মূল পৃষ্ঠা / কৃষি / উত্তম অভ্যাস / মৌ পালনেৰে স্বাৱলম্বনৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক জ্ঞান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৌ পালনেৰে স্বাৱলম্বনৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক জ্ঞান

মৌ মাখিৰ বিভিন্ন প্ৰকাৰ, মৌ সংগ্ৰহ আৰু প্ৰতিৰক্ষা আদিৰ লগতে মৌচাৰ পৰা উত্পাদন কৰিব পৰা বিভিন্ন সামগ্ৰীৰ কথা ইয়াত উল্লেখ কৰা হৈছে

সংগ্ৰহকাৰী মৌমাখিয়ে, পৰাগ আৰু সুমিষ্ট ৰসযুক্ত ফুলৰ পৰা আহৰণ কৰা নিৰ্যাসক প্ৰত্যাবাহিত (regurgitation) আৰু বাষ্পীভৱন (evaporation) পদ্ধতিৰে পুষ্টিকৰ মৌজোললৈ পৰিৱৰ্তিত কৰে, এই প্ৰক্ৰিয়াক খাদ্যনলীৰ পৰা নিৰ্গত উৎসেচকে ত্বৰান্বিত কৰে ৷ প্ৰকৃতাৰ্থত মৌচাকত সংৰক্ষণ কৰা মধু হ’ল,- মৌমাখিৰ প্ৰধান খাদ্য উৎস ৷ গ্লুকজ আৰু ফ্ৰুক্টজৰ উপস্থিতিৰ বাবে মধু চেনিৰ দৰে মিঠা হয় ৷ মধু সুমিষ্ট হোৱাৰ ওপৰিও সুগন্ধিত হোৱাৰ বাবে বহুলোকে, মধুক বিভিন্ন খাদ্য আৰু পানীয়ত চেনিৰ পৰিৱৰ্তে ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়ে ৷ প্ৰাণীজগতৰ কৌশলী জীৱ সমূহৰ ভিতৰত মৌমাখি অন্যতম৷ যি সমূহ জীৱই পৰস্পৰৰ  মাজত বাৰ্তা বিনিময়ত পাকৈত, সেই সমূহৰ ভিতৰত মৌমাখি উল্লেখনীয়৷ মৌমাখিয়ে বিভিন্ন গন্ধ যুক্ত ৰসায়ন আৰু নৃত্যৰে ইটোৱে সিটোৰ লগত যোগাযোগ ৰক্ষা কৰে ৷ অনুসন্ধানকাৰী মৌমাখিৰ খঞ্জন নৃত্যৰ বিষয়ে বিশদ অধ্যয়নেৰে বিশ্ববাসীক অৱগত কৰাৰ বাবে কাৰ্ল ভন ফ্ৰিছ (Karl Von Frisch) নামৰ জীৱৰ আচৰন অধ্যয়নকাৰী (Ethologist) জন ১৯৭৩ চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল৷ বিশ্বত প্ৰায় ২০,০০০ ধৰণৰ মৌমাখি প্ৰজাতি পোৱা যায়, যদিও অকল মাত্ৰ তিনিটা গণেহে (এপিছ, বম্বাচ আৰু মেলিপনা ) মৌৰস সংগ্ৰহ আৰু সঞ্চয় কৰিব পাৰে ৷   ইয়াৰ মাজৰে এপিছ গণৰ অন্তৰ্ভুক্ত চাৰিটা প্ৰজাতি,- পশ্চিমীয়া মৌমাখি (Apis mellifera), ভাৰতীয় মৌমাখি (Apis cerana), বৰমৌ (Apis  dorsata) আৰু পুন-পুনি মৌমাখি (Apis florea)য়েহে মৌৰস উৎপাদনত অভ্যস্ত ৷ ভাৰতীয় সঁচ আৰু পশ্চিমীয়া সঁচৰ মৌমাখি পালন কৰি মৌপালক সকল লাভান্বিত হ’ব পাৰে৷

মৌমাখিৰ উল্লেখযোগ্য প্ৰজাতি সমূহ

বৰমৌঃ- এই মৌমাখিৰ আকাৰ অন্যবোৰতকৈ তুলনামূলকভাৱে ডাঙৰ৷ সচৰাচৰ শিলৰ ফাঁক, ডাঙৰ গছৰ ডালত, অট্টালিকাৰ দেৱালত উন্মুক্তভাৱে প্ৰায় ডেৰ মিটাৰ দীঘল আৰু আধা মিটাৰ বহল বাহ সাঁজে ৷ এবছৰত মৌচাকৰ মাজত অৱস্থিত মৌৰস বিশিষ্ট ৰহঘৰাৰ পৰা প্ৰায় ৫০ কিলোগ্ৰাম পৰ্যন্ত মৌৰস আহৰণ কৰিব পাৰি৷ বন্যপ্ৰবৃত্তিৰ বাবে বৰমৌক পোহ মনাব পৰা নাযায়৷

পুন-পুনি মৌমাখিঃ- এই মৌমাখিৰ আকৃতি আনকেইবিধতকৈ তুলনামূলকভাৱে সৰু৷ জলাশয়ৰ কাষৰ ঝাউবন, বাঁহৰ পাত, সৰু জোপোহা আদিত মুক্ত বিচৰণ কৰা এই প্ৰজাতিয়ে ৯-১২ ইঞ্চি দীঘল আৰু ৫-৬ ইঞ্চি বহল চাক সাঁজে৷ পুন-পুনি মৌমাখিয়ে তেনেই নামমাত্ৰ মৌ সঞ্চয় কৰে ৷ ইয়াক পোহ মনোৱা জটিল ৷

