অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্য উৎপাদনত খলিহৈৰ ব্যৱহাৰ

শস্য উৎপাদনত খলিহৈৰ ব্যৱহাৰ

অতীজৰে পৰা শস্য উত্পাদনত সৰিয়হৰ খলিহৈৰ ব্যৱহাৰ কৰি অহা হৈছে। কিন্তু অত্যাধিক ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীল অধুনিক কৃষি ব্যৱস্হাত বিভিন্ন জৈৱিক সাৰৰ দৰে খলিহৈৰ ব্যৱহাৰো সীমিত হৈ অহা পৰিলক্ষিত হৈছে। বিভিন্ন তৈলবীজৰ তেল নিষ্কাশণৰ পিচত থাকি যোৱা অৱশিষ্টই হৈছে খলিহৈ। সৰিয়হৰ উপৰিও বাদাম, তিল, সূৰ্যমুখী ফুল, গুজিতিল, এৰাগুটি, নিমৰ গুটি ইত্যাদিৰ খলিহৈত যথেষ্ট পৰিমানৰ শস্যৰ প্ৰয়োজনীয় খাদ্যমৌল থাকে। অসমত সহজে উপলব্ধ সৰিয়হৰ খলিহৈত ৫.২ শতাংশ নাইট্ৰজেন, ১.৮ শতাংশ ফচফৰাচ আৰু ১.২ শতাংশ পটাচিয়াম পোৱা যায়। সেয়েহে ই এক অতি উত্কৃষ্ট জৈৱিক সাৰ হিচাপে ব্যৱহাৰৰ প্ৰচুৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও জৈৱিক কীটনাশক হিচাপে পৰিচিত নিম গছৰ গুটিৰ পৰা তেল নিষ্কাষণৰ পাছত পোৱা নিম খলিহৈৰো ব্যৱহাৰ কৰি শস্যৰ উত্পাদন বৃদ্ধিৰ লগতে কীট নিয়ন্ত্ৰণত যথেষ্ট সুফল লাভ কৰিব পৰা গৈছে। খলিহৈৰ প্ৰয়োগে মাটিৰ ভৌতিক, ৰাসায়নিক তথা জৈৱিক গুণাগুণ উন্নত কৰি ভুমিক অধিক উত্পাদনশীল কৰি তোলে।

খলিহৈ মাটিত প্ৰয়োগৰ আগতে ভালদৰে গুড়ি কৰি পাওদাৰ অৱস্হালৈ আনিহে প্ৰয়োগ কৰিব লাগে। গুড়ি অৱস্হাত প্ৰয়োগ কৰিলেহে  ই মাটিত সমভাৱে বিস্তাৰিত হয় আৰু সহজে পচি ইয়াত থকা খাদ্যমৌলসমূহ শস্যৰবাবে উপলব্ধ হব। সাধাৰণতে মাটি প্ৰস্তুতিৰ সময়ত প্ৰথম বা দ্বিতীয় বাৰ মাটি চহ কৰোতেই বিঘাই প্ৰতি প্ৰায় ২০ কিলোগ্ৰাম খলিহৈ প্ৰয়োগ কৰিব লাগে। আনহাতে শাক পাছলি বা ফলমুলৰ গছত খলিহৈ গুৰি কৰি মাটিৰ লগত বা শুকান গোবৰৰ লগত মিহলি কৰি শিপাৰ চাৰিওফালে প্ৰয়েোগ কৰিব লাগে।  ফলমুলৰ গছত প্ৰতি বছৰে ৫ কিলোগ্ৰাম নিম বা সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰি উত্পাদন বৃদ্ধিৰ উপৰিও বিভিন্ন ৰোগ আৰু কীট পতংগৰ পৰা ৰক্ষা পাব পাৰি। আলুখেতিত প্ৰথমবাৰ মাটি চপোৱাৰ আগে আগে বিঘাই প্ৰতি ২০ কিলোগ্ৰাম সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰিলে উত্পাদন বৃদ্ধিৰ লগতে ৰঙা পৰুৱা বা উই পৰুৱাৰ আক্ৰমন হ্ৰাস কৰিব পৰা যায়। লাওজাতীয় শস্যৰ অনিষ্টকাৰী বিটল আৰু ফল বিন্ধা কৰা পোকৰ জীৱন চক্ৰৰ এটা সময় মাটিত সম্পুৰ্ণ কৰে। সেয়েহে গুটি পচোৱাৰ এসপ্তাহ আগতে প্ৰতিটো পুলিৰ বাবে ১০০ গ্ৰামকৈ আৰু পুনৰ ৩০-৪০ দিন পিচত প্ৰতিজোপা গছৰ গুৰিত ৫০ গ্ৰামকৈ সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰি এইসমূহ পোকৰ পৰা যথেষ্ট হাত সাৰিব পৰা যায়।

শেহতীয়াকৈ শস্যৰ কীট নিয়ন্ত্ৰণত নিমগছৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী বহুলভাবে ব্যৱহাৰ হৈছে। নিমৰ বীজৰপৰা তেল নিষ্কাশনৰ পিছত উত্পাদন হোৱা নিম খলিহৈৰ প্ৰয়োগে মাটি উৰ্বৰ কৰাৰ লগতে মাটিত থকা শস্য কৃমি আৰু বিভিন্ন কীট পতংগ নিয়ন্ত্ৰণত সফলভাবে ব্যৱহাৰ কৰিব পাৰি। নিম খলিহৈৰ ভেকুৰনাশক গুণৰ বাবে মাটিৰ পৰা উদ্ভৱ হোৱা বিভিন্ন ৰোগ নিয়ন্ত্ৰণতো সহায় কৰে।

ইউৰীয়া সাৰৰ লগত নিম খলিহৈৰ প্ৰয়োগ কৰিলে ইউৰীয়াৰ গেছীয় অৱস্হালৈ পৰিবৰ্তনত বাধা প্ৰদান কৰে। ফলস্বৰূপে ইউৰীয়া সাৰৰ লোকচান যথেষ্ট হ্ৰাস হয়। সেয়েহে ৰাসায়নিক সাৰৰ লগত নিম খলিহৈৰ ব্যৱহাৰে ৰাসায়নিক সাৰৰ কাৰ্যদক্ষতা বৃদ্ধিৰ দ্বাৰা কৃষকসকল লাভান্বিত হ’ব পাৰে। মাটিৰ স্বাভাৱিক উৰ্বৰা শক্তি অটুত ৰাখি ভবিষ্যতেও উত্পাদনশীল কৰি ৰাখিবলৈ কৃষকসকলে কেৱল ৰাসায়নিক সাৰৰ ওপৰতেই নিৰ্ভৰ নকৰি বিভিন্ন জৈৱিক সাৰৰ লগতে খলিহৈৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত।

নিলীম কলিতা

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate