অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ম’বাইল ইন্টাৰনেট বেংকিং

ম’বাইল ইন্টাৰনেট বেংকিং

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ডিজিটেল ইণ্ডিয়াক সাৰ্থক কৰিবৰ বাবে অহা ৩১ মাৰ্চৰ ভিতৰত বেংকৰ সকলো গ্ৰাহককে ম’বাইল বেংকিং সেৱাৰে জড়িত কৰিবৰ বাবে তথ্য আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্যালয়ে বেংকসমূহক নিৰ্দেশনা জাৰি কৰিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বৰ্তমান সৰ্বমুঠ ছেভিংছ বেংক একাউন্টৰ মাত্ৰ ৬৫ শতাংশ একাউন্টৰ গৰাকীৰহে ম’বাইল নম্বৰ বেংকৰ নথি-পত্ৰ বা কে ৱাই চি পত্ৰত উল্লেখ আছে। এই ৬৫ শতাংশৰো কেৱল ২০ শতাংশ একাউন্টৰ গৰাকীহে ম’বাইলেৰে বেংকৰ লেনদেন কৰে। কেনেকৈ বাকী থকা ৩৫ শতাংশ গ্ৰাহকৰ ম’বাইল নম্বৰ সংগ্ৰহ কৰিব বেংকে বা ম’বাইলেৰে লেনদেন কৰিবৰ বাবে ৮০ শতাংশ লোকক উৎসাহিত কৰিব সেয়া বেংকৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

অলপতে মোৰ ছেভিংছ একাউন্ট থকা বেংকৰ শাখা প্ৰবন্ধকগৰাকীয়ে বেংকে গ্ৰাহকৰ সচেতনতা বৃদ্ধি কৰিবৰ বাবে আয়োজন কৰা সভা এখনলৈ মোক নিমন্ত্ৰণ কৰিছিল। গ্ৰাহকৰ অৰ্থনৈতিক সাক্ষৰতা বৃদ্ধিৰ বাবে বেংকে লোৱা এই পদক্ষেপ প্ৰশংসনীয়।

যদি এ টি এম কাৰ্ডেৰে পইচা উলিওৱাৰ সময়ত আপোনাৰ একাউন্টৰ পইচা ওলাই যোৱাৰ বাৰ্তা এ টি এম মেচিনত প্ৰতিফলিত হয় বা ম’বাইল মেছেজ পায় কিন্তু এ টি এম ট্ৰেৰ জৰিয়তে যদি পইচাখিনি ওলাই নাহে তেতিয়া আপুনি কি কৰিব? ধনৰাশি ট্ৰেত ওলাই নহাৰ বিভিন্ন কাৰণৰ ভিতৰত হয়তো হ’ব পাৰে যান্ত্ৰিক বিজুতি বা এ টি এম মেচিনৰ লগত বৈদ্যুতিক সেৱাৰ হঠাৎ কৰ্তন ইত্যাদি ইত্যাদি। এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’লে তাৎক্ষণিকভাৱে আপোনাৰ একাউন্ট থকা বেংকক অৱগত কৰিব লাগে। এইক্ষেত্ৰত আপোনাৰ এ টি এম কাৰ্ডৰ পিচফালে উল্লেখ থকা শুল্কবিহীন নম্বৰৰো সহায় ল’ব পাৰে। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনামতে গ্ৰাহকে উক্ত সমস্যা অৱগত কৰাৰ সাত দিনৰ ভিতৰত বেংকে সেই সমস্যা সমাধান কৰিব লাগে, নহ’লে সাত দিনৰ পিচত প্ৰত্যেক অৱহেলিত দিনৰ বাবে এশ টকা বেংকে জৰিমনা ভৰিব লাগিব। এনেধৰণৰ বিজুতিত বেংকে সাধাৰণতে গ্ৰাহকৰ একাউন্টত কাটি নিয়া ধনৰাশি জমা কৰা দেখা যায়। তথাপি সচেতন নাগৰিক হিচাপে আপুনি বেংকে পঠিওৱা ম’বাইল বাৰ্তা বা বেংকৰ একাউন্ট নিৰীক্ষণ কৰাটো দৰকাৰ।

আকৌ যদি ইন্টাৰনেট বা ম’বাইল বেংকিঙেৰে যিকোনো সেৱাৰ বিপৰীতে ধন পৰিশোধ কৰাতো আপোনাৰ একাউন্টৰ পৰা ধনৰাশি কাটি নিয়ে কিন্তু সেৱা আগবঢ়োৱা গৰাকী বা প্ৰতিষ্ঠানে ধনৰাশি লাভ নকৰে তেনেহ’লে কি কৰিব? এনেধৰণৰ সেৱাত দুটা খলপ জড়িত হৈ থাকে। প্ৰথম- নিৰপেক্ষ প্ৰতিষ্ঠানে(যাক ইংৰাজীক পেমেন্ট গে’টৱে বুলি কয়) বেংকৰ পৰা ধনৰাশি কাটি নিয়ে আৰু দ্বিতীয় বেংকৰ পৰা কাটি নিয়া ধনৰাশি উক্ত নিৰপেক্ষ প্ৰতিষ্ঠানে পৰিশোধ কৰা গৰাকীৰ বা প্ৰতিষ্ঠানৰ একাউন্টত জমা কৰি দিয়ে। এইক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে যদি আপুনি ব্যৱহাৰ কৰা ইন্টাৰনেট সেৱাৰ গতি দুৰ্বল হয় বা যদি ধন উপলব্ধ হ’বলগীয়া প্ৰতিষ্ঠানৰ বা নিৰপেক্ষ বেংকৰ সৈতে লেনদেন এদিনতে সম্পন্ন কৰে আৰু ধন উপলব্ধ কৰোৱায়। গতিকে দুদিনৰ পাচত যদি আপুনি পঠিওৱা ধন গৰাকীয়ে লাভ নকৰে তেনেহ’লে নিৰপেক্ষ প্ৰতিষ্ঠানৰ লগতে বেংকৰ শুল্কবিহীন নম্বৰত যোগাযোগ কৰিব লাগে। ইয়াৰ আগতে আপুনি নিশ্চিত হোৱাটো দৰকাৰ আপোনাৰ একাউন্টৰ পৰা পঠিওৱা ধনৰাশি কাটি নিছে নে নাই, নতুবা কাটি নিয়া ধনৰাশি পুনৰ আপোনাৰ একাউন্টত জমা কৰিছে নেকি?

যদিও প্ৰতিবেদনত এ টি এম কাৰ্ড বা ইন্টাৰনেট মাধ্যমেৰে কৰা লেনদেনৰ সমস্যা দৃষ্টিগোচৰ কৰা হৈছে তাৰমানে এইটো নহয় যে গাহকে উক্ত সুবিধা গ্ৰহণৰ পৰা আঁতৰি থাকিব। যান্ত্ৰিক বিজুতি সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই যেনে- ৰিজাৰ্ভ বেংকে বা আন আন বেংকসমূহে লৈ অহা পদক্ষেপসমূহো প্ৰশংসনীয়। কেৱল গ্ৰাহক হিচাপে আপোনাৰ সজাগতা বৃদ্ধি কৰিবৰ বাবেহে উনুকিওৱা হৈছে উক্ত বিষয়সমূহ।

উৎস:দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate