অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেনেকৈ আৱেদন কৰিম?

কেনেকৈ আৱেদন কৰিম?

তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ অর্ন্তগতত তথ্যৰ অনুৰোধ

  • তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ ৰ অর্ন্তগতত আপুনি যিকোনো ৰাজহুৱা প্রতিষ্ঠানৰ (চৰকাৰী প্রতিষ্ঠান বা চৰকাৰৰ সাহায্য প্রাপ্ত প্রতিষ্ঠান) ৰ পৰা তথ্য জানিব পাৰে।
  • দর্খাস্থখন হাতে লিখা বা টাইপ কৰা হব লাগে।
  • দর্খাস্থখন ইংৰাজী, হিন্দী বা যি কোনো এটা ৰাজ্যৰ ভাষাত লিখা হব লাগিব।
  • আপোনাৰ দর্খাস্থাখনত তলত দিয়া তথ্যবিলাক থাকিব লাগেঃ
    • সহায়ক ৰাজহুৱা তথ্য আধিকাৰিক জনৰ নাম আৰু ঠিকনা
    • বিষয় : দর্খাস্থ খন ধাৰা ৬ (১) অধীনত তথ্য জনাৰ অধিকাৰ আইন - ২০০৫ ত হ'ব লাগে।
    • ৰাজহুৱা আধিকাৰিকৰ পৰা আপুনি জানিব লগীয়া নির্দিষ্ট তথ্য খিনি
    • দর্খাস্থকাৰীৰ নাম
    • দেউতাকৰ / স্বামীৰ নাম
    • ভাগ - অনুসূচিত জাতী, অনুসূচিত জনজাতী/আন আন পিছুৱাই থকা সম্প্রদায়
    • দর্খাস্থৰ ফীচ
    • আপুনি দৰিদ্র সীমাৰ তলত থকা পৰিয়ালৰ অর্ন্তগত- হয় / নহয়,
    • পোষ্টেল ঠিকনা লগতে মোবাইল নং আৰু ই-মেইল আই.ডি. (মোবাইল নং আৰু ই-মেইল আই.ডি. বাধ্যতামূলক নহয়)
    • তাৰিখ আৰু স্থান
    • দর্খাস্থকাৰীৰ চহী
    • লগত গাথি দিয়াৰ তালিকা
  • দর্খাস্থ কৰাৰ আগতে সহায়ক ৰাজহুৱা তথ্য আধিকাৰিকৰ/ৰাজহুৱা তথ্য আধিকাৰিক, নির্দিষ্ট ফীচ আৰু ফীচ আদায় কৰাৰ ধৰনটো ভালকৈ চাই লওক
  • তথ্য জনাৰ অধিকাৰ আইন ৰ অধীনত তথ্য জানিবৰ বাবে দর্খাস্থৰ ফীচ জমা দিয়াৰ উপায়, কিন্তু অনুসূচিত জাতী/অনুসূচিত জনজাতী আৰু দাৰিদ্র সীমাৰ তলত থকা মানুহৰ বাবে কোনো ফীচ নেলাগে।
  • যি সকলে ফীচৰ ৰেহাই বিচাৰে, তেওঁলোকে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলৰ চার্টফিকেট দাখিল কৰিব লাগে।
  • দর্খাস্থখন নিজ হাতেৰে বা ডাক যোগে বা ই-মেইলৰ যোগে পঠিয়াব পাৰে। ডাক যোগে পঠিয়াবাৰ হলে মাথোন ৰেজিষ্টার্ড কৰিহে পঠাব। সদায় কুৰিয়াৰৰ যোগেদি নপঠিয়াব।
  • দর্খাস্থৰ দুখন (২) জেৰক্স কপি কৰিব (অর্থাৎ প্রধান দর্খাস্থ খন, ফীচ জমা দিয়াৰ প্রমাণ পত্র, নিজ হাতে বা ডাক যোগে জমা দিয়াৰ প্রমাণ পত্র) আৰু সাবধানে ৰাখিব লাগে, আগলৈ কোনো কাৰনত যোগাযোগ কৰিবলৈ হলে প্রয়োজন হব পাৰে।
  • যদি নিজ হাতে দর্খাস্থখন জমা দিছে, তেন্তে তাৰিখ আৰু অফিচৰ মোহৰ পৰিস্কাৰকৈ বুজিব পৰাকৈ ৰচিদখন লৈ লওক। ডাক যোগে পঠিয়ালে, ৰেজিষ্টার্ড কৰি পঠিয়াব, ডাকৰ ৰচিদ খন ভালকৈ ৰাখি থব লাগে।
  • তথ্যৰ যোগান দিয়াৰ সময়খিনি ৰাজহুৱা তথ্য আধিকাৰিকলৈ দর্খাস্থ দিয়াৰ দিনৰ পৰাই ধৰিব লাগিব

তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত প্রথম দর্খাস্থৰ আবেদন জমা দিয়াৰ বাবে ইঙ্গিত

  • প্রথম খন আবেদন কেতিয়া কৰা হয়ঃ
    • যদি ৰাজহুৱা তথ্য আধিকাৰি্কজনে জানিব বিচৰা তথ্য নিদিয়ে আৰু আপুনাৰ দর্খাস্থখন বাতিল কৰি দিয়ে।
    • যদি ৰাজহুৱা কতৃপক্ষই বান্ধি দিয়া সময় ৩০ দিন বা ৪৮ ঘন্টাৰ ভিতৰত আপোনাক তথ্যৰ যোগান দিবলৈ অসমর্থ হয়।
    • যদি ৰাজহুৱা কতৃপক্ষই দর্খাস্থখন গ্রহণ কৰিবলৈ বা প্রয়োজ়নীয় তথ্যৰ যোগান দিবলৈ সহায়ক ৰাজহুৱা তথ্য আধিকাৰিক / ৰাজহুৱা তথ্য আধিকাৰিক জনক নিয়োগ কৰা নাই,
    • সহায়ক ৰাজহুৱা তথ্য আধিকাৰিক জনে আপুনাৰ দর্খাস্থখন গ্রহন কৰা নাই বা তথ্যৰ যোগান দিবলৈ মান্তি হোৱা নাই
    • ৰাজহুৱা তথ্য আধিকাৰিক জনৰ মতামতত আপুনি সন্তুষ্ট হোৱা নাই
    • যদি আপুনি ভাবে যে আপোনাক দিয়া তথ্যখিনি সম্পূর্ণ নহয় বা ঠিক নহয় বা ভুল,
    • যদি আপুনি ভাবে যে দর্খাস্থৰ বাবে বিচৰা ফীচটো তথ্যৰ অধিকাৰ আইন ২০০৫ মতে অযৌক্তিক

তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত দ্বিতীয় দর্খাস্থৰ আবেদন জমা দিয়াৰ বাবে ইঙ্গিত

  • দ্বিতীয় আবেদন খন কেতিয়া জমা দিয়া হয়ঃ
    • যদি আপুনি প্রথম এপিলেট অধিকাৰিকৰ মতামতত সন্তুষ্ট নহয়
    • যদি আপুনি ভাবে যে আপোনাক দিয়া তথ্যখিনি সম্পূর্ণ নহয় বা ঠিক নহয় বা ভুল,
    • যদি পাব্লিক ইনফৰমেচন অফিচা আৰু/ বা ফার্ষ্ট এপিলেট অথৰিটি জনে আপুনাৰ দখাস্থখন বাতিল কৰি দিয়ে
    • যদি এপিলেট অথৰিটিয়ে আপুনাক নির্দিষ্ট সময়ৰ ভিতৰত কোনো ধৰনৰ মতামত নিদিয়ে
    • যদি এচিছটেন্ট পাব্লিক ইনফৰমেচন অফিচাৰজনে আপুনাৰ দক্ষাস্থখন গ্রহণ নকৰে বা পৰৱর্তী পর্যায়লৈ যেনে ৰাজ্য /চেন্ট্রাল পাব্লিক ইনফৰমেচন অফিচাৰলৈ বা ৰাজ্য/চেন্ট্রাল ইনফৰমেচন কমিচনলৈ পঠাবলৈ মান্তি নহয়
    • যদি আপুনি ভাবে যে তথ্যাৰ অধিকাৰ আইন, ২০০৫ ৰ অর্ন্তগতত পাব্লিক অথৰিটিয়ে দর্খাস্থৰ বাবে লোৱা ফীচটো ঠিক নহয়

আৰটিআই অভিযোগ বিলাক চি আই চি ত দাখিল কৰক

আবেদন (বিশেষকৈ দ্বিতীয় আবেদন) বা চেন্ট্রাল ইনফৰমেচন কমিচন (চি আই চি) ৰ ওচৰত অভিযোগ দাখিল কৰিব পাৰি কিন্তু তাৰ বাবে আপুনি যিকোনো এটা চেন্ট্রাল ইনফৰমেচন প্রতিষ্ঠানৰ তথ্য জানিব লাগে।

আবেদনৰ প্র-পত্র

তথ্যৰ অনুৰোধৰ বাবে প্র-পত্র

প্রথম আবেদন প্র-পত্র

দ্বিতীয় আবেদন প্র-পত্র

ৰাজ্যিক তথ্য আয়োগৰ ঠিকনা

মুখ্য তথ্য আয়ুক্ত,
জনতা ভৱন, দিছপুৰ,
গুৱাহাটী - ৭৮১০০৬, অসম
ফোন নং: ০৩৬১ ২২৬১৬৭৬
ফেক্সঃ ০৩৬১ ২২৬১৯০০, ২২৬১৬৭৬
ই-মেইলঃ cic@sicassam.in ,scic-as@nic.in

উৎস: অসম তথ্য আয়োগ, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate