অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিমুদ্ৰাকৰণ আৰু পে টি এম:

বিমুদ্ৰাকৰণ আৰু পে টি এমৰ বিষয়ে লিখা হৈছে

বিমুদ্ৰাকৰণ আৰু পে টি এমৰ বিষয়ে-

৮ নৱেম্বৰ ২০১৬। এই দিনটো ভাৰতৰ অৰ্থনীতিত এক পাহৰিব নোৱাৰা দিন। সেইদিনাই আমাৰ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাতে প্ৰৱৰ্তন কৰিলে নতুন মুদ্ৰা নীতি। মূলত: দেশত বৃদ্ধি পোৱা জালনোটৰ অবাধ প্ৰচলন আৰু ক’লাধন জমাকাৰীক কাবু কৰাৰ বাবেই প্ৰৱৰ্তন কৰা নতুন মুদ্ৰানীতিৰ ফলত একে নিশাৰ ভিতৰতে বন্ধ হৈ পৰিল পুৰণি পাঁচশ আৰু এহেজাৰ টকীয়া নোট। তাৰ সলনি প্ৰৱৰ্তন কৰা হ’ল নতুন পাঁচশ আৰু দুহেজাৰ টকীয়া নোট। দেশৰ সকলো প্ৰান্ততে এই নীতিক ৰাইজে বিপুল সঁহাৰিৰে আদৰণি জনালে। চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত জনসাধাৰণে তেওঁলোকৰ সৈতে ৰখা সকলো পুৰণি পাঁচশ আৰু এহেজাৰ টকীয়া নোট বেংকত জমা দিব লাগিব। দেশৰ সকলো নাগৰিকে বহু কষ্ট কৰি হ’লেও পুৰণি পাঁচশ টকীয়া আৰু এহেজাৰ টকীয়া নোটসমূহ বেংকৰ জমা দিলে। জমা হোৱা নোটসমূহৰ ঠাইত প্ৰথমে উলিয়াই দিয়া হ’ল দুহেজাৰ টকীয়া নোট। পাছলৈ পাঁচশ টকীয়া নোটো প্ৰচলন কৰা হ’ল। এইখিনিতে এটি সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিলে। এই সমস্যাটো আছিল নতুন দুহেজাৰ আৰু পাঁচশ টকাৰ খুচুৰাৰ অভাৱ। কিবা বস্তু কিনোতে বা দোকানীয়ে বস্তুৰ দামটো ৰাখি বাকীখিনি ঘূৰাই দিবলৈ খুচুৰাৰ অভাৱ। সকলোৱে খুচুৰা বিচাৰি হাবাথুৰি খাবলগীয়া হ’ল। যিদৰে সকলো সমস্যাৰ সমাধান থাকে, সেইদৰে এই সমস্যাৰো সমাধান নথকা নহয়। এই খুচুৰাৰ সমস্যাটোৰ সমাধান হ’ল ‘কেছলেছ অনলাইন ট্ৰানজেকচন’। অৰ্থাৎ বস্তুৰ মূল্য হাতে হাতে প্ৰদান কৰাৰ সলনি অনলাইনযোগে পেমেন্ট কৰা। কেছলেছ অনলাইন ট্ৰানজেকচনৰ ভিতৰত হ’ল- ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ই-ৱালেট, নেট বেংকিং আৰু বহু মোবাইল এপ্লিকেচন যেনে পে টি এম, ফ্ৰীচাৰ্জ, এছ বি আই ফ্ৰীডম, এছ বি আই বাডী ইত্যাদি। কিন্তু এইখিনিতে সমস্যাটো হ’ল জনতাই এই ধৰণৰ কেছলেছ অনলাইন ট্ৰানজেকচনৰ বিষয়ে বা ইয়াৰ ব্যৱহাৰৰ বিষয়ে নাজানে। এই লেখাত পে টি এমনো কি বা ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে কিছু আভাস দিয়াৰ চেষ্টা কৰা হৈছে।

পে টি এমনো দৰাচলতে কি:-

 

আজিকালি সকলোৰে মুখত শুনিবলৈ পোৱা এটি নাম হ’ল পে টি এম। টিভি, বাতৰি কাকত, বিজ্ঞাপন, ছ’চিয়েল মিডিয়া আদি সকলোতে আজিকালি পে টি এমৰ বিষয়ে শুনিবলৈ অথবা দেখিবলৈ পোৱা যায়। ইয়াৰ সম্পূৰ্ণ নামটো হ’ল ‘Pay Through Mobile’ অৰ্থাৎ মোবাইলৰ জৰিয়তে বিল পৰিশোধ কৰা। মোবাইল বিল ৰিচাৰ্জ কৰাই হওক অথবা টেক্সী বা কেবত বিল পৰিশোধ কৰাই হওক, চিনেমাৰ টিকট বুক কৰা অথবা প্লে’নত টিকট বুক কৰাকে ধৰি সকলোতে পে টি এম ব্যৱহাৰ কৰিব পৰা যায়। বৰ্তমান মেডিকেল ষ্ট’ৰত বিল পেমেন্ট কৰা, চাহ দোকানত বিল পেমেন্ট কৰাৰ বাবেও আনকি পে টি এম ব্যৱহাৰ কৰা দেখা গৈছে।

পে টি এম হ’ল একপ্ৰকাৰৰ অনলাইনযোগে বস্তুৰ মূল্য পৰিশোধ কৰা ব্যৱস্থা। ইয়াৰ পৰা নগদ ধন ৰাখিব পাৰে ঠিক আহৰণ কৰিব পৰা নাযায়। আপুনি নিজৰ পকেটত যিদৰে নগদ ধন ৰাখিব পাৰে ঠিক সেইদৰে পে টি এমতো ধন জমা ৰাখিব পাৰি। এই ধন কোনো বস্তুৰ বিনিময়ত অনলাইনযোগে প্ৰদান কৰিব পৰা যায়। এ টি এম কাৰ্ড অথবা ডেবিট কাৰ্ডেৰে যিদৰে পেমেন্ট কৰিব পাৰি ঠিক সেইদৰে পে টি এমেৰেও অনলাইন পেমেন্ট কৰিব পৰা যায়। ইয়াত মূল্য পৰিশোধ কৰিবলৈ কোনো কাৰ্ডৰ প্ৰয়োজন নহয়। কিন্তু পে টি এম একাউন্টত ধন ৰাখিবলৈ ডেবিট অথবা ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হয়। যিসকলে ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ অথবা বন্ধুসকললৈ ধন পঠিয়াব লাগে অথবা বিভিন্ন সেৱা যেনে- উবেৰ, ওলা, মেক মাই ট্ৰিপ, বুক মাই চো আদিত খুচুৰা অভাৱত মূল্য পৰিশোধ কৰিবলৈ অসুবিধা পায়, তেনে লোকৰ বাবে পে টি এম বৰ উপকাৰী। পে টি এমৰ সহায়ত এনেবোৰত অতি সহজে পেমেন্ট কৰিব পৰা যায়। ইয়াক ‘অনলাইন ৱালেট’ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত পে টি এমৰ জৰিয়তে মোবাইল ৰিচাৰ্জ, ডি টি এইচ ৰিচাৰ্জ অথবা বিল পৰিশোধ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কিন্তু যোৱা ১৪ ফেব্ৰুৱাৰী ২০১৪ৰ পৰা পে টি এম ব্যৱস্থাই ই-কমাৰ্চ ক্ষেত্ৰখনকো সামৰি লৈছে।

