অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৌ-মাখি পালন

মৌ-মাখি পালন এটি কৃষি ভিত্তিক উদ্যোগ, ইয়াক অতিৰিক্ত আয়ৰ উপায় হিচপে কৃষকসকলে লব পাৰে৷ মৌ-মাখিবিলাকে ফুলৰ অন্তঃস্থ মৌ-ৰসক মৌলৈ পৰিৱৰ্ত্তিত কৰে আৰু ইয়াক মৌচাকৰ খলপা বিলাকক জমা কৰি ৰাখে৷ আদিমৰে পৰাই জংগলৰ পৰা মৌ সংগ্ৰহ কৰা চলি আহিছে। মৌ আৰু তাৰ উপজাত দ্রব্যৰ ক্ৰমবৰ্দ্ধিত বজাৰৰ বাবে মৌমাখি পালনক এটি কার্যকৰী উদ্যোগলৈ পৰিণত কৰিছে৷ মৌ আৰু ম’ম হল মৌমাখি পালনৰ পৰা পোৱা দুটা অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ উপজাত পদার্থ৷

উপাৰ্জনৰ পথ হিচাপে মৌ-মাখি পালন কৰাৰ সুবিধাসমূহ

  • মৌ-মাখি পালনত সময়, অর্থ আৰু আৰ্ন্তগাথঁনিত কম বিনিয়োগৰ প্ৰয়োজন।
  • কৃষিকৰ্মৰ বাবে মাটিৰ মূল্য কম থকা অঞ্চলৰ পৰা মৌ আৰু ম’ম উৎপাদন কৰিব পৰা যায়।
  • মৌ-মাখিয়ে অইন কোনো কৃষি উদ্যোগৰ লগত সম্পদৰ বাবে প্রতিদ্বন্দ্বিতা নকৰে।
  • মৌমাখি পালন কাৰ্য্যৰ পৰিবেশৰ প্ৰতি ইতিবাচক ভূমিকা আছে। বহু পুষ্পবৃক্ষৰ পৰাগসংযোগত মৌমাখিবিলাকে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহন কৰে, যাৰ ফলত নির্দিষ্ট কিছু শস্য যেনে সূর্যমুখী আৰু বিভিন্ন ফলৰ উৎপাদন বাঢ়ে৷
  • মৌ এটি অত্যন্ত সুস্বাদু আৰু পুষ্টিকৰ খাদ্য৷ পৰম্পৰাগত বাবে মৌ আহৰনৰ ফলত বহুল সংখ্যাত মৌমাখিৰ বন্য উপনিৱেশ নষ্ট হৈ যায়৷ বাকচত মৌমাখি পালন কৰি আৰু ঘৰতেই মৌ উৎ‌পাদন কৰি এনে নষ্ট প্ৰতিহত কৰিব পৰা যায়৷
  • ব্যক্তিগতভাৱে বা গোটত মৌমাখি পালন আৰম্ভ কৰিব পৰা যায়।
  • মৌ আৰু ম’মৰ সম্ভাব্য বজাৰ খুবেই ভাল।

চাক প্ৰতিস্থাপন কৰা

  • মৌমাখি শালাটো ভালকৈ বৰ্জ্জ নিষ্কাষন হোৱা মুকলি ঠাইত হব লাগে। ফলৰ বাগিচাৰ ওচৰত য’ত পৰিষ্কাৰ পানীৰ উৎস আছে আৰু ওচৰত যথেষ্ট পুষ্পমৌ, আৰু পৰাগৰ উৎস ঠাইত কৰাটো উত্তম৷
  • চাকৰ ওপৰত সর্বোত্তম তাপমাত্রা বজাই ৰাখিবলৈ সূর্য্যৰ প্ৰত্যক্ষ পোহৰৰ পৰা বচাই ৰাখিব লাগে।
  • চাকৰ স্টেণ্ডৰ চাৰিওকাষত এণ্টওয়েল বা পৰুৱা বাধা দিয়াৰ ব্যৱস্থা কৰিব লাগে। উপনিবেশবিলাক পূব ফালে মুখ কৰি বহুৱাব লাগে, আৰু ৰ’দ-বৰষুনৰ পৰা বচাবলৈ মৌ-মাখিৰ বাকচবিলাক সামান্য ঘূৰাই দিব লাগে৷
  • পশুধন, অন্যান্য জীৱজন্তু, ব্যস্ত ৰাস্তা আৰু ৰাস্তাৰ পোহৰৰ পৰা উপনিৱেশ বিলাকক সুৰক্ষিত ৰাখিব লাগে৷

মৌ-মাখিৰ উপনিৱেশ স্থাপন কৰা

  • মৌমাখিৰ উপনিবেশ স্থাপন কৰিবলৈ বনৰ পৰা মৌমাখিৰ বাহ উঠাই আনি চাকত বহাব পৰা যায় বা উৰি যোৱা কোনো মৌমাখিৰ জাকক আকৰ্ষন কৰি আনি ধৰিব পৰা যায়৷
  • চাকত জাক বা উপনিৱেশ বহোৱাৰ আগত পুৰনি বাদামি ৰঙৰ মৌচাকৰ টুকুৰা বা মৌমাখিৰ ম’ম ঘঁহি চাকটোত পৰিচিত গোন্ধ তৈয়াৰ কৰিব পাৰিলে ফলপ্ৰসু হয়৷ সম্ভবপৰ হলে এটা প্রাকৃতিক মৌচাকৰ পৰা ৰাণী মৌমাখি ধৰি আনি চাকৰ তলত ৰাখিও নতুন মৌমাখিবিলাকক আকৃষ্ট কৰিব পৰা যায়৷
  • চাকত সুমুৱা মৌমাখিৰ জকটোক কেই সপ্তাহমান আধা কাপ গৰম পানীত আধা কাপ বগা চেনি দ্ৰৱীভূত কৰি খোৱালে সোনকালে চাক আৰু বাৰ তৈয়াৰ হোৱাত সহায় হয়।
  • একে লগে খুব বেছি সংখ্যাত মৌমাখি নাৰাখিব৷
  • উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 6/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate