মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল পৰিশোধ ব্যৱস্থা / কাৰ্ডৰ ব্যৱহাৰ আৰু ডিজিটেল পদ্ধতিৰে ধন পৰিশোধ ব্যৱস্থাৰ উন্নতি সাধন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৰ্ডৰ ব্যৱহাৰ আৰু ডিজিটেল পদ্ধতিৰে ধন পৰিশোধ ব্যৱস্থাৰ উন্নতি সাধন

ইয়াত কাৰ্ডৰ ব্যৱহাৰ আৰু ডিজিটেল ধন পৰিশোধ ব্যৱস্থাৰ বিষয়ে বৰ্ননা কৰা হৈছে।

পাতনি-

 

যিবিলাক বিত্তীয় লেনদেন ব্যৱস্থাত উপভোক্তা/গ্ৰাহকসকলে ধন পৰিশোধ অথবা বিনিময়ৰ বাবে বৈদ্যুতিন পদ্ধতিৰ সহায় লয় আৰু এটা একাউন্টৰ পৰা আন এটা একাউন্টলৈ পোনে পোনে টকা ট্ৰেন্সফাৰ হৈ যায় সেইবিলাককেই “ডিজিটেল পৰিশোধ” বুলি কোৱা হয়। উল্লেখ্যযোগ্য যে এই একাউন্টসমূহ কোনো বিত্তীয় প্ৰতিষ্ঠান অৰ্থাৎ বেংক একাউন্ট, অথবা কোনো এনটিটি নাইবা কোনো পৃষ্ঠপোষক (বিত্ত যোগানকাৰী) ৰ দ্বাৰা খোলা একাউন্ট হ’ব পাৰে। এই ডিজিটেল লেনদেনবোৰত বিভিন্ন প্ৰকাৰৰ কাৰ্ড (ডেবিট/ক্ৰেডিট) মোবাইল ৱালেট, মোবাইল এপ্‌, নেট বেংকিং বৈদ্যুতিন ক্লিয়াৰিং সেৱা, ৰাষ্ট্ৰীয় বৈদ্যুতিন বিত্তীয় লেনদেন, তাৎক্ষণিক ধন পৰিশোধ সেৱা, পূৰ্বে পৰিশোধিত আহিলা অথবা অন্য একেধৰণৰ পদ্ধতি/আহিলা আদি ব্যৱহাৰ কৰিব পাৰি।

উদ্দেশ্য-

 

  • কাৰ্ড/ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়াটো অধিক সহজ কৰি তোলা।
  • ব্যক্তিগত পৰ্য্যায়ত, নগদ ধনৰ ব্যৱহাৰৰ বিপদ আৰু খৰচ/ব্যয় কম কৰা।
  • অৰ্থনৈতিক দিশত, নগদ ধন পৰিচালনা কৰাৰ ব্যয় কম কৰা।
  • ইতিপূৰ্বে সম্পন্ন কৰা বিত্তীয় লেনদেনবোৰ লিপিৱদ্ধ কৰি ৰখা যাতে ভৱিষ্যতে প্ৰয়োজন হ’লে তাৰ পৰা উলিয়াই ধনৰ জমা-খৰচৰ হিচাপ পৰীক্ষা কৰিব পাৰি।
  • কৰ ফাঁকি ৰোধ কৰা।
  • জন্ম অৰ্থাৎ নকল নোটৰ প্ৰভাৱ নাইকীয়া কৰা।

প্ৰত্যাশা-

 

  • ডিজিটেল লেনদেন ব্যৱস্থাই দেশৰ প্ৰতিজন নাগৰিককে নিজৰ ডেবিট/ক্ৰেডিট আদি কাৰ্ডৰ সু-ব্যৱহাৰ কৰি বিত্তীয় ধন পৰিশোধ সেৱাৰ সুবিধা প্ৰদান।
  • ৰাজহ কৰ আদি সংগ্ৰহৰ নিচিনা চৰকাৰী বিত্তীয় লেনদেন আদি সম্পন্ন কৰিবলৈ স্থাপন কৰা কেন্দ্ৰসমূহত ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰি নগদ ধনৰ পৰিৱৰ্তে কাৰ্ড/ডিজিটেল পৰিশোধৰ নিচিনা বিপদশূন্য, সৰল প্ৰক্ৰিয়া উপলব্ধ কৰা।
  • কাৰ্ডৰ দ্বাৰা ডিজিটেল বিত্তীয় লেনদেন ব্যৱস্থাক অধিক উৎসাহিত আৰু নগদ ধনৰ ব্যৱহাৰক অনুৎসহিত কৰি নগদ ধন বিহীন লেনদেন ব্যৱস্থালৈ প্ৰব্ৰজন কৰোৱা।
  • ডিজিটেল লেনদেন সেৱা ব্যৱস্থা ব্যাহত নহ’বলৈ প্ৰয়োজনীয় আন্ত:গাথনি নিৰ্মাণত অধিক গুৰুত্ব প্ৰদান।
  • বিভিন্ন কৰ্প’ৰেট (আইনসন্মতভাৱে গঠন কৰা অনুষ্ঠন), প্ৰতিষ্ঠান আৰু ব্যৱসায়ীসকলক ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তন কৰাবলৈ উৎসাহিত কৰা।

লক্ষ্য-

 

বিত্তীয় লেনদেন/ধন পৰিশোধ ব্যৱস্থাৰ বাবে পূৰ্বৰে পৰা প্ৰচলিত হৈ থকা নীতি সলনি কৰাৰ উদ্দেশ্য হ’ল চৰকাৰী, বে-চৰকাৰী অথবা ব্যৱসায়িক নাইকীয়া কৰিবৰ বাবে সজাগতা/জাগৰণৰ সৃষ্টি কৰা।

 

প্ৰচলিত নগদ ধনৰ লেনদেনৰ ব্যৱস্থাটোত হস্তক্ষেপ কৰি এক নিৰ্ধাৰিত সময়ৰ ভিতৰত ডিজিটেল ধন পৰিশোধ ব্যৱস্থা প্ৰৱৰ্তনৰ সকলো বন্দোবস্ত সম্পূৰ্ণ কৰাটোৱেই হ’ল বৰ্তমানৰ লক্ষ্য।

হ্ৰস্বম্যাদী কাৰ্যপন্থা/পদক্ষেপ

প্ৰথম এবছৰত কৰিবলগীয়া দৰকাৰী পদক্ষেপসমূহ হ’ল:

 

চৰকাৰী ধনে আৰু ৰাজহ সংগ্ৰহত কাৰ্ডযোগে ডিজিটেল লেনদেনৰ অধিক ব্যৱহাৰৰ বাবে চৰকাৰী বিভাগসমূহ/কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠান, এংকৰ নেটৱৰ্কসমূহে ল’বলগীয়া ব্যৱস্থাবোৰ হ’ল-

ক) অত্যাৱশীয় সা-সামগ্ৰী ক্ৰয় কৰোতে, ইউটিলিটী সেৱা, প্ৰদানকাৰী, পেট্ৰল পাম্প, ৰেলৰ টিকট কাউন্টাৰ, কৰ বিভাগ, যাদুঘৰৰ টিকট, স্মৃতিচিহ্ন কাউন্টাৰ আদিৰ টিকট ক্ৰয় কৰোতে ধন পৰিশোধ কৰিবলৈ ডিজিটেল সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ যিসকল উপভোক্তা আগ্ৰহী তেওঁলোকে সেৱা কৰৰ বাবদ আদায় দিবলগীয়া অতিৰিক্ত মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা কৰা।

  • নগৰ উন্নয়নৰ বাবে থকা পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰণালয়ৰ দ্বাৰা বিত্তীয় প্ৰতিষ্ঠানবিলাকে প্ৰদান কৰা উন্মুক্ত লুপ ব্যৱস্থা/প্ৰক্ৰিয়াৰ ব্যৱহাৰৰ অধিক সুবিধা দিব লাগে। এই ব্যৱস্থাৰ অন্তৰ্গত (বিত্তীয় প্ৰতিষ্ঠানৰ অনুমোদিত) বহুমুখী সেৱাসমূহ হ’ল ট্ৰেনজিট অৰ্থাৎ আন্তৰাজ্যিক নাইবা অন্তৰ্দেশীয় সামগ্ৰী পৰিবহণৰ বাবে চেক্‌গেটসমূহত আদায় দিব লগা (যেনে-ট’ল মাচুল, মেট্ৰ ৰে’ল আৰু বাছ সেৱা) ধন পৰিশোধ আদিৰ ক্ষেত্ৰত ডিজিটেল কাৰ্ড ব্যৱহাৰৰ প্ৰচলন কৰা।
  • বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা এইটো সু-নিশ্চিত কৰিব লাগে যে-প্ৰতিগৰাকী PMJDY ৰ অধীনত সুযোগ্য একাউন্টধাৰী ব্যক্তিয়েই “ৰূপে কাৰ্ড” ৰ লগতে ডিজিটেল বিত্তীয় সেৱাসমূহৰ সুবিধা গ্ৰহণ কৰে।
  • বৈদ্যুতিন আৰু তথ্য কাৰিকৰী (Electronics and Information Technology) বিভাগৰ তৰফৰ পৰা বিভিন্ন চৰকাৰী বিভাগ/সংস্থাবিলাকত ডিজিটেল বিত্তীয় ধন, পৰিশোধ ব্যৱস্থা গ্ৰহণ/প্ৰৱৰ্তন কৰিব পৰাকৈ উপযুক্ত আন্ত:গাথনিমূলক সুবিধা নিশ্চিত কৰা উচিত; যাতে ডিজিটেল কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন জৰিমণা, ৰাজহ আদি সংগ্ৰহ কৰিব পৰা যায়। উল্লেখযোগ্য যে-“PayGov India” ৰ উপৰিও অন্যান্য কাৰিকৰী ব্যৱস্থাৰে উপৰোক্ত সুবিধা প্ৰদান কৰি এটা সুনিৰ্দিষ্ট গভীৰ বাহিৰত ডিজিটেল কাৰ্ডৰ জৰিয়তে উক্ত কামবোৰ কৰিব পৰা যাব।
  • বৈদ্যুতিন আৰু তথ্য কাৰিকৰী বিভাগে “PayGov India” বিকাশৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাই “প্ৰযোজিত একক প্ৰৱেশ পথ” এটা তৈয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু অনুমোদিত নিকট সম্বন্ধীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰৰ মাজত ধন বা ৰাজহ সংগ্ৰহ আদি কামত ব্যৱহাৰ কৰিব পাৰিব।

খ) কাৰ্ড/ডিজিটেল বিত্তীয় লেনদেন ব্যৱস্থাৰ বহুল ব্যৱহাৰৰ বাবে ল’বলগীয়া পদক্ষেপসমূহ:

এই ক্ষেত্ৰত বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা নিম্ন উল্লেখিত উপায়সমূহ অৱলম্বণ কৰা উচিত-

 

ক) ব্যৱসায়িক লেনদেনত ডিজিটেল কাৰ্ডৰ অধিক ব্যৱহাৰ কৰিলে উপভোক্তাসকলে পাবলগীয়া ৰেহাইৰ পৰিমাণ আনুপাতিকভাৱে বৃদ্ধিৰ ব্যৱস্থা কৰা অৰ্থাৎ MDR ৰ পৰিমাণ আনুপাতিক হাৰত বৃদ্ধি কৰা উচিত।

খ) বিভিন্ন ধৰণৰ ইউটিলিটি ধন পৰিশোধ (হোম ডেলিভাৰী, ৰন্ধন গেছৰ যোগানকাৰী আদিক) আৰু ৰেলৱে টিকট ক্ৰয় কৰা প্ৰক্ৰিয়া আদি বিষয়সমূহ অংশীদাৰসকলৰ লগত সাৰ্বজনীনভাৱে আলোচনা-বিলোচনা অন্তত গুৰুত্বপূৰ্ণ বিত্তীয় লেনদেন শাখাসমূহৰ বাবে পৃথক MDR পৰিকাঠামো নিৰ্মাণ কৰা উচিত।

  • ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দৰে বিত্তীয় সেৱাসমূহৰ বাবে থকা দূৰ সংযোগ বিভাগৰ তৰফৰ পৰা এখন সংযোজিত USSD মঞ্চৰ সুবিধা ৰখা উচিত যাতে এই মঞ্চখনে আটাইবোৰ বিত্তীয় ধন পৰিশোধৰ প্ৰক্ৰিয়াৰ সমৰ্থক হিচাপে কাম কৰে। বিশাল আকাৰৰ আন্ত:গাথনিমূলক ব্যৱস্থাসমূহৰ পৰিৱৰ্তে অতি কম খৰচী মোবাইল বেংকিং প্ৰক্ৰিয়াৰ প্ৰসাৰৰ বাবে ৰিজাৰ্ভ বেংক/বিত্তীয় সেৱা বিভাগৰ তৰফৰ পৰা কিছুমান কাৰ্যসূচী হাতত লোৱা উচিত আৰু এইবোৰ হ’ল- মোবাইল বেংকিং পঞ্জীয়ন আৰু সক্ৰিয়কৰণৰ সময়ত দেখা দিয়া প্ৰত্যাহবানসমূহৰ বিষয়ে অৱগত কৰা, নিয়ম-নীতিসমূহৰ শিথিলকৰণ আৰু ডিজিটেল ৱালেট/প্ৰি-পেইড আহিলাসমূহৰ উপভোক্তা হ’বলৈ যাওঁতে সন্মুখীন হোৱা বাধাবোৰ সহজতে দূৰ কৰিব পৰা ব্যৱস্থা গ্ৰহণ।

গ) সজাগতা আৰু অভিযোগৰ ক্ষতিপূৰণ

বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা এই বিষয়ত ল’বলগীয়া পদক্ষেপ:

ক) ফাঁকি দি বা চল কৰি কোনো গ্ৰাহক/উপভোক্তাই যদি ধন সৰকায়, তেনেহ’লে ধৰা পেলাবলৈ উপযুক্ত বিশ্বাসযোগ্য কোনো কাৰিকৰী কৌশল স্থাপন কৰাটো জৰুৰী। এনে ধৰণৰ চল/কপটতাপূৰ্ণ লেনদেনৰ ক্ষেত্ৰত ভুক্তভোগীজনৰ একাউন্টত ধন ৰাশি পুনৰ জমা কৰাৰ পিছত একাউন্টতো সাময়িকভাৱে বন্ধ কৰি থোৱা হয়; আৰু এই বিষয়ক প্ৰয়োজনীয় অনুসন্ধান সম্পূৰ্ণ হোৱাৰ পশ্চাৎ উক্ত একাউন্টটো লেনদেনৰ বাবে মুকলি কৰি দিয়া হয় আৰু ইয়াৰ বাবে ২-৩ মাহ সময়ৰ প্ৰয়োজন হ’ব পাৰে।

খ) উপভোক্তা সকলৰ অধিক বিশ্বাস পাবলৈ বিত্তীয় প্ৰতিষ্ঠান সমূহত দেখা দিয়া বিভিন্ন অভিযোগ প্ৰতিঅভিযোগ সমূহ নিষ্পত্তিৰ বাবে নিয়োজিত বিষয়সকলৰ ভূমিকা অধিক সক্ৰিয় হোৱা উচিত।

গ) কাৰ্ড আৰু ডিজিটেল ধন পৰিশোধ ব্যৱস্থাৰ অধীনস্থ উপভোক্তাসকলৰ বাবে বিস্তাৰিত সুৰক্ষামূলক নীতি প্ৰস্তুত কৰা।

উপভোক্তাসকলে যাতে তেওঁলোকৰ জমা ধনৰ পৰিমিত ব্যৱহাৰ কৰে তাৰ বাবে বিত্তীয় সেৱা প্ৰতিষ্ঠান/বিভাগ/ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত।

মধ্যৱৰ্তীকালীন পদক্ষেপসমূহ-

 

মধ্যৱৰ্তীকালীন অৰ্থাৎ নাতিদীৰ্ঘ সময় অৰ্থাৎ দুবছৰৰ ভিতৰত কাৰ্ড/ডিজিটেল ধন পৰিশোধৰ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে লবলগীয়া পদক্ষেপবোৰ হ’ল-

  • বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ব্যৱসায়িক বিত্তীয় লেনদেনৰ এক উন্নত মানদণ্ড ঠাৱৰ কৰাৰ লগতে গ্ৰাহকসকলৰ মাজত গ্ৰহণযোগ্য নেটৱৰ্ক বৃদ্ধিৰ উপযুক্ত গাইডলাইন অৰ্থাৎ পথ-প্ৰদৰ্শক নিয়মাৱলী গঠন কৰা উচিত। দূৰসংযোগ, ইন্টাৰনেট, প্ৰি-পেইড আহিলা/যন্ত্ৰ যোগানধৰোঁতা, বিত্তীয় প্ৰতিষ্ঠান এই সকলোৰে সমন্বয়ত গঢ়ি তোলা নেটৱৰ্কৰ জৰিয়তে বিশাল পৰিমাণৰ ধনৰ লেনদেন আৰু নিষ্পত্তিকৰণ সুনিশ্চিত কৰা।
  • দেশৰ অৰ্থনৈতিক এফেয়াৰ বিভাগৰ তৰফৰ পৰা মুখ্য ঔদ্যোগিক অংশীদাৰ, ৰিজাৰ্ভ বেংক আৰু সংশ্লিষ্ট চৰকাৰী বিভাগৰ লগ লাগি একক একাধিক কমিটী গঠন কৰি প্ৰচলিত ধন পৰিশোধ ব্যৱস্থাৰ পৰ্য্যালোচনাৰ ব্যৱস্থা কৰা উচিত। উক্ত কমিটীসমূহে নিম্ন উল্লেখিত বাদ-বিবাদবোৰত পৰ্য্যালোচনা কৰা উচিত।

১) PSS (Payment and Settlement) আইন, ২০০৯ ৰ অধীনস্থ কোনো ব্যৱস্থাপক কাৰিকৰী কৌশল আৰু অন্যান্য বিধায়কৰ বাবে প্ৰয়োজন হ’লে মাচুল নিৰ্ধাৰণ কৰা।

২) প্ৰতিগৰাকী উপভোক্তাৰ বিপৰীতে সমস্তৰৰ অদ্বিতীয় (যিটো আন কোনো ব্যৱস্থাতে নাই) চিনাক্তকৰণ সংখ্যা অথবা আন পৰিচয় প্ৰমাণ পত্ৰ প্ৰদান কৰি কাৰ্ড ডিজিটেল লেনদেনৰ যথাৰ্থতা প্ৰতিপন্ন কৰাৰ লগতে কেন্দ্ৰীয়ভাৱে KYC পঞ্জীয়ন ব্যৱস্থা স্থাপন কৰা।

৩) সকলো ধৰণৰ ডিজিটেল কাৰ্ডৰ বাবে ভিন ভিন দুৱাৰৰ সলনি এখন মাত্ৰ খিৰিকী খুলি ৰাখি বিত্তীয় লেনদেনৰ ক্ষেত্ৰত এক বিপ্লৱ সূচনা কৰা। লগতে বিভিন্ন চৰকাৰী ধনৰ গ্ৰহণ আৰু নিষ্পত্তিৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ সূচনা কৰা।

ডিজিটেল কাৰ্ডৰ জৰিয়তে নাইবা কাৰ্ড অবিহনে কৰা লেনদেন উভয় ক্ষেত্ৰতে বিত্তীয় সেৱা বিভাগ আৰু ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা ‘Two poetor Authentification’ অৰ্থাৎ দুটা কাৰকৰ দ্বাৰা যথাৰ্থতা প্ৰতিপন্ন কৰা ব্যৱস্থাটোৰ শিথিলকৰণৰ অৱশ্যে এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিপৰীতে DFS/RBI এ নিম্ন, মধ্য আৰু উচ্চমান বিশিষ্ট বিত্তীয় লেনদেনৰ বাবে বহুস্তৰীয় যথাৰ্থতা প্ৰতিপন্ন কৰাৰ কাঠামো তৈয়াৰ কৰিব লাগিব।

  • বৰ্তমানৰ প্ৰচলিত দুই তৰপীয়া কৰ সংগ্ৰহ ব্যৱস্থা (যদি আছে) যেনে চাৰ্ভিচ টেক্স অৰ্থাৎ ধন উপাৰ্জন কৰা বিত্তীয় প্ৰতিষ্ঠান (বেংক)ৰ দ্বাৰা MDR ৰ ওপৰত ধাৰ্য্য কৰা সেৱা কৰ আৰু ধন আদায় দিয়া বেংকে ধাৰ্য কৰা বিনিময় কৰ প্ৰত্যাহ্বানৰ বাবে ৰাজহ বিভাগৰ ফালৰ পৰা উচিত/উপযুক্ত পদক্ষেপ গ্ৰহণ।
  • অৱশ্যে আৱশ্যক অনুসৰি প্ৰচলিত নিয়ম-নীতি আৰু বিধি বিধানৰ সংশোধন কৰিব পাৰে সংশ্লিষ্ট বিভাগ/মন্ত্ৰণালয়ৰ তৰফৰ পৰা; যাতে ডিজিটেল কাৰ্ড ব্যৱস্থাৰ জৰিয়তে লেনদেনৰ ক্ষেত্ৰতো উপযুক্ত পৰিৱৰ্তন সাধন হয়। উপযুক্ত কাৰণ দৰ্শাব পৰা কিছুমান বিশেষ পৰিস্থিতিতহে কোনো চৰকাৰী বিভাগ/অভিকৰণে নগদ ধনেৰে লেনদেন কৰিব পাৰিব।
  • ৰাজহ বিভাগ, বিত্তীয় সেৱা বিভাগৰ তৰফৰ পৰা কাৰ্ড/ডিজিটেল/নগদ ধনৰ ঊৰ্ধৰ সীমা ধাৰ্য কৰি দিয়া উচিত।

ঙ) গ্ৰহণযোগ্য আন্ত:গাঁথনি সৃষ্ট

  • বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা বিভিন্ন কাৰ্ডৰ ষ্টোকহলডাৰৰ লগত লিংকৰ বাবে POS টাৰ্মিনেল/মোবাইল টাৰ্মিনেলৰ অনুপাতৰ গ্ৰহণযোগ্য ফৰ্মূলা (সূত্ৰ) আৰম্ভ কৰা উচিত। এইক্ষেত্ৰত গ্ৰহণযোগ্যতা/বিত্তীয় সংযোগ ফাণ্ড আদিৰ সম্ভাৱনীয়তা সৃষ্টিৰ পোষকতা কৰা উচিত।
  • বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা অসামান্য/একক পৰিচয়সূচক নম্বৰ অথবা অন্য পৰিচয় পত্ৰকে ধৰি সকলো ধৰণৰ ধন পৰিশোধ ব্যৱস্থাৰ বাবে অনুমোদিত পৰিচয় সূচক প্ৰামাণিক তথ্যৰ ওপৰত ভিত্তি কৰি সকলো ধৰণৰ উপভোক্তাকেই সমস্তৰৰ KYC নৰ্মচলৈ আনিবলৈ ধাৰ্য্য কৰা ML আইন আৰু অন্যান্য বিধিবোৰ পুনৰাই পৰীক্ষা কৰিব লাগিব। কাৰ্ড আৰু ডিজিটেল উপায়েৰে নিম্ন, মধ্য আৰু উচ্চমান বিশিষ্ট লেনদেনবোৰ সুকলমে সম্পন্ন কৰাৰ বাবে বহুস্তৰীয় KYC ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা উচিত।
  • বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকে সময়ে সময়ে মাৰ্চেন্ট অৰ্থাৎ ব্যৱসায়িক উপাৰ্জন সম্পৰ্কীয় নিৰ্দেশনাৱলীৰ সংশোধনী আৰু সৰলীকৰণৰ ব্যৱস্থা লোৱা উচিত যাতে ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতো KYC নৰ্মচৰ ওপৰত ভিত্তি কৰি পৰিচয়সূচক নম্বৰ প্ৰদান কৰিব পৰা যায়।
  • বিত্তীয় সেৱা বিভাগ/ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা POS (Point of sale) টাৰ্মিনেল সমূহৰ জৰিয়তে কাৰ্ড/ডিজিটেল পদ্ধতিৰে ধনৰ লেনদেন কৰোতে যাতে সকলো গ্ৰাহকে এক নিৰ্দিষ্ট পৰিমাণৰ ধন উলিয়াব পাৰে সেইটো সুনিশ্চিত কৰিবলৈ উপযুক্ত পদক্ষেপ লোৱা উচিত।

ঙ) মোবাইল (ভ্ৰাম্যমান) বিত্তীয় প্ৰতিষ্ঠান সেৱা চেনেলসমূহ

  • দূৰ সংযোগ বিভাগে USSD মাচুল আনুপাতিক হাৰত হ্ৰাস কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তদুপৰি, উক্ত পদক্ষেপসমূহ যাতে বাস্তৱায়িত কৰা সম্ভৱ হয় আৰু ৰাষ্ট্ৰীয় ধন পৰিশোধ নিগম বা সমপৰ্য্যায়ৰ অন্য অভিকৰণৰ জৰিয়তে গ্ৰাহক আৰু ব্যৱসায়ীৰ মাজত সফলভাৱে সম্পন্ন হোৱা লেনদেনৰ ক্ষেত্ৰতহে যাতে প্ৰযোজ্য হয় তালৈ লক্ষ্য ৰাখিব লাগিব।
  • গ্ৰহণ কৰা পদক্ষেপসমূহ বাস্তৱত ৰূপায়িত কৰিব পৰা যাব নে নাযায় সেই সম্পৰ্কে অধ্যয়ন কৰি সকলো ধৰণৰ কাৰ্ড/ডিজিটেল লেনদেনৰ ইতিহাস প্ৰস্তুতৰ বাবে নীতি নিৰ্ধাৰণ কৰি উলিয়াব লাগি; ফলত বৃহৎ আকাৰত ব্যৱসায়িক লেনদেন কৰা গ্ৰাহকসকলে সম্পন্ন কৰা নিজা লেনদেন যেনে-ধন পৰিশোধ/আদায় আৰু ঋণৰ পৰিমাণৰ বিষয়ে যি কোনো সময়তে তাৎক্ষণিকভাৱে মেচিনৰ পৰা উলিয়াই লব পাৰিব।
  • ৰাজহ/অৰ্থনৈতিক (বিত্তীয়) সম্পৰ্ক/বিত্তীয় সেৱা বিভাগ সমূহৰ তৰফৰ পৰা ডিজিটেল লেনদেনৰ ওপৰত কৰ/শুল্ক ৰেহাই আৰু উদগণিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো ফলপ্ৰসূ হ’ব। ইয়াৰোপৰি, কাৰ্ড/ডিজিটেল লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকক অধিক উদগণি/উৎসাহ দিবলৈ নগদ ধন ওভতাই দিয়া নাইবা লটাৰী যোগে পুৰস্কাৰ দিয়াৰ আদিৰ নিচিনা চমকপ্ৰদ কৌশল অৱলম্বন কৰা অথবা অন্যান্য কৌশল উদ্ভাৱনৰ জৰিয়তে প্ৰসাৰ বৃদ্ধি কৰিব পাৰে।
  • সৰ্বোচ্চ পৰিমাণৰ ধনৰ লেনদেনৰ নিৰ্ধাৰিত সীমাৰ বাহিৰত অতিৰিক্ত ধন উলিয়াব লগা হ’লে প্ৰয়োগ কৰিব পৰাকৈ নতুন কাৰিকৰী কৌশল উদ্ভাৱনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক/বিত্তীয় সেৱা বিভাগৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰাটো অতি জৰুৰী।

উৎস: Department Of Economic Affairs, Ministry of Finance.

2.97368421053
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top