অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণ

আগকথা

দূৰসংযোগ সেৱাৰ উপভোক্তা সকলৰ স্বার্থ সুৰক্ষা কৰাটো ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণৰ (TRAI) মুখ্য দায়িত্ববোৰৰ ভিতৰৰ এটা। এই উদ্দেশ্যে, TRAI-য়ে সময়ে সময়ে বিভিন্ন গ্রাহক কেন্দ্রিক বিষয়ৰ ওপৰত নিয়ম, নির্দেশনা আৰু আদেশ জাৰী কৰি আহিছে। অৱশ্যে, TRAI-য়ে উপস্থাপনা কৰা বিভিন্ন পদক্ষেপবোৰৰ লাভালাভ গ্রহণ কৰাৰ বাবে, গ্রাহক আৰু উপভোক্তা সংগঠনবোৰে এই প্রচেষ্টাবোৰৰ বিষয়ে অৱগত হোৱাতো প্রয়োজন।

উপভোক্তা সকলৰ মাজত প্রাসঙ্গিক তথ্যসমূহ বিতৰণ কৰাটো হৈছে এক বহুমুখী কার্য। TRAI-য়ে ইয়াৰ প্ৰচাৰ কাৰ্যসূচী আৰু প্রকাশনবোৰৰ জৰিয়তে উপভোক্তা সকলৰ ওচৰ চাপে। এই উদ্দেশ্য আগত ৰাখি, “দূৰসংযোগৰ বিষয়ে উপভোক্তাৰ হাতপুথি” নামৰ এখন হাতপুথিখন প্রকাশ কৰা হৈছে। সকলোৱে বুজিবৰ বাবে এই হাতপুথিখন এক সৰল উপভোক্তা-অনুকূল ভাষাত লিখা হৈছে। যিকোনো দূৰসংযোগ সেৱা প্রদানকর্তাৰ পৰা সেৱা প্রাপ্ত কৰা সম্পর্কত সকলো বিষয় ইয়াত সামৰা হৈছে।

TRAI-য়ে আয়োজিত কৰা আঞ্চলিক উপভোক্তা শিক্ষা কর্মশালাত, পঞ্জীভুক্ত উপভোক্তা সংগঠন বোৰলৈ আৰু অন্যান্য উপভোক্তা সকলক আৰু অন্যান্য প্ৰচাৰ কাৰ্যসূচীবোৰত এই হাতপুথিখন বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব।

মই নিশ্চিত যে দূৰসংযোগ উপভোক্তা সকলৰ মাজত তেওঁলোকৰ অধিকাৰ আৰু প্রাপ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাত এই হাতপুথিখন সহায়ক হ'ব।

তাৰিখ: ১৬ ফেব্রুৱাৰী ২০১৫

ৰাহুল খুল্লাৰ, অধ্যক্ষ

পৰিচয়

১৯৯৭ চনত ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণ অধিনিয়ম, ১৯৯৭ নামৰ এক সংসদৰ অধিনিয়মৰ যোগেৰে ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণ স্থাপন কৰা হৈছিল। উপভোক্তাসকলৰ হিত সাধনৰ লগতে দুৰসংযোগ, তথ্য আৰু সম্পপ্রচাৰ ক্ষেত্ৰত ভাৰতক এক স্বকীয়তা প্রদাআন কৰাটো প্রাধিকৰণৰ মূল উদ্দেশ্য। এই উদ্দেশ্যবোৰ প্রাপ্ত কৰাৰ বাবে, সেৱা প্রদানত স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি আৰু গ্রাহকসকলক পর্যাপ্ত বিকল্প, সহজলভ্য মাচুল আৰু সেৱাৰ গুণমান প্রদান কৰাৰ বাবে প্রাধিকৰণে সময়ে সময়ে নিয়ম, নির্দেশনা, আদেশ, পৰামর্শ আৰু দিশ-নির্দেশিকা জাৰী কৰে।

TRAI-য়ে অলপতে গ্রাহক সুৰক্ষা, অভিযোগ নিস্পত্তি প্রণালী, অনাকাংক্ষিত বাণিজ্যিক যোগাযোগ আৰু মোবাইল নম্বৰ পোটেবিলিটিৰ ওপৰত অলপতে নির্দেশনা জাৰী কৰিছে। উপভোক্তা সন্তুষ্টিৰ স্থিতি সৃষ্টি কৰাৰ বাবে সেৱা প্রদানকর্তা সকলে প্রদান কৰিবলগা সেৱাৰ গুণমানৰ মানদণ্ড নির্ধাৰণ কৰিছে।

যদিও TRAা অধিনিয়মত প্রাধিকৰণটোৰ দ্বাৰা গাইগুটিয়া অভিযোগ নিস্পত্তি কৰাৰ প্রস্তাৱ নাই, TRAI-ত প্রাপ্ত কৰা অভিযোগবোৰে প্ৰাধিকৰণক খণ্ডটোৰ প্ৰদৰ্শনৰ পৰিমাপ কৰা আৰু সমস্যাবোৰ সমাধানৰ বাবে অধিক নিয়ামক পদক্ষেপ লোৱাত সহায় কৰে। দৰাচলতে TRAI-য়ে জাৰী কৰা বহুতো নিয়ম, নির্দেশনা আৰু আদেশৰ উৎস হৈছে উপভোক্তা সকলৰ পৰা TRAI-ত প্রাপ্ত কৰা অভিযোগ ।

এই হাতপুথিখনত উপভোক্তাৰ দৃষ্টিভঙ্গৰ ফালৰ পৰা প্রাধিকৰণে জাৰী কৰা সকলো নিয়ম, আদেশ আৰু নির্দেশনাৰ সাৰাংশ প্রদান কৰা হৈছে। দূৰসংযোগ সেৱাৰ এজন উপভোক্তা হিচাপে নামভৰ্তিৰ পৰা আৰম্ভ কৰি, উপভোক্তাজনৰ বাবে প্রাসঙ্গিক সকলোবোৰ বিষয় যেনে অভিযোগ নিস্পত্তি, মাচুল, সেৱাৰ গুণমান, মোবাইল নম্বৰ পোর্টেবিলিটি, মূল্য যোগকৃত সেৱা, অনাকাংক্ষিত বাণিজ্যিক যোগাযোগ, হেণ্ডছেটত মোবাইল নম্বৰ সঞ্চিত কৰা, ডায়েল কৰাৰ পৰামর্শ আৰু উপভোক্তা শিক্ষা পৃথক অধ্যায়ত প্রদান কৰা হৈছে। এই সকলোবোৰৰ বিৱৰণ TRAI ৱেবছাইটত: www.trai.gov.in

অধ্যায় ১

দূৰসংযোগ সেৱাৰ উপভোক্তা হিচাপে অন্তৰ্ভুক্তি

মবাইল সংযোগ এটা লোৱা

নিদিষ্ট এলেকা এটাত যি সাধৰনতে ৰাজ্য এখনৰ দৰে একে হয় ভাৰত চৰকাৰৰ (দূৰস্ংযোগ বিভাগ)দ্বাৰা অনুজ্ঞা প্ৰদান কৰা কেইবাটাও দূৰস্ংযোগ সেৱা প্ৰদানকৰ্তা থাকে।অনুজ্ঞা অনুসৰি তেওঁলোকে মৌলিক (লেণ্ড লাইন) বা মবাইল টেলিফোন বা ইন্টাৰনেট।ব্ৰ্ডবেণ্ডৰ সেৱা বা এই সেৱাবোৰ সন্মিলিতভাৱে প্ৰদান কৰে।এই সেৱাবোৰৰ যিকোনো এটি পাবলৈ ইচ্ছুক ব্যক্তি এজনে তেওঁৰ পছন্দৰ সেৱা প্ৰদানকৰ্তা বা তেওঁলোকৰ কৰ্তৃত্বশীল বিক্ৰী বিপনীলৈ যাব লাগে আৰু ফটোগ্ৰাফ আৰু পৰিচয় তথা ঠিকনাৰ প্ৰমান সহ আৱেদন প্ৰপত্ৰ এখন দাখিল কৰিব লাগে যাক গ্ৰাহক অধিগ্ৰহন প্ৰপত্ৰ(CAF)বুলি কোৱা হয়।মোবাইল সংযোগৰ ক্ষেত্ৰত গ্ৰাহক এজনে পোষ্ট পেইড বা প্ৰি-পেইড স্ংযোগ(আচঁনি)বাছনি কৰিব পাৰে।

আৰম্ভনি সামগ্ৰী

ক) চিম কার্ড

(খ) মোবাইল নম্বৰ এটা, (মোবাইল নম্বৰ পোর্টেবিলিটিৰ বাহিৰে);

(গ) সংযোগৰ প্ৰকাৰৰ বিষয়ে তথ্য (- প্রি-পেইড বা পোষ্ট-পেইড;)

(ঘ) গ্রাহক সেৱা নম্বৰ, সাধাৰণ তথ্য নম্বৰ আৰু আপীল কর্তৃপক্ষৰ বিষয়ে তথ্য:

মবাইল সংযোগৰ বাবে নামভৰ্তি কৰাৰ সময়ত গ্ৰাহকে সেৱা প্ৰদানকৰ্তা বা ইয়াৰ কৰ্তৃত্বশীল বিক্ৰী বিপনীৰ পৰা নিম্নলিখিতবোৰ অন্তৰ্ভুক্ত থকা আৰম্ভনি সামগ্ৰী প্ৰাপ্ত কৰিব লাগে।

ক) চিম কার্ড

(খ) মোবাইল নম্বৰ এটা, (মোবাইল নম্বৰ পোর্টেবিলিটিৰ বাহিৰে);

(গ) সংযোগৰ প্ৰকাৰৰ বিষয়ে তথ্য - প্রি-পেইড বা পোষ্ট-পেইড;

(ঘ) গ্রাহক সেৱা নম্বৰ, সাধাৰণ তথ্য নম্বৰ আৰু আপীল কর্তৃপক্ষৰ বিষয়ে তথ্য:

(ঙ) দূৰসংযোগ গ্রাহক চনদৰ চমু সংস্কৰণ ।

আৰম্ভণি সামগ্রীত কোনো বিশেষ মাচুলৰ ভাউচাৰ নাথাকিব। কিন্তু, মাচুল আঁচনি এখন প্রদান কৰা হব। আৰম্ভণি সামগ্ৰীৰ উপৰিও, গ্রাহকক গ্রাহক অধিগ্রহণ প্ৰপত্ৰৰ প্রতিলিপি এখন প্রদান কৰিব লাগে।

ভাউচাৰ (প্রি-পেইড মোবাইল গ্রাহকসকলৰ বাবে)

সেৱা প্রাপ্ত কৰাৰ বাবে, গ্রাহক এজনে তেওঁৰ প্রয়োজনৰ ভাউচাৰ পৃথকে ক্রয় কৰিব লাগে। সেৱা প্রদানকর্তাই কেৱল চাৰি প্ৰকাৰৰ ভাউচাৰ আগবঢ়াব পাৰে, তলত উল্লেখ কৰা ধৰণে:

(ক) আঁচনি ভাউচাৰ (ৰঙা ৰঙৰ)-গ্রাহক এজনক মাচুল আচনি এখনত আৰু ই কোনো ধনৰ মূল্য প্রদান নকৰে। এই ভাউচাৰ ব্যৱহাৰ কৰি গ্ৰাহকে তেওঁৰ মাচুল আঁচনি সলনিও কৰিব পাৰে।

(খ)টপ আপ ভাউচাৰ (সেউজীয়া ৰঙৰ)- ইয়াৰ বৈধতা বা ব্যৱহাৰৰ ওপৰত কোনো বাধা অবিহনে কেৱল টকাৰ হিচাপত প্রকাশ কৰা ধনৰ মূল্য প্রদান কৰে। ই কেৱল দহ টকাৰ গুণিতকত উপলব্ধ আৰু আন কোনো ভাউচাৰ দহ টকাৰ গুণিতকত প্রদান কৰিব নোৱাৰি।

(গ)বিশেষ মাচুল ভাউচাৰ (STv) (হালধীয়া ৰঙৰ)-কেৱল এক বা একাধিক মাচুল উপাদান সলনি কৰি লাভালাভ প্রাপ্ত কৰিব বিচৰা গ্রাহকক মাচুলৰ লাভালাভ প্রদান কৰাৰ বাবে। কিছুমান উদাহৰণ হৈছে- প্রতি মিনিটত ৪০ পইছা মাচুলত STD প্রদান কৰা ৪০/টকাৰ STV, ৩০ দিনৰ বাবে বৈধ, ৭ দিনৰ বাবে ৩০/= টকাত ৫০০ টা বিনামূলীয়া SMS প্রদান কৰা ৩০/- টকাৰ STV । STV খনত উল্লেখ থাকে ই কোনখন আঁচনিত প্রযোজ্য, বিভিন্ন বিষয়ৰ বাবে মাচুল আৰু লগতে বৈধতা, যি নব্বৈ দিনৰ অধিক নহয়। ৭ দিনৰ অধিক বৈধতা থকা SMS বা ডাটাৰ STV নির্ধাৰিত প্ৰকাৰে গ্রাহকৰ স্পষ্ট সন্মতি প্রাপ্ত কৰি নৱীকৰণ কৰিব পাৰি-SMS যোগে "Yes" প্ৰেৰণ কৰি বা ই-মেইল বা ফেক্স যোগে আৰু ৱেব আধাৰিত বাবে পৃথক "Yes" বুটাম এটাৰ যোগেৰে । লগতে ইয়াক গ্রাহকৰ অনুৰোধত যিকোনো সময়ত বাবে নির্ধাৰিত প্রক্রিয়া অনুসৰণ কৰি - IVR যোগে আৰু নিঃশুল্ক চমু কোডলৈ SMS যোগে বা ৱেব লিংকৰ যোগেৰে।

(ঘ)মিশ্রিত ভাউচাৰ (নীলা ৰঙৰ)-ই মাচুল আচনিখনত নব্বৈ দিনৰ অধিক নোহোৱা এক ম্যাদৰ বাবে এক বা একাধিক বিষয় সলনি কৰে, আৰু প্রিপেইড একাউণ্টত ধনৰ মূল্য যোগ দিয়ে।

ভাউচাৰ এখন সক্রিয়কৰণৰ লগে লগে, সেৱা প্রদানকর্তাই প্রি-পেইড গ্রাহকক SMS যোগে নিম্নলিখিত তথ্যবোৰ অৱগত কৰিব লাগে:

(ক) আঁচনি ভাউচাৰ সক্রিয় কৰাৰ পিছত:

  • আঁচনিখনৰ নাম:
  • আঁচনিখনৰ বৈধতাৰ ম্যাদ;

(খ)টপ আপ ভাউচাৰ সক্রিয় কৰাৰ পিছত:

  • আদায় কৰা মুঠ মাচুল;
  • প্রচেছিং শুল্ক বা প্রশাসনিক
  • মাচুল, যিয়ে প্রযোজ্য হয়;
  • কর্তন কৰা কৰ;
  • যোগ দিয়া ধনৰ মূল্য;
  • উপলব্ধ মুঠ ধনৰ মূল্য:

(গ)বিশেষ মাচুল ভাউচাৰ সক্রিয় কৰাৰ পিছত:

  • আদায় কৰা মুঠ পৰিমাণ;
  • ভাউচাৰখনৰ বৈধতাৰ ম্যাদ;
  • ভাউচাৰখনৰ বাবে নির্দিষ্ট লাভালাভ;

(ঘ)মিশ্ৰিত ভাউচাৰ সক্রিয় কৰাৰ পিছত:

  • আদায় কৰা মুঠ পৰিমাণ;
  • ভাউচাৰখনৰ বাবে নির্দিষ্ট লাভালাভ;
  • নির্দিষ্ট লাভালাভবোৰৰ বৈধতাৰ ম্যাদ;
  • যোগ দিয়া মুঠ ধনৰ মূল্য:
  • ব্যৱহাৰ বা ধনৰ মূল্যৰ বৈধতাৰ ম্যাদৰ ওপৰত নিষেধাজ্ঞা, যদিহে আছে।

ব্যৱহাৰৰ সন্দৰ্ভত প্ৰি-পেইড উপভোক্তাসকলৰ বাবে তথ্য

প্রিপেইড উপভোক্তা এজনৰ একাউণ্টৰ পৰা কৰা যিকোনো কর্তন কৰাৰ লগে লগে, সেৱা প্রদানকর্তাই তেওঁক SMS বা USSD যোগে নিম্নলিখিত তথ্যবোৰ অৱগত কৰিব লাগে:

(ক) প্ৰতিটো কলৰ পিছত--

  • কলটোৰ ম্যাদ;
  • কলটোৰ বাবে কর্তন কৰা মাচুল;
  • একাউণ্টত বাকী থকা ধন;
  • বিশেষ মাচুল ভাউচাৰৰ ক্ষেত্ৰত, কর্তন কৰা ব্যৱহাৰৰ মিনিট আৰু বাকী থকা উপলব্ধ মিনিট;

(খ)মোবাইল যোগে প্রতিবাৰ ডাটা ব্যৱহাৰ কৰাৰ পিছত

  • ডাটা ব্যৱহাৰৰ পৰিমাণ;
  • কর্তন কৰা মাচুল;
  • একাউণ্টত বাকী থকা ধন

(গ)মূল্য যোগকৃত সেৱা (VAS) সহ যিকোনো সেৱা সক্রিয় কৰাৰ পিছত—

  • কর্তন কৰা পৰিমাণ;
  • যি উদ্দেশ্যৰ বাবে পৰিমাণটো কর্তন কৰা হৈছে;
  • একাউণ্টত বাকী থকা ধন
  • মূল্য যোগকৃত সেৱা বৈধতাৰ ম্যাদ।

টোকাঃ গ্রাহক এজনে তেওঁৰ সেৱাৰ এলেকাৰ বাহিৰত ৰোমিং কৰি থাকিলে মাচুল; এই ব্যৱস্থাবোৰ প্রযোজ্য নহ’ব।

প্রিপেইড উপভোক্তা এজনে মাহিলী বিল প্রাপ্ত নকৰে। অৱশ্যে, তেওঁ নিম্নলিখিত বিষয়বোৰ সম্পকত তেওঁৰ সেৱা প্রদানকর্তাৰ পৰা তথ্য প্রাপ্ত কৰাৰ অধিকাৰ আছে, এক যুক্তিসঙ্গত ব্যয়ৰ বিনিময়ত, যি সর্বাধিক ৫০/= টকাৰ অধিক হ’ব নোৱাৰে:

(ক) সকলো কলৰ বাবে গাইগুটিয়া ব্যৱহাৰ মাচুল;

(খ) প্ৰেৰণ কৰা SMS-ৰ সংখ্যা আৰু এনে SMS-ৰ বাবে আদায় কৰা মাচুল;

(গ)প্ৰাপ্ত কৰা VAS আৰু আদায় কৰা মাচুল।

(ঘ) প্রাপ্ত কৰা প্রিমিয়াম নিৰিখৰ সেৱা আৰু আদায় কৰা মাচুল;

(ঙ) ৰোমিং মাচুল;

সেৱা প্রদানকর্তাই এনে অনুৰোধ প্রাপ্ত কৰাৰ ত্রিশ দিনৰ ভিতৰত এই তথ্য প্রদান কৰিব লাগিব। সেৱা প্রদানকর্তাই অনুৰোধ কৰা তাৰিখৰ আগৰ ছয় মাহ ম্যাদৰ বাবে এনে তথ্য প্রদান কৰাটো বাধ্যতামূলক

উপভোক্তাৰ একাউণ্টৰ বিষয়ে তথ্য

উপভোক্তাসকলে পৃথক নিঃশুল্ক চমু কোড এটালৈ SMS প্ৰেৰণ কৰিও নিম্নলিখিত তথ্যবোৰ প্রাপ্ত কৰিব পাৰে:

(ক) তেওঁ বাছনি কৰা মাচুল আঁচনিৰ ভিতৰত আছে—

  • স্থানীয় আৰু দীর্ঘ দূৰত্বৰ কলৰ (STD) বাবে নিৰিখ, আৰু অন-নেট আৰু অফ

নেট ব্যৱহাৰৰ বাবে যদিহে পৃথক মাচুল আছে;

  • SMS-ৰ বাবে নিৰিখ:
  • ডাটা সেৱাৰ বাবে নিৰিখ:

(খ) প্রি-পেইড উপভোক্তাৰ একাউণ্টত উপলব্ধ বাকী ধন; আৰু

(গ) তেওঁৰ টেলিফোন নম্বৰত সক্রিয় থকা মূল্য যোগকৃত সেৱা  (১৫৫২৩)

টোকাঃ দেশৰ বাহিৰত ৰোমিং কৰি থকা উপভোক্তা এজনক এনে তথ্য প্রদান কৰাৰ বাবে সেৱা প্রদানকর্তা বাধ্য নহয়।

ব্যৱহাৰ নকৰাৰ বাবে চেলুলাৰ মোবাইল সংযোগ নিক্রিয় কৰা

  • নিম্নতম ৯০ দিনৰ বাবে ব্যৱহাৰ নকৰাৰ কাৰণে কোনো প্রিপেইড সংযোগ নিক্রিয় কৰিব নালাগিব।
  • ব্যৱহাৰ নকৰাৰ অর্থ হৈছে এইবোৰ ব্যৱহাৰ নকৰা - যিকোনো ফোন কল কৰা বা প্রাপ্ত কৰা অথবা SMS প্ৰেৰণ কৰা অথবা ডাটা ব্যৱহাৰ কৰা অথবা মূল্য যোগকৃত সেৱা ব্যৱহাৰ কৰা অথবা ভাৰা পৰিশোধ কৰা ।
  • ৯০ দি পাৰ হৈ গ’লে, ব্যৱহাৰ নকৰা সময়ৰ ম্যাদ এবাৰত ৩০ দিন বৃদ্ধি কৰাৰ বাবে, প্রিপেইড একাউণ্টৰ পৰা সর্বাধিক ২০ টকা কর্তন কৰা হ’ব, যদিহে একাউণ্টত ধন বাকী থাকে।

পোষ্টপেইড মোবাইল টেলিফোন সংযোগৰ বাবে সুৰক্ষিত জমা আঁচনি

পোষ্টপেইড মোবাইল উপভোক্তা সকলে প্রতি তিনি মাহত ১৫০/= টকাৰ অধিক নোহোৱা পৰিমাণ এটা পৰিশোধ কৰি তেওঁলোকৰ নম্বৰ সুৰক্ষিত ভাৱে জমা ৰাখিব পাৰে।

পুনৰ সক্রিয়কৰণৰ বাবে ৰেহাই ম্যাদ: সংযোগ নিক্রিয় কৰা হোৱা উপভোক্তা এজনক নিম্নতম ১৫ দিনৰ ৰেহাই ম্যাদ এটা দিয়া হ'ব যাৰ ভিতৰত তেওঁ সর্বাধিক ২০ টকা পৰিশোধ কৰি একেটা নম্বৰ পুনৰ সক্রিয় কৰিব পাৰিব।

অধ্যায় ২

অভিযোগ নিষ্পত্তি

অভিযোগ নিম্পত্তিৰ পৰিকাঠাম

দূৰসংযোগ উপভোক্তা অভিযোগ নিস্পত্তি নিয়মাৱলীৰ দ্বাৰা উপভোক্তাৰ অভিযোগ, সেৱাৰ অনুৰোধ নিস্পত্তি কৰা আৰু সেৱা প্রদানকর্তা সকলৰ দ্বাৰা উপভোক্তাসকলক তথ্য প্রদান কৰাৰ সঞ্চালন কৰা হয়।

অভিযোগ কেন্দ্র স্থাপন

অভিযোগ কেন্দ্ৰ হৈছে সেৱা প্রদানকর্তাৰ দ্বাৰা অভিযোগ নিস্পত্তিৰ প্রথম পর্যায়। অভিযোগ কেন্দ্ৰৰ এটি নিঃশুল্ক গ্রাহক সেৱা নম্বৰ থাকিব লাগে। লগতে অভিযোগ কেন্দ্ৰটোলৈ উপভোক্তা সকলে ব্যক্তিগত ভাৱেও যাব পাৰিব লাগে আৰু লগতে ইমেইল আৰু ডাক যোগে যোগাযোগ কৰিব পাৰিব লাগে।

উপভোক্তা এজনৰ কিবা অভিযোগ থাকিলে, তেওঁ নিঃশুল্ক “গ্রাহক সেৱা নম্বৰ" ৰ জৰিয়তে তেওঁৰ সেৱা প্রদানকর্তাৰ অভিযোগ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব লাগিব। অভিযোগ কেন্দ্ৰটো সপ্তাহৰ সকলো দিনত ৰাতিপুৱা ৮ বজাৰ পৰা মাজনিশা ১২ বজালৈ খোলা থাকিব লাগিব। যদি তেওঁৰ টেলিফোন/মোবাইলটাে ক্রটিপূর্ণ হয়,তেওঁ অভিযোগ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰাৰ বাবে আন যিকোনো সেৱা প্রদানকর্তাৰ সংযোগ এটা ব্যৱহাৰ কৰিব পাৰে, যাৰ বাবে পৃথক নম্বৰ এটা নির্ধাৰিত কৰিব লাগিব। উপভোক্তা জনে হিন্দী বা ইংৰাজী অথবা সেই সেৱা এলেকাৰ স্থানীয় ভাষাত কথা পাতিব পাৰে।

অভিযোগ কেন্দ্রত অভিযোগবোৰৰ ওপৰত কাম কৰা

প্ৰতিটো অভিযোগক এটা ‘একক ডকেট নম্বৰ আৱণ্টন কৰি পঞ্জীভুক্ত কৰা হয়।

অভিযোগ কেন্দ্রই একক ডকেট নম্বৰটোৰ সৈতে পঞ্জীয়নৰ তাৰিখ আৰু সময় আৰু অভিযোগটোৰ নিস্পত্তিৰ বাবে সময় সীমা SMS যোগে অৱগত কৰিব। লগতে, অভিযোগ এটাৰ ওপৰত পদক্ষেপ সম্পূর্ণ হোৱাৰ পিছত, লোৱা হোৱা পদক্ষেপৰ বিষয়ে আৰু লগতে আপীল কর্তৃপক্ষৰ ওচৰত আপীল কৰাৰ প্রক্রিয়াৰ বিষয়ে উপভোক্তাক SMS বা ইমেইল বা ডাক যোগে জনোৱা হ'ব। প্রতিটো ডকেট নম্বৰৰ বিপৰীতে অভিযোগৰ বিৱৰণ চিষ্টেমত কমেও তিনি মাহৰ বাবে থাকিব।

উপভোক্তা জনক একক ডকেট নম্বৰটো আৰু লোৱা পদক্ষেপৰ বিষয়ে তথ্য সঞ্চিত কৰিবলৈ উপদেশ দিয়া হয়। যদি তেওঁ সমাধানটোৰ সৈতে সন্তুষ্ট নহয়, তেওঁ আপীল কৰোঁতে এই বিৱৰণবোৰ ব্যৱহাৰ কৰিব পাৰে।

অভিযোগ আৰু সেৱাৰ অনুৰোধ নিম্পত্তি কৰাৰ বাবে সময় সীমা

অভিযোগ আৰু সেৱাৰ অনুৰোধ নিতপত্তি কৰাৰ বাবে সময় সীমা সেৱাৰ গুণমানৰ নিয়মাৱলীত নির্ধাৰিত কৰা হৈছে, যাক

পৰিশিষ্ট | আৰু T-ত দিয়া হৈছে। যদি QoS নিয়মাৱলীত কোনো সময় সীমা নির্ধাৰিত কৰা নাথাকে, অভিযোগ আৰু সেৱাৰ অনুৰোধবোৰ ৩ দিনৰ ভিতৰত নিস্পত্তি কৰিব লাগে।

প্ৰশ্নৰ উত্তৰ প্ৰদান

যদি উপভোক্তা এজনক সেৱা প্রদানকর্তাৰ পৰা কোনো তথ্যৰ প্রয়োজন হয়, তেওঁ সেৱা প্রদানকর্তাই স্থাপন কৰা “সাধাৰণ তথ্য নম্বৰ” ত ফোন কৰিব পাৰে। যদি তেওঁ গ্রাহক সেৱা নম্বৰত ফোন কৰে আৰু তথ্য বিচাৰে, তেওঁৰ সাধাৰণ তথ্য নম্বৰত ফোন কৰিবলৈ কোৱা হ'ব পাৰে। সাধাৰণ তথ্য প্রদান কৰা এজেণ্টৰ সৈতে কথা পতাৰ বাবে সেৱা প্রদানকর্তাই উপভোক্তা জনৰ পৰা মাচুল আদায় কৰিব পাৰে। IVRS মেনুত গ্রাহক সেৱা এজেণ্টৰ সৈতে কথা পতাৰ বাবে বুতামটো টিপিলেহে মাচুল আদায় কৰা হ’ব।

গ্রাহক সেৱা নম্বৰত IVRS সঞ্চালন

ৰেচপন্স চিষ্টেমটো (IVRS) নিম্নলিখিত ধৰণে চলে:

১)IVRS-ৰ প্ৰথম পর্যায়ত ভাষা বাচনি প্রদান

কৰা হয়

২)IVRS-ৰ দ্বিতীয় পর্যায়ত আপীল আৰু অভিযোগ তথা সেৱাৰ অনুৰোধৰ বিস্তৃত শ্ৰেণীবোৰ বাচনি কৰিব পাৰি

৩)IVRS-ৰ তৃতীয় পর্যয়ত অভিযোগ আৰু সেৱা অনুৰোধৰ অধীনত উপ-মেনু প্ৰদান কৰা হয় য’ত গ্রাহক সেৱা এজেণ্টৰ সৈতে কথা পতাৰ বিকল্প থাকে।

আপীল কর্তৃপক্ষৰ ওচৰত

যদি উপভোক্তা এজন তেওঁৰ অভিযোগৰ নিস্পত্তিৰ সৈতে সন্তুষ্ট নহয়, বা তেওঁৰ অভিযোগ নিস্পত্তি নোহোৱাকৈ থাকে বা যদি নির্ধাৰিত সময়ৰ ভিতৰত অভিযোগ নিস্পত্তি কৰাৰ বিষয়ে কোনো তথ্য প্রাপ্ত নকৰে, তেওঁ তেওঁৰ অভিযোগৰ নিস্পত্তিৰ বাবে আপীল কর্তৃপক্ষৰ ওচৰ চাপিব পাৰে। আপীল কর্তৃপক্ষৰ যোগাযোগৰ বিৱৰণৰ আৰম্ভণি সামগ্ৰী, তেওঁলোকৰ বিক্রী বিপনিত উপলব্ধ।

আপীল দাখিল কৰাৰ বাবে কোনো মাচুল বা শুল্ক নালাগে। অভিযোগটো নিস্পত্তি কৰাৰ বাবে নির্ধাৰিত সময় উকলি যোৱাৰ পিছত ত্রিশ দিনৰ ভিতৰত উপভোক্তাই ই-মেইল বা ফেক্স বা ডাক বা ব্যক্তিগত ভাৱে বা আনকি সেৱা প্রদানকর্তাৰ গ্রাহক সেৱা নম্বৰৰ যোগেৰেও আপীল দাখিল কৰিব পাৰে। আপীল কৰোঁতাৰ উপস্থিতি বাধ্যতামূলক নহয়, কিন্তু তেওঁ যদি বিচাৰে, আপীল কর্তৃপক্ষৰ ওচৰত তেওঁৰ পক্ষ উপস্থাপন কৰাৰ বাবে ব্যক্তিগত ভাৱে উপস্থিত হ'ব পাৰে।

উপদেষ্টা সমিতি

প্ৰতিটো সেৱা এলেকাৰ সেৱা প্রদানকর্তাৰ আপীল কর্তৃপক্ষৰ উপদেষ্টা সমিতি এখন থাকিব। ইয়াত এজন সেৱা প্রদানকর্তাৰ পৰা আৰু আনজন TRAI-ৰ সৈতে পঞ্জীভুক্ত গ্রাহক ওকালতি গোটৰ (CAG) পৰা দুগৰাকী প্রতিনিধি থাকিব। উপদেষ্টা সমিতিয়ে প্রতিটো আপীলৰ বাবে আপীল কর্তৃপক্ষৰ ওচৰত ইয়াৰ বিবেচনাৰ বাবে ইয়াৰ পৰামর্শ প্রদান কৰিব লাগিব।

আপীলৰ ওপৰত কাম কৰা

আপীল কর্তৃপক্ষৰ সচিবালয়ে:

  • আপীল এটা প্রাপ্ত কৰাৰ লগে লগে একক আপীল নম্বৰ এটা আৱণ্টন কৰি পঞ্জীয়ন কৰিব লাগিব।
  • উপভোক্তালৈ SMS বা ই-মেইল যোগে একক আপীল নম্বৰটো প্ৰেৰণ কৰি, আপীলটো প্রাপ্ত কৰাৰ তিনি দিনৰ ভিতৰত ইয়াৰ প্ৰাপ্তি স্বীকাৰ কৰিব লাগিব।
  • আপীলটো প্রাপ্ত কৰাৰ তিনি দিনৰ ভিতৰত, আপীলটোৰ প্ৰতিলিপি এটা সেৱা প্রদানকর্তাৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগিব, সাত দিনত ভিতৰত প্রাসঙ্গিক তথ্য, দস্তাবেজ বা ৰেকর্ড সহ উত্তৰ এটা দাখিল কৰাৰ বাবে; আৰু
  • সেৱা প্রদানকর্তাৰ পৰা উত্তৰ প্রাপ্ত কৰাৰ দুই দিনৰ ভিতৰত,
  • সেৱা প্রদানকর্তাৰ উত্তৰৰ সৈতে আপীলটো উপদেষ্টা সমিতিৰ ওচৰত ইয়াৰ বিবেচনাৰ বাবে উপস্থাপন কৰিব।

উপদেষ্টা সমিতিয়ে ইয়াৰ ওচৰত উপস্থাপন কৰা প্ৰতিটো আপীলৰ বাবে পোন্ধৰ দিনৰ ভিতৰত ইয়াৰ পৰামর্শ প্রদান কৰিব লাগিব। সমিতিৰ পৰা পৰামর্শ প্রাপ্ত কৰাৰ দুই দিনৰ ভিতৰত ওচৰত দাখিল কৰিব।

আপীল কর্তৃপক্ষৰ দ্বাৰা নিষ্পত্তি

যেতিয়া আপীল কর্তৃপক্ষৰ ওচৰত আপীল এটা দাখিল কৰা হয়, ইয়াক প্রয়োজন বুলি অনুভৱ কৰা অনুসন্ধান কৰিব পাৰে আৰু দহদিনৰ ভিতৰত নির্ধাৰণ কৰা কথাবোৰ আৰু লোৱা সিদ্ধান্তটো উল্লেখ কৰি এক লিখিত আদেশ জাৰী কৰি আপীলটো নিস্পত্তি কৰিব পাৰে। আপীল কর্তৃপক্ষই উপদেষ্টা সমিতিৰ পৰামশৰ প্ৰতি যথে চিত মনোযোগ দিব বুলি আশা কৰা হয়। যদি আপীল কর্তৃপক্ষই উপদেষ্ট সমিতিৰ পৰামৰ্শৰ বিপৰীতে সিদ্ধান্ত লয়, ই জাৰী কৰা লিখিত আদেশত তাৰ কাৰণবোৰ নথিভুক্ত কৰিব লাগে।

আপীল কর্তৃপক্ষৰ সচিবালয়ে আপীলটোৰ ওপৰত লোৱা হোৱা সিদ্ধাৰ বিষয়ে SMS বা ইমেইল বা ডাক যোগে অৱগত কৰিব লাগিব।

ৱেব আধাৰিত অভিযোগ নিৰীক্ষণ প্রণালী

প্রত্যেক সেৱা প্রদানকর্তাই এক ৱেব আধাৰিত অভিযোগনিৰীক্ষণ প্রণালী স্থাপন কৰিব লাগিব যাৰ যোগেৰে উপভোক্তা সকলে তেওঁলোকৰ অভিযোগবোৰ অনুসৰণ কৰিব লাগে। লগতে অভিযোগ নিৰীক্ষণ কৰাৰ প্রক্রিয়াটো প্রতি ছয় মাহত বাতৰি কাকতত প্রকাশ কৰিব লাগিব।

দূৰসংযোগ উপভোক্তা চনদ

সকলো সেৱা প্রদানকর্তাই হিন্দী, ইংৰাজী আৰু সেৱা এলেকাৰ স্থানীয় ভাষাত দূৰসংযোগ উপভোক্তা চনদ এখন প্রকাশ কৰিব লাগে। চনদখনত অৱধাৰিত ভাৱে নিম্নলিখিতবোৰৰ ওপৰত তথ্য অন্তর্ভুক্ত থাকিব:

  • সেৱাৰ নিয়মাৱলী আৰু চর্তাৱলী,
  • অভিযোগ নিস্পত্তি প্রণালীৰ বিষয়ে তথ্য,
  • অভিযোগ নিস্পত্তি প্রক্রিয়া,
  • QoS নিয়মাৱলীৰ অধীনত বিভিন্ন অভিযোগৰ বাবে প্রাধিকৰণে নির্ধাৰিত কৰা বিভিন্ন সময় সীমা,
  • ৮ গ্রাহক সেৱা নম্বৰ-নিঃশুল্ক,
  • সাধাৰণ তথ্য নম্বৰ-নিঃশুল্ক বা শুল্ক আদায় আধাৰিত,
  • বিভিন্ন সেৱা যেনে মোবাইল নম্বৰ পোটেবিলিটি, সেৱা প্রদানকর্তাই প্রদান কৰা সেৱা বাতিল কৰা বা সংযোগ বিচ্ছিন্ন কৰা সম্পর্কত বিভিন্ন প্রক্রিয়া, বিভিন্ন নিয়মাৱলীৰ অধীনত উপভোক্তাসকলৰ অধিকাৰ, তথ্যবোৰ হিন্দী বা ইংৰাজী আৰু স্থানীয় ভাষাত প্রতি ছয় মাহত এবাৰকৈ প্রকাশ প্রাধিকৰণে জাৰী কৰা আদেশবোৰ, বিভিন্ন নিয়মাৱলীৰ অধীনত সেৱা প্রদানকর্তাৰ সকলৰ দায়িত্ব আৰু দায়বদ্ধতা, প্রাধিকৰণে জাৰী ইত্যাদি।
  • মোবাইল উপভোক্তা এজনে তেওঁৰ নামভৰ্তিৰ সময়ত প্রাপ্ত কৰা আৰম্ভণি সামগ্রীত অন্তর্ভুক্ত থাকিব দূৰসংযোগ উপভোক্তা সংহিতাৰ এক চমু সংস্কৰণ।

বাতৰি কাকত আৰু ৱেবছাইটত তথ্য প্রকাশ

সেৱা প্রদানকর্তাসকলে সর্বাধিক প্রচলিত বাতৰিকাকতত নিম্নলিখিত তথ্যবোৰ প্ৰকাশ কৰিব লাগিব। সেৱা প্রদানকর্তাসকলে সর্বাধিক প্রচলিত বাতৰিকাকতত নিম্নলিখিত তথ্যবোৰ প্রকাশ কৰিব লাগিব সেৱা প্রদানকর্তা সকলে মুখ্য বাতৰিকাকতত নিম্নলিখিত কৰিব লাগিব আৰু ইয়াক তেওঁলোকৰ ৱেব ছাইটত উপলব্ধ কৰিব লাগিব:

  • গ্রাহক সেৱা নম্বৰ
  • সাধাৰণ তথ্য নম্বৰ
  • আপীল কর্তৃপক্ষৰ যোগাযোগৰ বিৱৰণ
  • ৱেব আধাৰিত অভিযোগ নিৰীক্ষণ প্রণালীত অভিযোগ নিৰীক্ষণ কৰাৰ প্রক্রিয়া।

আধ্যায় ৩

সেৱাৰ গুণমান আৰু বিলিংৰ শুদ্ধতা

TRAI অধিনিয়ম অনুসৰি প্ৰাধিকৰণে সেৱা প্রদানকর্তা সকলে প্রদান কৰিব লগা সেৱাৰ গুণমানৰ মানদণ্ড নিৰ্ধাৰণ কৰিব আৰু দূৰসংযোগ সেৱাৰ উপভোক্তাসকলৰ হিত সুৰক্ষিত কৰাৰ বাবে সময়ে সময়ে এনে সেৱাবোৰৰ জৰীপ সম্পাদন কৰিব।

সেৱাৰ গুণমান (Qos)

TRAI-য়ে সময়ে সময়ে জাৰী কৰা QoS নিয়মাৱলীৰ যোগেৰে বিভিন্ন সেৱাৰ বাবে সেৱাৰ গুণাগুণৰ মানদণ্ড নির্ধাৰণ কৰিছে। তাঁৰযুক্ত ফোন সেৱা (মৌলিক), চেলুলাৰ মোবাইল টেলিফোন সেৱা (২G আৰু ৩G), ব্ৰডবেণ্ড সেৱা আৰু শেহতীয়াকৈ তাঁৰযুক্ত ডাটা সেৱাৰ বাবে সেৱাৰ গুণমানৰ মানদণ্ড পৰিচালনা কৰিবলৈ

TRAI-য়ে পৃথক QoS নিয়মাৱলী জাৰি কৰিছে। সেৱাৰ গুণমানৰ গুৰুত্বপূর্ণ চৰ্তবোৰ পূৰণ কৰাৰ বাবে মাপকাঠিবোৰ পৰিশিষ্ট I আৰু II-ত দিয়া হৈছে।

TRAI-No QoS ৰ নিৰীক্ষণ

সেৱাৰ গুণমান নিশ্চিত কৰাৰ বাবে আৰু সেৱা প্রদানকর্তা সকলৰ প্রদর্শন নিৰীক্ষণ কৰাৰ বাবে, TRAI-য়ে মুখ্যতঃ এক তিনি খলপীয়া ৰণনীতি গ্রহণ কৰে:

(১) সেৱা প্রদানকর্তা সকলৰ পৰা তিনিমহীয়া প্রদর্শন নিৰীক্ষণ প্রতিবেদন;

(২) তৃতীয় পক্ষৰ সংস্থাৰ দ্বাৰা QoS অডিট আৰু

(৩) তৃতীয় পক্ষৰ সংস্থাৰ জৰিয়তে গ্রাহক সন্তুষ্টিৰ জৰীপ।

TRAI-য়ে লগতে সেৱা প্রদানকর্তা সকলৰ পৰা মাহিলী ভিত্তিত পইণ্ট অফ ইণ্টাৰকানেচন (POI) কঞ্জেশ্বন প্রতিবেদনো প্রাপ্ত কৰে।

বর্তমানে সকলো সেৱা এলেকাত মোবাইল টেলিফোন সেৱাৰ QoS-ৰ বাবে হয়, আনহাতে মৌলিক আৰু ব্ৰডবেণ্ড সেৱাৰ বাবে এয়া বার্ষিক ভিত্তিত কৰা হয়। গ্রাহকসকলৰ সন্তুষ্টিৰ স্তৰ নিৰ্ধাৰণ কৰাৰ বাবে গ্রাহকসকলৰ জৰীপ অর্ধবার্ষিক ভিত্তিত কৰা হয়। অডিট আৰু জৰীপবোৰ স্বতন্ত্র সংস্থাৰ জৰিয়তে কৰা হয় আৰু তাৰ ফলাফলবোৰ উপভোক্তা সকলে জনাৰ বাবে ৱেবছাইটত প্রকাশ কৰা হয়।

TSP বোৰে Qos মাপকাঠি পূৰণ নকৰিলে বিত্তীয় জৰিমনা বিহাৰ বাবেও নিয়মাৱলীত ব্যৱস্থা কৰা হৈছে।

বিলিং শুদ্ধতা

উপভোক্তা সকলক অশুদ্ধ বিলিং আৰু আদায় কৰাৰ পৰা সুৰক্ষিত কৰাৰ বাবে,

মিটাৰিং আৰু বিলিং শুদ্ধতাৰ বাবে প্রাধিকৰণে এক সুষম কার্য সংহিতা নির্ধাৰিত কৰিছে। সেৱা প্রদানকর্তা সকলে প্রতি বছৰে TRAI-য়ে নির্বাচিত কৰা অডিটৰসকলৰ মাজৰ এজনৰ দ্বাৰা তেওঁলোকৰ মিটাৰিং আৰু বিলিং প্রণালীৰ অডিট কৰাব লাগিব আৰু প্রতি বছৰে ৩১ জুলাই তাৰিখৰ ভিতৰত প্রতি বছৰৰ বাবে অডিট প্রমাণপত্র প্রাধিকৰণৰ ওচৰত দাখিল কৰিব লাগে। লগতে অডিটৰে যদি অডিট প্রতিবেদনত কোনো ক্রটি উল্লেখ কৰে তেনেহ’লে তাৰ ওপৰত লোৱা পদক্ষেপৰ প্রতিবেদন প্রতি বছৰে ১৫ নৱেম্বৰ তাৰিখৰ ভিতৰত TRAI-ৰ ওচৰত দাখিল কৰিব লাগিব।

অডিটৰ সময়ত, প্রতি তিনিমাহত নিম্নলিখিত মাচুল আঁচনিবোৰৰ বাবে এক মাহৰ কল তথ্য ৰেকর্ডৰ অডিট কৰিব লাগিব:

(ক) তিনিমাহটোৰ আৰম্ভণিত সর্বাধিক সংখ্যক গ্রাহক থকা তিনিখন প্রিপেইড আৰু দুখন পোষ্টপেইড আচনি

(খ) তিনিমাহটোৰ ভিতৰত আৰম্ভ কৰা দুখন নতুন প্রিপেইড আৰু পোষ্টপেইড মাচুল আঁচনি;

(গ) তিনিমাহটোৰ আৰম্ভণিত সর্বাধিক সংখ্যক গ্রাহক থকা দুখন বিশেষ মাচুল ভাউচাৰ;

(ঘ) তিনিমাহটোৰ আৰম্ভণিত সর্বাধিক সংখ্যক গ্রাহক থকা দুখন প্রিপেইড ডাটা আচনি; আৰু

TRAI-য়ে অডিটৰ বাবে এক বিতং চেকলিষ্ট আৰু মিটাৰিং তথা বিলিং নিয়মাৱলী ৰূপায়ণৰ বাবে নির্দেশনাৱলী জাৰী কৰিছে। অধিক বিলিং পৰীক্ষা, প্রকাশিত মাচুল বনাম গ্রাহকসকলৰ পৰা আদায় কৰা ৰোমিং মাচুল, মূল্য যোগকৃত প্রক্রিয়াৰ সত্যাপন, বিলিং অভিযোগ নিস্পত্তি আৰু অভিযোগৰ ওপৰত কাম কৰা প্রক্রিয়া, ৰিচাৰ্জৰ বাবে সক্রিয়কৰণৰ সময় আদি অডিটৰ দ্বাৰা পৰীক্ষা কৰা হয়।

অডিটত ধৰা পৰা প্রণালীগত ক্রটিবোৰ এক নির্দিষ্ট সময়ৰ ভিতৰত সঠিক কৰিব লাগে। মিটাৰিং আৰু বিলিং প্রণালীৰ অডিটে বহুতো প্রণালীগত সমস্যা চিনাক্ত কৰাত সহায় কৰিছে আৰু লগতে সেৱা প্রদানকর্তা সকলক তেওঁলোকৰ বিলিঙৰ চিষ্টেমৰ প্ৰণালী উন্নত কৰাত আৰু এনেদৰে বিলিং অভিযোগৰ পৰিমাণ হ্রাস কৰাত সহায় কৰিছে।

অধ্যায় ৪

ম'বাইল নম্বৰ পোটেবিলিটি

মোবাইল নম্বৰ পোটেবিলিটি হৈছে এক সুবিধা যাৰ সহায়ত গ্রাহক এজনে এক অনুজ্ঞাপ্রাপ্ত সেৱা এলেকাৰ ভিতৰত এক সেৱা প্রদানকর্তাৰ পৰা অন্য এক সেৱা প্রদানকর্তালৈ স্থানান্তৰ কৰিলে, যি মোবাইল প্রযুক্তিয়ে নহওঁক, বা একেটা সেৱা প্রদানকর্তাৰ এক চেলুলাৰ মোবাইল প্রযুক্তিৰ পৰা আন এটা প্রযুক্তিলৈ স্থানান্তৰ কৰিলে তেওঁৰ মোবাইল নম্বৰটো একেই ৰাখিবলৈ দিয়ে। এই পোটেবিলিটিত তিনিটা পক্ষ অন্তর্ভুক্ত থাকে,

(১) স্থানান্তৰ কৰিবলৈ ইচ্ছুক গ্রাহকজন,

(২) দাতা অপাৰেটৰ বা সেৱা প্রদানকর্তা যাৰ পৰা গ্রাহকজনে স্থানান্তৰ কৰিব বিচাৰে আৰু

(৩) প্রাপ্তকতা অপাৰেটৰ (নতুন সেৱা প্রদানকর্তা) য’লৈ গ্রাহকজনে স্থানান্তৰ কৰিব বিচাৰে।

পোটিং প্রক্রিয়া

মবাইল নম্বৰটো পোৰ্টিং কৰিবলৈ বিচৰা গ্ৰাহক এজনে নিম্নলিখিতবোৰ কৰিব লাগে—

  • প্ৰাপ্তকৰ্তা অপাৰেটৰ সৈতে যোগাযোগ কৰিবলৈ যলৈ তেওঁ তেওঁৰ মবাইল নম্বৰটো পোৰ্ট কৰিব বিচাৰে।
  • প্ৰাপ্তকৰ্তা অপাৰেটৰ পৰা গ্ৰাহক অধিগ্ৰহন প্ৰপত্ৰ(CAF)আৰু পোৰ্টিং প্ৰপত্ৰ প্ৰাপ্ত কৰিব।
  • যোগ্যতা পোৰ্টিং অনুৰোধ অগ্ৰাহ্য কৰাৰ অনুমোদিত কাৰন আৰু  অন্যান্য চৰ্তাৱালী সৰ্তকভাৱে পঢ়িব।
  • পোৰ্ট কৰিবলগা মোবাইল নম্বৰৰ পৰা ডাটা অপাৰেটলৈ sms প্ৰেৰন কৰি “একক পোৰ্টিং কোড”(UPC)প্ৰাপ্ত কৰিব।UPC প্ৰাপ্ত কৰিবলৈ “PORT”লিখি তাৰ পিছৰ খালী ঠাই এটা এৰি পোৰ্ট কৰিবলগা ১০ টা অংকৰ নম্বৰটো লিখি ১৯০০ নম্বৰলৈ sms প্ৰেৰন কৰিব।মন কৰিব লগা কথা যে এনেদৰে প্রাপ্ত কৰা UPC টাে জম্মু আৰু কাশ্মীৰ, উত্তৰ-পূৱ আৰু অসমত ৩০ দিনৰ বাবে বৈধ হ'ব আৰু বাকী সকলোবোৰ সেৱা এলেকাত ১৫ দিনৰ বাবে বৈধ হ'ব।

টোকাঃ যিহেতু জম্মু আৰু কাশ্মীৰত প্রিপেইড SMS অনুমোদিত নহয় গ্রাহকে UPC প্রাপ্ত কৰাৰ বাবে ১৯০০ নম্বৰ ডায়েল কৰিব লাগিব। ১৯০০-ৰ অপাৰেটৰে গ্ৰাহকৰ নম্বৰটো সত্যাপন কৰাৰ পিছত UPC প্রদান কৰিব।

  • যদি যোগ্য হয়, গ্রাহক অধিগ্রহণ প্ৰপত্র (CAF) আৰু পোর্টিং প্রপত্র পূৰণ কৰিব, UPC উল্লেখ কৰি।
  • সম্পূর্ণকৈ পূৰণ কৰা পোর্টিং প্রপত্র আৰু CAF সহ প্রমাণৰ দস্তাবেজ প্রাপ্তকর্তা অপাৰেটৰ ওচৰত দাখিল কৰিব।
  • পোষ্ট পেইড গ্রাহক এজনে পোটিং প্ৰপত্ৰ আৰু CAF-ৰ সৈতে পৰিশোধ কৰা অন্তিমখন বিলৰ প্রতিলিপি এখনো দাখিল কৰিব লাগে।
  • প্রাপ্তকর্তা অপাৰেটৰৰ পৰা নতুন চিম কার্ড প্রাপ্ত কৰক।

কর্পোৰেট গ্রাহক

কপোৰেট মোবাইল নম্বৰ এটাৰ পোটি কৰাৰ ক্ষেত্ৰত, অর্থাৎ কপোৰেট, ফার্ম বা যিকোনো সংগঠন বা প্রতিষ্ঠানৰ গ্রাহকৰ কর্তৃত্বশীল স্বাক্ষৰকৰ্তাৰ পৰা এনে পোটিঙৰ অনুমোদন প্রদান কৰা কর্তৃত্বপ্রদান পত্র এখন নির্ধাৰিত সজ্জাত পোটিঙৰ অনুৰোধৰ সৈতে দাখিল কৰিব লাগে।

কর্পোৰেট মোবাইল নম্বৰৰ ক্ষেত্ৰত, পোটিং অনুৰোধত একেলগে পঞ্চাশটাতকৈ অধিক মোবাইল নম্বৰ একেলগে পোটিং কৰাটো বিচাৰিব নালাগে আৰু এনে প্ৰতিটো মোবাইল নম্বৰৰ বাবে পোটিং মাচুল দিব লাগে।

এটাতকৈ অধিক কপোৰেট মোবাইল নম্বৰৰ বাবে পোর্টিং অনুৰোধ কৰা হ'লে, এনে নম্বৰবোৰ একেটা দাতা অপাৰেটৰৰ হ’ব লাগে।

পোটিঙৰ বাবে যোগ্যতা

মোবাইল নম্বৰ এটা থকা গ্রাহক এজনে তেওঁৰ মোবাইল সংযোগটো সক্রিয় হোৱাৰ ৯০ দিনৰ পিছতহে পোটিং অনুৰোধ এটা কৰাৰ বাবে যোগ্য হ'ব।

মোবাইল নম্বৰ এটা থকা গ্রাহক এজনে তেওঁৰ মোবাইল সংযোগটো সক্রিয় হোৱাৰ ৯০ দিনৰ পিছতহে পোটিং অনুৰোধ এটা কৰাৰ বাবে যোগ্য হ'ব। যদি মোবাইল নম্বৰ এটা ইতিমধ্যে এবাৰ পোটিং কৰা হৈছে, সেই নম্বৰটো আগৰ পোটিঙৰ তাৰিখৰ পৰা ৯০ দিন পিছতহে পুনৰ পোর্টিং কৰিব পাৰি।

পোর্টিং অনুৰোধৰ সময়ত, পোষ্ট পেইড গ্রাহক এজনে এক অঙ্গীকাৰ দাখিল কৰিব লাগিব যে তেওঁ দাতা অপাৰেটৰক অন্তিমখন বিল অনুসৰি সকলোবোৰ দেয় পৰিমাণ ইতিমধ্যে পৰিশোধ কৰিছে আৰু যে তেওঁ পোর্টিং সম্পূর্ণ

হোৱালৈ দাতা অপাৰেটৰক সকলো দেয় পৰিমাণ পৰিশোধ কৰিব আৰু সন্মত হয় যে যদি এনে কোনো দেয় পৰিমাণ দাতা অপাৰেটৰক পৰিশোধ কৰা নহয়, প্রাপ্তকর্তা অপাৰেটৰে পোর্ট হোৱা মোবাইল নম্বৰটোৰ সংযোগ বিচ্ছিন্ন কৰিব পাৰে।

প্রি-পেইড গ্রাহকে এক অঙ্গীকাৰ দাখিল কৰিব লাগে যে তেওঁ বুজে যে পোটিঙৰ সময়ত যদি কোনো পৰিমাণ বাকী থাকে, সেয়া উকলি যাব।

পোর্টিং অনুৰোধ অগ্রাহ্য কৰাৰ বাবে ভিত্তি

পোর্টিং অনুৰোধ অগ্রাহ্য কৰিব পাৰে যদি:

(ক) বকেয়া দেয় পৰিমাণ ১০/= টকাৰ অধিক হয়।

(খ) নতুন সংযোগ সক্রিয় কৰা তাৰিখৰ নব্বৈ দিনৰ আগতে এনে অনুৰোধ কৰা হয়।

(গ) মোবাইল নম্বৰটোৰ মালিকত্ব পৰিৱৰ্তনৰ প্রক্রিয়া চলি থাকিলে।

(ঘ) পোর্ট কৰিব বিচৰা মোবাইল পোটিং সময় নম্বৰটো এক আইনী আদালতে নিষিদ্ধ কৰিলে।

নিয়মাৱলী অনুসৰি সকলো অনুজ্ঞাপ্রাপ্ত

(ঙ) গ্রাহকে আন সেৱা এলেকালৈ  পেটিং কৰাৰ আবেদন কৰিলে।

(চ) পোর্ট কৰিব বিচৰা মোবাইল নম্বৰৰ বাবে দাতা অপাৰেটৰে আৱণ্টন কৰা একক পোৰ্টিং কোডটো    পোৰ্টিং অনুৰোধত উল্লেখ কৰা একক পোটিং কোডৰ সৈতে নিমিলে বা - UPC-ৰ বৈধতা উকলি গৈছে।

(ছ) একক পোর্টিং কোডটো দাতা অপাৰেটৰে প্ৰাপ্ত কৰাৰ আগতে ইয়াৰ বৈধতা ম্যাদ উকলি গৈছে।

পোটিং অনুৰোধ প্ৰত্যাহাৰ কৰা

গ্রাহক এজনে পেটিঙৰ বাবে অনুৰোধ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত প্ৰাপ্তকৰ্তা অপাৰেটক লিখিতভাৱে অৱগত কৰি তেওঁৰ পোৰ্টিং অনুৰোধ প্ৰত্যাহাৰ কৰিব পাৰে।অৱশ্যে পৰিশোধ কৰা পোৰ্টিং মাচুল ঘুৰাই দিয়াৰ বাবে সেৱা প্ৰদানকৰ্তা বাধ্য নহয়।

পোৰ্টিং সময়: নিয়মাৱলী অনুসৰি সকলো অনুজ্ঞাপ্ৰাপ্ত সেৱা এলেকাৰ বাবে পোৰ্টিং প্ৰক্ৰিয়া সম্পূৰ্ন হোৱাৰ বাবে ৭টা কৰ্মদিনৰ সৰ্বাধিক সময় সীমা নিৰ্ধাৰন কৰা হৈছে জন্মু আৰু কাশ্মীৰ,অসম আৰু উত্তৰ পূৱৰ বাহিৰে যত অনুমোদিত সৰ্বাধিক সময় সীমা হৈছে ১৫ দিন।

পোৰ্ট কৰাৰ নম্বৰ সক্ৰিয় কৰা

  • প্ৰাপ্তকৰ্তা অপাৰটে গ্ৰাহকক পোৰ্টিংঙৰ তাৰিখ আৰু সময় অৱগত কৰিব।
  • পোৰ্টিংকৰ তাৰিখত নিশাৰ সময়ত প্ৰায় ২ ঘন্টাৰ বাবে সেৱা ব্যাহত হব।
  • নিৰ্ধাৰিত সময় আৰু তাৰিখৰ পিছত পুৰনি চিমখন আতৰাইঁ প্ৰাপ্তকৰ্তা অপাৰেটৰে প্ৰদান কৰা নতুন চিম ভৰাওঁক।(টোকা:প্ৰিপেইড সংযোগৰ একাউণ্টত বাকী থকা পৰিমান নতুন চিমলৈ স্থানান্তৰ কৰা নহব।

অধ্যায় ৪

অনাকাংক্ষিত বাণিজ্যিক যোগাযোগ প্রতিহত কৰা (CUCC)

অনাকাংক্ষিত বাণিজ্যিক যোগাযোগ প্রতিহত কৰিবলৈ (CUCC), যি হৈছে দূৰসংযোগ সেৱা ব্যৱহাৰকৰ্তাসকলৰ বাবে অশান্তি আৰু অসুবিধাৰ এক মুখ্য কাৰণ, TRAI-য়ে ২০১০ চনৰ ১ ডিচেম্বৰ তাৰিখে “দূৰসংযোগ বাণিজ্যিক যোগাযোগ গ্রাহক পছন্দ নিয়মাৱলী, ২০১০” জাৰী কৰে। ইয়াত এক ৰাষ্ট্রীয় গ্রাহক পছন্দ পঞ্জী (NCPR) প্রস্তুত কৰাৰ ব্যৱস্থা কৰা হৈছে, য’ত গ্রাহকে সকলো বাণিজ্যিক যোগাযোগ প্রতিৰোধ কৰিবলৈ বাছনি কৰিব পাৰে বা সাতটা শ্রেণী

১) বেঙ্কিং/ বীমা / বিত্তীয় আঁচনি / ক্রেডিট কার্ড;

২) স্থাৱৰ সম্পত্তি

৩) শিক্ষা,

৪) স্বাস্থ্য,

৫) উপভোক্তা সামগ্ৰী আৰু বাহন

৬) যোগাযোগ / সম্পপ্ৰচাৰ /মনোৰঞ্জন / তথ্য প্রযুক্তি আৰু

৭) পর্যটন আৰু বিনোদনৰ মাজৰ পৰা নির্দিষ্ট কিছুমানৰ SMS প্ৰতিৰোধ কৰিব পাৰে বা সকলো কল/SMS প্রাপ্ত কৰা অব্যাহত ৰাখিব পাৰে।

দূৰসংযোগ বিজ্ঞাপন যোগাযোগ গ্ৰাহক পছন্দ নিয়মাৱালীৰ মুখ্য বিশেষত্ব

Trai য়ে এই নিয়মাৱলী ৰুপায়ন কৰাটো নিৰন্তনভাৱে নিৰীক্ষন কৰি আছে আৰু এই নিয়মাৱলী ৰুপায়ন সময়ত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমাধান কৰিছে।প্ৰনালীটোৰ অপব্যৱহাৰ সম্ভাৱনা হ্ৰাস কৰা আৰি নিয়ামক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে TRAI য়ে এই নিয়মাৱলী আৰু নিৰ্দশাৱালীত কেইবাটাও সংশোধন জাৰি কৰিছে।দূৰসংযোগ বানিজ্যিক যোগাযোগ গ্ৰাহক পছন্দ নিয়মাৱালী অনুসৰি অনাকাংক্ষিত বানিজ্যিক যোগাযোগ নিয়ন্ত্ৰন কৰাৰ বাবে পৰিকাঠমৰো মুখ্য বিশেষত্ব

জাৰী কৰা বিভিন্ন সংশোধন আৰু বিভিন্ন নির্দেশনাবোৰ তলত দিয়া হৈছে:

১) টেলিমার্কেটাৰসকলে ৫০০০ টকাৰ পঞ্জীয়ন মাচুল পৰিশোধ কৰি TRAI-ৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব আৰু টেলিকম সম্প্দ প্রাপ্ত কৰাৰ আগতে অপাৰেটৰ ওচৰত সুৰক্ষা জমা হিচাপে ৫০,০০০ টকা জমা কৰিব লাগিব।

২) টেলিমার্কেটাৰৰ সুৰক্ষা জমাৰ পৰা জৰিমনা প্রাপ্ত কৰাৰ ব্যৱস্থাৰ সৈতে নিয়মাৱলীৰ উলংঘা কৰাৰ বাবে কঠোৰ জৰিমনাৰ ব্যৱস্থা।

৩) যদি টেলিমার্কেটাৰে নিয়মাৱলীৰ চৰ্তবোৰ ছয়বাৰ উলংঘা কৰে, তেওঁলোকৰ সকলো টেলিকম সঁজুলিৰ সংযোগ বিচ্ছিন্ন কৰা হ'ব আৰু তেওঁলোকক নিষিদ্ধ কৰা হ’ব, যাৰ ফলত, পৰৱৰ্তী দুই বছৰৰ বাবে তেওঁলোকে কোনো টেলিকম সম্প্রপদ প্রাপ্ত কৰিব নোৱাৰে।

৪) টেলিমার্কেটাৰসকলৰ বাবে ধ্বনি কলৰ বাবে ১৪০" ৰে আৰম্ভ হোৱা পৃথক নম্বৰ শৃংখলা, যি টেলিমাকেটিং ধ্বনি কলবোৰ সহজে চিনাক্ত কৰাত সহায় কৰিব।

৫) দুগুণ ফিল্টাৰ প্রক্রিয়া, যাৰ দ্বাৰা টেলিমার্কেটাৰ আৰু এক্সেচ প্রদানকর্তা সকলে অনাকাংক্ষিত কল আৰু SMS-ৰ সঠিক ফিল্টাৰিং নিশ্চিত কৰিব লাগে যাতে NCPR-ত পঞ্জীভুক্ত কোনো গ্রাহকলৈ তেওঁ ইয়াৰ বাবে পছন্দ নকৰিলে কোনো কল বা SMS প্ৰেৰণ কৰা নহয়।

৬) গ্রাহকসকলে সহজে চিনাক্ত কৰাত সহায় হোৱাৰ বাবে লেনদেন মূলক আৰু প্ৰচাৰ মূলক বার্তাৰ বাবে পৃথক শৰোনাম ।

৭) সেৱা প্রদানকর্তা সকলে নতুন গ্রাহকৰ পৰা অঙ্গীকাৰ প্রাপ্ত কৰিব লাগিব যে তেওঁলোকে সংযোগটোৰ অপব্যৱহাৰ নকৰিব আৰু অপব্যৱহাৰ কৰিলে তেওঁলোকৰ সংযোগ বিচ্ছিন্ন কৰা হ'ব।

৮) যদি উপভোক্তা এজনে প্ৰচাৰমূলক বার্তা প্ৰেৰণ কৰাৰ বাবে তেওঁৰ টেলিফোন সংযোগটো ব্যৱহাৰ কৰে, প্রথমটো অভিযোগ প্রাপ্ত কৰাৰ লগে লগে তেওঁৰ টেলিফোন সংযোগটো বিচ্ছিন্ন কৰা হ'ব আৰু তেওঁৰ নাম আৰু ঠিকনা দুই বছৰৰ বাবে নিষিদ্ধ কৰা হ'ব। নিষিদ্ধ কৰাৰ পিছত, তেওঁৰ নামত থকা সকলো টেলিফোন সংযোগ সেৱা প্রদানকর্তা সকলে বিচ্ছিন্ন কৰিব আৰু তেওঁ পৰৱৰ্তী দুই বছৰৰ বাবে কোনো নতুন সংযোগ ল’ব নোৱাৰিব। ভুলকৈ সংযোগ বিচ্ছিন্ন কৰাৰ বিপক্ষে যিকোনো অভিযোগ সেৱা প্রদানকর্তাৰ ওচৰত কৰিব লাগিব।

৯)ব্যক্তি এজনৰ সৈতে একেটা মোবাইল নম্বৰ বা পৃথক টেলিফোন নম্বৰত বাণিজ্যিক লেনদেনৰ প্রস্তাৱ দিয়া হ’লে এনে ব্যক্তিৰ টেলিকম সম্পদবোৰ দ্বিতীয় জাননীৰ পিছত সংযোগ বিচ্ছিন্ন কৰা হ'ব। উদাহৰণ স্বৰূপে, যদি অ-পঞ্জীভুক্ত টেলিমার্কেটাৰে তেওঁলোকৰ মোবাইল সংযোগ ব্যৱহাৰ কৰি ধৰি লওঁক স্থাৱৰ সম্পত্তি কোম্পানীৰ হৈ বাণিজ্যিক লেনদেনৰ প্রস্তাৱ দি যোগাযোগ কৰে, তেনেহ’লে উলংঘা কৰাৰ দ্বিতীয় জাননীৰ পিছত স্থাৱৰ সম্পত্তিৰ কোম্পানীটোৰো টেলিকম সম্পদবোৰৰ সংযোগ বিচ্ছিন্ন কৰা হ'ব।

১০) সেৱা প্রদানকর্তা সকলে নিশ্চিত কৰিব লাগিব যে লেনদেনমূলক বার্তাৰ বাহিৰে SMS সহ যিকোনো বাণিজ্যিক যোগাযোগ কেৱল ০৯০০ বজা আৰ ২১০০ বজাৰ ভিতৰতহে প্ৰেৰণ কৰা হয়।

১১) প্রতি দিনে প্ৰতিখন চিমৰ বাবে ১০০ টা SMS-ৰ ওপৰৰ প্ৰতিটো SMS-ৰ বাবে, গ্রাহকসকলে প্রতি SMS-ৰ বাবে নিম্নতম ৫০ পইছা পৰিশোধ কৰিব লাগিব। প্রতি দিনে ১০০ টা SMS অতিক্রম কৰাৰ পিছত SMS পেক প্রযোজ্য নহ’ব।

১২) সেৱা প্রদানকর্তা সকলে ছয় মাহত কমেও এবাৰকৈ. গ্রাহকসকলক মাজে সময়ে UCC প্রেৰণ নকৰিবলৈ আৰু ইয়াক উলংঘা কৰাৰ ফলাফলবোৰ SMS যোগে জনাই থাকিব লাগে।

১৩) সেৱা প্রদানকর্তা সকলে ৱেব আধাৰিত UCC অভিযোগ দাখিল প্রণালী ৰূপায়ণ কৰিব লাগিব আৰু গ্রাহকসকলে UCC অভিযোগ দাখিল কৰাৰ বাবে এক সমপিত ইমেইল ঠিকনা স্থাপন কৰিব লাগিব।

১৪) SMS যোগে UCC অভিযোগ দাখিল কৰাটো অধিক সহজ কৰা হৈছে। এতিয়া UCC SMS টোত টেলিফোন নম্বৰ আৰু SMS প্রাপ্ত কৰাৰ তাৰিখ যোগ দি ইয়াক ১৯০৯ নম্বৰলৈ অগ্রসৰ কৰি SMS যোগেৰে অভিযোগ দাখিল কৰিব পাৰি ।

কেনেদৰে পঞ্জীয়ন কৰিব

  • গ্রাহক এজনে ১৯০৯ নম্বৰলৈ নিঃশুল্ক ফোন কৰি আৰু গ্রাহক সেৱা কার্যবাহীজনক পঞ্জীয়নৰ পছন্দ অৱগত কৰি, অর্থাৎ "সম্পূর্ণভাৱে প্রতিবন্ধ" বা “আংশিকভাৱে প্রতিবন্ধ", যদি পছন্দটো “আংশিকভাৱে প্রতিবন্ধ" হয় তেনেহ'লে ৭ টা শ্রেণীৰ ভিতৰত বিকল্প বাছনি কৰি বা তেওঁৰ পছন্দ বা পছন্দৰ পৰিৱর্তন পঞ্জীভুক্ত কৰিব পাৰে। গ্রাহক সেৱা গ্রাহক পছন্দ পঞ্জীত পঞ্জীভুক্ত কৰিব। গ্রাহক সেৱা কার্যবাহী জনে তেওঁ কৰা পছন্দটোৰ বিষয়ে SMS যোগে অৱগত কৰে আৰু লগতে একক পঞ্জীয়ন নম্বৰটো উল্লেখ কৰে।
  • লগতে গ্রাহকে চমু কোড ১৯০৯ লৈ ফোন কৰি আৰু পঞ্জীয়নৰ বাবে পছন্দ বাছনি কৰিবলৈ বা পছন্দ সলনি কৰিবলৈ IVRS অনুসৰণ কৰি তেওঁৰ পছন্দ পঞ্জীভুক্ত কৰিব পাৰে বা পছন্দ সলনি কৰিব পাৰে। IVRS-এ পছন্দ কৰাটো নিশ্চিত কৰিব। গ্রাহকজনক তেওঁৰ পছন্দৰ পঞ্জীয়নৰ বিষয়ে আৰু তেওঁৰ একক পঞ্জীয়ন নম্বৰটো জনোৱা হ'ব।
  • গ্রাহকে ১৯০৯ লৈ SMS প্রেৰণ কৰিও পছন্দ পঞ্জীয়ন কৰিব পাৰে। উদাহৰণ স্বৰূপে, গ্রাহকে যদি সম্পূৰ্ণৰূপে প্রতিবন্ধ শ্রেণীৰ অন্ত গত পঞ্জীয়ন কৰিব বিচাৰে, তেওঁ “START<খালি ঠাই>0" লিখি ১৯০৯ লৈ প্ৰেৰণ কৰিব লাগিব। কেৱল বেঙ্কিং/বীমা সম্পৰ্কীয় তথ্য প্রাপ্ত কৰাৰ বাবে, তেওঁ “START<খালী ঠাই>1" বার্তা প্ৰেৰণ কৰিব লাগিব। আংশিকভাৱে প্রতিবন্ধ বিকল্প বাছনি কৰিবলৈ আৰু ৭ টা শ্রেণীৰ ভিতৰত একাধিক বিকল্প বাছনি কৰিবলৈ, তেওঁ “START<খালি ঠাই>1, 2,...” লিখি বার্তা প্ৰেৰণ কৰিব লাগিব।
  • গ্রাহকজনে ১৯০৯ নম্বৰলৈ ফোন কৰি তেওঁৰ পছন্দ বন্ধ/ সলনি কৰিব পাৰে, বা IVRSলৈ (১৯০৯) কল কৰি বা ১৯০৯লৈ SMS কৰিও এনে কৰিব পাৰে। যিকোনো আংশিকভাৱে আৱদ্ধ / পছন্দ কৰা বিকল্পৰ পৰা বার্তা বন্ধ কৰিবলৈ, গ্রাহকে STOP<বিকল্প> লিখি SMS প্ৰেৰণ কৰিব লাগে, যেনে পছন্দ কৰা বেঙ্কিং শ্রেণীৰ পৰা বার্তা বন্ধ কৰিবলৈ STOP 1 ।
  • গ্রাহকে যি টেলিফোন নম্বৰ পঞ্জীয়ন কৰিব বা পঞ্জীয়ন বাতিল কৰিব বিচাৰিছে সেইটো নম্বৰৰ পৰা পছন্দৰ পঞ্জীয়ন বা পছন্দৰ পৰিৱৰ্তনৰ বা পঞ্জীয়ন বাতিল কৰাৰ বাবে ফোন কৰিব / SMS প্ৰেৰণ কৰিব লাগিব।
  • গ্রাহকে পছন্দটো পঞ্জীয়ন কৰাৰ পিছত, পঞ্জীয়ন বা পছন্দ পৰিৱর্তন কৰা তাৰিখৰ ৭ দিনৰ পিছত তেওঁ পছন্দ কৰা অনুসৰি বাণিজ্যিক যোগাযোগ প্রাপ্ত কৰা বন্ধ হ’ব ।

পঞ্জীয়ন কৰাৰ পিছতো বাণিজ্যিক যোগাযোগ প্রাপ্ত কৰিলে কি কৰিব

  • গ্রাহক এজনে পঞ্জীয়ন কৰাৰ পিছত অনাকাংক্ষিত বাণিজ্যিক যোগাযোগ প্রাপ্ত কৰিলে, তেওঁ এনে UCC প্রাপ্ত কৰাৰ ৩ দিনৰ ভিতৰত নিঃশুল্ক চমু কোড ১৯০৯ লৈ ধ্বনি কল কৰি বা SMS প্রেৰণ কৰি সেৱা প্রদানকর্তাৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে।
  • Pictures
  • SMS যোগে অভিযোগ পঞ্জীয়ন কৰাৰ বাবে, গ্রাহকে SMS টো নিম্নলিখিত সজ্জাত ১৯০৯লৈ প্ৰেৰণ কৰিব লাগে:
  • UCC টো, XXXXXXXXX, dd/ mm/yy, RTE XXXXXXXXXX হৈছে UCC-ৰ টেলিফোন নম্বৰ বা শিৰোনাম। অভিযোগ পঞ্জীয়ন হোৱাৰ পিছত, অপাৰেটৰে অভিযোগকর্তাক একক অভিযোগ নম্বৰ এটা দিব আৰু অভিযোগটোৰ ওপৰত লোৱা পদক্ষেপৰ বিষয়ে ৭ দিনৰ ভিতৰত অৱগত কৰা হ'ব। গ্রাহক এজনে পঞ্জীয়ন কৰাৰ পিছত অনাকাংক্ষিত বাণিজ্যিক যোগাযোগ প্রাপ্ত কৰিলে, তেওঁ এনে UCC প্রাপ্ত কৰাৰ ৩ দিনৰ ভিতৰত নিঃশুল্ক চমু কোড ১৯০৯ লৈ ধ্বনি কল কৰি বা SMS প্ৰেৰণ কৰি সেৱা প্রদানকর্তাৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰে।

আধ্যায় ৬

দূৰসংযোগ মাচুল

দূৰসংযোগ মাচুল হৈছে উপভোক্তা সকলৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ বিষয়বোৰৰ ভিতৰৰ এটা। সেয়েহে ভাৰতীয় দূৰসংযোগ নিয়ামক অধিনিয়মত বিশেষভাৱে উল্লেখ কৰা হৈছে যে প্রাধিকৰণে মাজে সময়ে চৰকাৰী গেজেটত দূৰসংযোগ সেৱাবোৰ প্রদান কৰিবলগা নিৰিখবোৰৰ জাননী দিব। সেইমতে, প্রাধিকৰণে ১৯৯৯ চনত প্রথম সামগ্রিক মাচুল আদেশ প্রকাশ কৰে। তাৰ পিছৰ বছৰবোৰত, নতুন সমস্যা আৰু পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে দূৰসংযোগ মাচুল আদেশ, ১৯৯৯-ত কেইবাটাও পৰিৱর্তন আৰু সংশোধন কৰা হৈছে।

মাচুল বৃদ্ধিৰ বিপৰীতে সুৰক্ষা

১) সেৱা প্ৰদানকৰ্তাই আগবঢ়োৱা মাচুল আঁচনি এখন গ্ৰাহকে ক্ৰয় কৰা তাৰিখৰ পৰা নিম্নতম ছয় মাহ সময়ৰ বাবে সেই আঁচনিখন গ্ৰাহকৰ বাবে উপলব্ধ থাকিব।

২) গ্ৰাহকে আন যিকোনো মাচুল আঁচনি বাছনি কৰিবলৈ স্বত্বন্ত্ৰ থাকিব, আনকি সেই ছয় মাহ সময়ৰ ভিতৰতো। আঁচনি পৰিৱৰ্তনৰ বাবে সকলো অনুৰোধ স্বীকাৰ কৰা হ’ব আৰু লগে লগে অথবা পৰৱৰ্তী বিলিং চক্রৰ পৰা ৰূপায়ণ কৰা হ'ব।

দীৰ্ঘম্যাদী বৈধতাৰ সৈতে মাচুল আঁচনি, জীৱনযোৰা মাচুল আঁচনিসহ

১) এক অগ্রিম পৰিশোধৰ বিনিময়ত ছয় মাহৰ অধিক যিকোনো নির্ধাৰিত সময়ৰ বাবে বৈধ বা জীৱনযোৰা অথবা অসীমিত বৈধতা থকা বুলি উপস্থাপন কৰা, বিপনন কৰা বা আগবঢ়োৱা যিকোনো আচনি, আঁচনিখনত উল্লেখ কৰা ম্যাদৰ বাবে গ্ৰাহকৰ বাবে উপলব্ধ থাকিব। জীৱনযোৰা বা অসীমিত বৈধতাৰ আঁচনিৰ বাবে, বৰ্তমানৰ অনুজ্ঞা বা নৱীকৰণ কৰা অনুজ্ঞাৰ অধীনত সেৱা প্ৰদানকৰ্তাই যিমান দিনলৈ এনে টেলিকম সেৱা প্ৰদান কৰাৰ অনুমতি আছে সিমান দিনলৈ আঁচনিখন বৈধ থাকিব। জীৱনযোৰা বা অসীমিত বৈধতাৰ ক্ষেত্ৰত, সেৱা প্ৰদানকৰ্তাই লগতে তেওঁলোকৰ বৰ্তমানৰ অনুজ্ঞা উকলি যোৱাৰ মাহ আৰু বছৰ অৱগত কৰিব লাগে।

২) যিকোনো মাচুল আঁচনিৰ বাবে সেৱা প্রদানকর্তাই যিকোনো সময়তে মাচুল হ্রাস কৰাৰ বাবে স্বতন্ত্র থাকিব। কিন্তু, আঁচনি এখন বৈধ থকা সময়ত সেৱা প্রদানকর্তাই মাচুল আচনিখনৰ কোনো মাচুল বৃদ্ধি কৰিব নোৱাৰিব।

অন্যান্য মাচুল আঁচনিৰ ক্ষেত্ৰত, গ্রাহকে ক্রয় কৰা তাৰিখৰ পৰা ছয় মাহৰ ভিতৰত:

ৰোমিং সেৱাৰ বাবে মাচুল

১) নিজৰ সেৱা এলেকাৰ বাহিৰত ৰোমিং কৰা গ্রাহকসকলৰ বাবে, প্রিপেইড হওঁক বা পোষ্টপেইড হওঁক, ৰাষ্ট্ৰীয় ৰোমিঙত থাকোঁতে, টার্মিনেটিং নেটৱৰ্ক যিয়ে নহওঁক, আৰু মাচুল আচনি যিয়ে নহওঁক, ধ্বনি কল আৰু SMS-ৰ বাবে সর্বাধিক অনুমোদিত মাচুল তলত দিয়া ধৰণে হ’ব:

২) ৰাষ্ট্রীয় ৰোমিঙত থাকোঁতে SMS প্রাপ্ত কৰাটা বিনামূলীয়া।

৩) লগতে গ্ৰাহকসকলে ৰোমিং কৰি থাকোঁতে বিশেষ মাচুল আঁচনি ক্রয় কৰি নির্দিষ্ট পৰিমাণ পৰিশোধ কৰাৰ বিনিময়ত আংশিকভাৱে বিনামূলীয়া ৰোমিং বা সম্পূর্ণভাৱে বিনামূলীয়া ৰোমিং প্রাপ্ত কৰিব পাৰে।

প্ৰিপেইড গ্ৰাহকসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা

মোবাইল সেৱাৰ গৰিষ্ঠ সংখ্যক উপভোক্তা হৈছে প্রিপেইড সেৱাৰ ব্যৱহাৰকৰ্তা। তেওঁলোকৰ স্বার্থ সুৰক্ষা কৰাৰ উদ্দেশ্যে জাৰী কৰা কিছুমান আদেশ আৰু নির্দেশনা হৈছে

  • হেৰুওৱা / ক্ষতিগ্রস্ত হোৱা চিম কার্ড সলনি কৰাৰ বাবে মাচুল ব্যয় আৰু যুক্তিসঙ্গত লাভৰ ওপৰত আধাৰিত হ'ব।
  • যদি বৈধতাৰ ম্যাদৰ সমাপ্তিত কোনো অব্যৱহৃত পৰিমাণ বাকী থাকে, এই পৰিমাণটো নৱীকৰণ কৰা কার্ডলৈ স্থানান্তৰ কৰিব লাগে, যদি এনে নৱীকৰণ এক যুক্তিসঙ্গত, নির্ধাৰিত সময়ৰ ভিতৰত কৰা হয়।
  • টক টাইম মূল্য সম্পূৰ্ণৰূপে ব্যৱহৃত হৈ গ’লেও সম্পূর্ণ বৈধতাৰ ম্যাদৰ ভিতৰত ধ্বনি কল / SMS নোহোৱা সকলো সেৱা প্রি-পেইড গ্রাহকসকলৰ বাবে উপলব্ধ থকা অব্যাহত থাকিব।
  • পোনপটীয়া মাচুল হ্রাসৰ ক্ষেত্ৰত, গ্রাহকৰ দ্বাৰা কোনো স্পষ্ট পদক্ষেপ লোৱা অবিহনে গ্রাহকসকলে এনে হ্রাসৰ লাভালাভ স্বয়ংক্রিয়ভাৱে লাভ কৰিব লাগে।

    মজুত থকা জীৱনযোৰা বৈধতাৰ আচনি বা অসীমিত বৈধতা আঁচনিৰ গ্রাহকসকলে অতিৰিক্ত পৰিশোধ বা ৰিচার্জ কৰিব নলগাকৈ কম অন্তর্ভুক্তি মাচুলৰ নতুন জীৱনযোৰা বৈধতাৰ আঁচনি বা অসীমিত বৈধতা আচনিলৈ স্থানান্তৰ কৰিব পাৰে।

  • প্রি-পেইড গ্রাহকসকলৰ একাউণ্টত ধনৰ মূল্য যোগ দিয়াৰ বাবে প্রতি সেৱা প্রদানকর্তাই গ্রাহকৰ বাবে ১০/= টকা মূল্যৰ কমেও এখন টপ আপ ভাউচাৰ আগবঢ়াব আৰু উপলব্ধ কৰিব লাগে।
  • টপ-আপ ভাউচাৰৰ বাবে আৰোপ কৰা প্রচেছিং মাচুল ৩/- টকা বা সর্বাধিক খুচুৰা মূল্যৰ ১০%-ৰ ভিতৰৰ যিয়ে কম হয় তাতকৈ অধিক হ’ব নোৱাৰে।

পোষ্ট্রপেইড গ্রাহকসকলৰ বাবে সুৰক্ষাৰ ব্যৱস্থা

বিলৰ মুদ্রিত প্রতিলিপি এটা বিনামূলীয়াকৈ দাবী কৰাৰ অধিকাৰ পোষ্টপেইড গ্রাহকসকলৰ আছে।

সেৱা প্রদানকর্তা সকলে উত্থাপন কৰা বিলত গ্রাহকসকলক প্রয়োজন হোৱা পর্যাপ্ত তথ্য থাকিব লাগে আৰু যদি গ্রাহকে দীর্ঘ দূৰত্বৰ কলৰ সম্পর্কত বিতং বিলৰ অনুৰোধ কৰে, ইয়াক বিনামূলীয়াকৈ প্ৰদান কৰিব লাগে।

সুৰক্ষা জমা ঘূৰাই দিয়া

সেৱাৰ গুণমানৰ ওপৰত জাৰী কৰা নিয়মাৱলীত সংযোগ এটা বন্ধ কৰাৰ ৬০ দিনৰ ভিতৰত সুৰক্ষা জমা ঘূৰাই দিয়াৰ বিষয়ে চর্ত এটা আছে। সুৰক্ষা জমাৰ পৰিমাণ নির্ধাৰিত সময়ৰ ভিতৰত ঘূৰাই হোৱা সময়ৰ বাবে বার্ষিক ১০% হাৰত সূত পৰিশোধ কৰিব লাগিব।

পোষ্ট-পেইড গ্রাহকসকলৰ বাবে ক্রেডিট সীমা

১) প্রতিজন পোষ্ট-পেইড গ্রাহকৰ বাবে ক্রেডিট সীমা এটা নির্ধাৰণ কৰা হয় আৰু এই বিষয়ে তেওঁক আগতীয়াকৈ অৱগত কৰিব লাগিব । প্রাৰম্ভিক ক্রেডিট সীমাটো সেৱা সক্রিয় কৰাৰ ৭ দিনৰ ভিতৰত অৱগত কৰিব লাগিব।

২)  ব্যৱহাৰ আৰু অন্যান্য প্রযোজ্য মাচুলৰ ফলত ক্রেডিট সীমা অতিক্রম কৰাৰ ফলাফল আৰু লগতে ক্রেডিট সীমা বৃদ্ধি কৰাৰ প্রক্রিয়াৰ বিষয়েও গ্রাহকক আগতীয়াকৈ জনাব লাগিব।

৩) যেতিয়া ব্যৱহাৰ আৰু অন্যান্য প্রযোজ্য মাচুল ক্রেডিট সীমাৰ ৮০% হয়, এই বিষয়ে গ্রাহকক এক সূচনা প্রদান কৰিব লাগে।

৪) সূচনা প্রাপ্ত হোৱাৰ পিছত, গ্রাহকে সম্পূর্ণ বা আংশিক ভাৱে মধ্যৱৰ্তী পৰিশোধ কৰিব পাৰে অথবা তেওঁৰ ব্যৱহাৰ সীমিত কৰিব পাৰে যাতে তেওঁৰ বাবে নির্ধাৰণ কৰা ক্রেডিট সীমা অতিক্রম নহয়।

৫) গ্রাহক এজনৰ বাবে নির্ধাৰিত কৰা ক্রেডিট সীমা অতিক্রম নকৰালৈকে তেওঁক প্রদান কৰা সেৱা ব্যাহত পর্যাপ্ত সূচনা দিয়া স্বত্বেও।

ক্রেডিট সীমা যিয়ে নহওঁক, গ্রাহক এজনৰ দেয় পৰিমাণ তেওঁৰ সুৰক্ষা জমাতকৈ কম হৈ থকালৈকে তেওঁক প্রদান কৰা সেৱাবোৰ ব্যাহত কৰিব নোৱাৰি।

৬) পোষ্ট-পেইড গ্রাহক এজনৰ বাবে নির্ধাৰণ কৰা ক্রেডিট সীমা  তেওঁৰ মাহিলী বিবৃতিবিলত উল্লেখ কৰিব লাগিব।

প্রি-পেইড আৰু পোষ্টপেইড গ্রাহকসকলৰ বাবে উমৈহতীয়া সুৰক্ষা ব্যৱস্থা

এক ছেকেণ্ডৰ পালছ ম্যাদৰ মাচুল আঁচনি

  • মোবাইল সেৱা প্রদান কৰা প্ৰতিটো দীর্ঘ দূৰত্বৰ ফোন কলৰ বাবে এক ছেকেণ্ডৰ পালছ ম্যাদৰ সৈতে কমেও এক প্রি-পেইড আৰু কমেও এক পোষ্ট-পেইড মাচুল আঁচনি আগবঢ়াব লাগিব।
  • এই সুবিধাটো দেশৰ বাহিৰত সমাপ্ত হোৱা কলৰ ক্ষেত্ৰত প্রযোজ্য নহ’ব।

বিপথে পৰিচালিত কৰা  নামৰ মাচুল আঁচনি নিষিদ্ধ

১) গ্রাহকসকলক ভুল ধাৰণা দিব পৰা কোনো মাচুল আচনি আগবঢ়াব, উপস্থাপন কৰিব, বিপনন কৰিব অথবা বিজ্ঞাপন দিব নোৱাৰিব। উদাহৰণ স্বৰূপে, ভাৰা নথকা বুলি ধাৰণা দিয়া (যেনে শূন্য ভাৰা) নামৰ মাচুল আচনি এখন ভুল ধাৰণা দিয়া হ’ব যদি আঁচনি খনত কোনো নহয় কোনো প্ৰকাৰে মাহিলী বাধ্যতামূলক স্থিৰ মাচুল আছে।

২) সকলো মাহিলী স্থিৰ পুনৰাবৃত্তি হোৱা মাচুল, যি যিকোনো আঁচনিৰ অধীনত গ্রাহক এজনৰ বাবে বাধ্যতামূলক হয়, এটা শীর্ষকৰ অধীনত দেখুৱাব লাগিব।

৩) যিকোনো মাচুল আঁচনিত CLIP সুবিধাৰ বাবে মাচুল গ্রাহকসকলৰ বাবে মাচুলৰ এক বাধ্যতামূলক বিষয় কৰিব নোৱাৰি। যেতিয়াই সেৱা প্রদানকর্তা সকলে CLIP মাচুল আৰোপ কৰিব বিচাৰে ই গ্রাহকসকলৰ বাবে বৈকল্পিক হ'ব লাগে।

মাচুল আঁচনিবোৰ প্ৰকাশ

দূৰসংযোগ গ্রাহকসকলক তেওঁলোকৰ প্রয়োজনীয়তা সর্বশ্রেষ্ঠভাৱে পূৰণ কৰা মাচুল আচনি বাছনি কৰাত সহায় কৰাৰ আঁচনি প্রকাশ কৰা বাধ্যতামূলক।

১) সকলো মাচুল আঁচনি নির্ধাৰিত সজ্জাত গ্রাহক সেৱা কেন্দ্র, বিক্ৰী কেন্দ্র/খুচুৰা বিক্ৰী বিপনি আৰু লগতে সেৱা প্রদানকর্তাৰ ৱেবছাইটত গ্রাহকসকলৰ বাবে উপলব্ধ কৰিব লাগিব।

২) যেতিয়াই যিকোনো মাচুল আঁচনিত গ্রাহক সেৱা কেন্দ্ৰত নির্ধাৰিত সজ্জাত উন্নীত কৰিব লাগে, আৰু তেওঁলোকৰ বিক্রী কেন্দ্ৰ আৰু খুচুৰা বিক্ৰী বিপনিবোৰত জানুৱাৰী, এপ্রিল, জুলাই আৰু অক্টোবৰ মাহৰ ৭ তাৰিখৰ ভিতৰত নির্ধাৰিত সজ্জাত উন্নীত মাচুল আঁচনিবোৰ উপলব্ধ কৰিব লাগে।

৩) সেৱা প্রদানকর্তাই লগতে সর্বাধিক ছয় মাহৰ ব্যৱধানত তেওঁলোকৰ সকলো মাচুল আঁচনি নির্ধাৰিত সজ্জাত কমেও এখন আঞ্চলিক ভাষাৰ আৰু এখন ইংৰাজী বাতৰি কাকতত প্রকাশ কৰিব লাগিব ।

মাচুলৰ বিজ্ঞাপন

দূৰসংযোগ মাচুল আঁচনিবোৰৰ অধিক স্বচ্ছতা নিশ্চিত কৰা আৰু দূৰসংযোগ গ্রাহকসকলক তেওঁলোকৰ প্রয়োজনীয়তা অনুসৰি সৰ্বশ্রেষ্ঠ মাচুল আঁচনি বাছনি কৰাৰ বাবে, মাচুলৰ বিজ্ঞাপনৰ বিষয়ে সকলো সেৱা প্ৰদানকৰ্তালৈ অতিৰিক্ত নিৰ্দেশনা জাৰি কৰা হৈছে।

১) সেৱা প্রদানকর্তাসকলে প্রকাশ কৰা প্ৰতিটো বিজ্ঞাপন স্বচ্ছ আৰু বিপথে-পৰিচালিত নকৰা হ'ব লাগিব আৰু বিজ্ঞাপনটোৰ সজ্জা, ৰং, হৰফৰ প্ৰকাৰ আৰু আকাৰ, পৰা, ভালদৰে শুনা পোৱা আৰু স্পষ্ট হ'ব লাগিব;

২) সকলো মাচুলৰ বিজ্ঞাপনত এনে সকলো বস্তুগত তথ্য এক স্পষ্ট প্ৰকাৰে প্ৰকট কৰিব লাগিব যি গ্ৰাহকৰ সিদ্ধান্ত প্ৰভাৱিত কৰাৰ সম্ভাৱনা থাকে:

৩) মাচুল আঁচনিখনৰ বিষয়ে যিকোনো তথ্য প্ৰাপ্ত কৰাত গ্ৰাহকক সহায় কৰাৰ বাবে সকলো মাচুলৰ বিজ্ঞাপনত দূৰসংযোগ সেৱা প্ৰদানকৰ্তাৰ ৱেবছাইট ঠিকনা আৰু নম্বৰটো উল্লেখ থাকিব লাগিব

যিবোৰ বিশেষ দিনত সেৱা প্ৰদানকৰ্তাসকলে বিনামূলীয়া/ৰেহাই মূল্যৰ কল/SMS-ৰ অনুমতি নিদিয়ে সেইবোৰক “নিম্প্রদীপ দিৱস" বুলি কোৱা হয়। গ্রাহকসকলৰ স্বার্থ সুৰক্ষাৰ বাবে TRAIয়ে নিম্নলিখিত নির্দেশনাৱলী জাৰী কৰিছে:

১) নিস্তপ্রদীপ দিৱসৰ সংখ্যা এক বছৰত পাঁচ দিনত সীমিত।

২) গ্রাহকে ক্রয় কৰাৰ পিছত সেৱা প্রদানকর্তাই নিস্তপ্রদীপ দিৱস হিচাপে নিৰ্ধাৰণ কৰা দিনৰ সংখ্যাত কোনো যোগদান বা পৰিৱর্তন কৰিব নোৱাৰে।

৩) এনে নির্দিষ্ট নিম্পপ্রদীপ দিনবোৰত প্রযোজ্য SMS/কলৰ মাচুল উপভোক্তাক প্রদান কৰা আঁচনিত উল্লেখ কৰিব লাগিব।

৪) নিস্তপ্রদীপ দিৱসবোৰত কৰা কল বা SMS-ৰ বাবে উপভোক্তা এজনৰ পৰা তেওঁ নামভৰ্তি কৰা মাচুল আচনিখনৰ নির্ধাৰিত নিৰিখতকৈ অধিক পৰিমাণে মাচুল আদায় কৰিব নোৱাৰিব।

৫) নিস্তপ্রদীপ দিৱস আৰম্ভ হোৱাৰ আগত, যি ৭২ ঘণ্টাৰ আগত আৰু ২৪ ঘণ্টাৰ পিছত হ’ব নোৱাৰে, সেৱা প্রদানকর্তাই উপভোক্তাক SMS যোগে নিস্তপ্রদীপ দিৱসৰ উপলক্ষ্য আৰু তাৰিখ আৰু এনে নিস্তপ্রদীপ দিৱসত কল আৰু SMS-ৰ বাবে প্রযোজ্য হাৰ অৱগত কৰিব লাগিব।

৬) সেৱা প্রদানকর্তা সকলে তেওঁলোকৰ সংশ্লিষ্ট ৱেবছাইটত বছৰটোৰ আৰম্ভণিৰ আগতে বছৰটোৰ বাবে প্রযোজ্য নিন্তপ্রদীপ দিৱসবোৰৰ তালিকা প্রদর্শন কৰিব লাগিব।

অধ্যায় ৭

মূল্য যোগকৃত সেৱা সক্ৰিয় কৰা আৰু তাৰ বাবে মাচুল আদায়ৰ বিষয়ে নিৰ্দেশনা

সেৱা প্ৰদানকৰ্তাই উপভোক্তা এজনৰ স্পষ্ট সন্মতি অবিহনে মাচুলযুক্ত মূল্য যোগকৃত সেৱা প্ৰদান কৰিব নোৱাৰে। আগতে বিনামূলীয়াকৈ প্ৰদান কৰা যিকোনো মূল্য যোগকৃত সেৱা উপভোক্তাৰ স্পষ্ট সন্মতি অবিহনে মাচুলযুক্ত সেৱালৈ ৰূপান্তৰ কৰিব নোৱাৰি।

  • দূৰসংযোগ বিভাগে মূল্য যোগকৃত সেৱা ক্রয় বাতিল কৰাৰ বাবে এক উমৈহতীয়া চমু কোড হিচাপে ১৫৫২২৩' (নিঃশুল্ক) আৱণ্টন কৰিছে।
  • এই নিঃশুল্ক চমু কোডৰ যোগেৰে VAS ক্রয় বাতিল কৰাৰ বাবে সেৱা প্রদানকর্তা সকলে অনুসৰণ কৰিবলগা নির্ধাৰিত প্রক্রিয়া।

গ্রাহকৰ পৰা SMS বা ই-মেইল বা ফেজ বা লিখিত যোগেৰে সত্যাপনযোগ্য গ্রাহকৰ সন্মতি প্রাপ্ত কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতহে গ্রাহকৰ পৰা VAS-ৰ বাবে মাচুল আদায় কৰিব পাৰি। ইয়াৰ এক বিকল্প হিচাপে, সন্মতি অবিহনে VAS সক্রিয় কৰাটো প্রতিহত কৰাৰ বাবে সক্রিয়কৰণৰ বিভিন্ন প্রকাৰৰ যোগেৰে গ্ৰাহকৰ পৰা স্পষ্ট সন্মতি প্রাপ্ত কৰাৰ বাবে তৃতীয় পক্ষৰ গেটৱে অন্তর্ভুক্ত থকা দ্বৈত সন্মতি প্রক্রিয়া এটা সেৱা প্রদানকর্তাই ৰূপায়ণ কৰিব পাৰে।

  • যদি গ্রাহকে ৬ ঘণ্টাৰ ভিতৰত (প্রতিদিনে মাচুল আদায় কৰা VAS-ৰ বাবে) আৰু অন্যান্য VAS-ৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত আপত্তি কৰে যে তেওঁৰ সন্মতি অবিহনে VAS সক্রিয় কৰা হৈছে, তেনেহ’লে গ্রাহকৰ পৰা আদায় কৰা মাচুল ঘূৰাই দিয়া হ'ব।
  • গ্রাহকৰ একাউণ্টত পর্যাপ্ত ধন বাকী নাথাকিলে ক্ৰয়ৰ নৱীকৰণৰ বাবে SMS যোগে নিশ্চিতি কৰিব পাৰি ।
  • যদি প্রিপেইড গ্রাহকৰ একাউণ্টত পর্যাপ্ত ধন বাকী নাথাকে, VAS স্বয়ংক্রিয়ভাৱে নৱীকৰণ কৰিব নোৱাৰি আৰু পৰৱৰ্তী বাৰ ৰিচার্জ কৰোঁতে গ্রাহকৰ স্পষ্ট সন্মতি অবিহনে ধন কর্তন কৰা হ'ব।
  • ক্রয় কৰা মূল্য যোগকৃত সেৱা এটাৰ নৱীকৰণৰ তাৰিখৰ কমেও ২৪ ঘণ্টা আগতে সেৱা প্রদানকর্তাই গ্রাহকক নৱীকৰণৰ নির্ধাৰিত তাৰিখ, নৱীকৰণৰ বাবে দেয় মাচুল আৰু এনে মূল্য যোগকৃত সেৱাৰ ক্রয় বাতিল কৰাৰ বাবে নিঃশুল্ক টেলিফোন নম্বৰ অৱগত কৰিব লাগিব।

মূল্য যোগ সেৱা বাতিল কৰা

আপুনি ১৫৫২২৩ নম্বৰলৈ ফোন কৰি  বা SMS পঠিয়াই (নিঃশুল্ক) এটা সৰল  প্রক্রিয়াৰ যোগেৰে আপোনাৰ VAS  নিক্রিয় বা বন্ধ কৰিব পাৰে।

আপুনি আপোনাৰ VAS ক্রয় এনেকৈ বাতিল কৰিব।

SMS ব্যৱহাৰ কৰি

  • আপোনাৰ নম্বৰৰ পৰা ১৫৫২২৩ লৈ “STOP" শব্দটো লিখি বার্তা প্ৰেৰণ কৰক ।
  • আপোনাৰ ফোনত সক্রিয় থকা VAS সেৱাবোৰৰ তালিকা এখন ১৫৫২২৩-ৰ পৰা উত্তৰত প্রাপ্ত কৰিব

উদাহৰণ স্বৰূপে.

নিষ্ক্ৰিয় কৰিবলৈ, সেৱাৰ নম্বৰটোৰ সৈতে

উত্তৰ দিয়ক:

১. কলাৰ টিউন

২. ক্রিকেট বার্তা

৩. সংবাদ বার্তা

  • আপুনি নিক্রিয় কৰিব বিচৰা সেৱাটোৰ নম্বৰৰ সৈতে এই বার্তাটোৰ উত্তৰ দিয়ক।

IVR ব্যৱহাৰ কৰি

১৫৫২২৩ লৈ ফোন কৰক আৰু আপোনাৰ শুনক আৰু আপুনি নিক্রিয় কৰিব বিচৰা সেৱাটো বাছনি কৰক।

উদাহৰণ স্বৰূপে

কলাৰটিউন বন্ধ কৰিবলৈ ১ টিপক ক্রিকেট বার্তা বন্ধ কৰিবলৈ ২ টিপক সংবাদ বার্তা বন্ধ কৰিবলৈ ৩ টিপক

  • সেৱাটো বন্ধ কৰাৰ বাবে উপযুক্ত বুটামটো টিপক।

আপুনি দুয়োটা প্ৰকাৰে (IVR/SMS) কৰা নিক্ৰিয়কৰণৰ অনুৰোধ নিশ্চিত কৰি SMS এটা প্রাপ্ত কৰিব আৰু তাৰ পিছত আপোনাৰ সেৱাটো নিক্রিয় কৰা হৈছে বুলি নিশ্চিত কৰা SMS এটা পাব।

TRAI-য়ে এতিয়া চিম কার্ডত অন্তর্ভুক্ত থকা VAS-ৰ বাবেও সেৱা প্রদানকর্তাৰ দ্বাৰা দ্বৈত নিশ্চিতকৰণ বাধ্যতামূলক কৰিছে।

অধ্যায় ৮

মোবাইল হেণ্ডছেটত টেলিফোন নম্বৰ সঞ্চিত কৰা আৰু কল/SMS-ৰ বাবে ডায়েল কৰা প্রক্রিয়া

TRAI-য়ে জানিব পাৰিছে গ্রাহকসকলে লেণ্ডলাইন / মোবাইল নম্বৰ ভুলকৈ ডায়েল কৰাৰ ঘটনা প্রায়ে হয়, যাৰ ফলত মাচুল আদায় কৰা হয়। গ্রাহকসকলক ডায়েল কৰা প্রক্রিয়া আৰু মোবাইল হেণ্ডছেটত টেলিফোন নম্বৰ সঞ্চিত কৰাৰ পদ্ধতিটো মন কৰিবলৈ অনুৰোধ কৰা হয়।

আপোনাৰ হেণ্ডছেটত মোবাইল নম্বৰ সঞ্চিত কৰা

(ক) মোবাইল ফোনত স্থানীয় মোবাইল নম্বৰ সঞ্চিত কৰা (উদাহৰণ স্বৰূপে ৯৮১২৩৪৫৬৭৮ নম্বৰ)

সঠিক

মন্তব্য

9812345678

অৱশ্যে, আপুনি যদি আপোনাৰ সেৱা এলেকাৰ বাহিৰত ৰোমিং কৰি আছে তেনেহলে আপুনি হেণ্ডছেটত আপোনাৰ সম্পর্কৰ তালিকাৰ পৰা ডায়েল কৰিব নোৱাৰিব

+9198.12345678

নম্বৰটা এই সজ্জাত সঞ্চিত কৰা উচিত কিয়নোআপুনি ৰেমিংকৰি থাকিলেও সম্পর্ক তালিকাৰ পৰা নম্বৰটো সহজে ব্যৱহাৰ কৰিব পাৰিব।

