মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল ভাৰত / প্ৰধানমন্ত্ৰী গ্ৰামীন ডিজিটেল সাক্ষৰতা অভিযানৰ নীতি-নিৰ্দেশনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধানমন্ত্ৰী গ্ৰামীন ডিজিটেল সাক্ষৰতা অভিযানৰ নীতি-নিৰ্দেশনা

প্ৰধানমন্ত্ৰী গ্ৰামীন ডিজিটেল সাক্ষৰতা অভিযান নিতী- নিৰ্দেশনাসমূহ উল্লেখ কৰা হৈছে।

১. আচঁনিৰ নাম: প্ৰধানমন্ত্ৰী গ্ৰামীন ডিজিটেল সাক্ষৰতা অভিযান।

২. ডিজিটেল সাক্ষৰতা মুল পৰিভাষা: ডিজিটেল সাক্ষৰ বুলিলে এজন ব্যক্তি বা সমুদায়ৰ সেই সামৰ্থ্য বা ক্ষমতাক বুজায় যত তেওঁলোকে নিজৰ জীৱন কালত এক অৰ্থপূৰ্ন কাৰ্য্য সাধনৰ উদ্দেশ্যে ডিজিটেল প্ৰযুক্তিগত আহিলা বোৰক উপযুক্ত ব্যৱহাৰ কৰিব পাৰে।

৩.উদ্দেশ্য: এই অভিযানৰ মুল উদ্দেশ্য হল ৰাজ্য/কেন্দ্ৰিয় শাসিত অঞ্চলৰ গ্ৰামীন অঞ্চলত বসবাস কৰা ছ্য় কোটি নাগৰিকক ডিজিটেল সাক্ষৰতা ৰুপে গঢ়ি তোলা তথা এই গ্ৰামীন অঞ্চলত বসবাস কৰা প্ৰায় ৪০% পৰিয়ালৰ পৰা একোজন ব্যক্তিক ডিজিটেল সাক্ষৰ নাগৰিক ৰুপে গঢ়ি তোলা।

এই আচঁনিৰ মুল উদ্দেশ্য হল গ্ৰামীন অঞ্চলৰ নাগৰিকক কম্পিউটাৰ ব্যৱহাৰ তথা বিভিন্ন ডিজিটেল প্ৰযুক্তিগত আহিলা যেনে লেপটপ,স্মাৰ্ট ফোন,ই-মেইল,ইন্টাৰনেট ব্যৱহাৰিক জ্ঞান,বিভিন্ন চৰকাৰী অনলাইন সেৱা লাভৰ সুবিধা,বিভিন্ন সা-খবৰ অনুসন্ধান কৰিবলৈ সক্ষম কৰোৱা,ডিজিটেল আৰ্থিক লেনদেনৰ বিষয়ে অৱগত কৰোৱা ইত্যাদি যাতে ইয়াৰপৰা গ্ৰামীন অঞ্চলত বসবাস কৰা নাগৰিকে আধুনিক তথ্য-প্ৰযুক্তিগত আহিলা ব্যৱহাৰ কৰিবলৈ সক্ষম হয় বিশেষকৈ ডিজিটেল বিত্তিয় লেনদেনৰ বিষয়ত জ্ঞাত হয় তথা এখন সমৃদ্ধিশীল দেশ নিৰ্মানৰ কাৰ্য্যত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰিব পাৰে।এই আচঁনিৰ জৰিয়তে সমাজত থকা যি ডিজিটেল সাক্ষৰতা যি ব্যৱধান তাক একত্ৰিত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছে বিশেষকৈ পিছপৰা শ্ৰেনী যেনে অনুসুচিত জাতি,অনুসুচিত জনজাতি,দুখীয়া শ্ৰেনী তথা সমাজৰ সংখ্যালঘু লোকসকলক লক্ষ্য কৰি।

৪. কাৰ্যকৰী সংস্থান: এই আচঁনি CSC-ই-গৱৰ্নছ চাৰ্ভিছ ইণ্ডিয়া লিমিটেডে এক স্পেচিয়েল পাৰপছ ভিকেল(SPV) যি কোম্পানীৰ অধিনিয়ম ১৯৫৬ অধীনৰ অন্তৰ্গত হয়,ইলেকট্ৰ্নিছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ সম্পূৰ্ন তত্বাৱধনাত সকলো ৰাজ্য আৰু কেন্দ্ৰিয় শাসিত চৰকাৰৰ যৌথ সহযোগত এই আচঁনি কাৰ্যকৰী কৰা হব।

৫.সময়সীমা: এই আচঁনিখনৰ সময়সীমা ৩১মাৰ্চ ২০১৯লৈ কাৰ্যকৰী হৱ।

৬. হিতাধিকাৰী:

(১) যোগ্য পৰিয়াল= এটি যোগ্য পৰিয়াল বুজিলে এটি পৰিয়ালৰ প্ৰধান মুৰব্বী,মহিলা,লৰা-ছোৱালী তথা পিতৃ-মাতৃক বুজোৱা হৈছে।এনে ধৰনৰ পৰিয়ালৰ ভিতৰত যদি এজনো ডিজিটেল ৰুপত  সাক্ষৰ নহয় তেনে পৰিয়ালক এই আচঁনিৰ অধীনত যোগ্য পৰিয়াল বুলি বিবেচিত কৰা হব।

(২)প্ৰৱেশৰ মানদণ্ড-

১: হিতাধিকাৰীজন ডিজিটেল ভাবে নিৰক্ষৰ হব লাগিব।

২:প্ৰতিটো যোগ্য পৰিয়ালৰ একোজন ব্যক্তিক এই আচঁনিৰ অধীনত প্ৰশিক্ষনৰ বাবে নিৰ্বাচিত কৰা হব।

৩: বয়সৰ অৰ্হতা: ১৪-৬০ বছৰৰ ভিতৰত।

(৩)অগ্ৰাধিকাৰ প্ৰদান কৰা হব-

১: স্মাৰ্টফোন ব্যৱহাৰ কৰিব নজনা লোক,অন্টোদয়া পৰিয়াল,কলেজ ড্ৰ্প শিক্ষাৰ্থী,বয়জেষ্ঠ সাক্ষৰতা অভিযানৰ অংশগ্ৰহনকাৰী।

২: শ্ৰেনী ৯ পৰা ১২ সেইসকল শিক্ষাৰ্থী যিসকল ডিজিটেল শিক্ষাৰ জ্ঞানৰে অশিক্ষীত তথা স্কুলত কম্পিউটাৰ আইটিচি প্ৰশিক্ষন জ্ঞান লাভ কৰা নাই বা শিক্ষাৰ সুবিধা নাই।

৩:অনুসুচিত জাতি,জনজাতি তথা পিছপৰা দুখীয়া শ্ৰেনীৰ লোক,মহিলা শাৰীৰিকভাৱে অক্ষম লোকক অগ্ৰাধিকাৰ প্ৰদান কৰা হব।

৪:CSC-SPV য়ে গাওঁ পঞ্চায়ত,ব্লক,DEG সক্ৰিয় যৌথ সহযোগত হিতাধিকাৰী প্ৰশিক্ষনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পাদন কৰিব।নিৰ্বাচীত হোৱা হিতাধিকাৰীসকলৰ নাম পৰ্টেলত পিছত উপলদ্ধ কৰা হব।

(৭) প্ৰেক্ষাপট:

চৰকাৰে অভিলাসী দৃষ্টিকোণ গ্ৰহন কৰি ভাৰতৰ সমাজ আৰু অৰ্থনৈতিক জ্ঞান ব্যৱস্থাক ডিজিটেল সমতালৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে ডিজিটেল ইণ্ডিয়া কাৰ্য্যসূচী আৰম্ভ কৰিছিলে। এই কাৰ্যকৰ্মত সাধাৰণ নাগৰিকক বিভিন্ন ই-গভৰ্নেচ ব্যৱস্থাৰ লগত জড়িত কৰা প্ৰচেষ্ঠা কৰা হ’ব যাতে এই ব্যৱস্থাৰ লগত সৰ্বসাধাৰণ নাগৰিকৰ অংশীদায়িত্ব বৃদ্ধি হয় আৰু প্ৰশাসন ব্যৱস্থাক আৰু অধিক জৱাৱদেহী কৰিব পাৰে। ডিজিটেল ইণ্ডিয়াৰ কাৰ্যসূচী সফল ৰূপে তেতিয়াহে পৰিগণিত হোৱাৰ অনুভৱ কৰিব পৰা যাব যেতিয়া স্থান কাল নিৰ্বিশেষে প্ৰতিজন ব্যক্তিয়ে ডিজিটেল প্ৰযুক্তি-পৰিসেৱা উপভোগ কৰিব পাৰিব তথা ইয়াৰ সুবিধা ল’ব পাৰিব। এই ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল দেশক সাৰ্বজনীন ৰূপে ডিজিটেল সক্ষৰতা ৰূপে গঢ়ি তোলা তথা বিশেষকৈ গাঁৱত বসবাস কৰা লোকসকলক ডিজিটেল সাক্ষৰ ৰূপে গঢ়ি তোলা।

