অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ই-ৱালেটৰ কথা-

ই-ৱালেটৰ কথা-

ই-ৱালেট-

ই-মার্কেটিং, ই-কমার্চ, ই-বেংকিং, ই-লেনদেন, মোবাইল নেট বেংকিং, মোবাইল মানী আদি শব্দবোৰ বহুতৰে বাবে এতিয়া আৰু অচিনাকি হৈ থকা নাই। তাৰ লগে লগে ইয়াৰ সৈতে জড়িত বিভিন্ন ই-প্ৰতিষ্ঠানৰ নামবোৰো মানুহৰ চিনাকি হৈ পৰিছে। ইণ্টাৰনেটৰ সহায়ত নগদবিহীন লেনদেন কৰাৰ প্রক্রিয়া বা কার্ড ব্যৱহাৰ কৰি লেনদেন কৰাৰ প্রক্রিয়া এটা আগৰে পৰাই চলি আহিছিল যদিও সেয়া সিমান সহজলভ্য নাছিল। সাধাৰণ মানুহে নগদ ধন ব্যৱহাৰ কৰিয়েই দৈনন্দিন বয়-বস্তু ক্রয় কৰি আহিছে। কিয়নো দ্ৰুত ইন্টাৰনেট সেৱাৰ অবিহনে এনে লেনদেন সুগম নহয়। আনহাতে, চহৰ অঞ্চলৰ মানুহৰ তুলনাত গাঁও অঞ্চলৰ মানুহৰ মাজত এই সম্পৰ্কীয় লেনদেনৰ সুবিধাও বিভিন্ন কাৰণত সীমিত। গতিকে নগদবিহীন লেনদেনৰ সলনি মানুহবোৰে নগদ ধনৰ জৰিয়তে প্রয়োজনীয় বয়-বস্তু ত্রয় কৰা, বেংকত শাৰী পাতি থাকি কাৰোবলৈ ধন প্ৰেৰণ কৰা আদি কামবোৰ কৰি আহিছে। কিন্তু দেশৰ বিভিন্ন ডাঙৰ ডাঙৰ নগৰ-মহানগৰত এতিয়া নগদবিহীন লেনদেন প্রক্রিয়া আৰম্ভ হৈছে। বিশেষকৈ ব্যস্ত চহৰৰ ব্যস্ততাৰে পূৰ্ণ মানুহবোৰে হাতত থকা মোবাইল ফোনটোৰে বা লেপটপ কম্পিউটাৰৰ জৰিয়তে মিনিটৰ ভিতৰতে অনলাইনযোগে লেনদেন কৰাৰ ফলত তেওঁলোকৰ সময়ো বাছি গ’ল আৰু তড়িৎ গতিৰে কামটোও সমাধা হ'ল। অনলাইন লেনদেনৰ মূল যোগাত্মক দিশটো হ’ল কম সময়তে আৰু কম কষ্টতে অনায়াসে বৃহৎ বৃহৎ কাম কৰিব পাৰি। ঘৰতে বহি মোবাইল ফোনৰ বিল দিয়া, বিদ্যুতৰ বিল দিয়া, মোবাইল ফোনৰ ৰিছাৰ্জ কৰা, চিনেমাৰ টিকট বুক কৰা, টিভিৰ ৰিছাৰ্জ কৰা, মন গ’লেই কোনো দামী হোটেল-ৰেস্তোৰাৰ পৰা খাদ্য অর্ডাৰ দি ঘৰতে বহি তাৰ মজা লোৱা, বিমান-ৰে’লৰ টিকট কটা, হোটেল বুকিং কৰা আদি কাম কৰিব পাৰি অনলাইনৰ জৰিয়তে। জানিলে তেনেই এটা সহজ প্রক্রিয়া। সকলো ফালৰে পৰাই সুবিধাজনক। ৰ’দ-বৰষুণত তিতি, ট্রেফিক জামত ফঁচি, বেংকত শাৰী পাতি, এ টি এমত শাৰী পাতি সময় নষ্ট কৰাতকৈ অনলাইনৰ জৰিয়তে অতি সহজতে কম সময়তে লেনদেনবোৰ কৰাৰ সুবিধা আছে। এতিয়া ভাঙৰ ডাঙৰ তথা ব্যস্ত চহৰ-মহানগৰৰ পৰা লাহে লাহে সৰু সৰু চহৰলৈও এই প্রক্রিয়াৰ বতাহ বলিবলৈ আৰম্ভ কৰিছে। কিন্তু কথাবোৰ ভালদৰে নজনাৰ ফলত বহুতে এনে লেনদেনৰ পৰা নিজকে বিৰত ৰাখিছে। যোৱা বছৰৰ শেষৰ ফালে