ইঙ্গিত: অন্তর্মুখী কল বিৱৰণৰ আধাৰত আপুনি নম্বৰ এটা সঞ্চিত কৰিলে আপুনি সদায়ে এই সজ্জাত সঞ্চিত কৰিব পাৰে।

 

অশুদ্ধ

মন্তব্য

009812345678

কল বা SMSটোৰ বাবে আন্তঃর্জাতিক হাৰত মাচুল আৰোপ কৰা হ'ব পাৰে

+9812345678

কল বা SMSটোৰ বাবে আন্তঃর্জাতিক হাৰত মাচুল আৰোপ কৰা হব পাৰে

 

(খ) মোবাইল ফোনত লেণ্ডলাইন নম্বৰ সঞ্চিত কৰা:

মোবাইল ফোনত লেণ্ডলাইন নম্বৰবোৰ STD কোডৰ সৈতে সঞ্চিত কৰিব, উদাহৰণ স্বৰূপে, দিল্লীৰ নম্বৰ এটা সঞ্চিত কৰাৰ বাবে আগত ০১১ যোগ দি নম্বৰটো লিখিব। একেটা নম্বৰৰ আগত +৯১১১ যোগ দিও সঞ্চিত কৰিব পাৰি।

ডায়েল কৰাৰ পৰামর্শ

নকৰিবলগিয়া

১)  আগত ০০ যোগ দি কোনো মোবাইল নম্বৰলৈ ফোন নকৰিব বা SMS প্রেৰণ নকৰিব, স্থানীয় হওঁক বা সেৱা এলেকাৰ বাহিৰৰ হওঁক, কিয়নো কল বা SMS টোৰ বাবে আন্তঃৰাষ্ট্রীয় হাৰত মাচুল আদায় কৰা হ'ব পাৰে, যেনে ০০৯৮১২৩৪৫৬৭৮।

২) আগত কেৱল ‘+’ যোগ দি কোনো মোবাইল নম্বৰলৈ ফোন নকৰিব বা SMS প্ৰেৰণ নকৰিব, স্থানীয় হওঁক বা সেৱা এলেকাৰ বাহিৰৰ হওঁক, কিয়নো কল বা SMS টোৰ বাবে আন্তঃৰাষ্ট্রীয় হাৰত মাচুল আদায় কৰা হ'ব পাৰে, যেনে +৯৮১২৩৪৫৬৭৮।

কৰিবলগিয়া

৩)দেশৰ যিকোনো স্থানৰ পৰা মোবাইল ফোন এটাৰ পৰা যিকোনো মোবাইল নম্বৰ এটালৈ, স্থানীয় হওঁক বা সেৱা এলেকাৰ বাহিৰৰ আগত '+৯১ যোগ দি ডায়েল কৰিব পাৰি, উদাহৰণ স্বৰূপে +৯১-৯৯২২৩৪৫৬৭৮ |

৪)মোবাইল ফোন এটাৰ পৰা যিকোনো স্থানীয় মোবাইল নম্বৰ এটালৈ ফোন কৰা বা SMS প্রেৰণ কৰাৰ বাবে, আপুনি আগত একো যোগ নিদিয়াকৈ মোবাইল নম্বৰটো ডায়েল কৰিব পাৰে।

৫) লেণ্ডলাইন ফোন এটাৰ অনা-স্থানীয় লেণ্ডলাইন নম্বৰ এটালৈ ডায়েল কৰাৰ বাবে নম্বৰটোৰ আগত STD কোডটো যোগ দিব, উদাহৰণ স্বৰূপে চেন্নাইৰ বাহিৰৰ যিকোনো স্থানৰ পৰা চেন্নাইলৈ ফোন কৰাৰ বাবে, টেলিফোন নম্বৰটোৰ আগত ০৪৪ যোগ দিব লাগিব।

৬)আন্তঃজাতিক নম্বৰলৈ ডায়েল কৰাৰ বাবে নম্বৰটোৰ আগত ‘০০’ বা + আৰু ইয়াৰ পিছত দেশৰ কোড যোগ দিব লাগে।

অধ্যায় ৯

উপভোক্তা শিক্ষা আৰু অনলাইন জৰীপ সঁজুলি

দূৰসংযোগ খণ্ডটো এক উচ্চগতিত বিকশিত খণ্ড। নতুন গ্রাহকৰ এক বিশাল সংখ্যক হৈছে উপকণ্ঠীয় আৰু গ্রাম্য এলেকাৰ লোক। বিভিন্ন দূৰসংযোগ সম্পৰ্কীয় কথাৰ সৈতে তেওঁলোকৰ সজাগতা আৰু অভিজ্ঞতা সীমিত। সেয়েহে TRAI-য়ে দেশৰ বিভিন্ন অংশত আয়োজন কৰা উপভোক্তা প্ৰচাৰ কাৰ্যসূচীৰ যোগেৰে উপভোক্তা

শিক্ষাৰ প্রচেষ্টা আৰম্ভ কৰিছে। TRAI-য়ে উপভোক্তা শিক্ষাৰ বাবে আৰু TRAI-ৰ সৈতে পঞ্জীভুক্ত উপভোক্তা সংগঠন আৰু বেচৰকাৰী সংগঠনৰ ক্ষমতা বিকাশৰ বাবে আঞ্চলিক কর্মশালা আয়োজন কৰে। উপভোক্তা শিক্ষা কর্মশালাবোৰে উপভোক্তা ওকালতি গোট (CAG) আৰু সেৱা প্রদানকর্তাসকলক একলগ হোৱা আৰু উপভোক্তা সকলৰ আশংকাবোৰ আলোচনা কৰা আৰু স্থানীয় সমস্যাবোৰ বুজাত সহায় কৰে।

অনলাইন জৰীপ সঁজুলি

দূৰসংযোগ সেৱা প্রদানকর্তা সকলে প্রদান মূল্যাঙ্কন কৰাৰ বাবে আৰু উপভোক্তা সকলৰ হিতৰ বাবে TRAI-য়ে জাৰী কৰা আদেশৰ ৰূপায়ণৰ কাৰ্যকাৰিতা মূল্যাঙ্কন কৰাৰ বাবে গ্রাহকসকলৰ দৃষ্টিভঙ্গ সংগ্ৰহ কৰিবলৈ TRAI-য়ে নিয়মীয়াকৈ স্বতন্ত্র সংস্থাৰ জৰিয়তে গ্রাহক সন্তুষ্টি জৰীপ সম্পাদন কৰে। এই জৰীপবোৰ মুখামুখি সাক্ষাৎকাৰ আৰু টেলিফোন যোগে সাক্ষাৎকাৰৰ যোগেৰে কৰা হয়। ইণ্টাৰনেট আৰু স্মার্টফোনৰ বর্ধিত প্ৰসাৰৰ প্ৰতি লক্ষ ৰাখি চেলুলাৰ বিষয়ে গ্ৰাহকৰ মনোভাৱ মূল্যাঙ্কন কৰাৰ বাবে TRAIয়ে ৱেব আধাৰিত এপ্লিকেচন আৰু লগতে এণ্ডুইড আধাৰিত এপ্প আৰম্ভ কৰিছে। ৱেব আধাৰিত গ্রাহক সন্তুষ্টি জৰীপটো TRAI ৱেবছাইট www.trai.gov.in-ৰ উপভোক্তা তথ্য শাখাত উপলব্ধ। এণ্ডইড এপ্লটো একেটা শাখাৰ পৰা ডাউনলোড কৰিব পাৰি।

TRAI-য়ে নির্ধাৰণ কৰা সেৱাৰ চৰ্তবোৰৰ সম্পর্কত সেৱাৰ মানদণ্ডৰ ওপৰত গ্রাহকৰ মনোভাৱ মূল্যাঙ্কন কৰা আৰু অভিযোগ নিস্পত্তি প্রণালী, মোবাইল নম্বৰ পোর্টেবিলিটি আৰু UCC-ৰ সৈতে সম্পর্কিত বাবে জৰীপৰ প্রশ্নাৱলী যুগুত কৰা হৈছে।

পৰিশিষ্ট ১

গুৰুত্বপূর্ণ Qos চর্তাৱলী (মৌলিক আৰু চেলুলাৰ মোবাইল সেৱা)

ক্ৰমিক নং

Qos চর্তাৱলী

মাপকাঠি

চাহিদা পঞ্জীয়ন কৰাৰ পিছত লেণ্ডলাইন প্ৰদান

৭ দিনৰ ভিতৰত (কাৰিকৰী উপযুক্ততা সাপেক্ষে)

লেণ্ডলাইন টেলিফোন সংযোগ স্থানান্তৰ

১৫% অনুৰোধ ৩দিনৰ ভিতৰত সম্পন্ন কৰিব লাগিব

চহৰীয় অঞ্চলত ক্ৰটিমেৰামতি লেণ্ডলাইন)

পৰৱৰ্তী কর্মদিনৰ ভিতৰত কমেও ৮৫% আৰু ৫দিনৰ ভিতৰত ১০০%

গ্রাম আৰু পাহাৰীয়া অঞ্চলত ক্ৰটি মেৰামতি (লেণ্ডলাইন)

পৰৱৰ্তীকর্মদিনৰ ভিতৰত কমেও ৭৫% আৰু ৭দিনৰ ভিতৰত ১০০%

বিলিংমাচুল আদায় অভিযোগৰ নিম্পত্তি

8সপ্তাহৰ ভিতৰত কমেও ৯৮% আৰু ৬ সপ্তাহৰ ভিতৰত ১০০%

অভিযোগনিষ্পত্তি কৰাৰপিছত গ্রাহকৰ একাউণ্টত ক্রেডিটৰেহাইতাৰতম্য প্রয়োগকৰাৰ ম্যাদ

অভিযোগনিতপত্তি কৰাৰ এক সপ্তাহৰ ভিতৰত

সেৱাসমাপ্তবন্ধ কৰা

৭ দিনৰ ভিতৰত

বন্ধ কৰাৰ পিছত সুৰক্ষা জমা ফিৰত

৬০দিনৰ ভিতৰত ১০০%

 

পৰিশিষ্ট ২

গুৰুত্বপূর্ণ QoSচৰ্তবোৰ (ব্ৰডবেণ্ড)

ক্ৰমিক নং

QoSচৰ্ত

মাপকাঠি

সেৱা প্রদান/সক্রিয় কৰা সময়

<১৫ কর্মদিনৰ ভিতৰত ১০০% (কাৰিকৰী উপযুক্ততা সাপেক্ষে)

ক্ৰটি মেৰামতি পুনস্তাপন সময়

৩ দিনৰ ভিতৰত ৯৯%

ৰেহাই:>৩দিন আৰু <৭দিনৰ বাবে ক্রটি থাকিলে: নিম্নতম মহিলী মাচুল বা ব্যৱহাৰৰ অনুমোদনৰ ৭ দিনৰ সমান ৰেহাই

>৭ দিন আৰু <১৫ দিনৰ বাবে ক্রটি থাকিলে নিম্নতম মহিলী মাচুল বা ব্যৱহাৰৰ অনুমোদনৰ ১৫ দিনৰ সমান ৰেহাই

>১৫ দিনৰ বাবে ক্রটি থাকিলে: ১ মাহৰ নিম্নতম মাহিলী মাচুল বা ব্যৱহাৰৰ অনুমোদনৰ এক মাহৰ সমান ৰেহাই

 

বিলিং অভিযোগৰ নিজপত্তি

৪ সপ্তাহৰ ভিতৰত ১০০%

বন্ধ কৰাৰ পিছত সুৰক্ষা জমা ফিৰত

৬০ দিনৰ ভিতৰত ১oo%

ব্ৰডবেণ্ড সংযোগ গতিবেগ (ডাউনলোড)

ক্রয় কৰা ব্ৰডবেণ্ড সংযোগৰ গতিবেগ ISP নোডৰ পৰা ব্যৱহাৰকৰ্তালৈ ৮০% পালন কৰিব লাগে।

 

TRAI  ৰ ওচৰত পঞ্জীভূক্ত গ্ৰাহক ওকালতি গোটবোৰৰ তালিকা

ক্ৰমিক নং

উপভোক্তা সংগঠনৰ নাম আৰু ঠিকনা

 

যোগাযোগ কৰিব লগা ব্যক্তিৰ টেলিফোন/ম’বাইল নং আৰু ইমেইল আইডি

ইচলামপুৰ ৰামকৃষ্ণপল্লী ৰুৰেল ৱেলফেয়াৰ ছ’ছাইটি, ৰামকৃষ্ণপল্লী, ডাকঘৰ আৰু থানা ইচলামপুৰ, জিলা, উত্তৰ দিনাজপুৰ (পশ্চিমবংগ)

শ্ৰীআব্দুল আলিম পাৰভেজ, সম্পাদক ০৩৫২৬-২৫৭৭২৩ (টেলিফেক্স) ০৯৪৩৪৪৫৮৬১৪  irrwsngo@gmail.com

 

উপভোক্তা মাগদর্শন সমিতি “UMAS" ৰাজীৱ গান্ধী উপভোক্তা ভৱন, ১২ আৰু ১০ চেক্টৰ চোপামি হাউচিং বোর্ডৰ সমীপত, যোধপুৰ (ৰাজস্থান)

শ্রীলিয়াকৎ আলি, সম্পাদক

০২৯১-২৭০১৫১৫,

০২৯১-২৭০১৮৮৮ (ফেক্স)

liyakat_ali9@yahoo.co.in

পিপলচ একচন ইন ডেভেলপমেণ্ট (PAID), পোষ্ট বক্সনং ১২৭, এচভি ইউনিভাৰ্চিটী, তিৰুপতি (এ.পি.)

শ্ৰী পি. গংগাধৰম, সভাপতি

০৯৪৪১৫৫৭৪৪৭

paidngo7@gmail.com

paid_ngo@yahoo.co.in

ছ’ছাইটি ফৰ এডুকেশ্বন, ৰিচাৰ্চ এণ্ড ভিলেজ এমপাৱাৰমেণ্ট (SERVE), চিৰুপাক্কম- পি.ও. ৬০৬১২৩, থিট্টাকুড়ি (Tk.) কুডডালোৰ - জিলা (টি.এন.)

 

শ্ৰী আৰ.কে. চেস্থিলকুমাৰ, কার্যবাহী সম্পাদক

০৪১৪৩-২৪৮৫৭৫, ৯৪৪৩৮২৮১৬৯

Serve_2005@yahoo.co.in

কনজুমাৰ কেয়াৰ ছ’ছাইটি ৫৯৩, ২৪তম ক্ৰছ বনশংকৰী II ষ্টেজ, বাংগালোৰ (কর্ণাটক)

শ্ৰী আৰ. এন. গুৰু, সম্পাদক

০৮০-২৬৭১৩৬১৬ (টেলিফেক্স)

০৯৮৪৫৬৮৩২২০

ccsbng@gmail.com

SAMARPIT, চেণ্টাৰ ফৰ পোভার্টি এলিভেশ্বন এণ্ড চছিযেল ৰিচাৰ্চ, ৩৭, গীতাঞ্জলি এনক্লেভ, ৰিং ৰোড নং.২, বিলাসপুৰ (ছত্তিচগড়)-৪৯৫০০১

ডাঃ সন্দীপ শৰ্মা, সভাপতি

০৭৭৫২-৪০২৭৩১, ৯৮৯৩৪২৮৮১

samarpitch@gmail.com

ভলুণ্টাৰী অর্গেনাইজেশ্বন ইন ইণ্টেৰেষ্ট অফ কনজুমাৰ এডুকেশ্বন (VOICE) সম্পাদক O-৪৫, বেচমেণ্ট, লাজপত নগৰ-II, নতুন দিল্লী-১১০০১৪

শ্রীঅসীম সানাল, চিঅ’অ আৰু সম্পাদক

০১১-৪৭৩৩১০০০, ৪৭৩৩১০২৫

০১১-২৯৮৪৯০৮১ (ফেক্স)

cvoice@vsnl.net

coo@consumer-voice.org

সংৰক্ষণ, ১০১. আশ্রয় মহেশ এপার্টমেণ্ট বোৰিং ৰোড পাটনা (বিহাৰ)

শ্রী জে.কে. ভগত, মেনেজিং ট্রাষ্টি ০৬১২-২৫৩৪১৩৪ (টেলিফেক্স)

০৯৪৩১৪৯৬৪৮৯

Sanrakshan_goal@yahoo.co.in

ভাৰত জ্যোতি, ৪৬, ডায়মণ্ড ডায়েৰী, কবিৰ মাৰ্গ, লক্ষেী (ইউপি)

শ্ৰী বিজয় আচার্য, প্রতিষ্ঠাপক সভাপতি ০৫২২-৩২৫88৫৫, ০৫২২-২২৩৭৮৯৯ (ফেক্স) ০৯৪১৫০২৮১২৭ bharat.jyoti@yahoo.co.in

 

১০

হিমাচল উপভোক্তা সংৰক্ষণ পৰিষদ (পঞ্জীভুক্ত), বাৰ্মা কমপেক্স, ১ম মহলা, এনএইচ-২২. শোঘি, চিমলা (এইচপি)

 

শ্ৰী শিৱ দত্ত ভৰদ্বাজ, সভাপতি

০১৭৭-২৬৬১২৮৪ (টেলিফেক্স)

০৯৪১৮৮৪৫৮৭৬০

hpuspsml@gmail.com

১১

নেশ্বনেল চেণ্টাৰ ফৰ হিউমেন চেটেলমেণ্ট এণ্ড এনভায়োৰেণ্টমেণ্ট (NCHSE), E-৫/A, গিৰিশ কুঞ্জ, এৰেৰা কলোনী, ভূপাল (এম.পি)

ডাঃ এ.কে. গুপ্তা, মহানির্দেশক ০৭৫৫২৪৬৫৩০৬ / ২৪৬৩৭৩১ / ৪২৭৭০৭৪

nchsebpl@gmail.com

১২

উপভোক্তা সংৰক্ষণ এণ্ড কল্যাণ সমিতি, উপভোক্তা ভৱন, ১১৯/৩৫৪ দর্শন পুৰৱা, গুমটি নং ৫, কানপুৰ (ইউপি)

শ্ৰী প্রমোদ মোহন মিশ্র, সম্পাদক

০৫১২-২২১৭৮৪০, ০৯৪৫০১৫৬৪৩০

consumertalk9@rediffmail.com

১৩

ছ’ছাইটি ফৰ ছছিয়েল ট্ৰেঞ্চফৰ্মেশ্বন (SST), ডি.নং, ৪৬/১৬২, বুধৱাৰাপেট, কার্নল (এ.পি)

শ্ৰী ভি.আঞ্জানেয়লু, নির্দেশক

০৮৫৫১৮-২৫৫০৫০, ৮০০৮৬৬৩৮৬১

sstanjan@gmail.com

১৪

কনজুমাৰ ছ’ছাইটি ফৰ অফ ইণ্ডিয়া, রক জে. আজাদ মৈদান, কামা হস্পিটালৰ সম্মুখত, মহাপালিকা ৰোড, মুম্বাই

ডাঃ এম.এচ. কামাথ, অবৈতনিক সম্পাদক

০২২-২২৬২১৬১২, ০২২-২২৬৫৯৭১৫ (ঋ)

gsibom@gmail.com

১৫

ফোৰ্ড ট্ৰাষ্ট, কাৰাইকুডি কুডিল, মাৰুথাংগুডি, চিৰাভায়াল পোষ্ট, কাৰাইকুডি (টিএন)

শ্ৰী চিপল আলগা ৰচন, প্রকল্প নির্দেশক

০৪৫৭৭-২৬৪৩৩৪, ৯৭৮৮৯৭৯৯০১ fordtrustindia@yahoo.co.in

১৬

ৰাজকোট চহৰ জিলা গ্রাহক সুৰক্ষা মণ্ডল, ৩২৯, পপতভাই চোৰাথিয়া ভৱন, সদৰ বাজাৰ, ৰাজকোট (গুজৰাট)

 

শ্ৰীমতী ৰামাবেন মাৱানি, সভাপতি

০২৮১-২৪৭১১২২/৩০৪১৩২৯

০৯৪২৬২০১৬১১

mavaniramb@sancharnet.in

১৭

ইউমেন একচন গ্রুপ (WAG) গংগাবালি (পি.আ),

আটুৰ তালুক, চালেম জিলা পিন ৬৩৬১০৫ (টি.এন.)

শ্ৰীমতী জিমোহনা, সম্পাদক

০৪২৮২-২৩২৮৫২, ০৪২৮২-২৩২২১৯ (ফেক্স) ০৯৪৪২৭৭০৯৮৭

swagsk_sk@yahoo.co.in

১৮

গ্ৰাম বিকাশ পৰিষদ, ৰাঙালু ডাকঘৰ জুমাৰমূৰ, ভায়া-কঠিয়াতলী, জিলা নগাওঁ -৭৮২৪২৭, (অসম)

শ্ৰীচিৰাজুদ্দিন আহমেদ, সাধাৰণ সম্পাদক ০৩৬৭-২২৩১১৬৪ (টেলিফেক্স),

sirajuddin@60538@gmail.com

১৯

ৰাষ্ট্রীয় সমুদেশীয় বিকাশ সংস্থান, ৮৯-চি ৰাজভৱন, দক্ষিণ ভোপা ৰোড,

মজফফৰ নগৰ (ইউপি)-২৫১৩১৫

মিচ পুনম শৰ্মা, সভাপতি

০৯৩১৯৭৫৮১১০

rsvsmngo@rediffmail.com

 

২০

শ্রমিক বর্গ এণ্ড নির্মল বর্গ বিকাশ সংস্থান গাওঁ আৰু ডাকঘৰ পটৱাধ কৌতুক ব্লক বিলাৰিয়াগঞ্জ তেহচিল চাগ্রি আজমগড় (ইউ.পি)

শ্ৰী ইন্দ্রদেব ৰাই, সম্পাদক

০৯৪৫০৮২৩৮৩৭

sramikvarg@yahoo.co.in

২১

ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনোলজী এণ্ড এণ্টাৰপ্রিউনাৰ ডেভেলপমেণ্ট  (IITED), আইআইচিআৰ কেম্পপাছ, মংগলা ট্রেডাৰ্চৰ সমীপত, শক্তি চৌক, বিজনোৰ (ইউপি)

ডাঃ আৰ.ডি. উচমানি সভাপতি/নির্দেশক

০১৩৪২-২৬৫৯৯২, ০৯৪১২১১৮২৪০

Iited_mngo@rediffmail.com

২২

কনজুমাৰ কর্ডিনেশ্বন কাউঞ্চিল (CCC) এ-২০-২১ (এনআইটিএচ বিল্ডিং), ইনষ্টিটিউশ্বনেল এৰিয়া, চেক্টৰ-৬২, নয়ডা

শ্রী এচ.চি. শৰ্মা, নির্দেশক

০১২০-৪২৩৫৪৪৮

০১২০-২৪০৪২৭৩ (ফেক্স)

ccc.secretriat@gmail.com

২৩

মিজোৰাম কনজুমাৰ্চ ইউনিয়ন হেডকোৱাৰ্টাৰ্চ আইজল, ললট চেম্বাৰ, টুইকুৱাল ‘এচ’ টেম্পল স্কোৱাৰ, আইজল-৭৯৬০০১

ডাঃ ছাউংচেইলোভা, সাধাৰণ সম্পাদক

০৩৯০-২৩১১৫১৪, ০৯৮৬২৪১৯১৫৬

mizoconsumer@yahoo.com

২৪

ফেডাৰেচন অফ কনজুমাৰ এছোশ্বিয়েচন,  পশ্চিম বংগ, ৩৯, শেক্সপিয়েৰ সৰণি, ৭ম |  মহলা, ৰাম নং: ৭০১ কলকাতা

(পশ্চিম বংগ)

মিচ মালা বেনাজি সভাপতি

০৩৩-২২৮০৫৯২৭ (কমপেক্স)

feawb@cal2.vsnl.net.in

২৫

ছ’ছাইটি ফৰ কনজুমাৰৰ্চ এণ্ড ইনভেষ্টৰ প্রটেকচন (পঞ্জীভুক্ত) ১১৮, ২য় মহলা, ডিডিএ ছাইট-১, নিউ ৰাজিন্দৰ নগৰ, নতুন দিল্লী

ডাঃ জি.এচ. স্যুদ, সভাপতি

০১১-৪৫০৮২৮৩২, ০১১-২৮৭৪৪৭৮৯

(ফেক্স) ০৯৯১১১১০৩৮৫

scipindia@yahoo.com

২৬

ওড়িষ্যা কনজুমার্চ এছোছিয়েচন দেবজ্যোতি উপভোক্তা কল্যাণ ভৱন, বিশ্বনাথ লেন কটক (ওড়িষ্যা)-৭৫৩০০২

শ্ৰী অৰুণ কুমাৰ সাহু সহকাৰী সম্পাদক

০৬৭১-২৩৬৮৬৪৪

knjl345@gmail.com

২৭

চিটিজেন কনজুমাৰ এণ্ড চিভিক একচন গ্রুপ, ৯/৫, II ষ্ট্রিট, পদ্মনাভ নগৰ, চেন্নাই-৬০০০২০

মিচ এচ, সৰোজা, সমন্বয়ৰক্ষী

o88-২88৬০৩৮৭, ০৪৪-২৪৯১৪৩৫৮ (ফেক্স) helpdesk@cag.org.in

২৮

কনজুমাৰ এছোছিয়েচন ৭. এফ.এফ, কৰুণা সদন, চেক্টৰ ১১-বি, চণ্ডিগড়

শ্ৰী আৰ.কে. কল্পেশ, সভাপতি

০১৭২-২২৪৫১৭০, ০৯৮১৪১৭৩৩৪২

cfc_chd@yahoo.co.in

২৯

ৰুৰেল অৰ্গেনাইজেচন ফৰ ছছিয়েল এণ্ড এডুকেশ্বন ট্রাষ্ট (ৰোজ ট্রাষ্ট) ১৫-জি, II য় মহলা, ভাস্কাৰানাৰ বিল্ডিং, টি. পালু ৰোড, জয়ানকোণ্ডাম-৬২১৮০২ আৰিয়ালুৰ জিলা (টি.এন.)

শ্ৰী জন কে, থিৰুনাভুক্কাৰাচু পৰিচালন সঞ্চালক

০৪৩৩১-২৫০২৫১, ৯৪৮৯৫৪৫৩৬১

rosetrust2007@gmail.com

৩০

মাৰুতি সেৱা সমিতি, ১৭৩/১২, অশোক নগৰ মায়া মিষ্টান্নৰ সমীপত, ভন্দৰ, উদয়পুৰ (ৰাজস্থান)-৩১৩০০১

শ্ৰী পি.কে, জহৰ সভাপতি

০২৯৪-২৪১৯৩৩৩, ০৯৪১৪১৬৮৫৩২

marutisewasamiti@yahoo.com

৩১

হাৰিয়ানা টেকনিকেল এছ'ছিয়েচন, এইচ নং ৩৫৪২, আর্বান ইষ্টেট (হাৰিয়ানা)-১২৬১০২

শ্ৰী ৰাহুল পুনিয়া, সভাপতি

০৮৯৩০৪৩২৭৭৭, ০৯৮১৩৩৬৩০০১

htaharyana@gmail.com

৩২

মহিলা কল্যাণ সমিতি ধোৰি, ষ্টাফ কলোনী, ধোৰি ডিস্পেনচেৰীৰ সমীপত, ডাকঘৰ ধোৰি, জিলা বোকাৰো (ঝাৰখণ্ড)-৮২৫১০২

 

শ্ৰী শ্যাম কুনভৰ ভাৰতী, সাধাৰণ সম্পাদক

০৬৫৪-৯২২২১১৭, ০৯৯৫৫৫০৯২৮৬

mksdbharti@rediffmail.com

৩৩৩৪

বসুন্ধৰা সেৱার্থ সামাজিক সংশোধন আনি বিকাশ সেৱা সংস্থা সম্পাদক ডাকঘৰ-নালান্দ, টিকিউ. নিলংগা জিলা লাটুৰ (এমএইচ)-৪১৩৫২১

শ্ৰী দিলীপ ভেকংটৰাও পাটিল, সম্পাদক

০৯৪২২১৭৯৭৭৬

vasu_ausa@rediffmail.com

 

কনজুমাৰ প্রটেকচন এছ'ছিয়েচন, বিশ্বকৰ্মা নগৰ, হিম্মতনগৰ জিলা সভাপতি সবৰকান্থা-৩৮৩০০১ (গুজৰাট)

ডাঃ কাশ্যপনাথ সভাপতি

০২৭৭২-২৪০৬৩৬, ০৯৪১৩১১৮৪২৬

knath@yahoo.co.in

৩৫

কনজুমাৰ ইউনিটি এণ্ড ট্রাষ্ট ছ’ছাইটি,  D-২১৭, ভাস্কৰ মাৰ্গ, বাণী পার্ক, জয়পুৰ-৩০২০১৬ (ৰাজস্থান)

শ্রী জর্জ চেৰিয়ান, নির্দেশক

০১৪১-২২৮২৪৮২, ০১৪১-৪০১৫৩৯৫

cart@cuts.org

৩৬

কনজুমাৰ এছ'ছিয়েচন হোটেল,সূর্য চিটি সুধেভন ৰোড, চুলটানপেট, পালাক্কাড-৬৭৮০০১ (কেৰেলা)

শ্ৰী সুৰেন্দ্রন পি.এ., সাধাৰণ সম্পাদক

৯৪৪৬০৫৯৯৫২, ০৪৯১-২৫৬৯৯৫২ (এফ)

surendranpdca@gmail.com

৩৭

চিটিজেন এৱাৰনেচ গ্রুপ

#২৮১২/৩৮-চি চণ্ডিগড়

শ্ৰী সুৰিন্দৰ বাৰ্মা, সভাপতি

০১৭২-৪০০৭৪১২, ০৯৪১৭০০৮৮০৫

citizenawareness@yahoo.com

৩৮

নৱজীৱন ছ’ছাইটি

১৯. শৰ্মা কলোনী,

২২-গোডাউন, জয়পুৰ-৩০২০১৯ (ৰাজস্থান)

শ্ৰী ৰাজেন্দ্ৰ শৰ্মা, সভাপতি

০১৪১-৬৪৫০৩২৩,

০১৪১-৪০৬১৪০৫ (এফ)

info.navjeevan@gmail.com

৩৯

দীপালয়া

৫৫৬, ডাঃ এ.কে. পাল ৰোড,

কলকাতা-৭০০০৩৪ (পশ্চিম বংগ)

 

শ্ৰী প্ৰণৱ কুমাৰ ঘোষ, সম্পাদক

০৯৯০৩২৭৮০৬৪, ৯০৩৮৪৬৭৮৩২

deepalaya_wb_ngo@yahoo.co.in

৪০

মানৱ কল্যাণ ছ’ছাইটি, মোহ চেশ্ৰিয়েন, বি-২৪ বাৰৱান জিলা, বিজনোৰ (ইউ.পি.)-২৪৬৭০১

শ্ৰী চাহজেদ হুচেইন, মেনেজাৰ

০৯৮৩৭০৬১৯২৫, ০৮০৫৭৫৫৯৮২৪

manawkalyansociety@gmail.com

৪০

কনজুমার্চ গাইডেন্স ছ’ছাইটি, ৫৭-১৪-১৬, ২য় লেন, নতুন পোষ্টেল কলোনী, চার্চ ৰোড, পতামটা বিজয়ৱাড়া-৫২০০১০(এ.পি.)

চি, দিবাকৰ বাবু সম্পাদক

০৮৬৬-২৪৯৫৩২৪

০৯৪৪০৩৯০৩৭০

consumerssociety@yahoo.com

৪১

কনজুমাৰ ৰিচাৰ্চ, এডুকেশ্বন, একচন, ট্রেইনিং এণ্ড এমপাৱাৰমেণ্ট, ২/৮৪, সভাপতি মেলাচাত্রম ষ্ট্রিট, পৰমাকুডি, ৰামনাথপুৰম, জিলা, তামিলনাডু, পিন-৬২৩৭০৭

অধ্যাপক ডাঃ পি.ডুৰাইসিংগম, সভাপতি

০৪৩৬৯-২২০৯৫৪ (টেলিফেক্স)

০৯৪৪৩৩৮১৮১৬

createdurai@gmail.com

TRAI-ৰ ওচৰত পঞ্জীভুক্ত গ্রাহক ওকালতি গোটবোৰৰ তালিকা সৈতে লেনদেন কৰাৰ বাবে নোডেল অফিচাৰ

 

 

 

 

যুটীয়া উপদেষ্টা (চিএ) ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণ মহানগৰ দূৰসঞ্চাৰ ভৱন, (পুৰণি মিন্টো ৰোড) নতুন দিল্লী-১১০০০২

০১১-২৩২১৩০৩৬

০১১-২৩২১৩০৩৬

jaca@trai.gov.in

 

দূৰসংযোগৰ বিষয়ে উপভোক্তাৰ হাতপুথিখন

TRAI ৱেবছাইটত নিম্নলিখিত ভাষাসমূহতো উপলব্ধ

www.traigov.in/content/mpci.aspx

  • হিন্দী
  • অসমীয়া
  • বাংলা
  • ওড়িয়া
  • পাঞ্জাবী
  • গুজৰাটী
  • মাৰাঠী
  • মালায়ালাম
  • কানাড়া
  • তামিল
  • তেলেগু

বিষয়বস্তুৰ অস্বীকাৰকৰণ

এই হাতপুথিখন উপভোক্তাসকলৰ সহায়তা, শিক্ষা আৰু তথ্য প্রদানৰ উদ্দেশ্যে প্রকাশ কৰা হৈছে আৰু ইয়াত সন্নিবিষ্ট কৰা বিষয়বস্তুসমূহৰ প্ৰকৃতি সাধাৰণ ধৰণৰ, মূল দূৰসংযোগ মাচুল আদেশ, নির্দেশিকা আৰু নিয়মাৱলীসমূহৰ সংক্ষিপ্ত ৰূপ। এই দূৰসংযোগ মাচুল আদেশ, নির্দেশিকা আৰু নিয়মাৱলীসমূহৰ সম্পূর্ণ পাঠ TRAI-ৰ ৱেবছাইট www.trai.gov.in ত উপলব্ধ। ব্যৱহাৰকাৰীসকলে যিকোনো আইনী পদক্ষেপ গ্রহণ কৰাৰ আগতে ভাৰত চৰকাৰৰ ৰাজপত্র/TRAI-ৱেবছাইটত প্রকাশিত হোৱা আৰু সময়ে সময়ে সংশোধন হৈ থকা TRAI আইন ১৯৯৭ (১৯৯৭-ৰ ২৪) আৰু দূৰসংযোগ মাচুল আদেশ, নির্দেশিকা আৰু নিয়মাৱলীসমূহ আৰু সেইবোৰৰ সংশোধনীসমূহ চাব পাৰে। এই হাতপুথিখনত থকা যিকোনো ক্রটি বা ভুল-ভ্রান্তিকে ধৰি, কিন্তু ইয়াতেই সীমাবদ্ধ নহয়; সামগ্ৰীৰ ব্যৱহাৰৰ ফলস্বৰূপে হোৱা যিকোনো ক্ষতি, দায়বদ্ধতা বা ব্যয়ৰ বাবে কোনধৰণৰ দাবী কোনো পৰিস্থিতিতেই ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণক জগৰীয়া কৰিব পৰা নায়াব।

ভাৰতীয় দূৰসংযোগ নিয়ামক প্রাধিকৰণ, মহানগৰ দূৰ সঞ্চাৰ ভৱন,

জৱাহৰলাল নেহৰ মাৰ্গ, নতুন দিল্লী-১১০০০২

ৱেবছাইট: www.trai.gov.in

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate