মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল পৰিশোধ ব্যৱস্থা / ডিজিটেল বিত্তীয় সেৱাসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিজিটেল বিত্তীয় সেৱাসমূহ

ইয়াত ডিজিটেল বিত্তীয় সেৱাসমূহ বিষয়ে বৰ্ননা কৰা হৈছে।

পূৰ্বতে বাদ পৰিযোৱা আৰু সমাজৰ দৰিদ্ৰ লোকসকলক বিভিন্ন আনুষ্ঠানিক বিত্তীয় সেৱাসমূহত ডিজিটেলভাৱে অৰ্ন্তভূক্ত কৰিবলৈ প্ৰয়াস কৰা হৈছে। এই লক্ষ্যত উপনীত হ’বৰ বাবেই ডিজিটেল বিত্তীয় সেৱাসমূহ নামৰ সেৱা আগবঢ়োৱা হৈছে। এইসমূহ এনেদৰ প্ৰস্তুত কৰা হৈছে যাতে ইয়াৰ বাবে কম খৰছতে গ্ৰাহকে নিজৰ প্ৰয়োজনীয়তা সমূহ পূৰ কৰিব পৰাৰ লগতে সেৱা আগবঢ়োৱা সকলেও যাতে এই সেৱা চলাই নিব পাৰে। এনেধৰণৰ ডিজিটেল বিত্তীয় সেৱাসমূহত মূলত তিনিটা মূল উপাদান থাকে: এখন ডিজিটেল ভাৱে আদান-প্ৰদান কৰিব পৰা মঞ্চ, খুচুৰা এজেন্ট আৰু গ্ৰাহক আৰু এজেন্টে উক্ত মঞ্চৰ যোগেৰে আদান-প্ৰদানৰ বাবে ব্যৱহাৰ কৰিবপৰা এবিধ আহিলা, যি সাধাৰণতে মোৱাইল ফোন।

ইয়াৰ দ্বাৰা বেঙ্কৰ লগত জৰিত নথকা এক বৃহত সংখ্যকলোকলৈয়ো ডিজিটেল প্ৰক্ৰিয়াৰ মাজেৰে বিত্তীয় সেৱা উপলব্ধ কৰিব পৰা যাব। বেংক, ক্ষুদ্ৰ বিত্তীয় প্ৰতিস্থান, মোবাইল সেৱা, আৰু আন তৃতীয় পক্ষৰ প্ৰতিস্থানবোৰে মোবাইল ফোন, আন আহিলা সহ ক্ষুদ্ৰ পৰিষৰত কিছু এজেন্ট নিয়োগ কৰি সচৰাচৰ বেংকতকৈ কম খৰছতে ৰাইজলৈ প্ৰাথমিক বিত্তীয় সেৱাসমূহ আগবঢ়াব পাৰিব।

ইয়াত তলত উল্লেখ কৰা ডিজিটেল বিত্তীয় সেৱাৰ মুখ্য ধৰণবোৰ আলোচনা কৰা হৈছে:

Cards

USSD

AEPS

UPI

Wallet

কাৰ্ড



কাৰ্ডবোৰ কি?

এইবোৰ সাধাৰণতে বেংকবোৰে জাৰি কৰে। গ্ৰাহকৰ প্ৰয়োজনীয়তা, ধন প্ৰদান আদিৰ ভিত্তিত এই কাৰ্ডবোৰৰ শ্ৰেণীকৰণ কৰা হয়। তিনি ধৰণৰ কাৰ্ড আছে: ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু প্ৰিপেইড কাৰ্ড।

কাৰ্ডবোৰৰ ভিন্নতা কেনে ধৰণৰ?

 

১। প্ৰিপেইড কাৰ্ড :

গ্ৰাহকৰ বেংক একাউন্টৰ পৰা ইয়াত আগতীয়াকৈ ধন ভৰাই থোৱা থাকে। সীমীত পৰিমানৰ ধন প্ৰদানৰ বাবে এনে কাৰ্ড ব্যৱহাৰ কৰিব পাৰি। ইয়াক মোবাইল ৰিচাৰ্জ কৰাৰ দৰে পুনৰ ধন ভৰাই লবলৈ পাৰি। ব্যৱহাৰত নিৰাপদ।

 

 

২। ডেবিট কাৰ্ড:

আপোনাৰ বেংক একাউন্ট থকা বেংকে এই কাৰ্ড জাৰি কৰে। ই বেংক একাউন্টৰ লগত সংযোগ হৈ থাকে। কাৰেন্ট, ছেভিংছ আদি একাউন্ট থকা গ্ৰাহকে যেতিয়াই এই কাৰ্ডৰে ধন প্ৰদান কৰে, লগে লগে উক্ত একাউন্টৰ পৰা সেই ধন বিয়োগ হৈ যায়। গ্ৰাহকে বেংকত থকা ধনৰ ভিত্তীত সীমীত পৰিমাণৰ নগদ ধনো এই কাৰ্ডেৰে সংগ্ৰহ কৰিব পাৰে। এজনৰ পৰা আন এজনৰ একাউন্টলৈ এই কাৰ্ড যোগে ধন পঠিয়াব পাৰি।

 

 

৩। ক্ৰেডিট কাৰ্ড:

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুমোদন কৰা বেংক আৰু আন প্ৰতিস্থানে এই কাৰ্ড জাৰি কৰে। ৰাষ্টীয় আৰু অনুমোদন সাপেক্ষে আন্তঃৰাষ্ট্ৰীয় ভাৱে এই কাৰ্ড ব্যৱহাৰ কৰিব পাৰি। এজন গ্ৰাহকে বেংক একাউন্টত থকাতকৈ অধিক পৰিমাণৰ নগদ ধন এই কাৰ্ড যোগে উলিয়াব পাৰে। কিন্তু কিমান অধিক ধন উলিয়াব পাৰিব সেয়া প্ৰতিখন কাৰ্ডতে পৃথক সীমা থাকে।

 

উলিওৱা উপৰিঞ্চি ধন ঘূৰাই দিয়াৰ সময়ও সীমীত কৰা থাকে। সময় সীমাৰ ভিতৰত বেংকক ধন ঘূৰাই দিব নোৱাৰিলে  কাৰ্ড প্ৰদানকাৰীয়ে বান্ধি দিয়া নিয়ম মতে মূলৰ লগতে সুত প্ৰদান কৰিব লাগিব।

 

ডেবিট /ক্ৰেডিট কাৰ্ড কেনেকৈ ব্যৱহাৰ কৰে?

১। এটিএম মেছিনত কাৰ্ডখন ভৰাই বেংকে প্ৰদান কৰা চাৰিটা সংখ্যাৰ পিন প্ৰদান কৰি বেংকে বান্ধি দিয়া সৰ্বোচ্চ পৰিমানৰ নগদ ধন দৈনিক উলিয়াব পাৰিব।

২। গ্ৰাহকে বেংকলৈ নোযোৱাকৈয়ে এটিএম ৰ যোগেৰে একাউন্টত থকা ধনৰ পৰিমান, জমা দিয়া চেক, ধন একাউন্টত জমা হৈছে নে নাই চাবলৈ পাৰিব।

এই কাৰ্ডবোৰ কিহত ব্যৱহাৰ কৰিব লাগে?

 

  • সামগ্ৰী কিনিব পাৰিব
  • অনলাইনত সামগ্ৰী কিনা, দোকান, এটিএম, মাইক্ৰ এটিএম, ৱালেট আদিত ধন প্ৰদান।
  • এটিএমৰ পৰা নগদ ধন পাবলৈ ডেবিট আৰু ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। পিঅ’এছ আহিলা থকা দোকান, সেৱা কেন্দ্ৰত আৰু অনলাইনত ক্ৰয়।
  • বিভিন্ন সেৱাৰ বিল প্ৰদান
  • ৰেল, বাছ, উৰাজাহাজৰ টিকেট ক্ৰয়, হোটেলত বিল প্ৰদান কৰা।
  • কাৰ্ড ব্যৱহাৰ কৰিব পৰা আহিলা ত্কা যিকোনো স্থানত ধন প্ৰদান কৰিব পাৰি।
  •  

     

    কাৰ্ড এখন কেনেকৈ পাম?

    গ্ৰাহকে সকলো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকত ডেবিট/ ক্ৰেডিট, ৰুপে কাৰ্ডৰ বাবে আৱেদন কৰিব লাগিব।

     

  • নিজৰ বেংকৰ শাখাত আৱেদন কৰিব লাগিব।
  • ডেবিট কাৰ্ডখন ৰুপি কাৰ্ডলৈ পৰিবৰ্তন কৰিব পাৰে।
  • বেংকত একাউন্ট নথকা সকলে কাৰ্ড পাবলৈ হ’লে প্ৰথমে বেংকত একাউন্ট খুলিব লাগিব।
  • চৰকাৰৰ নিৰ্দেশ অনুসৰি সকলো জনধন একাউন্টৰ গ্ৰাহকলৈ ৰূপি কাৰ্ড জাৰি কৰিব লাগিব।
  •  

    USSD (Unstructured Supplementary Service Data)



    USSD কি?

    USSD হল Unstructured Supplementary Service Data. দেশৰ প্ৰতিজন সাধাৰণ ব্যক্তিলৈ বেংকৰ সকলো সুবিধা আগবঢ়োৱা এক সেৱা। ভাৰতৰ যিকোনো ধৰণৰ মোবাইল ফোন, মবাইল নেটৱৰ্কৰ জৰিয়তে সকলো নাগৰিকলৈ এই সেৱা আগবঢ়োৱা হয়। ইয়কে নেচনেল ইউনিফাইড USSD প্লেটফৰ্মৰ জৰিয়তে আগবঢ়োৱা হয়: *99#. ইয়াৰ জৰিয়তে গ্ৰহেকে প্ৰতিদিনে ৫০০০ টকা লৈকে ধন প্ৰদান কৰিব পাৰে।

  • ইয়াৰ বাবে কিহৰ প্ৰয়োজন?
  • বেংকত একাউন্ট থাকিব লাগিব
  • GSM নেটৱৰ্কৰ যিকোনো মোবাইল ফোন
  • গ্ৰাহকৰ মোবাইলৰ নম্বৰটো বেংক একাউন্টৰ সৈতে পঞ্জীকৃত হব লাগিব।
  •  

    কেনেকৈ ব্যৱহাৰ কৰিব?


    ১। বেংকলৈ গৈ মোবাইল নম্বৰটো বেংক একাউন্টৰ সৈতে পঞ্জীয়ন কৰাওক। এটিএম আৰু অনলাইনেৰেও কৰিব পাৰি।

    ২। লগে লগে Mobile Money Identifier (MMID) আৰু and Mobile Pin (MPIN)লাভ কৰিব।

    ৩। MPIN ভালদৰে মনত ৰাখিব লাগে।

    USSD ৰ লাভালাভবোৰ কি?


    USSD ৰ সুবিধা ব্যৱহাৰৰ পদক্ষেপবোৰ:

    ইয়াৰ জৰিয়তে গ্ৰাহকে তেওঁৰ জমা থকা ধনৰ পৰিমান সহজে জানিব পাৰে। মোবাইলত কথা পতাৰ দৰেই সহজে ধন প্ৰদান কৰিব পাৰে।

     

  • মোবাইল নম্বৰটো বেংক একাউন্টৰ লগত সংযুক্ত কৰিব লাগে
  • মোবাইল ফোনৰ পৰা *99# ডায়েল কৰিব লাগে।
  • বেংকৰ নামৰ প্ৰথম তিনিটা আখৰ বা IFSC ৰ প্ৰথম চাৰিটা আখৰ ভৰাব লাগিব।
  • “Fund-Transfer-MMID” নিৰ্বাচন কৰিব লাগিব ।
  • ধন প্ৰদান কৰিব লগা লোকজনৰ মোবাইল নম্বৰ আৰু MMID ভৰাব লাগিব।
  •  