ভাৰত চৰকাৰৰ বিমুদ্রাকৰণ নীতি আৰু সমান্তৰালভাৱে ৰিলায়েন্স জিঅ'ই দেশবাসীলৈ আগবঢ়োৱা বিনামূলীয়া দ্রুত ৪-জি সেৱাই বর্তমান নগদবিহীন লেনদেনৰ ধাৰণাটোক অধিক পৰিচিত আৰু জনপ্রিয় কৰি তুলিলে। তাৰ লগে লগে আন আন ব্যক্তিগত টেলিকম যেনে— এয়াৰটেল, এয়াৰচেল, আইডিয়া, ভোডাফোন আৰু চৰকাৰী টেলিকম কোম্পানী বি এছ এন এলেও দ্রুত ৪-জি সেৱা আগবঢ়োৱাত মানুহৰ মাজত দ্রুত ইন্টাৰনেট সেৱাৰ সুবিধা আহি পৰিল। ফলত গাঁৱে-ভূঞে, চহৰে-নগৰে মানুহৰ মাজত ইণ্টাৰনেটৰ জনপ্রিয়তা বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ সুবিধা লৈয়ে মানুহৰ মাজত জনপ্রিয় হ’বলৈ ধৰিলে ই-লেনদেনৰ শব্দবোৰ যেনে— ই-মার্কেটিং, ই-বেংকিং, ই-ৰিছাৰ্জ, ফ্লাইটৰ টিকট, ৰে’লৰ টিকট বুকিং, ই-পেমেন্ট, মোবাইল নেট বেংকিং আদি। ইয়াৰ লগে লগে জনপ্রিয় হ’ল পেটিএম, এয়াৰটেল মানী, জিঅ’ মানী আদি শব্দবোৰ। তাৰ আগতে ফ্লিপকার্ট, এমাজন, স্পেপউীল, ই-বে', হোম শ্বপ, ই-কার্ট, ইয়েপ্‌মি আদিৰে অনলাইন শ্বপিং মানুহে কৰি আহিছে। কিন্তু এতিয়া ৪-জি সেৱা অহাৰ লগে লগে অনলাইন পে'মেণ্টৰ জৰিয়তে বা অনলাইন বেংকিং, নেট বেংকিঙৰ সুবিধাটো আহিল। ফলত এয়াৰটেলে "এয়াৰটেল পে’মেণ্ট বেংক”, “মাই এয়াৰটেল' এপ্‌ছৰ জৰিয়তে 'এয়াৰটেল মানী', ৰিলায়েন্স জিঅ'ই "জিঅ' মানী” আৰু পে টি এমে 'পেটিএম পে'মেণ্ট বেংক”ৰ সূচনা কৰিলে। ইফালে, ভাৰতীয় ডাক বিভাগৰ পে'মেন্ট বেংক আছেই। বর্তমান আমাৰ দেশত এই তিনিটা পেমেণ্ট বেংকৰ সূচনা হৈছে। ভবিষ্যতে আৰু অধিক এনে বেংক হোৱাটো নিশ্চিত। নৰেন্দ্ৰ মোদী চৰকাৰৰ বিমুদ্রাকৰণ নীতিৰ অন্যতম মূল লক্ষ্য আছিল মানুহক নগদবিহীন লেনদেন সুবিধাৰ বিষয়ে অৱগত কৰোৱা আৰু ইয়াৰ ব্যৱহাৰ কৰিবলৈ উদগনি যোগোৱা। ইয়াৰ সুযোগতে পে টি এম নামৰ ভাৰতীয় ইলেক্ট’নিক পেমেন্ট আৰু ই-কমার্চ কোম্পানীটোৱে সবলভাৱে ভুমুকি মাৰিবলৈ সক্ষম হয়। একে সময়তে দ্রুত গতিসম্পন্ন ৪-জি মোবাইল ইন্টাৰনেট সেৱাৰ প্রচলন হোৱাত পে টি এমৰ জনপ্রিয়তা দুগুণ বৃদ্ধি পায়। ২০১০ চনতে প্রতিষ্ঠা হোৱা এই মাত্র কিছু মাহৰ আগৰ পৰাহে হৈছে। বহু আগৰে পৰাই পে টি এম এপ্‌ছটো স্মার্টফোন প্লে’ষ্টোৰত আছিল যদিও মানুহে ইয়াৰ প্ৰতি সিমান আকর্ষণ অনুভৱ কৰা নাছিল। সেয়েহে নিজৰ মোবাইল ফোনত ইয়াক সিমান ডাউনলোড কৰা নাছিল। কিন্তু আজি এয়াৰটেল এপ্‌ছ বা ৰিলায়েন্স জিঅ' এপ্‌ছৰ সমানেই পেটিএম এপছো জনপ্রিয় হৈছে। বিমুদ্রাকৰণৰ পিছত পেটিএমৰ উপার্জনো যথেষ্ট বৃদ্ধি পাইছে। এতিয়া পেটিএমে বিভিন্ন ধৰণৰ খেলৰ স্প’নছৰশ্বিপো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মানে হ’ল পেটিএমৰ জয়যাত্ৰা আৰম্ভ হৈছে। কিছুদিনৰ আগতে এটা বাতৰি প্রকাশ পাইছিল যে পেটিএমৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বিজয় শেখৰ শৰ্মাই দিল্লীৰ সর্বাধিক দামী এলেকাত ৮২ কোটি টকা ব্যয় কৰি এটা ঘৰ ক্ৰয় কৰাটো নিশ্চিত হৈছে। বর্তমান দিল্লীৰ গ্রেটাৰ কৈলাস এলেকাত বাস কৰি অহা বিজয় শেখৰ শৰ্মাই গল্‌ফ লিংক এলেকাত ৮২ কোটি টকাৰে ঘৰটো কিনিবলৈ ওলোৱা বাতৰিয়ে সকলোকে চমকিত কৰি তুলিছে সঁচা, কিন্তু তেওঁ ২০১০ চনৰ পৰা এই সময়ছোৱালৈকে কৰা কষ্ট আৰু অধ্যৱসায়ৰ ফলতহে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়িক বুদ্ধি, দক্ষতা আৰু সাহস থকাৰ বাবেই তেওঁ ই-কমার্চৰ জগতখনত লাহে লাহে খোপনি পুতিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশৰ আলিগড়ত জন্ম হোৱা বিজয় শেখৰ শৰ্মা আছিল অতি মেধাবী ছাত্র। মাত্র ১৫ বছৰ বয়সতে কলেজীয়া জীৱন আৰম্ভ কৰা বিজয়ে "দিল্লী কলেজ অৱ ইঞ্জিনিয়াৰিং” ৰ পৰা শিক্ষা সমাপ্ত কৰিছিল। কলেজত থকা দিনতে তেওঁ "Indiasite.net' নামৰ এটা ৱেবছাইট প্রস্তুত কৰিছিল, যিটো দুবছৰ পিছত বিক্ৰী কৰিছিল ১ নিযুত ডলাৰত। ২০০৫ চনৰ পৰা তেওঁ 'One97 Communication' নামৰ এটা কোম্পানী খোলে, যাৰ জৰিয়তে মোবাইল ফোনৰ বাবে সৰু সৰু বাতৰি, ক্রিকেট স্ক’ৰ, ৰিংটন, খুহুতীয়া কথা, পৰীক্ষাৰ ফলাফল যোগান ধৰা কাম কৰিছিল। এই কোম্পানীটোৰ পৰাই পিছলৈ তেওঁ পেটিএম প্রতিষ্ঠা কৰে। ২০১৫ চনত চীনৰ ব্যৱসায়ী জেক মাই ৫০০ নিযুত ডলাৰৰ বিনিময়ত পেটিএমৰ শ্বেয়াৰ ক্ৰয় কৰে। তাৰ পিছত টাইৱানৰ চিপ প্রস্তুতকাৰী মেডিয়াটোক One97 Communication ত ৬০ নিযুত ডলাৰ বিনিয়োগ কৰে। ইয়াৰ ফলত এই কোম্পানীটোৰ মূল্য ৪.৮ বিলিয়ন হয় আৰু বিজয় শেখৰ শৰ্মা বিশ্বৰ বিলয়নেয়াৰৰ তালিকাত অন্তৰ্ভুক্ত হয়। বিমুদ্রাকৰণৰ পিছত বিজয় শেখৰ শৰ্মাৰ পেটিএমৰ ভেটি অধিক সুদৃঢ় হয় আৰু তেওঁলোকৰ উপভোক্তাৰ পৰিমাণ ১২২ নিযুতৰ পৰা ১৭৭ নিযুত হয়গৈ। ইয়াৰ ফলতে জাপানৰ টেলিকম আৰু টেকন'লজী ফার্ম ছফটবেংক'-এ পেটিএমৰ ২০ শতাংশ শেয়াৰ কিনি লয় ১.৪ বিলিয়ন ডলাৰত। এতিয়া পেটিএমৰ মূল্য হয়গৈ ৭ বিলিয়ন ডলাৰ। অহা দিনবোৰত পেটিএমে গ্রাহকৰ সংখ্যা ৫০০ নিযুত কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে, তাৰ বাবে শ্বেয়াৰ কিনা আগ্রহী লোকো পাব লাগিব। বর্তমান পেটিএমৰ আছে ১৩,০০০ কর্মচাৰী। আনহাতে, দেশজুৰি আছে ৩ নিযুত অফলাইন ব্যৱসায়ী। গতিকে সমগ্র দেশজুৰি ইয়াৰ প্ৰসাৰ ঘটিছে। পেটিএম হৈছে ব্যক্তিগত ই-কমার্চ কোম্পানী। ইয়াৰ ক্ষেত্ৰ হৈছে পে’মেন্ট বেংক। ইয়াৰ জৰিয়তে অনলাইন শ্ব'পিঙৰ উপৰি অনলাইন পেমেণ্টৰো ব্যৱস্থা আছে। চীনৰ ই-কমার্চ কোম্পানী আলিবাবাৰ পৰা পুঁজি লাভ কৰা দেশৰ প্ৰথমটো ই-কমার্চ কোম্পানী হোৱা পেটি এমে ২০১৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অনুজ্ঞা-পত্র লাভ কৰিছিল দেশৰ প্ৰথমটো পেমেণ্ট বেংক হিচাপে। বর্তমান অধিক জনপ্রিয় হৈ পৰা পেটিএম ব্রাউজাৰ আৰু এপছৰ জৰিয়তে এণ্ড্ৰইড, উইণ্ড'জ আৰু আই অ’ এছ অ’পাৰেটিং ছীষ্টেমত চলি আছে। আনহাতে, ভাৰত বিল পে’মেণ্ট ছীষ্টেম'ৰ জৰিয়তে বিল পেমেণ্ট কৰাৰো সুবিধা কৰি দিছে। পেটিএমৰ জৰিয়তে মোবাইল ফোনৰ ৰিছাৰ্জ, মোবাইল ফোনৰ বিল দিয়া, বিদ্যুতৰ মাচুল দিয়া, অনলাইনযোগে শ্বপিং কৰা, ডি টি এইচৰ ৰিছাৰ্জ, অর্ডাৰ ট্রেকিঙৰ উপৰি স্কুল-কলেজৰ ফীজ দিয়া, দোকানৰ পৰা বস্তু ক্ৰয় কৰা, লেণ্ডলাইনৰ বিল দিয়া, ব্ৰডলেণ্ড, ডাটাকাৰ্ড, ৰন্ধন গেছ, জীৱন বীমা, ঋণ, পানী, পে’ট্রল, মিউনিচিপেল পে’মেন্ট, দিল্লী মেট্ৰ’ টিকট কটা আদি বিভিন্ন কাম কৰাৰ সুবিধা আছে। তদুপৰি ইয়াৰ দ্বাৰা কাৰোবাৰ পৰা ধনো গ্ৰহণ কৰিব পাৰি। পে’টিএমত ‘পে’টিএম ৱালেট’ নামৰ এটা ব্যৱস্থা আছে, যিটো কেৱল মোবাইল ফোনৰ দ্বাৰাহে ব্যৱহাৰ কৰিব পাৰি। এই ৱালেটলৈ যিকোনো লোকে নিজৰ বেংক একাউন্ট বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ পৰা ধন আনিব পাৰে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে। এই ৱালেটত থকা ধনেৰে গ্ৰাহকে অনলাইন শ্বপিঙৰ পৰা আৰম্ভ কৰি ওপৰত উল্লেখিত সকলো কামেই কৰিব পাৰে। শেহতীয়াকৈ প্রকাশিত বাতৰি অনুসৰি পেটিএমে "মানী মার্কেট ফাণ্ড’ৰ বাবে অনুজ্ঞা-পত্র বিচাৰিছে। ইয়াৰ সহায়ত পেটিএমৰ গ্রাহকসকলে ইয়াত ধন জমা থ'ব পাৰিব, যাৰ জৰিয়তে নির্দিষ্ট হাৰত সুদো লাভ কৰিব গ্ৰাহকে। চলিত বৰ্ষৰ মে’ মাহত পে’টিএমে ‘পে’টিএম ৱালেট" ব্যৱহাৰকাৰীসকলৰ বাবে 'পেটিএম বেংক পেমেণ্ট" ব্যৱস্থাৰ শুভাৰম্ভ কৰে। ইয়াৰ সহায়ত পেটিএম ৱালেটেই পেটিএম বেংক একাউন্ট হৈ পৰে। অৱশ্যে পেটিএমে ইয়াৰ গ্ৰাহকক ৪ শতাংশ সুদ দিছে, যিটো এয়াৰটেল পে'মেণ্ট বেংক (৭.৩ শতাংশ) আৰু ইণ্ডিয়া প'ষ্টৰ (৫.৫ শতাংশ) পেমেন্ট বেংকৰ সুদতকৈ কম। পেটিএম বেংকৰ পৰা এটিএম কার্ডেৰে ধন উলিয়ালেও আন আন বেংকৰ দৰে এটা মাচুল লোৱা হয়। গতিকে পেটিএম বেংকৰ প্রতি মানুহৰ আগ্রহ বৰ বেছি নোহোৱাটোৱেই স্বাভাবিক। অৱশ্যে, পেটিএমে বিভিন্ন ধৰণৰ ৰিছাৰ্জ বা বিল পে’মেন্ট বা অনলাইন শ্বপিঙত ‘কেছবেক’ৰ সুবিধা প্রদান কৰি আহিছে, যাৰ ফলত গ্রাহকৰ আকর্ষণ বৃদ্ধি পাইছে। কিন্তু সমান্তৰালভাৱে টকা-পইচা ট্ৰেন্সফাৰ বা অন্যান্য লেনদেনৰ বিনিময়ত পেটিএমে অতিৰিক্ত মাচুলো আদায় কৰে। গতিকে আকর্ষণীয় অফাৰৰ জৰিয়তে গ্রাহকক আকর্ষণ কৰাৰ লগতে আনফালে অতিৰিক্ত মাচুল কাটিও ই আয় বৃদ্ধি কৰিছে। এই সমস্ত প্রক্রিয়াটো এটা বৃহৎ ব্যৱসায় আৰু দ্রুত ইন্টাৰনেট সেৱাৰ জৰিয়তে ঘৰতে বহি মানুহে ইয়াৰ সুবিধা পোৱাত মানুহৰ মাজত জনপ্রিয়তা বৃদ্ধি পাইছে। কোনো ধৰণৰ শাৰীৰিক কষ্ট নোহোৱাকৈ মোবাইল ফোনটোৰ জৰিয়তে সকলো কৰিবলৈ সুবিধা পোৱাটো কম ডাঙৰ কথা নহয়। চলিত বৰ্ষতে পে’টিএমে কানাডাত প্ৰথমটো বিল পেমেণ্ট সেৱা আৰম্ভ কৰে। ইয়াৰ মানে হ’ল, পে’টিএমে লাহে লাহে বিশ্বজুৰি ব্যৱসায় বৃদ্ধিৰ দিশে অগ্ৰসৰ হৈছে। পে’টিএমে এয়াৰটেল মানী আৰু জিঅ’ মানীৰ সমানে ফেৰ মাৰি নিজৰ ব্যৱসায় দ্রুতগতিত আগবঢ়াই নিছে। দেশৰ জনতাই যিমানেই নগদবিহীন লেনদেনৰ পিনে ধাৱমান হ’ব, সিমানেই এই ই-কমার্চ কোম্পানীসমূহে সুযোগ লাভ কৰিব। লাহে লাহে দেশৰ নগৰ-চহৰৰ লগতে গাঁওসমূহতো দ্রুত ইণ্টাৰনেট সেৱাৰ প্ৰসাৰ ঘটাৰ লগে লগে এই অনলাইন লেনদেনৰ কথাই ভুমুকি মাৰিব আৰু ৰাইজেও ইয়াৰ সুযোগ ল’বলৈ আগবাঢ়ি আহিব। ইয়াৰ ফলত এই কোম্পানীসমূহৰ ভেটি আৰু মজবুত হ’ব। নিশ্চিতভাৱে, অনাগত দিনত আৰু নতুন নতুন ই-কমার্চ কোম্পানীৰ আবির্ভাৱ হ’ব। গতিকে, সহজে সকলো কাম কৰাৰ সুযোগ আহিব আৰু লেনদেনো সুদূৰপ্ৰসাৰী হ’ব। কিন্তু মানুহৰ মাজত কষ্ট নকৰাকৈ সকলো কাম কৰাৰ প্রবণতা এটা গঢ় লৈ উঠিব। কিয়নো দেশৰ সকলো মানুহেই সমানেই চাকৰি নকৰিব বা সমানেই ব্যস্ত নহ’ব।

লিখক: জ্যোতিপ্ৰসাদ বুঢ়াগোহাঞি, পূৰ্বাচল।

শেহতীয়া উন্নীতকৰণ: : 1/30/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate