মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল পৰিশোধ ব্যৱস্থা / তাৎক্ষণিক ধন হস্তান্তৰকৰণ ব্যৱস্থা (Immediate money transfer system)
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তাৎক্ষণিক ধন হস্তান্তৰকৰণ ব্যৱস্থা (Immediate money transfer system)

ইয়াত তাৎক্ষনিক ধন হস্তান্তৰকৰন ব্যৱস্থা বিষয়ে বৰ্ননা কৰা হৈছে।

 

UPI সংযোজিত ধন পৰিশোধ ইন্টাৰফেচ হ’ল এনে এক ব্যৱস্থা য’ত কেইবাটাও ভিন ভিন বেংকত একাউন্ট থকা একোজন ব্যক্তি বিশেষে একেটা মাত্ৰ মোবাইল এপ্‌ (UPI-সেৱা সম্বলিত) ব্যৱহাৰ কৰি আটাইকেইটা বেংকতে লেনদেন কৰিব পাৰিব। UPI ৰ উপভোক্তা সকলক প্ৰদান কৰা লেনদেনৰ উপৰোক্ত সুবিধা আন কোনো বিত্তীয় লেনদেন ব্যৱস্থাতেই নাই। ভিন ভিন বিত্তীয় প্ৰতিষ্ঠান/বেংকত প্ৰাপ্ত সুবিধাবোৰ যাতে একেলগে একেটা এপ্‌তে পাব পাৰি তাৰ ব্যৱস্থা কৰা, অলপো যদি নপৰাকৈ বিত্ত সৰবৰাহ আৰু ব্যৱসায়িক ধন পৰিশোধ ব্যৱস্থাকে একেখন ছাদ/আৱৰণৰ তললৈ আনিব পাৰি তাৰ ব্যৱস্থা কৰাটোও UPI ৰ এটা মুখ্য উদ্দেশ্য। ইউ.পি.আই এ “Peer to peer” ধন সংগ্ৰহৰ ক্ষেত্ৰতো আবেদন/অনুৰোধ গ্ৰহণ, আৱশ্যক অনুসৰি চিডিউল প্ৰস্তুত কৰা আৰু সুবিধা অনুযায়ী পৰিশোধ কৰা আদি সুবিধা প্ৰদান কৰে।

ৰাষ্ট্ৰীয় ধন পৰিশোধ নিগম হ’ল দেশত প্ৰৱৰ্তিত সৰু বৰ খুচুৰা ধন পৰিশোধ ব্যৱস্থাসমূহৰ একত্ৰিত সংস্থা। UPI এ নতুন প্ৰজন্মৰ বাবে পৰিচিত ইন্টাৰনেট যোগে অনলাইন ধন পৰিশোধ ব্যৱস্থাৰ শুভাৰম্ভ কৰে, ফলত স্মাৰ্টফোনৰ অধিক আৰু বহুল ব্যৱহাৰ আৰু মোবাইলৰ পৰা প্ৰাপ্ত তথ্যৰ বিশদ বিশ্লেষণত সমতা স্থাপন হ’ব।

ইউ.পি.আই ৰ বিশেষত্বসমূহ-

 

  • সপ্তাহৰ প্ৰতিটো দিনেই (২৪×৭ ঘন্টা) আৰু বছৰৰ ৩৬৫ দিনেই মোবাইল ফোন/অথবা আন ডিজিটেল আহিলাৰ জৰিয়তে ধন পৰিশোধ তাৎক্ষণিকভাৱে কৰিব পাৰি।
  • ভিন ভিন বেংক একাউন্ট যোগে ধনৰ লেনদেন কৰিবলৈ একেটা মোবাইল এপ্‌ যথেষ্ট।
  • মাত্ৰ এবাৰ বুটাম টিপিলেই যথাৰ্থতা প্ৰতিপন্ন হ’ব।
  • ‘পুচ’ আৰু ‘পুল’ জাতীয় লেনদেনৰ বাবে প্ৰদান কৰা ই-মেইল আদি ঠিকনাই উপভোক্তাগৰাকী/সকলক ক্ৰমবৰ্ধমান নিৰাপত্তা দিয়ে আৰু ইয়াৰ বাবে উপভোক্তাগৰাকীৰ কাৰ্ড নং, একাউন্ট নং, IFSC নম্বৰ আদি ভৰোৱাৰ প্ৰয়োজন নাই।
  • বন্ধুবৰ্গৰ সতে অনায়াসে সামগ্ৰী ক্ৰয় কৰা ৰচিদ আদি বিনিময় কৰিব পাৰি।
  • অনলাইন যোগে কিনা বয়-বস্তু আদি বিক্ৰেতা/এজেন্টসকলে ঘৰতে দিব আহিলে ডিজিটেল পদ্ধতিৰে কাৰ্ডযোগে বিল আদায় দিয়া, ATM যোগে ধন লেনদেন আদি সুবিধা।
  • ব্যৱসায়িক, লেনদেন আদি একেটা ডিভাইচ (যন্ত্ৰ) বা এপ্‌ যোগে, ইন-এপ্‌ ধন পৰিশোধ ব্যৱস্থাৰ যোগে লেনদেন সম্ভৱ।
  • বিভিন্ন উদ্দেশ্যত কৰা PUSH আৰু PULL ধন পৰিশোধ ব্যৱস্থা পৰিকল্পিত তালিকা প্ৰস্তুত কৰিব পাৰি।
  • বিভিন্ন ইউটিলিটি বিল পৰিশোধ, কাউন্টাৰ যোগে ধন পৰিশোধ, বাৰক’ড (স্কেন কৰা আৰু পৰিশোধ কৰা) ভিত্তিক ধন পৰিশোধ আদি সম্ভৱ।
  • দান-বৰঙণি, ধন সংগ্ৰহ, কৰ্মচাৰীৰ দৰমহা পৰিশোধ আদি কাৰ্য্য সম্পাদন কৰিব পাৰি।
  • মোবাইল এপ্‌ যোগে পোনপটীয়াকৈ যিকোনো অভিযোগ উত্থাপন কৰিব পাৰি।

ইউ.পি.আই ব্যৱস্থাৰ অংশগ্ৰহণকাৰীসকল-

 

  • ধন আদায়/পৰিশোধকাৰী।
  • ধন আদায় লওঁতা।
  • টকা আদায় দিওঁতা বিত্তীয় প্ৰতিষ্ঠান।
  • হিতাধিকাৰী বিত্তীয় প্ৰতিষ্ঠান।
  • ৰাষ্ট্ৰীয় ধন পৰিশোধ নিগম, ভাৰতবৰ্ষ/ভাৰতীয় ৰাষ্ট্ৰীয় ধন পৰিশোধ, নিগম।
  • বেংক একাউন্ট থকা গ্ৰাহক/উপভোক্তা।
  • ডাঙৰ ব্যৱসায়ী/বৃহৎ পৰিমাণৰ বিত্তীয় লেনদেনকাৰী ব্যৱসায়ী।

অংশগ্ৰহণকাৰীসকলৰ লাভালাভ-

 

  • এটা বুটাম টিপিয়েই অৰ্থাৎ এবাৰ মাত্ৰ ক্লিক কৰিলেই প্ৰক্ৰিয়াটোৰ যথাৰ্থতা প্ৰতিপন্ন হয়।
  • বিত্তীয় লেনদেনৰ সাৰ্বজনীন প্ৰয়োগ।
  • বৰ্তমানে প্ৰচলিত আন্ত:গাথনিৰ সমতা স্থাপন।
  • নিৰাপদ, সুৰক্ষিত আৰু উদ্ভাৱনীমূলক।
  • ধনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি একক/অদ্বিতীয় পৰিচয় প্ৰদান।
  • বিৰতীহীন/অবিৰাম ব্যৱসায়িক লেনদেন সম্ভৱ।

উপভোক্তা/গ্ৰাহকসকলৰ লাভালাভ-

 

