অংশিদাৰী

কৃষি

কৃষি

  • agr1

    ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱস্থাপনা

    ভাৰত প্ৰাকৃতিক সম্পদত চহকী এখন দেশ। এই প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি্যে দেশৰ সৰহ সংখ্যক লোকেই জীৱিকা নিৰ্বাহ কৰি আছে। এটা ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনাৰ অত্যন্ত প্ৰয়োজন।

  • agr2

    কৃষি আৰু কৃষি সম্পৰ্কীয় ক্ষেত্ৰসমূহত ফলপ্ৰসূ নিয়োগ ব্যৱস্থা

    ভাৰতত কৃষি আৰু কৃষি সম্পৰ্কীয় ক্ষেত্ৰসমূহে নিয়োগৰ ক্ষেত্ৰত এক বৃহৎ পৰিসৰ প্ৰদান কৰিছে। বিভিন্ন কৃষি সম্পৰ্কীয় চৰকাৰী নীতি/আঁচনি, বিভিন্ন কাৰ্য্যসূচী ইত্যাদিবোৰৰ সঠিক ৰূপায়নে নিবনুৱা সমস্যাটোৰ যথেষ্ট পৰিমাণে হ্ৰাস কৰিছে। এই বিভাগত কৃষি সম্পৰ্কীয় তথ্যসমূহ সন্নিৱিষ্ট কৰা হৈছে।

  • agr3

    ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱস্থাপনা

    ভাৰত প্ৰাকৃতিক সম্পদত চহকী এখন দেশ। এই প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰি্যে দেশৰ সৰহ সংখ্যক লোকেই জীৱিকা নিৰ্বাহ কৰি আছে। এটা ধাৰণশীল জীৱিকাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ সঠিক ব্যৱস্থাপনাৰ অত্যন্ত প্ৰয়োজন।

এই কৃষি বিভাগটোত বিকাশপেডিয়া শিতানৰ জৰিয়তে স্বেচ্ছাসেৱীসকলৰ দ্বাৰা কৃষি সম্পৰ্কীয় তথ্য আৰু বিভিন্ন জ্ঞানবৰ্দ্ধক লিখনি সংযোজন কৰিবলৈ প্ৰয়াস কৰা হৈছে। আপোনালোকেও এই শিতানত আপোনালোকৰ মতামত, অভিজ্ঞতা বিনিময় কৰাৰ লগতে এই শিতানত সন্নিৱিষ্ট বিষয়সমূহৰ ওপৰত আপোনাৰ লিখনি আৰু ইয়াত থকা আলোচনাসমূহত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰিব।

বিকাশপেডিয়াৰ শিতানৰ এই বিভাগত কৃষি সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

শস্য উৎপাদন

এই শিতানত কৃষিৰ পৰামৰ্শ, উৎপাদন প্ৰযুক্তি, পথাৰৰ সঁজুলীসমূহ, খেতি ছপোৱাৰ পিছৰ প্ৰযুক্তি, বতৰ, বজাৰ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

পশু পালন

দুগ্ধ উৎপাদন, গাহৰি, ছাগলী, ভেৰা, শঁহাপহু, গৰু, ঘোঁৰা ঘৰুৱা জন্তু ইত্যাদিবোৰৰ প্ৰতিপালন পৰিচালনা আৰু ব্যৱসায়িক উৎপাদন আদি বিষয়সমূহ আলোচনা কৰা হৈছে।

মাছ পালন

এই শিতানত মিছামাছ, আলংকাৰীক মাছ, মুকুতা পালন, ফিঙ্গাৰলিংগ মাছৰ ব্যৱসায়ীক উৎপাদন, মূল্য সংযোজিত সামগ্ৰী ইত্যাদিৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

উত্তম অভ্যাস

এই শিতানত ধাৰণশীল কৃষি, পশুপালন, মীনপালন, ফাৰ্ম ভিত্তিক উদ্যোগ, অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।

নীতি / আঁচনিসমূহ

এই শিতানত কৃষি, পশুপালন, মীনপালন, গ্ৰাম্য নিয়োজন ইত্যাদিৰ নীতি আৰু আঁচনিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

ঋণ আৰু বীমা

কৃষি ঋণ আৰু কৃষিজ বীমা সম্পৰ্কীয় বিষয়ৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

অসমৰ খেতিসমূহ

ইয়াত অসমৰ বিভিন্ন ধৰণৰ খেতিসমূহৰ কথা উল্লেখ কৰা হৈছে।

Nayan Kumar Bora Jan 28, 2018 10:21 AM

ৰাজীৱ বৰুৱা Dec 19, 2017 01:47 PM- জানুৱাৰী মাহত কৰিব পৰা ধানৰ সচৰ বিষয়ে জানিব বিচাৰো ?

এই প্ৰশ্নৰ বাবে নিম্নলিখিত উত্তৰ প্ৰেৰণ কৰা হল-

নয়ন কুমাৰ বৰা,

বৰো আৰু আগতীয়া আহু ধানৰ খেতি
-------------------------------------------

সাধাৰণতে অক্টোবৰ-নবেম্বৰ মাহত কঁঠীয়া সিঁচি ডিচেম্বৰ-জানুৱাৰী- ফেব্ৰুৱাৰী মাহত ৰোপন কৰা হয়।
জাত নিৰ্বাচনঃ
অসম কৃষি বিশ্ব-বিদ্যালয় আৰু কৃষি বিভাগ, অসমৰ দ্বাৰা অনুমোদিত বৰোধানৰ জাতসমূহ হ’ল- বৰো-১, বৰো-২, মাচুৰী, আই.আৰ-৫০, জয়মতী, বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ, দীননাথ, স্বৰ্ণাভ, কনকলতা আদি। আগতীয়া আহুধানৰ জাতসমূহ হ’ল- আই.আৰ-৩৬, লুইত, কপিলী, জয়া, গোবিন্দ। কোনো কোনো অঞ্চলত থলুৱা নামেৰে জনাজাত যেনে, বিপ্লব, ২৯, ইৰি, চাইনা বৰো ইত্যাদি কিছুমান অধিক উৎপাদনক্ষম জাতৰো খেতি কৰে। অন্যহাতে বৰ্তমান সময়ত কিছুমান হ্ৰস্বম্যাদী হাইব্ৰীড জাত যেনে, এৰাইজ-৬৪৪৪, পি.এ.চি.-৮৩২, পি.এ.চি.-৮৩৭, এন.কে., ৰাজলক্ষ্মী, ডি.আৰ.আৰ.এইচ-২ আদি কৃষকৰ মাজত জনপ্ৰিয় হৈছে।

বীজৰ পৰিমাণঃ
অধিক উৎপাদনক্ষম জাতৰ ক্ষেত্ৰত- প্ৰতি বিঘাত- ৫.৫- ৬.০ কিলোগ্ৰাম
হাইব্ৰীড জাতৰ ক্ষেত্ৰত- প্ৰতি বিঘাত-১.৫- ২.০ কিলোগ্ৰাম

বীজ শোধনঃ
সিক্ত পদ্ধতিঃ মেনকজেব (২.৫ গ্ৰাম) বা কেপটান (২.৫ গ্ৰাম) বা কাৰ্বানদেজিম (১.০ গ্ৰাম) প্ৰতি লিটাৰ পানীত মিহলাই ২৪ ঘন্টাৰ বাবে তিয়াই ৰখাৰ পিছত ৪৮ ঘন্টাৰ বাবে গাপ দিব লাগে।
শুষ্ক পদ্ধতিঃ মেনকজেব (২.৫ গ্ৰাম) বা কেপটান (২.৫ গ্ৰাম) বা কাৰ্বানদেজিম (১.০ গ্ৰাম) প্ৰতি কিলোগ্ৰাম বীজত মিহলাই ভালদৰে জোকাৰি লব লাগে।

বীজতলী প্ৰস্তুতিঃ
প্ৰতিখন বীজতলী বহলে ১২৫ ছেন্টিমিটাৰ (প্ৰায় ৪ ফুট), দীঘলে ১০ মিটাৰ (প্ৰায় ৩০ ফুট) আৰু দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ (প্ৰায় ১ ফুট) হ’ব লাগে।
বীজতলীত উত্তাপ সৃষ্টিৰ বাবে পলিথিনৰ চালি ব্যৱহাৰ কৰিব পাৰি।

কঠীয়া শোধনঃ
মজাখোৱা, পিঁয়াজী আৰু সোহনী পোকৰ পৰা ধানখেতিডৰা ৰক্ষা কৰিবলৈ আগতীয়াকৈ কঠীয়া শোধন কৰিব লাগে। ইয়াৰ বাবে প্ৰতি ১০ লিটাৰ পানীত ক্লৰ’পাইৰিফছ ২ মিলিলিটাৰ আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে। উক্ত মিশ্ৰণত কঠীয়াৰ শিপাখিনি ৩ ঘন্টাৰ বাবে ডুবাই ৰাখিহে ৰোপন কৰিব লাগে। উক্ত পদ্ধতিৰ সলনি কঠীয়া তোলাৰ এসপ্তাহৰ আগতে কঠীয়াতলীত ফুৰাডন (প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰাম) প্ৰয়োগ কৰিব লাগে। অন্যথা, কঠীয়াতলীত ক্লৰ’পাইৰিফছ (প্ৰতি ১০ লিটাৰ পানীত ২ মিলিলিটাৰ) ছটিয়াব (স্প্ৰে) লাগে।
কঠীয়াতলীৰ যতন:
 দুখন বীজতলীৰ মাজত পানী বৈ যাব পৰাকৈ ১ ফুট বহল নলাৰ ব্যৱস্থা কৰিব লাগে
 পানী জমা নোহোৱাকৈ কঠীয়াতলীৰ ওপৰভাগ সমান হ’ব লাগে
 বীজ সিঁচাৰ পিছত মাটি আৰু পচন সাৰৰ মিহলি গুড়ি মাটি পাতলীয়াকৈ ছটিয়াই দিব লাগে
 কঠীয়াতলী পানীৰে ভিজাই ৰাখিব লাগে
 কঠীয়াতলী শেষৰবাৰ বোকা কৰোতেই ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিব লাগে যদিও জিংক চালফাৰখিনি তাৰ আগতেই মাটিত মিহলাই দিব লাগে। কিয়নো জিংক চালফেট চুপাৰ সাৰৰ লগত মিহলি কৰাটো অনুচিত
 কঠীয়া সিঁচাৰ ১২-২০ দিনৰ ভিতৰত ৫০ গ্ৰামকৈ ইউৰিয়া প্ৰতিখন তলীতে প্ৰয়োগ কৰিব লাগে

হাইব্ৰীড জাতৰ কঠীয়াতলীত সাৰ প্ৰয়োগ:-
একঠা মাটিৰ বীজতলীৰ বাবে পচন সাৰ বা গোৱৰ সাৰ-৪.৫ কুইণ্টল, ইউৰিয়া-১.৫ কিলোগ্ৰাম, একক চুপাৰ ফচফেট-১.৫ কিলোগ্ৰাম, মিউৰেট অব পটাচ-৮০০ গ্ৰাম, জিংক চালফেট-২০০ গ্ৰাম।
অধিক উৎপাদনক্ষম কঠীয়াতলীত সাৰ প্ৰয়োগ:-
একঠা মাটিৰ বীজতলীৰ বাবে:-
পচন সাৰ বা গোৱৰ সাৰ-৪-৫ কুইন্টল, ইউৰীয়া-১.৫ কিলোগ্ৰাম, একক চুপাৰ ফচফেট-৬৫০ গ্ৰাম, মিউৰেট অব পটাচ-৬৫০ গ্ৰাম, জিংক চালফেট-২০০ গ্ৰাম।
কঠীয়াতলীৰ সুৰক্ষা:-
 যদি ব্লাষ্ট ৰোগৰ লক্ষন ধৰা পৰে তেতিয়া কাৰ্বনডাজিম (১গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।
 মজাখোৱা পোক আৰু শস্যকৃমি আক্ৰান্ত অঞ্চলৰ ক্ষেত্ৰত কঠীয়া সিঁচাৰ ৫ দিনৰ পিছত কাৰ্বফুৰান দানা (প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত ৩ গ্ৰাম ) বা ডায়ঝিনন (প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত ৩ গ্ৰাম) প্ৰয়োগ কৰিব লাগে।
 থ্ৰিপচ্ নাইবা অন্যান্য পাত সোহনী পোক বা মজাখোৱা পোকৰ আক্ৰমণ নিয়ন্ত্রণ কৰিবৰ বাবে ক্লৰ’পাইৰিফছ্ – ২০ ই.চি.(১০ মিলিলিটাৰ ১০ লিটাৰ পানীত) বা ৰগৰ (১০ মিলিলিটাৰ ১০ লিটাৰ পানীত স্প্ৰে কৰিব লাগে।

হাইব্ৰীড ধানৰ মূল পথাৰত সাৰ প্ৰয়োগ:-

সাৰ প্ৰয়োগৰ সময় প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)

ইউৰীয়া একক চুপাৰ ফচফেট মিউৰেট অৱ পটাচ জিংক চালফাৰ
মাটি বোকা কৰাৰ সময়ত ১১ ৫০ ১০ ৪
ৰোৱাৰ ২ সপ্তাহৰ পিছত ১১ ০ ০ ০
ৰোৱাৰ ৪ সপ্তাহৰ পিছত ১১ ০ ০ ০
সৰ্বমুঠ ৩৩ ৫০ ১০ ৪

হাইব্ৰীড ধানৰ মূল পথাৰত সাৰ প্ৰয়োগ:-
যদি ডি.এ.পি. সাৰ ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে হ’ব-

সাৰ প্ৰয়োগৰ সময় প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)

ইউৰীয়া ডি.এ.পি. মিউৰেট অৱ পটাচ জিংক চালফাৰ
মাটি বোকা কৰাৰ সময়ত ৫ ১৬ ১০ ৪
ৰোৱাৰ ২ সপ্তাহৰ পিছত ১১ ০ ০ ০
ৰোৱাৰ ৪ সপ্তাহৰ পিছত ১১ ০ ০ ০
সৰ্বমুঠ ২৭ ১৬ ১০ ৪


হাইব্ৰীড ধানৰ মূল পথাৰত সাৰ প্ৰয়োগ:-
যদি এন.পি.কে. সাৰ (১৫:১৫:১৫) ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে হ’ব-

সাৰ প্ৰয়োগৰ সময় প্ৰতিবিঘাত সাৰৰ পৰিমান (কিলোগ্ৰাম)

ইউৰীয়া এন.পি.কে. জিংক চালফেট
মাটি বোকা কৰাৰ সময়ত - ১৯.৮৬৬ ৪
ৰোৱাৰ ২ সপ্তাহৰ পিছত ১০ ০ ০
ৰোৱাৰ ৪ সপ্তাহৰ পিছত ১০ ০ ০
সৰ্বমুঠ ২০ ১৯.৮৬৬ ৪

অধিক উৎপাদনক্ষম বৰো ধানত সাৰ প্ৰয়োগ:-
প্ৰতি বিঘত ৰসায়নিক সাৰৰ পৰিমাণ:-
মাটিৰ ধৰণ ইউৰীয়া একক চুপাৰ ফচফেট (কি:গ্ৰা:) মিউৰেট অব পটাছ(কি:গ্ৰা)
একেবাৰে দ’ মাটি ০ ০ ০
দ’ মাটিৰ কাষৰীয়া মাটি ১২ ১৮ ৪
জলসিঞ্চিত মাটি ১৮ ২৯ ৬



সাৰ প্ৰয়োগৰ সময়:
• বিল নাইবা পিতনিৰ কাষৰীয়া মাটিত অনুমোদিত ইউৰীয়া, একক চুপাৰ ফচফেট আৰু পটাছৰ গোটেইখিনি ৰোৱাৰ ২১-২৫ দিনৰ পিছত টপদ্ৰেচ কৰিব লাগে।
• জলসিঞ্চিত মাটিত সমুদায় একক চুপাৰ ফচফেট আৰু পটাছ শেষৰ চাহ হালবোৱাৰ সময়ত আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়ত, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনৰ অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি।
অধিক উৎপাদনক্ষম আগতীয়া আহু ধানত সাৰ প্ৰয়োগ:
প্ৰতি বিঘাত সাৰৰ পৰিমাণ:-
মধ্যমীয়া ওখ জাতৰ বাবে :- ইউৰীয়া -১২(কি.গ্ৰা), একক চুপাৰ ফচফেট-১৮ (কি.গ্ৰা), মিউৰেট অব পটাচ-৪ (কি.গ্ৰা।
ওখ জাতৰ বাবে :- ইউৰীয়া -৬(কি.গ্ৰা), একক চুপাৰ ফচফেট-৯ (কি.গ্ৰা), মিউৰেট অব পটাচ-২ (কি.গ্ৰা)।
সাৰ প্ৰয়োগৰ সময়:
সমূদায় একক চুপাৰ ফচফেট আৰু পটাচ শেষৰ চাহ হালবোৱাৰ সময়ত আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়ত, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনৰ অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি।

ৰাজীৱ বৰুৱা Dec 19, 2017 01:47 PM

জানুৱাৰী মাহত কৰিব পৰা ধানৰ সচৰ বিষয়ে জানিব বিচাৰো ।

আদিত্য গোহাই Oct 29, 2017 05:53 PM

মই ৰেদ লেদি অমিতা ৰ খেতি কোৰিব বিচাৰো.।

দিপাংকৰ শইকীয়া Oct 08, 2017 03:22 PM

মই ভোট জলকীয়াৰ খেতি আৰু তাৰ বেমাৰ পৰা ৰক্ষা পাবলৈ দৰব নাম জনাব নেকি????

বিজিত হাজং Jul 03, 2017 03:18 PM

কাঠফুলা খেতি কৰিব বিচাৰো। কত যাওঁ কি
কৰো ।অনুগ্ৰহ কৰি সহায় কৰিব নেকি?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top