    ধনৰাশিৰ পৰিমান আৰু নিজৰ  MPIN ভৰাই এটা খালী ঠাই এৰি নিজৰ একাউন্ট নম্বৰৰ প্ৰথম চাৰিটা সংখ্যা ভৰাব লাগিব।

    উপৰোক্ত পদক্ষেপ কেইটা গ্ৰহণ কৰি এজনে আনজনলৈ ধন প্ৰদান কৰিব পাৰিব।

    উপলব্ধ সেৱাসমূহ:

    অবিত্তীয় সেৱাসমূহ:

     

  • জমাৰ অনুসন্ধান:

    নিজৰ পঞ্জীকৃত মোবাইল নম্বৰৰ পৰা বেংকত থকা ধনৰ পৰিমাণ জানিব পাৰিব।
  • চুটি বিৱৰণ:

    নিজৰ পঞ্জীকৃত মোবাইল নম্বৰৰ পৰা বেংকৰ লেন-দেনৰ চুটি বিৱৰণ চাব পাৰিব।
  • MMID *(Mobile Money Identifier) জানিব : নিজৰ একাউন্টৰ লগত মোৱাইল নম্বৰ পঞ্জীয়ন কৰাৰ পিছত বেংকে প্ৰদান কৰা MMID জানিব পাৰিব।
  • M-PIN সলনি :

    বিত্তীয় লেন-দেনৰ সময়ত সত্যসত্যতা নিৰূপণ কৰা গুপ্তশব্দ বা M-PIN (Mobile PIN) গ্ৰাহকে সলনি কৰি লব পাৰিব।
  •  

    বিত্তীয় সেৱাসমূহ:

     

  • USSD ব্যৱহাৰ কৰি ধন প্ৰদান:

    হিতাধিকাৰীৰ মোবাইল নম্বৰ আৰু MMID ব্যৱহাৰ কৰি ধন প্ৰদান কৰিব পাৰিব।
  • IFSC আৰু একাউন্ট নম্বৰ ব্যৱহাৰ কৰি ধন প্ৰদান:

    হিতাধিকাৰীৰ IFSC আৰু একাউন্ট নম্বৰ ব্যৱহাৰ কৰি ধন প্ৰদান কৰিব পাৰিব।
  •  

    অধিক জানিবলৈ নিজৰ বেংকৰ ৱেবচাইট চাব পাৰে।

     

    AEPS আধাৰ সক্ৰিয় ধন প্ৰদান প্ৰক্ৰিয়া

    AEPS কি?

    ইয়াক আধাৰ সক্ৰিয় ধন প্ৰদান প্ৰক্ৰিয়া বোলা হয়। ইয়াৰ জৰিয়তে কোনো গ্ৰাহকে বেংকৰ একাউন্টৰ লগত নিজৰ আধাৰ কাৰ্ড সংযোজিত কৰি ল’লে সেই চিনাক্তকৰণৰ জৰিয়তে প্ৰাথমিক বেংকৰ লেন-দেন কৰিব পৰা মঞ্চ ব্যৱহাৰ কৰিব পাৰে। PoS (MicroATM) ত ইয়াক বেংক সহায়কাৰীৰ সহায়ত ব্যৱহাৰ কৰি বেংকৰ পৰা বেংকলৈ ধন লেনদেন কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে যিকোনো AEPS কেন্দ্ৰত PIN বা গুপ্তশব্দ ব্যৱহাৰ নকৰাকৈ ধনৰ লেনদেন কৰিব পাৰে।

    AEPS সক্ৰিয় কৰিবলৈ কি কৰিব লাগিব?



    AEPS জৰিয়তে লেনদেনৰ বাবে গ্ৰাহকে এই খিনি কৰিলেই হ’ল:

     

  • IIN : গ্ৰাহকজন জৰিত থকা বেংকটো চিনাক্তকৰা
  • আধাৰ নম্বৰ
  • আধাৰ ভুক্ত হোৱাৰ সময়ত লোৱা আঙুলিৰ চাপ।
  •  

    কিহত ব্যৱহাৰ কৰিব পাৰি?


