অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধাৰণশীল কৃষি

ইয়াত ধাৰণশীল কৃষি পদ্ধতিৰ কথা উল্লেখ কৰা হৈছে।

সামূহিকভাৱে চোৱা-চিতা কৰা খাদ্যৰ-হাবি

জঙ্গল আৰু আন পৰিৱেশ ব্যৱস্থাৰ হানি ঘটাৰ লগে লগে দুখীয়া পৰিয়াল বিলাকৰ আয়ৰ উৎস লাহে লাহে হ্ৰাস হৈ গৈ খাদ্যৰ অভাৱ হৈ পুষ্টিহীনতা বৃ্দ্ধি হৈছে। গাঁৱৰ দুখীয়া জনগনৰ বাবে আহাৰ আৰু ৰস যোগান দিয়াৰ উপৰিও গৰু-মহৰ ঘাঁহৰ যোগান ধৰা বহু প্ৰকাৰৰ থলুৱা গছ(টিউবাৰ, ৰুট, বহু প্ৰকাৰৰ বন)ৰ বিলুপ্তিয়ে তেওঁলোকৰ দুখ বৃদ্ধি কৰিছে। প্ৰাকৃতিক দূৰ্যোগৰ সময়ত আৰু তাৰ পিছত মাটিহীন আৰু দুখীয়া পৰিয়ালবিলাক অসহায় অৱস্থাত পৰে। দূৰ্যোগৰ সময়ত প্ৰতিকূল অৱস্থাৰ পৰা উদ্ধাৰৰ বাবে কোনো ধৰণৰ অৰ্থনৈতিক বা সামাজিক সহায়ৰ ব্যৱস্থা নথকাৰ বাবে তেওঁলোক সদায় অধিক ভাবুকিৰ সন্মুখীন হয়।

খাদ্যৰ-হাবিৰ ব্যৱস্থাপনাত ভূমিহীন কৃষক বা গাৱলীয়া নিবনুৱাৰ গোটে একেলগে উপলব্ধ খালী মাটি ভাৰাত লৈ প্ৰাকৃতিক দূৰ্যোগ প্ৰতিৰোধী, পৰিৱেশ উপযোগী বহু উদ্দেশ্যমূখী গছ যেনে বিভিন্ন গছ-গছনি, জোপোহা, লতা/তৃণ, ঘাঁহ, টিউবাৰ ৰুৱে যিবিলাকে আহাৰ, ইন্ধন আৰু গৰু-মহৰ ঘাঁহৰ বৃহৎ ভাণ্ডাৰ হিচাপে কাম কৰে আৰু আচবাব তৈয়াৰৰ বাবে ভাল কাঠৰ যোগান ধৰে। জলাশয় থাকিলে তাত মাছ পালনটো এটা অতিৰিক্ত কৰ্ম হিচাপে ল’ব পৰা যায়। এই ব্যৱস্থাই দূৰ্যোগৰ সময়ত হোৱা বিপত্তি দূৰ কৰাত সফল হৈছে আৰু মাছ পালন, কুকুৰা পালন আৰু হাঁহ পালনৰ ক্ষেত্ৰত উপৰুৱা আয়ৰ বাট মুকলি কৰিছে। একেসময়তে পূৰ্ণভাৱে মিশ্ৰিত গছ-পুলি ৰুপনে বিশ্বৰ উঞ্চতা ৰোধ আৰু জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিব, আনহাতে ভূমিহীনৰ বাবে সম্পদৰ সৃষ্টি কৰিব। food_forest.jpgএই খাদ্য-হাবি প্ৰথমতে খুচকদমপুৰ গাৱৰ (গাওঁ পঞ্চায়ত কনকলিতলা, ব্ল’ক বলপুৰ শ্ৰীনিকেতন, জিলা ভৰবোম, ৰাজ্য পশ্চিমবঙ্গ) দুখীয়া আৰু ভূমিহীন পৰিয়ালত ২০০৪ চনত আৰম্ভ কৰা হৈছিল। ডি.আৰ.চি.এচ.চি এ. উপাৰ্জনৰ ভাগ চৰকাৰ আৰু সম্প্ৰদায়ৰ মাজত ২৫:৭৫ হাৰত ভাগ কৰাৰ চৰ্তত মাটি ল’বলৈ পঞ্চায়তৰ লগত আলোচনা কৰিবলৈ সম্প্ৰদায়টোৰ পৰা দুখীয়াসকলক সংগঠন কৰিছিল। অংশ লোৱা ৰাইজে প্ৰজাতিৰ বাচনি, পুলি গজোৱা, পুলি ৰুৱা, পুলি বিলাকৰ ৰক্ষনা-বেক্ষন কৰা উৎপাদন চপোৱা অৰু ইয়াৰ বিতৰণত জড়িত হৈ থাকে। গোটৰ সদস্যসকলে পুলিবিলাক বছৰজুৰি পালন কৰি আছে আৰু তেওঁলোকে ফল-মূল আৰু আন উৎপাদজাত বস্তুবিলাক, বিশেষকৈ প্ৰাকৃতিক দূৰ্যোগৰ আগে-পিছে কোনোধৰনৰ খাদ্য উপলব্ধ নথকা অৱস্থাত নিজৰ মাজত সমানে ভগাই লয়। শাক-পাচলি, মাহজাতীয় শস্য, তৈলশস্য আদি অন্তৱৰ্ত্তীকালীন শস্য হিচাপে ৰুৱা হয় যিবালাকে মানুহৰ দৈনন্দিন খাদ্যৰ যোগান ধৰাৰ ওপৰিও পশুৰ ঘাঁহৰ প্ৰয়োজনীয়তাও পূৰ কৰে। এই প্ৰচেষ্টা বৰ্ত্তাই ৰাখিবলৈ খাদ্য-হাবিক কুকুৰা পালন আৰু হাঁহ পালনৰ লগত একত্ৰিভূত কৰা হৈছে।

সৰুৱেই ধুনীয়া

বলপুৰ নগৰৰ বস্তি অঞ্চলৰ গৃহিনী ৰাখী তুৰী হল ভোলোপুকুৰ 1 ৰ ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান গোটৰ সদস্য। তেওঁৰ গিৰীয়েক বিকাশ তুৰী হল এজন ৰিস্কাচালক। পাঁচজনীয়া পৰিয়ালটোৰ বাবে তেওঁৰ মাহেকীয়া 1650 টকা উপাৰ্জ্জন পৰ্য্যপ্ত নহয়। এই অনুসুচিত জাতিৰ পৰিয়ালটো চৰকাৰৰ বি.পি.এল তালিকাৰো অৰ্ন্তভূক্ত। ৰাখীয়ে কাম বিচাৰি আছিল, কিন্তু একো পোৱা নাছিল। সেইটো সময়ত কে.ইউ.এছ. পি.ৰ ইনুভেটিভ ফাণ্ডৰ সাহায্যত ডি.আৰ.চি.এছ.চি.এ কেচুসাৰ উত্পাদনৰ লক্ষ্যৰে আহি সোমাল। ৰাখী তুৰী আৰু তেওঁৰ গোটে এই কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে।

আঁচনিটোৱে প্ৰতিটো গোটত 15 গৰাকী মহিলা থকাকৈ 5 টা গোট বনোৱাৰ লক্ষ্য বান্ধিলে। এই গোট বিলাকে বলপুৰ বজাৰৰ পৰা পাচলিৰ অৱশিষ্ট সংগ্ৰহ কৰি ব্যাৱসায়িকভাবে কেচুসাৰ প্ৰস্তুত কৰিবলৈ মনস্থ কৰিলে। ভোলোপুকুৰ 1ৰ মহিলা সকলে জামুবনিত থকা সংগঠন 'চাপ’ৰ্ট'ৰ মাটিত কেচুসাৰ প্ৰস্তুত কৰিবলৈ পিট বনাই ললে। মহিলাসকলে কেচুসাৰ প্ৰস্তুতি সম্পৰ্কে প্ৰশিক্ষন ললে। পৰিয়ালত থকা পুৰুষ সকলেও বজাৰৰ পৰা পাচলিৰ অৱশিষ্ট সংগ্ৰহ কৰাত সহায় কৰিলে।vermi unit.JPG মহিলাসকলে ধানখেৰ, গোৱৰ আদি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে উচ্চ মানদণ্ডৰ কেচুৰ দ্বাৰা কেচুসাৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকে তেওঁলোকৰ উত্পাদিত সামগ্ৰীৰ নাম 'বসুন্ধৰা ভাৰ্মিকম্প’ষ্ট' ৰাখিবলৈ স্থিৰ কৰিলে। প্ৰথম মাহত দুটা ৱেটৰ পৰা পোৱা উত্পাদন আছিল 400 কে.জি। এতিয়া এই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে পদক্ষেপ লোৱাৰ সময় হৈছিল। বজাৰ মূল্য 10 টকা প্ৰতি কে.জি. বুলি স্থিৰ কৰা হৈছেল। পিছলৈ আৰু পিট বনাবলৈ বিক্ৰী কৰাৰ পিচত বেঙ্কত 1000 টকাকৈ জমা ৰখা হয়। বাকীখিনি সকলোৰে মাজত সমানে ভাগ কৰি দিয়া হয়।

ৰাখী তুৰীয়ে নিয়মিত ঘৰুৱা কামৰ পিছত 1-2 ঘন্টা দিব পাৰিছিল। তাই প্ৰথম মাহত 200 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাইৰ গিৰীয়েকেও কেঁচা সামগ্ৰী অনাত আৰু আঁচনিটোৰ বাবে কেম্পেইন কৰিবলৈ ৰিস্কা ভাৰালৈ দি অলপ উপৰুৱা উপাৰ্জ্জন পালে। ৰাখী তুৰীয়ে অলপ ৰাহি সময় বিনিয়োগ কৰি অলপ উপৰুৱা উপাৰ্জ্জন কৰিব পাৰি অতিশয় সুখী আৰু তাই ভাবে যে এই ব্যৱসায়টো ভৱিষ্যতলৈ তেওঁলোকে আৰু বহুত ডাঙৰ কৰিব।

কেঁচুসাৰ প্ৰস্তুতে ভাল উপাৰ্জন আৰু উত্পাদন দিয়ে – ক্ষুদ্ৰ কৃষকে পথ দেখুৱায়

এইটো এজন ক্ষুদ্ৰ কৃষকৰ ঘটনা যিয়ে প্ৰচলিত সম্পদ - “দুখীয়া কৃষকসকলে শুকান, পতিত মাটিত কাম কৰি জীৱিকা অর্জন কৰিবলৈ সংগ্ৰাম কৰি আছে” – তকৈ বেলেগ ধৰণে কাম কৰিবলৈ বাচঁনি কৰি ল’লে। তেওঁৰ “জীৱনৰ প্রতি গভীৰ ভালপোৱা”ই কেৱল তেওঁক সন্মানজনকভাবে জীৱিকা নির্বাহ কৰাত সমর্থ কৰাই নহয়, তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল তেওঁৰ কৰ্মই আন বহুতকে তেওঁৰ পথ অনুসৰণ কৰিবলৈ উদগনি যোগাইছে।

চন্দ্রান্না, একজন যুৱ কৃষক, আগতে তেওঁ ‘নাৰ্চাৰী চন্দ্রান্না’ নামে পৰিচিত আছিল, আৰু এতিয়া ‘ভার্মিকম্পোস্ট চন্দ্রান্না’ নামে পৰিচিত। তেওঁ তিনি বছৰৰ ভিতৰত ভার্মিকম্পোস্ট আৰু কেঁচু বিক্রী কৰি বছৰি ১.৪ লাখ টকা উপাৰ্জন কৰে। ক্ষুদ্ৰ কৃষকে বছৰি ১৫০০০ টকাতকৈ অধিক উপাৰ্জন কৰিব নোৱাৰা অঞ্চলত ই এটা ৰুপকথাৰ গল্পৰ নিচিনা কথা।

এটা গতানুগতিক বহু অসুবিধাযুক্ত ৬৫০ টা পৰিয়াল থকা কর্ণাটকৰ চিত্রদুর্গা জিলাৰ মোলাকালমুৰু তালুকৰ তুমকুৰলহল্লিত গাঁৱত চন্দ্রান্নাৰ ঘৰ। গাওঁখন ৩৮০০ জনসংখ্যাৰে প্রধানতঃ পিছপৰা সম্প্রদায়সকলৰ - ৪১০ ঘৰ অনুসুচিত জাতি, ১০০ ঘৰ মুছলমান আৰু ১০০ ঘৰ লিঙ্গায়েত জাতিৰ। গাওঁখনত ৩৩২২ হেক্টৰ মাটি আছে যাৰ ভিতৰত ১৫ শতাংশ শুকান মাটি, আৰু ৩.৫ শতাংশত ব’ৰৱেল জলসিঞ্চন আছে। বাকী ২৬৯৫ হেক্টৰ (৮১.৫ শতাংশ) এজমালি মাটি যাৰ ভিতৰত পতিত মাটি, সমুহীয়া পশুধন চৰোৱা ভূমি, সংৰক্ষিত বনাঞ্চল য’ত কেৱল অলপ পৰিমাণৰ জোপোহা গছ আৰু কাইটীয়া গছ মাজে মাজে দেখা যায়। অঞ্চলটোত সাধাৰণতে অগভীৰ ৰঙা বালি মাটিৰ। চাৰিওফালে সিচঁৰিত হৈ থকা শিলেৰে আৱৰা অঞ্চলটো খেতি কৰি ভালকৈ উপাৰ্জন পাবৰ বাবে একেবাৰেই উপযুক্ত নহয়। বার্ষিক গড় ৫০০ মিলিমিটাৰতকৈ কম বৰষুণ হোৱা অঞ্চলটোত বছৰৰ পিচত বছৰ ধৰি খেতিয়কসকলে জুৱা খেলাৰ দৰে নগদ উপাৰ্জনৰ শস্য হিচাপে একমাত্ৰ বাদামৰ খেতি কৰিবলৈ বাধ্য। বিগত ৩০ বছৰ জুৰি একমাত্ৰ শস্য হিচাপে কেৱল বাদামৰ খেতি কৰাৰ বাবে উত্পাদনৰ মাত্রাও শোচনীয় ৪ কুইন্টল/হেক্টৰলৈ নামি গৈছে। খেতি আকর্ষণীয় জীৱিকাৰ পথ নহয় যদিও বেছি ভাগ গাঁৱৰ বাসিন্দাসকলে জীৱিকাৰ বাবে খেতি আৰু দিন মজুৰীৰ ওপৰত নির্ভৰশীল। স্বাভাৱিকভাবে গাঁৱৰ পুৰুষসকলে গোটেই বছৰজুৰি মজুৰীৰ বাবে গাঁৱৰ বাহিৰলৈ যোৱা দেখা যায়।

কৃষকে বজাৰকৰণত ভাগ লয় – এটা সমূহীয়া কাৰ্য্যৰ নিদৰ্শন

তামিলনাড়ুৰ পেৰাম্বালুৰ জিলাৰ শুকান মাটিত বৃহত্‍ অঞ্চল জুৰি মাকৈ খেতি থকাটো এটা সাধাৰণ দৃশ্য। পাৰম্পৰিক ভাবে বাদাম আৰু কপাঁহ খেতি কৰা অঞ্চলবিলাকত বহুতো কাৰণত খেতিয়কসকল মাকৈ খেতি কৰিবলৈ বাধ্য হ’ল। কঁপাহ খেতিত খেতিয়কসকলে অত্যাধিকভাবে কীটনাশক ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে ইয়াৰ পৰা পোৱা উপাৰ্জন হ্ৰাস পাইছে। দেৰিকৈ বাৰিষা অহাৰ বাবেও বাদামৰ বীজ ৰূপনৰ সময়ৰ ব্যাতিক্ৰম হৈ উত্পাদনৰ লোকচান হয়। পশুধনৰ খাদ্যৰ বাবে ইয়াৰ নিৰ্ভৰযোগ্য চাহিদা থকা বাবে মাকৈৰ খেতি তুলনামূলকভাবে সহজ উপায় হিচাপে ধাৰণা কৰা হৈছিল।।

এনে পটভূমিত এ.এম.ই. ফাউণ্ডেচনৰ তিৰুচি শাখাই ২০০৫ চনত পেৰাম্বালুৰ জিলাৰ কুন্নাম তালুকত চাৰিটা গাঁৱৰ কেইটামান কৃষক গোটৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ কামৰ কেন্দ্রবিন্দু আছিল মাকৈৰ উত্পাদন বঢ়োৱা আৰু উত্পাদন খৰচ কমোৱা। কৃষকসকলৰ লগত আলোচনা কৰি দেখা গ’ল যে উত্পাদনৰ খৰচ বৃদ্ধিৰ উপৰিও উত্পাদিত বস্তু বিক্ৰী কৰোতে হোৱা লোকচানো মুঠ উপাৰ্জন হ্ৰাস হোৱাৰ আন এটা ডাঙৰ কাৰণ। সেইবাবে উত্পাদিত সামগ্ৰী হিচাপে মাকৈ বিক্ৰী কৰাৰ ফালে মনযোগ দিয়া হ’ল।

উত্স: আইএনডিজি দল।
3.01162790698
Mamata Tiwari Sep 02, 2016 04:31 PM

ভাল পালো পঢ়ি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top