ভাৰতীয় মৌমাখিঃ- মজলীয়া আকৃতিৰ এই প্ৰজাতিটোৱে গছৰ ফেৰেঙনি, মাটিৰ গাঁত, দেৱালয়ৰ ফাঁক, মাটিৰ কলহ আদিত সমান্তৰালকৈ প্ৰায় ১২-১৪ ইঞ্চি দীঘল আৰু ৮-১০ ইঞ্চি বহল একাধিক চাক সাজে ৷ এবাহৰ পৰা এসময়ত ৩-৪ কিলোগ্ৰাম মৌৰস সংগ্ৰহ কৰিব পৰা যায়৷

পশ্চিমীয়া মৌমাখিঃ- ভাৰতীয় প্ৰজাতিৰ মৌমাখিতকৈ এই প্ৰজাতিৰ আকাৰ দুগুণ হোৱাৰ লগতে মৌচাকৰ আয়তনো প্ৰায় দুগুণ৷ ষাঠিৰ দশকত এই মৌমাখিক ভাৰতলৈ আমদানি কৰি অনা হয়৷ এবাৰত ৬ৰ পৰা ১০ কিলোগ্ৰাম মৌৰস পশ্চিমীয়া মৌমাখিৰ এটা বাহৰ পৰা চপাব পাৰি৷

মৌমাখিৰ মৌ সংগ্ৰহ আৰু প্ৰতিৰক্ষা

কৰ্মী মৌমাখিয়ে খাদ্যৰ অনুসন্ধান কৰি যেতিয়া সুমিষ্ট পুষ্পনিৰ্যাস তথা ৰেণুৰ সম্ভেদ পাই তাৰ পাছত বাহলৈ উলটি আহি খাদ্য সংগ্ৰহকাৰী মৌমাখিৰ আগত এক বিশেষ ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে৷ এই নৃত্য দুই ধৰণৰ,- ঘূৰণীয়া নৃত্য (প্ৰায় ৩০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত থকা ৰস আৰু ৰেণুৰ বিষয়ে নিৰ্দেশ কৰে ) আৰু খঞ্জন বা ৱেগল নৃত্য (অধিক দুৰত্বত থকা ৰস আৰু ৰেণুৰ বিষয়ে নিৰ্দেশ কৰে) ৷ কৰ্মী মৌমাখিয়ে ফুলৰ পৰা সংগ্ৰহ কৰা পুষ্পনিৰ্যাস পাচক ৰসেৰে পাচন ঘটাই মৌজোলোঙাত জমা কৰে, পাছত মৌচাকৰ নিৰ্দিষ্ট কুঠৰীত বতিয়াই মৌজোল ৰূপে সঞ্চয় কৰে৷ মৌমাখিয়ে মৌচাক তৈয়াৰ কৰিবৰ বাবে উদৰত অৱস্থিত মম গ্ৰন্থীৰ পৰা মম নিৰ্গত কৰে৷ কৰ্মী মৌমাখিৰ মুখ মণ্ডলত অৱস্থিত মেণ্ডিবুলাৰ গ্ৰন্থীৰ পৰা নিৰ্গত ৰয়েল জেলিক ৰাণী আৰু কমবয়সীয়া পলুৱে খাদ্যৰূপে গ্ৰহণ কৰে৷  কৰ্মী মৌমাখিৰ উদৰৰ শেষ প্ৰান্তত ডিম্ব প্ৰসৱ কৰা অংগটো বিকশিত হৈ এডাল হুললৈ পৰিৱৰ্তিত হয় আৰু ইয়াৰ লগত বিষগ্ৰন্থী সংযুক্ত৷ শত্ৰুৰ উমান পালে, শত্ৰুৰ দেহত হুলডাল সুমুৱাই দি বিষ গ্ৰন্থীৰ পৰা উদ্গত বিষ ঢালি দিয়ে৷ হুলডাল খাদ্যনলীৰ লগত লাগি থাকে আৰু এবাৰ ব্যৱহাৰৰ পাছত মৌজনীৰ মৃত্যু হয়৷ মৌমাখিয়ে সম্ভাৱ্য বিপদৰ সম্ভেদ পালে, আন মৌমাখিক এবিধ বিশেষ গোন্ধেৰে সতৰ্ক কৰি দিয়ে৷

আদৰ্শ মৌ পামৰ বাবে প্ৰয়োজনীয় দিহা

আদৰ্শ মৌ পাম এখনৰ কথা চিন্তা কৰোতে মৌপালক সকলে সৰ্বপ্ৰথমে বাৰমাহে ফুলৰ নিৰ্যাস আৰু পৰাগ যোগান ধৰিব পৰাকৈ বিভিন্ন ঋতুৰ ফুল উপলব্ধ হ’ব পৰাকৈ এখন ফুলনি পাতিব লাগে৷ তাৰোপৰি বিভিন্ন ফল- মুল উপলব্ধ হোৱাৰ বতৰত সেই অঞ্চললৈ মৌবাহ বোৰ স্থানান্তৰ কৰিব লাগে৷ তেনে কৰিলে এফালে মৌৰ সংগ্ৰহ হোৱাৰ ওপৰিও পৰ-পৰাগ সংযোগী শস্য বা ফল-মুলৰ উৎপাদন বৃদ্ধি পায়৷ মৌমাখিয়ে মধু নিৰ্যাস তথা পৰাগ সংযোগী মৌশস্য সমুহৰ ভিতৰত সৰিয়হ, গুজিতিল, তিল, তিচি মাহ আদি তৈলজাত শস্য উল্লেখযোগ্য৷ ইফালে, আম, কঠাল, লিচু, অমিতা, লেতেকু, মধুৰি, আমলখি, টেঙাজাতীয় ফল, অমৰা, কৰ্দৈ, ৰহদৈ, খেজুৰ, তেতেলি, নাৰিকল, তামোল, পনিয়ল, বেল, বগৰী, ডালিম, শিলিখা, জলফাই আদি ফল-মুল;  জিকা তৰৈ, ভোল, ৰঙালাও, জাতিলাও, উৰহী, ধনীয়া আদি শাক-পাচলি ; মগুমাহ, মাটিমাহ, মচুৰমাহ আৰু ৰহৰ মাহ আদি মাহজাতীয় শস্য ; ডালিয়া, নাৰ্জি, পাৰিজাত, জবাফুল, তগৰ, গোলাপ আদি ফুলৰ গছ উল্লখযোগ্য৷

তালিকাঃ- আদৰ্শ মৌ পামৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্তমানৰ বজাৰ মুল্য

সামগ্ৰীৰ নাম

পৰিমান

খৰছৰ পৰিমান

 

 

ভাৰতীয় সঁচ

পশ্চিমীয়া সঁচ

 

 

প্ৰতিটোৰ দাম (টকা)

মুঠ (টকা)

প্ৰতিটোৰ দাম (টকা)

মুঠ (টকা)

মৌ বাকচ

১০

৮০০.০০

৮০০০.০০

১৩০০.০০

১৩০০০.০০

মৌ সঁচ

১০

৮০০.০০

৮০০০.০০

২০০০.০০

২০০০০.০০

লোৰ ষ্টেণ্ড

১০

৪০০.০০

৪০০০.০০

৮০০.০০

৮০০০.০০

ওৰণি টুপী

১৫০.০০

৩০০.০০

১৫০.০০

৩০০.০০

হাত মোজা

১৫০.০০

৩০০.০০

১৫০.০০

৩০০.০০

জাল মোনা

১০০.০০

২০০.০০

১০০.০০

২০০.০০

ধোঁৱাভাটি

২৫০.০০

৫০০.০০

২৫০.০০

৫০০.০০

ছুৰিকটাৰী

৭৫.০০

১৫০.০০

৭৫.০০

১৫০.০০

মধু নিষ্কাষণ যন্ত্ৰ

১২০০.০০

১২০০.০০

৪০০০.০০

৪০০০.০০

সঞ্চয় পাত্ৰ

৫০.০০

১০০.০০

৫০.০০

১০০.০০

মুঠ খৰছ

 

 

২২,৭৫০.০০

 

৪৬৫৫০.০০

এখন আদৰ্শ মৌ পামৰ বাবে দহটা বাকচৰ প্ৰয়োজন হয় ৷ এই ক্ষেত্ৰত উপৰোক্ত সামগ্ৰীখিনিৰ আয়ুস কাল যদি দহ বছৰ ধৰো তেন্তে ভাৰতীয় সঁচৰ বাবে লাগতীয়াল সামগ্ৰীখিনিৰ বছৰেকীয়া ব্যয় ২,২৭৫.০০ টকা মানে প্ৰায় ২,৫০০.০০ টকা হ’ব ৷ আনহাতে পশ্চিমীয়া সঁচৰ বাবে লাগতীয়াল সামগ্ৰীখিনিৰ বছৰেকীয়া ব্যয় ৪,৬৫৫.০০ টকা মানে প্ৰায় ৫,০০০.০০ টকা হ’ব৷

প্ৰতিমাহত ভাৰতীয় সঁচৰ মৌ আৰু পশ্চিমীয়া সঁচৰ মৌৰ পৰা যদি ক্ৰমান্বয়ে ১০ কিল'গ্ৰাম আৰু ৩০ কিল'গ্ৰাম মৌ উৎপাদন হয় আৰু প্ৰতি কিল'গ্ৰাম মৌৰ দাম যদি ২০০.০০ টকা হয়, তেম্তে ভাৰতীয় সঁচৰ মৌ বাহৰ পৰা ১৭,৫০০.০০ টকা আৰু পশ্চিমীয়া সঁচৰ মৌৰ পৰা ৫৫,০০০.০০ টকা এজন মৌপালকে উপাৰ্জন কৰিব পাৰে৷ সেই হিচাপত বছৰৰ দহটা মাহত (দুটা মাহত ফুল অভাৱত যথেষ্ট মৌ উৎপন্ন কৰিব নোৱাৰে বুলি ধৰিলে) এজন মৌপালকে ১,৭৫,০০০.০০ টকাৰ পৰা ৫,৫০,০০০.০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে৷

মৌপালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী

 

 

মৌপালনৰ বাবে কিছুমান সামগ্ৰীৰ প্ৰয়োজন হয়, ইয়াৰ ভিতৰত,- মৌবাকচ, মৌগুটি(সঁচ), লোৰ ষ্টেণ্ড, ধোৱা ভাটি, ওৰণি টুপি, জালমোনা, হাতমোজা, ছুৰি কটাৰী, মৌ নিষ্কাষক যন্ত্ৰ আৰু মৌ সংগ্ৰাহক পাত্ৰ আদিয়েই প্ৰধান৷ মৌ পালনৰ পূৰ্বে উপযুক্ত অভিজ্ঞ ব্যক্তিৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰা উচিত৷ ইয়াৰ লগতে, বাৰ মাহে যাতে সৰস ফুল মৌমাখিৰ বাবে উপলব্ধ হয়, তাৰ বাবে সুপৰিকল্পিত ব্যৱস্থাৰ আৱশ্যক৷

মৌপালনৰ বাবে প্ৰয়োজনীয় সঠিক মানদণ্ডৰ সামগ্ৰী বজাৰত সহজলভ্য হোৱাৰ পাছত মৌপালন এক অতি সহজ স্ব-নিয়োজনৰ পন্থা হৈ পৰিছে৷

(১) মৌ বাকচঃ- মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰেভাৰেণ্ড এল. এল. লেংষ্ট্ৰেইথে ১৮৫১ চনতেই চলাচল কৰিব পৰা ফ্ৰেমযুক্ত মৌবাকচ উদ্ভাৱন কৰি মৌপালন সহজ কৰি তোলে৷  ভাৰতীয় সঁচৰ মৌমাখি পালনৰ কাৰণে নিউটন বাকচ আৰু পশ্চিমীয়া সঁচৰ মৌমাখি পালনৰ বাবে লেংষ্ট্ৰেইথ বাকচ ব্যৱহাৰ কৰা হয়৷

(ক) ভুমি পীৰাঃ- এই ভুমি পীৰাৰ ওপৰতে বাকচৰ অন্য অংশ সমূহ স্থাপিত কৰা হয়৷ বাকছৰ সম্মুখৰ ফালে ভুমি পীৰাৰ কিছু অংশ মানে প্ৰায় ১০ ছেন্টিমিটাৰ বঢ়াই ৰখা হয় আৰু এই অংশতে মৌমাখি অবতৰিত হয়৷

(খ) শিশুকক্ষঃ- ভুমি পীৰাৰ ওপৰত শিশুকক্ষ ৰখা হয়৷ এই শিশুকক্ষত ৰাণীয়ে কনী পাৰে৷ এই কনী ফুটি পলু উলাই৷ ভুমি পীৰাৰ মৌ অৱতৰিত অংশত ৰাণী জপনা স্থাপিত কৰি ৰাণী যাতে মৌ বাহৰ পৰা পলাই যাব নোৱাৰে ইয়াৰ ব্যৱস্থা কৰা হয়৷ অৱশ্যে, ৰাণী জপনাৰ ছিদ্ৰবোৰ এনেভাবে ৰখা হয় যাতে, কৰ্মী মৌমাখিৰ ওলোৱা-সোমোৱা সুগম হয়৷

(গ) মধুকক্ষঃ- শিশুকক্ষৰ ওপৰত মধুকক্ষ স্থাপন কৰা হয়৷ শিশুকক্ষৰ পৰা ৰাণী ওপৰলৈ আহি যাতে কনী পাৰিব নোৱাৰে, ইয়াৰ কাৰণে দুইটা কক্ষৰ মাজত ৰাণী নসৰকা জালিকা ৰখা হয়৷ গতিকে মধুকক্ষৰ চাকৰ পৰা মৌ নিষ্কাষণ কৰিলে মৌমাখিৰ কোনো ক্ষতি নহয় আৰু নিৰ্ভেজাল মৌ সংগ্ৰহ কৰিব পাৰি৷

(ঘ) অভ্যন্তৰৰ ঢাকনিঃ- মধুকক্ষৰ ওপৰত স্থাপিত অভ্যন্তৰৰ ঢাকনিয়ে মধুকক্ষত নিশ্চিত ভাবে কৰ্মী মৌমাখিৰ চলন-ফুৰণত সুবিধা প্ৰদান কৰে৷ অভ্যন্তৰৰ ঢাকনিৰ মধ্যভাগত থকা ছিদ্ৰৰে বাহ্যিক ঢাকনিয়ে প্ৰদান কৰা জেগালৈ মৌমাখিৰ চলাচল সুগম কৰে৷ এই ছিদ্ৰৰে ফুল নোহোৱা ঋতুত মৌমাখিক কৃত্ৰিম আহাৰৰ যোগান ধৰিব পাৰি৷

(ঙ) বাহ্যিক ঢাকনিঃ- মৌ বাকচৰ একেবাৰে ওপৰত এই ঢাকনি বহোৱাই ৰখা হয়৷ ই মৌ বাকচক বাহ্যিক সুৰক্ষা প্ৰদান কৰে৷ ঢাকনিৰ আগফাল আৰু পাছফালে দুটা ছিদ্ৰ ৰাখি মৌমাখি সৰকিব নোৱৰাকৈ জালিকাৰে সংলগ্ন কৰিলে মৌচাকৰ ভিতৰত প্ৰয়োজনীয় বায়ু চলাচল সুচল হয়৷

(চ) ওৰণি টুপিঃ- কাপোৰ আৰু নাইলনৰ জালিকাৰে ওৰণি টুপি প্ৰস্তুত কৰা হয়৷ এই টুপি পিন্ধি মৌৰ জাক চোৱাচিতা কৰিলে মানুহৰ মুখমণ্ডলত মৌমাখিয়ে আক্ৰমণ কৰিব নোৱাৰে৷

(ছ) হাতমোজাঃ- মৌমাখিৰ হুল সুমাব নোৱৰা ডাঠ কাপোৰৰ হাতমোজা পৰিধান কৰি মৌ প্ৰতিপালন কৰিলে মৌমাখিৰ আক্ৰমণৰ পৰা হাত দুখন ৰক্ষা কৰিব পাৰি৷

(জ) জালমোনাঃ- মৌবাহৰ পৰা উৰি যোৱা মৌমাখিৰ জাক বা বন্য উৰণীয়া মৌমাখিৰ জাকক ধৰিবলৈ জালমোনা ব্যৱহাৰ কৰা হয়৷

(ঝ) ধোঁৱাভাটিঃ- মৌ পালকৰ অসাৱধানতাৰ বাবে নতুবা নতুন ৰাণী প্ৰসৱৰ সময়ত মৌচাকৰ মৌমাখি যথেষ্ট উগ্ৰ হোৱা পৰিলক্ষিত হয়, ধোঁৱাভাটিৰ দ্বাৰা ধোঁৱাৰ ব্যৱস্থা কৰি মৌমাখিক শান্ত কৰিব পাৰি৷

(ঞ) মৌ নিষ্কাষণ যন্ত্ৰঃ- টিন আৰু গিয়েৰৰ দ্বাৰা বিশেষ কায়দাৰে নিৰ্মিত মৌ নিষ্কাষণ যন্ত্ৰৰ দ্বাৰা মৌ নিষ্কাষণ কৰি মৌৰ চাকবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি৷ অৱশ্যে, ভাৰতীয় সঁচৰ মৌমাখি বাবে সৰু আৰু পশ্চিমীয়া সঁচৰ মৌমাখিৰ বাবে তুলনামুলক ভাৱে ডাঙৰ মৌ নিষ্কাষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়৷

(ট) ছুৰী কটাৰীঃ- মৌৰ বাকচৰ চোক-কোন বোৰ পৰিষ্কাৰ কৰিবলৈ আৰু পুৰঠ মৌচাকৰ পৰা মৌ নিষ্কাষণ যন্ত্ৰৰে সহজে মৌ সংগ্ৰহ কৰিব পৰাকৈ চাকৰ ওপৰৰ পৰা আৱৰণ গুছাবলৈ ছুৰী কটাৰীৰ প্ৰয়োজন হয়৷

(ঠ) সঞ্চয় পাত্ৰঃ- মৌ নিষ্কাষণ যন্ত্ৰৰ পৰা নিৰ্গত মৌক সঞ্চয় পাত্ৰত সংগ্ৰহ কৰা হয়৷ এনে পাত্ৰত ঢাকনি থকা আৱশ্যক৷

(ড) কৃত্ৰিম মৌচাকঃ- সাধাৰণতে, বৰমৌৰ চাক সংগ্ৰহ কৰি গৰম পানীত পৰিশোধন কৰি কৃত্ৰিম মৌচাক প্ৰস্তুত কৰা হয়৷ মৌবাহত কৃত্ৰিম মৌচাক সংযোগ কৰিলে মৌমাখিয়ে চাক সাজিবৰ বাবে মম সংগ্ৰহৰ পৰিশ্ৰম লাঘৱ হয় আৰু অতি কম সময়তে অধিক মৌ সংগ্ৰহত নিয়োজিত হ’ব পাৰে৷

(ঢ) ষ্টেণ্ডঃ- পথাৰত মৌ বাকচ বহোৱাই ৰাখিবলৈ ষ্টেণ্ডৰ ব্যৱস্থা কৰা হয়৷ মাটিৰ পৰা পৰুৱা যাতে বাকচত উঠিব নোৱাৰে তাৰ বাবে ষ্টেণ্ডৰ মাজভাগত বাতিৰ আকাৰৰ বস্তু সংলগ্ন কৰি পানী ৰাখিব লাগে৷ অন্যথা পুৰা মবিলত ফটাকানি ডুবাই ষ্টেণ্ডত মেৰিয়াই ৰাখিলে পৰুৱাৰ চলাচল বাধাপ্ৰাপ্ত হয়৷

মৌমাখিক আক্ৰমণকাৰী কীট-পতংগ আৰু ৰোগসমুহ

মৌমাখিৰ শত্ৰুবোৰৰ ভিতৰত মম পতংগ, কোদো বৰল, পৰুৱা, জেঠি, পইতাচোৰা, মৌপিয়া চৰাই, চাহী আদিয়ে প্ৰধান৷ অসমৰ ক্ষেত্ৰত উপৰোক্ত কাৰক বোৰৰ ভিতৰত পৰুবা, মম পতংগ আৰু কোদোৰ উপদ্ৰৱেই সৰ্বাধিক৷

মম পতংগঃ- মৌচাকৰ মম ভক্ষণ কৰি চাকৰ অভ্যন্তৰত সুৰংগৰ সৃষ্টি কৰি, সুৰংগৰ ওপৰত মকৰাজালৰ দৰে জাল বান্ধে৷ শেষত গোটেই চাকখন জালেৰে মেৰ খুৱাই গাতৰ সৃষ্টি কৰে৷ এনে ক্ষেত্ৰত মৌমাখিৰ কনী, পলু, লেটা আদি সমুলঞ্চে  ধ্বংস হয়৷

মম পতংগৰ আক্ৰমণ পৰিলক্ষিত হলে চাকবোৰ বাহিৰলৈ সাবধানে উলিয়াই আনি চোকা ৰ’দত ১০ ৰ পৰা ১৫ মিনিটৰ কাৰণে ৰাখিলে মম গৰম হৈ যোৱাৰ ফলত মম পতংগৰ পলু বাহিৰলৈ উলাই আহে ৷ এই পলুবোৰক নিধন কৰিব লাগে৷ বেচিকৈ আক্ৰান্ত চাকবোৰ চাফা কৰি দূৰলৈ নি পুতি বা পুৰি পেলাব লাগে৷ মৌবাহ সমূহ গৰম পানীত ৩০ মিনিট সময় তিয়াই ৰাখি শুকুৱাই পুনৰ ব্যৱহাৰ কৰিব পাৰি৷ বজাৰত উপলব্ধ হ’লে, বেচিলাচ থুৰিজিয়েনচিচ (বি. টি.) ঔষধ ০.৫ গ্ৰাম ১ লিটাৰ পানীত মিহলাই মৌচাকত চটিওৱা প্ৰয়োজন৷

কোদো বৰলঃ- পৰভক্ষী কোদো বৰলে কৰ্মী মৌমাখিক অপহৰণ কৰি নি ভক্ষণ কৰে৷ মৌচাকত জেঠ মাহ মানৰ পৰাই কোদোৰ আক্ৰমণ পৰিলক্ষিত হয়৷ পুৱাৰ সময়চোৱাত কোদো বৰলে ভুমি পীৰাৰ অগ্ৰাংশত মৌমাখি ধৰিবলৈ খাপ পিতি থাকে৷ যেতিয়া তিনি-চাৰিটা কৰ্মী মৌমাখি আহি এই অংশত অৱতৰণ কৰে তেতিয়াই কোদোয়ে সেই গোটেই কেইটা মৌমাখিক খামোচি ধৰি সন্মোহিত  কৰি নিজৰ বাহলৈ লৈ গৈ ভক্ষণ কৰে৷ এনেদৰে কোদোৰ অবাৰিত আক্ৰমণৰ ফলত মৌবাহ দুৰ্বল হৈ পৰে৷