    AEPS জৰিয়তে তলত দিয়া ধৰণৰ বেংকৰ লেনদেন কৰিব পাৰি:

     

  • জমা পৰিমাণৰ অনুসন্ধান
  • নগদ ধন উলিওৱা
  • নগদ জমা দিয়া
  • আধাৰৰ পৰা আধাৰলে ধন লেনদেন
  • সূলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয়।
  •  

     

    কিয় ব্যৱহাৰ কৰিব লাগে?


     

  • আধাৰ কাৰ্ড আৰু আঙুলীৰ চাপ ব্যৱহাৰ কৰি লেনদেন কৰাটো সহজ সুৰক্ষিত আৰু নিৰাপদ।
  • এজন ব্যক্তিৰ জৈৱীক আৰু ভৌগলিক তথ্য ইয়াত সন্নিৱিষ্ট হৈ থকাৰ বাবে ইয়াত ভুৱা কামত বা জালিয়াতি কৰিব নোৱাৰি।
  • আধাৰৰ সত্যসত্যৰ ভিত্তিত এনৰেগা, সামাজিক সুৰক্ষা পেন্চন, বিকলাংগ, বৃদ্ধ পেন্চন আদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সুবিধাবোৰ আগবঢ়াবলৈ সুবিধা হয়।
  • বেংকৰ লেনদেন নিৰাপদ আৰু সুৰক্ষিত ধৰণে হয়।
  • বেংকৰ পৰিষৰৰ বাহিৰৰ, বেংক নথকা অঞ্চলৰ লোকলৈকো বেংক সহায়কৰ জৰিয়তে বেংকৰ সুবিধা বোৰ প্ৰদান কৰিবলে সক্ষম হয়।
  • লেনদেনৰ বাবে কোনো মাচুল নাই।
  • বেংক একাউন্ট নম্বৰ মনত ৰখাৰ প্ৰয়োজন নাই।
  • বায়মেট্ৰিক আহিলা থকা গ্ৰাহকে ঘৰৰ পৰাই কম্পিউটাৰ, এনৰয়েড ফোন, টেবলেট আদিৰে লেনদেন কৰিব পাৰে। কিচুমান বায়মেট্ৰিক আহিলা সংলগ্ন টেবলেটৰ যোগেৰেও লেনদেন কৰিব পাৰি।
  • সক্ৰিয় ধন প্ৰদান প্ৰক্ৰিয়া
  •  

    UPI ইউনিফাইড পেমেন্ট ইন্টাৰফেজ)



    UPI কি?

     

    UPI ৰ অৰ্থ হ’ল:

    ইউনিফাইড পেমেন্ট ইন্টাৰফেজ। এই প্ৰক্ৰিয়াত গ্ৰাহকে ষ্মাৰ্ট ফোনেৰে তত্কালীন ভাৱে বৈদ্যুতিন ধন প্ৰদান কৰিব পাৰে। এইটো তত্কালীন ধন প্ৰদান(IMPS) ৰ উন্নত প্ৰক্ৰিয়া। ইয়াক পূৰ্বে  IMPS, UPI ত ব্যৱহাৰ কৰা হৈছিল।

     

     

  • ইয়াত ফোনটোক কাৰ্ডৰ বিকল্প হিচাপে ব্যৱহাৰকাৰীক চিনাক্তকৰণত ব্যবহাৰ হয়।
  • ইয়াক প্ৰতিটো পলতে ব্যৱহাৰ কৰিব পাৰি।
  •  

    ইয়াৰ বাবে কি লাগে?

     

  • UPI এপ্লিকেচন থকা এটা ষ্মাৰ্ট ফোন।
  • বেংকত এটা একাউন্ট।
  •  

    ই কেনেকৈ কাম কৰে?

    UPI ৰে লেনদেন কৰিবলৈ মাত্ৰ তিনিটা পদক্ষেপ লব লাগে

    পঞ্জীয়ন

     

  • নিজৰ বেংকৰ এটা UPI এপ ডাউনলোড কৰক
  • একাউন্টৰ বিবৰণেৰে পঞ্জীয়ন কৰক আৰু নাম আৰু ফোন নম্বৰেৰে এটা ভাৰ্চুৱেল নামৰ একাউন্ট বনাওক।
  • এবাৰেই কৰিব লাগে।
  •  

    অনলাইনত ক্ৰয়


     

  • কিনিব বিচৰা সামগ্ৰীবোৰ যোগ দিয়ক।
  • ধন প্ৰদানলৈ যাওক আৰু UPI নিৰ্বাচন কৰক।
  • কেবল ভাৰ্চুৱেল পৰিচয় হে প্ৰদান কৰিব।
  •  

    মোবাইলৰ সত্যসত্যতা

     

  • আপুনি মোবাইলত থকা UPI এপত এটা ধন প্ৰদানৰ অনুমতিৰ অনুৰোধৰ পপআপ বাৰ্তা পাব।
  • PIN প্ৰদান কৰক।
  • ধন প্ৰদান সফলতাৰ বাৰ্তা আপোনাৰ মোবাইললে আহিব।
  •  

    ইয়াৰ সা-সুবিধা আৰু লাভা লাভ কি?

     

  • UPI ত ব্যৱহাৰকাৰীৰ নাম, একাউন্ট নম্বৰ, IFSC ক’ড বেংকৰ শাখা আদি তথ্য প্ৰদাৰ কৰিব নালাগে।
  • ডেবিট কাৰ্ডৰ দৰে আহিলাও ইয়াত প্ৰয়োজন নহয়।
  • নেট বেংকিঙৰ দৰে বহুবোৰ প্ৰক্ৰিয়াগত পদক্ষেপ লব নালাগে। ইয়াৰ ফলত বিভিন্ন জালিয়াতী আৰু প্ৰৱঞ্চনাৰ সম্ভাৱনা কম হয়।
  • সকলোৱে ব্যৱহাৰ কৰিব পৰা অতি সহজ এপ্লিকেচন।
  • সকলো স্থানৰ পৰা তত্কালীন আৰু সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিব পাৰি।
  • নগদ বিহীন ডিজিটেল সমাজলে উপযুক্ত পথ।
  • বিলৰ দৰে ধন প্ৰদানৰ বাবে অনুৰোধ পঠিওৱাৰ ব্যৱস্থা আছে।
  • নানা পৰিসেৱাৰ বিল, বিদ্যালয়ৰ মাচুল আদিও ইয়াৰে অনলাইনত প্ৰদান কৰিব পাৰি।
  •  

     

    ই-ৱালেট



    ই-ৱালেট কি?

    ই-ৱালেট হ’ল বৈদ্যুতিন টকাৰ বেগ। ই এক বৈদ্যুতিন কাৰ্ড। ইয়াৰ দ্বাৰা কম্পিউটাৰ বা ষ্মাৰ্ট ফোনেৰে অনলাইনত লেনদেন কৰিব পৰা যায়। ইয়াৰ ব্যবহাৰ আৰু সা-সুবিধা ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ দৰেই। ধন প্ৰদান কৰিবলৈ ই-ৱালেটটো ব্যৱহাৰকাৰীৰ বেংকৰ একাউন্টৰ লগত সংযোগ কৰিব লাগে। ই-ৱালেটৰ মূল উদেশ্য হৈছে নগদ ধনৰ লেনদেন নকৰাটো সহজ কৰি তোলা।

    ই কেনেকৈ কাম কৰে?

     

    ই-ৱালেটত মূলত দুটা উপাদান থাকে, চফ্টৱেৰ আৰু তথ্য।

    চফ্টৱেৰে ব্যক্তিগত তথ্যবোৰ সুৰক্ষিত আৰু সাংকেতিকৰণ কৰে আৰু তথ্যত ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা তথ্য যেনে নাম, ঠিকনা, ধন প্ৰদানৰ পদ্ধতি, ধনৰ পৰিমান, ডেবিট বা ক্ৰেডিট কাৰ্ডৰ বৰ্ণনা আদি থাকে।

     

    ই-ৱালেট কেনেকৈ ব্যৱহাৰ কৰিব পাৰি?

    গ্ৰাহকৰ বাবে:

     

  • তেওঁৰ আহিলাত এপটো ডাউনলোড।
  • উপযুক্ত তথ্য প্ৰদান কৰি এপটোত প্ৰৱেশ। গ্ৰাহকে এটা গুপ্তশব্দ লাভ কৰিব।
  • ডেবিট কাৰ্ড বা নেটবেংকিঙৰে ধনৰ পৰিমান নিৰ্দিষ্ট কৰা।
  • অনলাইনত বজাৰ কৰাৰ সময়ত ধন প্ৰদানৰ প্ৰপত্ৰখন ই-ৱালেটে নিজে পূৰাব।
  • এবাৰ অনলাইনত ধন প্ৰদান কৰাৰ পিছত কোনো ৱেবচাইটতে তথ্যসমূহ প্ৰদান কৰিব নালাগে। ই নিজে নিজে তথ্য লয়।
  •  

    ব্যৱসায়ীৰ বাবে:

     

  • তেওঁৰ আহিলাত এপটো ডাউনলোড।
  • উপযুক্ত তথ্য প্ৰদান কৰি এপটোত প্ৰৱেশ।
  • নিজকে ব্যৱসায়ী বুলি ঘোষণা।
  • ধন গ্ৰহণ আৰম্ভ কৰা।
  •  

    ই-ৱালেট আৰম্ভ কৰিবলৈ কি লাগে?

    ১। বেংক একাউন্ট।

    ২। ষ্মাৰ্ট ফোন

    ৩। ২জি/৩জি/৪জি সংযোগ।

    ৪। এটা বিনামূলীয়া ৱালেট এপ।

    অভ্যাস কৰা প্ৰয়োজন

     

  • নিয়মীয়া লেনদেনৰ তথ্য যাতে SMS যোগে পাই থাকে তাৰ বাবে মোবাইল নম্বৰটো বেংকত পঞ্জীয়ন কৰিব লাগে।
  • PIN কাকো কেতিয়াও জানিবলৈ দিব নালাগে।
  • বিশ্বাসী বিক্ৰেতাৰ জৰিয়তেহে লেনদেন কৰিব লাগে।
  • ATM ব্যৱহাৰ কৰোতে কোনেও যাতে ভৰোৱা তথ্য নেদেখে সেয়া নিশ্চত হ’ব লাগে।
  •  

     

     

    উৎস: চিইচি ইণ্ডিয়া

    2.93333333333
    পৰাগ জ্যোতি লস্কৰ May 08, 2019 11:10 PM

    কথাবোৰ বুজিব পাৰি বহুত সুবিধা হʼল

    মানৱ কলিতা Apr 10, 2017 09:43 PM

    ডিজিটেল বিত্তীয় লেনদেনৰ বিষয়ত ইমান তথ্যসমৃদ্ধ তথা জ্ঞানমূলক লিখনী মই বিকাশপেডিয়া অসমীয়াত পৰ্টেলত পঢ়িবলৈ পাই আনন্দিত অনুভৱ কৰিছো।কিয়নো এই বিষয়ত ইমান বিস্তৃত লিখনী মই কতো পঢ়িবলৈ পোৱা নাই।এই তথ্য মোক মাথো বিকাশপেডিয়াই যোগান ধৰিছে।তাকো নিজ মাতৃভাষা অসমীয়াত।বিকাশপেডিয়াৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো।এই পৰ্টেলে অসম ৰাজ্যত ইয়াতকৈ আকৌ ভাল কাম কৰি যাঁওক এক জ্ঞানৰ বিপ্লৱৰ সুচনা কৰক তাৰ কামনা কৰিলো।

    আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

    (এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

    Enter the word
    দিক্‌ নিৰ্ণায়ক
    Back to top