চৰকাৰে দুটা আঁচনিক দেশৰ নাগৰিকক ডিজিটেলি সাক্ষৰ কৰি তুলিবলৈ অনুমোদন দিছে। যাৰ নাম হ’ল ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা অভিযান আৰু ডিজিটেল সাক্ষৰতা অভিযান। যাক CSC-SPV ই-গভৰ্নেচ চাৰ্ভিছ ইণ্ডিয়া লিমিটেড এক স্পেচিয়েল পাৰপছ ভিকেল(কোম্পানী অধিনিয়ম ১৯৯৬ অন্তৰ্গত এক সাৰ্বজনীন লিমিটেড কোম্পানী)ৰ দ্বাৰা কাৰ্যকৰী কৰা হ’ব। এই দুয়োখন আঁচনিৰ অধীনত ৫২.৫ লাখ বিধিগত প্ৰমাণিত হিতাধিকাৰী ডিজিটেল সাক্ষৰতা প্ৰদান কৰা লক্ষ্য ডিচেম্বৰ ২০১৬ তে উপনীত হোৱা দেখা গ’ল যিটো প্ৰস্তাৱিত সময়-সীমা ২০১৮ৰ বহু আগতেই উপনীত হয়। মাননীয় দেশৰ বিত্তমন্ত্ৰীয়ে কেন্দ্ৰীয় বাজেট ২০১৬-১৭ চন উপস্থাপন কৰাৰ সময়ত ঘোষণা কৰিছিল:

‘আমি জনসংখ্যাক লাভালাভৰ পৰা অধিক লাভম্বিত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি গাঁৱত ডিজিটেল সাক্ষৰতা বিষয়ত ব্যাপক প্ৰচাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভাৰতৰ গ্ৰামীণ অঞ্চলত বসবাস কৰা প্ৰায় ৬১.৮ কোটি পৰিয়ালৰ ভিতৰত ১২ কোটি পৰিয়ালতে কম্পিউটাৰ নাই তথা ডিজিটেলি সাক্ষৰ লোকৰ সম্ভাৱনা কম। দেশত ডিজিটেল সাক্ষৰতাক উচিত প্ৰসাৰৰ উদ্দেশ্যে ইতিমধ্যে আমি দুখন আঁচনিৰ অনুমোদন প্ৰদান কৰিছো। এই দুখন আঁচনি হ’ল ৰাষ্ট্ৰীয় ডিজিটেল সাক্ষৰতা মিছন আৰু ডিজিটেল সাক্ষৰতা অভিযান। এতিয়া আমি আগন্তুৰ তিনি বৰ্ষৰ ভিতৰত গ্ৰামীন ভাৰতৰ প্ৰায় ৬ কোটি অতিৰিক্ত পৰিয়ালক ডিজিটেল সাক্ষৰতাৰ আওতালৈ অনালৈ এক নতুন ডিজিতেল সাক্ষৰতা মিছন আৰম্ভ কৰাৰ পৰিকল্পনা কৰি থকা হৈছে। এই আঁচনিৰ বিৱৰণ বেলেগ বেলেগ ধৰণৰ হ’ব’।

বৰ্তমান এই আচঁনি মাননীয় বিত্তমন্ত্ৰী বাজেটত ওপৰত উল্লেখিত ঘোষণাৰ ফলোআপ হিচাপে প্ৰ্স্তত কৰা হৈছে।

ডিজিটেল ইণ্ডিয়াৰ কাৰ্যসূচীৰ অধীনত ডিজিটেল সাক্ষৰতা হল এক মহত্বপূৰ্ণ পৰিকল্পনা য’ত সমাজ এখনক ডিজিটেল সমৃদ্ধি সৱল সমাজ ৰূপে গঢ়ি তোলা হ’ব।ডিজিটেল সাক্ষৰতা আনুষাংশিক লাভালাভৰ প্ৰভাৱ বিশেষকৈ গ্ৰামীণ ভাৰতৰ দৃষ্টিকোণেদি নানা সামাজিক আৰু আৰ্থিক সমস্যা সমাধান কৰিব পৰা যাব। ডিজিটেল সাক্ষৰতাই স্বাস্থ্যসেৱা, জীৱিকা, শিক্ষা আদি ক্ষেত্ৰত বিশেষকৈ গাঁৱৰ জনসাধাৰণ দৈনিন্দন জীৱনত আইসিটি সুফল লাভ কৰাত সহায় কৰিব।

ইয়াৰ উপৰিও যিহেতু চৰকাৰৰ আন এটা মূল লক্ষ হ’ল মোবাইল ফোনৰ দ্বাৰা আৰ্থিক লেনদেনৰ প্ৰসাৰ ঘটোৱা, সেয়ে এই কাৰ্যসূচীৰ মাধ্যমেদি ইলেক্ট্ৰনিকচ পেমেন্টচৰ বাবে ডিজিটেল বিত্তীয় আহিলাবোৰৰ ব্যৱহাৰিক জ্ঞানৰ তথা প্ৰশিক্ষনৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ।

(৮).প্ৰকল্পৰ পৰিধি :

এই আঁচনি দেশৰ কেৱল গ্ৰামীণ অঞ্চলৰ প্ৰযোজ্য হ’ব। দেশত এই আঁচনিখনক প্ৰভাৱশালী ৰূপত কাৰ্যকৰী কৰিবলৈ, ঘৰুৱা পৰিয়ালৰ উপলব্ধাৰ ওপৰত ভিত্তি কৰি ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে সাংকেতিক আনুবাদ আধাৰিত লক্ষ্য পৰিসিস্ত-১ত উল্লেখিত বিৱৰণ অনুযায়ী/কেন্দ্ৰীয় শাসিত অঞ্চলত উল্লেখিত লক্ষ্য কেৱল মাথো সাংকেতিক চিহ্ন হয় তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশবোৰৰ বাবে তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি অধীক লক্ষৰ নমনীয়তা কৰা হ’ব। যিবোৰ পঞ্চায়ত চহৰাঞ্চলৰ অন্তৰ্গত হয় তেনে পঞ্চায়তক এই আঁচনিৰ পৰা বাহিৰত ৰখা হ’ব। তেনেধৰণৰ পঞ্চায়তবোৰক CSR উদ্যোগ সংগঠনৰ দ্বাৰা সামৰি লোৱাৰ ব্যৱস্থা কৰা হ’ব। সমগ্ৰ দেশত ন্যায় সংগতভাৱে ভৌগলিক কভাৰেজ সুনিশ্চিত কৰাৰ উদ্দেশ্যে, ২.৫০ লাখ গ্ৰাম পঞ্চায়তৰ ভিতৰত প্ৰত্যেকৰ বাবে নিৰ্দ্ধাৰিত আৰু চোৱা-চিতা কৰাৰ উদ্দেশ্যে এক গাঁও পঞ্চায়ত কেন্দ্ৰিক দৃষ্টিকোণ অৱলম্বন কৰা হ’ব। গড়ে প্ৰতিটো গাওঁ পঞ্চায়ততে প্ৰায় ২০০ৰ পৰা ৩০০ হিতাধিকাৰী এটি লক্ষ্য নিৰ্দ্ধাৰণ কৰি লোৱা হ’ব। গ্ৰাম পঞ্চায়তৰ প্ৰকৃত লক্ষ্য নিৰ্দ্ধাৰণ কৰিব জিলা ই-গভৰ্নেচ চছাইটি তথা ডিষ্টিক মেজিষ্টেটে, জিলাখনৰ পৰিধি আয়তন জনস্ংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি। ইয়াৰ উপৰিও তেনেবোৰ গাঁৱক ডিজিটেল সাক্ষৰতাৰ ওপৰত গঢ়ি তোলাৰ প্ৰচেষ্ঠা কৰা হ’ব যিবোৰ গাঁও প্ৰ্ধান মন্ত্ৰী আদৰ্শ গ্ৰাম্য আঁচনি অধীনত পৰে।

(৯)ব্যাপক কাৰ্যকৰী পদ্ধতি :

মেয়তিয়ে উপযুক্ত নীতিৰ ক্ষেত্ৰত সহায়তা প্ৰদান কৰিব তথা কেন্দ্ৰীয়ভাৱে এই প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰিব। CSC-SPV-এ তেওঁলোকৰ নিজা সম্পৰ্কীত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত এই আঁচনি সুচাৰুৰূপে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ/প্ৰশাসনিক মণ্ডলীৰ লগত যৌথ ৰূপত সক্ৰিয়ভাৱে কাম কৰিব। জিলা মেজিষ্টেট/ডিষ্টিক কালেক্টৰ অধীনত ডিষ্টিক ই-গভৰ্নেচ চছাইটি শেষ পৰ্যন্ত্ পিএমজিদিআইএসএছএ আঁচনিৰ কাৰ্যকৰী তথা পৰ্য্যবেক্ষণ কৰাত প্ৰধান ভূমিকা পালন কৰিব। তৃণমূল পৰ্যায়ত এই আঁচনি কাৰ্যকৰী সংস্থান CSC-SPV-ৰ লগত সংযুক্ত CSC স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ প্ৰতিস্থান/কেন্দ্ৰৰ সহযোগত কাৰ্যকৰী কৰা হ’ব। এই আঁচনিৰ বাস্তৱিক কাৰ্যকৰী ৰূপ পৰৱৰ্তী ভাগত উপস্থাপন কৰা হ’ব।

৯.১.বিভিন্ন স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত এই আঁচনি কাৰ্যকৰী কৰা হ’ব। যেনেকৈ NDLM/DISHA আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। সমগ্ৰ দেশত এই আঁচনি সঠিক ৰূপত কাৰ্যকৰী কৰিবলৈ প্ৰায় ২৫শ প্ৰশিক্ষণ প্ৰদানকাৰী সংস্থান(Training partner) আৰু প্ৰায় ২.৫ লাখ প্ৰশিক্ষণ কেন্দ্ৰৰ(CSC-training centre) সক্ৰিয় কৰা যাৱ।CSC-SPVৰ দ্বাৰা অনুমোদিত বিভিন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত এই ডিজিটেল সাক্ষৰতা প্ৰদান কৰা কাৰ্যসূচী কাৰ্যকৰী কৰা হ’ব। এই প্ৰশিক্ষণ কেন্দ্ৰবোৰ হ’ব যেনে CSC, NIELIT, বয়জ্যেষ্ঠ শিক্ষন প্ৰতিষ্ঠান, ইগনো চেন্টাৰ, এনজিঅ, গ্ৰাম্য নিয়োগ প্ৰশিক্ষণ প্ৰতিষ্ঠান ইত্যাদি।

৯.২.এই প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰ :

এই আঁচনি কাৰ্যকৰী কৰিবলৈ ৰাজ্যখনৰ ভিতৰত এটি সুনিৰ্দিষ্ট অঞ্চলক দায়িত্ব প্ৰদান কৰা হ’ব। CSC-SPVৰ দ্বাৰা অনুমোদিত মানদণ্ড অনুযায়ী এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পদনা কৰিবলৈ প্ৰাথমিক সা-সুবিধা থকাটো প্ৰয়োজন।

৯.৩/প্ৰশিক্ষণ প্ৰদানকাৰীৰ সহযোগী সংস্থানবোৰ :

এই আঁচনি এনজিঅ/প্ৰতিষ্ঠান সহযোগত কাৰ্যকৰী কৰিবলৈ বিচৰা হৈছে যিয়ে CSC-SPVৰ লগত আলোচনা মৰ্মে এই প্ৰশিক্ষণ কাৰ্যসূচী নিৰ্দ্ধাৰিত মানদণ্ডত উপনিত হোৱা ওপৰত ভিত্তি কৰি ডিজিটেল সাক্ষৰতা প্ৰশিক্ষণ প্ৰদান কৰিব বিচৰা হৈছে। এই মানদণ্ডবোৰ তলত উল্লেখ কৰা হ’ল-

  • এই প্ৰশিক্ষণৰ অংশীদাৰী প্ৰতিষ্ঠান ভাৰতত পঞ্জীভূত হোৱা সংগঠন হ’ব লাগিব তথা ৩ বছৰতকৈ অধিক কাল শিক্ষা/তথ্য প্ৰযুক্তি প্ৰশিক্ষণ পাঠ্যক্ৰমৰ লগত জড়িত হ’ব লাগিব। তাৰোপৰি ইনকাল টেক্স নম্বৰ আৰু অধিক ষ্টেটমেন্ট শেহতীয়া তিনিবছৰ থাকিব লাগিব।
  • সংস্থান/সংগঠনবোৰ ভাৰতৰ যিকোনো আইনী অধিনিয়মৰ অধীনত পঞ্জীভূত হ’ব লাগিব। উদাহৰণস্বৰূপে কোনো কোম্পানী যেনেকৈ কোম্পানী ৰেজিষ্টাৰ হ’ব লাগে, চছাইটিৰ ক্ষেত্ৰত এই চছাইটি পঞ্জীভূত থকা হ’ব লাগিব।
  • এই সহযোগী সংস্থাৰ শিক্ষা/আই টি সাক্ষৰতা প্ৰশিক্ষণৰ সমগ্ৰ প্ৰক্ৰিয়াৰ উদ্দেশ্য আৰু পদ্ধতি সম্পৰ্কে সুপষ্ঠ ধাৰণা থাকিব লাগিব।

৯.৩.১/ সহযোগী প্ৰশিক্ষণ সংস্থাৰ দায়িত্ব-

  • প্ৰশিক্ষণ সহযোগী সংষ্ঠানবোৰৰ নিৰ্দিষ্ট জিলা/ব্ল’ক/গাওঁ পঞ্চায়তত নাগৰিকক ডিজিটেল সাক্ষৰতা প্ৰশিক্ষণ প্ৰদানৰ বাবে নিজা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে দায়ী থাকিব।
  • এই প্ৰশিক্ষণ সহযোগী সংষ্ঠানবোৰ এইটো সুনিশ্চিত কৰিব লাগিব যে প্ৰশিক্ষণ কেন্দ্ৰবোৰত এই আঁচনি খনৰ প্ৰয়োজনীয়তা মানি চলিব লাগিব।
  • এই প্ৰ্শিক্ষণ কেন্দ্ৰৰ অধীনত থকা প্ৰশিক্ষন কেন্দ্ৰবোৰৰ কাম-কাজ পৰ্য্যবেক্ষণৰ বাবে দায়িত্ব থাকিব।
  • এই সহযোগী প্ৰশিক্ষণ সংষ্ঠান অধীনৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰৰ নিৰ্দ্ধাৰিত কাম-কাজ কাৰ্যকৰী তথা সময় মতে ৰিপৰ্ট কৰাৰ বাবে দায়ী থাকিব।
  • সহযোগী প্ৰশিক্ষণ সংস্থাৰ বিষ্ঠাৰিত নিয়ম প্ৰণালী CSC-SPVৰ দ্বাৰা প্ৰকাশিত ষ্টেণ্ডাৰ্ড ওপাৰেটিং প্ৰচিডিওৰ মতে হ’ব।

৯.৪/প্ৰশিক্ষণ কেন্দ্ৰ :

এই সহযোগী প্ৰশিক্ষণ সংষ্ঠানবোৰে নিৰ্দিষ্ট গাওঁ পঞ্চায়তত উপযুক্ত আন্ত:গাঁথনি তথা জনশক্তিলৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব। এই প্ৰশিক্ষণ কেন্দ্ৰবোৰে তলত উল্লেখিত মানদণ্ডবোৰ মানি চলিব লাগিব-

  • এই প্ৰশিক্ষণ কেন্দ্ৰ শিক্ষা/আই টি সাক্ষৰতা প্ৰদানৰ ক্ষেত্ৰৰ লগত জড়িত প্ৰমাণ পত্ৰসহ ভাৰতত পঞ্জীভূত সংষ্ঠান হ’ব লাগিব। এই প্ৰশিক্ষণবোৰ সকলো ধৰণৰ সম্পূৰ্ণ ধৰণৰ পিছত, CSC-SPVৰ দ্বাৰা গঠিত স্কিনিং কমিটিয়ে প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ পৰিদৰ্শন কৰিব আৰু এই কমিটিৰ সন্তোষজনক ৰিপৰ্ট লাভ কৰাৰ পিছত স্বীকৃতি প্ৰদান কৰিব।
  • এই প্ৰশিক্ষণ সহযোগী সংষ্ঠানবোৰৰ বিস্তাৰিত নিয়ম প্ৰণালী CSC-SPVৰ দ্বাৰা প্ৰকাশিত ষ্টেণ্ডাৰ্ড ওপাৰটি প্ৰচিডোওৰ অনুযায়ী হ’ব।
  • CSC-SPVৰ লগত কাম কৰা সকলো CSCক প্ৰশিক্ষণ কেন্দ্ৰ ৰূপে বিবেচনা কৰা হ’ব আৰু এই মানদণ্ড আৰু দিশা নিৰ্দেশ এই CSCৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতো প্ৰযোজ্য হ’ব।

৯.৪.১/প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ ভূমিকা :

প্ৰশিক্ষণ কেন্দ্ৰবোৰ নিম্নলিখিত কাৰ্য্যৰ বাবে বাধ্য থাকিব-

  • প্ৰাৰ্থীক এই পাঠ্যক্ৰমত অন্তৰ্ভূক্তি কৰোৱা।
  • প্ৰাৰ্থীক উচিত প্ৰশিক্ষণ প্ৰদান কৰা।
  • অনলাইন পৰ্য্যাবেক্ষন এপ্লিকেচন আৰু প্ৰশিক্ষন মেনেজমেষ্ট চিষ্টেম ব্যৱহাৰ কৰি প্ৰাৰ্থীৰ উপস্থিতি সুনিশ্চিত কৰা তথা ধাৰাবাহিক ভাৱে তাক মুল্যাংকন কৰা।
  • পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱা সকলো প্ৰাৰ্থীৰ ৰেকৰ্ড ৰখা, প্ৰাৰ্থী পাঠ্যক্ৰমত উপস্থিত প্ৰমাণ পত্ৰ প্ৰদান কৰা তথা প্ৰাৰ্থী যাতে অনলাইন পৰীক্ষাত অৱৰ্তীন হ’ব পাৰে সেইটো সুনিশ্চিত কৰা।
  • এই প্ৰশিক্ষণ সংস্থানবোৰ এই প্ৰশিক্ষণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছটো অতি কমেও দুবছৰলৈ প্ৰয়োজনীয় হোৱা সহায়-সহযোগিতা আগবঢ়াব।
  • প্ৰতিজন প্ৰাৰ্থীৰ প্ৰশিক্ষণৰ ফলাফল সুনিশ্চিত কৰা।

৯.৫. এই প্ৰশিক্ষন কাৰ্য্যসূচী সময়ছোৱাত বৃহৎ সংখ্যক নতুন নিউ আইটি প্ৰাৰ্থীক মবাইল ফোনৰ দ্বাৰা বিষয়-বস্ত যোগান ধৰাৰ প্ৰস্তাৱ লোৱা হৈছে যাতে ইয়াৰ দ্বাৰা নতুন বিষয়-বস্ত শিকিব পাৰে।

৯.৬.আধাৰ নম্বৰ প্ৰতিজন হিতাধিকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়া তথা পুনাৰাবৃত্তিৰ পৰা হাত সাৰিব উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব। এই কাৰ্যসূচী স্বচ্ছ শুদ্ধ ৰূপত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত উপযুক্ত অনলাইন মেচিন CSC-SPVৰ দ্বাৰা সংস্থাপিত কৰা হ’ব।

৯.৮.প্ৰশিক্ষণ কেন্দ্ৰবোৰে হিতাধিকাৰীক এই পাঠ্যক্ৰম সফল ৰূপে কাৰ্যকৰী কৰাৰ বাবে উৎসাহিত কৰিব।

৯.৯.এই প্ৰশিক্ষণ কাৰ্যসূচী সফল সমাপ্তি হোৱাৰ পিছত প্ৰশিক্ষণ সহযোগী সংষ্ঠান/কেন্দ্ৰই CSC-SPVৰ ওচৰত প্ৰশিক্ষণ প্ৰাপ্ত ব্যক্তিৰ ৰিপৰ্ট যোগান ধৰিব।

৯.১০.প্ৰশিক্ষণ প্ৰাপ্ত হিতাধিকাৰীয়ে এটা মান্যতাপ্ৰাপ্ত এজেন্সিৰ দ্বাৰা এক অনলাইন পৰীক্ষাত অৱৰ্তীন হ’ব লাগিব। প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰ ক্ষেত্ৰত হোৱা যাৱতীয় খৰচ তেতিয়াহে CSC-SPVৰ দ্বাৰা মুকলি কৰি দিয়া হ’ব যেতিয়া প্ৰাৰ্থীজন সফলতাভাৱে এই পাঠ্যক্ৰম সমাপ্ত হোৱা চাৰ্টিফিকেট লাভ কৰিব।

৯.১১.প্ৰশিক্ষিত হিতাধিকাৰী প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় স্তৰত প্ৰমাণিত এজেন্সিৰ দ্বাৰা পৰিচালিত অনলাইন পৰীক্ষাৰ দ্বাৰা সম্পাদনা কৰা হ’ব। এই সংস্থাবোৰৰ নাম হ’ল ৰাষ্ট্ৰীয় ইলেক্টনিকচ আৰু তথ্য প্ৰযুক্তি সংস্থান, ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় সংষ্ঠান, আই চি টি একাডেমী অফ তামিলনাডু, হাৰিয়ানা নলেজ কোপাৰেচন লিমিটেড তথা ৰাষ্ট্ৰীয় উদ্যোগ আৰু লঘু ব্যৱসায়ী বিকাশ সংষ্ঠান। এনেধৰণৰ কাৰ্য্য সম্পাদিত অভিজ্ঞ বিভিন্ন সংষ্ঠান প্ৰতিষ্ঠানক এই অনলাইন মূল্যায়ন প্ৰক্ৰিয়াত জড়িত কৰোৱা হ’ব। অতি কমেও একোখন ৰাজ্যত যাতে এটা স্ংস্থানে এই কাৰ্য্য নিয়াৰীকৈ পৰিচালনা কৰিব পাৰে সেইটোৰ ওপৰত জোৰ দিয়া হ’ব।

৯.১২.ইণ্ডাষ্টি, এনজিঅ আৰু অন্যান্যৰ দ্বাৰা বিভিন্ন আই টি সাক্ষৰতা প্ৰচেষ্টা একত্ৰিকৰণ :

ইণ্ডাষ্টি, এনজিঅ আৰু অন্যান্যৰ দ্বাৰা দেশত ডিজিটেল সাক্ষৰতা প্ৰসাৰৰ প্ৰচেষ্টা কাৰ্যপ্ৰণালী এই আঁচনিৰ অধীনত একত্ৰিত কৰা হ’ব আৰু এইক্ষেত্ৰত CSC-SPVয়ে সঠিক সমন্বয় ভূমিকা পালন কৰিব। এই বিষয়ত CSC-SPVয়ে সমন্বয় ভুমিকা পালন কৰিব আৰু বিভিন্ন সহযোগী সংস্থাৰ দিহা-পৰামৰ্শ লবলৈ চেষ্ঠা কৰা হ’ব। যি শিক্ষাৰ্থী এনে উদ্যোগ প্ৰতিষ্ঠানৰ যোগেদি প্ৰশিক্ষণ লাভ কৰিছে তেনে প্ৰাৰ্থীক মান্যতাপ্ৰাপ্ত প্ৰমাণপত্ৰ এজেন্সিৰ দ্বাৰা ডিজিটেল সাক্ষৰতা প্ৰমাণ পত্ৰৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। এইধৰণৰ এনে প্ৰাৰ্থীক এই এজেন্সিবোৰৰ নিজৰ নিজাববীয়া উৎস/কো-অপাৰেট চছিয়েল ৰেচপোনচিবিলিটি ফ্ৰাণ্ডৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব। এনে পদ্ধতিৰ দ্বাৰা প্ৰশিক্ষিত প্ৰাৰ্থী চাৰ্টিফাইড এজেন্সিৰ দ্বাৰা সম্পাদিত পৰীক্ষাত অৱৰ্তীন হ’ব পাৰিব আৰু এই চাৰ্টিফিকেটৰ খৰচ এই এজেন্সিবোৰে গ্ৰ্হণ কৰিব।

৯.১৩.বিভিন্ন সংস্থাৰ ভূমিকা আৰু দায়িত্ব:

৯.১৩.১.মেইটি :

  • এখন সবলীকৰণ কমিটি, চেক্ৰেটাৰী সভাপতিত্বত দ্বাৰা গঠন কৰা হব যাতে এই প্ৰকল্পৰ যিকোনো পলিচি লেভেলে ইন্টাৰভিছন সংক্ৰান্ত সিদ্ধান্ত লোৱা উদ্দেশ্যে।
  • প্ৰজেক্ট ৰিভিউ আৰু স্তাইৰিং বুক(PRSG) জে এছ(এছ আৰ)ৰ সভাপতিত্ব মেইটিৰ দ্বাৰা গঠিত হৈছে যাতে প্ৰকল্প নিৰ্ধাৰিত সময়মতে সমাপ্তি তথা ফাণ্ডৰ ৰিলিচ সময়মতে হয়।
  • PRSG অনুমোদন সাপেক্ষে বিভিন্ন কাৰ্যকৰী প্ৰতিষ্ঠানক প্ৰয়োজনীয় ধনৰাশি মোকলাই দিয়া/মূল্যায়ংকন কৰা/অনুমোদন কৰা মেইটিৰ দ্বাৰা।
  • এই আঁচনি সঠিক প্ৰগতি তথা সফল্ পৰিসমাপ্তি হকে মেইটিৰ দ্বাৰা দিহা-পৰামৰ্শ প্ৰদান তথা বিভিন্ন চৰকাৰী সংগঠন, বিভাগৰ লগত সমন্বয় সাধন ঘটোৱা।
  • এই আঁচনিৰ লগত জড়িত বিভিন্ন আনুসাংগিক বিষয় দাঙি ধৰা।

৯.১৩.২/প্ৰগ্ৰেম মেনেজমেন্ট ইউনিট(PMU) :

এটা প্ৰগ্ৰেম মেনেজমেন্ট ইউনিট CSC ই-গভৰ্নেচ ছাৰ্ভিচ ইণ্ডিয়া লিমিটেডৰ অধীনত স্থাপন কৰা হ’ব এই আঁচনিখন কাৰ্যকৰী কৰাৰ বাবে। প্ৰগ্ৰেম মেনেজমেন্ট ইউনিট মেইটিক এই প্ৰকল্পৰ কাৰ্যকৰী ব্যৱস্থাপনা তথা চোৱা-চিতা দিশত প্ৰয়োজনীয়তা হোৱা সহায়-সহযোগিতা আগবঢ়াব। তলত উল্লেখিত কাৰ্যকলাপবোৰ CSC-SPV আৰু PMUয়ে সম্পাদনা কৰিব-

  • সমগ্ৰ আচঁনিখনৰ সমন্বয় ব্যৱস্থাপনা তথা কাৰ্যকৰী কৰাৰ দায়িত্ব পালন।
  • একেধৰণৰ কাৰ্যসূচীৰ লগত জড়িত বিভিন্ন উদ্যোগ, এনজিঅ আদি অংশ দায়িত্ত্ৰ লগত সমন্বয় সাধন কৰা।
  • পাঠ্যক্ৰমৰ ফেমৱৰ্ক/কোৰ্চ- বিভিন্ন ষ্টেট হোলডাৰ/বিশেষজ্ঞৰ পৰানৰ্শ মৰ্মে বহুভাষিক বিষয় বস্তু উন্নতি কৰা।
  • Nielt,Igonu,Nios আদি প্ৰতিষ্ঠানৰ লগত পৰামৰ্শ কৰি প্ৰশিক্ষন কেন্দ্ৰবোৰৰ বাবে মাননণ্ড,নিতী-নিৰ্দেশনা,আদি নিৰ্ধাৰন কৰা, সেই কেন্দ্ৰবোৰৰ আন্তগাঁঠনি,প্ৰশিক্ষন ব্যৱস্থা,তথা প্ৰশিক্ষকৰ ওপৰত ভিত্তি কৰি।
  • হিতাধিকাৰী নিৰ্বাচন, হিতাধিকাৰী পঞ্জীয়ন পৰ্য্যবেক্ষণৰ নীতি নিৰ্দেশনা বিকাশ সাধন কৰা।
  • স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ লগত পৰামৰ্শ কৰি পৰীক্ষাৰ প্ৰস্তুত আৰু প্ৰমাণ পত্ৰৰ নীতি নিৰ্দেশনা প্ৰস্তুত কৰা।
  • ই উপাদান মোবাইল ফোনৰ দ্বাৰা প্ৰদানৰ ব্যৱস্থা।
  • এই আঁচনিৰ বিষয়ে সজগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিভিন্ন কৰ্মশালা অধিৱেশন অনুষ্ঠিত কৰা।
  • আধাৰ কাৰ্ডৰ ওপৰত ভিত্তি কৰি এক উপযোগী পৰ্য্যবেক্ষণ ব্যৱস্থা সৃষ্টি কৰা যাতে এই আঁচনি সুচাৰুৰূপে পৰ্য্যাবেক্ষণ কৰিব পৰা যায় তথা পুনৰাবৃত্তি পঞ্জীয়নৰ পৰা হাতসাৰিব পৰা।
  • মেইটি আৰু ৰাজ্য চৰকাৰ/জিলা প্ৰশাসনক এই আঁচনিখনৰ পৰ্য্যাবেক্ষণৰ বাবে সময়ে সময়ে অৱগত কৰোৱা।
  • এইটো সুনিশ্চিত কৰা যে এই আঁচনিৰ সকলো কাৰ্যপ্ৰণালী নিৰ্দ্ধাৰিত বাজেট আৰু সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা। যিকোনো বিসংগতি বা বিলম্ব হোৱা অনুমোদনৰ বাবে মেইটিৰ ওচৰত জমা দিব লাগিব।
  • আধাৰ কাৰ্ডৰ লগত সংযুত কৰি হিতাধিকাৰী পঞ্জীয়ন আৰু পৰীক্ষাৰ এক উপযুক্ত প্ৰক্ৰিয়া সুনিশ্চিত কৰা।
  • মেইটি অনুমোদন সাপেক্ষে তৃতীয় পক্ষৰ সহযোগত এই প্ৰকল্পৰ প্ৰভাৱ অধ্যয়ন কৰা।
  • ওপেন চোৰ্চ টেকনোলোজি ব্যৱহাৰ কৰি এই আঁচনিৰ এটা কেন্দ্ৰীয় পৰ্টেল বিকাশ সাধন কৰা। এই পৰ্টেলত মেনেজমেন্ট চিছটেমৰ বিষয়বস্তু অন্তৰ্ভুক্তৰ ওপৰিও একেলগে ১)ট্ৰেনিং পাটনাৰ/চেন্টাৰ হিচাপে পঞ্জীয়নৰ বাবে অনলাইন আৱেদনৰ ব্যৱস্থা, ২)ডেশবোৰ্ড আক্সেস, ৩)প্ৰাৰ্থী পঞ্জীয়ন/আপড্ৰেচনক, ৪)চেন্ট্ৰেল ৰেপোচিটাৰি অফ কন্টেন্ট, ৫)আধাৰ ৰহিত দূৰৱৰ্তী সুৰক্ষা পৰীক্ষাৰ মাধ্যমেদি ডিজিটেল লিটাৰেচিৰ অচেচমেন্ট আৰু চাৰ্টিফিকেচন, ৬)ড্ৰীল ডাউন ডাটা এক্সেচ, ৭)ৰিপোৰটিং।
  • ২২টা অনুমোদিত ভাষাৰ প্ৰশিক্ষণৰ বিষয় বস্তু উপব্ধৰ বাবে মোবাইল এপ তৈয়াৰ কৰা।
  • নিম্নলিখিত কাৰ্যপ্ৰণালিক এই আঁচনিখন সঠিক ৰূপত কাৰ্যকৰী কৰিবলৈ উপলব্ধ কৰোৱা হ’ব।

-  পিএমজিডিআইএচএইচএ অধীনত প্ৰাৰ্থীৰ পঞ্জীয়ন আৰু প্ৰশিক্ষণ,

-  পিএমজিডিআইএচএইচএ অধীনৰ ট্ৰেনিং পাটনাৰ/চেন্টাৰৰ মনোনয়ন অ-মনোনয়ন,

-  পিএমজিডিআইএচএইচএৰ দ্বাৰা পৰীক্ষা,

-  পিএমজিডিআইএচএইচএ পেমেন্ট প্ৰক্ৰিয়া,

  • সময়ে সময়ে এই আঁচনি কাৰ্যকৰী পৰ্য্যালোচনা CSC-SPV দ্বাৰা গঠিত বোৰ্ড, মেইটি তথা ইয়াৰ সভাপতিৰ দ্বাৰা সম্পন্ন কৰা হ’ব।

৯.13.3: ৰাজ্য/কেন্দ্ৰিয় শাসিত চৰকাৰ:

(১)মুখ্য অধ্যক্ষৰ(IT) দ্বাৰা গঠিত ৰাজ্যিক পৰ্য্যায়ৰ কমিতিয়ে এই আচঁনিৰ কাৰ্যকৰী কৰাৰ পৰিকল্পনাৰ প্ৰস্তত কৰিব। এই কমিতীৰ মুল চৰ্ত আৰু নিতীসমূহ বৰ্ননা দিয়া হৈছে এপেনডিস্কৰ-ii পাৰা i ত।

(২)ৰাজ্যিক কাৰ্য্যকৰী সংস্থান: এই আচঁনিখনৰ মুল লক্ষ্য,উদ্দেশ্য নিৰ্ধাৰিত সময়সীমা ভিতৰত ৰুপায়িত কৰাৰ উদ্দেশ্যেই ৰাজ্যিক/কেন্দ্ৰিয় শাসিত চৰকাৰে ৰাজ্যিক কাৰ্য্যকৰী সংস্থাৰ লগত ঐক্যবদ্ধভাৱে এই আচঁনিৰ কাৰ্য্যকৰীকৰনত এক গুৰুত্বপূৰ্ন ভুমীকা পালন কৰাৰ ওপৰত জোৰ দিব।এই আচঁনিখন ৰাজ্যিক কাৰ্য্যকৰী স্ংস্থাৰ লগত কাৰ্য্যকৰী কৰোতে ৰাজ্য/কেন্দ্ৰ শাসিত চৰকাৰৰ মুল দায়িত্ববোৰ হল-

  • এই আচঁনিখন ৰাজ্যত কাৰ্যকৰীকৰনৰ হকে ৰাজ্য/কেন্দ্ৰিয় শাসিত প্ৰদেশৰ চৰকাৰৰ হৈ CSC-SPV য়ে ৰাজ্যিক কাৰ্য্যকৰী সংস্থাৰ লগত একন MOU সম্পাদনা কৰিব।
  • ৰাজ্যিক/কেন্দ্ৰিয় শাসিত চৰকাৰৰ তথা CSC-SPVৰ উপলদ্ধ আহিলা সমলসমূহ যোগান ধৰা।
  • হিতাধিকাৰী প্ৰাৰ্থীক চিনাক্তকৰন তথা নিৰ্বাচিত কৰাৰ বাবে বিভিন্ন সংস্থান,প্ৰতিষ্ঠানৰ লগত যোগাযোগ আৰু সমন্বয় সাধন কৰা।
  • এই আচঁনিখন উচিত তদাৰকৰ বাবে ৰাজ্য/জিলা/পঞ্চায়ত পৰ্য্যায়ৰ  স্থানীয় কমিতি গঠন কৰা হব বিভিন্ন চৰকাৰী সংস্থাৰ/প্ৰতিষ্ঠানৰ লগত যোগসূত্ৰ স্থাপন কৰি।
  • পঞ্চায়তত এই আচঁনিখন সঠিক ৰুপত ৰুপায়ন কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰশিক্ষন কেন্দ্ৰৰ লগত যোগসুত্ৰ স্থাপন(csc-spv ৰ লগত পৰামৰ্শমৰ্মে)।
  • নিকটীৱৰ্তি ডিজিটেল পাঠ্যক্ৰম প্ৰশিক্ষন কেন্দ্ৰৰ মাধ্যমত প্ৰাৰ্থীক মবোলাইজ কৰা।

 

(৩) এই আচঁনিখন ব্লক পৰ্য্যায়ত তদাৰক তথা কাৰ্য্যকৰীকৰনৰ হকে জিলা মেজিষ্ট্ৰেট/কলেকক্টৰ সভাপতিত্বত জিলা পৰ্য্যায়ৰ কমিতিয়ে কাম কৰিব।এই কমিতিৰ নিতী-নিৰ্দেশনা Para ii of Appendix-ii দিয়া হৈছে।

 

9.13.4:স্বীকৃতীপ্ৰাপ্ত সংস্থানবোৰ-NIELT,NIOS,HKCL,ICTACT,NIESBUD আদি:

 

  • CSC-SPVৰ সৈতে আলোচনা মৰ্মে এই ডিজিটেল সাক্ষৰতা প্ৰশিক্ষনৰ বাবে নিদিষ্ট পৰিকল্পনা,নিতী-নিৰ্দেশনা,মূল্যাংকন আৰু প্ৰমানপত্ৰ আদি তৈয়াৰ কৰা।
  • ডিজিটেল প্ৰশিক্ষনপ্ৰাপ্ত প্ৰাৰ্থিৰ মুল্যাংকন তথা শিক্ষনৰ প্ৰমানপত্ৰ প্ৰদান।

 

9.13.5:এই আচঁনিখন সঠিক ৰুপত কাৰ্য্যকৰী কৰাৰ উদ্দেশ্যে CSC-SPV য়ে বিভিন্ন চৰকাৰী/ব্যক্তিগত কলেজ-স্কুলৰ আদিৰ আন্ত-গাঠনি,সা-সুবিধাসমূহ ব্যৱহাৰ কৰিব।

১০.0 ডিজিটেল সাক্ষৰতা প্ৰশিক্ষনৰ সময়সীমা:

১০.১ বহলভিত্তিক ভাৱে বিষয়-সামগ্ৰীৰ তালিকা:-

 

পাঠ্যক্ৰমৰ বিষয়বস্ত

ডিজিটেল বিষয়বস্তৰ পৰিচয়

ডিজিটেল আহিলা ব্যৱহাৰ

ইন্টাৰনেটৰ পৰিচয়

ইন্টাৰনেটৰ ব্যৱহাৰ যোগেদি যোগাযোগ স্থাপন

ইন্টাৰনেটৰ বিষয়বস্ত:নাগৰিককেন্দ্ৰিক চৰকাৰী সেৱাৰ লাভলাভ,ডিজিটেল বিত্তিয় লেনদেনৰ বাবে ডিজিটেল বিত্তিয় আহিলাবোৰৰ ব্যৱহাৰ আদি।

 

 

১০.2 প্ৰশিক্ষনৰ ফলাফল/যোগ্যতাৰ মাপদণ্ড:

 

  • ডিজিটেক আহিলাবোৰৰ ব্যৱহাৰিক প্ৰাথমিক সম্যক জ্ঞান।
  • তথ্য আহৰন,বিনিময়,সৃষ্টিৰ বাবে ডিজিটেল আহিলাবোৰৰ ব্যৱহাৰিক জ্ঞান লাভ আহৰন।
  • ইন্টাৰনেটক সঠিক আৰু শুদ্ধ ৰুপত দায়িত্বশীল ভাৱে ব্যৱহাৰ কৰিব জনাটো।
  • উন্নত যোগাযোগ স্থাপনৰ বাবে প্ৰযুক্তিকগত আহিলাবোৰক সঠিক ব্যৱহাৰ।
  • নগদবিহীন টকাৰ লেনদেনৰ বাবে নগদবিহীন বিত্তিয় লেনদেন সম্পাদন কৰিব পাৰা আহিলাবোৰৰ দ্বাৰা বিত্তিয় লেনদেন সাধনত সক্ষম হোৱা।
  • ডিজিটেল লকাৰ ব্যৱহাৰ কৰিব পৰা।
  • অনলাইন চৰকাৰী নাগৰিক কেন্দ্ৰিক সেৱা লাভ।
  • ডিজিটেল প্ৰযুক্তিগত আহিলাবোৰ নিজৰ সমাজ,কৰ্ম জীৱনত প্ৰয়োগ সাধন কৰা তথা ইয়াক সমাদৰ কৰা।

 

 

১০.3:CSC-SPV য়ে বিভিন্ন বিষয়বস্ত সৃষ্টি,একত্ৰিকৰন,ব্যৱস্থাপনা আদিৰ ব্যৱস্থা ভিন্ন সহযোগী সংস্থাৰ লগত পৰামৰ্শ কৰি তলত দিয়া ধৰনে কাৰ্য্যকৰি কৰিব-

১:ডিজিটেল সাক্ষৰতা প্ৰশিক্ষনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিষয়বস্ত ইংৰাজী ভাষাৰ উপৰিও ভাৰতৰ ২২ অঞ্চলিক ভাষাত উপলদ্ধ কৰোৱা দিহা কৰা।ভাৰতৰ ২২ আঞ্চলিক ভাষাৰে গঠিত এনে এটা মবাইল এপ উদ্ভাৱন কৰা যাতে ইয়াৰ সহায়ত বিভিন্ন প্ৰশিক্ষনৰ বিষয়বস্ত ডাউনলোড তথা যেতিয়াই প্ৰয়োজন তেতিয়াই ব্যৱহাৰ কৰিব পাৰি।

২: চকুৰে নেদেখা,লিখিব নজনা মানুহৰ বাবে অডিঅ/ভিডিও প্ৰশিক্ষন সামগ্ৰী প্ৰস্তত কৰা।যিসকল ব্যক্তি লিখিব পঢ়িব জানে তেওঁলোকৰ বাবে লিখিত আকাৰৰ অডিঅ/ভিডিও সামগ্ৰী উপলদ্ধ কৰোৱা।স্থানীয় সমলবোৰক ব্যৱহাৰ কৰি হিতাধিকাৰিসকলক লক্ষ্য কৰি প্ৰশিক্ষনৰ বিষয়বস্ত তৈয়াৰ কৰা।

৩:তলত উল্লেখ কৰা প্ৰধান মুখ্য নাগৰিক কেন্দ্ৰিক সেৱা/আচঁনিসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰোৱা-

 

১= G2C সেৱা-জাতি প্ৰমানপত্ৰ,আয়ৰ প্ৰমানপত্ৰ।

২= ইউডিআই সেৱা।

৩= বেংকৰ সেৱা।

৪= ৰেলৰ সেৱা।

৫= বিমা সেৱা।

৬=টেলিফোন,ডাটা কাৰ্ড ৰিচাৰ্জ।

৭= ভোটাৰ পৰিচয় পত্ৰ প্ৰিন্টিং।

৮= বিদ্যুৎ বিল পৰিশোধ।

৯= পান কাৰ্ড।

১০= পাছপোৰ্ট।

৪: যিহেতু ভাৰত চৰকাৰে মবাইল ফোনৰ দ্বাৰা নগদহীনভাৱে বিত্তীয় লেনদেনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে সেয়ে প্ৰশিক্ষনৰ পাঠ্যক্ৰমৰ সামগ্ৰীসমুহত ডিজিটেল ৱালেট,মবাইল বেংকিক,ইউএছএছডি,আধাৰ কাৰ্ড ইত্যাদি বিষয়ৰ ওপৰত গুৰুত্ব দিব।

৫:হিতাধিকাৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষন বিষয়-সা-মগ্ৰীৰ মান উন্নত কৰাৰ স্বাৰ্থত হিতাধিকাৰীৰ প্ৰশিক্ষিত প্ৰাৰ্থীৰ মতামত লোৱা হব তথা তেওঁলোকৰ মতামতৰ ওপৰত ভিত্তি কৰি এই বিষয় সামগ্ৰী সালসলনি ঘটোৱা হব।

৬: ইন্টাৰনেটৰ সহায়ত তথ্য অনুসন্ধান কৰা,অডিঅ-ভিডিঅ চাব জানা,আদিৰ বিষয়ত উচিত জ্ঞান প্ৰদানৰ উদ্দেশ্যে কম্পিউটাৰ,টেবলেট আদিৰ প্ৰযুক্তিগত বিদ্যাৰ জ্ঞান প্ৰদানৰ ওপৰত জোৰ দিয়া।

৭: এই ডিজিটেল প্ৰশিক্ষন ক্ষেত্ৰত অন্য প্ৰতিষ্ঠানে প্ৰস্তত কৰা ডিজিটেল প্ৰশিক্ষন বিষয়-সামগ্ৰী এই কাৰ্য্যসূচীৰ লগত একত্ৰিত কৰা।

৮: এক কাৰিকৰী কমিতি CSC-SPV দ্বাৰা গঠন কৰা হব যত NIELT, NIOS, IGONU, UNESCO, DEF,IT আদি প্ৰতিষ্ঠানৰ ব্যক্তিক সামৰি গঠন কৰা হব,তথা IIMC,INTEL,NASSCOM,NIIT আদি সংস্থাই বিষয় সামগ্ৰী সংশোধন কৰিব।

১০. আৰ্থিক সাহাৰ্য্য:

১১.১: প্ৰ্শিক্ষনৰ খৰচ: CSC-SPV ৰ দ্বাৰা প্ৰশিক্ষন প্ৰদান কৰা প্ৰশিক্ষন কেন্দ্ৰটোৰ প্ৰতিজন প্ৰশিক্ষিত প্ৰাৰ্থীৰ বাবদ পোনে পোনে ৩০০ টকা লাভ কৰিব।

এনে প্ৰশিক্ষন কেন্দ্ৰবোৰক ধন মুকলি DEGS য়ে প্ৰশিক্ষনৰ ফলাফলৰ সফলতাৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব।ইয়াৰ ভিতৰত যেনে প্ৰশিক্ষিত প্ৰাৰ্থীয়ে ইমেইল খোলা,পঠিওৱ,ডিজিলকাৰ ব্যৱহাৰ জনা,ৰেল টিকট বুকিং,পান কাৰ্ড আৱেদন,মবাইল ৰিচাৰ্জ,ইউপিআই,ইউএচএচডি আদিৰ ব্যৱহাৰ কৰিব জনাটো।

১১.২: পৰীক্ষা/প্ৰমাণ পত্ৰৰ মূল্য : প্ৰতিজন প্ৰাৰ্থীৰ পৰীক্ষাৰ বাবদ ৭০ টকা এই মূল্য প্ৰাৰ্থীক মূল্যাংকন তথা প্ৰশিক্ষণপ্ৰাপ্ত প্ৰামণৰ উদ্দেশ্যে পঞ্জীকৃত স্বীকৃতিপ্ৰাপ্ত এজেন্সি আদায় দিব লাগিব।

১১.৩: ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চললৈ আৰ্থিক সাহায্য : CSC-SPVৰ দ্বাৰা ৰাজ্যিক কাৰ্যকৰী সংস্থাটোৱে এই কাৰ্যসূচীক পৰ্য্যবেক্ষণ কৰা তথা অতিৰিক্ত খৰচ বাবদ Rs.2/- আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

১২. এই আঁচনিৰ প্ৰভাৱৰ মূল্যাংকন : এই আঁচনিৰ কাৰ্যকৰী প্ৰভাৱৰ মূল্যাংকন বা অধ্যয়ন স্বতন্ত্ৰ তৃতীয় পক্ষৰ দ্বাৰা কৰা হ’ব। বৈদুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় এই আঁচনিক প্ৰভাৱৰ অধ্যয়নৰ বাবে এটি উপযোগী প্ৰতিষ্ঠান সংগঠনক জড়িত কৰিব।

১৩. এই আঁচনিৰ সামাজিক অধ্যয়ন : CSC-SPV য়ে এই আঁচনিৰ এক সামাজিক অধ্যয়ন চলোৱাৰ হকে কোনো ৰাজ্য, জিলা, ব্ল’ক, বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ/বুদ্ধিজীৱিক জড়িত কৰিব। CSC-SPV য়ে সময়ে সময়ে এই আঁচনিৰ সামাজিক উন্নয়ন তথা ফলাফলৰ মূল্যাংকনৰ বাবে বিশ্ববিদ্যালয়ৰ কলেজৰ লগত সহযোগ স্থাপন কৰিব।

১৪. এই আঁচনিৰ অধীনত প্ৰায় ৬ কোটি হিতাধিকাৰী বিতং তথ্য বিভিন্ন দক্ষতা বিধি প্ৰতিষ্ঠান, দক্ষতা বিধি সংস্থান, দক্ষতা বিধি সংগঠনৰ লগত যোগসূত্ৰ স্থাপন কৰাই দিব যাতে  এনে ব্যৱস্থাৰ দ্বাৰা দেশত দক্ষতা বিদ্ধি তথা নিয়োগ ব্যৱস্থা শক্তিশালী হয়।

 

ডিজিটেল প্ৰশিক্ষণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভেদে হিতাধিকাৰী লক্ষ্য


ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

লক্ষ্য

উত্তৰ প্ৰদেশ

১১১৭১০০

বিহাৰ

৬৬৩০০০০

পশ্চিমবংগ

৪৪৮১০০০

মহাৰাষ্ট্ৰ

৪৪৩৩০০০

মধ্যপ্ৰদেশ

৩৭৮৪০০০

ৰাজস্থান

৩৭১২০০০

কৰ্নাটকা

২৭০৫০০০

তামিলনাডু

২৬৭৯০০০

উৰিষ্যা

২৫১৭০০০

১০

গুজৰাট

২৪৯৭০০০

১১

অন্ধ্ৰপ্ৰদেশ

২০২৮০০০

১২

তেলেংগানা

২০২৮০০০

১৩

অসম

১৯২৯০০০

১৪

ঝাৰখণ্ড

১৮০৩০০০

১৫

ছট্টিচগড়

১৪১২০০০

১৬

কেৰেলা

১২৫৭০০০

১৭

পাঞ্জাৱ

১২৪৭০০০

১৮

হাৰিয়ানা

১১৯১০০০

১৯

জন্মু-কাশ্মীৰ

৬৫৮০০০

২০

উত্তৰাখণ্ড

৫০৬০০০

২১

হিমাচল প্ৰদেশ

৪৪৪০০০

২২

ত্ৰিপুৰা

১৯৫০০০

২৩

মেঘালয়া

১৭১০০০

২৪

মণিপুৰ

১৩৭০০০

২৫

নাগালেণ্ড

১০১০০০

২৬

অৰুণাচল প্ৰদেশ

৭৭০০০

২৭

গুৱা

৪০০০০

২৮

মিজোৰাম

৩৮০০০

২৯

চিকিম

৩৩০০০

৩০

এনচিটি দিল্লী

৩০০০০

৩১

পুদ্দুচেৰী

২৮০০০

৩২

আণ্ডামান আৰু নিকোবৰ ডিপুঞ্জ

১৮০০০

৩৩

ডাদৰ আৰু নাগৰ হাবেলি

১৩০০০

৩৪

ডমন আৰু ডিউ

৪০০০

৩৫

চণ্ডিগড়

২০০০

৩৬

লক্ষ্যদ্বীপ

১০০০

সৰ্বমুঠ

৬০০০০০০০

যিবোৰ চহৰ মহানগৰৰ আউটাত পৰে তেনে চহৰবোৰক এই আঁচনিৰ পৰা বাহিৰত ৰখা হৈছে। লিষ্টখন তলত দিয়া হৈছে-

 

ক্ৰমিক নং

ৰাজ্যৰ নাম

চহৰৰ নাম

২০১১ৰ তথ্যপিয়ল অনুসৰি অনুসৰি চহৰৰ জনসংখ্যা

মহাৰাষ্ট্ৰ

গ্ৰেটাৰ মুম্বাই(এম ক্ৰোপ)

১,২৪,৭৮,৪৪৭

এনচিটি অব দিল্লী

ডিএমচি(ইউ)(এম ক্ৰোপ)

১,১০০৭,৮৩৫

কৰ্নাটকা

ব্ৰুহাট বেংগালুৰু মহানগৰ পালিক(বিবিএমপি)(এম ক্ৰোপ)

৮৪,২৫,৯৭০

অন্ধ্ৰপ্ৰদেশ

গ্ৰেটাৰ হাইড্ৰাবাদ(এম ক্ৰোপ)

৬৮,০৯,৯৭০

গুজৰাট

আহমাদাবাদ(এম ক্ৰোপ)

৫৫,৭০,৫৮৫

তামিলনাডু

চেন্নাই(এম ক্ৰোপ)

৪৬,৮১,০৮৭

পশ্চিমবংগ

কলকাতা(এম ক্ৰোপ)

৪৪,৮৬,৬৭৯

গুজৰাট

চুৰট(এম ক্ৰোপ)

৪৪,৬২,০০২

মহাৰাষ্ট্ৰ

পুনা(এম ক্ৰোপ)

৩১,১৫,৪৩১

১০

ৰাজস্থান

জয়পুৰ(এম ক্ৰোপ)

৩০,৭৩,৩৫০

১১

উত্তৰ প্ৰদেশ

লক্ষ্ণৌ(এম ক্ৰোপ)

২৮,১৫,৬০১

১২

উত্তৰ প্ৰদেশ

কানপুৰ(এম ক্ৰোপ)

২৭,৬৭,০৩১

১৩

মহাৰাষ্ট্ৰ

নাগপুৰ(এম ক্ৰোপ)

২৪,০৫,৪২১

১৪

মধ্যপ্ৰদেশ

ইনদোৰ(এম ক্ৰোপ)

১৯,৬০,৬৩১

১৫

মহাৰাষ্ট্ৰ

থানে(এম ক্ৰোপ)

১৮,১৮,৮৭২

১৬

মধ্যপ্ৰদেশ

ভূপাল(এম ক্ৰোপ)

১৭,৯৫,৬৪৮

১৭

অন্ধ্ৰপ্ৰদেশ

গ্ৰেটাৰ বিশাখাপাটনাম(এম ক্ৰোপ)(এম চি)

১৭,৩০,৩২০

১৮

মহাৰাষ্ট্ৰ

পিমপ্ৰী-চিন্সৱাদ(এম ক্ৰোপ)

১৭,২৯,৩৫৯

১৯

বিহাৰ

পাটনা(এম ক্ৰোপ)

১৬,৮৩,২০০

২০

গুজৰাট

বদোডাৰা(এম ক্ৰোপ)

১৬,৬৬,৭০৩

২১

পাঞ্জাৱ

লুধিয়ানা(এম ক্ৰোপ)

১৬,১৩,৮৭৮

২২

উত্তৰপ্ৰদেশ

আগ্ৰা(এম ক্ৰোপ)

১৫,৭৪,৫৪২

২৩

মহাৰাষ্ট্ৰ

নাশিক(এম ক্ৰোপ)

১৪,৮৬,৯৭৩

২৪

হাৰয়ানা

ফৰিদাবাদ(এম ক্ৰোপ)

১৪,০৪,৬৫৩

২৫

উত্তৰপ্ৰদেশ

মীৰুট(এম ক্ৰোপ)

১৩,০৯,০২৩

২৬

গুজৰাট

ৰাজকোট(এম ক্ৰোপ)

১২,৮৬,৯৯৫

২৭

মহাৰাষ্ট্ৰ

কল্যাণ/দম্বিভালি(এম ক্ৰোপ)

১২,৪৬,৩৮১

২৮

মহাৰাষ্ট্ৰ

বাচাই বিৰাম চিটি(এম ক্ৰোপ)

১২,২১,২৩৩

২৯

উত্তৰপ্ৰদেশ

বাৰানাচী(এম ক্ৰোপ)

১২,০১,৮১৫

৩০

জম্মু-কাশ্মীৰ

শ্ৰীনগৰ(এম ক্ৰোপ)

১১,৯২,৭৯২

৩১

মহাৰাষ্ট্ৰ

ঔৰাংগাবাদ(এম ক্ৰোপ)

১১,৭১,৩৩০

৩২

ঝাৰখণ্ড

ধানবাদ(এম ক্ৰোপ)

১১,৬১,৫৬১

৩৩

পাঞ্জাৱ

অম্ৰিতচৰ(এম ক্ৰোপ)

১১,৩২,৭৬১

৩৪

মহাৰাষ্ট্ৰ

নবি মুম্বাই(এম ক্ৰোপ)

১১,১৯,৪৭৭

৩৫

উত্তৰপ্ৰদেশ

আল্লাহাবাদ(এম ক্ৰোপ)

১১,১৭,০৯৪

৩৬

ঝাৰখণ্ড

ৰাঞ্চি(এম ক্ৰোপ)

১০,৭৩,৪৪০

৩৭

পশ্চিমবংগ

হৌৰা(এম ক্ৰোপ)

১০,৭২,১৬১

৩৮

তামিলনাডু

কৌম্বাতৰা(এম ক্ৰোপ)

১০,৬১,৪৪৭

৩৯

মধ্যপ্ৰদেশ

জাবালপুৰ(এম ক্ৰোপ)

১০,৫৪,৩৩৬

৪০

মধ্যপ্ৰদেশ

গুৱালিয়ৰ(এম ক্ৰোপ)

১০,৫৩,৫০৫

৪১

অন্ধ্ৰপ্ৰদেশ

বিজয়াবাদা(এম ক্ৰোপ)

১০,৪৮,২৪০

৪২

ৰাজস্থান

জুধপুৰ(এম ক্ৰোপ)

১০,৩৩,৯১৮

৪৩

তামিলনাডু

মাদুৰাই(এম ক্ৰোপ)

১০,১৬,৮৮৫

৪৪

ছট্টিচগড়

ৰাইপুৰ(এম ক্ৰোপ)

১০,১০,০৮৭

৪৫

ৰাজস্থান

কোটা(এম ক্ৰোপ)

১০,০১,৩৬৫

৪৬

অসম

গুৱাহাটী(এম ক্ৰোপ)

৯,৬৩,৪২৯

৪৭

চণ্ডিগড়

চণ্ডিগড়(এম ক্ৰোপ)

৯,৬০,৭৮৭

৪৮

মহাৰাষ্ট্ৰ

চোলাপুৰ(এম ক্ৰোপ)

৯,৫১,১১৮

৪৯

কৰ্নাটকা

হাবলি-ধাৰৱাদ(এম ক্ৰোপ)

৯,৪৩,৮৫৭

৫০

উত্তৰপ্ৰদেশ

বৰেইল্লী(এম ক্ৰোপ)

৮,৯৮,১৬৭

 

 

 

পিএমজিডিআইএছএ আচঁনিৰ অধীনত ৰাজ্যিক/কেন্দ্ৰিয় শাসিত প্ৰদেশৰ কমিতি গঠন প্ৰক্ৰিয়া :

 

(১)ৰাজ্যিক পৰ্য্যায়ৰ কমিতী: (ৰাজ্য/কেন্দ্ৰিয় শাসিত প্ৰদেশৰ প্ৰশাসনিক মাননীয় মুৰব্বী মুখ্য সচিবৰ দ্বাৰা গঠন কৰা হব।

গঠন প্ৰক্ৰিয়া:

অধ্যক্ষ: মুখ্য সচিব (আইটি)

সদস্যসকল:

১/ প্ৰাথমিক শিক্ষাৰ বিভাগৰ লগত জড়িত প্ৰতিনিধি।

২/ পঞ্চায়তৰ প্ৰতিনিধি।

৩/ সমাজ কল্যান বিভাগৰ প্ৰতিনিধি।

৪/শিশু আৰু নাৰী উন্নয়নৰ প্ৰতিনিধি।

৫/ ৰাজ্যিক কাৰ্য্যকৰী সংস্থাৰ প্ৰতিনিধি।

৬/ৰাজ্যিক ইনফৰমেটিভ বিষয়া-এচআইঅ,এনআইচি।

৭/CSC-SPV ৰ প্ৰতিনিধি।

৮/স্পেচিয়েল চেক্ৰেটেৰি (আইটি)/জয়ন্ট চেক্ৰেটেৰী (আইটি),-মেম্বাৰ চেক্ৰেটেৰী।

  • এই কমিতিৰ সভাপতিৰ অনুমতিসাপেক্ষে কমিতিৰ বাহিৰৰ কোনো ব্যক্তিক কমিতিৰ সভাত বিশেষ নিমন্ত্ৰনকাৰী ৰুপে অংশগ্ৰহন কৰিব নিমন্ত্ৰন কৰিব পাৰিব।

 

এই কমিতীৰ সন্দৰ্ভত চৰ্তসমূহ:

এই কমিতীৰ সন্দৰ্ভত চৰ্তসমূহ তলত উল্লেখীত ধৰনৰ হব:

-   ৰাজ্যত পিএমজিডিআইএছএ আচঁনিৰ নিয়মীত পৰ্য্যাবেক্ষন তথা নিৰক্ষন কৰা।

-   এই আচঁনি ৰাজ্যত বাস্তৱত কাৰ্য্যকৰী কৰোতে ৰাজ্যৰ প্ৰশিক্ষন কেন্দ্ৰ/সহযোগী কাৰ্য্যকৰী সংস্থানবোৰে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ উদ্দেশ্যে প্ৰয়োজনীয় ফল-আপ কৰা।

-   অন্য যিকোনো কোনো সমস্যা ৰাজ্যত এই আচঁনি কাৰ্য্যকৰী কৰোতে দেখা দিয়াৰ সমাধান কৰা।

এই কমিতি দুমাহত অতিকমেও এবাৰ সভা আয়োজন কৰাটো দৰকাৰ।

(২)জিলা পৰ্য্যায়ৰ কমিতি(ৰাজ্য/কেন্দ্ৰিয় শাসিত অঞ্চললৈ গঠন কৰা হব)

 

কমিতিৰ গঠন প্ৰক্ৰিয়া:

 

অধ্যক্ষ- জিলা মেজিচট্ৰেট/কলেক্টৰ

সদস্যবৃন্দ:

১/ প্ৰাথমিক শিক্ষা বিভাগৰ প্ৰতিনিধি।

২/ নাৰী আৰু শিশু উন্নয়নৰ বিভাগৰ প্ৰতিনিধি।

৩/ ৰাজ্যিক কাৰ্য্যকৰী সংস্থাৰ প্ৰতিনিধি।

৪/ জিলা ই-প্ৰশাসন বিভাগৰ প্ৰতিনিধি।

৫/ জিলা তথ্য বিষয়া-(ডিআইঅ,এনআইচি)।

৬/ব্লক উন্নয়ন বিষয়া।

৭/ চিইঅ জিলা/পঞ্চায়তৰ প্ৰতিনিধি।

৮/জিলা সমন্বয়ক,csc-spv, মেম্বাৰ চেক্ৰেটাৰী।

 

  • এই কমিতিৰ সভাপতিৰ অনুমতিসাপেক্ষে কমিতিৰ বাহিৰৰ কোনো ব্যক্তিক কমিতিৰ সভাত বিশেষ নিমন্ত্ৰনকাৰী ৰুপে অংশগ্ৰহন কৰিব নিমন্ত্ৰন কৰিব পাৰিব।

 

এই কমিতিৰ চৰ্তাৱালী:

 

এই কমিতীৰ সন্দৰ্ভত চৰ্তসমূহ তলত উল্লেখীত ধৰনৰ হব:

-    তৃনমুল পৰ্য্যায়ত এই আচঁনিৰ পৰ্য্যাবেক্ষন/পুনৰীক্ষন

-   এই আচঁনি বাস্তৱত কাৰ্য্যকৰী কৰোতে ব্লক/পঞ্চায়ত পৰ্য্যায়ৰ প্ৰশিক্ষন কেন্দ্ৰ/সহযোগী কাৰ্য্যকৰী সংস্থানবোৰে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ উদ্দেশ্যে প্ৰয়োজনীয় ফল-আপ কৰা।

-   অন্য যিকোনো কোনো সমস্যা এই আচঁনি কাৰ্য্যকৰী কৰোতে ব্লক/পঞ্চায়ত দেখা দিয়াৰ সমাধান কৰা।

এই কমিতিয়ে এমাহত কমেও এবাৰ সভাত বহিব লাগিব।

 

উৎস:প্ৰধানমন্ত্ৰী গ্ৰামীন ডিজিটেল সাক্ষৰতা অভিযান(PMGDISHA)ext-link-icon

2.98
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top