ভাৰতীয় ৰিচাৰ্ভ বেংকে ইয়াত ধন ৰাখিবলৈ অথবা খৰচ কৰিবলৈ এক মাহেকীয়া সীমা নিৰ্দ্ধাৰণ কৰি দিছে। ব্যক্তিবিশেষে নিজৰ অনলাইন ৱালেটত দহ হাজাৰ টকাৰ ওপৰত ৰাখিব নোৱাৰে অথবা ইয়াৰ সহায়ত দহ হাজাৰ টকাৰ ওপৰত বজাৰো কৰিব নোৱাৰে। ইয়াৰ উপৰি এই ৱালেটৰ ঊৰ্ধ্বসীমা এক লাখ টকাও কৰিব পৰা যায়। কিন্তু তাৰ বাবে এই একাউন্টতটো কে ৱাই চি প্ৰক্ৰিয়াৰে সত্যাসত্য প্ৰমাণ কৰিব লাগিব।

পে টি এম একাউন্ট কেনেকৈ খুলিব পাৰি:-

 

পে টি এম একাউন্ট খোলাৰ ক্ষেত্ৰত কোনো জটিলতা নাই। আপুনি অতি সহজে পে টি এম ৱেব ছাইটত ইয়াৰ একাউন্ট খুলিব পাৰে। তলত পে টি এম একাউন্ট কেনেকৈ খুলিব পাৰি সেই বিষয়ে দিয়া হ’ল:

  • প্ৰথমতে google ত গৈ Paytm লিখি সন্ধান কৰক আৰু Paytmক নিজৰ Browserত খোলক অথবা Urlত গৈ পোনপটীয়াকৈ www.paytm.com লিখি এন্টাৰ কৰক। পে টি এম খোলা খালে sign upত ক্লিক কৰক।
  • Sing upত ক্লিক কৰাৰ পিছত আপোনাৰ বিষয়ে বিচৰা তথ্যসমূহ খালী ঠাইসমূহত পূৰণ কৰক।
  1. 1.নিজৰ মোবাইল নম্বৰটো দিয়ক।

2.  আপোনাৰ Email ID দিয়ক(এইটো অপচনেল)।

3.  আপোনাৰ পাছৱৰ্ড দিয়ক।(এইখিনিতে এটা কথা মনত ৰাখিব যাতে আপোনাৰ পাছৱৰ্ডটো সম্পূৰ্ণ গোপনীয় হয়।)

4.  Create Your Paytm Walletত ক্লিক কৰক।

  • এতিয়া আপোনাৰ সন্মুখত যিখন নতুন Window খোল খাব তাত বিচৰা তথ্যসমূহ পূৰণ কৰক।
  1. 1.আপোনাৰ যিটো মোবাইল নম্বৰ দিয়া হৈছিল তাত এটা OPT Code আহিব, সেইটো ইয়াত দিয়ক।

2.  আপোনাৰ নাম লিখক আৰু আপোনাৰ উপাধি দিয়ক।

3.  আপোনাৰ লিংগ নিৰ্ধাৰণ কৰক।

4.  Create Your Paytm Walletত ক্লিক কৰক।

  • পে টি এম নিশ্চিত কৰক।
  1. 1.আপোনাৰ নাম লিখা ঠাইৰ কাষত থকা মানুহৰ চিহ্নটোৰ কাষলৈ Mouse Courser টো লৈ গ’লে Option খোল খাব।

2.  View Profile ত ক্লিক কৰক।

  • ই-মেইল আই ডি নিশ্চিত কৰক।
  1. 1.Personal Infoত ক্লিক কৰক।

2.  Verify Emailত ক্লিক কৰক।

  • আপোনাৰ ই-মেইল একাউন্ট খোলক।
  1. 1.আপোনাৰ ই-মেইল খোল খালে তাত পে টি এমৰ আদৰণি মেইল আহিব।

2.  আপোনাৰ পে টি এমৰ পৰা যিখন মেইল আহিল সেইখন খোলক।

  • পৰৱৰ্তী পৰ্যায়ত মেইলখনত থকা Click Hereত ক্লিক কৰি আপোনাৰ একাউন্টটো নিশ্চিত কৰক।

পে টি এম ৱালেটত ধন কেনেকৈ জমা তথা সংযোজন কৰিব পাৰি:-

 