  • সকলো সময়তে ২৪ ঘন্টাই উপলব্ধ।
  • একাধিক বেংক একাউন্ট যোগে লেনদেন কৰিবলৈ এটা মাত্ৰ এপ্‌ যথেষ্ট।
  • ডেবিট/ক্ৰেডিট কাৰ্ড নথকা লোকক গ্ৰাহকভুক্তি কৰা নহয়।
  • ই-কম্‌ আৰু এম.কম লেনদেনৰ বাবে উপযোগী।
  • চি.অ.ডি সংগ্ৰহ কৰাৰ সময়ত সন্মুখীন হোৱা বিত্তীয় লেনদেন সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰে।
  • বিৰামহীন সেৱা
  • ইন্‌ এপ্‌ ধন পৰিশোধ ব্যৱস্থা।

UPI ৰ গ্ৰাহকভুক্তিৰ বাবে পঞ্জীয়নৰ আবেদন:

 

পঞ্জীয়নৰ বাবে লব লগা পদক্ষেপ

  • প্ৰথমতে এপ্‌ ষ্টোৰ বেংক ৱেবচাইটলৈ গৈ ইউ.পি.আই আবেদনৰ বাবে নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰিব লাগিব।
  • উপভোক্তাজনে নিজৰ নাম, ভাৰ্চুৱেল পৰিচয়সূচক চিহ্ন (ই-মেইল বা অন্য ঠিকনা), পাচৱৰ্ড সম্বলিত নিজস্ব প্ৰফাইল এটা বনাই ল’ব লাগিব।
  • উপভোক্তাসকলে “Add/Link/Manage Bank Account” বুটামত টিপি ভাৰ্চুৱেল আই ডি ৰ লগত বিত্তীয় প্ৰতিষ্ঠান তথা একাউন্ট নম্বৰৰ লিংক (সংযোগ) স্থাপন কৰিব লাগিব।

এম পিন ৰ সৃষ্টি কৰা

  • লেনদেন সম্পন্ন কৰিবলৈ উপভোক্তাসকলে বেংক একাউন্টটো নিৰ্বাচন কৰিব লাগিব।
  • তলত দিয়া যিকোনো এটা বিকল্প বা বুটামত ক্লিক কৰিব লাগিব।

ক) Mobile Banking Registration/Generate M-PIN.

খ) Charge M-PIN

৩ (ক) ৰ ক্ষেত্ৰত

১) পঞ্জীকৃত মোবাইল নম্বৰৰ বিপৰীতে গ্ৰাহকজনে এটা OTP লাভ কৰিব;

২) তেতিয়া গ্ৰাহকজনে নিজৰ ডেবিট কাৰ্ডৰ নম্বৰৰ শেষৰ ৬ টা সংখ্যা আৰু ম্যাদ শেষ হ’বলগীয়া তাৰিখটো টাইপ কৰিব লাগিব।

৩) তেতিয়া লাভ কৰা OTP টো আৰু MPIN (নিজৰ মনোমত সংখ্যা)টো তাত ভৰাই লৈ ‘Submit’ বুটামটোত ক্লিক কৰি দিব লাগিব।

৪) ইয়াৰ পিচতে গ্ৰাহকজনে সংকেত লাভ কৰিব পঠোৱা প্ৰক্ৰিয়াটো ‘কৃতকাৰ্য্য’ অথবা ‘অকৃতকাৰ্য্য’ হোৱা বুলি।

২ (খ) ৰ ক্ষেত্ৰত:

১) M-PIN সলনি কৰিবলৈ হ’লে গ্ৰাহকজনে পুৰণি M-PIN টো লিখি নতুনকৈ ল’ব খোজা পচন্দৰ M-PIN টো লিখি কৰি ‘Submit’ বুটামটো টিপি দিব লাগিব।

২) তাৰ পিছতহে “Successful” অথবা ‘failure’ বুলি সংকেত লাভ কৰিব।

ইউ.পি.আই যোগে বিত্তীয়/আৰ্থিক লেনদেন-

 

ক) পুচ-ভাৰ্চুৱেল (বাস্তৱসন্মত) ঠিকনা ব্যৱহাৰ কৰি ধন সৰবৰাহ/পৰিশোধ

১) প্ৰথমতে গ্ৰাহকজনে ইউ.পি.আই আবেদনত লগ্‌ইন কৰিব লাগিব।

২) লগ্‌ ইন কৰাত কৃতকাৰ্য্য হ’লে, “Send money/Payment” ইয়াৰে যিকোনো এটা অপচনত ক্লিক কৰিব লাগিব।

৩) তেতিয়া হিতাধিকাৰী/ধন আদায়কাৰীজনৰ ভাৰ্চুৱেল আই.ডি, ধনৰ পৰিমাণ ভৰাব আৰু ধন উলিয়াব লগা বেংক একাউন্টটো নিৰ্বাচন কৰি দিব লাগিব।

৪) তেতিয়া হিতাধিকাৰীজনৰ মোবাইল স্ক্ৰীপত পৰিশোধ সম্পৰ্কীয় বিশদ তথ্য লাভ কৰিব আৰু ‘Confirm’ বুটামটোত ক্লিক কৰিব।

৫) তাৰ পিছত গ্ৰাহকজনে M-PIN টো টাইপ কৰিব।

৬) তেতিয়া, গ্ৰাহকজনে ‘Successful’ অথবা ‘Failure’ বাতৰি পাব।

খ) পুল ধন পৰিশোধৰ বাবে অনুৰোধ জনাই আবেদন কৰিবলৈ হ’লে-

১) UPI আবেদনত গ্ৰাহকজনে লগ্‌ইন কৰিব।

২) সফলভাৱে লগ্‌ইন কৰিব পিচত ‘collect money’ অপচনটো ক্লিক কৰি ধন পৰিশোধৰ বাবে অনুৰোধ পঠাব।

৩) তেতিয়া ধন/টকা সৰবৰাহ কৰোতা/আদায় কৰোতাজনৰ ভাৰ্চুৱেল আই.ডি/উলিয়াব লগা টকাৰ পৰিমাণ আৰু বেংক একাউন্টটোৰ বিষয়ে তথ্য ভৰাব।

৪) তেতিয়া গ্ৰাহকৰ মোবাইল ফোনত স্ক্ৰীণত পৰিশোধ সম্পৰ্কে বিশদভাৱে দেখিবলৈ পাব আৰু ‘Confirm’ বুটামত ক্লিক কৰিব।

৫) তেতিয়া, টকা আদায় দিওঁতাজনে নিজৰ মোবাইলত নিৰ্দেশনা পাব ধন পৰিশোধ সম্পৰ্কে।

৬) আদায়কাৰীজনে তেতিয়া ‘Notification’ বুটামটোত ক্লিক কৰিব আৰু UPI এপ্‌টো খুলি লৈ পৰিশোধৰ বাবে অহা অনুৰোধ/আবেদনটোৰ পৰ্য্যালোচনা কৰিব।

৭) তাৰ ওপৰত ভিত্তি কৰি আদায়কাৰীজনে ‘Accept’ অথবা ‘decline’ যিকোনো এটা অপচনত ক্লিক কৰিবলৈ বিবেচনা কৰিব।

৮) যদি ‘Accept’ কৰে তেনেহ’লে M-PIN টো টাইপ কৰি আদায়কাৰীজনে লেনদেনৰ কৰ্তৃত্ব প্ৰদান কৰিব।

৯) যদি লেনদেন সম্পূৰ্ণ হয় তেতিয়া আদায়কাৰীজনে ‘Successful’ অথবা ‘Decline’ বাতৰি পাব।

১০) তাৰ পিচতহে ধনৰ বাবে অনুৰোধ কৰা গ্ৰাহকজনে মোবাইল নিৰ্দেশনা পাব আৰু বেংকৰ পৰা তেওঁৰ একাউন্টত ধন জমা হোৱা বুলি বাতৰি পাব।

 

উৎস: ভাৰতীয় ৰাষ্ট্ৰীয় ধন পৰিশোধ নিগম।

3.12820512821
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top