মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল পৰিশোধ ব্যৱস্থা / ইউ.পি.আই আৰু আই. এম. পি. এচ ৰ মাজৰ পাৰ্থক্যসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইউ.পি.আই আৰু আই. এম. পি. এচ ৰ মাজৰ পাৰ্থক্যসমূহ

ইয়াত ইউঃপিঃআই আৰু এমঃপিঃএছ মাজৰ পাৰ্থক্য বিষয়ে বৰ্ননা কৰা হৈছে।

 

ইউ.পি.আই ক আই. এম. পি. এচ ৰ পৰা কেনেকৈ নিলগাব পাৰি?

 

  • ইউ.পি.আই এ গ্ৰাহকসকলক (P2P) পি২পি পুল কাৰ্য্যকুশলতা প্ৰদান  কৰে।
  • মাৰ্চেন্ট ধন পৰিশোধ ব্যৱস্থাটোক অধিক সৰলী কৰণ কৰিছে।
  • ধনৰ লেনদেন/পৰিশোধ একমাত্ৰ/অদ্বিতীয় উপায় হ’ল-ইউ.পি.আই এপ।
  • দুটা কাৰক (Fector)ৰ যথাৰ্থতা প্ৰতিপন্ন কৰিব পাৰি এটা মাত্ৰ ক্লিক কৰি। এবাৰ মাত্ৰ বুটাম টিপিলেই দুটা কাৰকৰ যথাৰ্থতা প্ৰতিপন্ন হ’ব।

পঞ্জীকৰণ-

 

ক)প্ৰশ্ন: ইউ.পি.আই যোগে ধন পৰিশোধ/লেনদেন কৰিবলৈ হ’লে উপভোক্তাকাৰীয়ে পঞ্জীকৰণ কৰাটো প্ৰয়োজন নেকি?

উত্তৰ: নিশ্চয়। ইউ. পি. যোগে ধন পৰিশোধ/বিত্তীয় লেনদেনৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে উপভোক্তা গৰাকীয়ে প্ৰথমতেই নিজস্ব PSP পঞ্জীকৰণ কৰাব লাগিব।

খ) প্ৰশ্ন: ইউ. পি. আই যোগে ধনৰ লেনদেনৰ বাবে উপভোক্তাগৰাকীয়ে নিজকে হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰিব লাগিব নেকি?

উত্তৰ: নালাগে। যিহেতু ধনৰ লেনদেন/পৰিশোধ উপভোক্তাগৰাকীৰ বাস্তৱসন্মত পৰিচয় একাউন্ট+আই.এফ.এছ.চি. (IFSC বেংকৰ নিজস্ব ক’ড) আধাৰ কাৰ্ডৰ নম্বৰৰ ওপৰত ভিত্তি কৰি কৰা হ’ব সেয়েহে পুনৰ হিতাধিকাৰী হিচাপে পঞ্জীয়নৰ দৰকাৰ নাই। (ইয়াৰ বাবে নিজস্ব PSP আৰু বিত্তীয় প্ৰতিষ্ঠানে প্ৰদান কৰা সেৱা/এপ্‌ সম্বন্ধে নিশ্চিত হোৱা দৰকাৰ)।

লিংক স্থাপনৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ একাউন্টৰ প্ৰয়োজনীয়তা

ক) প্ৰশ্ন: ইউ.পি.আই ৰ উপভোক্তাজনৰ বিত্তীয় প্ৰতিষ্ঠান অৰ্থাৎ বেংক একাউন্টৰ প্ৰয়োজন আছেনে অথবা অনলাইন কাৰ্ড বা ৱালেটৰ লগত সংযোগ স্থাপন কৰিব পাৰি নেকি?

উত্তৰ: অনলাইন কাৰ্ড অথবা ৱালেটৰ লগত ইউ.পি.আই লিংক স্থাপন কৰিব নোৱাৰি; ইয়াৰ বাবে বেংক একাউন্ট অত্যাৱশ্যকীয়।

খ) প্ৰশ্ন: বেলেগ বেলেগ বিত্তীয় প্ৰতিষ্ঠানত থকা এটাতকৈ বেছি একাউন্টৰ লগত লিংক স্থাপন হৈ থকা একেটা স্মাৰ্টফোনতে একাধিক ইউ.পি.আই এপ্‌ ব্যৱহাৰ কৰাটো সম্ভৱনে?

উত্তৰ: নিশ্চয়, বেলেগ বেলেগ বেংকত একাউন্ট থাকিলেও, একেটা স্মাৰ্টফোনত একাধিক ইউ.পি.আই এপ্‌ ব্যৱহাৰ কৰিব পাৰি।

হিতাধিকাৰী পঞ্জীয়ন-

 

ক) হিতাধিকাৰী হিচাপে পঞ্জীকৃত উপভোক্তাগৰাকীয়ে পুনৰ ইউ.পি.আই ৰ গ্ৰাহক হিচাপে পঞ্জীয়ন কৰিব লাগিব নেকি?

উত্তৰ: বাস্তৱসন্মত পৰিচয়যোগে লেনদেন কৰিবলৈ হ’লে হিতাধিকাৰীজনে উক্ত ভাৰ্চুৱেল আই.ডি টো পাবৰ বাবে নিজকে ইউ.পি.আই ৰ গ্ৰাহক পঞ্জীয়ন কৰাব লাগিব। অৱশ্যে, হিতাধিকাৰীসকল যদি ইতিপূৰ্বেই একাউন্ট+আই.এফ.এফ.চি অথবা মোবাইল+এম.এম.আই.ডি, আধাৰ নম্বৰ আদি সেৱাৰ গ্ৰাহকভুক্ত হৈ থাকে তেনেহ’লে পুনৰ ইউ.পি.আই গ্ৰাহক হিচাপে পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই।

(ইয়াৰ বাবে PSP আৰু গ্ৰাহকভুক্ত বিত্তীয় প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা সেৱাবোৰৰ সম্বন্ধে আগতীয়াকৈ জানি ল’ব লাগিব।)

যদি উপভোক্তাগৰাকীয়ে ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো হেৰাই যায়-

ক) প্ৰশ্ন: ব্যৱহাৰ কৰি থকা মোবাইল কোনটো যদি হেৰাই যায় তেনেহ’লে কি কৰিব লাগিব?

উত্তৰ: এনে ক্ষেত্ৰত, অনতিবিলম্বে মোবাইল নম্বৰটো বন্ধ কৰি দিব লাগে যাতে আন কোনোবাই পালেও কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰে, অৱশ্যে মোবাইল ফোনটোৰ এম.পি.আই.এন নম্বৰটো নহ’লে সেইখন কাৰ্ডৰ ব্যৱহাৰ কৰি লেনদেন কৰিব নোৱাৰিব। তদুপৰি হেৰোৱা কাৰ্ডখন আনে ব্যৱহাৰ কৰিলে নাইবা IMPS নম্বৰটোৰ সহায়ত ট্ৰেকিং কৰিব পাৰি। সেইকাৰণে, এই IMPS নম্বৰটো কেতিয়াও আনক দিব নালাগে।

এটাতকৈ বেছি বেংক একাউন্ট থাকিলে-

 

ক) প্ৰশ্ন: একেটা বাস্তৱসন্মত ঠিকনা ব্যৱহাৰ কৰি একাধিক ইউ.পি. লিংক স্থাপন কৰিব পৰা যাব নে?

উত্তৰ: নিশ্চয়, এইটো মাত্ৰ ভাৰ্চুৱেল ঠিকনা ব্যৱহাৰ কৰি তথা স্থানীয় PSP টোৰ কাৰ্য্যকাৰিতাৰ ওপৰত নিৰ্ভৰ কৰিয়ে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানৰ একাউন্টৰ লগত লিংক সংযোগ কৰিব পাৰি।

ইউ.পি.আই যোগে ধন পৰিশোধ, সৰবৰাহৰ বিভিন্ন চেনেলসমূহ:

 

বিত্তীয় লেনদেন/ধন পৰিশোধৰ বিভিন্ন চেনেলবোৰ-

 

  • ভাৰ্চুৱেল আই.ডি মানে বাস্তৱসন্মত ঠিকনা ব্যৱহাৰ কৰি;
  • বেংক একাউন্ট+আই.এফ.এচ.চি ব্যৱহাৰ কৰি;
  • মোবাইল নম্বৰ+এম.এম.আই.ডি ব্যৱহাৰ কৰিও ধন পৰিশোধ কৰিব পাৰি।
  • আধাৰ নম্বৰ ব্যৱহাৰ; সংগৃহীত পুল (একেমুঠত) ধনৰ লেনদেন বাস্তৱসন্মত পৰিচয় (Virtual ID) ব্যৱহাৰ।

অন্যান্য জানিবলগীয়া-

 

১) প্ৰশ্ন: যদি ইউ.পি.আই যোগে লেনদেন কৰোতে যান্ত্ৰিক বিজুতিৰ বাবে টকা ডেবিটেড একাউন্টৰ পৰা বিয়োগ হয় কিন্তু লেনদেন সম্পন্ন নহয় তেতিয়া কি কৰিব লাগিব?

উত্তৰ: কাৰীকৰি/যান্ত্ৰিক বিজুতিৰ বাবে উপৰোক্ত ধৰণৰ অসুবিধা উদ্ভৱ হ’লেও এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত একাউণ্টৰ পৰা কাটি দিয়া/বিয়োগ কৰা ধনৰাশি পুনৰ একাউন্টত জমা হৈ যাব।

২) প্ৰশ্ন: এবাৰ ধন পৰিশোধৰ বাবে আবেদন পঠোৱাৰ পিছত প্ৰয়োজন হ’লে উক্ত লেনদেনটো বন্ধ কৰিবলৈ পুনৰ অনুৰোধ কৰিব পাৰি নেকি?

উত্তৰ: এবাৰ ধন পৰিশোধৰ বাবে আবেদন পঠোৱাৰ পিছত উক্ত প্ৰক্ৰিয়াটো কোনো কাৰণতে বন্ধ নহয়।

৩) প্ৰশ্ন: ইউ.পি.আই যোগে বিত্তীয় লেনদেনৰ অৰ্থাৎ উলিয়াব পৰা ধনৰ উচ্চ সীমা কিমান?

উত্তৰ: বৰ্তমান সময়লৈ, সৰ্বোচ্চ ১ লাখ পৰিমাণৰ ধন উলিয়াব পাৰি।

৪) প্ৰশ্ন: ব্যৱহাৰ কৰি থকা ইউ.পি.আই এপ্‌টো সলনি কৰিব লাগিলে পুনৰাই পঞ্জীয়ন কৰাব লাগিব নে পূৰ্বৰ ঠিকনাটোকেই ব্যৱহাৰ কৰিব পৰা যাব?

উত্তৰ: ইউ.পি.আই এপ্‌টো সলনি কৰিব লাগিলে উপভোক্তাজনে পুনৰাই নিজকে পঞ্জীয়ন কৰাব লাগিব। অৱশ্যে ভাৰ্চুৱেল ঠিকনাটো সলনি কৰিব পাৰিব সেইটো নিৰ্ভৰ কৰিব PSP ৰ প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত কি সিদ্ধান্ত দিয়ে তাৰ ওপৰত।

৫) প্ৰশ্ন: যদি উপভোক্তাগৰাকীয়ে নিজৰ পিন্‌ নম্বৰটো পাহৰি যায় তেতিয়া কি কৰিব লাগিব?

উত্তৰ: যদি প্ৰথমতে লাভ কৰা MPIN টো পাহৰি যায়, তেনেহ’লে নতুন PIN নম্বৰৰ বাবে আবেদন কৰিব লাগিব।

৬) প্ৰশ্ন: যদি ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো অথবা চিমকাৰ্ডখন সলনি কৰা হয় তেনেহ’লে নতুন মোবাইল/চিমখন ব্যৱহাৰ কৰিব পৰা যাবনে?

উত্তৰ: যদি চিমকাৰ্ড/মোবাইল ফোন/PSP এপ্‌ সলনি কৰা হয় তেনেহ’লে ইউ.পি.আই ৰ সুবিধা লাভ কৰিবলৈ পুনৰাই উপভোক্তা হিচাপে পঞ্জীয়ন কৰাব লাগিব।

৭) প্ৰশ্ন: সকলো ধৰণৰ মোবাইল মঞ্চৰ ক্ষেত্ৰতে ইউ.পি.আই ব্যৱহাৰ যোগ্য নে?

উত্তৰ: সকলো এণ্ড্ৰইড ফোনতে ইউ.পি.আই সেৱা উপলব্ধ হ’ব আৰু অতি শীঘ্ৰে IOS ৰ ক্ষেত্ৰতো এই সেৱা লাভ কৰিব উপভোক্তাসকলে।

৮) প্ৰশ্ন: ইউ.পি.আই যোগে ধন পৰিশোধৰ অনুৰোধ প্ৰেৰণ কৰাৰ পৰা সংগ্ৰহৰ বাবে অনুমোদন লাভ কৰাৰ বাবে কিমান সময়ৰ প্ৰয়োজন?

উত্তৰ: নাই, ইয়াৰ বাবে কোনো পূৰ্ব-নিৰ্দিষ্ট/নিৰ্ধাৰিত সময় নাই, উপভোক্তাগৰাকীয়ে নিজেই কিমান সময়ত ধনৰ প্ৰয়োজন হ’ব সেইটো নিৰ্দিষ্ট কৰি দিব লাগিব।

৯) প্ৰশ্ন: যদি উপভোক্তাজনৰ মোবাইল ফোন আন কোনোবাই/অন্য এজনে ব্যৱহাৰ কৰে, তেতিয়া নিৰাপত্তাজনিত নিয়মৰ উলংঘন হ’ব নেকি?

উত্তৰ: ইউ.পি.আই সেৱাযুক্ত মোবাইল ফোনটো আনে ব্যৱহাৰ কৰিলেও গোপন পিন্‌ নম্বৰটো নাজানিলো কোনো বিত্তীয় লেনদেন কৰিব নোৱাৰিব।

উৎস: ৰাষ্ট্ৰীয় ধন পৰিশোধ নিগম, ভাৰতবৰ্ষ।

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top