অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ই-প্ৰশাসন

e-Governance in India

  • e-governance image

    ই-প্ৰশাসন ব্যৱস্থাই ভাৰতত এক প্ৰশংসনীয় আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে

    ই-প্ৰশাসন ব্যৱস্থাই বিভিন্ন ৰাজহুৱা সেৱাসমূহ প্ৰদান কৰি দেশৰ নাগৰিকৰ জীৱন-যাত্ৰাই সলনি কৰি পেলাইছে। আমাৰ এই প্ৰগতিপেডিয়া শিতানৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন অনলাইন সেৱাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

  • e-governance image

    অৰুণোদয় কেন্দ্ৰ পৰিচালকক সৱলীকৰণ

    অৰুণোদয় কেন্দ্ৰ হৈছে জ্ঞান বিতৰণৰ সমূহীয়া সেৱা কেন্দ্ৰ। য’ত দেশৰ সকলো নাগৰিকে স্থানীয় ভিত্তিত কেন্দ্ৰৰ সেৱাসমূহ গ্ৰহণ কৰিব পাৰে। প্ৰগতিপেডিয়া শিতানৰ জৰিয়তে গ্ৰাম্য উদ্যমীসকল আৰু জ্ঞানৰ সৱলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় কেন্দ্ৰৰ পৰিচালকসকলে তেওঁলোকৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াই ৰাইজক উপকৃত কৰিবলৈ সক্ষম হৈছে।

ভাৰতত ই-প্ৰশাসন বিভাগটোৱে দেশৰ নাগৰিক, ব্যৱসায়, চৰকাৰী সংগঠন, চৰকাৰী অভিকৰণ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহত বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই এক গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে। ২০০৬ চনত গঠন হোৱা ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনাৰ লক্ষ্য অনুসৰি সকলো সাধাৰণ জনসাধাৰণে স্থানীয়তা অনুসৰি সাধাৰণ সেৱা কেন্দ্ৰসমূহত যিকোনো সেৱা উপলব্ধ হ’ব।

এই ক্ষেত্ৰত তথ্য যোগাযোগ প্ৰযুক্তিৰ ভূমিকা অনবদ্য। এই পৰ্টেলত ই-প্ৰশাসনৰ তথ্যকে ধৰি বিভিন্ন সেৱাসমূহৰ বিষয়ে স্থানীয় ভাষাত দৰিদ্ৰ লোকসকলকে ধৰি সকলো পৰ্য্যায়ৰ লোকে পঢ়িব পৰাকৈ আলোচনা কৰা হৈছে।

ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ লাভসমূহত স্বচ্ছতা, সঠিক সময়ৰ মান্যতা, আৰু কোনো আহুকাল নোহোৱাকৈ নাগৰিকৰ ওচৰলৈ বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে, ভাৰত চৰকাৰে ই-প্ৰশাসন আঁচনি ১৯৯০ চনৰ পৰা আমাৰ দেশত আৰম্ভ কৰিছে। ইয়াৰ পিছত কেন্দ্রীয় চৰকাৰে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি (ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি এনইজিপি ৰ অনুমোদন দিছে। ইয়াৰ অন্তৰ্গত ২৭ টা অভিযানমূলক কাৰ্য্যসূচী আৰু ৮ টা বিষয় বস্তু থাকিব। এই আঁচনিখন ভাৰতত ই- প্ৰশাসনক যথেষ্ট শক্তি যোগাবলৈ ৮ মে, ২০০৬ চনত আৰম্ভ হৈছে। তথ্য প্ৰযুক্তি বিভাগ আৰু প্ৰশাসনীক সংস্কাৰ আৰু ৰাজহুৱা ওজৰ বিভাগে ৰাষ্ট্ৰীয় ই-প্ৰশাসন আঁচনি প্ৰস্তুত কৰে।

তথ্য জনা অধিকাৰ আইন, ২০০৫ ৰ বিষয়ে

এই শিতানত তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ বিষয়ে আলোচনা হৈছে।

গ্ৰাম্য উদ্যমীৰ বাবে সমল

এই শিতানত গ্ৰাম্য উদ্যমীয়ে আগবঢ়াব পৰা বিভিন্ন সেৱাসমূহ আৰু অৰুণোদয় কেন্দ্ৰত উপলব্ধ বিভিন্ন সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

অনলাইনত ৰাইজলৈ সেৱাসমূহ

এই শিতানত ৰাইজৰ বাবে থকা অনলাইন সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

ৰাজ্যত ই-প্ৰশাসন

এই শিতানত ৰাজ্যৰ ই-প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে।

অনলাইন আইন সংক্ৰান্তীয় সেৱা

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ই-ফাইলিং ব্যৱস্থাৰ সুবিধা আৰম্ভ কৰা হৈছে ০২ অক্টোৱৰ, ২০০৬ চনৰ পৰা। এই সুবিধাৰ ফলত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ মোকর্দ্দমা বিলাক ইন্টাৰনেটৰ যোগেদি যিকোনো ঠাইৰ পৰাই দাখিল কৰিব পাৰে। যিকোনো ব্যক্তিয়ে নাম নথিভুক্ত কৰি লৈ এই পৰিসেৱাৰ সুবিধা ল'ব পাৰে।

শেহতীয়া উন্নীতকৰণ: : 6/20/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate