কৰা জাতবোৰ আছিল চাপৰ আৰু অধিক উৎপাদনশীল। ১৯৬৬-৬৭ চনৰপৰাই ঘেঁহুৰ উৎপাদন দুগুণতকৈও অধিক হ’বলৈ ধৰিলে। দিল্লী, হাৰিয়ানা, পঞ্জাৱ, পশ্চিম-উত্তৰ প্ৰদেশ আদিৰ খেতিয়কে এই উন্নত জাতবোৰ যেনে- সোনালিক, কল্যাণ সোনা ইত্যাদি আগ্ৰহেৰে আদৰি লৈ উপযুক্ত সাৰ আৰু পানী যোগানেৰে খেতি কৰি যথেষ্ট লাভৱান হ’ল। লগে লগে দেশৰ কৃষি উৎপাদনৰ ক্ষেত্ৰত নতুন জোৱানৰ সৃষ্টি হ’ল। খাদ্যশস্য বৃদ্ধিৰ এই অভূতপূৰ্ব সাফল্য আৰু পৰিৱৰ্তনকে কোৱা হ’ল ‘সেউজ বিপ্লৱ’।

এটা কথা মনত ৰখা উচিত যে অকল উন্নত জাতৰ বীজৰপৰাই সেউজ বিপ্লৱৰ সৃষ্টি হোৱা নাছিল। ইয়াৰ লগতে আছিল ৰাসায়নিক সাৰ, নিয়মিত জলসিঞ্চন, আধুনিক কৃষি-সঁজুলি, শস্যৰ ৰোগ আৰু কীটনাশক দৰব ইত্যাদি। সবাতোকৈ দৰকাৰী অংগটো আছিল ‘কৃষক’। উত্তৰ ভাৰতৰ কৃষকসকলে কৃষিৰ এই নব্যৱস্থাটো সাগ্ৰহেৰে আদৰি নোলোৱা হ’লে হয়তো আমাৰ দেশৰ ছবিখন আজি বেলেগ হ’লহেঁতেন।

ঘেঁহুৰ লগে লগে ধানৰ ক্ষেত্ৰতো চাপৰ, অধিক উৎপাদনশীল জাতৰ(High Yielding Varieties- HYV) উদ্ভাৱন কৰা হ’ল। ফিলিপাইনছৰ মেনিলাত অৱস্থিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ(International Rice Research Institute- IRR)দ্বাৰা উদ্ভাৱন কৰা উন্নত জাত, যেনে- IR-8, IR-36 আদিয়ে ধানৰ উৎপাদন বৃদ্ধিত প্ৰভূত পৰিমাণে সহায় কৰিছিল। এনেদৰে দেশত কৃষি-উৎপাদন বৃদ্ধি হৈ খাদ্যশস্যৰ ক্ষেত্ৰত ভাৰত এখন স্বওনিৰ্ভৰশীল দেশ হৈ পৰিল। এতিয়া ভাৰত এখন আগশাৰীৰ খাদ্যশস্য ৰপ্তানি কৰা দেশ। খাদ্যৰ সুনিশ্চয়তাই দেশখনৰ আৰ্থিক আৰু ৰাজনৈতিক অৱস্থা সুস্থিৰ আৰু সবল হোৱাত যথেষ্ট সহায় কৰিছে।

সেউজ বিপ্লৱ আৰু অসম:

 

অসমে সেউজ বিপ্লৱৰ সুফল আৰু সোৱাদ প্ৰকৃতাৰ্থত পোৱা নাই বুলি ক’লেও বোধহয় অত্যুক্তি কৰা নহ’ব। ইয়াৰ অৱশ্যে কাৰণো নথকা নহয়। প্ৰথমতে, সেউজ বিপ্লৱৰ সূচনা হৈছিল ঘেঁহুৰদ্বাৰা। কিন্তু ঘেহু অসমৰ মূল খেতি নহয়। সেয়েহে ঘেঁহু খেতি কৰিবলৈ আগবাঢ়ি অহা খেতিয়ক আছিল সীমিত। দ্বিতীয়তে, ধান যদিও অসমৰ মূল শস্য, কিন্তু বাহিৰৰপৰা আমদানি কৰা উন্নত ধানৰ জাতবোৰে অসমত সিমান সুফল দিবলৈ সমৰ্থ নহ’ল। তৃতীয়তে, উন্নত জাতবোৰৰপৰা অধিক উৎপাদন পাবলৈ হ’লে এইবোৰ অতি যত্নেৰে, যেনে- উপযুক্ত সাৰ, পানী যোগান, শস্য সুৰক্ষা আদিৰ জৰিয়তে খেতি কৰিব লাগে। পিছে সহকাৰে খেতি কৰা নাছিল। এনে বিভিন্ন কাৰণৰ বাবেই অসমে সেউজ বিপ্লৱৰ আচল সোৱাদ পাব পৰা নাই।

ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান- অসমৰ ঔচিত্য:

 

অসমৰ জলবায়ু ভাৰতৰ অন্যান্য প্ৰদেশৰ জলবায়ুৰ লগত পোনপটীয়াকৈ নিমিলে। ইয়াৰ উষ্ণতা, বৰষুণৰ পৰিমাণ, আপেক্ষিক আৰ্দ্ৰতা(Relative humidity), সূৰ্য ৰশ্মিৰ দৈৰ্ঘ্য, মেঘ, ঘন আকাশ আদিৰ বাবে অসমৰ কৃষি ব্যৱস্থাৰ সুকীয়া ৰূপ আছে। সেয়েহে ভাৰতৰ অন্য প্ৰদেশত ভাল ফল দেখুউৱা শস্যৰ জাতে অসমতো ভাল ফল দিব বুলি ন-দি ক’ব নোৱাৰি। এই কথাৰ প্ৰমাণ অসমৰ কৃষকে কেইবাবাৰো পাইছে। সেয়েহে অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া ৰাজ্যবোৰৰ বাবে শস্যৰ জাত বা কৃষি প্ৰযুক্তি এই অঞ্চলত পৰীক্ষা কৰিহে যুগুতোৱা উচিত। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে দিল্লীত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ এটা দূৰৱৰ্তী-চৌহদ(Off-campus) অসমত প্ৰতিষ্ঠা কৰিছে যাক কোৱা হৈছে ‘ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসম’।

এই প্ৰতিষ্ঠান অসমত প্ৰতিষ্ঠা কৰাৰ আন এটা কাৰণ আছে। আমি জানো যে ভাৰত এতিয়া খাদ্যশস্যৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল। কিন্তু এই কথাও সতি যে প্ৰতিবছৰে ভাৰতত অষ্ট্ৰেলিয়া মহাদেশৰ সমসংখ্যক জনসংখ্যা বৃদ্ধি হয়। কোৱা হৈছে যে অহা কেইটামান বছৰৰ পাছতেই ভাৰত পৃথিৱীৰ ভিতৰত জনবহুল দেশ হ’ব। তেন্তে এই বিশাল জনগণক খুৱাবলৈ আমাক আৰু অধিক খাদ্যশস্যৰ প্ৰয়োজন নহ’বনে? এইবোৰ আহিব ক’ৰপৰা? ইতিমধ্যে কৃষিভূমিৰ পৰিমাণ ক্ৰমে হ্ৰাস হৈ গৈ আছে। পঞ্জাব, হাৰিয়ানা আদি অগ্ৰণী ৰাজ্যৰ(যাক ভাৰতৰ শস্যৰ ভাণ্ডাৰ বোলা হয়) কৃষিভূমিয়ে ইতিমধ্যে অসুস্থতাৰ ইংগিত দিছে। দক্ষিণ ভাৰতৰ কৃষিভূমি মূলতঃ কিছুমান বিশেষ শস্যৰ(যেনে- কপাহ, ছয়াবিন, মিলেট আদিৰ) বাবেহে উপযুক্ত। সেয়েহে ভাৰতত যদি দ্বিতীয় এটা সেউজ বিপ্লৱ আনিব লগীয়া হয়, সেৱা সম্ভৱ একমাত্ৰ পূব আৰু উত্তৰ-পূব ভাৰতৰ কৃষি অঞ্চলৰপৰাহে। কিয়নো এই অঞ্চলৰ মাটি সাৰুৱা আৰু এতিয়াও যথেষ্ট স্বাভাৱিক হৈ আছে। দ্বিতীয়তে, বৰষুণৰ পৰিমাণ যথেষ্ট হোৱাৰ কাৰণে ইয়াত বছৰত দুটা বা তিনিটা খেতি অনায়াসে কৰিব পৰা যায়। কিন্তু প্ৰয়োজন হ’ব এই অঞ্চলৰ জলবায়ুৰ লগত খাপ খোৱা শস্য-মৎস্যৰ জাত আৰু উপযুক্ত কৃষি পদ্ধতি। সেয়েহে ভাৰত চৰকাৰে ঝাৰখণ্ড আৰু অসমত ‘ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান’ৰ একোটাকৈ দুৰৱৰ্তী চৌহদ স্থাপন কৰিছে। যোৱা ২৬ মে’, ২০১৭ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে অসমৰ ‘গোগামুখ’ত ইয়াৰ আধাৰশিলা স্থাপন কৰাৰ লগে লগে অসমত দ্বিতীয় সেউজ বিপ্লৱৰ বীজ ৰোপণ হ’ল বুলিব পাৰি।

ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসম সম্পৰ্কীয় কিছু তথ্য

স্থান: দিৰপাই চাপৰি, গোগামুখ চক্ৰ, জিলা: ধেমাজি

মাটিকালি: ৫৮৭ একৰ

মূল বিভাগ(Faculty/School): শস্য উন্নয়ন, প্ৰাকৃতিক সম্পদ ব্যৱহাৰ আৰু পশু বিজ্ঞান।

বিষয় বিভাগ: শস্য উন্নয়ন:

  • শস্য বিজ্ঞান
  • উদ্যান শস্য বিজ্ঞান
  • শস্য সুৰক্ষা
  • সমাজ বিজ্ঞান

প্ৰাকৃতিক সম্পদ ব্যৱহাৰ:

  • ভূমি বিজ্ঞান আৰু কৃষি ৰসায়ন
  • শস্য পালন
  • কৃষি ভৌতিক বিদ্যা
  • জল প্ৰযুক্তি
  • কৃষি অভিযান্ত্ৰিক বিজ্ঞান
  • কৃষিভিত্তিক বন বিজ্ঞান(agro-forestry)

পশু বিজ্ঞান:

  • পশু প্ৰজনন আৰু বংশগতি তত্ত্ব
  • মীন পালন

ছাত্ৰ-ছাত্ৰীৰ মুঠ আসন:

  • স্নাতকোত্তৰ- ৬৭
  • ডক্টৰেট- ১০৬

পৰিচালনা:

  • উচ্চ পদাধিকাৰী- ছজন
  • বিজ্ঞানী- ৫৯ জন
  • কাৰিকৰী মানৱ সম্পদ- ২২ জন
  • প্ৰশাসন- ১১ জন

বাজেট: ১৫৫.২৯ কোটি(২০১৭/১৮-২০১৯/২০)

 

পূৰ্বোত্তৰ ভাৰতৰ আশা:

আগতেই উল্লেখ কৰা হৈছে যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ুৰ এটা সুকীয় স্বৰূপ আছে। সেয়েহে এই অঞ্চলৰ বাবে উদ্ভাৱন কৰা শস্য, মৎস বা পশুধনৰ গুণাগুণ ইয়াৰ জলবায়ুৰ লগত খাপ খোৱা বিধৰ হ’ব লাগিব আৰু ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসমে এনেধৰণৰ স্থানভিত্তিক প্ৰযুক্তিৰ(location specific technology) উদ্ভাৱন কৰিলেহে আকাংক্ষিত ফল পোৱা যাব।

দ্বিতীয়তে, অসম তথা চুবুৰীয়া ৰাজ্যবোৰ কৃষিপ্ৰধান অঞ্চল যদিও ইয়াত কৃষি উদ্যোগ সঠিকভাৱে গঢ়ি উঠা নাই। সেয়েহে ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসমে এনেধৰণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা উচিত যাতে ইয়াৰপৰা সফলতাৰে শিক্ষা সমাপন কৰা ছাত্ৰ-ছাত্ৰীসকলে কৃষিক উদ্যোগ হিচাপে গ্ৰহণ কৰি একো একোজন সফল কৃষি-উদ্যোগী(Agripreneur) হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰে। উদ্যান শস্য, মৌ পালন, হাঁহ-কুকুৰা পালন, দৎস পালন, দৰবজাতীয় শস্য, জৈৱিক কৃষি, কলা-কৰ্ষণ(tissue culture) আদি বিভিন্ন প্ৰয়োগশীল বিষয়ত কিছুমান বিশেষভাৱে প্ৰশিক্ষিত উদ্যোগীৰ সৃষ্টি কৰি অঞ্চলটোৰ কৃষি উদ্যোগৰ সম্প্ৰসাৰণ কৰিলেহে সকলোৰে কল্যাণ হ’ব। তৃতীয়তে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল হৈছে জৈৱ-বৈচিত্ৰ্যৰ(Biodiversity) ভঁৰাল। এই অঞ্চলৰ বিভিন্ন শস্য, ফুল, ফল, মাছ-পুঠি, চৰাই-চিৰিকটি আদিৰ বিজ্ঞানভিত্তিক অধ্যয়ন, সংৰক্ষণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট কৰণীয় আছে। আশা কৰা যায় যে এই আপুৰুগীয়া জৈৱ-বৈচিত্ৰ্যৰ অধ্যয়ন আৰু সঠিক প্ৰয়োগ অঞ্চলটোৰ বহুতো কৃষি সম্পৰ্কীয় সমস্যাৰ সমাধান দিব পাৰি। সেয়েহে ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসমে এই দিশত উপযুক্ত পদক্ষেপ লোৱা উচিত।

প্ৰত্যাহ্বান:

ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসমৰ প্ৰতিষ্ঠাৰ লগে লগেই গোটেই অঞ্চলটোত উৎসাহ আৰু আশাৰ সঞ্চাৰ হৈছে। এই প্ৰতিষ্ঠানটোৱে স্থানীয় অঞ্চলটোৰ আন্তঃগাঁথনি টনকিয়াল কৰাত সহায় কৰাৰ লগতে কৰ্মসংস্থাপনৰ বাটো মুকলি কৰিব বুলি আশা কৰা হৈছে। কৃষি আৰু কৃষি ব্যৱস্থাৰ লগত জড়িত বিভিন্ন সমস্যা সমাধানৰ বাবে উন্নত গৱেষণা কৰি সমাধান সুত্ৰ আগবঢ়াব বুলি আশা কৰা হৈছে। কিন্তু এই উদ্দেশ্যবোৰ কিমান সহজে বা সোনকালে সফল কৰিব পাৰিব, সেইটোহে লক্ষ্যণীয় কথা।

গোগামুখৰপৰা দ্বিতীয় সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ বিচৰা হৈছে। কিন্তু বৰ্তমানৰ পৰিৱেশ-পৰিস্থিতি আগৰ তুলনাত পৃথক। বৰ্তমান মানুহৰ খাদ্যৰ প্ৰয়োজন আৰু জুতিৰো সলনি হৈছে। আৰ্থিক স্বচ্ছলতা আৰু স্বাস্থ্যজ্ঞান বৃদ্ধিৰ লগে লগে মানুহৰ গুণাগুণ সমৃদ্ধ(nutrient rich) খাদ্য বিচাৰিছে। সবাতোকৈ দৰকাৰী কথাটো হ’ল- পৰিৱেশ সংৰক্ষণ। সেয়েহে সময়ৰ কৃষি প্ৰযুক্তিৰ মূলমন্ত্ৰ হ’ব- কম পানীৰ প্ৰয়োগ, ৰাসায়নিক সামগ্ৰীৰ(সাৰ, কীটনাশক দৰব আদি) সীমিত প্ৰয়োগ, জৈৱিক সাৰৰ অধিক প্ৰয়োগ ইত্যাদিৰদ্বাৰা কম সময়ত সীমিত ভূমিৰপৰা অধিক উৎপাদন। সৰ্বোপৰি লক্ষ্য ৰাখিব লাগিব যাতে কৃষি উৎপাদন ব্যৱস্থাই পৰিৱেশতন্ত্ৰৰ একেবাৰে ক্ষতি নকৰে (বা ন্যূনতম ক্ষতিহে কৰে)। এনেবোৰ বন্ধনৰ মাজেৰে খাদ্যশস্যৰ বৃদ্ধি কৰাটো সাধাৰণ প্ৰত্যাহ্বান নহয়। তাৰ বাবে প্ৰয়োজন হ’ব অসাধাৰণ প্ৰযুক্তি আৰু অদম্য মানসিক শক্তি। কৃষিৰ প্ৰতি আকৰ্ষণ হেৰাই পেলোৱা যুৱ প্ৰজন্মক পুনৰ কৃষিৰ প্ৰতি আকৰ্ষিত কৰাটো অন্য এটা প্ৰত্যাহ্বান। সেয়েহে ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান, অসমে প্ৰথমৰপৰাই এনেবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ আঁচনি তৈয়াৰ কৰি আগবাঢ়ি যাব লাগিব।

গোগামুখত স্থাপন কৰা এই প্ৰতিষ্ঠানটোৱে উন্নত কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰদ্বাৰা অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু প্ৰয়োগ আৰু স্থানীয় জলবায়ুৰ লগত খাপখোৱা কৃষি প্ৰযুক্তিৰ উদ্ভাৱন কৰি কৃষিৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাব। আশা কৰা যায়, আধুনিক কৃষি প্ৰযুক্তি আৰু কৃষি-উদ্যোগীৰ জৰিয়তে অঞ্চলটোৰ সৰ্বাংগীণ বিকাশেৰে ‘গোগামুখ’ ভাৰতৰ কৃষিক্ষেত্ৰত এটা ঘৰুৱা নাম হৈ পৰিব।

উৎস-প্ৰান্তিক,অক্ষয় তালুকদাৰ

 

3.06818181818
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top