পে টি এম একাউন্ট খোলাৰ পিছত কোনো বস্তুৰ মূল্য পৰিশোধ কৰিবলৈ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড অথবা নেট বেংকিঙৰ সহায় লোৱা হয়। পে টি এমৰ সকলো ব্যৱহাৰকাৰীৰে সুকীয়া একাউন্ট থাকে, ইয়াক পে টি এম ৱালেট বুলি কোৱা হয়। বেংকৰ একাউন্টৰ দৰেই ইয়াত ধন জমা কৰি থ’ব পাৰি। পে টি এম ৱালেটত ধন জমা থাকিলে কোনো বস্তুৰ মূল্য পৰিশোধ কৰিবলৈ প্ৰতিবাৰেই আমি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাইবা নেট বেংকিঙৰ সহায় লোৱাৰ প্ৰয়োজন নহয়। পে টি এমত ধন সংযোজন কৰিবলৈ প্ৰথমতে পে টি এমৰ হোম পেজত থকা Add Moneyত ক্লিক কৰক।

আপুনি পে টি এম ৱালেটত যিমান পৰিমাণৰ ধন জমা তথা সংযোজন কৰিব বিচাৰে সেই ধনৰাশি উল্লেখ কৰক আৰু Add Money to Walletত ক্লিক কৰক। ধন সংযোগ কৰিবলৈ প্ৰথমে ডেবিট কাৰ্ডৰ পাব। যদিহে আপোনাৰ ওচৰত ডেবিট কাৰ্ড আছে তেন্তে সেই কাৰ্ডৰ নম্বৰ, ম্যাদৰ তিথি(Expire date) আৰু CVV নম্বৰ দি Play Nowত ক্লিক কৰক। এতিয়া আপোনাৰ ডেবিট কাৰ্ডৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ মেছেজযোগে অহা OPT Codeটো নিৰ্দিষ্ট স্থানত দি Doneত ক্লিক কৰক(পে টি এম ৱালেটত জমা কৰিব বিচৰা ধন আপোনাৰ ডেবিট কাৰ্ডৰ একাউন্টত থকাটো প্ৰয়োজনীয়)। ডেবিট কাৰ্ডৰ সলনি নেট বেংকিঙৰ সহায় লৈয়ো আপুনি পে টি এমত ধন জমা তথা সংযোজন কৰিব পাৰে। নেট বেংকিঙৰ সহায়ত পে টি এমত ধন সংযোজন কৰিবলৈ প্ৰথমে Net Bankingত ক্লিক কৰক। তাৰ পাছত বেংকৰ নামসমৃদ্ধ তালিকাৰ পৰা আপোনাৰ নেট বেংকিং থকা নামটো নিৰ্বাচন কৰক আৰু Play Nowত ক্লিক কৰক। এতিয়া নিজৰ User Name আৰু Password দি পেইমেন্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

যোৱা আঠ নৱেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাঁচশ আৰু এহেজাৰ টকীয়া নোট নিষিদ্ধ ঘোষণা কৰাৰ পিছতে দেশৰ জনসাধৰণৰ মাজত পে টি এম ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। পে টি এম ব্যৱহাৰৰ জড়িয়তে বজাৰত দেখা দিয়া নগদ ধনৰ অভাৱত সমস্যাৰ লগতে দীঘলীয়া শাৰী পাতি এ টি এমৰ পৰা ধন উলিওৱাৰ সমস্যাৰ পৰাও জনসাধাৰণক পৰিত্ৰাণ পোৱা দেখা গৈছে। মোবাইল টেকন’ল’জীৰ এই যুগত পে টি এম ব্যৱস্থাই দেশৰ অৰ্থনীতিত যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লগতে আমাক নগদবিহীন সমাজ নিৰ্মাণ কৰাত সহায় কৰিব।

 

উৎস:ৰাইজৰ বাতৰি, অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগ
2.90243902439
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top