কোদো বৰলৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ, ১ ছেন্টিমিটাৰ জোখৰ (কোদো নসৰকা আকাৰৰ) নাইলনৰ জালিকাৰে মৌবাহৰ ভুমি পীৰাৰ অগ্ৰাংশ ঢাক যোৱাকৈ আৰি দিব লাগে৷ পুৱাৰ ভাগত কোদোয়ে মৌমাখি ধৰিবলৈ চুপ লৈ থকোতে, বিভিন্ন কৌশল অৱলম্বন কৰি কোদোক নিধন কৰিব লাগে৷ মাটি কঠালৰ ৰসৰ লগত গুড় মিহলাই কোদো ধৰিবলৈ টোপ হিচাপে প্ৰয়োগ কৰি ইহতক আকৰ্ষণ কৰি নিধন কৰিব  পাৰি৷   মৌপামৰ ওচৰে-পাজৰে কোদোৰ বাহ দেখা পালে নষ্ট কৰিব লাগে৷

পৰুৱাঃ- পৰুৱাই মৌৰস খাই অনিষ্ট কৰে৷ মাটিৰ পৰা পৰুৱা যাতে বাকচলৈ বগাব নোৱাৰে তাৰ কাৰণে ষ্টেণ্ড ডালৰ মাজভাগত বাতিৰ আকাৰৰ অংশ সংলগ্ন কৰি পানী ভৰাই ৰাখিব লাগে৷ অৱশ্যে, পুৰা মবিলত ফটাকানি ডুবাই ষ্টেণ্ডত মেৰিয়াই ৰাখিলেও পৰুৱাৰ চলাচল ৰোধ কৰিব পাৰি৷

মৌমাখিৰ ৰোগ বুলিলে, প্ৰাপ্তবয়স্ক মৌমাখিৰ ক্ষেত্ৰত নচেমা ৰোগ আৰু ভাইৰাচজনিত ৰোগ সমূহ উল্লেখযোগ্য৷ অপত্যৰ ৰোগৰ ভিতৰত, থাইচেক ব্ৰুড ভাইৰাচ ৰোগ আৰু ভেঁকুৰজাতীয় ৰোগ সমূহেই প্ৰধান৷

সাধাৰণতে, নচেমা ৰোগ পশ্চিমীয়া সঁচৰ মৌমাখিৰ ক্ষেত্ৰত পৰিলক্ষিত হয়৷ মৌমাখি বোৰে মৌচাকৰ অগ্ৰভাগলৈ উলাই আহি থুপ বান্ধে আৰু কাষৰ বন-বাতত বগাবলৈ চেষ্টা কৰে৷ ৰোগৰ প্ৰকোপ বৃদ্ধি পালে মৌমাখিৰ পাখি চিগি, পেট লৰচৰ কৰি ছটফটাবলৈ ধৰে৷ এই ৰোগৰ প্ৰতিষেধক ৰূপে জেঠ মাহতে এন্টাকন এম. ৪৫ নামৰ ঔষধ বিধ চেনি পানীৰ লগত মিহলাই যোগান ধৰিব লাগে৷ এন্টাকন ৪৫০ মিলিগ্ৰাম শক্তিৰ টেবলেট একোটা আৰু ১০০ গ্ৰাম চেনিৰ লগত এক লিটাৰ পানী মিহলাই সপ্তাহত দুবাৰকৈ আহিন মাহলৈকে মৌমাখিক যোগান ধৰিব লাগে৷

থাইচেক ব্ৰুড ৰোগঃ-  ভাৰতীয় সঁচৰ মৌমাখিৰ ক্ষেত্ৰত এই ৰোগৰ দ্বাৰা পলু আৰু লেটা আক্ৰান্ত হোৱা দেখা যায়৷ এই ভাইৰাচজনিত ৰোগ বিধৰ আক্ৰমনৰ বাবে পলুৰ ৰং ঢেলাৰ পৰা মুগা বৰণীয়া হৈ পৰে৷ মৌচাকৰ কুঠৰীৰ ভিতৰত মৃত লেটা পোৱা যায়৷ বন্ধ কুঠৰীৰ ঢাকনি আংশিক স্ফিত হৈ পৰে আৰু কিছুমান সুক্ষ্ম ছিদ্ৰ পৰিলক্ষিত হয়৷ ধাত্ৰী মৌমাখিৰ কাৰ্যকলাপৰ ফলত এই ৰোগ সমস্ত মৌচাকত সংক্ৰমিত হয়৷

এই ৰোগৰ লক্ষণ দেখা পালে মৌচাকৰ ৰাণীক বিচাৰি নিধন কৰা উচিত আৰু মৌ বাহটো আন নিৰোগী বাহবোৰৰ পৰা ৩০০ মিটাৰ মান আতৰত ৰাখিব লাগে৷ প্ৰতিষেধকৰূপে, টেট্ৰাচাইক্লিন নামৰ এন্টিবায়টিক ঔষধবিধৰ এটা টেবলেট চেনিপানীৰ লগত মিহলাই প্ৰতি সপ্তাহত এবাৰকৈ বাৰিষা ঋতু আৰম্ভ হোৱাৰ পৰা শেহলৈকে যোগান ধৰিব লাগে৷

মৌপামৰ ঋতুভিত্তিক পৰিচৰ্যা

মৌ পালক সকলে মৌ উৎপাদনেৰে স্বাৱলম্বী হ’বলৈ বিশেষ কেইটামান কথাত মনোযোগ দিয়া বাঞ্ছনীয়৷ বিভিন্ন ঋতু ভেদে মৌমাখিৰ জাক উৰা নিয়ন্ত্ৰণ, বিভাজন, বংশ বৃদ্ধিৰ প্ৰৱনতা, কৃত্ৰিম খাদ্যৰ যোগান, মৌমাখিৰ ক্ষতিকাৰী কীট-পতংগ তথা ৰোগৰ নিয়ন্ত্ৰণ আৰু প্ৰতিষেধক ব্যৱস্থাপনাত গুৰুত্ব দিয়া প্ৰয়োজন৷ বছৰৰ চাৰিটা ঋতুত বিশেষকৈ,- বসন্ত, গ্ৰীষ্ম, বৰ্ষা আৰু শীত ঋতুকালিন পৰিচৰ্যা মৌমাখিৰ বাবে অতি প্ৰয়োজনীয়৷

বসন্ত ঋতুকালিন পৰিচৰ্যাঃ- বসন্ত কালত গছ-লতিকা ফলে-ফুলে জাতিষ্কাৰ হৈ থাকে৷ অধিক পুষ্প নিৰ্যাস তথা পৰাগ প্ৰাপ্তিৰ ফলত মৌমাখিৰ প্ৰজনন ক্ষমতা বৃদ্ধি পাই৷ একে সময়তে মৌমাখিৰ জাক উৰা প্ৰৱনতাও বাঢ়ি যায় আৰু ইয়াক ৰোধ কৰিব নোৱাৰিলে মৌৰস উৎপাদন হ্ৰাস পাই ৷ জাক উৰা নিয়ন্ত্ৰণৰ বাবে অদৰকাৰী ৰাণীকোষ নষ্ট কৰি পেলাব লাগে৷ অৱশ্যে, সৱল মৌবাহৰ পৰা ৪-৫ টা মৌ সঁচ বিভাজন কৰিব পাৰি৷ এনে বিভাজন কিছু সময়ৰ অন্তৰালত ৰৈ ৰৈ কৰিলে সুফল পাব পাৰি৷ বসন্ত ঋতুত অধিক মৌৰস চপাবৰ বাবে একেটা মৌবাহত একাধিক মধুকক্ষ বহুৱাব পাৰি৷ মৌৰস আহৰণ কৰা মধুকক্ষ বাহৰ একেবাৰে ওপৰত স্থাপন কৰিব লাগে৷

গ্ৰীষ্ম ঋতুকালিন পৰিচৰ্যাঃ- বসন্ত ঋতুৰ তুলনাত গ্ৰীষ্ম কালত ফল-ফুলৰ মাত্ৰা কিছু কম হয়৷ এই সময়চোৱাতেই পৰিবেশৰ উষ্ণতা বৃদ্ধি পায়, সেয়ে মৌক অধিক উত্তাপৰ পৰা সকাহ দিবলৈ মৌ বাহৰ ওপৰত ছাঁৰ ব্যৱস্থা কৰিব লাগে৷ গ্ৰীষ্মঋতুত কোদো বৰল আৰু মম পতংগৰ আক্ৰমণ বাঢ়ি যায় কাৰণে বিশেষ সতৰ্কতা অৱলম্বন কৰা উচিত৷

বৰ্ষা ঋতুকালিন পৰিচৰ্যাঃ- বৰ্ষাকালত ফুলৰ পৰিমান কমি যোৱাৰ ফলত মৌমাখিৰ বাবে খাদ্যৰ নাটনি হয়৷ সেইকাৰণে এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মৌমাখিক কৃত্ৰিম খাদ্যৰ যোগান ধৰিব লগা হয়৷ মৌমাখিৰ কৃত্ৰিম আহাৰৰ বাবে প্ৰয়োজনীয় উপকৰণ সমূহ হ’ল,- ৭৫০ গ্ৰাম চেনি, ২৫০ গ্ৰাম চয়াবিনৰ গুড়ি আৰু এক লিটাৰ পানী৷ এই মিশ্ৰণটো কপাহত তিয়াই অভ্যন্তৰ ঢাকনিৰ মধ্যভাগৰ ছিদ্ৰত মৌমাখিয়ে গ্ৰহণ কৰিব পৰাকৈ স্থাপন কৰিব লাগে৷ ৰোগৰ প্ৰতিষেধকৰূপে এন্টাকন এম. ৪৫ আৰু এন্টিবায়টিক টেট্ৰাচাইক্লিন ঔষধ কৃত্ৰিম আহাৰৰ লগতে প্ৰয়োগ কৰিব লাগে৷ অতিমাত্ৰা গৰম হ’লে বাকচত অতিৰিক্ত ছিদ্ৰ কৰি বায়ু চলাচল সুচল কৰা প্ৰয়োজন৷

শীত ঋতুকালিন পৰিচৰ্যাঃ- শীতকালীন তাপমাত্ৰা ১০ ডিগ্ৰী ছেন্টিগ্ৰেডৰ তললৈ নামিলে মৌ বাকচবোৰ ছাঁৰ পৰা ৰ’দ পৰা স্থানলৈ স্থানন্তৰণ কৰিব লাগে ৷ শীতকালীন পৰিচৰ্যাৰে মৌবাহ সৱল কৰি ৰাখিলে পৰৱৰ্তী বসন্ত ঋতুত পৰ্যাপ্ত পৰিমানৰ মৌৰস আহৰণ কৰিব পৰা যায়৷

মৌজোল নিষ্কাষণৰ পাছত মৌৰসত থাকি যোৱা মম তথা অন্যান্য অশুদ্ধি সমূহ পৃথক কৰি, দীৰ্ঘম্যাদি সংৰক্ষণৰ বাবে মৌজোল প্ৰস্তুতকৰণ যন্ত্ৰৰ দ্বাৰা ৬০-৭০ ডিগ্ৰী ছেন্টিগ্ৰেড উষ্ণতালৈ ৩০ মিনিটৰ বাবে উত্তাপিত কৰি চেকিব লাগে আৰু পাছত নিৰ্দিষ্ট জোখৰ পাত্ৰত ভৰাই বিক্ৰীৰ উপযোগী কৰি তুলিব পাৰি৷ মৌৰসৰ আপেক্ষিক ঘনত্ব ১.২৩ - ১.৪৬, গতিকে এক লিটাৰৰ পাত্ৰত ১.২৩ ৰ পৰা ১.৪৬ কিল'গ্ৰাম মৌৰস ভৰ্তি হ’ব পাৰে৷

মৌচাকৰ উল্লেখনীয় উৎপাদনসমূহ

পঞ্চামৃতৰ শ্ৰেষ্ঠ অনুপান মৌ বা মধু বিভিন্ন ঔষধীয় গুণেৰে সমৃদ্ধ ৷ নৱজাত শিশুৰ পৰা আৰম্ভ কৰি মুমূৰ্ষু বৃদ্ধলৈকে সকলোৱে মৌ পান কৰিব পাৰে৷ মৌচাকত এনে সুমিষ্ট মৌৰ ওপৰিও আন কিছুমান দৰকাৰী বস্তুও উৎপাদিত হয়৷

ৰয়েল জেলিঃ- কৰ্মী মৌমাখিৰ মুখ মণ্ডলত স্থিত মেণ্ডিবুলাৰ গ্ৰন্থীৰ পৰা ক্ষৰিত ৰয়েল জেলিক ৰাণী আৰু কম বয়সীয়া পলুৱে খাদ্যৰূপে গ্ৰহণ কৰে ৷ ৰয়েলেক্টিন  নামৰ এবিধ প্ৰটিন ৰয়েল জেলিত পোৱা যায়৷ ঔষধী গুণেৰে সমৃদ্ধ ৰয়েল জেলিত ভিটামিন- বি সমূহ যেনে,- পেন্টথেনিক এচিড ( ভিটামিন বি পাচ) আৰু পাইৰিডক্সিন (ভিটামিন বি ছয়) পোৱা যায়৷ মুঠতে ৰয়েল জেলিত ৬৭ শতাংশ পানী, ১২.৫ শতাংশ প্ৰটিনৰ লগতে বহু এমিন’ এচিড আৰু ১১ শতাংশ এক শৰ্কৰা আৰু ৫ শতাংশ ফেটি এচিড থাকে৷ ইয়াৰোপৰি, খনিজদ্ৰব্য, কিছুমান উৎসেচক, এন্টিবেক্টেৰিয়েল আৰু এন্টিবায়টিক পদাৰ্থ ইয়াৰ লগত থাকে৷ ছালৰ সুৰক্ষাৰ বাবে ৰু প্ৰাকৃতিক সৌন্দৰ্যবৰ্ধকৰূপে ৰয়েল জেলি ব্যৱহাৰ হয় ৷ তাৰোপৰি, ৰয়েল জেলি বয়স প্ৰতিৰোধী গুণেৰে সমৃদ্ধ৷

মৌমমঃ- এই প্ৰাকৃতিক মম বিধক কৰ্মী মৌমাখিৰ উদৰাংশত অৱস্থিত ৮ টা মম উৎপাদনকাৰী গ্ৰন্থীৰ পৰা নিৰ্গত কৰে৷ ক্ষৰণৰ প্ৰথমাৱস্থাত এই মম স্বচ্ছ হয়, পাছত কৰ্মী মৌমাখিৰ চৰ্বনৰ ফলত অস্বচ্ছ বগা বৰণৰ হৈ পৰে৷ মৌচাকৰ মম লাহে লাহে হালধীয়াৰ পৰা মুগা হৈ পৰে৷ বিশুদ্ধ তথা পৰিশোধিতমমক খাদ্য, প্ৰসাধন সামগ্ৰী আৰু ঔষধী প্ৰস্তুত কৰণত ব্যৱহাৰকৰা হয়৷ মৌমমক পলিছ, লিপষ্টিক, বাৰ্নিচ, চিয়াঁহী, মালিচৰ বাবে ব্যৱহৃত তেল, পানী সৰকি নোযোৱা বস্ত্ৰ, বৈজ্ঞানিক যন্ত্ৰপাতিত তাপৰোধক ৰূপে আৰু শল্য চিকিৎসাত অস্থিমম হিচাপে ব্যৱহাৰ হয়৷

প্ৰপলিছঃ- এই মৌ-আঠাবিধ কৰ্মীমৌৱে পুষ্প নিৰ্যাস আহৰণ কৰাৰ সময়ত সংগ্ৰহ কৰে আৰু ইয়াক মৌচাকৰ মাজত জোৰা লগাবৰ বাবে ব্যৱহাৰকৰে৷ কম উষ্ণতাত ই কঠিন আৰু ভংগুৰ হয়৷ ইয়াৰ লগতে, মৌবাহৰ ভিতৰত মৃত্যু ঘটা অন্য প্ৰাণীক মামীকৰণ কৰি দুৰ্গন্ধৰ পৰা মৌচাকৰ অন্য মৌমাখিক সকাহ দিয়ে৷ মানুহৰ ক্ষেত্ৰত,- প্ৰদাহ, ভাইৰাছ ৰোগ, আলছাৰ আৰু জ্বলন আদিক প্ৰপলিছে সহায় কৰে৷

মৌ-পৰাগঃ- কৰ্মী মৌমাখিয়ে পুষ্প নিৰ্যাস আহৰণ কৰাৰ সময়ত পৰাগৰেণুও সংগ্ৰহ কৰে৷ এই পৰাগক মধু নিৰ্যাস আৰু কিছুমান উৎসেচকৰে মিহলাই মৌচাকত সঞ্চয় কৰে৷ কালক্ৰমত সাধাৰণ পৰাগৰেণুতকৈ অধিক পুষ্টিকৰ মৌ-পৰাগৰ সৃষ্টি হয়৷ ফুলৰ পৰাগৰেণুৰ ওপৰত ভিত্তি কৰি মৌ-পৰাগৰ অনুপান কিছু কম বেছি হ’ব পাৰে৷ মৌ-পৰাগত প্ৰায় ১৮৮ ধৰণৰ উপকাৰী ভেঁকুৰ আৰু ২৯ ধৰণৰ উপকাৰী বেক্টেৰিয়াৰ উপস্থিতি প্ৰমানিত হৈছে৷ ঔষধীগুণ সম্পন্ন মৌ-পৰাগে সংবেদনশীললোকৰ এলাৰ্জীৰ কাৰক হ’ব পাৰে৷

উৎস: ৰুদ্ৰ নাৰায়ণ বৰকাকতি

2.98863636364
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
প্রনব সিংহ Dec 17, 2015 02:09 PM

মৌ পুহিবৰ কাৰনে মৌ কত পাম অনুগ্রহ কৰি জনাবচোন

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top